উদ্ভিদৰ বিষয়ে জানো আহা           

তোমালোকৰ চৌদিশে থকা উদ্ভিদসমূহ পৰ্যৱেক্ষণ কৰাচোন। তোমালোকে দেখিছানে যে কিছুমান উদ্ভিদ সৰু, কিছুমান বৰ ডাঙৰ, আনহাতে কিছুমান আকৌ মাত্ৰ মাটিত পাৰি থোৱা সেউজীয়া দলিচা সদৃশ।

কিছুমান উদ্ভিদৰ পাতবোৰ সেউজীয়া, আন কিছুমান ৰঙচুৱা। কিছুমানৰ ডাঙৰ ডাঙৰ ৰঙা ফুল ফুলিছে, কিছুমানৰ পুলবোৰ ইষৎ নীলা, আনহাতে কিছুমান উদ্ভিদ আছে যিবোৰত ফুল নাথাকে। আমাৰ ঘৰত, বিদ্য়ালয়ৰ পথাৰত, বিদ্য়ালয়লৈ যোৱা পথৰ দাঁতিত আৰু উদ্য়ান বা বাগিছা আদিত আমি বিভিন্ন জাতৰ উদ্ভিদ দেখা পাওঁ, নহয়নে বাৰু?

আমি যিকোনো এজোপা উদ্ভিদৰ বিভিন্ন অংশৰ বিষয়ে জানো আহা। ই বিভিন্ন প্ৰকাৰৰ উদ্ভিদৰ মাজত থকা প্ৰাৰ্থক্য়ৰ বিষয়ে বুজি পোৱাত আমাক সহায় কৰিব।

তোমালোকে বাৰু চিত্ৰ ৭.১ ত দেখুওৱা উদ্ভিদ ডজোপাৰ কাণ্ড, ডাল, শিপা, পাত আৰু ফুলবোৰ চিনাকেত কৰিব পাৰিবানে?উদ্ভিদজোপাৰ অংশসমূহৰ ৰং কৰা।

ব'লাচোন আমি এতিয়া প্ৰকৃতিৰ মাজলৈ যাওঁ, বিভিন্ন উদ্ভিদৰ লগত বন্ধুত পাতোঁ আৰু সিহঁতক ওচৰৰ পৰা পৰ্যৱেক্ষণ কৰোঁ।

৭.১ তৃণ,গুল্মা আৰু বৃক্ষ

তলৰ উদ্ভিদবোৰৰ কাণ্ড আৰু ডালসমূহ ওচৰৰ পৰা পৰ্যৱেক্ষণ কৰা-

১। যিবোৰ উদ্ভিদ তোমাতকৈ বহু চাপৰ

২। যিবোৰ উদ্ভিদ তোমাৰ সৈতে প্ৰায় সমান ওখ আৰু

৩। যিবোৰ উদ্ভিদ তোমাতকৈ বহুতো ওখ

উদ্ভিদবোৰৰ কাণ্ড অংশ চুই চোৱা আৰু ই কোমল নে কঠিন চাবৰ বাবে কাণ্ড অংশ লাহেকৈ বেঁকা কৰিবলৈ চেষ্টা কৰি চোৱাচোন।

সাৱধান হ'বা যাতে কাণ্ডসমূহ ভাঙি নাযায়। কাম্ডবোৰ কিমান শকত চাবৰ বাবে ওখ গছসমূহক সাৱটি ধৰাচোন।

কিছুমান উদ্ভিদৰ ডালসমূহ ক'ৰ পৰা উৎপন্ন হয় তাকো লক্ষ্য় কৰাৰ প্ৰয়োজন আছে - এইবোৰ মাটিৰ ঠিক ওচৰৰ পৰা নে কাণ্ডৰ ওপৰ অংশৰ পৰা ওলাইছে মন কৰাচোন।

এতিয়া আমি পৰ্যৱেক্ষণ কৰা উদ্ভিদসমূহক তালিকা ৭.১ত দেখুৱাৰ দৰে বিভিন্ন ভাগত ভাগ কৰা। কিছুমান উদাহৰণ তাত দেখুওৱা হৈছে। আন আন উদ্ভিদৰ বাবে তোমালোকে স্তম্ভ ১, ২ আৰু ৩টো পূৰ কৰিব পাৰা। এই অধ্য়ায়টো পঢ়ি শেষ হোৱাৰ পিছত তোমালোকে স্তম্ভ ৪টোও পূৰ কৰিব পাৰিবা।

উক্ত বৈশিষ্ট্য়সমূহৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি- তৃণ, গুল্ম (জোপোহা) আৰু বৃক্ষ। চিত্ৰ ৭.৩ ত প্ৰত্য়েকৰে একোটাকৈ উদাহৰণ দেখুৱা হৈছে।

সেউজীয়া আৰু কোমল কাণ্ডৰ উদ্ভিদসমূহক তৃণ (herbs) বোলা হয়। সাধাৰণতে সিহঁত সৰু হয় আৰু বহুত ঠাল-ঠেঙুলি নাথাকিবও পাৰে।

কিছুমান উদ্ভিদৰ কাণ্ডৰ গুৰি অংশৰ পৰা ঠাল-ঠেঙুলি ওলায়। এনেধৰণৰ কাণ্ডবোৰ টান হ'লেও বৰ বেছি শকত নহয়। তেনে উদ্ভিদসমূহক গুল্ম (জোপোহা) (Shrubs) বোলে।

কিছুমান উদ্ভিদ ওখ হয় আৰু কাণ্ডবোৰ কঠিন আৰু শকত বাদামী ৰঙৰ হয়। মাটিৰ পৰা যথেষ্ট ওপৰত থকা কাণ্ডৰ ওপৰ অংশৰ পৰা ঠাল-ঠেঙুলি ওলায়। এনে উদ্ভিদসমূহক বৃক্ষ (Tree) বোলা হয়।

উক্ত বৈশিষ্ট্য়সমূহৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে প্ৰস্তুত কৰা তালিকাখনৰ উদ্ভিদসমূহক শুদ্ধকৈ শেণীবিভাগ কৰি তালিকা৭.১ ৰ স্তম্ভ ৪ টো পূৰ কৰিব পাৰিবানে?

যিবোৰ উদ্ভিদৰ কাণ্ড দুৰ্বল হোৱা বাবে থিয়কৈ থাকিব নোৱাৰে আৰু মাটিতহে বিস্তাৰিত হ'ব পাৰে তেনেবোৰ উদ্ভিদক লতাজাতীয় উদ্ভিদ (Creeper) বোলা হয়। আনহাতে যিবোৰ উদ্ভিদে ওচৰত থকা আন বস্তুৰ সহায় লয় আৰু ওপৰলৈ বগাই যায় তেনেবোৰ উদ্ভিদক আৰোঙী লতা (Climber) বোলা হয়। এইবোৰ উদ্ভিদ তৃণ, গুল্ম আৰু বৃক্ষৰ পৰা পৃথক। তোমালোকৰ বিদ্য়ালয় বা ঘৰৰ চৌহদত কিছুমান উদ্ভিদ আছে যিবোৰৰ তোমালোকে নিশ্চয় যত্ন ল'ব পাৰা। তোমালোকৰ ঘৰ বা বিদ্য়ালয়ৰ চৌহদত থকা দুজোপা বৃক্ষ, গুল্ম, তৃণ বা এজোপা লতাজাতীয় গছৰ নাম লিখা।অলপ পানী, ৰঙা চিয়াঁহী, তৃণজাতীয় উদ্ভিদ আৰু এখন ব্লেডৰ আৱশ্য়ক।

এই গিলাচ এক তৃতীয়াংশ পানীৰে পূৰ কৰি লোৱা। কেইটোপালমান ৰঙা চিয়াঁহী পানীত মিহলাই দিয়া। এজোপা তৃণ জাতীয় গছৰ কাণ্ডৰ গুৰি অংশ কাটি লোৱা আৰু চিত্ৰ ৭.৫ ত দেখুওৱাৰ দৰে গিলাচত ডুবাই ৰাখা। পিছদিনা পৰ্যৱেক্ষণ কৰা।

তৃণজোপাৰ কোনো এখ অংশই ৰঙা ৰং ধাৰণ কৰিছেনে? যদিহে কৰিছে, তোমালোকে কি ভাবা- কেনেকৈ ৰং গৈ সেইখিনি পালেগৈ?

তোমালোকে কাণ্ডটো পথালিকৈ পাতলকৈ কাটিলে কাণ্ডৰ ভিতৰত ৰঙা ৰঙৰ উপস্থিত দেখিবলৈ পাবা।

এই ক্ৰিয়াকলাপটোৰ পৰা আমি দেখা পালোঁ যে কাণ্ডৰ মাজেৰে পানী ওপৰলৈ গতি কৰে। অৰ্থাৎ কাণ্ডই পৰিবহণ কৰায়। ৰঙা চিয়াঁহখিনিৰ দৰে পানীত দ্ৰৱীভূত হৈ থকা খনিজ পদাৰ্থ পানীৰে সৈতে কাণ্ডৰ ওপৰলৈ গতি কৰে। কাণ্ডত থকা ঠেক নলীকাৰ মাজেদি পানী আৰু খনিজ পদাৰ্থ পাত আৰু কাণ্ডৰ লগত সংলগ্ন হৈ থকা উদ্ভিদৰ আন অংশসমূহলৈ যায়।

প্ৰহেলিকাই বগাফুল থকা এবিধ তৃণজাতীয় উদ্ভিদৰ সৈতে ক্ৰিয়াকলাপটো কৰিচিল। তাই বগাফুলৰে সৈতে থকা এটা ডাল (ক) পানী থকা গিলাচত ৰাখিছিল আৰু তাৰ পানীত কেইটোপালমান ৰঙা চিয়াঁহী যোগ কৰিছিল। তাই অন্য় এডাল সৈতে আন এটা ডালৰ সৈতে আন এটা আমোদজনক কাম কৰিছিল। তাই ডালটো দীঘলে আধালৈ দুটাভাগত ভাগ কৰি ডালৰ এটা মূৰ গিলাচ (খ) ত আৰু আনটো মূৰ গিলাচ (গ) ত সুমুৱাই দিছিল। তাই (খ) গিলাচটোত কেইটোপালমান ৰঙা চিয়াঁহী আৰু (গ) গিলাচটোত নীলা চিয়াঁহী মিহলাই দিছিল। তাই অনুমান কৰি চাব বিচাৰিছিল যে (ক) গিলাচৰ ফুল আৰু একেলগে (খ) আৰু (গ) গিলাচত দিয়া ফুলৰ মাজডত কিবা পৰিৱৰ্তন হয় নেকি?

ক্ৰিয়াকলাপ ২ত যেতিয়া ডালটো তুমি পথালিকৈ কাটিছিলা তেতিয়াৈ তুমি কিছুমান ৰঙা ৰঙৰ ফুট ঘূৰণীয়া আকাৰত কাণ্ডৰ ভিতৰত দেখা পাইছিলানে? এই কথাখিনিয়ে প্ৰহেলিকাই পোৱা ফলাফলৰ ব্যাখ্য়া দাঙি ধৰে নেকি বাৰু?

৭.৩ পাত

তোমালোকৰ চৌপাশে থকা উদ্ভিদসমূহৰ পাতবোৰ পৰ্যৱেক্ষণ কৰা আৰু সেইবোৰ তোমাৰ টোকাবহীত অংকন কৰা। সকলোবোৰ পাতৰ আকাৰ আকৃতি আৰু ৰং একে হয় নে?

সিহঁতে কেনেকৈ কাণ্ডৰ লগত সংলগ্ন হৈ থাকে পাতৰ যি অংশৰ জৰিয়তে পাত কাণ্ডত লাগি থাকে সেই অংশটোক ফলক (Lamina) বোলা হয় হয়। তোমালোকৰ চৌপাশে থকা উদ্ভিদসমূহত পাতৰ এই অংশসমূহ চিনাক্ত কৰিব পাৰিবানে? সকলো পাতৰ ঠাৰি থাকেনে?

পাতৰ সাঁচ বহুৱাই ইয়াৰ বিষয়ে জানো আহা। যদি তোমালোকে ভাবিছা পাতৰ সাঁতটো ভালদৰে বহা নাই তেতিয়াহ'লে আন এটা ক্ৰিয়াকলাপৰ কথা ভাবোং আহা।

তোমালোকৰ টোকাবহীৰ বগা কাগজৰ তলত বা বগা কাগজ এখিলাৰ তলত পাত এখিলা থোৱা। চিত্ৰ ৭.৯ ত দেখুওৱাৰ দৰে পাতখিলা ধৰি ৰাখা। কাগজৰ যি অংশত পাতখিলা আছে সেই অংশখিনি তোমাৰ পেঞ্চিলডালৰ মূৰটো বেঁকাকৈ লৈ ঘঁহি দিয়া। তুমি ইয়াৰ সাচঁ বহাৰ কিছুমান ৰেখাৰ চিন দেকিছানে? এই চিনবোৰ পাতত থকাৰ দৰে এতেনে?

পাতৰ এই ৰেখাবোৰক সিৰা (vein) বোলা হয়। পাতৰ মাজত এডাল ডাঠ সিৰা দেখিছানে? এই সিৰাডালৰ মধ্য় সিৰা (Midrib) বোলা হয়। সিৰাবোৰে পাতত সৃষ্টি কৰা সাজোনক সিৰা বিন্য়াস (Leaf venation) বোলা হয়। মধ্য়াসিৰাৰ দুয়োফালে যদি এই সাজোন জালৰ জালৰ নিচিনাকৈ থাকে তেতিয়াহ'লে এই সাজোনক জালসিৰা বিন্য়াস (Reticulate venation) বোলা হয়। ঘাহঁৰ পাতবোৰত তোমালোকে এডাল সিৰাই আনডালৰ লগত সমান্তৰালভাৱে থকা দেখিবলৈ নিশ্চয় পাইছা? ইয়াকে সমান্তৰাল সিৰা বিন্য়াস (Parallel venation) বোলা হয়। উদ্ভিদৰ পৰা পাতখিলা নিছিঙাকৈ কিছুমান পাত তোমালোকে পৰ্যৱেক্ষণ কৰাচোন। তোমালোকে পাতৰ সাজোনবোৰ অংকন কৰা আৰু সমান্তৰাল বা জালসিৰা বিন্য়াস থকা কিছুমান উদ্ভিদৰ নাম কোৱা

এতিয়া আমি পাতে সম্পন্ন কৰা কিছুমান কামৰ বিষয়ে জানো আহা?

এই ক্ৰিয়াকলাপটোৰ বাবে আমাক এজোপা তৃণজাতীয় উদ্ভিদ, দুটা স্বচ্ছ পলিথিন মোনা আৰু অলপ সূতাৰ প্ৰয়োজন।

এই ক্ৰিয়াকলাপটো দিনৰ ভাগত ফৰকান বতৰত কৰিবা। সূৰ্যৰ পোহৰত গজা সুস্থ, সজীৱ আৰু ভালদৰে পানী পোৱা এজোপা উদ্ভিদ এই ক্ৰিয়াকলাপটোৰ বাবে নিৰ্বাচন কৰি লোৱাী। পাতেৰে পৰিপূৰ্ণ ডাল এটা পলিথিনৰ মোনাটোত সুমুৱাই মোনাটোৰ মুখখন ভালদৰে বান্ধি দিয়া। আন এটা পলিথিনৰ খালী মোনাৰ মুখখন ভালদৰে বান্ধা আৰু সূৰ্যৰ পোহৰত ৰাখা।

কেইঘন্টামানৰ ফিছত মোনা কেইটাৰ ভিতৰখন পৰ্যৱেক্ষণ কৰা। তোমালোকে কি দেখিলা? তাত তোমালোকে পানীৰ কণিকা দেখিবলৈ পাইছানে? কোনটো মোনাত এই পানীৰ কণিকা আছে? এইবোৰ তাত কেনেকৈ আহিল বুলি তোমালোকে ভাবা? (ক্ৰিয়াকলাপৰ পিছত পলিথিনৰ মোনাকেইটা আঁতৰাইবলৈ নাপাহৰিবা।)

পাতৰ পৰা বাষ্প আকাৰে পানী ওলাই অহা প্ৰক্ৰিয়াটোকে প্ৰচ্ছেদন (transpiration) বোলা হয়। উদ্ভিদে এই প্ৰক্ৰিয়াটোৰ দ্বাৰা যথেষ্ট পৰিমাণৰ পানী বায়ুমণ্ডললৈ উলিয়াই দিয়ে। আমি ইয়াৰ বিষয়ে অধ্য়ায় ১৪ত বৈছিকৈ জানিবলৈ পাম।

আমি পাতবোৰৰ চাৰিওফালে মোনাটো কিয় বান্ধি দিলোঁ? আমি আন উপায়েৰে উদ্ভিদৰ পৰা প্ৰস্বেদন প্ৰক্ৰিয়াৰে পানী ওলাই যোৱা দেখিলোহেঁতেন নে? কিহে পানীৰ উদ্ভৱ কৰালে? অধ্য়ায় ৫ত বিভিন্ন ক্ৰিয়াকলাপৰ জৰিয়তে পানীৰ বিভিন্ন অৱস্থাৰ বিষয়ে লক্ষ্য় কৰিছিলা। সেইবোৰৰ পৰা পলিথিৰ মোনাটোত কেনেদৰে পানী উদ্ভাৱন হ'ল তাক চিন্তা কৰি প্ৰক্ৰিয়াটোৰ নাম ক'ব পাৰিবানে?

পাতৰ কিছুমান অন্য় কামো আছে। সেইবোৰ অধ্য়য়ন কৰোঁ আহা। এই ক্ৰিয়াকলাপটোৰ বাবে আমাক পাত এখিলা, স্পিৰিট, বিকাৰ, পৰীক্ষানলী, বাৰ্নাৰ, পানী, এখন প্লেট আৰু আয়'ডিল দ্ৰৱৰ প্ৰয়োজন।

এটা পৰীক্ষা নলীত এখিলা পাত সুমুৱাই লোৱা আৰু পাত খিলা সম্পূৰ্ণ ডুব যোৱাকৈ স্পিৰিট ঢালি দিয়া। এতিয়া পৰীক্ষা নলীটো আধালৈ পানীৰে পূৰ্ণ এটা বিকাৰত ৰাখা। পাতখিলাৰ সেউজীয়া ৰংটো পৰীক্ষা নলীৰ স্পিৰিটলৈ নহালৈকে বিকাৰটো গৰম কৰা। পাতখিলা সাৱধানেৰে উলিয়াই অনা আৰু পানীত ধুই লোৱা। পাতখিলা এখন প্লেটত ৰাখা আৰু পাতখিলাৰ ওপৰত আয়'ডিন দ্ৰৱ ঢালি দিয়া।

তোমালোকে কি পৰ্যাৱেক্ষণ কৰিলা? অধ্য়ায় ২ ত খাদ্য়ত বিভিন্ন পৰিপুষ্টিৰক উপস্থিতি চাবৰ বাবে কৰা পৰীক্ষাৰ পৰ্যৱেক্ষণৰ লগত তোমালোকে কৰা এই পৰ্য়ৱেক্ষণৰ তুলনা কৰাচোন এইটোৱে পাতত শ্বেতসাৰ থকাটো বুজায়নে?

অধ্য়ায় ২ ত আমি পালোঁ যে পাতলকৈ কটা আলু এচকলে শ্বেতসাৰৰ উপস্থিতি দেখুৱায়। আলুৱে উদ্ভিদ জোপাৰ অন্য় অংশৰ পৰা শ্বেতসাৰ পায় আৰু তাক সঞ্চয় কৰি ৰাখে। যি কি নহওক পাতে সূৰ্যৰ ৰশ্মি আৰু পাতত থকা সেউজীয়া পদাৰ্থৰ উপস্থিতিত সিহঁতৰ খাদ্য় প্ৰস্তুত কৰে। ইয়াৰ বাবে সিহঁতে পানী আৰু বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইড ব্য়ৱহাৰ কৰে। এই প্ৰক্ৰিয়াটোকে সালোক সংশ্লেষণ (Photo synthesis) বোলা হয়। এই প্ৰক্ৰিয়াত অক্সিজেন নিৰ্গত হয়। পাতে প্ৰস্তুত কৰা খাদ্য় উদ্ভিদৰ বিভিন্ন অংশত সঞ্চিত হৈ থাকে।

আমি কেনেকৈ জানিম যে উদ্ভিদৰ পাতেৰে শ্বেতসাৰ প্ৰস্তুত কৰে আৰু আন অংশৰ পৰা ইয়াক উদ্ভিদে নাপায়? এইটো পৰীক্ষা কৰিবৰ বাবে আগত ক্ৰিয়াটোকে সামান্য় সালসলনি ঘটাই পুনৰ কৰিব পাৰি।

সেউজীয়া পাতৰ সৈতে এজোপা টাবত হোৱা উদ্ভিদ এদিন বা দুদিনৰ বাবে এটা আন্ধাৰ কোঠাত থৈ দিয়া। এতিয়া এখিলা পাতৰ এটা অংশ ক'লা কাগজেৰে সম্পূৰ্ণকৈ মেৰিয়াই লোৱা আৰু উদ্ভিদজোপাক সূৰ্যৰ পোহৰত এদিনৰ বাবে ৰাখা। এতিয়া পাতখিলাৰ পৰা ক'লা কাগজখন এৰুৱাই দিয়া আৰু শ্বেতসাৰৰ বাবে পৰীক্ষাটো পুনৰাই কৰা।

তোমালোকে তাত কি দেখিলা? পাতখিলাৰ কোন অংশই শ্বেতসাৰৰ উপস্থিতি দেখুৱালে? এই পৰীক্ষাটোৰ পৰা তোমালোকে সূৰ্যৰ পোহৰৰ উপস্থিতিত পাতে যে শ্বেতসাৰ প্ৰস্তুত কৰে বুজিলানে?

আমি দেখিলোঁ যে কাণ্ডই পাতক পানী যোগান দৰে। পাতে প্ৰস্বেদনৰ জৰিয়তে পানী এৰিও দিয়ে। কাণ্ড আৰু পাতে পানী কেনেকৈ পায়? ইয়াতে শিপাৰ কথা আহি পৰে।

৭.৪ শিপা

চিত্ৰ ৭.১৩ চোৱা। উদ্ভিদত কোনে পানী শুদ্ধভাৱে দিয়া বুলি তোমালোকে ভাবা, প্ৰহেলিকা নে প্ৰজ্ঞানে? কিয় বাৰু?

উদ্ভিদৰ কোন অংশ মাটিত থাকে? তলৰ ক্ৰিয়াকলাপৰ পৰা এই বিষয়ে আমি আৰু অলপ বেছিকৈ শিকোঁ আহা।

তোমালোকক দুটা টাব, অলপ মাটি, খন্তি (মাটি খান্দিবলৈ) ব্লেড বা এখন কেঁচী আৰু পানীৰ আৱশ্য়ক হ'ব। এই ক্ৰিয়াকলাপটো ৪-৫ জনীয়া ছাত্ৰ- ছাত্ৰীৰ দলত কৰিবা।

মুকলি পথাৰৰ পৰা দুজোপ একেধৰণৰ অপতৃণ মাটিৰ পৰা খান্দি উলিয়াই আনা। সাৱধান হ'বা যাতে সিহঁতৰ শিপাবোৰ ছিগি নাযায়। 'ক' টাবত এজোপা অপতৃণ ৰুই লোৱা। আনজোপা অপতৃণ শিপাখিনি কাটি লোৱা আৰু 'খ' টাবত ৰুই নিয়মতে পানী দিয়া আৰু এসপ্তাহৰ পাছত উদ্ভিদ দুজোপা লক্ষ্য় কৰা। দুয়োজোপা উদ্ভিদেই সজীৱ হৈ আছেনে?

দুয়োজোপ উদ্ভিদকে সমানে পানীদিয়া হৈছিল, কিন্তু এজোপা উদ্ভিদত শিপা নাছিল নহয়নে? এই ক্ৰিয়াকলাপে শিপাৰ এটা গুৰুত্বপূৰ্ণ কামৰ কথা বুজাত সহায় নকৰেনে?

শিপাৰ আন আন কামৰ বিষয়ে জানিবলৈ এটা ক্ৰিযাকলাপ কৰোঁ আহা- কপাহ, দুটা পাত্ৰ আৰু অলপ পানীৰ আৱশ্য়ক হ'ব।

দুটা পাত্ৰ লোৱা। পানীত তিওৱা কপাহ অলপ দুটা পাত্ৰত ৩ বা ৪ টা গোমধান আৰু আনটোত বুট থোৱা। যেতিয়ালৈকে বীজ কেইবিধৰ গজালি ওলাই নতুন পোখা নেমেলে তেতিয়ালৈকে কপাহ কেইডোখৰত পানী ছটিয়াই তিয়াই ৰাখিবা। এসপ্তাহৰ পিছত এই পুলিবোৰ কপাহৰ পৰা পৃথক কৰিবলৈ চেষ্টা কৰা।

কপাহৰ পৰা শিপাক পৃথক কৰাটো সহজ আছিলনে? কিয়?

ক্ৰিয়াকলাপ ৬ ত আমি মাটিৰ পৰা সহজে গছবোৰ উঘালি আনিব পৰা নাছিলোঁ। নহয়নে? আমি সিহঁতক খান্দিহে উলিয়াইছিলোঁ। শিপাবিলাকে উদ্ভিদজোপাক মাটিত টানকৈ খামুচি ধৰাত সহায় কৰে। এইবোৰক উদ্ভিদ আৰু মাটিৰ মাজৰ সংযোগ স্থাপকাৰী বুলি জনা যায়।

তোমালোকে দেখিলা যে উদ্ভিদৰ বিভিন্ন ধৰণৰ কাণ্ড আৰু পাত আছে। শিপাবোৰেও এনেবোৰ বৈচিত্ৰ্য় দেখুৱায়নে? চাওঁ আহা।

সাৱধঝানেৰে চিত্ৰ ৭.১৬ (ক) আৰু (খ) অধ্য়য়ন কৰা। এতিয়া কপাহৰ পৰা উলিয়াই অনা বুটমাহৰ শিপাখিনি চোৱা। চিত্ৰ ৭.১৬ (ক) বা ৭.১৬ (খ) ত দেখুওৱা শিপাৰ কোন বিধৰ লগত মিল আছে?

গোমধানৰ শিপাবোৰ কেনেকুৱা? চি৬ৰ সৈতে শিপাবোৰ মিলাই চাই কোনজোপা বুটমাহৰ আৰু কোনজোপা গোমধানৰ -খালী ঠাইত লিখা।

বুটমাহ আৰু গোমধানৰ শিপাবোৰৰ কোনক্ষেত্ৰত ম্ল আছে? কোনক্ষেত্ৰত সিহঁতৰ পাৰ্থক্য় আছে? ইয়াৰ পৰা বুজা গ'ল যে দুই প্ৰকাৰৰ শিপা আছে, নহয় নে? আৰু আনধৰণৰ শিপা আছে নেকি? বিচাৰি চাওঁ আহা।

বহুতো ঘাঁহ-বন গজি থকা মুকলি পথাৰলৈ গৈ কেইজোপামান অপতৃণ উঘালি আনা। শিপাত লাগি থকা মাটিবোৰ ধুই লোৱা আৰু পৰ্যৱেক্ষণ কৰা। তোমালোকে উঘালি অনা অপতৃণবোৰৰ শিপাবোৰ চিত্ৰ ৭.১৭ (ক) ৭.১৭ (খ) ৰ নিচিনা হয়নে?

৭.১৭ (ক) চিত্ৰৰ দেখুৱা শিপাবোৰৰ প্ৰধান শিপাডালক মুখ্য় মূল বা ঘাই শিপা বোলা হয় আৰু আন সৰু সৰু শিপাবোৰক পাৰ্শ্বীয় শিপা (Lateral root) বোলা হয়। ৭.১৭ চিত্ৰত দেখুওৱাৰ উদ্ভিদজোপাত কোনো মুখ্য় শিপা একে আৰু সিহঁতক গুচ্ছমূল (Fibrous root) বোলা হয়।

তুমি সংগ্ৰহ কৰা শিপাবোৰ দুটা ভাগত ভাগ কৰি লোৱা। এটা ভাগত (ক) মুখ্য় মূল থকা উদ্ভিদবোৰ আৰু (খ) আনটো ভাগত গুচ্ছ মূল থকা উদ্ভিদবোৰ ৰাখা। এতিয়া (ক) ভাগত থকা উদ্ভিদৰ পাতবোৰ নিৰীক্ষণ কৰা। এইবোৰ উদ্ভিদৰ সিৰা বিন্য়াস কেনেকুৱা আৰু (খ) ভাগত থকা উদ্ভিদৰ পাতবোৰৰ সিৰা বিন্য়াস কেনেধৰণৰ নিৰীক্ষণ কৰা।

পাতৰ সিৰা বিন্য়াসৰ লগত যে শিপাৰ প্ৰকাৰৰ এক ঘনিষ্ঠ সম্পৰ্ক আছে তাক তোমালোকে মন কৰিছানে? এতিয়ালৈকে কৰা ক্ৰিয়াকলাপবোৰৰ জৰিয়তে তালিকা ৭.২ ত দিয়া পাতৰ সিৰা বিন্য়াস আৰু শিপাৰ প্ৰকাৰ মিলাব পাৰিবানে?

আমি শিকিলোঁ যে শিপাই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰে আৰু কাণ্ডই পাত আৰু উদ্ভিদৰ আন অংশলৈ ইয়াক পৰিৱাহিত কৰে। পাতে খাদ্য় প্ৰস্তুতকৰে। কাণ্ডৰ মাজেৰে খাদ্য়বোৰ পৰিৱাহিত হয় আৰু তাৰ এটা অংশ উদ্ভিদৰ বিভিন্ন অংশৰ সঞ্চিত হৈ থাকে। আমি সেইবোৰৰ কিছুমান যেনে-গাজৰ, মূলা, মিঠা আলু ছালগোম আৰু শিমলু আলু খাওঁ। আমি উদ্ভিদৰ আন আন অংশও খাওঁ য'ত খাদ্য় সঞ্চিত হৈ থাকে।

কাণ্ডবোৰ যে দুইমুখীয়া ৰাস্তা সদৃশ সেই কথাষাৰত তুমি একমত নে? কি কি বস্তু কাণ্ডৰ মাজেৰে ওপৰলৈ পৰিৱাহিত হয় আৰু তললৈ নামি আহে সেইবোৰ বস্তুৰ নাম লিখা।

পিছৰ অধ্য়ায়ত তোমালোকে ফুলৰ গঠনৰ বিষয়ে পঢ়িবলৈ পাবা।

৭.৫ ফুল

চিত্ৰ ৭.১৯ ৰ (ক), (খ) ত তোমালোকক গোলাপৰ তিনিটা ডাল দেখুৱাও হৈছে। উদ্ভিদজোপাক মনত ৰখাত তোমালোকক আটাইতকৈ কোনটোৱে সহায় কৰিব?

চিত্ৰ ৭.১৯ ৰ ফুলৰ বাবে তুমি কি ৰং ব্য়ৱহাৰ

(ক) পাত নোহোৱা এটা ডাল

(খ) পাতৰ সৈতে এটা ডাল

(গ) পাত আৰু ফুলৰ সৈতে এটা ডাল

কৰিছিলা? সকলোবোৰ ফুলৰে ৰং আছেনে? তোমালোকে বাৰু কেতিয়াবা তৃণজাতীয় উদ্ভিদ, ঘেঁহু, গোমধান, আম বা মধুৰি-আমৰ ফুল দেখিছানে? যদিহে তোমালোকে এনেবোৰ উদ্ভিদৰ ফুল দেখিছানে, তেতিয়াহ'লে সিহঁতবোৰ বাৰু উজ্জ্বল ৰঙৰ নে? 

     আহা আমি কিছুমান ফুল গভীৰভাৱে অধ্য়ায়ন কৰোঁ। 

ফুলৰ বিষয়ে অধ্য়য়ন কৰোঁতে নাৰ্জী, ইন্দ্ৰমালতী বা সূৰ্যমূখী ফুলৰ বাদ দিবা। ওপৰৰ শ্ৰেণীত তোমালোকে শিকিবা যে এইবোৰ একোপাহ ফুল নহয়, কিন্তু বহু ফুলৰ সমষ্টিহে।  
 এই ক্ৰিয়াকলাপটোৰ বাবে আমাক ধতুৰা, জৱাফুল, সৰিয়হ, বেঙেনা, ভেন্দি বা কৃষ্ণচূড়া গছৰ যিকোনো এজোপাৰ ফুলৰ কলি আৰু দুটা সতেজ ফুলৰ লাগিব। লগতে এখন ব্লেড, এখন কাঁচৰ শ্লাইড বা এখিলা কাগজ, এখন বিৱৰ্ধক কাঁচ আৰু পানীৰ প্ৰয়োজন হ'ব। চিত্ৰ ৭.২০ টো সাৱধানেৰে পৰ্যৱেক্ষণ কৰা। ফুলি থকা ফুলৰ পাহৰ চকুত পৰা অংশসমূহ নিৰীক্ষণ কৰা। এইবোৰ হ'ল ফুলৰ পাহী (Petals)। বিভিন্ন ফুলৰ পাহিবোৰৰ ৰং বিভিন্।
 
তোমালোকে ভাবি চাইছানে এটা জাপ খাই থকা কলিৰ পাহিবোৰ ক'ত থাকে? এটা কলিৰ কোন অংশ আটাইতকৈ সুস্পষ্ট? এই অংশটোও যে পাত সদূশ সৰু আকৃতিৰে গঠিত তাক তোমালোকে লক্ষ্য় কৰিছানে? সিহঁতক বেটুপাত বা বৃতি (Sepals) বোলা হয়। এপাহ ফুলৰ লোৱা আৰু ইয়াৰ পাহি আৰু বেটুপাত পৰ্যৱেক্ষণ কৰা। এতিয়া তলত প্ৰশ্নলমূহৰ উত্তৰ দিয়াঃ
   
ফুল পাহৰ কেইটা বেটুপাত আছে?
  
 পাহিবোৰৰ আৰু বেটুপাতবোৰৰ ৰং কেনেকুৱা? 

    তোমালোকে ফুলপাহৰ কিমানটৈ পাহী আছে?
 
  সিহঁতবোৰে এটা আনটোৰ লগত সংলগ্ন সেইবোৰ ফুলৰ পাহিবোৰ পৃথক নে সংলগ্ন
  
 গোটেই শ্ৰেণীটোৰে পৰ্যৱেক্ষণৰ ওপৰত এখন তালিকা (তালিকা ৭.৩) প্ৰস্তুত কৰা। 
 
ফুলেৰে জাতিষ্কাৰ হৈ তকা তোমাৰ নিকতৱৰ্তী কোনো উদ্য়ান বা বাগিছাৰ ক্ষেত্ৰভ্ৰমণ কৰি তালিকাখন পূৰ কৰা। তালিকাৰ শেষৰ স্তম্ভ দুটা পাঠটো পঢ়ি শে, হোৱাৰ পিছতহে পূৰ কৰিবা।

 ফুলৰ ভিতৰ অংশ লক্ষ্য় কৰিবৰ বাবে পাহী সংলগ্ন ফুলপাহ কাটি লব লাগিব। উদাহৰণ স্বৰূপে ধতুৰা আৰু অন্য়ান্য় ঘন্টা আকৃতিৰ ফুলবোৰৰ বাবে পাহিবোৰ দীঘলকৈ কাটি এৰুৱাই ল'ব লাগে যাতে ভিতৰ অংশ স্পষ্টভাৱে দেখা পাব পাৰি। 

 ফুলৰ বাকী অংশসমূহ নিৰীক্ষণ কৰিবৰ বাবে বেটুপাত আৰু পাহিবোৰ এৰুৱাই লোৱা। চিত্ৰ ৭.২২ ক সাৱধানেৰে অধ্য়য়ন কৰা। তোমাৰ ফুলৰ ফুলপাহ উদাহৰণৰ সৈতে তুলনা কৰি চোৱা আৰু তোমাৰ ফুলৰপাহৰ পুংকেশৰ (Stamens)আৰু গৰ্ভকেশৰ (pistil) চিত্নাক্ত কৰা।  

 চিত্ৰ ৭.২৩ ক সাৱধানেৰে চোৱা। ইয়াত বিভিন্ন ফুলৰ থকা বিভিন্ন ধৰণৰ পুংকেশৰ দেখুওৱা হৈছে।
 তোমালোকে তোমাৰলোকৰ ফুল পাহৰ পুংকেশৰৰ দুয়োটা অংশ মনত ৰাখিবা পাৰিছানে? তোমাৰ ফুলৰ পাহত তোমাৰ ফুলপাহৰ গৰ্ভকেশৰৰ পৰিষ্কাৰ চিত্ৰ অংকন কৰি বিভিন্ন অংশসমূহ চিহ্নিত কৰা।

 আহা আমি এতিয়া ফুলৰ গৰ্ভাশয়ৰ (ovary) গঠনৰ বিষয়ে অধ্য়য়ন কৰোঁ। ই গৰ্ভাশয়ৰ একেবাৰে তলৰ আৰ ফোপোলা অংশ। আমি ইয়াৰ ভিতৰফালটো অধ্য়য়ন কৰিবৰ বাবে কাটোঁ আহা। ফুলৰ গৰ্ভাসয় সাৱধানে কেনেদৰে ছেদ কৰিব লাগে তাৰ বাবে চিত্ৰ ৭.২৫ (ক) আৰু (খ) নিৰীক্ষণ কৰা। 
 
 বেলেগ বেলেগ ফুলৰ পৰা দুটা গৰভাশয় লোৱা। চিত্ৰ ৭.২৫ ত দেখুৱাৰ দৰে সিহঁতক দুটা বেলে ধৰণেৰে কাটা। শুকাই য়োৱাৰ পৰা গৰ্ভাশয় দুটা ৰক্ষা কৰিবৰ বাবে তোমালোকে কটা প্ৰতিটো গৰ্ভাশয়ত একোপালকৈ পানী দি লোৱা।

 বিৱৰ্ধক কাঁচ (magnifying lens) ব্য়ৱহাৰ কৰি গৰ্ভাশয়ৰ ভিতৰখন নিৰীক্ষণ কৰা। তোমালোকে গৰ্ভাশয়ৰ ভিতৰত সৰু সৰু মণি আকৃতিৰ কিছুমান গঠন লক্ষ্য় কৰিছানে? সিহঁতৰ ডিম্বক (ovules) বোলা হয়। তোমালোকে টোকাবহীত গৰ্ভাশয়ৰ ভিতৰৰ অংশসমূহ অংকন কৰি চিহ্নিত কৰা। 

 তোমালোকৰ ক্ষেত্ৰ ভ্ৰমণত মালী বা অন্য় ব্য়ক্তিক সুধি তোমালোকে দেখা ফুলবোৰৰ নাম জানি ল'বা। মনত ৰাখিবা, তোমালোকৰ প্ৰয়োজনতকৈ অধিক ফুল নিছিঙিবা। তালিকা ৭.৩ খন পূৰ কৰা আৰু তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। 
  
 সকলোবোৰ ফুলৰে বেটুপাত, পাহি, পুংকেশৰ আৰু গৰ্ভকেশৰ আছেনে? কিছুমান ফুলৰ কোনো এটা অংশ নাই নেকি? এই অংশসমূহৰ উপৰিওকিছুমান ফুলৰ বেলেগ কিবা অংশ আছে নেকি?
 
 তোমালোকে আৰু এনেকুৱা ফুল দেখিছানে যাৰ বেটুপাতৰ সংখ্য়া আৰু পাহিৰ সংখ্য়া বেলেগ বেলেগ? 
 
 এতিয়া বাৰু তোমালোকে বুজি পালানে যে ফুলৰ গঠন সদায় একে নাথাকে? বিভিন্ন ফুলৰ বাবে বেটুপাত, পাহি, পুংকেশৰ  আৰু গৰ্ভকেশৰৰ সংখ্য়াও বিভিন্ন হয়। কেতিয়াবা এই অংশবোৰৰ কোনো এটা অংশ নাথাকিবও পাৰে।

 আমি পাত, কাণ্ড আৰু শিপাৰ কিছুমান বৈশিষ্ট্য় আৰু কামৰ বিষয়ে অধ্য়য়ন কৰিলোঁ। আমি ফুলৰ বিভিন্ন অংশৰ বিষয়েও শিকিলোঁ। ওপৰৰ শ্ৰেণীত আমি পুলৰ কামৰ বিষয়ে পঢ়িবলৈ পাম। ওপৰৰ শ্ৰেণীত আমি ফল-মূলৰ বিষয়েও পঢ়িবলৈ পাম।


Class 6 Science
Type: Dimi Bora