গাণিতিক চিহ্নৰ ব্য়ৱহাৰ 


< বা > 

    এই < বা  এই চিনটো সংখ্য়াৰ সৰু ডাঙৰ তুলনা কৰিবলৈ ব্য়ৱহাৰ কৰা হয়। এই >চিনটোৰ বহল পিনে ডাঙৰ সংখ্য়াটো লিখা হয় আৰু জোঙা পিনে সৰু সংখ্য়াটো লিখা হয়। যেনে - ডাঙৰ >সৰু বা সৰু <ডাঙৰ। এই  চিনটো ইংৰাজীত 'Less than' বুলি কোৱা হয় আৰু এই >চিনটোক ইংৰাজীত 'Greater than' বুলি কোৱা হয়।


    এই চিনৰ সহায়ত একে সমান সংখ্য়াবোৰ লিখা হয়। যেনে ১০ = ১০ বা ২০০ = ২০০। এই চিনটোক ইংৰাজীত Equal বুলি কোৱা হয়।


≧ 

    এই চিনটোৰ সহায়ত ডাঙৰ আৰু সমান একেলগে বুজোৱা হয়। অৰ্থাৎ কোনো এটা চলকৰ মান কোনো এটা সংখ্য়াত কৈ ডাঙৰো হ'ব পাৰে অথবা সমানো হ'ব পাৰে, এনেদৰে বুজাবলৈ এই চিন ব্য়ৱহাৰ কৰা হয়। যেনে X ৰ মান ৫ হ'ব অথবা তাতকৈ ডাঙৰ হ'ব বুজবলৈ এনেদৰে X ≧ 5 লিখা হয়। ইয়াক ইংৰাজীত 'Greater than or Equal' বুলি কোৱা হয়।


    এই চিনটোৰ সহায়ত সৰু আৰু সমান একেলগে বুজোৱা হয়। অৰ্থাৎ কোনো এটা চলকৰ মান কোনো এটা সংখ্য়াত কৈ সৰু ও হ'ব পাৰে অথবা সমানো হ'ব পাৰে, এনেদৰে বুজাবলৈ এই চিন ব্য়ৱহাৰ কৰা হয়। যেনে X ৰ মান ৫ হ'ব অথবা তাতকৈ সৰু হ'ব বুজাবলৈ এনেদৰে X ≦ 5 লিখা হয়। ইয়াক ইংৰাজীত 'Less than or Equal' বুলি কোৱা হয়।


    এই চিনটোৰ সহায়ত সৰহ সংখ্য়ক অংকৰ যোগফল হিচাপ কৰা হয়। সাধাৰণতে ইয়াক বাৰংবাৰতাৰ ক্ষেত্ৰত ব্য়ৱহাৰ কৰা হয়। বাৰংবাৰতাৰ তালিকাত মধ্য়মানক X আৰু বাৰংবাৰতাক f ধৰি বাৰংবাৰতা আৰু মধ্য়মানৰ পুৰণফলসমূহ যোগ কৰিবলৈ এই চিনৰ ব্য়ৱহাৰ কৰা হয়। ইয়াক এনেদৰে ∑fX লিখা হয়। ইয়াক ইংৰাজীত 'Summation' বুলি কোৱা হয়।

- Hiru Moni Bora