Chapter-2 (B) 

কাৰ্য্যপদ্ধতিগত বা প্ৰক্ৰিয়াগত গণতন্ত্ৰ আৰু ইয়াৰ সমালোচনা


প্ৰশ্নাৱলীঃ

১. 'Capitalism, Socialism and Democracy' গ্ৰন্থৰ লিখক কোন ?

Who is the author of the book 'Capitalism, Socialism and Democracy'.

উত্তৰঃ 'Capitalism, Socialism and Democracy' ৰ গ্ৰন্থখনৰ লেখক হল- যোচেফ সোমপিটাৰ।


২. 'Democracy and Development' গ্ৰন্থৰ লিখক কোন ?

Who is the author of the book 'Democracy and Development'.

উত্তৰঃ 'Democracy and Development' গ্ৰন্থৰ লিখক হল- আদাম প্ৰেজৱৰস্কী।


৩. DPRK ৰ সম্পূৰ্ণ নাম বা ধৰণটো কি?

What is the Full Form of DPRK ?

উত্তৰঃ DPRK ৰ সম্পূৰ্ণ নাম বা ধৰণটো হল- Democratic People's Republic of Korea .


৪. ৰবাৰ্ট ডাল হৈছে প্ৰক্ৰিয়াগত গণতন্ত্ৰৰ এগৰাকী উগ্ৰ সমৰ্থক- সত্য নে অসত্য লিখা।

Robert Dahl id the ardent supporter of procedural democracy. Write true or false.

উত্তৰঃ ৰবাৰ্ট ডাল হৈছে প্ৰক্ৰিয়াগত গণতন্ত্ৰৰ এগৰাকী উগ্ৰ সমৰ্থক - সত্য।


৫. প্ৰক্ৰিয়াগত গণতন্ত্ৰ বুলিলে কি বুজা ?

What do you mean by Procedural Democracy ?

উত্তৰঃ এই গণতন্ত্ৰত নাগৰিকসকলে মুক্ত নিৰ্বাচনৰ জৰিয়তে দেশৰ প্ৰতিনিধিসকলক নিৰ্বাচিতহে কৰে কিন্তু ইয়াৰ ফলত লাভালাভ কি হব ইয়াক লৈ চিন্তিত নহয়।


৬. প্ৰক্ৰিয়াগত গণতন্ত্ৰৰ উপাদানসমূহ কি কি ?

What are the elements of Procedural Democracy ?

উত্তৰঃ প্ৰক্ৰিয়াগত গণতন্ত্ৰৰ উপাদানসমূহ হল- 

১) মুক্ত আৰু নিকা নিৰ্বাচনঃ মুক্ত আৰু নিকা নিৰ্বাচন গণতন্ত্ৰৰ মূল ভিত্তি। প্ৰক্ৰিয়াগত গণতান্ত্ৰিক ব্যৱস্থাত মুক্ত আৰু নিকা নিৰ্বাচনৰ দ্বাৰা প্ৰতিনিধি নিৰ্বাচিত কৰাই হল মূখ্য বিষয়। এই ধাৰণা অনুসৰি নিকা নিৰ্বাচন ব্যৱস্থা হল গণতন্ত্ৰৰ বাবে হৃৎপিণ্ড স্বৰূপ। গতিকে চৰকাৰ, ৰাজহুৱা অনুষ্ঠান, স্বনিয়ন্ত্ৰিত সংগঠন বা সংস্থা আদিত এক সৰ্ব্বসন্মতি প্ৰাপ্ত প্ৰক্ৰিয়াগত নিৰ্বাচন ব্যৱস্থাৰ প্ৰয়োজনীয়তা অতিশয় কাম্য।

২) ৰাজনৈতিক দলৰ প্ৰতিযোগিতাঃ এই গণতন্ত্ৰত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচন কেন্দ্ৰিক প্ৰতিযোগিতাত গুৰুত্ব দিয়া হয়। মুক্ত আৰু নিকা নিৰ্বাচনৰ দ্বাৰা ৰাজনৈতিক দলসমূহে গণতন্ত্ৰৰ ধাৰাবাহিকতা বজাই ৰখা সহায় কৰে। নিৰ্বাচনত দলসমূহে প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে সুস্পষ্ট আৰু নিৰ্দ্ধাৰিত নীতি নিয়ম থকাটো বাঞ্চনীয়। কেৱল ৰাজনৈতিক দলৰ জৰিয়তেহে প্ৰতিনিধিমূলক গণতন্ত্ৰ লাভ কৰাটো সম্ভৱপৰ। ৰাজনৈতিক দলৰদ্বাৰা সংসদ তথা কাৰ্য্যপালিকাক নিয়ন্ত্ৰণ কৰি দেশৰ বাবে প্ৰয়োজনীয় আইন ৰছনা কৰিব পাৰি।

৩) সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰঃ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ জৰিয়তে সকলো নাগৰিকৰ ভোটদানৰ অধিকাৰক স্বীকৃতি দিয়া হয়। এইক্ষেত্ৰত জাতি, ধৰ্ম, বৰ্ণ, ভাষা, লিঙ্গ, শ্ৰেণী, আদ নিৰ্বিশেষে সকলোকে মুক্তমনে ভোটদানৰ অধিকাৰ প্ৰদান কৰা হয়। এক ব্যক্তি, এক ভোট নীতিত প্ৰক্ৰিয়াগত গণতন্ত্ৰ পৰিচালিত হয়। নিৰ্বাচন ব্যৱস্থাত সকলোৰে সমভাৱে অংশ গ্ৰহণ এই গণতন্ত্ৰৰ বাবে জৰুৰী।

৪) নিৰপেক্ষতাঃ কাৰ্য্যপদ্ধতিগত গণতন্ত্ৰত জনসাধাৰণক এক নিৰপেক্ষ ব্যৱস্থাৰ মাধ্যমেৰে কিছুমান অধিকাৰ প্ৰদান কৰা হয় আৰু নাগৰিকসকলক নিজৰ মূল্যবোধক স্বাধীনভাৱে গ্ৰহণ বা পালন কৰিবলৈ দিয়া হয়। অৰ্থাৎ চৰকাৰে আইন বা নীতিৰ জৰিয়তে জনসাধাৰণক এক ভাল জীৱন লাভৰ বাবে হেঁচা প্ৰয়োগ কৰা উচিত নহয়। ৰাজনৈতিক আদৰ্শৰ দ্বাৰা গণতন্ত্ৰৰ পথ প্ৰদৰ্শন কৰাটো গ্ৰহণযোগ্য নহয়, কিয়নো গণতন্ত্ৰ নিজেই হল এক আদৰ্শ।

৫) পদ্ধতি বা প্ৰক্ৰিয়াৰ স্বচ্ছতাঃ পদ্ধতিগত স্বচ্ছতাই চৰকাৰৰ ধৰ্মনিৰপেক্ষতাক সূচায়। ইয়াৰদ্বাৰা কোনো নিৰ্দিষ্ট দলৰ মতামতক গুৰুত্ব দিয়াৰ পৰা আঁতৰত থকাটোক বুজোৱা হয়। সমাজত থকা সকলো গোষ্ঠীৰ বিশ্বাস তথা ৰীতি-নীতিক সমভাৱে গুৰুত্ব প্ৰদানৰ ব্যৱস্থা এই গণতন্ত্ৰৰ বাবে অপৰিহাৰ্য। এই গণতন্ত্ৰত থকা প্ৰক্ৰিয়াসমূহৰ দক্ষতাই স্বয়ংক্ৰিয়ভাৱে গণতান্ত্ৰিক লাভালাভ জনসাধাৰণক প্ৰদান কৰে।


৭. প্ৰক্ৰিয়াগত গণতন্ত্ৰৰ সংজ্ঞা দিয়া আৰু ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

Define Procedural Democracy and discuss its features.

উত্তৰঃ ৰবাৰ্ট ডালৰ মতে 'গণতন্ত্ৰই কিছুমান বিশেষ ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ প্ৰক্ৰিয়া গ্ৰহণ কৰে'

 ইয়াৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল- 

১) ফলোৎপাদক অংশগ্ৰহণঃ ৰবাৰ্ট ডালৰ মত অনুসৰি ফলোৎপাদক অংশ গ্ৰহণৰ বাবে ৰাজনৈতিক সম্প্ৰদায়টোৰ সকলো সদস্যৰ নীতি নিৰ্দ্ধাৰণ অথবা সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নিজা মত বিনিময় কৰাৰ সমান সুবিধা থকা প্ৰয়োজন। ফলদায়ক অংশ গ্ৰহণে গণতন্ত্ৰক যথেষ্ট শক্তিশালী কৰা দেখা যায়।

২) ভোটদানৰ সমতাঃ গণতন্ত্ৰৰ প্ৰত্যেক গৰাকী সদস্যৰ যিকোনো পৰিবেশতে সমান আৰু ফলদায়ক সুবিধা থকাৰ উপৰিও প্ৰত্যেকটো ভোটৰ মূল্য সমান হোৱা দৰকাৰ।

৩) ভৱিষ্যৎ জ্ঞানৰ বোধগাম্যতাঃ গণতন্ত্ৰৰ প্ৰত্যেক গৰাকী ব্যক্তিৰ নীতি সম্পৰ্কত বিকল্প চিন্তাৰ জ্ঞান আৰু এইবোৰৰ ফলাফল সম্পৰ্কত ভৱিষ্যৎ চিন্তা প্ৰয়োজনীয়।

৪) কাৰ্য্যপন্থাৰ ওপৰত নিয়ন্ত্ৰণঃ যিকোনো সদস্যৰে কাৰ্য্যক্ৰমণিকাত বা কাৰ্য্যসূচীত বিষয় অন্তৰ্ভূক্তি আৰু ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ থাকে। এই বিষয়ত সমূহীয়া প্ৰচেষ্টাই কাৰ্য্যসূচী পৰিবৰ্ত্তনৰ যোগেদি নীতি তথা আঁচনি ৰূপায়নৰ জৰিয়তে ভোট লাভ কৰাৰ প্ৰয়াস কৰে।

৫) প্ৰাপ্তবয়স্কৰ অন্তৰ্ভূক্তিঃ ৰবাৰ্ট ডালৰ মতে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সকলো স্থায়ী বাসিন্দাৰে বা সকলো সম্প্ৰদায়ৰ ব্যক্তিৰে নাগৰিকত্ব লাভৰ পূৰ্ণ অধিকাৰ থাকে। ডালৰ গণতন্ত্ৰৰ নীতি সম্পৰ্কত থকা দুটা মূল বিশেষত্ব হৈছে ৰাজনৈতিক অংশগ্ৰহণ আৰু ৰাজনৈতিক প্ৰতিদ্বন্দিতা। ৰাজনৈতিক অংশ গ্ৰহণ ভোটদানৰ অধিকাৰক বুজায়। ইয়াৰদ্বাৰা ভোটদান, মুক্ত আৰু নিকা নিৰ্বাচন, প্ৰত্যাখ্যানৰ অধিকাৰ, সৰল পৰিবৰ্ত্তন, আদিক বুজোৱা হয়। আনহাতে প্ৰতিন্দ্বিতাৰ যোগেদি ব্যক্তিৰ মতামত ব্যক্ত কৰাৰ দক্ষতাৰ লগতে ব্যক্তিৰ অগ্ৰাধিকাৰক বুজোৱা হয়। এনে অগ্ৰাধিকাৰক অনুশীলন কৰাসকলৰ বাবে চিনাক্তকৰণত গুৰুত্ব দিয়া আৰু ব্যক্তিগত তথা সামূহিক কাৰ্য্যৰ দ্বাৰা এই অগ্ৰাধিকাৰ সমূহক চৰকাৰী কাৰ্য্যসূচীত অন্তৰ্ভূক্ত কৰাৰ বাবেও প্ৰচেষ্টা চলোৱা হয়।


৮) কাৰ্য্যপদ্ধতিগত গণতন্ত্ৰৰ বিষয়ে এটি সমালোচনাত্মক টোকা লিখা।

Write a critical note on Procedural Democracy.

উত্তৰঃ কাৰ্য্য পদ্ধতিগত গণতন্ত্ৰৰ বিষয়ে এটি সমালোচনাত্মক টোকা লিখা হ'ল- প্ৰক্ৰিয়া বা পদ্ধতি হৈছে এনে এক ব্যৱস্থা যাৰ জৰিয়তে কোনো এক কাৰ্য সম্পাদন কৰা হয়। প্ৰক্ৰিয়াই এক নিৰ্দিষ্ট কাৰ্য্যৰ গতি বা ধাৰক বুজাই। প্ৰক্ৰিয়া আৰু ব্যৱস্থাক একাৰ্থক বুলিব নোৱাৰি। এটি ব্যৱস্থাই কোনো এক নিৰ্দিষ্ট উদ্দেশ্য সাধন বা লক্ষ্যত উপনীত হবৰ বাবে প্ৰয়োজনীয় কাৰ্য্যপদ্ধতিৰ শৃংখলাক বুজায়। কিন্তু প্ৰক্ৰিয়াই কোনো এক কাৰ্য্য ৰূপায়ণ বা লাভৰ উদ্দেশ্যে প্ৰক্ৰিয়াৰ সুপ্ৰতিষ্ঠিত গতি বা ধাৰাক সূচায়। সৰ ভাষাত কবলৈ হলে পদ্ধতিয়ে কোনো এটি কাৰ্য্য সম্পাদনৰ নিমিত্তে প্ৰয়োজীয় সৰ্ব্বসন্মত প্ৰণালী বা কৌশলক বুজায়। প্ৰকৃতাৰ্থত, কোনোৱে এটি কাৰ্য্য সম্পন্ন কৰাৰ ক্ষেত্ৰত মানি চলিবলগীয়া কিছুমান নিৰ্দ্দেশনাই হৈছে প্ৰক্ৰিয়া।

    প্ৰক্ৰিয়াগত গণতন্ত্ৰৰ মূল কেন্দ্ৰবিন্দু হৈছে ধাৰাবাহিক কাৰ্য্য আৰু কৌশল বা প্ৰণালী। এই প্ৰক্ৰিয়াগত গণতন্ত্ৰই গণতান্ত্ৰিক চৰিত্ৰৰ শাসন ব্যৱস্থাৰ প্ৰয়োগ আৰু অনুষ্ঠানৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এইক্ষেত্ৰত সমাজত উপলব্ধ হোৱা ফলাফল আৰু ইয়াৰ অগ্ৰাধিকাৰক বিশেষ গুৰুত্ব দিয়া নাযায়। অৱশ্যে কোনো এক শাসন পদ্ধতিৰ উদ্দেশ্য প্ৰাপ্তিৰ বাবে প্ৰক্ৰিয়াসমূহৰ আইনগত বিস্তৃত বিৱৰণ আৰু পালন দৰকাৰী। সেয়ে, আইনৰদ্বাৰা প্ৰতিষ্ঠিত প্ৰক্ৰিয়াক এই গণতন্ত্ৰত প্ৰশংসা বা সন্মান জনোৱা হয়। এনে স্বীকৃত প্ৰক্ৰিয়া যদিহে পালন কৰা হয় তেন্তে এক ভাল বা সুস্থ গণতন্ত্ৰ লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰে। কিয়নো সংবিধান বা আইনৰদ্বাৰা বৰ্ণিত প্ৰক্ৰিয়াৰ প্ৰয়োগে গণতন্ত্ৰক সৱলভাৱে প্ৰতিষ্ঠা কৰাত সহায় কৰে।

    প্ৰক্ৰিয়াগত বা কাৰ্য্যপদ্ধতিগত গণতন্ত্ৰৰ ৰাষ্ট্ৰৰ জনগণ বা নাগৰিকসকলৰ প্ৰভাৱ পৰম্পৰাগত উদাৰনৈতিক গণতন্ত্ৰৰ তুলনাত যথেষ্ট কম হোৱা দেখা যায়। এই গণতন্ত্ৰৰ নাগৰিকসকলে মুক্ত নিৰ্বাচনৰ জৰিয়তে দেশৰ প্ৰতিনিধিসকলক নিৰ্বাচিতহে কৰে কিন্তু ইয়াৰ ফলত লাভালাভ কি হব ইয়াক লৈ চিন্তিত নহয়। সাধাৰণতে এনে গণতন্ত্ৰক প্ৰজাতন্ত্ৰৰ লগত তুলনা কৰিব পাৰি। নিৰ্বাচ প্ৰক্ৰিয়াৰ জৰিয়তে কৰ্তৃত্বক স্থাপন বা প্ৰতিষ্ঠা কৰাটোৱেই হল এই গণতন্ত্ৰৰ মুখ্য ধাৰণা। এই দিশত প্ৰক্ৰিয়াগত গণতন্ত্ৰৰ সমৰ্থকসকলে একমত পোষণ কৰি কব খোজে যে গণতন্ত্ৰত কোনো বিষয়ৰ স্বাধীন সত্যতা নাথাকে আৰু ইয়াত সুফলাফলৰ নিশ্চয়তাও দিব পৰা নাযায়। মাত্ৰ এটি আইনগতভাৱে সুপ্ৰতিষ্ঠিত নিৰ্বাচন প্ৰক্ৰিয়াৰদ্বাৰা জনপ্ৰতিনিধিসকলক নিৰ্বাচিত কৰাতহে গুৰুত্ব দিয়া হয়।


৯. ৰবাৰ্ট ডালে উল্লেখ কৰা পদ্ধতিগত গণতন্ত্ৰৰ ধাৰণাটোৰ এক সমালোচনাত্মক আলোচনা দাঙি ধৰা।

Critically discuss the concept of Procedral Democracy as mentioned by Robert Dahl.

উত্তৰঃ ৰবাৰ্ট ডালৰ মতে গণতন্ত্ৰই কিছুমান বিশেষ ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ প্ৰক্ৰিয়া গ্ৰহণ কৰে। সেইবোৰ যেনে- সক্ৰিয় অংশ গ্ৰহণ, মুক্ত, নিকা আৰু সঘন নিৰ্বাচন, ভোটদানৰ সমতা মতামত প্ৰকাশৰ স্বাধীনতা, তথ্যৰ বিকল্প উৎস, সংস্থাগত স্বায়ত্ত্বতা আৰু নাগৰিকত্বৰ স্বীকৃতি আদি।

ইয়াৰ উপৰিও ৰবাৰ্ট ডালৰ মতে প্ৰক্ৰিয়াগত গণতন্ত্ৰৰ কেইটামান বিশেষ বৈশিষ্ট্য থকা পৰিলক্ষিত হয়। সেইবোৰ হল-

১) ফলোৎপাদৰ অংশগ্ৰহণঃ ৰবাৰ্ট ডালৰ মত অনুসৰি ফলোৎপাদক অংশ গ্ৰহণৰ বাবে ৰাজনৈতিক সম্প্ৰদায়টোৰ সকলো সদস্যৰ নীতি নিৰ্ধাৰণ অথবা সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নিজা মত বিনিময় কৰাৰ সমান সুবিধা থকা প্ৰয়োজন। ফলদায়ক অংশ গ্ৰহণে গণতন্ত্ৰক যথেষ্ট শক্তিশালী কৰা দেখা যায়।

২) ভোটদানৰ সমতাঃ গণতন্ত্ৰৰ প্ৰত্যেক গৰাকী সদস্যৰ যিকোনো পৰিবেশতে সমান আৰু ফলদায়ক সুবিধা থকাৰ উপৰিও প্ৰত্যেকটো ভোটৰ মূল্য সমান হোৱা দৰকাৰ।

৩) ভৱিষ্যৎ জ্ঞানৰ বোধগম্যতাঃ গণতন্ত্ৰৰ প্ৰত্যেক গৰাকী ব্যক্তিৰ নীতি সম্পৰ্কত বিকল্প চিন্তাৰ জ্ঞান আৰু এইবোৰৰ ফলাফল সম্পৰ্কত ভৱিষ্যৎ চিন্তা প্ৰয়োজনীয়।


Question type-Leena Kakati

Answered by- Leena Kakati