আন্তৰ্জাতিক সংস্থা -- ৰাষ্ট্ৰসংঘ আৰু অ্ন্য়ান্য়


২.১ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য় আৰু ইয়াৰ অংগসমূহ:

প্ৰথম বিশ্বযুদ্ধ (১৯১৪)ৰ পিছত বিশ্ব শান্তি স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ অৰ্থে গঠিত হোৱা আন্তৰ্জাতিক সংগঠন 'জাতি সংঘ' (league of Nations)ৰ বিফলতাৰ পিছত ১৯৩৯ চনত সংঘটিত হ'ল দ্ধিতীয় বিশ্বযুদ্ধ। এই যুদ্ধই অনা ভয়াৱহতা আৰু অবৰ্ণনীয় ধ্বংসলীলাই আকৌ এবাৰ বিশ্ববাসীক ভয়াৰ্ত কৰি তোলাৰ বাবেই পুনৰ চিন্তা কৰা হ'ল আন এক বিশ্ব সংস্থা গঠনৰ কথা। সেই মৰ্মে ১৯৪৫ চনৰ ২৮ অক্টোবৰ তাৰিখে 'ৰাষ্ট্ৰসংঘ' (United Nations Organisation) শীৰ্ষক অনুষ্ঠানটোৰ জন্ম হ'ল। ছানফ্ৰান্সস্কো সন্মিলনত সৰ্বমুঠ ৫১ খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ প্ৰদান কৰি জন্ম দিয়া এই সংগঠনেই আজি পৰ্যন্ত বিশ্বক আন এক বিশ্বযুদ্ধৰ ভয়াৱহতাৰপৰা নিলগত ৰাখিবলৈ সক্ষম হৈছে। সেইবাবেই ২৮ অক্টোবৰ দিনটো বিশ্ববাসীয়ে 'ৰাষ্ট্ৰসংঘদিৱস' হিচাপে পালন কৰি আহিছে। 

    বৰ্তমান ১৯৩খন সদস্য় ৰাষ্ট্ৰৰে গঠিত ৰাষ্ট্ৰসংঘই আন্ত:ৰাষ্ট্ৰীয় শান্তি আৰু শৃংখলা প্ৰতিষ্ঠা কৰি বিবদমান বিষয়সমূহৰ শান্তিপূৰ্ণ সমাধানৰ বাট মুকলি কৰাৰ পথ সুগম কৰাৰ 

    যি অহৰহ প্ৰচেষ্টা চলাই আহিছে, তাৰ বাবেই বিশ্বৰ জনগণই এই বিশ্ব সংস্থাটোৰ প্ৰতি আস্থা প্ৰকাস কৰি আহিছে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত থকা মুখ্য় কাৰ্যালয়ৰ পৰা কাম-কাজ চলাই অহা ৰাষ্ট্ৰসংঘৰ মূলউদ্দেশ্য়সমূহ হ'ল নিম্নোক্ত ধৰণৰ। 

    ২.১.১ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য়:

ৰাষ্ট্ৰসংঘৰ চনদত মুঠ ১১১টা অনুচ্ছেদ আছে। ইয়াৰ প্ৰথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ চাৰিটা উদ্দেশ্য় সন্নিৱিষ্ট হৈছে। উদ্দেশ্য়কেইটা হ'ল --

১) আন্ত:ৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপতা বজাই ৰখা।

২) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা। 

৩) আন্ত:ৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক সমস্য়াসমূহৰ সমাধান কৰা আৰু প্ৰত্য়েকজনে ব্য়ক্তিয়ে যাতে মানৱ অধিকাৰ মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্য়ৱস্থা কৰা। 

৪) উল্লিখিত উদ্দেশ্য়সমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাৰ্য সম্পাদন কৰা।

২.১.২ ৰাষ্ট্ৰসংঘৰ নীতি: 

ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহ এনধৰণৰ-- 

১) সকলো সদস্য় ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ হ'ব

২) ৰাষ্ট্ৰ সংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য় ৰাষ্ট্ৰই নিজা দায়িত্বপালন কৰিব লাগিব। 

৩) আন্ত:ৰাষ্ট্ৰীয় শান্তি, নিৰাপতা আৰু ন্য়ায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য় ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসাকৰিীব লাগিব। 

৪) আন্তজাৰ্তিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য় ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব। 

৫) চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কানো ব্য়ৱস্থা গ্ৰহণ কৰিলে সদস্য়ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্য়ৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব। 

৬) ৰাষ্ট্ৰসংঘই সদস্য় ৰাষ্ট্ৰসমূহৰ আভ্য়ন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।

২.১.৩ ৰাষ্ট্ৰসংঘৰ অংগ:

ৰাষ্ট্ৰসংঘৰ ছটা প্ৰধান অংগ হ'ল- (১) সাধাৰণ সভা, (২) নিৰাপতা পৰিষদ, (৩) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, (৪) ন্য়াসৰক্ষী পৰিষদ, (৫) আন্তৰ্জাতিক ন্য়ায়লয় আৰু (৬) সচিবালয়। 

(১) সাধাৰণ সভা (General Assembly): সাধাৰণ সভা ৰাষ্ট্ৰসংঘৰ বৃহতম অংগ। সকলোবোৰ সদস্য় ৰাষ্ট্ৰৰে গঠিত হোৱা সাধাৰণ সভালৈ প্ৰত্য়েক সদস্য় ৰাষ্ট্ৰই পাচঁজনকৈ প্ৰতিনিধি পঠাব পাৰে। কিন্তু প্ৰত্য়েকখন সদস্য় ৰাষ্ট্ৰই এটাকৈ ভোট প্ৰদান কৰিব পাৰে। সাধাৰণ সভা অধিৱেশন বছৰেকত এবাৰকৈ বহে আকাৰত বৃহত হোৱা বাবো কোইবাখনো কমিটীৰ জৰিয়তে সাধাৰণ সভাই কাৰ্য পৰিচালনা কৰে 

(২) নিৰাপতা পৰিষদ (Security Council): ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগ নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়তপৰিষদ স্থায়ী সদস্য় আছিল পাচঁজন আৰু অস্থায়ী 
ছজন। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্য় সংখ্য়া দহজনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য়সকল সাধাৰণ সভাই নিৰ্বাচিত কৰে। স্থায়ী সদস্য় ৰাষ্ট্ৰকেইখন হ'ল-- আমেৰিকা, গ্ৰেট বৃটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চিন। কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত লবলৈ স্থায়ী পাঁচজন সদস্য়সহ মুঠ ৯জন সদস্য়ৰ সন্মতি থাকিব লাগিব। স্থায়ী সদস্য়সকলৰ 'ভোট' প্ৰয়োগৰ ক্ষমতা আছে। 

(৩) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ(Economic and social Council) 

: ৰাষ্ট্ৰসংঘ গঠিত হোৱা সময়ত এই পৰিষদৰ সদস্য় সংখ্য়া আছিল ওঠৰজন। ১৯৬৫ চনত ইয়াৰ সদস্য় সংখ্য়া ২৭জনলৈ বৃদ্ধি কৰা হয় আৰু ১৯৭৩ চনত এই সংখ্য়া ৫৪ জনলৈ বৃদ্ধি কৰা হয় । তিনি বছৰিয়া কাৰ্যকালৰ বাবে ইয়াৰ সদস্য়সকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। ৰাষ্ট্ৰসংঘৰ চনদৰ ৫৫নং অনুচ্ছদ মতে গঠিত হোৱা এই পৰিষদে আন্ত:ৰাষ্ট্ৰীয় অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য় আৰু আনুসংগিক এনে সমস্য়া সমাধানৰ বাবে কাৰ্যনিৰ্বাহ কৰে। ওপৰোক্ত বিষয়বিলাক চোৱো-চিতা কৰি পৰিষদে সাধাৰণ সভালৈ প্ৰতিবেদন আৰু পৰামৰ্শ পঠাব পাৰে।

(৪) ন্য়াসৰক্ষী পৰিষদ (Trusteeship Council): ৰাষ্ট্ৰসংঘৰ চনদৰ ৭৬ নং অনুচ্ছেদত ন্য়াসৰক্ষী পৰিষদৰ কথা উল্লেখ আছে। ন্য়াসৰক্ষী পৰিষদৰ অন্তৰ্ভুক্ত দেশবিলাকৰ জনসাধাৰণক অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই স্বাধীনতা লাভৰ বাবে উপযুক্ত কৰি তোলাৰ বাবেই এই পৰিষদ গঠন হৈছিল। ন্য়াসৰক্ষী পৰিষদ তিনি ধৰণৰ সদস্য়ৰে গঠিত। (ক) ন্য়াস অঞ্চল পৰিচালনা কৰা ৰাষ্ট্ৰসমূহ (খ) ন্য়াস অঞ্চলৰ দায়িত্ৱত নথকা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য়সকল আৰু (গ) সাধাৰণ সভাই তিনি বছৰ বাবে নিৰ্বাচিত কৰি দিয়া সদস্য়সকল। 

(৫) আন্তৰ্জাতিক ন্য়ায়ালয় (International Court of justice): ৰাষ্ট্ৰসংঘৰ ন্য়ায়িক অংগটো হ'ল-- আন্তৰ্জাতিক ন্য়ায়ালয়। মুঠ ১৫ জন ন্য়ায়াধীশৰ দ্ধাৰা গঠিত এই ন্য়ায়লয় ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ। ৰাষ্ট্ৰসংঘ সকলো সদস্য় ৰাষ্ট্ৰই এই আদালতৰ সদস্য়। এই ন্য়ায়ালয়ৰ প্ৰধান কাম হৈছে ৰাষ্ট্ৰসমূহে উত্থাপনা কৰা গোচৰসমূহ নিষ্পত্তি কৰা। এই আদালতে দিয়া ৰায় বিবদমান ৰাষ্ট্ৰই মানিবলেৈ বাধ্য়। 

(৬) সচিবালয় (Secretariat): সচিবালয় হ'ল ৰাষ্ট্ৰসংঘ প্ৰাণকেন্দ্ৰ স্বৰুপ। ই সচিবপ্ৰধান আৰু অন্য়ান্য় কৰ্মচাৰি গঠিত। এই সচিবালয়েই ৰাষ্ট্ৰসংঘৰ সকলো সিদ্ধান্ত ৰিপায়িত কৰে। ৰাষ্ট্ৰসংঘৰ চনদৰ ৯৭ নং অনুচ্ছেদ মতে নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই সচিবপ্ৰধানক নিয়োগ কৰে। সচিবপ্ৰধানজন নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য় ৰাষ্ট্ৰৰ ভূমিকা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিবপ্ৰধানজন নৰ'ৱেৰ ট্ৰাইভহাল্ডান লী। বৰ্তমানৰ সচিবপ্ৰধানৰগৰাকী হ'ল পৰ্টুগালৰ এনটনিও গুটেৰেছ। 

উপৰিউক্ত ৬টা অংগৰ উপৰি ৰাষ্ট্ৰসংঘৰ অন্য়ান্য় অভিকৰণসমূহ হ'ল-- (১) আন্ত:ৰাষ্ট্ৰীয় শ্ৰমিক সংঘ (International Labour organisation চমুকৈ ILO,(2) বিশ্ব স্বাস্থ্য় সংস্থা (world Health Organisation চমূকৈ WHO), (৩) ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি (United Nations development programme চমুকৈ UNDP) (৪) ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ অয়োগ (United nations human Right commission চমুকৈ UNHRC), (৫) ৰাষ্ট্ৰসকংঘৰ শিশু পুঁজি (United nations International Children's Emergency Fund চমুকৈ UNICEF), (৬) ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিক সংগঠন (United nations Educational, Scientific And Cultural Organization চমুকৈ UNESCO), (৭) আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰা নিধি (International Monetary Fund  চমুকৈ IMF), (৮) খাদ্য় অৰু কৃষি সংগঠন (Food and Agriculture Organisation চমুকৈ FAO) আদি।

২.২ ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তি:

বিশ্বৰ জনগণৰ মনৰপৰা যুদ্ধৰ বিভীষিকা আঁতৰ কৰি বিশ্বাস আৰু আস্থাৰ এখন পৃথিৱী গঢ়াৰ লক্ষ্য়ৰে দ্ধিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫ চনত প্ৰতিষ্ঠা হোয়া ৰাষ্ট্ৰসংঘই সত্তৰ বছৰত ভৰি দিলে। এই সুদীৰ্ঘ কালছোৱাত সমস্য়াজৰ্জৰিত বিশ্বত শান্তিৰ বাচতাবৰণ আনি সকলো ধৰণৰ সমস্য়াকে বুজাবুজি আৰু আলোচনাৰ সমধান কৰাত ৰাষ্ট্ৰসংঘই লৈ অহা ভূমিকা নিশ্চয়কৈ আশাপ্ৰদ আৰু ইতিবাচক। অৱশ্য়ে বহু ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিশালী স্থিতি আৰু কোনো কোনো ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ  অনুমোদন অবিহনে আমেৰিকাই লোৱা সামৰিক কাৰ্যহ্ণই ৰাষ্ট্ৰসংঘৰ স্থিতিত কিছু জোকাৰণি আনিছে যদিও যোৱা সুদীৰ্ঘ কাল ধৰি বিশ্বযুদ্ধৰ লেখীয়া বৃহৎ যুদ্ধৰ পৰিৱেশক পৰাহত কৰি ৰাখিব পৰা কাৰ্যই ৰাষ্ট্ৰসংঘই সফলতাক সূচাইছে।

নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নোহোৱা কৰাৰ অৰ্থে ৰাষ্ট্ৰসংঘই যোৱা দিবিলাকত লোৱা পদক্ষেপ গুৰুত্বপূৰ্ণ। ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ (Disarmament Commission) গঠন কৰে। ৰাষ্ট্ৰসংঘৰ ৎপৰতাত ১৯৬৩ চনৰ 'আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি' (partial Nuclear test Ban Treaty), ১৯৬৭ চনত 'বহিঃমহাকাশ চুক্তি'(outer Space  Treaty), ১৯৬৮ চনত 'পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি' (Nuclear Nonproliferation treaty), ১৯৭১ চনত 'সমুদ্ৰতলি নিয়ন্ত্ৰণ চুক্তি' (Seabed Control treaty) ১৯৭২ চনত 'ছল্ট-২' চুক্তি (SALT-I, strategic arms Limitation treaty), ১৯৭৯ চনত 'ছল্ট-২' চুক্তি (SALT-II), ১৯৯৩ চনত পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি (Nuclear Arms Control treaty), ১৯৯১ আৰু ১৯৯৩ চনত START-1 আৰু START-2 (Strategic Arms Reduction treaty), ১৯৯৬ চনত ১৫খন ৰাষ্ট্ৰৰ  সমৰ্থন সম্পাদিত হোৱা পাৰমাণৱিক অস্ত্ৰ পৰিক্ষা নিষিদ্ধকৰণ চুক্তি' (Comprahensive Test Ban treaty CTBT) কে ধৰি বৰ্তমানলৈকে ভালেমান চুক্তি স্বাক্ষৰ হোৱা ঘটনাই নিশ্চয়কৈ বিশ্বৰ শান্তিৰ বাতাবৰণ অনাত বিশেষ বৰঙণি যোগাইছে। ২০০৭ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা প্ৰতুৰোধমূলক কূটনীতি' (preventive Diplomacy)ৰ সহায়ত বিবাদ মীমাংসাৰে শান্তিৰ পৰিৱেশ অনাত আগ লোৱাটোও ওটা গুৰুত্বপূৰ্ণ পদক্ষেপ।

    মুঠতে ৰাষ্ট্ৰসংঘক শক্তিশালী ৰুপত প্ৰতিষ্ঠা কৰাৰ দায়িত্ব সদস্য় ৰাষ্ট্ৰসমূহৰ। এই ৰাষ্ট্ৰসমূহৰ সদিচ্ছা, সহযোগিতা আৰু আনুগত্য়ইহে ৰাষ্ট্ৰসংঘক বলিষ্ঠ কৰিব পাৰিব আৰু বিশ্ব শান্তিৰ দিটোও আশাব্য়ঞ্জ হ'ব।

২.৩ ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ আয়োগ:

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা হৈছিল।বিশ্বৰ মানৱ সমাজৰ অধিকাৰসমূহক সুৰক্ষা দিবলৈকে এই স্থায়ী সংগঠনটো দিবলৈকে জন্ম হৈছিল। সংগঠনটোৰ জন্মক্ষণত ইয়াৰ সহস্য় সংখ্যা আছিল ১৮ জন। ১৯৬২ চনুত আয়োগৰ সদস্য় সংখ্য়া ২১ চনলৈ ।বৃদ্ধি কৰা হয়। পুনৰ ১৯৯০ চনত ইয়াৰ সদস্য় সংখ্য়া ৫৩ চন কৰা হয়। মানৱ অধিকাৰ আয়োগৰ সদস্য়সকল বছৰ বাবে নিৰ্বাচিত হয়। সংখ্য়াগৰিষ্ঠৰ মতৰ উপৰত ভিত্তি আয়োগ সিদ্ধান্ত গ্ৰহণ কৰে।

    আয়োগে মানৱ অধিকাৰ উলংঘা সম্পৰ্কীয় অভিযোগ গ্ৰহণ কৰে আৰু তেনে অভিযোগৰ ওপৰত সংশ্লিষ্ট চৰকাৰৰপৰা প্ৰতিবেদন বিছাৰে।

২.৩.১মানৱ অধিকাৰ ঘোষণাপত্ৰ: 

  বিশ্বত শান্তিৰ বাতাবৰণ অনাৰ উদ্দেশ্য় আৰু ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে গঠিত হোৱা ৰাষ্ট্ৰসংঘই অতি গুৰুত্বপূৰ্ণভাৱে মানৱ অধিকাৰ ৰক্ষাৰ দিশটোৰ বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। বিশ্বৰ প্ৰত্য়েকজন ব্য়ক্তিয়ে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা কিছুমান অধিকাৰক সুৰক্ষা দিয়াৰ অৰ্থে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮চনৰ ১০ ডিচেম্বৰ তাৰিখে ৪৮খন সদস্য় ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে। সেইবাবেই আজিও ১০ ডিচেম্বৰ দনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। এটা প্ৰস্তাৱনা আৰু ৩০টা অনুচ্ছেদ সম্বলিত এই ঘোষণাপত্ৰই মূলত :দুটা উদ্দেশ্য় সাধন কৰিছে।

    প্ৰথম বিশ্বৰ জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰ সমূহ এই ঘোষণাপত্ৰত সন্নিৱিষ্ট হৈছে। দ্ধিতীয়, এই ঘোষণাপত্ৰত উল্লেখিত অধিকাৰ সমূহক সদস্য় ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে। উল্লেখযোগ্য় যে এই ঘোষণাপত্ৰত উল্লেখ থকা অধিকাৰসমূহে ৰাষ্ট্ৰসংঘৰ সদস্য় ৰাষ্ট্ৰসমূহে ক্ষমতা আৰু কাৰ্যাৱলীৰ ওপৰত কিছু সীমাবদ্ধতা  আনিছে। কাৰণ নীতিগতভাৱে কোনো ৰাষ্ট্ৰই এই অধিকাৰসমূহক অওকাণ কৰিব নোৱাৰি। দেশৰ নাগৰিকসকলৰ এই অধিকাৰৰপৰা বঞ্চিত কৰি আন্ত:ৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাটো যে সম্ভৱ নহয় তাক ৰাষ্ট্ৰসংঘই এই ঘোষণাপত্ৰৰ জৰিয়তে স্পষ্ট কৰিছে। বিশ্বৰ নাগৰিকৰ জীৱনযাত্ৰাৰ মানদণ্ড উন্নত কৰা আৰু এটা মৰ্যাদাপূৰ্ণ জীৱন-যাপনৰ বাট মুকলি কৰাৰ বাবে ৰাষ্ট্ৰসংঘই  মানৱ অধিকাৰ সম্পৰ্কত এতিয়ালৈকে লোৱা পদক্ষেপ আশাব্য়ঞ্জক। 

    যদিও মানৱ অধিকাৰ ঘোষণাপত্ৰ এনে কোনো চুক্তি নহয় যে ইয়াৰ দ্ধাৰা সদস্য়ৰাষ্ট্ৰসমূহক বাধ্য়-বাধকতাৰ মাজলৈ অনা হৈছে, তথাপি সদস্য় ৰাষ্ট্ৰসমূহৰ ,সদিচ্ছাৰ ওপৰত ভিত্তি কৰিয়েই ঘোষণাপত্ৰই বিশ্বৰ মানৱ সমাজক সৰ্বদিশৰ ব্য়ক্তিত্ব বিকাশৰ সুবিধা দি । 

২.৩.১ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (ভাৰতবৰ্ষ):

১৯৬৬ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভই এটা প্ৰস্তাৱ গ্ৰহণ কৰি সদস্য় ৰাষ্ট্ৰবিলাকত মানৱ অধিকাৰ আয়োগ গঠনৰ বাবে ৰাষ্ট্ৰসমূহৰপৰা বিচাৰিছিল। ১৯৭০ চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে সদস্য় ৰাষ্ট্ৰসমূহত মানৱ অধিকাৰ আয়েগ গঠনৰ বিষয়টোত গুৰুত্বদি বিষয়টো সদস্য় ৰাষ্ট্ৰসমূহলৈ আগবঢ়াই দিলে। ১৯৯৩ চনৰ জুন মাহত ভিয়েনাত অনুষ্ঠিত হোৱা মানৱ অধিকাৰ সম্পৰ্কীয় অধিৱেশনত ৰাষ্ট্ৰসংঘৰ প্ৰত্য়েক সদস্য় ৰাষ্ট্ৰত একোটা মানৱ অধিকাৰ আয়োগ গঠনৰ ওপৰত পুনৰ গুৰুত্ব প্ৰদান কৰা হয়। সোই মৰ্মে মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাষ্ট্ৰসমূহত ওনে আয়োগ গঠন হ'ল। ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্য়দেশ জাৰি কৰে আৰু সেইমৰ্মে ১৯৯৩ চনৰ ১২ অক্টবৰ তাৰিখে ৰাষ্ট্ৰীয় মনৱ অধিকাৰ আয়োগ গঠন কৰা হয়। এই বছৰৰে ১৮ ডিচেম্বৰত আগৰ অধ্য়াদেশৰ ঠাইত সংসদত এখন বিধেয়ক উত্থাপিত হয়। ১৯৯৮ চনৰ ৮ জানুবাৰী তাৰিখে বিধেয়কখনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰি আইনত পৰ্ণত হয়। এই আইনখনক 'মানৱ অধিকাৰ সুৰক্ষা আইন, ১৯৯৩ নামে জনা যায়। এই আইনমতে ৰাজ্য় বিলাকতো ৰাজ্য়িক মানৱ অধিকাৰ আয়োগ গঠন হয়। 

    ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্য়ালয়ৰ মুখ্য় ন্য়ায়াধীশ হ'ব লাগিব। সদস্য়সকলৰ ভিতৰত-- (১) এজন সদস্য় উচ্চতম ন্য়ালয়ব় ন্য়ায়ধীশ অথবা প্ৰাক্তন ন্য়ায়ধীশ, (২) এজন সদস্য় কোনো উচ্চ ন্য়ায়ালয়ৰ মুখ্য় ন্য়ায়াধীশ অথবা প্ৰাক্তন মুখ্য় ন্য়াধীশ আৰু (৩) দুজন সদস্য় মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্য়ক্তি। 

    ইয়াৰ উপৰি ৰাষ্ট্ৰীয় সংখ্য়ালঘু আয়োগৰ সভাপতি, আনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতিও আয়োগৰ সদস্য় পদত থাকিব। সকলো সদস্য়কে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৫ বছৰ বাবে নিযুক্তি  দিয়ে। 

    ভাৰতবৰ্ষত মানৱ অধিকাৰ উলংঘনৰ সকলো দিশ পৰ্যালোচনা কৰি তাৰ বিহিত ব্য়ৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্ৰতুৱেদন দাখিল কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই দিশত অতন্দ্ৰ গ্ৰহৰীৰ ভুমিকা ল'ব লাগে।২.৪ 

অন্য়ান্য় গুৰুত্বপূৰ্ণ আন্তজাতিক অনিষ্ঠানসমূহ:

ৰাষ্ট্ৰসংঘৰ উপৰি বৰ্তমান বিশ্বত থকা কেইটামান গুৰুত্বপূৰ্ম আন্তজাতিক অনুষ্ঠান হ'ল--




 আন্তজাতিক অনুষ্ঠান

মুখ্য় কাৰ্যালয়  

 ১) জাতিসমূহৰ সমঘ (Commonwealth of nations)

2) এমনেষ্টি ইন্টাৰনেছনেল (Amnesty International, AI)

৩)অত্তৰ আটলান্টিক চুক্তি সংগঠন

(North Atlantic Organisation, NATO) 

৪) আন্ত:ৰাষ্ট্ৰীয় নবীকৰণযোগ্য় শক্তিঅভিকৰণ

(International Renewable Energy Agency)

 ৫) এছিয়া প্ৰশান্ত মহাসাগৰীয়া অৰ্থনৈতিক নিগম (APEC)

৬) দশিণ-পূৰ্ব এছীয়া জাতিসমূহৰ সংস্থা (ASEAN)

৭) আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC)

৮) আন্ত:ৰাষ্ট্ৰীয় ফুটবল ফেডাৰেচন (FIFA)

৯) বিশ্বঅৰ্থনৈতিক মঞ্চ (world  Economic Forum, WEF)

১০)আন্ত:ৰাষ্ট্ৰীয় হকী ফেডাৰেচন

 (International hockey Federation      

দশিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা (South Asian Association for Regional Cooperation, SAAC)

ণ্ডন


লণ্ডন


ব্ৰুচেল্ছ


 

সংযুক্ত আৰব এমিৰেটছ (UAE)



ছিংগাপুৰ


জাকাৰ্টা

ডুবাই


জুৰিক


জেনেভা

লৌচেন, ছুজাৰলেণ্ড


 


কাঠমাণ্ডু

 
১) ১৯৪৫ চনৰ ২৮ অক্টবৰ তাৰিখে 'ৰাষ্ট্ৰসংঘ' অনুষ্ঠানটোৰ জন্ম হয়

২)২৪ অক্টবৰ দিনটো 'ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়।  

৩) ৰাষ্ট্ৰসংঘৰ চনদত মুঠ ১১১টা অনুচ্ছেদ আছে। ইয়াৰ প্ৰথম অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য় সন্নিৱিষ্ট হৈছে। 

৪) ৰাষ্ট্ৰ,সংঘৰ ছটা প্ৰধান অংগ হ'ল-- (১) সাধাৰণ সভা, (২) নিৰাপত্তা পৰিষদ, (৩) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, (৪) ন্য়াৰক্ষী পৰিষদ, (৫) আন্তজাতিক ন্য়ায়ালয় আৰু (৬) সচিবালয় 

৫)নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নাইকিয়া কৰাৰ অৰ্থে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ গুৰুত্বপূৰ্ণ।

৬) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে ৪৮খন সদস্য় ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণা গ্ৰহণ কৰে।

৭)ভাৰতবৰ্ষ ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে ৰাষ্টপতিয়ে এখন অধ্য়াদেশ জাৰি কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰে।


Type: Ratul Mahanta