আমাৰ চাৰিওফালৰ বস্তু

আমি আমাৰ খোৱা বস্তু আৰু সাজ-পোছাকসমূহ বেলেগ বেলেগ ধৰণৰ হোৱা দেখা পাওঁ। কেৱল খাদ্য় আৰু সাজ-পোছাকতেই নহয়; এনেধৰণৰ বিন্নতা প্ৰত্য়েক ঠাইৰ বস্তুবোৰৰ মাজত দেখিবলৈ পোৱা যায়। আমি আমাৰ চাৰিওফালে চকী, গৰু-গাড়ী, চাইকেল, ৰন্ধনৰ বাচন-বৰ্ত, কিতাপ, কাপোৰ-কানি, পুতলা, পানী, শিল আদি বহুতো বস্তু দেখিবলৈ পাওঁ। এই সকলোবোৰ বস্তুৰ আকৃতি, বৰণ আৰু ব্য়ৱহাৰ বেলেগ বেলেগ। তোমালোকৰ চাৰিওফালে চোৱা আৰু গোলাকাৰ বস্তুবোৰ বাছি উলিওৱা। এই তালিকাত ৰবৰৰ বল, ফুটবল আৰু মাৰ্বল গুটি অন্তভূক্ত হ'ব পাৰে। মোটামুটিভাৱে গোলাকাৰ বস্তুবোৰ যদি আমি তালিকাৰ্ভূক্ত কৰোঁ, তেন্তে আমাৰ এই তালিকাত আপেল, কমলা, মাটিৰ কলহো অনৰ্ভূক্ত হ'ব পাৰে। এতিয়া আমি খোৱা খাদ্য়বস্তুসমূহৰ বিষয়ে চাওঁ আহা। আমি ১নং অধ্য়ায়ৰ তালিকা ১.১,১.২ আৰু ১.৩ত লিখা আটাইবোৰ খাদ্য়বস্তুকে কৰিব পাৰোঁ। আমি অলপ আগতে প্ৰস্তুত কৰো গোলাকাৰ বস্তু তালিকাখনৰ কিছুমান বস্তুও এই ভাগটো পোৱা যাব পাৰে। এতিয়া আমি প্লাষ্টিকেৰে নিৰ্মিত বস্তুবোৰ ভাগ কৰি চাওঁ আহা। এই ভাগটোত প্লাষ্টিকৰ বাল্টি, টিফিন বাটি, পুতলা, পানী ৰখা পাত্ৰ, নলী আদি বিভিন্ন বস্তু অন্তৰ্ভূক্ত হ'ব পাৰে। বস্তুবোৰক ভাগ কৰিবলৈ কিমান যে উপায় আছে ! ওপৰৰ আলোচনাত আমি বস্তুবোৰক সিহঁতৰ আকৃতি বা সিহঁতৰ গঠিত হোৱা পদাৰ্থৰ ওপৰত ভিক্তি কৰি ভাগ কৰিছোঁ। আমাৰ চাৰিওফালৰ বস্তুবোৰ এটা বা ততোধিক পদাৰ্থৰে গঠিত। এই পদাৰ্থবোৰ কাচ, ধাতু, প্লাষ্টিক, কাঠ, কপাহ, কাগজ, মাটি বা বোকা হ'ব পাৰে। তোমালোকে এনেধৰণৰ কিছুমান পদাৰ্থৰ উদাহৰণ দিব পাৰিবানে ? আমাৰ চাৰিওফালে পোৱা বস্তুবোৰ যিমান পাৰা স্মান সংগ্ৰহ কৰা। ইয়াকে কিছুমান বস্তু আমি প্ৰত্য়েক দিনাই ঘৰৰ পৰা পাব পাৰোঁ, কিছুমান বস্তু শ্ৰেণীকোঠাৰ পৰা বা কিছুমান বিদ্য়ালয়ৰ বাহিৰৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ। আমি সংগ্ৰহ কৰা বস্তুবোৰ কি হ'ব পাৰে ? চক্, পেঞ্চিল, টোকাবহী, ৰবৰ, ডাষ্টাৰ, হাতুৰী, গজাল, চাবোন, চকাৰ দণ্ড, বেট, জুইশলা, পাৰোঁ, যিবোৰ আমি ভাবিবহে পাৰোঁ, কিন্তু শ্ৰেণীকোঠালৈ আনিব নোৱাৰোঁ। উদাহৰণস্বৰূপে দেৱাল, গছ, দুৱাৰ, ট্ৰেক্টৰ, ৰাস্তা আদি। এই সংগ্ৰহ কৰা বস্তুবোৰৰ পৰা কাগজ বা কাঠেৰেো তৈয়াৰী বস্তুবোৰ পৃথক কৰা। এইদৰে আটাইবোৰ বস্তু দুটা ভাগত ভগাব পাৰিবা।এটা ভাগত কাগজ বা কাঠেৰে তৈয়াৰী বস্তুবোৰ থাকিব আৰু আনটো ভাগত  আনবোৰ বস্তু থাকিব। এইদৰে আমি খাদ্য় প্ৰস্তুত কৰিবলৈ ব্য়ৱহাৰ কৰা বস্তুবোৰো পৃথক কৰিব পাৰোঁ। আমি অলপ প্ৰণালীবদ্ধ হওং আহা। তালিকা ৪.১ত সংগ্ৰহ কৰা আটাইবোৰ বস্তুৰ নাম লিখা। প্ৰত্য়েকটো বস্তু কি পদাৰ্থ ৰে গঠিতচিনাক্ত কৰিবলৈ চেষ্টা কৰা। এনে বস্তুবোৰৰ তথ্য় সংগ্ৰহ কৰি এখন ডাঙৰ তালিকা প্ৰস্তুত কৰাটো বৰ আমোদজনক হ'ব। কিছুমান বস্তু কি পদাৰ্থ ৰে গঠিত তাক বাছি উলিয়াওঁতে অসুবিধা হ'ব পাৰে। এনেক্ষেত্ৰত পদাৰ্থবোৰ চিনাক্তকৰণ কৰোঁতে বন্ধু-বান্ধৱ, শিক্ষক আৰু মাৰা-দেউতাৰাৰ লগত আলোচনা কৰা। তালিকা ৪.২ত কিছুমান সাধাৰণ পদাৰ্থৰ মান লিখা হৈছে। তোমালোকে জনা আৰি কিছুমান পদাৰ্থৰ নাম স্তম্ভ ১ত অনৰ্ভূক্ত কৰিব পাৰা। এতিয়া তোমালোকে এই পদাৰ্থৰে ঘঠিত আৰু দৈনন্দিন জীৱনত ব্য়ৱহাৰ হোৱা কিছুমান বস্তুৰ নাম চিন্তা কৰিবলৈ চেষ্টা কৰা আৰু এইবোৰ স্তম্ভ ২ত লিখি থোৱা। এই তালিকাবোৰৰ পৰা আমি কি পাওঁ ? প্ৰথমে আমি বিভিন্ন প্ৰকাৈৰে বস্তুবোৰ ভাগ কৰিব পাৰোঁ। পাছত আমি জানিব পাৰোঁ যে, আমাৰ চাৰিওফালে পোৱা বস্তুবোৰ বিভিন্ন পদাৰ্থৰে গঠিত। কেতিয়াবা কোনো এটা বস্তু কেৱল এটা পদাৰ্থৰে গঠিত হ'ব পাৰে আৰু কেতিয়াবা বহুত পদাৰ্থৰে গঠিত হ'ব পাৰে। আকৌ একেটা পদাৰ্থ বিভিন্ন বস্তু প্ৰস্তুত কৰোঁতেও ব্য়ৱহাৰ কৰিব পাৰি। কোনো এটা বিশেষ বস্তু প্ৰস্তুত কৰিবৰ বাবে কি পদাৰ্থ ব্য়ৱহাৰ কৰা উচিত তাক কেনেকৈ জানিম ? সেয়ে বিভিন্ন পদাৰ্থৰ বিষয়ে আমি আৰু বহুত কথা জনা আৱশ্য়ক।



Class 6 Science 

Type: Dimi Bora