অৰ্থনৈতিক উন্নয়ন


২.০১ অৰ্থনৈতিক বিকাশ বা প্ৰসাৰতা :

অৰ্থনৈতিক উন্নয়ন আৰু মানৱ উন্নয়ন এই ধাৰণাকেইটা অৰ্থ একেটাই নহয়। ধাৰণাকেইটা মাজত পাৰ্থক্য় আছে। এটা বিত্তীয় বছৰত (অৰ্থাৎ ১ এপ্ৰিলৰপৰা ৩১ মাৰ্চলৈ) দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মুদ্ৰাগত  মূল্য়ই হ'ল জাতীয় আয়। এই জাতীয় আয়ক দেশখনৰ মুঠ জনসংখ্য়াৰে ভাগ  কৰিলে জনমূৰি আয় পোৱা যায়। উন্নত দেশসমূহত জনমূৰি নআয় বেছি; অনুন্নত দেশসমূহত কম। আনহাতে, মানৱ উন্নয়নে জনসাধাৰণৰ স্বাস্থ্য় শিক্ষা, জীৱন-ধাৰণৰ মানদণ্ড, আৰ্থ-সামাজিক, ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়নক বুজায়। 

২,০২ অৰ্থনৈতিক উন্নয়ন:

    অৰ্থনৈতিক বিকাস হ'লেই অৰ্থনৈতিক উন্নয়ন হৈছে বুলি কব নোৱাৰি। যেতিয়া বৰ্ধিত জনমুৰি আয়ৰ বৃহৎ অংশটো মুঠ জনসংখ্য়াৰ নগন্য় অংশ এটাৰ হাতত কেন্দ্ৰীভূত হয় আৰু সৰু অংশ এটা জনসংখ্য় বৃহৎ অংশটোলৈ যায় তেতিয়া অৰ্থনৈতিক বিকাশ হৈছে বুলি কলেও অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি। অৰ্থাৎ জাতীয় আয় বৃদ্ধিৰ ফলত চহকী আৰু দুখীয়া শ্ৰেণীৰ মাজত ব্য়ৱধান বৃদ্ধি হ'লে অৰ্থৈতিক বিকাশৰ ফলত এচাম লোকহে উপকৃত হ'ব আৰু অধিকাংশ লোকেই বিকাশৰ সুফলৰপৰা বঞ্চিত হ'ব লাগিব। যি অৰ্থনৈতিক বিকাশৰ প্ৰক্ৰিয়াত জাতীয় আয় বৃদ্ধিকেই অধিক গুৰুত্ব দিয়া হয় আৰু আয় বিতৰণৰ প্ৰসংগতোৱে গুৰুত্ব নাপায় সেই বিকাশে প্ৰকৃততে অৰ্থনৈতিক উন্নয়ন নুবুজায়। অৰ্থনৈতিক বিকাসৰ সীমিত অৰ্থনৈতিক উন্নয়ন অৰ্থ বহল। অৰ্থনৈতিক বিকাশ হ'লেই অৰ্থনৈতকিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি কিন্তু অৰ্থনৈতিক উন্নয়ন হ'ব লাগিলে অৰ্থনৈতিক বিকাশ হ'ব লাগিব। অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়ন অংশ মাত্ৰ। 

    আয় বিতৰণৰ প্ৰসংগটোৰ  উপৰি আন কাৰণতো জনমূৰি আয় দেশ এখনৰ অৰ্থনৈতিক উন্নয়ন নিৰ্ভযোগ্য় সূচক হ'ব নোৱাৰে। জাতীয় উৎপাদন বৃদ্ধি যদি বিলাসৰ সামগ্ৰী, নিচাযুক্ত সামগ্ৰীৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে হৈছে অথচ নিত্য় ব্য়ৱহাৰ্য সামগ্ৰী বৃদ্ধি হোৱাৰ বাবে নহয়, তেনে'লে সেই বৃদ্ধি অৰ্থনৈতিক উন্নয়ন হ'ব নোৱাৰে ঠিক সেইদৰে উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদৰাজি যদি জধেমধে ব্য়ৱহাৰ কৰা হৈছে আৰু তাৰ ফলস্বৰূপে পৰিৱেশ দূষিত হৈছে আৰু দূষিত পৰিৱেশে জনস্বাস্থ্য়ৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে তেনেহ'লে তেনে অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়ন হ'ব নোৱাৰে। তদুপৰি সা-সামগ্ৰীৰ উৎপাদনৰ পৰিমান বৃদ্ধি নোহোৱাকৈয়ো জাতীয় আয় বৃদ্ধি হ'ব পাৰে। যেতিয়া সামগ্ৰীৰ মূল্য়বৃদ্ধি হয় তেতিয়া একেখিনি সামগ্ৰীৰ মুদ্ৰাগত মূল্য় অধিক হ'ব আৰুি জাতীয় আয় বৃদ্ধি হোৱাটো সূচাব। কিন্তু ই অৰ্থনৈতিক উন্নয়নৰ কথা নুসূচায়।

২.০৩ মানৱ উন্নয়ন:

    অৰ্থনৈতিক উন্নয়নৰ মাপকাঠী হিচাপে কেৱল সৰ্বমুঠ ৰাষ্ট্ৰীয় আয় গ্ৰহণযোগ্য় নহয়। ইয়াৰ বিল্পপ হিচাপে মানৱ উন্নয়ন সূচকাংক নিধাৰণ কৰা হৈছে। ১৯৯০ চনত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিৱেদন প্ৰকাশ কৰা হয়। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (United Nations Development Programme বা UNDP)ৰ অন্তৰ্গত এই প্ৰতিবেদন প্ৰতি বছৰেই প্ৰকাশকৰা হয়। এই প্ৰতিবেদন মানৱ উন্নয়নৰ তিনিটা সূচক উল্লেখ কৰা হৈছে। সংক্ষেপতে এই সূচকেইটা হ'ল:(১) প্ৰত্য়াশিত আয়ুস, (২) শিক্ষা আৰু (৩) জীৱন-যাত্ৰাৰ মান। জন্মৰ সময়ত শিশু এটি কিমান বছৰলৈ জীয়াই থাকিব বুলি যি আশা কৰা যায় সেইটোৱেই হ'ব প্ৰত্য়াশিত আয়ুস। এই আয়ুসৰ গঢ় হিচাপ উলিয়াই লোৱা হয়। উন্নত দেশত এই আয়োশ বেছি আৰু উনুন্নত দেশত কম হ'ব। উন্নত দেশত স্বাস্থ্য় সেৱা অধিক উন্নত; অনুন্নত দেশত প্ৰয়োজনীয় স্বাস্থ্য় সেৱাৰ অভাৱ হয়। শিক্ষাৰ ক্ষেত্ৰত প্ৰাপ্তবয়স্কৰ সাক্ষৰতা আৰু প্ৰাথমিক, মাধ্য়মিক আৰু অন্যান্য় প্ৰশাখাসমূহৰ সৰ্বমুঠ মানভৰ্তিকৰণৰ অনুপাত নিৰ্ণয় কৰি সেই অনুপাতৰ ভিত্তিত শিক্ষাৰ বা জ্ঞানৰ স্তৰ নিৰ্ধাৰণ কৰা হয়। অনুন্নত দেশৰ তুলনাত উন্নত দেশত শিক্ষা ব্য়ৱস্থা অধিক উন্নত। তৃতীয়টো সূচক জীৱন-যাত্ৰাৰ মান উন্নীতকৰণত বাধাৰ সৃষ্টি কৰে।

HDI: Human develop Index সম্পতিৰ একোখন দেশৰ উন্নয়ন সামগ্ৰীক ছবিখন মানৱ উন্নয়ন সূচকাংকৰে বুজোৱা হয়। মানৱ উন্নয়নৰ চাৰিটা স্তৰ-- অৰ্থনৈতিকসামজিকসাংস্কৃতিক আৰু ৰাজনৈতিক উন্নয়নৰ ভিত্তিত মানুহৰ উন্নত জীৱন-যাপনৰ বাবে প্ৰত্য়াশিত আয়ুসশিক্ষা আৰু জনমূৰি আয় এই তিনিটা সূচকৰ সন্মিলিত এটা পৰিসংখ্য়া (Statistic) ই হ'ল মানৱ উন্নয়ন সূচকাংক। 

    বাস্তৱিকততে মানৱ উন্নয়নে জনসাধাৰণৰ ,সামূহিক পছন্দৰ বিস্তাৰ সাধন হোৱাটো বুজায়। বিভিন্ন ব্য়ক্তিৰ পছন্দ অপছন্দ অথবা ভাল-বেয়া ওপৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয়। ওপৰত উল্লিখিত তিনিটা সূচক হ'ল এই পছন্দ মূল কথা। মানৱ উন্নয়নৰ মধ্য়বিন্দু হ'ল জনসাধাৰণ, কাৰিকৰী সূত্ৰ বা ধাৰণাসমূহ নহয়। অৰ্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজত পাৰ্থক্য় হ'ল এয়ে যে অৰ্থনৈতিক বিকাশে কেৱল মাত্ৰ এটা পছন্দৰ উল্লেখ কৰিছে আৰু সেইটো হৈছে আয় কিন্তু মানৱ উন্নয়নৰ ধাৰণাটোৱে সামূহুক পছন্দৰ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ব আপোৰ কৰিছে। এই সমষ্টিগত পছন্দই অৰ্থনৈতিক, সমাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দ সামৰি লইছে। দেশ এখনৰ প্ৰকৃত সম্পদ হ'ল দেশখনৰ জনসাধাৰণ জীৱন সমৃদ্ধ কৰাৰ সক্ষ্য়টো বৈশিষ্ট্য়হীন হৈ পৰিব-- মানৱ উন্নয়নৰ ধাৰণাটোৱে মানুহৰ সামূহিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন-যাপনৰ মান বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। 

    উল্লেখযোগ্য় যে ২০১০ চনৰ মানৱ উন্নয়ন প্ৰতিৱেদনখনত মানৱ উন্নয়নৰ তিনিটা নতুন তিনিটা ধাৰণা সনিৱিষ্ট কৰা হৈছে।  সেইটো হ'ল---(১) বৈষম্য়  সাপেক্ষ মানৱ উন্নয়ন সূচকাংক,(২) লিংগ বৈষম্য় সূচকাংক আৰু (৩) বহুমাত্ৰীয় দৰিদ্ৰ সূচকাংক (Multidimensional poverty index)। প্ৰথমটো সূচকাংকত মানৱ উন্নয়নৰ প্ৰভাৱ বিভিন্ন শ্ৰণীৰ লোকৰ উপৰত কিদৰে পৰিছে সেই নিৰ্ণয় কৰে। দ্ধিতীয়টোৱে মানৱ উন্নয়নৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ মাজত থকা অসমতা প্ৰতিফলিত কৰে। তৃতীয়টো সূচকাংকই দৰিদ্ৰতাৰ বহুৰূপী দাঙি ধৰে। এই সূচকাংকই ব্য়াক্তি, পৰিয়াল আৰু তাতোকৈ বৃহৎ গোষ্ঠীৰ লোকসকল কিদৰে আৰ্থ-সামাজিক সুবিধাসমূহৰপৰা বঞ্চিত হ'ব লগীয়া হয় তাৰ ইংগিত বহন কৰে। মানৱ দৰিদ্ৰতা সূচকাংক (Human Poverty Index)ই দৰিদ্ৰতাৰ এনেবোৰ আয়তন বা মাত্ৰা প্ৰতিফলিত নকৰে আৰু গড় ভিত্তিত দৰিদ্ৰতাৰ ছবি একেখহে সামগ্ৰীকভাৱে দাঙি ধৰে। 

২.০৮ অৰ্থনৈতিক পৰিকল্পনা :

    নিৰ্ধাৰণ এছোৱা সময় ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্য়ত উপনিত হোৱাৰ উদ্দেশ্য় এক কেন্দীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগৰ্শনেই হ'ল অৰ্থনৈতিক পৰিকল্পনা। প্ৰতি পাচ বছৰ মূৰে মূৰে যুগত কৰা বাবে আমাৰ দেশৰ পৰিকল্পনা হ'ল পঞ্চবাৰ্ষিক  পৰিকল্পাৰ। সামগ্ৰিক ভাৱে আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্য় সমূহ হৈছে অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰা, আৰ্থ-সামাজিক বৈষম্য় দূৰ কৰা, দৰিদ্ৰতা নিৰ্মূল কৰা, নিয়োগৰ সা-সুবিধাসমূহ বৃদ্ধি কৰা, আঞ্চলিক বৈষম্য় আতৰ কৰা, বহনক্ষম উন্নয়ন সুনিশ্চিত কৰা, পৰিৱেশ দূষিতকৰণ ৰোধ কৰা আত্মনিৰ্ভশিলতা অৰ্জন কৰা ইত্য়াদি। প্ৰথম পৰিকল্পনাৰ আৰম্ভিৰেপৰা দ্বাদশ পৰিকল্পনাই লক্ষ্য়সমূহ নিৰ্ধাৰণ কৰা, সেইমতে বিনিয়োগৰ বাবে সম্পদ আহৰণ উপায়সমূহ নিৰ্ধাৰণ কৰা আৰু কাৰ্যকৰী হোৱা হোৱা আচনিসমূহৰ নিয়মীয়া পুনৰীক্ষণ আৰু মূল্য়ান কৰা -- এই আতাইবোৰ কাৰ্য সম্পাদন দায়িত্ব আছিল ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগ। ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহৰ এখন তলত দাঙি ধৰা হ'ল               

     তালিকা ২.১ : ভাৰতবৰ্ষৰ পৰিকল্পনা (১৯৫১-২০১৭) 

 পৰিকল্পনা 

সময়ছোৱা  

প্ৰথম

দ্বিতীয়

তৃতীয়

তিনিখন বাৰ্ষিক পৰিকল্পনা


চতুৰ্থ

পঞ্চম

দুখন বাৰ্ষিক পৰিকল্পনা

ষষ্ঠ

সপ্তম

দুখন বাৰ্ষিক পৰিকল্পনা

অষ্টম

নৱম

দশম

একাদশ

দ্বাদশ           

১ এপ্ৰিল ১৯৫১--৩১ মাৰ্চ ১৯৫৬

১ এপ্ৰিল ১৯৫৬-- ৩১ মাৰ্চ ১৯৬১

১ এপ্ৰিল ১৯৬১-- ৩১ মাৰ্চ ১৯৬৬

১ এপ্ৰিল ১৯৬৬-- ৩১ মাৰ্চ ১৯৬৯

১ এপ্ৰিল ১৯৬৯-- ৩১ মাৰ্চ ১৯৭৪

১ এপ্ৰিল ১৯৭৪-- ৩১ মাৰ্চ ১৯৭৮

১ এপ্ৰিল ১৯৭৮-- ৩১ মাৰ্চ ১৯৮০

১ এপ্ৰিল ১৯৮০-- ৩১ মাৰ্চ ১৯৮৫

১ এপ্ৰিল ১৯৮৫-- ৩১ মাৰ্চ ১৯৯০

১ এপ্ৰিল ১৯৯০-- ৩১ মাৰ্চ ১৯৯২

১ এপ্ৰিল ১৯৯২-- ৩১ মাৰ্চ১৯৯৭

১ এপ্ৰিল ১৯৯৭-- ৩১ মাৰ্চ ২০০২

১ এপ্ৰিল ২০০২-- ৩১ মাৰ্চ ২০০৭

১ এপ্ৰিল ২০০৭-- ৩১ মাৰ্চ ২০১২

১ এপ্ৰিল ২০২-- ৩১ মাৰ্চ ২০১৭

২.০৫নিটি (NITI)আয়োগ   

    ২০১৪ চনত গঠিত নতুন কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা আয়োগ ঠাইত NITI আয়োগ গঠন কৰিছে NITI আয়োগ হ'ল ভাৰতবৰ্ষৰ ৰুপান্তৰণৰ বাবে ৰাষ্ট্ৰীয় অনুষ্ঠান (National institution for transfroming India Aayog or NITI)। প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনত দেশবাসীক উদ্দেশ্য়ি দিয়া স্বাধীনতা দিৱসৰ ভাষণত এই সিদ্ধান্ত ঘোষণা কৰিছিল। ২০১৫ চনৰ ১ জানুৱাৰী দিনা পৰিকল্পনা নআয়োগৰ ঠাইত NITI আয়োগ গঠন কৰা হ'ল বুলি ঘোষণা কৰা হয়।৮ ফেব্ৰুৱাৰী ২০১৫ চনৰ দিনা NITI আয়োগৰ প্ৰথমখন বৈঠক দিল্লীত অনুষ্ঠিত হয়। NITI আয়োগৰ অধ্য়ক্ষ হ'ল প্ৰধানমন্ত্ৰী। আয়ওগৰ অন্য়ান্য় সদস্য়সকল হ'ল এজন উপাধ্য়ক্ষ, ৰাজ্য়সমূহৰ মুখ্য়মন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ-ৰাজ্য়পালসকল ৪ গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয় মন্ত্ৰী, মুখ্য় কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।

NITI আয়োগৰ সমিতিখনৰ গাঁথনি--  অধ্য়ক্ষ: প্ৰধনমন্ত্ৰী  উপাধ্য়ক্ষ: প্ৰধনমন্ত্ৰীৰ দ্বাৰা নিযুক্তি। পূৰ্ণকালীণ সদস্য়: তিনজন বিশেষজ্ঞ। অংশকালীণ সদস্য়: দুজন। পদেন সদস্য়: সৰ্বোচ্চ চাৰিজন কেন্দ্ৰীয় মন্ত্ৰী। মুখ্য় কাৰ্যবাহী বিষয়া: এজন ভাৰতীয় প্ৰশাসনিক বিষয়া। পৰিচালনা পৰিষদ: মুখ্য়মন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাষিত অঞ্চলৰ উপ-ৰাজ্য়পালসকলৰ।

২.০৬ গণতান্ত্ৰীক পৰিকল্পনা :

    যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় সোই পৰিকল্পনাই হ'ল গণতান্ত্ৰীক পৰিকল্পনা। এই পৰিকল্পাত সিন্ধান্তসমূহ ওপৰৰপৰা জাপি দিয়া নহয়। এই পৰিকল্পনা ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ সৈতে জড়িত। ভাৰতীয় প্ৰশাসণ ব্য়ৱস্থাত তিনিটা স্তৰ আছে-- কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য় চৰকাৰ আৰু স্থানীয় নিকায়সমূহ (যেনে পঞ্চায়ত আৰু নগৰ পালিকা)- এই তিনিওটা স্তৰতেই আলাপ-আলোচনাৰ মাজেৰে পৰিকল্পিত উন্নয়নৰ লক্ষ্য়সমূহ নিৰ্ধাৰণ আৰু আঁচনিসমূহ চিনাক্ত কৰা হয়। এই তেনেওটা পৰ্যায়ত ৰাইজৰ প্ৰতিধিসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগীয়ৈা হয়। প্ৰশাসণ ব্য়ৱস্থাৰ একেবাৰে নিম্ন পৰ্যায়তো ৰাইজ প্ৰতিনিধিসকল স্থানীয় অভাৱ- অভিযোগ ভিত্তিত পৰিকল্পনা তৃৰ্ণমূল পৰ্যায়ত পৰিকল্পনা বুলি অভিহিত কৰিব পৰি। 

২.০৭ ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনা :

    ছয় দশতকৈ অধিক সময় সামৰি লোৱা ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ বাখ্য়া দুটা ভাগত আগবঢ়াব পাৰি : প্ৰথমে ১১৯৫০-৫১ চনৰপৰা ১৯৯০-৯১ চনলৈ আৰু দ্বিতীয়তে ১০৯১-৯২চনৰ পৰা বৰ্তিমানলৈ।

    ১৯৫০-৫১ চনৰপৰা ১৯৯১-৯১ চনৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ গুৰিবঠা ধৰিছিল ৰাজহুৱা খণ্ডই; ব্য়ক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ। উল্লেখযোগ্য় যে গুৰিৰেপৰা ভাৰতবৰ্ষৰ পৰা আৰ্থিক ব্য়ৱস্থা হৈছে মিশ্ৰিত আৰ্থিক ব্য়ৱস্থা। যি আৰ্থিক ব্য়ৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্য়ক্তিগত খণ্ডৰ সহাৱস্থান হয়, সেই আৰ্থিক ব্য়ৱস্থাই হ'ল মিশ্ৰিত আৰ্থিক ব্য়ৱস্থা। ভাৰতীয় পৰিকল্পনা প্ৰথমছোৱা সময়ত ৰাজহুৱা খণ্ডৰ তুলণাত ব্য়ক্তিগত খণ্ডৰ গুৰুত্ব কম আছিল। ভাৰতবৰ্ষৰ ঔদ্য়োগিক নীতিয়ে সমাজবাদী সমাজ (Socialistic pattern of Society) প্ৰতিষ্ঠা কৰাটো এখ প্ৰধান লক্ষ্য় হিচাপে গ্ৰহণ কৰিছিল। স্বাভাৱিকতেই অৰ্থনৈতিক উন্নয়ত ৰাষ্ট্ৰৰ ভূমিকা প্ৰধৈান্য় লাভ কৰিছিল। এই সময়ছোৱা ভাৰতীয় অৰ্থনীতিৰ মূল লক্ষ্য়সমূহ আছিল: (১) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষ্ৰিপ্ৰ কৰি তোলা, (২) আধুনিক প্ৰযুক্তিবিদ্য়া প্ৰয়োগৰ ওপৰত গুৰিত্ব প্ৰদান কৰা,(৩) আত্মনিৰ্ভশীলতা অৰ্জন কৰা আৰু (৪) সামজিক ন্য়ায় প্ৰতিষ্ঠা কৰা। দুবাৰকৈ সীমান্তন সংঘটিত হোৱা যুদ্ধ (১৯৬১-৬১ চনত চীন দেশৰ সৈতে আৰু ১৯৬৫ চনত পাকিস্তান সৈতে হোৱা যোদ্ধ), সময়ে সময়ে দেখা দিয়া অনাবৃষ্টি আৰু ৰাজনৈতিক দৃশ্য়পট পৰিৱৰ্তন ফলত ভাৰতীয় অৰ্তনৈতিক উন্নয়নৰ হাৰ আশানুৰুপ নহ'ল। এই সময়ছোৱাত ঘৰুয়া জাতীয় আয় বৃদ্ধিৰ হাৰ গড় হিচাপত ৩.৫ শতাংসহে আছিল। অৱশ্য়ে জাতীয় উৎপাদনলৈ সেৱা খণ্ড (বেংক, বীমা, পৰিবহন, ব্য়ৱসায় ইত্য়াদি)ৰ বৰঙণি বৃদ্ধি হ'ল। এই বৰঙণিৰ পৰিমাণ ১৯৫০-৫১ চনৰ ২৮ সতাংশৰপৰা ১৯৯১-৯১ চনত ৪০.৫ শতাংশ হ'লগৈ। অৰ্থাৎ কৃষিৰ ওপৰত নিৰ্ভশীলতা কিছু পৰিমাণে হ্ৰাস হ'ল। এই সময়ছোৱাত কৃষিৰ বৰঙণি ৫৯ শতাংশৰ পৰা ৩৪.৯ শতাংশলৈ কমি আহিল। ষাঠি দশকৰ মাজভাগত ভাৰতবৰ্ষত সেউজ বিপ্লৱ (Green Revolution)ৰ সূচনা কৰা হয়। আধুনিক প্ৰযুক্তি বিদ্য়া প্ৰয়োগ কৰি  কৃষি খণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধিয়ে হ'ল সেউজ বিপ্লৱ। অৱশ্য়ে এই বিল্পৱৰ প্ৰভাৱ কেইমান ৰাজ্য় (পঞ্জাব, হাৰিয়ানা) আৰু কেইবাখনমান শষ্য় (ধান আৰু ঘেঁহু)তেই সীমাবদ্ধ আছিল।

 ভাৰতবৰ্যৰ পৰিকল্পনা অৰক্থনৈতিক উন্নয়নৰ দ্বিতীয়ছেৱা ১৯৯১-৯২ চনৰপৰা বৰ্তমান সামৰি লৈছে মন কৰিব লগিয়া যে এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধিত হ'ল। উদাৰীকৰণ, ব্য়ক্তিগতকৰণ আৰু গোলকীকৰণ বা বিশ্বায়ণনৰ গুৰুত্ব বৃদ্ধি পালে আৰু ৰাজহুৱা খণ্ডৰ হ্ৰাস পালে এই তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তনৰ তিনিটা মূল কাৰণ আছে। প্ৰথম, চৰকাৰী ব্য়য় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱাৰ বাবে বৃহৎ বিত্তীয় ঘাঠিয়ে দেখা দিছিল ৰাজহুোৱা খণ্ডৰ উদ্য়োগসমূহত চৰকাৰী বিনিয়োগৰ পৰিমান বৃদ্ধি কৰা হৈছিল যদিও তেন ভালেমান উদ্য়োগে লোকচান ভৰা উদ্য়োগৰ ভিতৰত ৫৮ টাই ৰুগ্ন হৈ পৰিছিল। দ্বিতীয়তে, প্ৰধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্ৰাস্ফীতি বা সা-সামগ্ৰীৰ নেৰানেপেৰা মূল্য়বৃদ্ধিয়ে বিশেষকৈ সমাজৰ দূৰ্বল শ্ৰেণীৰ লোকক বাৰুকৈয়ে জৰুলা কৰিছিল। তৃতীয়তে, ১৯৯০-৯১ চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্য়ৰছবিখন ভয়াৱহ হৈ পৰিছিল। নিম্নগামী ভাৰতকীয় অৰ্থনৈতিকলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে, ভাৰতীয় অৰ্থনীতিৰ পৰা মুলধনৰ বহিৰ্গমন হৈছিল। এনে এক দুৰ্যোগপূৰ্ণ সময়ত বিশ্ব বেংকেও পৰামৰ্শ আগবঢ়ালে যে ভাৰতীয় অৰ্থনীতিৰ গাঁথনিমূলক পৰিৱতন হ'ব লাগে। এনে এক পটভূমিটেই সেই সময়ত পি ভি নৰসিংহ ৰাও নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অএৰ্থনৈতিক সমস্কাৰ কাৰ্যসূচী প্ৰৰ্তন কৰিলে। এই কাৰ্যসূচীয়ে উদাৰীকৰণ, ব্য়াক্তিগতকৰণ আৰু গোলকীকৰণ বা বিশ্বায়নৰ কাৰ্যসূচীক উদ্গনি যোগাইছিল। 

    অৰ্থনৈতিক সংস্কাৰ অংশ হিচাপে যিবোৰ কাৰ্যসূচী এতিয়ালৈকে গ্ৰহণ কৰিছে সেইবোৰৰপৰা কিছু সুফল নাই পোৱা বুলি ক'লে ভূল কৰা হ'ব। প্ৰথম অৰ্থনৈতিক উন্নয়ন হাৰ বৃদ্ধি হৈছে। প্ৰকৃততে ২০০৫-০৬, ২০০৬-০৭ আৰু ২০০৭-০৮ চনত বাৰ্ষিক উন্নয়ন হাৰ আছিল যথাক্ৰমে ৯.৫ শতাংশ, ৯.৭ শতাংশ আৰু ৯.২ শতাংশ । ১৯৫১ চনৰেপৰা এতিয়ালৈকে ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ হাৰে পূৰ্বে এই উচ্চতা স্পৰ্শ কৰিব পৰপা নাছিল। ২০০৯-১০ চনৰ পৰা ২০১২-১৩  চনলৈ গড় হিচাপত বাৰ্ষিক উন্নয়ন হাৰ আছিল ৭.২ শতাংশ।

    দ্বিতীয়তে, পািইকাৰি মূল্য়সূচী পূৰ্বৰ তুলনাত হ্ৰাস হৈছে। অৱশ্য়ে খুচুৰা মূল্য়সূচী সেই একে হাৰত কমি অহা নাই।

    তৃতীয়তে, ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য় মুদ্ৰাৰ পৰিমান হৈছে। এই পৰিমান বৰ্তমান (pgneGF