Chapter: 1

 স্বাধীনোত্তৰ কালত ভাৰতবৰ্ষৰ শিক্ষাৰ বিকাশ

(Development of Indian Education in the post Indepandence period


(I) অতি চমু উত্তৰ দিয়াঃ

১. ভাৰতীয় সংবিধানৰ ২১-(ক) অনুচ্ছেদটো কিহৰ লগত জড়িত?

With whom the article 21 (A) of India Constitution is related?

Ans: ভাৰতীয় সংবিধানৰ ২১-(ক) অনুচ্ছেদটো ৰ "ৰাজ্যসমূহে আইনৰ দ্বাৰা ৬-১৪ বছৰ বয়সৰ সকলো ল'ৰা-ছোৱালীৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।"

২. ৬ বছৰৰ তলৰ শিশুৰ বাবে আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদৰ লগত সম্বন্ধিত ?

Which article of Indian Constitution embodies the provision of early childhood care and education for the children below the age of  six years?

Ans: ৬ বছৰৰ তলৰ শিশুৰ বাবে আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা ভাৰতীয় সংবিধানৰ ৪৫ নং অনুচ্ছেদৰ লগত সম্বন্ধিত।

৩. কোনটো অনুচ্ছেদে সংখ্যালঘুসকলৰ আগ্ৰহক সুৰক্ষিত কৰে ?

Which article is for 'Protection of interests of minorities'?

Ans: ৩০ নং অনুচ্ছেদে সংখ্যালঘুসকলৰ আগ্ৰহক সুৰক্ষিত কৰে ।

৪. কোনটো অনুচ্ছেদ অস্পৃশ্যতা নিৰ্মূলকৰণৰ লগত জড়িত?

Which article is related with abolities of untouchability?

Ans: 

৫. কোনটো অনুচ্ছেদ হিন্দী ভাষাৰ অধ্যয়নৰ লগত জড়িত ?

Which article is related with study of Hindi?

Ans: ৩৫১ নং অনুচ্ছেদত হিন্দী ভাষাৰ অধ্যয়নৰ লগত জড়িত।

৬. ভাৰতীয় শিক্ষা মতে সংখ্যালঘুসকলৰ স্বীকৃতি প্ৰদানৰ ভিত্তি কি?

What is the basis of recognition of minorities according to India Constitution?

Ans: ভাৰতীয় শিক্ষা মতে সংখ্যালঘুসকলৰ স্বীকৃতি প্ৰদানৰ ভিত্তি হ'ল-

৭. ভাৰতীয় সংবিধানৰ ৪৬ নং অনুচ্ছেদ কিহৰ লগত জড়িত ?

With whom the article 46 is related?

Ans: ভাৰতীয় সংবিধানৰ ৪৬ নং অনুচ্ছেদ 

৮. কোন চনত বিশ্ববিদ্যালয় শিক্ষা আয়োগ নিযুক্তি দিয়া হৈছিল?

In which year was the University Education Commission appointed?

Ans: ১৯৪৮ চনৰ ৬ ডিচেম্বৰত শিক্ষা আয়োগ নিযুক্তি দিয়া হৈছিল।

৯. বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ সভাপতি কোন আছিল?

Who was the Chairman of the University Education Commission?

Ans: বিশ্ববিদ্য়ালয় শিক্ষা আয়োগৰ সভাপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল।

১০. বিশ্ববিদ্যলয় শিক্ষা আয়োগৰ সদস্য কিমান আছিল?

How many members were there in the  University Education Commission?

Ans: বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ সদস্য ১০ গৰাকী আছিল।

১১. বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ মতে উচ্চ শিক্ষাৰ এটা লক্ষ্য উল্লেখ কৰা ?

Mention one aim  of  higher education according to University Education Commission.

Ans: বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ মতে উচ্চ শিক্ষাৰ এটা লক্ষ্য তলত উল্লেখ কৰা হ'ল-   

১২. কৃষি শিক্ষাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় শিক্ষা আয়োগে আগবঢ়োৱা এটা পৰামৰ্শ লিখা।

Write one recommendation of University Education Commission regardind agriculture education. 

Ans: কৃষি শিক্ষাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় শিক্ষা আয়োগে আগবঢ়োৱা এটা পৰামৰ্শ হ'ল-

(১) কৃষি শিক্ষাক এক প্ৰধান জাতীয় বিচাৰ্য বিষয় স্বৰূপে স্বীকৃতি প্ৰদান কৰিব লাগে।

(২) কৃষি জীৱনত জ্ঞান থকা ব্যক্তি বা দলক কৃষি শিক্ষা, কৃষি গৱেষণা আৰু কৃষিৰ নীতি গঠনৰ দায়িত্ব প্ৰদান কৰিব লাগে। 

১৩. বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ এটা কাৰ্য পৰিসৰ উল্লেখ কৰা।

Mention one term of reference  of University Education Commission.

Ans: বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ এটা কাৰ্য পৰিসৰ তলত উল্লেখ কৰা হ'ল- 

(ক) বিশ্ববিদ্যালয় শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য় ঃ বিশ্ববিদ্যালয় শিক্ষা আয়োগে দেশৰ প্ৰয়োজন আৰু যুৱক-যুৱতীসকলৰ মনস্তত্বৰ ভিত্তিত বিশ্ববিদ্যালয় শিক্ষাৰ লক্ষ্য উদ্দেষ্য নিৰ্ধাৰণ কৰিছিল। লক্ষ্য উদ্দেশ্য হ'ল-

১. চৰিত্ৰ গঠন ।

২. বৌদ্ধিক দুসাহসিকতা।

৩. জ্ঞান আৰু বিদ্যা

(খ) শিক্ষণৰ মানদণ্ডঃ আয়োগে দেশৰ শিক্ষণ, পৰীক্ষা আৰু পৰীক্ষণ কাৰ্যৰ নিম্ন মানদণ্ডবোৰ আঙুলিয়াই দিছিল আৰু এইবোৰৰ সংশোধনৰ বাবে তলত দিয়া পৰামৰ্শবোৰ আগবঢ়াইছিল।

১. নামভৰ্তি।

২. বৃত্তীয় প্ৰতিষ্ঠান।

৩. বাধ্যতামূলক উপস্থিতি।

১৪. বিশ্ববিদ্যালয় শিক্ষা আয়োগত কিমানটা অধ্য়ায় আছিল ?

How many Chapter are there in University Education Commission? 

Ans: বিশ্ববিদ্য়ালয় শিক্ষা আয়োগত ১৮ টা অধ্যায় আছিল।

১৫. বিশ্ববিদ্যালয় অনুদান আয়োগ গঠনৰ পৰামৰ্শ কোন আয়োগে আগবঢ়াইছিল?

Which Commission gave the suggestion of forming University Grants Commission?

Ans: বিশ্ববিদ্যালয় অনুদান আয়োগ গঠনৰ পৰামৰ্শ    আয়োগে আগবঢ়াইছিল।

(II) অতি চমু উত্তৰ দিয়া ঃ

(১) সমৱৰ্তী সূচী কি ?

What is concurrent list?

Ans: 

(২) ভাৰতীয় সংবিধানৰ ২৮ নং অনুচ্ছেদৰ মুলকথাখিনি লিখা।

Write the main points of  article  28 of Indian Commission.

Ans:  ভাৰতীয় সংবিধানৰ ২৮ নং অনুচ্ছেদৰ মুলকথাখিনি হ'ল-

২৮ (ক) নং অনুচ্ছেদ অনুসৰি, “ৰাজ্য চৰকাৰৰ অৰ্থৰে সম্পূৰ্ণৰূপে পৰিচালিত কোনো শিক্ষানুষ্ঠানতে ধর্মীয় শিক্ষা প্ৰদান কৰিব নোৱাৰিব” (No religious instruction shall be provided in any educational institution if wholly maintained out of state fund)।

সংবিধানৰ ২৮ (খ) অনুচ্ছেদ মতে, “অৱশ্যে ৰাজ্য চৰকাৰৰ দ্বাৰা প্রশাসিত হ'লেও কোনো শিক্ষানুষ্ঠান ন্যাসৰ দ্বাৰা স্থাপিত হ'লে আৰু তাত ধৰ্মীয় শিক্ষা আৱশ্যকীয় হ'লে তাত (ক) নং দফা প্রযোজ্য নহ'ব” (Nothing in clause (1) shall apply to an educational institution which is administered by the state but has been established under any endowment or Trust which requires that religious instruction shall be imparted to such institution) ।

অনুচ্ছেদ ২৮ (গ) অনুসৰি, “ৰাজ্যৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত অথবা সাহার্য্যপ্রাপ্ত শিক্ষানুষ্ঠানত অধ্যয়ন কৰা কোনো ব্যক্তিয়ে সেই অনুষ্ঠানৰ ধৰ্মীয় নির্দেশনাত আৰু সেই অনুষ্ঠানত অথবা তাৰ সৈতে সংলগ্ন কোনো ঠাইত আয়োজন কৰা ধৰ্মীয় উপাসনাত নিজৰ সন্মতি অবিহনে অথবা শিক্ষার্থীজন যদি নাবালক হয়, তেতিয়া তেওঁৰ অভিভাৱকৰ সন্মতি অবিহনে উপস্থিত থকাতো অনাৱশ্যকীয়” (No person attending any educational institution recognised by the state or receiving any aid out of state funds shall be required to take part in any religious worship that may be conducted in such institution or in any premises attached there to unless such person or, if such person is a minor, his guardian has given his consent there to) ।

(৩) মহিলা শিক্ষাৰ ক্ষেত্ৰত সংবিধানে কি ব্যৱস্থা গ্ৰহণ কৰিছিল ? 

What are the provisions adopted by the constitution regarding women education? 

Ans: মহিলা শিক্ষাৰ ক্ষেত্ৰত সংবিধানে তলত দিয়া ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে-

ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশ এখনৰ বিকাশৰ বাবে পুৰুষসকলৰ লগতে মহিলাসকলেও সমান ভূমিকা গ্ৰহণ কৰিব লাগে। এইক্ষেত্ৰত মহিলাসকলক প্ৰধান অস্ত্ৰ হ'ল শিক্ষা। দেশৰ সকলো মহিলাক শিক্ষা প্ৰদানৰ বাবে ভাৰতীয় সংবিধানে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। যেনে— 

সংবিধানৰ ১৫ (গ) অনুচ্ছেদ অনুসৰি, “ৰাজ্যই মহিলা আৰু শিশুসকলৰ শিক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব” (The state shall make special provision for education of women and children)।

অনুচ্ছেদ ১৬ (ক) অনুসৰি, “ৰাজ্য চৰকাৰৰ অধীনৰ যিকোনো কাৰ্যালয়ত নিযুক্তি লাভ কৰিবৰ বাবে পুৰুষ-মহিলা নির্বিশেষে সকলো নাগৰিকে সমান সুবিধা লাভ কৰিব” (There shall be equality of opportunity for all citizens in matters relating to employment or appointment to any office under the state) |

আকৌ ১৬ (খ) অনুসৰি, “ৰাজ্য চৰকাৰৰ অধীনৰ কোনো নিয়োগ বা কাৰ্যালয়ত কেৱল ধৰ্ম, জাতি, লিংগ, বংশ, জন্মস্থান, আবাসস্থান অথবা ইয়াৰ যিকোনো এটা বিষয়ৰ ওপৰত ভিত্তি কৰি কোনো নাগৰিককে অনুপযুক্ত বা বৈষম্য বিবেচনা কৰা নহ'ব” (No citizen shall, on grounds only of religion, race, caste, sex, decent, place of birth, residence or any of them, be ineligible for, or discriminated against, in respect or, any employment or office under the state)।


(৪) ভাৰতীয় সংবিধানৰ কেন্দ্ৰীয়সূচীৰ বিষয়বোৰ কি কি? 

What are the subject of Union List of Indian Constitution?

Ans: ভাৰতীয় সংবিধানৰ কেন্দ্ৰীয়সূচীৰ বিষয়বোৰ হ'ল-

কেন্দ্রীয় সূচীত সর্বমুঠ ৯৭ টা বিষয় আছে। ইয়াৰে শিক্ষাৰ লগত জড়িত বিষয়কেইটা তলত  উল্লেখ কৰা হ'ল-

দফা ৬৩ ঃ সংবিধান কার্যকৰী হোৱাৰ সময়ত থকা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান যেনে—কাশী হিন্দু বিশ্ববিদ্যালয়, আলিগড় মুচলিম বিশ্ববিদ্যালয়, দিল্লী, বিশ্ববিদ্যালয় আৰু সংসদ বা আইনে ঘোষণা কৰা অন্য যিকোনো প্রতিষ্ঠানক জাতীয় গুৰুত্ব থকা প্রতিষ্ঠান হিচাপে বিবেচনা কৰা হ'ব (The institutions known at the commencement of this constitution as the Banaras Hindu University, the Aligarh Muslim University and the Delhi University, any other institutions declared by parliament by law to be an institution of national importance) ।

দফা ৬৪ ঃ ভাৰত চৰকাৰৰ দ্বাৰা সম্পূর্ণভাৱে বা আংশিকভাৱে বিত্তীয় অনুদান লাভ কৰা বিজ্ঞান। কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠানবোৰক সংসদে আইনৰ দ্বাৰা জাতীয় গুৰুত্ব থকা প্ৰতিষ্ঠান হিচাপে বিবেচিত কৰা হ'ব (Institutions for scientific or technical education financed by the government of India wholly or in part and declared by parliament by law to be institution of national importance) ।

দফা ৬৫ ঃ কেন্দ্রীয় সংস্থা আৰু প্ৰতিষ্ঠানবোৰ যেনে (Union agencies and institution for) 

(ক) আৰক্ষী বিষয়াৰ ব্যৱহাৰিক, বৃত্তীয় আৰু কাৰিকৰী প্ৰশিক্ষণ; বা (Professional, vocational or technical training of police officer; or) ।

(খ) বিশেষ অধ্যয়ন বা গৱেষণাৰ উন্নীতকৰণ বা (Promotion of special studies or research; or) ।

(গ) অপৰাধ অনুসন্ধান বা উদ্‌ঘাটনত বৈজ্ঞানিক বা কাৰিকৰী সহায় (Scientific or technical assistance in the investigations or detection of crime) ।

দফা ৬৬ : উচ্চ শিক্ষা বা গৱেষণা প্ৰতিষ্ঠান আৰু বিজ্ঞান আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ মানদণ্ডৰ সমন্বয় আৰু নিৰ্ধাৰণ (Coordination and determination of standards in institutions for higher education or research and scientific and technical institutions ।

 আকৌ সংবিধানৰ ২৩৯ নং অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ শিক্ষা কেন্দ্ৰৰ অধীনৰ দায়িত্ব।



(৫) ভাৰতীয় সংবিধানৰ ৰাজ্যিক সূচীৰ বিষয়বোৰ কি কি ? 

What are the subjects of State List of Indian Constitution?

Ans: ভাৰতীয় সংবিধানৰ ৰাজ্যিক সূচীৰ বিষয়বোৰ হ'ল-

ৰাজ্যিক সূচীত ৬৬ টা বিষয় থাকে আৰু ইয়াৰ ভিতৰৰ শিক্ষাৰ লগত জড়িত থকা বিষয়কেইটা হ'ল—

দফা ১১ : বিশ্ববিদ্যালয়ৰ লগতে শিক্ষাৰ লগত জড়িত কেন্দ্রীয় তালিকাত থকা দফা নং ৬৩, ৬৪, ৬৫ আৰু ৬৬ আৰু উমৈহতীয়া তালিকাৰ দফা নং ২৫ ৰাজ্যিক বিষয় হিচাপে বিবেচনা কৰা হ'ব (Education including universities subject to the provisions of entries 63, 64, 65 and 66 of List I and entry 25 of List III) ।

দফা ১২ : ৰাজ্যৰ দ্বাৰা নিয়ন্ত্রিত বা আর্থিক সাহার্য্যপ্রাপ্ত পুথিভঁড়াল, সংগ্ৰহালয় আৰু অন্যান্য একে প্রতিষ্ঠান, এইবোৰৰ বাহিৰেও (সংসদৰ দ্বাৰা গৃহীত আইনৰ দ্বাৰা বা অধীনত) প্রাচীন আৰু বুৰঞ্জীপ্ৰসিদ্ধ কীৰ্তিস্তম্ভ আৰু তথ্য জাতীয় গুৰুত্ব হিচাপে বিবেচিত হ'ব (Libraries, museums and other similar institutions controlled or financed by the state; ancient and historical monuments and records other than these (declared by or under law made by parliament) to be national importance) ।

(৬) বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ নিযুক্তিৰ বিষয়ে লিখা। 

Write about the appointment of University Education Commission?

Ans: বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ নিযুক্তিৰ বিষয়ে তলত দিয়া হ'ল-

.ভাৰতৰ উচ্চ শিক্ষাৰ প্ৰতিবেদন প্ৰস্তুত কৰা আৰু দেশৰ বৰ্তমান আৰু ভবিষ্যতৰ প্ৰয়োজনীয়তাৰ পৰিপ্ৰেক্ষিতত উচ্চ শিক্ষাৰ সংশোধন আৰু বিস্তাৰৰ বাবে ভাৰত চৰকাৰে বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ নিযুক্তি দিছিল ।

এই আয়োগখন সেই সময়ৰ ভাৰতৰ শিক্ষামন্ত্রী আবুল কালাম আজাদে ১৯৪৮ চনৰ ৬ ডিচেম্বৰত গঠন কৰে। আয়োগে প্রতিবেদন দাখিল কৰে ১৯৪৯ চনৰ আগষ্ট মাহত। এই আয়োগত থকা দহ গৰাকী সদস্য হ'ল—

(১) ড° সৰ্বপল্লী ৰাধাকৃষ্ণন (সভাপতি)

(২) ড° তাৰাচান্দ (সম্পাদক আৰু ভাৰত চৰকাৰৰ শিক্ষা উপদেষ্টা।)

(৩) ড° জাকিৰ হুছেইন (উপাচার্য, মুচলিম বিশ্ববিদ্যালয়, আলিগড়)

(৪) ড° এ. এল. মুডালিয়াৰ (উপাচাৰ্য, মাদ্রাছ বিশ্ববিদ্যালয়) 

(৫) ছাৰ জেমচ এফ. টাফ (উপাচার্য, ডৰহম বিশ্ববিদ্যালয়)

(৬) ড° আৰ্থাৰ (প্ৰাক্তন সভাপতি, এন্টিঅ’চ কলেজ)

(৭) ড° মেঘ নাথ সাহা (সভাপতি, বিজ্ঞান স্নাতকোত্তৰ সংস্থা, কলিকতা বিশ্ববিদ্যালয়)

(৮) কম নাৰায়ণ বহল (প্রাণীবিজ্ঞানৰ অধ্যাপক, লক্ষ্মৌ বিশ্ববিদ্যালয়)

(৯) ড° জে. জে. টাইগাচ (যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন শিক্ষা সচিব)

(১০) শ্ৰী নিৰ্মৰ কুমাৰ সিদ্ধান্ত (ইংৰাজীৰ অধ্যাপক আৰু ডীন, কলা বিভাগ, লক্ষ্মৌ বিশ্ববিদ্যালয়) 

আয়োগৰ সভাপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ নাম অনুসৰি এই আয়োগক জনপ্ৰিয়ভাৱে ৰাধাকৃষ্ণণ শিক্ষা আয়োগ নামেৰেও জনা যায়।


(৭) বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ কাৰ্যপৰিসৰ উল্লেখ কৰা।

 Mention the terms of reference of University Education Commission.

Ans: বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ কাৰ্যপৰিসৰ তলত উল্লেখ কৰা হ'ল-  

(১) ভাৰতৰ উচ্চ শিক্ষা আৰু গৱেষণাৰ লক্ষ্য আৰু উদ্দেশ্য সম্বন্ধে।

(২) বিশ্ববিদ্যালয়ৰ আৰ্থিক দিশ সম্বন্ধে । 

(৩) বিশ্ববিদ্যালয় আৰু অনুমোদিত কলেজবোৰৰ শিক্ষা আৰু পৰীক্ষাৰ উচ্চ মানদণ্ড সম্বন্ধে।

(৪) বিশ্ববিদ্যালয়ৰ শিক্ষাৰ মাধ্যম সম্বন্ধে ।

(৫) বিশ্ববিদ্যালয়ত নামভৰ্ত্তিৰ মানদণ্ড সম্বন্ধে।

(৬) আঞ্চলিক বা অন্যান্য ভিত্তিত অধিক বিশ্ববিদ্যালয়ৰ প্ৰয়োজনীয়তা সম্বন্ধে।

(৭) কাশী, আলিগড় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ বিশেষ সমস্যা সম্বন্ধে। 

(৮) শিক্ষকৰ যোগ্যতা, চাকৰিৰ অৱস্থা, দৰমহা, বিশেষাধিকাৰ আৰু কাৰ্যাৱলী সম্বন্ধে ।

(৯) বিশ্ববিদ্যালয়ৰ ধৰ্মীয় নির্দেশনা সম্বন্ধে।

(১০) বিশ্ববিদ্যালয় আৰু উচ্চ গৱেষণাৰ প্ৰতিষ্ঠানত জ্ঞানৰ সকলো শাখাৰ উচ্চ গৱেষণাৰ সংগঠন সম্বন্ধে।

   

 (৮) চমু টোকা লিখা : 

Write short notes:

(i) বিশ্ববিদ্যালয় শিক্ষা আয়োগ আৰু পৰীক্ষা

 University Education Commission and Examination

Ans: (১) শ্ৰেণীকৰ্মৰ বাবে ক্রেডিট (Credit for Classwork) : পাঠ্যসূচীৰ নিৰ্দেশনাৰ সময়ত সম্পাদিত শ্ৰেণীকৰ্মৰ বাবে প্ৰত্যেক বিষয়তে মুঠ মানাংকৰ ১/৩ ভাগ প্ৰদান কৰিব লাগে। 

(২) নিৰ্ধাৰিত ব্যৱধানৰ পৰীক্ষা (Periodical Examination) : যিবোৰ বিষয় কম-বেছি পৰিমাণে স্ব-অভ্যন্তৰ হয় সেইবোৰৰ ক্ষেত্ৰত সাপ্তাহিক, পষেকীয়া বা মাহেকীয়া পৰীক্ষা পাতিব লাগে।

(৩) পৰীক্ষকৰ নিৰ্বাচন (Selection of Examiners) : পৰীক্ষকসকলক যত্ন সহকাৰে বাচনি কৰিব লাগে। পাঁচ বছৰৰ শিক্ষণ অভিজ্ঞতা থকা ব্যক্তিকহে পৰীক্ষকক হিচাপে নিৰ্বাচন কৰিব লাগে।

(৪) নিয়ন্ত্ৰিত পৰিস্থিতিৰ অধীনত মূল্যাংকন (Marking under Controlled Conditions): ৰচনাধৰ্মী পৰীক্ষাৰ আসোঁৱাহ আৰু মূল্যাংকনৰ ব্যক্তিনিষ্ঠতা নিৰাময়ৰ বাবে মূল্যাংকন কাৰ্য নিয়ন্ত্রিত পৰিৱেশত হ'ব লাগে।

(৫) শ্ৰেণীকৰণৰ সমৰূপ ব্যৱস্থা (Unifrom System of Classification) : পৰীক্ষাত সফলতাৰ মানদণ্ড বিভিন্ন বিশ্ববিদ্যালয়বোৰৰ ক্ষেত্ৰত সমৰূপৰ শ্ৰেণীকৰণ হ'ব লাগে। আয়োগৰ মতে, ৭০% বা তাতকৈ বেছি নম্বৰ পোৱা ছাত্রক প্রথম শ্রেণীত, ৫৫% ৰ পৰা ৬৯% নম্বৰ পোৱাক দ্বিতীয় শ্ৰেণীত আৰু ৪০% ৰ পৰা ৫৪% পোৱা ছাত্ৰক কোনো ধৰণৰ গ্ৰেচ মার্ক দিব নালাগে।

(৬) মৌখিক পৰীক্ষা (Viva-Voce Examination) : স্নাতকোত্তৰ আৰু বৃত্তীয় ডিগ্ৰীৰ বিষয়বোৰৰ ক্ষেত্ৰত মৌখিক পৰীক্ষা অনুষ্ঠিত কৰিব লাগে।

(ii) বিশ্ববিদ্যালয় শিক্ষা আয়োগ আৰু পাঠ্যক্ৰম 

University Education Commission and Curriculum

Ans: (১) পাঠ্যসূচীৰ পুনগঠন (Reorganisation of Courses) : আয়োগৰ মতে বিশ্ববিদ্যালয় আৰু কলেজৰ পাঠ্যসূচী এনেদৰে পুনৰ গঠন কৰিব লাগে যাতে ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান আৰু অভিজ্ঞতাৰ সংহতি অনুভৱ কৰিব পাৰে। সাধাৰণ, বৌদ্ধিক আৰু বৃত্তীয় শিক্ষাৰ এক সম্বন্ধ থাকিব লাগে। 

(২) শিক্ষাৰ পৰ্যায় (Phases of Education) : আয়োগে শিক্ষাৰ তিনিটা পৰ্যায়ৰ পৰামৰ্শ

আগবঢ়াইছিল- 

(i) সাধাৰণ শিক্ষা (General Education) : ভিন্ন প্ৰকৃতিৰ তথ্য আৰু অভিজ্ঞতাক ই অন্তর্ভুক্ত কৰে।

(ii) উদাৰনৈতিক শিক্ষা (Liberal Education) : এই পৰ্যায়ৰ শিক্ষাই ছাত্ৰ-ছাত্ৰীক স্বাধীন চিন্তা, জটিল অনুসন্ধান, গঠনাত্মক চিন্তাৰ সৃষ্টি আৰু কৰ্ম আদিৰ বাবে প্ৰস্তুত কৰে। 

(iii) বৃত্তীয় শিক্ষা (Occupational Education) : এই শিক্ষাই ছাত্ৰ-ছাত্ৰীক কৰ্ম জীৱন আৰু অন্যান্য বিশেষ কৰ্মৰ বাবে প্ৰস্তুত কৰে। পাঠ্যক্ৰমৰ সংস্কাৰ সাধন আৰু প্ৰচলিত পাঠ্যক্ৰমৰ দোষ-ত্ৰুটিবোৰ নিৰাময়ৰ বাবে আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ হ'ল—

(১) ছাত্র-ছাত্রীক ভিন্ন অভিজ্ঞতাৰ জ্ঞান প্ৰদানৰ বাবে সাধাৰণ শিক্ষাৰ পৰিকল্পনা কৰিব লাগে। 

(২) সাধাৰণ শিক্ষাৰ নীতি আৰু অনুশীলন হ্ৰাসকৰণৰ বাবে আয়োগে পৰামৰ্শ আগবঢ়াইছে।

(৩) পাঠ্যক্রম স্থবিৰ হোৱাৰ পৰিৱৰ্তে যথাসম্ভৱ গতিশীল হ'ব লাগে। (৪) মাধ্যমিক আৰু বিশ্ববিদ্যালয় দুয়োটা পর্যায়তে সাধাৰণ শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব ।

(৫) মাধ্যমিক শিক্ষাৰ অধ্যয়নৰ বিষয়বোৰ হ'ল—মাতৃভাষা, ইংৰাজী, আধুনিক ভাৰতীয়, ভাষা, সাধাৰণ বিজ্ঞান বা সমাজ অধ্যয়ন আৰু তলৰ বিষয়বোৰ দুটা বা ততোধিক বিষয়—

 (i) এটা ধ্রুপদী ভাষা (আৰৱী, পাৰ্চী, লেটিন, গ্রীক, সংস্কৃত)

(ii) আধুনিক ভাৰতীয় ভাষা (হিন্দী, বাংলা, উর্দু, গুজৰাটী, মাৰাঠী, তামিল, তেলেগু ইত্যাদি)

(iii) আধুনিক ইউৰোপৰ ভাষা (ইংৰাজী, ফ্রান্স, জার্মানী, ইত্যাদি)


(৬) প্রথম ডিগ্রী পাঠ্যক্রম তিনিবছৰীয়া হ'ব লাগে। ইয়াত অন্তর্ভুক্ত বিষয়বোৰ হ'ল—

(i) কেন্দ্রীয় ভাষা 

(ii) ইংৰাজী

(iii) কলা শাখাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তলত ভাগ দুটাৰ পৰা এটাকৈ সৰ্বমুঠ দুটা বা ততোধিক বিষয়—

প্ৰথম ভাগ (মানৱীয়) ঃ ধ্রুপদী বা আধুনিক ভাৰতীয় ভাষা, ইংৰাজী, ফ্ৰান্স বা জার্মানী, বুৰঞ্জী, গণিত, সমৰ কলা, দর্শন।

দ্বিতীয় ভাগ (সমাজ বিজ্ঞান) : ভূগোল, অর্থবিজ্ঞান, ৰাজনীতি বিজ্ঞান, মনোবিজ্ঞান, সমাজবিজ্ঞান, গৃহ অর্থবিজ্ঞান, নৃতত্ব বিজ্ঞান।

(iv) বিজ্ঞান বিষয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ বিষয় স্বৰূপে গণিত, পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান (উদ্ভিদ বিজ্ঞান), জীৱবিজ্ঞান (প্রাণী বিজ্ঞান), ভূবিজ্ঞান ।


(iii) বিশ্ববিদ্যালয় শিক্ষা আয়োগ আৰু ধৰ্মীয় শিক্ষা

University Education Commission and religious education 

Ans: (১) সকলো শিক্ষানুষ্ঠানে কিছু সময় মৌন ধ্যানৰ দ্বাৰা কৰ্মৰ আৰম্ভণি কৰিব লাগে।

(২) প্রথম ডিগ্রী পাঠ্যক্ৰমত মহান ধার্মিক ব্যক্তি যেনে—যীশুখ্রীষ্ট, গৌতম বুদ্ধ, মহম্মদ নবী, ৰামানুজ, কৰীৰ, গুৰু নানক, গুৰু গোবিন্দ সিং, স্বামী বিবেকানন্দ আদিৰ জীৱনী শিকাব লাগে। 

(৩) স্নাতক পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষত বিশ্বৰ ধৰ্মশাস্ত্ৰৰ পৰা বিশ্বজনীন কেতবোৰ চৰিত্ৰ নিৰ্বাচন কৰি অধ্যয়নৰ বাবে স্থিৰ কৰিব লাগে ।

(৪) স্নাতক পাঠ্যক্ৰমৰ তৃতীয় বৰ্ষত ধৰ্ম দৰ্শনৰ মূল সমস্যাবোৰ বাচনি কৰি অধ্যয়ন আৰু আলোচনা কৰিব লাগে।


iv) বিশ্ববিদ্যালয়ে শিক্ষা আয়োগ আৰু গ্ৰাম্য শিক্ষা

University Education Commission and religious education

Ans: আয়োগে অনুভৱ কৰে যে গ্ৰাম্য অঞ্চলৰ শিক্ষা অতি গুৰুত্বপূৰ্ণ। গ্ৰাম্য সমাজৰ ব্যক্তিসকলক উপযুক্ত মনোযোগ প্ৰদান নকৰিলে ভাৰতবৰ্ষৰ প্ৰগতি সম্ভৱ নহয়। গ্রাম্য শিক্ষাৰ বাবে আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ হ'ল—

(১) ভাৰতবৰ্ষৰ গ্ৰামাঞ্চলৰ পুনৰ গঠনৰ আঁচনি গ্ৰহণৰ বাবে আয়োগে পৰামৰ্শ আগবঢ়াইছিল। গ্ৰামাঞ্চলৰ ল'ৰা-ছোৱালীক সাধাৰণ শিক্ষা প্ৰদানৰ গ্ৰাম্য বিশ্ববিদ্যালয় স্থাপনৰ বাবে আয়োগে পৰামৰ্শ আগবঢ়াইছিল। ইয়াৰ বাবে সৰ্বভাৰতীয় গ্রাম্য শিক্ষা প্রতিষ্ঠান স্থাপন কৰিব লাগে।

(২) গ্ৰাম্য কলেজ আৰু বিশ্ববিদ্যালয়বোৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২৫০০ ৰ বেছি হ'ব নালাগে। 

(৩) গ্ৰাম্য কলেজ আৰু বিশ্ববিদ্যালয়বোৰত পৃথক শিক্ষক আৰু শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকক প্ৰয়োগশালাৰ কৰ্ম আৰু পুথিভড়ালৰ ব্যৱহাৰৰ বাবে এক স্থানত সন্মিলিত কৰিব লাগে।

(৪) এই বিশ্ববিদ্যালয়বোৰত গৱেষণাৰ সুবিধাৰ ব্যৱস্থা কৰিব লাগে।

(৫) স্নাতক পৰ্যায়ৰ শিক্ষা লাভৰ বাবে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক কেতবোৰ বৃত্তীয় প্ৰতিষ্ঠানত যাবৰ বাবে উৎসাহিত কৰিব লাগে।

(v) বিশ্ববিদ্যালয় শিক্ষা আয়োগ আৰু নিৰ্দেশনাৰ মাধ্যম 

University Education Commission and medium of instruction.

Ans: শিক্ষা প্ৰদানৰ ক্ষেত্ৰত নিৰ্দেশনা মাধ্যম বিতৰ্কৰ অৱসান ঘটাবৰ বাবে বিশ্ববিদ্যালয় শিক্ষা আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ হ'ল—

(১) কেন্দ্ৰীয় ভাষাবোৰ বিকশাই তুলিব লাগে আৰু সেইবোৰ আন্তৰ্জাতিক কাৰিকৰী শব্দৰে সমৃদ্ধিশালী কৰিব লাগে।

(২) হিন্দী ৰাষ্ট্রভাষা হোৱাৰ সম্ভাৱনা বেছি।

(৩) ছাত্র-ছাত্রীসকলে অতি কমেও তিনিটা ভাষা জানিব লাগে—মাতৃভাষা, কেন্দ্রীয় ভাষা আৰু ইংৰাজী ।

(৪) উচ্চ শিক্ষাৰ সম্পূৰ্ণ উপযোগিতা লাভৰ বাবে শিক্ষাদানৰ মাধ্যম ইংৰাজী হ'ব লাগে।

(৫) মাধ্যমিক আৰু বিশ্ববিদ্যালয় শিক্ষা স্তৰত ছাত্র-ছাত্রীসকলে আঞ্চলিক ভাষা বা মাতৃভাষাৰ লগতে ইংৰাজী ভাষাও শিকিব লাগে।

(৬) প্রয়োজন অনুসাৰে আঞ্চলিক ভাষাও উচ্চ শিক্ষাৰ মাধ্যম কৰিব লাগে।

(৭) আয়োগে দেৱনগিৰি লিপি ব্যৱহাৰৰ পক্ষত আছিল কিন্তু এইক্ষেত্ৰত থকা অসুবিধাবোৰ দূৰ কৰিব লাগে।

(III) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of Long Answers)

(১) বাধ্যতামূলক শিক্ষা, মহিলাৰ শিক্ষা আৰু সংখ্যালঘুসকলৰ শিক্ষাৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানৰ ব্যৱস্থাবোৰ লিখা। এইবোৰৰ মূল্যায়ণ বৰ্ণনা কৰা । 

Write about the provisions of Indian Constitution in regard to compulsory education, women education and education of minoritites. Describe its assessment.

Ans:

(২) ধৰ্মনিৰপেক্ষ শিক্ষা, অনুসূচীত জাতি আৰু জনজাতিৰ শিক্ষা আৰু হিন্দী ভাষা অধ্যয়নৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানত কি কি ব্যৱস্থা আছে? আলোচনা কৰা ? 

What are the constitutional provision regarding secular education, education for SC and ST and study of Hindi? Discuss.

Ans:

(৩) ভাৰতীয় সংবিধানৰ শৈক্ষিক ব্যৱস্থাবোৰৰ তাৎপর্য ব্যাখ্যা কৰা। 

Describe the implication of educational provisions of Indian Constitution.

Ans:

(৪) উচ্চ শিক্ষাৰ লক্ষ্য-উদ্দেশ্যৰ ক্ষেত্ৰত ১৯৪৮ চনৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগে কি পৰামৰ্শ আগবঢ়াইছিল? আধুনিক ভাৰতীয় বিশ্ববিদ্যালয়বোৰে এইবোৰ কিমান উপলব্ধি কৰিব পাৰিছিল ?

What aims and objectives of Higher Education were suggested by University Education Commission, 1948? How far these are being realised by the Modern Indian Universities?

Ans:

(৫) শিক্ষাদান, ছাত্র কল্যাণ আৰু পাঠ্যক্ৰমৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত ১৯৪৮ চনৰ শিক্ষা আয়োগৰ পৰামৰ্শবোৰ কি কি? এইবোৰ কিমান সফল হৈছিল ?

What were the recommendations of the University Education Commission of 1948 with gegard to teaching, students' welfare and reform of curriculum How far have these been fulfilled?

Ans:

(৬) বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ পৰামৰ্শবোৰৰ সমালোচনাত্মক বিশ্লেষণ আগবঢ়োৱাৰ?

State the critical analysis of the recommedations of University Education Commission.

Ans: 

Question and Answer Type : Himashree Bora.



Post ID : DABP003947