পৰিৱৰ্তন ঘটোৱাৰ বাবে অন্য় উপায় আছেনে

 মাটি খান্দিবৰ বাবে ব্য়ৱহাৰ কৰা সজুলিবোৰ আমি সকলোৱে দেখিছো। তোমালোকে বাৰু এই সজুঁলিবোৰত লোৱা ফলকখন কাঠৰ নালডালত কেনেকৈ লগায় কেতিয়াবা দেখিছানে? 

  এই সজুঁলিবোৰৰ লোক ফলকখনত এটা আঙুঠি থাকে য'ত কাঠৰ নালডালতকৈ আকাৰত সামান্য় সৰু হয়। কাঠৰ নালডাসৰ লগাবলৈ, এই আঙুঠিটো গৰম কৰা হয় আৰু আঙুলিটো আকাৰত সামাস্য় ডাঙৰ হৈ পৰে (লোৰ প্ৰসাৰণৰ বাবে)। এতিয়া নালডাল আঙুঠিতো সহজে খাপ খাই পৰে। যেতিয়া আঙুঠিচো ঠাণ্ডা হয় তেতিয়া ই সংকৃচিত হয় আৰু নালডালত টানকৈ লাগি ধৰে। 

  চিত্ৰ ৬.৭ত দেখুওৱা ধৰণে গৰু গাড়ীৰ কাঠৰ চকাত ধাতুৰ ঘেৰ লগাবলৈও এনেকুৱা ধৰণৰ পৰিৱৰ্তন কামত লগোৱা হয়। এইক্ষেত্ৰতো কাঠৰ চকাটোতকৈ ধাতুৰ ঘেৰটো সামান্য় সৰুকৈ তৈয়াৰ কৰা হয়। গৰম কৰিলে ঘেৰটোৰ ওপৰত চেচাঁ পানী ঢালি দিলে ধাতুৰ ঘেৰটোৰ সংকোচন হয় আৰু চকাটোত টানকৈ লাগি ধৰে।  

  যোতিয়া আমি এটা চচ্পেনত পানী গৰম কৰোঁ, ই কিছু সময় পাছত উলতিবলৈ ধৰে। যদি আমি আৰু গৰম কৰি থাকোঁ, তেতিয়াহ'লে চচ্পেনত থকা পানীৰ পৰিমাণ কমিবলৈ ধৰে।  

 পানীখিনি জলীয় বাষ্পলৈ পৰিৱৰ্তন হয়। অধ্য়ায় ৫ৰ ক্ৰিয়াকলাপ ৭ত তোমালোক লক্ষ্য় কৰিছিলা যে জলীয় বাষ্প ঠাণ্ডা হ'লে পানীলৈ পৰিৱৰ্তন হয়। আমি সকলোৱে বৰফ গলা দেখিছোঁ। গৰম কৰিলে বৰফ গলে। ই কিহলৈ পৰিৱৰ্তত হয়? এই পানীখিনি আকৌ বৰফলৈ পৰিৱৰ্তন কৰাটো সম্ভৱনে?

 আন কিছুমান পৰিৱৰ্তনলৈ মন কৰোঁ আহাচোন। েডাল সৰু মমবাতি আৰু তাৰ দৈৰ্ঘ্য় স্কেলৰ সহায়ত জোখা। এতিয়া ইয়াক উপযুক্ত স্থানৰ থিয় কৰি ৰাখা আৰু তাক জ্বলোৱা। কিছু সময়ৰ বাবে ইয়াক জ্বলি থাকিবলৈ দিয়া এতিয়া মমবাতিডাল নুমুৱা আৰু পুনৰ তাৰ দৈৰ্ঘ্য়ৰ জোখ লোৱা।

 মমবাতিডালৰ পৰিৱৰ্তন হোৱা দৈৰ্ঘ্য়ক পুনৰ ঘূৰাই আনিব পাৰিবা নে? যদি এখন থালত মম লৈ গৰম কৰোঁ, সেই পৰিৱৰ্তনটো বিপৰীতমুখী হ'ব নে? 

  এডাল ধূপ কাঠি লৈ ৭নং ক্ৰিয়াকলাপটো পুনৰাই কৰা। ধূপডাল জ্বলি সম্পূৰ্ণ শেষ হ'বলৈ দিয়া। ধূপ কাঠিডালত কি পৰিৱৰ্তন ঘটিল? ধূপ কাঠিডাল জ্বলি কিছুমান নতুন পদাৰ্থ উৎপন্ন হ'ল। এইবোৰ ছাই আৰু কিছুমান গেছ। আমি এই গেছবোৰ দেখা নাপাওঁ কিন্তু তাৈৰ সুগন্ধ অনুভৱ কৰিৱ পাৰোঁ।                                                                 

         এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিলে? ধূপকাঠি বা মমবাতিডাৱ জ্বালবলৈ ব্য়ৱহাৰ কৰা জুইশলাৰ কাঠিডালত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হয? এতিয়ালৈকে আমি এটা বস্তু বা ইয়াত থকা পদাৰ্থত কি পৰিৱৰ্তন হয় তাৰ ওপৰত আলৌোছনা কৰিলোঁ। যেতিয়া দুটা পদাৰ্থ মিহলি কৰা হয় তেতিয়া পৰিৱৰ্তটো কেনেকুৱা হয় বাৰু?

  অধ্য়ায় ৪ত আমি পানীত নিমখ দ্ৰৱীভূত কৰিছিলো। নিমখ বা পানীৰ কিবা পৰিৱৰ্তন ঘটিছিল বুলি তোমালোকে ভাবানে? এই পৰিৱৰ্তনক বিপৰীতমুখী কৰাটো সম্বৱনে? অধ্য়ায় ৫ত আমি নিমখখিনি পানীত দ্ৰৱীভূত হোৱা পৰিৱৰ্তনটো বিপৰীতমুখী? 

  প্ৰহেলিকাই সুধিছে যে তোমালোকে কেতিয়াবা দৈ প্ৰস্তুত কৰা দেখিছানে? গৰম ৰাখীৰত অলপ পৰিমানৰ দৈ মিহলি কৰা। গাখীৰখিনি লৰাই দি গৰম ঠাইত একাষৰীয়াকৈ কেইঘন্টামানৰ কাৰণে থৈ দিয়া হয়। কেইঘন্টামানৰ ভিতৰত গাখীৰখিনি দৈ লৈ পৰিৱৰ্তন হয়। এই পৰিৱৰ্তন বিপৰীতমুখী হ'ব পাৰে নে?

  গৰম কৰি বা এটা দ্ৰব্য়ৰ লগত আন কিছুমান দ্ৰব্য় মিহলাই আমি কোনো বস্তুৰ পৰিৱৰ্তন ঘটাব পাৰোঁ। আমি গম পালোঁ যে কিছুমান পৰিৱৰ্তন বিপৰীতমুখী, আনহাতে কিছুমান বিপৰীতমুখী নহয়। আমাৰ চৌপাশে থকা বস্তুবোৰৰ পৰিৱৰ্তন আন বহুতো উপায়েৰে হ'ব পাৰে। ইয়াৰে কিছুমান বিপৰীতমুকী হোৱাটো সম্ভৱ। এইদৰে আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰক বিপৰীতমুখী আৰু বিপৰী



Class 6 Science 

Type: Dimi Bora