8 . 1 . 2   সুষম গতি আৰু বিষম গতি (Uniform motion and non uniform motion)

বস্তু এটাই সৰল ৰৈখিকভাৱে গতি কৰিছে বুলি ধৰি লোৱা। ধৰা হওঁক, ই প্ৰথম ছেকেণ্ডত আৰু 5m অতিক্ৰম কৰিলে। সেইদৰে তৃতীয় আৰু চতুৰ্থ ছেকেণ্ডত 5m কৈ অতিক্ৰম কৰিলে। এই ক্ষেত্ৰত বস্তুটোৱে প্ৰতি ছেকেণ্ডত 5m কৈ অতিক্ৰম কৰিছে। যিহেতু বস্তুটোৱে সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম হৈছে, গতিকে ইয়াৰ গতিক সুষম গতি বুলি কোৱা হয়। এই গতিত সময়ৰ ব্য়ৱধান কম হোৱা উচিত। দৈনন্দিন জীৱনত আমি কিছুমান গতি দেখোঁ যিবোৰত বস্তুৱে সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰে। উদাহৰণস্বৰূপে ভীৰ থকা ৰাস্তা এটাত গাড়ী এখনৰ গতি বা উদ্য়ান এখনত দৌৰি থকা ব্য়ক্তি এজনৰ গতিলৈ আঙুলিয়াব পাৰি। এইবিলাক বিষম গতিৰ কিছুমান দৃষ্টান্ত।

কাৰ্যকলাপ...............................8.5

•  8.1 তালিকাত দুটা বস্তু, A আৰু Bৰ গতিৰ তথ্য় দিয়া হৈছে।

•  সেইবোৰ ভালদৰে পৰ্যবেক্ষণ কৰা আৰু গতিবোৰ সুষম নে বিষম উল্লেখ কৰা।

 

তালিকা 8.1

 

সময়

Aয়ে অতিক্ৰম কৰা দূৰত্ব

B য়ে অতিক্ৰম কৰা দূৰত্ব

পুৱা 9:50

10

12

পুৱা 9:45

20

19

পুৱা 10:00

30

23

পুৱা 10:15

40

35

পুৱা 10:30

50

37

পুৱা   10:45

60

41

পুৱা 11:00

70

44



Type:- Bidyut Thakuria.

Class 9 Science Assam SCERT Book (Chapter 8)




Post ID : DABP004246