ৰাজ্যসমূহৰ দ্বাৰা অনুমোদন

সংবিদানৰ কিছুমান অনুচ্ছেদ সংশোধনৰ কাৰণে বিশেষ সংখ্যাগৰিষ্টতা যথেষ্ট নহয়। কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত ক্ষমতা বিভাজন বা প্ৰতিনিধিত্ব সম্বন্ধীয় অনুচ্ছেদসমূহৰ সংশোধনী প্ৰস্তাৱৰ ক্ষেত্ৰত ৰাজ্যসমূবৰ লগত আলোচনা কৰা আৰু সিবিলাকৰ সন্মতি লোৱা প্ৰয়োজন হৈ পৰে। আমি সংবিদানৰ যুক্তৰাষ্ট্ৰীয় পদ্ধতি বিষয়ে পঢ়িছো। যুক্তৰাষ্ট্ৰবাদে ৰাজ্যসমূহৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ভশীল হৈ থাকিব লগীয়া নোহোৱাটোকে বুজায়। সংশোধন বলবৎ হোৱাৰ আগতে আধাসংখ্যক ৰাজ্যিক বিধানমগুলে সংশোধনী বিধেয়ক গ্ৰহণ কৰিব পাৰিব- এই ব্যৱস্থাটোৰে সংবিধানে ইয়াক সুনিশ্চিত কৰিছে। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাসমূহৰ উপৰিও মৌলিক  অধিকাৰ সম্বন্ধীয় ব্যৱস্থাসমূহকো এই উপায়েৰে সংৰক্ষণ কৰা হৈছে। আমি কব পাৰো যে সংবিধানৰ কিছুমান অংশৰ বাবে ব্যৱস্থাটোৰ ব্যাপক সহমত বাঞ্জনীয়। এই ব্যৱস্থাই ৰাজ্যসমূহক সন্মান জনাইছে আৰু সংশোধনী প্ৰক্ৰিয়াত ৰাজ্য বিলাকক অংশগ্ৰহণৰ সুবিধা দিছে। আনহাতে ইয়াৰ জটিল আকৃতিৰ মাজতো এই পদ্ধতি কিছু সৰল কৰিবলৈ চেষ্টা কৰা হৈছে কেৱল অৰ্দ্ধেক ৰাজ্যৰ সন্মতি আৰু বিধানমগুলৰ সাধাৰণ সংখ্যাগৰিষ্টতা হলেই যথেষ্ট। গতিকে, এই কটকটীয়া চৰ্ত বিবেচনা কৰিলেও সংশোধন পদ্ধতি অসম্ভৱ বা দুৰূহ নহয়। 

    আমি এনেকৈ সামৰিব পাৰোঁ যে ভাৰতৰ সংবিধানখন বহৎ পৰিমাণৰ সহমত আৰু ৰাজ্যসমূহৰ সীমিত অংশগ্ৰহণৰ জৰিয়তে সংশোধন কৰিব পাৰি। প্ৰতিষ্ঠাপক পিতৃসকলে সংবিধানখন যাতে সহজতে অনুকূল কৰিব নোৱাৰি তাৰ বাবে চেষ্টা কৰিছিল তথাপিও ভৱিষৎ প্ৰজন্মক সময়ৰ প্ৰয়োজন অনুসৰি সংবিধান সংশোধন আৰু সলনি কৰাৰ অধিকাৰ দিয়া হৈছিল।

Type Sumit patar

Class 11 Political science



Post ID : DABP004243