8. 4. 1.    দূৰত্ব-সময় লেখ (Distance-Time Graphs).

সময়ৰ সাপেক্ষে বস্তু এটাৰ অৱস্থানৰ পৰিবৰ্তন, নিজ পচন্দৰ সুবিধাজনক স্কেলত দূৰত্ব-সময়-লেখ অংকন কৰি প্ৰকাশ কৰিব পাৰি। এই লেখত সময় x-অক্ষত আৰু দূৰত্ব y অক্ষত লোৱা হয়। গতিৰ বিভিন্ন অৱস্থা যেনে সুষম দ্ৰুতি, বিষম দ্ৰুতি, স্থিতিশীল অৱস্থা ইত্য়াদিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখ ব্য়ৱহাৰ কৰিব পাৰি।

    আমি জানো যে বস্তু এটাই সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰিলে তাৰ দ্ৰুতিক সুষম দ্ৰুতি বুলি কোৱা হয়।

ফটো

ইয়াৰ মানে এয়ে যে বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব প্ৰয়োজন হোৱা সময়ৰ সমানুপাতিক। গতিকে সুষম দ্ৰুতিৰে গতিশীল বস্তু এটাৰ দূৰত্ব-সময় লেখ এডাল সৰল হ'ব। ইয়াক 8.3 চিত্ৰত দেখুৱা হৈছে লেখডালৰ OB অংশই দেখুয়ায় যে দূৰত্ব সুষম হাৰতবৃদ্ধি পাইছে। মন কৰিবলগীয়া কথাটো হ'ল, যদি সৰণৰ মান y অক্ষইদি বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমান হয় তেন্তে সুষম দ্ৰুতিৰ সলনি সুষম বেগ ৰাশিটোও ব্য়ৱহাৰ কৰিব পাৰিবা।

    বস্তু এটাৰ দ্ৰুতি নিৰ্ণয় কৰিবৰ বাবে আমি দূৰত্ব-সময় লেখ ব্য়ৱহাৰ কৰিব পাৰো। ইয়াৰ বাবে 8.3 চিত্ৰত দেখুওৱা দূৰত্ব-সময় লেখডালত এটা সৰু অংশ AB লোৱা হওঁক। A বিন্দুৰ পৰা x-অক্ষৰ সমান্তৰালভাৱে এডাল ৰেখা অংকন কৰা আৰু B ৰ পৰা y-অক্ষৰ সমান্তৰালভাৱে আন এডাল ৰেখা অংকন কৰা। ৰেখা দুডালে C বিন্দুত কটাকটি কৰি ABC ত্ৰিভূজ গঠন কৰিছে। এতিয়া লেখডাল AC অংশই সময়ৰ অন্তৰাল (t2  一  t1) সময়ত (S2S1)দূৰত্ব অতিক্ৰম কৰে। গতিকে বস্তুটোৰ দ্ৰুতি,v হ'ব

                                                                                                                    (8.4)

    আমি ত্বৰিত গতিৰ বাবেও দূৰত্ব-সময় লেখ অংকন কৰিব পাৰো। গাড়ী এখনে 2 s সময়ৰ অন্তৰালত অতিক্ৰম কৰা দূৰত্ব 8.2 তালিকাত দেখুওৱা হৈছে।

তালিকা-8.2: নিয়মিত সময়ৰ অন্তৰালত গাড়ী এখনে অতিক্ৰম কৰা দূৰত্ব

সময়

দূৰত্ব (মিটাৰ)

0

0

2

1

4

4

6

9

8

16

10

25

12

36



গাড়ীখনৰ গতিৰ দূৰত্ব-সময় লেখ 8.4 চিত্ৰত দেখুওৱা হৈছে। মন কৰিবলগীয়া যে পূর্বৰ সুষম গতিৰ দূৰত্ব সময় লেখৰ সৈতে (চিত্র -8.3) এই লেখৰ আকৃতিগত পার্থক্য আছে। এই লেখৰ প্রকৃতিয়ে সময়ৰ সাপেক্ষে গাড়ীখনে অতিক্রম কৰা দূৰত্বৰ অৰৈখিক পৰিবর্তন সূচাইছে। গতিকে 8.4 চিত্ৰৰ লেখে বিষম দ্রুতিৰ গতি নির্দেশ কৰে। 




Class 9 General Science Assam SCERT Book
Type:- Bidyut Thakuria.