বৃত্ত
বৃত্তঃ এটা বৃত্ত হৈছে এখন সমতলৰ সকলো বিন্দুৰ সমষ্টি ( থূপ ) যিবোৰ সমতলখনৰ এটা স্থিৰ বন্দুৰ পৰা সমান দুৰত্বত থাকে।
স্পৰ্শকঃ স্পৰ্শক হৈছে এডাল ৰেখা, যিয়ে বৃত্তটোৰ মাত্ৰ এটা বিন্দুত ছেদ কৰে।
জ্য়াঃ জ্য়া হৈছে এডাল ৰেখা, যিয়ে বৃত্তৰ দুটা বিন্দুত ছেদ কৰে। এটা বৃত্তৰ বৃত্তৰ সমান জ্য়াবোৰে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে।
ব্য়াসঃ বৃত্তৰ কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা জ্য়াডালেই হৈছে ব্য়াস।
ব্য়াসাৰ্ধঃ ব্য়াসাৰ্ধ হৈছে ব্য়াসৰ আধা।
বৃত্তৰ স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্য়াসাৰ্ধৰ লম্ব। বৃত্তৰ এটা বহিঃবিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য় সমান।
প্ৰমাণ কৰা যে বৃত্তৰ এটা বহিঃবিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য় সমান।

অংকনঃ এতিয়া, OQ আৰু OR দুডাল ব্য়াসাৰ্ধ অংকন কৰা হ'ল। আৰু O আৰু P সংযোগ কৰা হ'ল।
এতিয়া, ΔOPQ আৰু ΔOPR ৰ
ㄥOQP = ㄥORP ( OQ ⊥ PQ , OR ⊥ PR )
OQ = OR ( একেটা বৃত্তৰ দুডাল ব্য়াসাৰ্ধ )
আৰু OP সাধাৰণ ৰেখা।
∴ Δ OPQ ≅ Δ OPR
∴ PQ = PR ( সৰ্বাংগসম ত্ৰিভূজৰ দুটা বাহু )
এতিয়া প্ৰমাণিত হ'ল যে এটা বহিঃবিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য় সমান।
বৃত্তকলাঃ দুডাল ব্য়াসাৰ্ধ আৰু অনুৰূপ চাপৰ দ্বাৰা আবৃত বৃত্তীয় অঞ্চলৰ খণ্ডটোক বৃত্তকলা বোলা হয়।
ইয়াৰ কালি -
বৃত্তখণ্ডঃ এডাল জ্য়া আৰু অনুৰূপ চাপৰ মাজৰ বৃত্তীয় অঞ্চলৰ খণ্ডটোক বৃত্তখণ্ড বোলা হয়।