বিশেষ সংখ্যাগৰিষ্টতা 

নিৰ্বাচন কাৰ্য্যপালিকা আৰু ন্যায়পালিকাৰ সম্বন্ধীয় অধ্যাসমূহত আমি বিশেষ সংখ্যাগৰিষ্টতা'ৰ প্রয়ােজন হােৱা ব্যৱস্থাসমূহ পাই আহিছাে । সাধাৰণতে , বিধানমণ্ডলৰ সকলাে কামতে এটা প্রস্তাৱ বা বিধেয়ক গৃহিত হবলৈ উপস্থিত সদস্য । সাধাৰণ সংখ্যাগৰিষ্টতাৰ প্রয়ােজন । ধৰি লােৱা যে এখন বিধেয়কৰ ওপৰত ভােটদানৰ সময়ত সদনত ২৪৭ জন সদস্য উপস্থিত আছিল আৰু ভােটদান কৰােতে সকলাে সদস্যই অংশগ্রহণ কৰিছিল । যদি অন্তত : ১২৪ জন সদস্য বিধেয়ক খনৰ সপক্ষে ভােট দিয়ে তেনেহ'লে বিধেয়কখন গৃহীত হব । সংশােধনী বিধেয়কৰ ক্ষেত্ৰত কিন্তু তেনে নহয় । সংবিধান সংশােধনৰ বাবে দুই ধৰণৰ বিশেষ সংখ্যাগৰিষ্টতাৰ প্রয়ােজন হয় ; প্রথমতে , সংশােধনী বিধেয়কখনৰ সপক্ষে সদনৰ মুঠ সদস্যৰ অন্ততঃ ১/৩ সংখ্যক সমর্থন থাকিব লাগিব । দ্বিতীয়তে , উপস্থিত ভােটদাতা সদস্যৰ অন্ততঃ ২/৩ অংশই সংশােধনত অনুমােদন জনাব লাগিব । সংশােধনী বিধেয়ক এই একে পদ্ধতিৰে সংসদৰ দুয়ােটা সদনে সুকীয়াকৈ গ্রহণ কৰিব লাগিব । ( যুটীয়া অধিবেশনৰ কোনাে ব্যৱস্থা নাই ) প্রতিখন সংশােধনী বিধেয়কৰ বাবে এই বিশেষ সংখ্যাগৰিষ্টতাৰ প্রয়ােজন।

    এই প্রয়ােজনীয়তাৰ তাৎপৰ্য্য তুমি বুজিব পাৰিছানে ? লােকসভাত ৫৪৫ জন সদস্য আছে । গতিকে কমপক্ষেও ২৭৩ জন সদস্যই সমর্থন কৰিলেহে সংশােধন গৃহীত হব । আনকি যদি ভােটদানৰ সময়ত মাত্র ৩০০ জন সদস্যহে উপস্থিত থাকে , সংশােধনী বিধেয়খনে তেওঁলােকৰ ২৭৩ জনৰ সমর্থন পাব লাগিব । কিন্তু কল্পনা কৰা যে লােকসভাৰ ৪০০ জন সদস্যই এখন সংশােধনী বিধেয়কত ভােটদান কৰিছে । বিধেয়কখন গৃহীত হবলৈ কিমানজন সদস্যই বিধেয়কখন সমর্থন কৰিব লাগিব ? 

    তাৰােপৰি , দুয়ােটা সদনে ( বিশেষ সংখ্যাগৰিষ্টতাৰে ) সংশােধনী বিধেয়কখন গৃহীত কৰিব লাগিব । ইয়াৰ অৰ্থ হ'ল যে যেতিয়ালৈকে প্রস্তাবিত সংশােধনীখনত যথেষ্ট সহমত নহয় , ই গৃহীত নহয় । যদি ক্ষমতাত থকা দলৰ অতি শীর্ন সংখ্যাগৰিষ্টতা ( thin majority ) থাকে , ই নিজৰ পছন্দৰ আইন গৃহীত কৰিব পাৰে আৰু বিৰােধী দলে সমর্থন নকৰিলেও বাজেট অনুমােদিত কৰাই লব পাৰে । সংবিধান সংশােধন কৰিবলৈ হলে শাসক অন্ততঃ কেইটামান বিৰােধী দলক আস্থাত লব লাগিব । দলে সেইবাবে , সংশােধনী পদ্ধতিৰ আঁৰত থকা মূল নীতিটো হ'ল যে ই ৰাজনৈতিক দল আৰু সাংসদসকলৰ ব্যাপক সমর্থনৰ ওপৰত ভিত্তি কৰা হব লাগে ।

বেচিভাগ আধুনিক সংবিধান সংশােধনী প্রক্রিয়া দুটা নীতিৰে পৰিচালিত হয় । 

* এটা হ’ল বিশেষ সংখ্যাগৰিষ্টতাৰ নীতি, উদাহৰণ স্বৰূপে ; আমেৰিকা , দক্ষিণ আফ্রিকা , ৰাছিয়া আদি দেশৰ সংবিধানৰ ক্ষেত্ৰত এই নীতি প্রযােজ্য । আমেৰিকাৰ সংবিধানৰ ক্ষেত্ৰত , ই ২/৩ ভাগ সংখ্যাগৰিষ্টতা , আনহাতে দক্ষিণ আফ্রিকা আৰু ৰাছিয়াত কিছুমান সংশােধনৰ বাবে ৩/৪ অংশ সংখ্যাগৰিষ্টতাৰ প্রয়ােজন হয় । 

* বহুতাে জনপ্রিয় আধুনিক সংবিধানে গ্ৰহণ কৰা দ্বিতীয় নীতিটো হ’ল সংবিধান সংশােধন পদ্ধতিত জনসাধাৰণৰ অংশগ্রহণ । চুই জাৰলেণ্ডত , জনসাধাৰণে আনকি সংশােধনী প্রস্তাব আনিবও পাৰে । জনসাধাৰণে প্রবর্তন বা অনুমােদন কৰা সংবিধান সংশােধনীৰ উদাহৰণ হ'ল ৰাছিয়া , ইটালী আৰু অন্যান্য ।

    “ যি সকল লােকে সংবিধানক লৈ অসন্তুষ্ট তেওঁলােকক কেৱল ২/৩ অংশ সংখ্যাগৰিষ্টতাৰ প্ৰয়ােজন। যদি তেওঁলােকে তাকে কৰিব নােৱাৰে তেনেহলে তেওঁলােকে জনসাধাৰণ সংবিধানক লৈ হােৱা অসন্তুষ্টিৰ অংশীদাৰী হ'ব বুলি আশা কৰিব নােৱাৰি ” । 

    

Type Sumit Patar

Class 11 Political science 



Post ID : DABP004241