8.1.1  সৰল ৰেখাৰ গতি (Motion along a straight line)

সৰলতম গতি হৈছে ৰৈখিক গতি আমি প্ৰথমে ইয়াক এটা উদাহৰণৰ সহায়ত শিকিম। সৰল ৰেখাৰে গতিশীল বস্তু এটা বিবেচনা কৰা। বস্তুটোৱে O বিন্দুৰ পৰা তাৰ ভ্ৰমণ আৰম্ভ কৰিছে; Oবিন্দুক তাৰ প্ৰসংগ বিন্দু বুলি গণ্য় কৰা হয়। ধৰা হওঁক, বিভিন্ন ক্ষণত বস্তুটোৰ অৱস্থান A, B আৰু C। বস্তুটোৱে পোনতে C আৰু Bৰ মাজেৰে গৈ Aত উপনীত হৈছে। পিছত সি একে উভতি আহি Bৰ মাজেৰে গৈ C পাইছেগৈ।



চিত্ৰ- 8.1 সৰল ৰৈখিক পথত বস্তু এটাৰ বিভিন্ন অৱস্থান

বস্তুটোৱে ভ্ৰমণ কৰা পথৰ সম্পূৰ্ণ দূৰত্ব হ'ল OA + AC, অৰ্থাৎ 60 km + 35 km = 95 km । ই হ'ল বস্তুটোৱে ভ্ৰমণ কৰা দূৰত্ব। দূৰত্ব বৰ্ণনা কৰিবলৈ আমি কেৱল সাংখ্য়িক মান ব্য়ৱহাৰ কৰিলেই হয়, দিশ উল্লেখ কৰিব নালাগে। কিছুমান ৰাশি আছে যিবোৰ কেৱল সাংখ্য়িক মানৰ দ্বাৰাই নিৰ্দেশ কৰিব পাৰি। ভৌতিক ৰাশি এটাৰ সাংখ্য়িক মান হৈছে তাৰ পৰিমাণ। এই উদাহৰণটোত তুমি বস্তুটোৰ প্ৰাৰম্ভিক অৱস্থান O আৰু অন্তিম অৱস্থান C ৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব পাৰিবানে? এই দুটা বিন্দুৰ দূৰত্বই বস্তুটোৰ Oৰ পৰা Aহৈ Cলৈ হোৱা সৰণৰ সাংখ্য়িক মান দিব। বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্বক সৰণ বুলি কোৱা হয়।
    বস্তু এটাৰ সৰণৰ মান, ই অতিক্ৰম কৰা দূৰত্বৰ সৈতে সমান বুলি ক'ব পাৰোনে? 8.1 চিত্ৰত দিয়া উদাহৰণটোত বিবেচনা কৰা। বস্তুটোৱে Oৰ পৰা Aলৈ যাওঁতে অতিক্ৰম কৰা দূৰত্ব 60km আৰু ইয়াৰ সৰণৰ মানো 60km । বস্তুটোৱে Oৰ পৰা Aলৈ তাৰ পিছত উভতি B লৈ গতি কৰোতে অতিক্ৰম কৰা দূৰত্ব = 60km + 25 km = 85 km । কিন্তু এতিয়া সৰণৰ মান  = 35km । গতিকে দেখা যায় যে সৰণৰ মান (35km) পথৰ দূৰত্ব (85km) সমান হয়। তাৰোপৰি, আমি লক্ষ্য় কৰোঁ যে কোনো হগতিৰ ক্ষেত্ৰত সৰণৰ মান শূণ্য় হ'ব পাৰে কিন্তু একেটা গতিত অতিক্ৰম কৰা দূৰত্ব শূণ্য় নহয়। আমি যদি বস্তুটো O লৈ উভতি আহে বুলি ধৰি লওঁ তেন্তে বস্তুটোৰ অন্তিম অৱস্থান আৰু প্ৰাৰম্ভিক অৱস্থান একে হ'ব আৰু সেইবাবে সৰণ শূণ্য় হৈ হ'ব। অৱশ্য়ে এই যাত্ৰাত অতিক্ৰম কৰা দূৰত্ব হ'ব OA + AO = 60km + 60km =120 km । এনেদৰে দুটা ভিন্ন ভৌতিক ৰাশি, সৰণ আৰু দূৰত্বৰ যোগেদি বস্তুৰ গতিৰ সামগ্ৰিক বৰ্ণনা দিয়া হয় আৰু লগতে তাৰ প্ৰাৰম্ভিক অৱস্থানৰ সাপেক্ষে কোনো প্ৰদত্ত সময়ত তাৰ অন্তিম অৱস্থানো নিৰ্দেশ কৰা হয়।
কাৰ্যকলাপ...............................8.3
•  এডাল মিটাৰ স্কেল আৰু এডাল দীঘল ৰচি লোৱা।
•  বাস্কেট-বল ক'ৰ্ট এখনৰ সীমাৰেখাৰ ওপৰেদি ইয়াৰ এটা কোণৰ পৰা বিপৰীত কোণলৈ যোৱা।
•  তুমি অতিক্ৰম কৰা দূৰত্ব আৰু সৰণৰ মান জোখা।
•  এই ক্ষেত্ৰত সৰণ আৰু দূৰত্বৰ মাজত পাৰ্থক্য় মন কৰিলানে?
কাৰ্যকলাপ...............................8.4
•  মটৰ গাড়ীবোৰত অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰিবলৈ সঁজুলি লগোৱা থাকে। ইয়াক অড'মিটাৰ বোলে। গাড়ী এখন ভূৱনেশ্বৰৰ পৰা নতুন দিল্লীলৈ চলাই লৈ যোৱা হৈছে। সঁজুলিটোৰ প্ৰাৰম্ভিক আৰু অন্তিম পাৰ্থক্য় 1850km।
•  ভাৰতৰ পথৰ মানচিত্ৰ ব্য়ৱহাৰ কৰি ভূৱনেশ্বৰ আৰু নতুন দিল্লীৰ মাজত সৰণৰ মান নিৰ্ণয় কৰা।
প্ৰশ্নাৱলী
1. বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে। ইয়াৰ সৰণ শূণ্য় হ'ব পাৰেনে? যদি পাৰে তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া।
2. খেতিয়ক এজনে 10m বাহুৰ বৰ্গাকৃতি পথাৰ এখনৰ সীমাৰে 40 চেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ। 2মিনিট 20 চেকেণ্ড সময়ত অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ সৰণৰ মান কিমান হ'ব?
3. সৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য়?
    (a) ই শূণ্য় হ'ব নোৱাৰে।
    (b) ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি।




Type:- Bidyut Thakuria.

Class 9 Science Assam SCERT Book (Chapter 8)



Post ID : DABP004242