সুষম আহাৰ 

এদিনত আমি সাধাৰণতে যি খাদ্য় খাওঁ সেয়ে আমাৰ আহাৰ। বৃন্ধি আৰু সুস্বাস্থ্য়ৰ বাবে আমাৰ শৰীৰক সকলো পৰিপোষক সঠিক পৰিমাণে থকা আহাৰৰ প্ৰয়োজন। এটা পৰিপোষক অতি বেছি আৰু অন্য় এটা অতি হ'ব নালাগে। আহাৰত যথেষ্ট ফৰিমাণে পানী আৰু আঁহ থাকিব লাগে। এনেধৰণৰ আহাৰকে সুষম আহাৰ (balanced diet) বুলি কোৱা হয়।                                                                             

  বিভিন্ন বয়সৰ বাবে একে ধৰণৰ আহাৰৰ প্ৰয়োজন হয় বুলি তোমালোকে ভাবানে? আমাৰ প্ৰয়োজনীয় সুষম আহাৰ আমাৰ শৰীৰিক পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে বুলিও তোমালোকে বাৰু ভাবেনে ?                                                                                    

     তোমালোকে সপ্তাহটোত যিবিলাক বস্তু খোৱা তাৰ এখন তালিকা প্ৰস্তুত কৰা। দিনটোৰ ভিতৰত তোমালোকে খোৱা এটা বা তাতোধিক কাদ্য়বস্তুত সকলো পৰিপোষক আছে নে মন কৰা।                           

       মাহজাতীয় শস্য়, বাদাম, ছয়াবিন, গজাঁলি-ওলোৱা বীজ (মগু আৰু বুট), কিন্বণ হোৱা খাদ্য় (fermented foods) (জেলেপি, পইতা ভাত), কল, পালেঁ শাক, বুটৰ গুড়ি, গুড়,সহজতে পোৱা শাক-পাচলি আৰু অন্য় তেনে খাদ্য়ই বিভিন্ন পৰিপোষকৰ যোগান ধৰে। সেই কাৰণে অতি খৰচী খাদ্য় দ্ৰব্য় অবিহনেও এজন ব্য়ক্তিয়ে সুষম আহাৰ খাব পাৰে।                                                                                             

    সঠিক খাদ্য় কোৱাটোৱেই যথেষ্ট নহয় খাদ্য়বস্তুবোৰ যথাযথভাৱে ৰান্ধিব লাগে যাতে পৰিপোষকসমূহ নষ্ট নহয়।                                   ৰন্ধন প্ৰণালী আৰু প্ৰস্তুত কৰাৰ সময়ত কিছুমান পৰিপোষক নষ্ট হয়,সেই থকা তোমালোকে জানানে ? যদি শাক-পাচলি আৰু ফল-মূলসমূহ কটা বা বাকলি গুচোৱাৰ পাছত ধোৱা হয় তেনেতে কিছুমান ভিটামিন লোকচান হয়। বেছিভাগ শাক-পাচলি আৰু ফল-মূলৰ বাকলিত ভিটামিন আৰু খনিজ লৱণ নাইকিয়া হয়। আমি সকলোৱে জানো যে ৰন্ধনে খাদ্য়বস্তুবোৰৰ সোৱাদ বঢ়ায় আৰু সহজে হজম হোৱাত সহায় কৰে। একে সময়তে ৰন্ধনে কিছুমান পৰিপোষকৰ ক্ষতি সাধন কৰে। বেছি পানঈ দি ৰান্ধি অতিৰিক্ত পানীখিনি পেলাই দিলে বহু লাগতিয়াল প্ৰ'টিন আৰু বেছিভাগ খনিজ লৱণ নাইকীয়া হয়। ৰান্ধিলে তাপৰ প্ৰভাৱত খাদ্য়ৰ ভিটামিন-C সহজেই নষ্ট হয়। আমাৰ আহাৰত কেঁচা শাক-পাচলি আৰু ফল-মূল থকাটো উচিত নহ'বনে ? প্ৰজ্ঞানে ভাবিছিল যে সকলো সময়তে খাবলৈ স্নেহপদাৰ্থ থকা খাদ্য়ই উত্তম। এবাতি কাৰ্ব'হাইড্ৰেট থকা  খাদ্য়তকৈ এবাতি স্নেহপদাৰ্থ থকা খাদ্য়ই বেছি শক্তি দিয়ে, নহয়নে ? সেই কাৰণে সি কেৱল স্নেহপদাৰ্থ সমৃদ্ধ খাদ্য় যেনে, চিংৰা আৰু লুচি খাইছিল। তোমালোকে ভাবানে যে প্ৰজ্ঞান শুদ্ধ আছিল ? নহয়, অৱশ্য়েই নহয়।অতি বেছি স্নেহপদাৰ্থ বা চৰ্বি থকা খাদ্য় খোৱাটো আমাৰ বাবে ক্ষতিকাৰক আৰু ইয়াৰ বাবে আমি মেদবহুলতাত (obesity) ভুগিব পাৰোঁ। 

২.৪ অভাৱজনিত ৰোগসমূহ ঃ 

এজন মানুহে খাবলৈ যথেষ্ট পৰিমাণে খাদ্য় পাব পাৰে, কিন্তু তেতিয়াবা সেই খাদ্য়ত কোনো এবিধ নিৰ্দিষ্ট পৰিপোষক নাথাকিবও পাৰে। এই অৱস্থাটো য়দি বেছি দীঘলীয়া সময়লৈ চলে, তেতিয়া সেই মানুহজনে নিৰ্দিষ্ট  পৰিপোষকৰ অভাৱত ভুগিব। এটা বা তাতোধিক পৰিপোষকৰ অভাৱত আমাৰ শৰীৰত ৰোগ বা অসুস্থতা হ'ব পাৰে। এই পৰিপোষকসমূহ দীৰ্ঘনিদীয়াী অভাৱত হোৱা ৰোগকে অভাৱজনিত ৰোগ (deficiency diseases) বোলে। যদি দীৰ্ঘ সময়ত ৰ বাবে এজন ব্যক্তিৰ যথেষ্ট পৰিমাণৰ প্ৰ'টিন নাথাকে তেন্তে তেওঁ শাৰীৰিক বৃদ্ধি বাধাপ্ৰাপ্ততা, মুখ ফুলা, চুলি বিবৰ্ণ হোৱা, চালৰ বেমাৰ আৰু পেচলাত ভুগিব পাৰে। দীঘলীয়া সময়ৰ বাবে যদি আহাৰত প্ৰটিন আৰু কাৰ্ব'হাইড্ৰেট উভয়ৰে অভাৱ হয় তেতিয়া হ'লে বৃদ্ধি সম্পূৰ্ণৰূপে থমকি যাব পাৰে। সেইজন ব্য়ক্তি খুব ক্ষীণ আৰু দুৰ্বল হৈ আনকি লৰচৰ কৰিব নোৱাৰাও হ'ব পাৰে। বিভিন্ন ভিটামিন আৰু খনিজ লৱণৰ অভাৱতো কিছুমান বেমাৰ বা অসুস্থতা হ'ব পাৰে। কিছুমান ৰোগৰ তালিকা ২.৩ ত উল্লেখ কৰা হ'ল। সুষম আহাৰ খালে সকলো অভাৱজনিত ৰোগ প্ৰতিৰোধ কৰিব পাৰি। এই পাঠত আমি নিজকে সুধি চাওঁহক যে কি কাৰণে বিভিন্ন অঞ্চলৰ বিভিন্ন ধৰণৰ খাদ্য়বোৰত পৰিপোষকবোৰ একেধৰণ বিতৰণ (common distribution) হৈছে। আমি তেতিয়া দেখিম যে এই বিতৰণে আমাৰ আহাৰত শৰীৰৰ বাবে প্ৰয়োজনীয় বিভিন্ন পৰিপোষবোক সুষমভাৱে পোৱাটো নিশ্চিত কৰে। 



Class 6 Science 
Type: Dimi Bora