Chapter-2 (A) 

গণতন্ত্ৰ


1. 'Isonomia' শব্দৰ অৰ্থ কি ?

What is the meaning of the word 'Isonomia'?

উত্তৰঃ 'Isonomia' শব্দৰ অৰ্থ হল- আইনৰ চকুত সকলো সমান।


২. 'Herodotus' আছিল প্ৰথম গ্ৰীক দাৰ্শনিক যিয়ে তেওঁৰ ধাৰণাত প্ৰথমে 'Democracy' শব্দটো ব্যৱহাৰ কৰিছিল- হয় নে নহয় উল্লেখ কৰা। Herodotus was the first Greek thinker who mentioned the word 'Democracy' in his work state- 'yes' or 'No'.

উত্তৰঃ  'Herodotus' আছিল প্ৰথম গ্ৰীক দাৰ্শনিক যিয়ে তেওঁৰ ধাৰণাত প্ৰথমে 'Democracy' শব্দটো ব্যৱহাৰ কৰিছিল- হয়


৩. "History of the Peloponnesian War" নামৰ গ্ৰন্থখনৰ লিখক কোন ?

Who wrote the book- "History of the Peloponnesian War"?

উত্তৰঃ "History of the Peloponnesian War" নামৰ গ্ৰন্থখনৰ লিখক হল- Thucydides.


৪.'Pre-Babylonian Mesopotamia' ৰ অধ্যয়নৰ সৈতে জড়িত পণ্ডিত গৰাকী কোন আছিল লিখা ? Who was the scholar relating to the study of Pre-Babylonian Mesopotamia ?

উত্তৰঃ 


৫. 'Diodorus' কোন আছিল ?

Who was Diodorus ?

উত্তৰঃ 'Diodorus' প্ৰাচীন গ্ৰীক ইতিহাসবিদ আছিল।


৬. পুৰণি ভাৰতবৰ্ষৰ দুগৰাকী পণ্ডিতৰ নাম লিখা ?

Name any two scholars of ancient India.

উত্তৰঃ পুৰণি ভাৰতবৰ্ষৰ দুগৰাকী পণ্ডিতৰ নাম হল- ডঃ ৰাজেন্দ্ৰ প্ৰসাদ, ডঃ বি আৰ আম্বেদকাৰ।


৭. 'Gerousia' শব্দৰ অৰ্থ কি ?

What is the meaning of Gerousia ?

উত্তৰঃ 'Gerousia' শব্দৰ অৰ্থ হল- প্ৰাচীন গ্ৰীচৰ জ্যেষ্ঠসকলৰ এক পৰিষদ।


৮. স্পাটাৰ প্ৰশাসন ব্যৱহাৰ যিকোনো দুটা ভাগ বা গোটৰ নাম উল্লেখ কৰা।

Name any two units of Spartan administration system.

উত্তৰঃ স্পাটাৰ প্ৰশাসন ব্যৱহাৰ যিকোনো দুটা ভাগ বা গোটৰ নাম হল- দ্বৈত ৰজাৰ গোট, জেৰওছিয়া।


৯. চলন কোন আছিল ?

Who was Salon?

উত্তৰঃ চলন, এজন এথেনিয়ান সম্ভ্ৰান্ত এজন আইন প্ৰণেতা।


১০. 'Gerrymandering' মানে কি ?

What is Gerrymandering?

উত্তৰঃ 'Gerrymandering' এটা ব্যৱস্থা, এই ব্যৱস্থাত ৰোমৰ শক্তিশালী নাগৰিকৰ ভোটৰ মূল্যক বেছি গুৰুত্ব দিয়া হৈছিল।


১১. কোচ্ছাক গণৰাজ্য কত আছিল ?

Where was 'Cossack Republic' ?

উত্তৰঃ কোচ্ছাক গণৰাজ্য ইউক্ৰেইনত অৱস্থিত।


১২. গণতন্ত্ৰৰ বাবে ইংলেণ্ডত প্ৰথম আৰম্ভণি কাৰ্য কি আছিল আৰু কোন বছৰত ইয়াৰ সৃচনা কৰা হৈছিল ? What was the first step towards democracy in England and in Which year it was introduced ?

উত্তৰঃ গণতন্ত্ৰৰ বাবে ইংলেণ্ডত প্ৰথম আৰম্ভণি কাৰ্য আছিল মন্ত্ৰীসভাৰ ঐক্য সাধনৰ পৰম্পৰা গঢ়ি তোলা আৰু ১৮ চনত ইয়াৰ সৃচনা কৰা হৈছিল।


১৩. কোন চনত আৰু কত 'Bill of Right' প্ৰণয়ন কৰা হৈছিল ?

In which year and where the 'Bill of Right' was enacted ?

উত্তৰঃ ১৭৯১ চনত আৰু কত 'Bill of Right' প্ৰণয়ন কৰা হৈছিল


১৪. গ্ৰেট ব্ৰিটেইনৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ?

Who was the first prime minister of Great Britain ?

উত্তৰঃ গ্ৰেট ব্ৰিটেইনৰ প্ৰথম প্ৰধানমন্ত্ৰী হল- ছাৰ ৰবাৰ্ট ৱালপোল।


১৫. এফ্ৰো-আমেৰিকানৰ পৌৰ অধিকাৰ আন্দোলনৰ সময়ছোৱা কেতিয়াৰ পৰা কেতিয়ালৈকে আছিল উল্লেখ কৰা। Mention the period of Afro-American Civil Rights Movement ?

উত্তৰঃ এফ্ৰো-আমেৰিকানৰ পৌৰ অধিকাৰ আন্দোলনৰ সময়ছোৱা ১৯৪৬ চনৰ পৰা ১৯৬৮ আছিল।


১৬. কোন চনত আমেৰিকাৰ কংগ্ৰেছত 'Voting Rights Act' অনুমোদন জনোৱা হৈছিল ? In which year the 'Voting Rights Act' was passed in the US Congress ?

উত্তৰঃ ১৯৬৫ চনত আমেৰিকাৰ কংগ্ৰেছত 'Voting Rights Act' অনুমোদন জনোৱা হৈছিল।


১৭. কোন চনত আমেৰিকাৰ সংবিধান গ্ৰহণ কৰা হৈছিল ?

In which year American Constitution was adopted ?

উত্তৰঃ ১৭৮৭ চনত আমেৰিকাৰ সংবিধান গ্ৰহণ কৰা হৈছিল।


১৮. কোন চনত ফ্ৰান্সৰ 'নেশ্বনেল কন্ভেনচন'ৰ নিৰ্বাচন পুৰুষৰ ভোটদানৰ দ্বাৰা হৈছিল ? In which year the election to the 'National Convention' by all male was held in France ?

উত্তৰঃ ১৭৯২ চনত ফ্ৰান্সৰ 'নেশ্বনেল কন্ভেনচন'ৰ নিৰ্বাচন পুৰুষৰ ভোটদানৰ দ্বাৰা হৈছিল।


১৯. সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ প্ৰকৃতাৰ্থত প্ৰদান কৰা প্ৰথম ৰাষ্ট্ৰখনৰ নাম কি ? Which was the first country to achieve the Universal Adult Suffrage in true sense ?

উত্তৰঃ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ প্ৰকৃতাৰ্থত প্ৰদান কৰা প্ৰথম ৰাষ্ট্ৰখনৰ নাম হল- নিউজিলেণ্ড।


২০. গণতন্ত্ৰৰ 'সোণালী যুগ' বুলি কোন শতিকাক জনা যায় ?

Which century is regarded as the 'Golden Era' for Democracy ?

উত্তৰঃ গণতন্ত্ৰৰ 'সোণালী যুগ' বুলি ২০ শতিকাক জনা যায়।


২১. ধ্ৰুপদী গণতন্ত্ৰৰ দুজন সমৰ্থকৰ নাম লিখা।

Name two supporters of Classical Democracy.

উত্তৰঃ ধ্ৰুপদী গণতন্ত্ৰৰ দুজন সমৰ্থকৰ নাম হল- লক্ ৰুছো, জে.এচ. মিল।


২২. Two Treatises of Government'- কোনে আৰু কেতিয়া লিখিছিল ?

Two Treatises of Government'- who wrote this and when?

উত্তৰঃ Two Treatises of Government'- জন লকে ১৬৮৯ চনত লিখিছিল।


২৩. J.S. Mill আৰু J. Bentham এই দুয়োগৰাকী দাৰ্শনিক সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ আৰু প্ৰতিনিধিত্বমূলক চৰকাৰৰ সমৰ্থক। কথাষাৰ সত্যনে ?

J.S Mill and J. Bentham were the supporters of Universal Adult Franchise and Representative Government. Is this true ?

উত্তৰঃ J.S. Mill আৰু J. Bentham এই দুয়োগৰাকী দাৰ্শনিক সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ আৰু প্ৰতিনিধিত্বমূলক চৰকাৰৰ সমৰ্থক। কথাষাৰ সত্য।


২৪. 'The Spirit of laws' গ্ৰন্থখন কোনে লিখিছিল ?

Who wrote the book 'The Spirit of laws'?

উত্তৰঃ 'The Spirit of laws' গ্ৰন্থখন লিখিছিল- ৰাজনৈতিক দাৰ্শনিক মন্টেস্কোৱে।


২৫. বাচকবনীয়া গণতন্ত্ৰ তত্ত্বৰ দুগৰকী সমৰ্থকৰ নাম লিখা।

Name two supporters of Elite Theory of Democracy.

উত্তৰঃ বাচকবনীয়া গণতন্ত্ৰ তত্ত্বৰ দুগৰাকী সমৰ্থকৰ নাম হল- ৰবাৰ্ট মাইকেলচ্, গায়েটনে মচ্কা।


২৬. 'The Managerial Revolution' গ্ৰন্থখন কোনে লিখিছিল ?

Who wrote the book 'The Managerial Revolution' ?

উত্তৰঃ 'The Managerial Revolution' গ্ৰন্থখন বাৰ্ণহামে লিখিছিল।


২৭. গণতন্ত্ৰৰ বহুত্ববাদী ধাৰণাৰ দুগৰাকী সমৰ্থকৰ নাম উল্লেখ কৰা।

Name two supporters of Pluralist Theory of Democracy.

উত্তৰঃ গণতন্ত্ৰৰ বহুত্ববাদী ধাৰণাৰ দুগৰাকী সমৰ্থকৰ নাম হল- ৰবাৰ্ট ডাল, চাৰটৰী।


২৮. কোনে আৰু কেতিয়া 'Power Elite' গ্ৰন্থখন লিখিছিল ?

Who wrote the book 'Power Elite' and when ?

উত্তৰঃ C.W. Mills য়ে ১৯৫৬ চনত 'Power Elite' গ্ৰন্থখন লিখিছিল।


২৯. 'Leviathan' গ্ৰন্থখন কোনে লিখিছিল ?

Who wrote the book 'Leviathan'?

উত্তৰঃ 'Leviathan' গ্ৰন্থখন Thomas Hobbes য়ে লিখিছিল।


৩০. গণতন্ত্ৰৰ এটি সংজ্ঞা লিখা।

Write one definition of democracy.

উত্তৰঃ গণতন্ত্ৰ হল এনে এক চৰকাৰ যত শাসক গোটে তুলনামূলক ভাৱে সমগ্ৰ জাতিটোৰ ডাঙৰ গোট হিচাপে প্ৰতিনিধিত্ব কৰে।


৩১.চমুটোকা লিখা।

(a) গণতন্ত্ৰৰ অৰ্থ

(Meaning of Democracy)

উত্তৰঃ কুৰি শতিকাৰ বিশ্বত সমাদৰ লাভ কৰা এই 'গণতন্ত্ৰ' শব্দটি গ্ৰীক ভাষাৰ 'ডেমচ' আৰু 'ক্ৰেটচ' শব্দ দুটাৰ পৰা লোৱা হৈছে। ডেমচ শব্দৰ অৰ্থ হৈছে জনগণ আৰু ক্ৰেটচ শব্দৰ অৰ্থ ক্ষমতা অৰ্থাৎ জনগণৰ 'ক্ষমতা' বা জনগণৰ ক্ষমতাৰ ওপৰত প্ৰতিষ্ঠিত শাসন ব্যৱস্থা। অন্য কথাত কবলৈ হলে জনগণেই হৈছে এই শাসন ক্ষমতাৰ মূল চাবি-কাঠি।


(b) গণতন্ত্ৰৰ সংজ্ঞা

(Definitions of Democracy)

উত্তৰঃ অধ্যাপক ডাইচীৰ মতে, গণতন্ত্ৰ হল এনে এক চৰকাৰ যত শাসক গোটে তুলনামূলক ভাৱে সমগ্ৰ জাতিটোৰ ডাঙৰ গোট হিচাপে প্ৰতিনিধিত্ব কৰে। চিলীৰ মতে, ''গণতন্ত্ৰ হল এক চৰকাৰ যত প্ৰত্যেক জনৰে অংশ থাকে। সাম্প্ৰতিক কালৰ মহান ৰাজনৈতিক বিজ্ঞানী লৰ্ড ব্ৰাইচে গণতন্ত্ৰৰ সংজ্ঞাৰ ক্ষেত্ৰত উল্লেখ কৰি কয়, ''গণতন্ত্ৰ শব্দটিয়ে এনে এক চৰকাৰ ব্যৱস্থাক বুজায় যত ৰাষ্ট্ৰখনৰ শাসন ক্ষমতা কোনো এক নিৰ্দ্দিষ্ট শ্ৰেণী বা শ্ৰেণী গোষ্ঠীৰ হাতত নাথাকি সামগ্ৰিক জাতিটোৰ প্ৰতিনিধিৰ হাততহে থাকে''।


(c) গণতন্ত্ৰৰ মূল নীতিসমূহ

(Basic Principles of Democracy)

উত্তৰঃ গণতন্ত্ৰৰ মূল নীতিসমূহ হল- 

    (১) সংখ্যাগৰিষ্ঠৰ শাসনঃ গণতন্ত্ৰ হৈছে সংখ্যাগৰিষ্ঠ জনগণৰ মতামতৰ ওপৰত প্ৰতিষ্ঠিত শাসন। এই শাসন ব্যৱস্থাত চৰকাৰৰ সকলোবোৰ সিদ্ধান্ত সংখ্যাগৰিষ্ঠ মতামতৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰা হয়। চৰকাৰৰ তিনিওটা অংগ ক্ৰমে- বিধানমণ্ডল, কাৰ্য্যপালিকা আৰু ন্যায়পালিকাই ইয়াৰ সিদ্ধান্ত সমূহ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত লোৱা দেখা যায়। অৱশ্যে ইয়াত সংখ্যালঘিষ্ঠ সকলৰো স্বাৰ্থ সুৰক্ষিত কৰাৰ সম্পূৰ্ণ ব্যৱস্থা থাকে।

    (২) ৰাজনীতিত অংশগ্ৰহণঃ গণতন্ত্ৰত প্ৰাপ্তবয়স্ক সকল জাতি, ধৰ্ম, বৰ্ণ, ভাষা, লিঙ্গ তথা ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে ভোটদানৰ অধিকাৰ দিয়া হয়। ভোটদানৰ জৰিয়তে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নাগৰিকে সমভাৱে দেশৰ শাসন ব্যৱস্থাত অংশ গ্ৰহণৰ সুযোগ লাভ কৰে। গতিকে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ গণতন্ত্ৰৰ বাবে অপৰিহাৰ্য্য। ইয়াৰোপৰি প্ৰত্যেক গৰাকী নাগৰিকে নিৰ্বাচনত অংশ গ্ৰহণৰ সম অধিকাৰ লাভ কৰাৰ উপৰিও নিৰ্বাচিত হলে ৰাষ্ট্ৰৰ শাসন প্ৰক্ৰিয়াত নিজকে জড়িত কৰিবলৈ সুযোগ পায়। 

    (৩) সমতাৰ নীতিঃ সমতা হৈছে গণতন্ত্ৰৰ মূল নীতি। সকলো নাগৰিকক সম জ্ঞান কৰাটো গণতন্ত্ৰৰ এক বিশেষত্ব। সামাজিক, ৰাজনৈতিক, ন্যায়িক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰত জাতি, ধৰ্ম, বৰ্ণ, লিঙ্গ, গোষ্ঠী, ভাষা, সম্প্ৰদায়, ধনী-দুখীয়া নিৰ্বিশেষে সকলো নাগৰিককে সম জ্ঞান তথা সম মৰ্য্যদা প্ৰদানৰ সুবিধা দিয়াটো অপৰিহাৰ্য্য। বিভিন্ন সমালোচক সকলে সমতাৰ নীতিক গণতন্ত্ৰৰ  মূল ভেঁটি হিচাবে দাবী কৰা দেখা যায়।


(d) গণতন্ত্ৰৰ গুণ

(Merits of Democracy)

উত্তৰঃ গণতন্ত্ৰৰ গুণসমূহ হল- 

    ১) গণতন্ত্ৰ অতি জনপ্ৰিয় আৰু গ্ৰহণযোগ্য শাসন ব্যৱস্থা। ইয়াত জনসাধাৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে শাসন প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। গতিকে জনগণৰ ৰাজনৈতিক অধিকাৰ সাব্যস্তকৰণৰ উত্তম মঞ্চখনেই হৈছে গণতন্ত্ৰ। ইয়াত শাসক ষআৰু শাসিত উভয়ে নিজ-নিজ দায়িত্ব আৰু কৰ্তব্য়ৰ প্ৰতি সজাগ থাকে। জনগণৰ এনে ৰাজনৈতিক অধিকাৰৰ ফলস্বৰূপে চৰকাৰ নিজ কাম-কাজৰ বাবে ৰাইজৰ ওচৰত দায়বদ্ধ থাকে।

    ২) গণতন্ত্ৰত গণবিপ্লৱৰ আশংকা নিচেই কম। কিয়নো জনসাধাৰণ নিজেই শাসনৰ অংশীদাৰ হোৱা হেতুকে শান্তিপূৰ্ণ সাংবিধানিক প্ৰক্ৰিয়াৰে যিকোনো সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰা হয়। আলাপ-আলোচনা তথা যুক্তিযুক্ততাৰ ভিত্তিত সহমতত উপনীত হলেহে ৰাষ্ট্ৰ পৰিচালনাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ গ্ৰহণ কৰা হয়। সেয়েহে সম অধিকাৰ, সম সুযোগ, ব্যক্তি স্বাধীনতা, মতামত প্ৰকাশৰ স্বাধীনতা, মতামত প্ৰকাশৰ স্বাধীনতা আদিয়ে গণতন্ত্ৰত বিপ্লৱৰ পৰিৱৰ্ত্তে শান্তিপূৰ্ণ সহযোগিতামূলক বাতাবৰণহে সৃষ্টি কৰে।

    ৩) গণতন্ত্ৰ সমতা আৰু স্বধীনতাৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। এই ব্যৱস্থাত জাতি, ধৰ্ম, বৰ্ণ, লিঙ্গ, ভাষা, সম্প্ৰদায়, শ্ৰেণী নিৰ্বিশেষে সকলোৱে সম অধিকাৰ, সুযোগ আৰু স্বাধীনতা লাভ কৰে। ইয়াত আইনৰ শাসন প্ৰৱৰ্তন হোৱা বাবে আইনৰ দৃষ্টিত সকলো সমান আৰু সকলোকে সমভাৱে নিৰাপত্তা তথা ৰক্ষণাবেক্ষণ দিয়া হয়। চৰকাৰৰ যিকোনো কৰ্মসূচীত যোগ্যতাৰ ভিত্তিত সমান সুযোগ আৰু ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ বাবে পৰ্য্যাপ্ত সুবিধা প্ৰদান কৰা হয়। সাংবিধানিক ব্যৱস্থাৰ জৰিয়তে জনসাধাৰণৰ স্বাধীনতাক সুৰক্ষা প্ৰদান কৰাটো গণতন্ত্ৰৰ মূল নীতি।

    ৪) গণতন্ত্ৰই জনসাধাৰণৰ ৰাজনৈতিক জ্ঞান আৰু চেতনা বৃদ্ধি কৰে। জনগণে প্ৰত্যক্ষ বা পৰোক্ষ পদ্ধতিৰ জৰিয়তে শাসন প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰি ৰাজনৈতিক জ্ঞান লাভ কৰে আৰু গণতন্ত্ৰৰ অংগ ৰাজনৈতিক দল আৰু প্ৰচাৰ মাধ্যমৰ সহযোগত দেশ পৰিচালনাৰ নীতি তথা কাৰ্য্যসূচীৰ ওপৰত দৃষ্টি প্ৰদানৰ জৰিয়তে ৰাজনৈতিক চেতনা বৃদ্ধি কৰিবলৈ সক্ষম হয়। জনগণৰ এনে অভিজ্ঞতাৰ ফলস্বৰূপে চৰকাৰ পৰিচালনা কৰা শাসকসকল জনগণৰ প্ৰতি অধিক দায়বদ্ধ হৈ পৰে।

    ৫) গণতন্ত্ৰ হল জনগণৰ প্ৰতি দায়বদ্ধ চৰকাৰ ব্যৱস্থা যত স্বেচ্ছাচাৰী শাসনৰ সুযোগ নাথাকে। এই শাসন ব্যৱস্থাত জনসাধাৰণৰ ইচ্ছাক সন্মান দিয়া হয়। জনমতক উপেক্ষা কৰি শাসন পৰিচালিত কৰিব বিচৰা শাসক সকলক জনগণে সহজেই প্ৰত্যাখ্যান কৰিব পাৰে। সেয়ে শাসক সকলে জনসাধাৰণক সেৱক হিচাপে জনতাৰ স্বাৰ্থৰ হকে কাম কৰা দেখা যায়। ফলত জনমতে গণতন্ত্ৰত এক সবল ভূমিকা পালন কৰে।


(e) গণতন্ত্ৰৰ দোষ

(Demerits of Democracy)

উত্তৰঃ গণতন্ত্ৰৰ দোষসমূহ হৈছে-

    ১) গণতন্ত্ৰত গুণতকৈ সংখ্যাৰ ওপৰত ভিত্তি কৰি দেশ পৰিচালিত হয়। ইয়াত যোগ্য আৰু অভিজ্ঞসকলৰ স্থান সীমিত। সেয়ে বহুতে ইয়াক চহা মানুহৰ শাসন বুলি কব বিচাৰে। অজ্ঞ আৰু অনভিজ্ঞ সংখ্যাগৰিষ্ঠ লোকৰ সমৰ্থনত কাৰিকৰী ভাৱে উন্নত ব্যক্তি বঞ্চিত হোৱাটো স্বাভাৱিক হৈ পৰে। এখন সুস্থ-সবল চৰকাৰ গঠনৰ বাবে সংখ্যাতকৈ গুণগত মানহে বেছি গুৰুত্বপূৰ্ণ।

    ২) গণতান্ত্ৰিক ব্যৱস্থাত চৰকাৰৰ কাম-কাজ অতি মন্থৰ গতিত আগবাঢ়ে। ৰাষ্ট্ৰীয় সংকট বা যুদ্ধৰ সময়ত এই চৰকাৰে খৰকটীয়া সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ দীঘলীয়া ব্যৱস্থাৰ আলাপ-আলোচনাৰ বাবে লেহেমীয়া হয়। এনে প্ৰক্ৰিয়াই ৰাষ্ট্ৰৰ বিস্তৰ ক্ষতি সাধন কৰে।

    ৩) গণতান্ত্ৰিক ব্যৱস্থা অধিক ব্যয়বহুল। চৰকাৰৰ বিভিন্ন সিদ্ধান্তৰ বাবে বহুতৰপীয়া শাসন পদ্ধতিয়ে ইয়াক অধিক খৰচী কৰি তোলাৰ উপৰিও এই ব্যৱস্থাত জনতাৰ আস্থা লাভৰ বাবে সভা-সমিতি, প্ৰচাৰ আদি কাৰ্য্যটো বহু অৰ্থৰ অপচয় হয়। তদুপৰি নিৰ্বাচন পতা আৰু ইয়াৰ পৰিচালনাত ৰাজকোষৰ ধনৰ যথেষ্ট অপচয় ঘটে আৰু ইয়াৰ পৰিণতিত ৰাষ্ট্ৰীয় বিকাশ বাধাগ্ৰস্ত হয়।


(f) গণতান্ত্ৰিক আৰ্হিৰ সমাজৰ ধাৰণা

(Idea of Proto-Democratic Society)

উত্তৰঃ পৌৰাণিক যুগঃ চলিত শতিকাৰ কিছুসংখ্যক পণ্ডিতৰ মতে গ্ৰীচৰ পূৰ্বেও ইয়াৰ আশেপাশে থকা কোনো অঞ্চলত গণতান্ত্ৰিক আৰ্হিৰ শাসন ব্যৱস্থাৰ সূত্ৰপাত ঘটিছিল। কাৰণ ইজিপ্ত আৰু ইয়াৰ নিকতৱৰ্তী পূৱ প্ৰান্তত গঢ়ি উঠা সামাজিক ব্যৱস্থাৰ বহু বছৰৰ পাছতহে গ্ৰীচত সামাজীক আৰু ৰাজনৈতিক জটিল অনুস্থানৰ উন্নয়ন তথা বিকাশৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।পৌৰাণিক ভাৰতীয় শাসন ব্যৱস্থাৰ বহু আভাস কৌটিল্যৰ অৰ্থশাস্ত্ৰ আৰু বিখ্যাত সংস্কৃত পণ্ডিত পাণিনিৰ লিখনিত পোৱা যায়। এওঁলোকৰ লিখনিত সেই সময়ৰ ৰাষ্ট্ৰপ্ৰশাসন ব্যৱস্থাত ৰজাৰ ৰাজসভা ৰাষ্ট্ৰৰ বাবে প্ৰয়োজনীয় বিভিন্ন বিষয়ৰ উল্লেখ মনকৰিবলগীয়া। আনকি সেইসময়ৰ জনসাধাৰণৰ মাজত কৰ্ম অনুসৰি শ্ৰেণীবিভাজন থকাৰ কথা অতি সহজভাৱে উপলব্ধি কৰিব পাৰি। জাতি বিভাজনৰ এনে বৰ্ণনাৰ পৰিপ্ৰেক্ষিতত বহুতো আধুনিক পণ্ডিতে প্ৰাচীন ভাৰতৰ ৰাষ্ট্ৰ প্ৰশাসনৰ ব্যৱস্থাক গণতান্ত্ৰিক বুলি কব নোখোজে। কাৰণ গণতন্ত্ৰৰ এটি মূল ধাৰা হৈছে সমূহীয়া সিদ্ধান্ত গ্ৰহণ ক্ষমতা।

    মধ্যযুগঃ এই সময়ছোৱাত ইউৰোপৰ বিভিন্ন ৰাষ্ট্ৰত যেনে- আইছলেণ্ড, চুইজাৰলেণ্ড, আয়াৰলেণ্ড, ওমান, ইটালী, পোলেণ্ড, বস্কো আদিৰ লগতে ভাৰততো বহু সৰু সৰু ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাৰ প্ৰকৃতি মনকৰিবলগীয়া। অৱশ্যে এই ৰাষ্ট্ৰবোৰত বহু এনেকুৱা অনুস্থান আছিল যিবোৰত জনসাধাৰণে প্ৰতিনিধি বা শাসকসকলৰ নিয়োগত অংশ গ্ৰহণ কৰিছিল। কিন্তু এনেবোৰ অনুষ্ঠান পূৰ্ণাঙ্গ অৰ্থত গণতান্ত্ৰিক নাছিল। কাৰণ এইবোৰৰ বেছি সংখ্যকেই আছিল ধনীকতন্ত্ৰ বা অভিজাতন্ত্ৰৰ আৰ্হিৰ আৰু সামন্তবাদী প্ৰকৃতিৰ।


(j) ধ্ৰুপদী গণতন্ত্ৰৰ বৈশিষ্ট্য

( Features of Classical Democracy)

উত্তৰঃ ধ্ৰুপদী গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহ হল-

১) ব্যক্তি আৰু ব্যক্তি স্বাধীনতাঃ এই গণতন্ত্ৰৰ মূল অংগ হল ব্যক্তি। সু-গুণসম্পন্ন, সামাজিক, নৈতিকতা সম্পন্ন ব্যক্তি আৰু তেওঁলোকৰ স্বতন্ত্ৰতা তথা স্বাধীনতা ধ্ৰুপদী গণতন্ত্ৰৰ অপৰিহাৰ্য্য অংগ। ব্যক্তি স্বাধীনতা ৰক্ষা কৰা আৰু ব্যক্তিৰ মুক্ত চিন্তা-চৰ্চা তথা মত প্ৰকাশৰ অধিকাৰ এই গণতন্ত্ৰৰ বাবে গুৰুত্বপূৰ্ণ বিষয়।

২) আইনৰ শাসনঃ ঐতিহ্যগত গণতন্ত্ৰৰ চিন্তাবিদ সকলে জনগণৰ পৌৰ স্বাধীনতা ৰক্ষাৰ বাবে আইনৰ শাসন প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব দিয়ে। তদুপৰি দেশৰ প্ৰশাসন ব্যৱস্থা আইন তথা দেশৰ সাংবিধানিক নীতি নিয়মৰ দ্বাৰা পৰিচালিত হোৱাটো এই গণতন্ত্ৰৰ বাবে অতি জৰুৰী।

৩) ব্যক্তিৰ কল্যাণ আৰু নিৰাপত্তাঃ ধ্ৰুপদী গণতন্ত্ৰত ব্যক্তিৰ সৰ্বস্তৰৰ বিকাশ তথা কল্যাণ আৰু সম্পত্তি আৰু জীৱনৰ নিৰাপত্তা প্ৰদান এক গুৰুত্বপূৰ্ণ কৰণীয় কাৰ্য্য হিচাপে বিবেচনা কৰা হয়। ইয়াৰোপৰি ব্যক্তিৰ পাৰিবাৰিক স্বাধীনতা বিশেষকৈ বিবাহ আৰু সম্পত্তিৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলা উভয়ৰে সম-অধিকাৰৰ ওপৰতো গুৰুত্ব দিয়ে।

৪) ৰাজনৈতিক স্বাধীনতা আৰু জন সাৰ্বভৌমত্বঃ ৰজনৈতিক স্বাধীনতা ধ্ৰুপদী গণতন্ত্ৰৰ এক উল্লেখযোগ্য অংগ। চৰকাৰ গঠন আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ অতি জৰুৰী। জনগণৰ সন্মতি নোহোৱাকৈ চৰকাৰে দেশৰ শাসন প্ৰক্ৰিয়া পৰিচালনা কৰটো এই গণতন্ত্ৰৰ পৰিপন্থী। এই গণতন্ত্ৰৰ মূল ভিত্তিয়েই হল জনসাৰ্বভৌমত্ব। অৰ্থাৎ জনগণেই হল সৰ্বোচ্চ ক্ষমতাৰ মূল উৎস।

৫) শান্তিপূৰ্ণ সহযোগিতাঃ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত ধ্ৰুপদী গণতন্ত্ৰৰ সমৰ্থকসকলে শান্তিপূৰ্ণভাৱে কাৰ্য্য সম্পাদন হোৱাৰ উপৰিও সহযোগিতাৰ ওপৰত গুৰুত্ব দিয়ে। সংঘাট বা যুদ্ধ আদিক পৰিহাৰ কৰি শান্তিপূৰণ আলোচনাৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় সমস্যা সমাধান কৰাটো এই গণতন্ত্ৰৰ এক উল্লেখনীয় বৈশিষ্ট্য।


৩২. গণতন্ত্ৰ কি ? গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহ কি কি ?

What is democracy? What are its features ?

উত্তৰঃ গণতন্ত্ৰ হল এনে এক চৰকাৰ যত শাসক গোটে তুলনামূলক ভাৱে সমগ্ৰ জাতিটোৰ ডাঙৰ গোট হিচাপে প্ৰতিনিধিত্ব কৰে। ''গণতন্ত্ৰ শব্দটিয়ে এনে এক চৰকাৰ ব্যৱস্থাক বুজায় যত ৰাষ্ট্ৰখনৰ শাসন ক্ষমতা কোনো এক নিৰ্দ্দিষ্ট শ্ৰেণী বা শ্ৰেণী গোষ্ঠীৰ হাতত নাথাকি সামগ্ৰিক জাতিটোৰ প্ৰতিনিধিৰ হাততহে থাকে''।

    গণতন্ত্ৰৰ বৈশিষ্ট্যসমূহ হল- 

   (১) সংখ্যাগৰিষ্ঠৰ শাসনঃ গণতন্ত্ৰ হৈছে সংখ্যাগৰিষ্ঠ জনগণৰ মতামতৰ ওপৰত প্ৰতিষ্ঠিত শাসন। এই শাসন ব্যৱস্থাত চৰকাৰৰ সকলোবোৰ সিদ্ধান্ত সংখ্যাগৰিষ্ঠ মতামতৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰা হয়। চৰকাৰৰ তিনিওটা অংগ ক্ৰমে- বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাই ইয়াৰ সিদ্ধান্ত সমূহ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত লোৱা দেখা যায়। অৱশ্যে ইয়াত সংখ্যালঘিষ্ঠ সকলৰো স্বাৰ্থ সুৰক্ষিত কৰাৰ সম্পূৰ্ণ ব্যৱস্থা থাকে। 

(২) ৰাজনীতিত অংশগ্ৰহণঃ গণতন্ত্ৰত প্ৰাপ্তবয়স্ক সকল জাত, ধৰ্ম, বৰ্ণ, ভাষা, লিঙ্গ তথা ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে ভোটদানৰ অধিকাৰ দিয়া হয়। ভোটদানৰ জৰিয়তে প্ৰত্যোক্ষ বা পৰোক্ষভাৱে নাগৰিকে সমভাৱে দেশৰ শাসন ব্যৱস্থাত অংশগ্ৰহণৰ সুযোগ লাভ কৰে। গতিকে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ গণতন্ত্ৰৰ বাবে অপৰিহাৰ্য। ইয়াৰোপৰি প্ৰত্যেক গৰাকী নাগৰিকে নিৰ্বাচনত অংশ গ্ৰহণৰ সম অধিকাৰ লাভ কৰাৰ উপৰিও নিৰ্বাচিত হলে ৰাষ্ট্ৰৰ শাসন প্ৰক্ৰিয়াত নিজকে জড়িত কৰিবলৈ সুযোগ পায়। অৱশ্যে এই ক্ষেত্ৰত ৰাষ্ট্ৰভেদে কিছুমান যোগ্যতা ুূৰ কৰাৰ প্ৰয়োজন নথকা নহয়। গতিকে ৰাজনীতিত অংশ গ্ৰহণৰ পূৰ্ণ সুযোগ গণতন্ত্ৰত সকলোৰে বাবে মুক্ত।

(৩) সমতাৰ নীতিঃ সমতা হৈছে গণতন্ত্ৰৰ মূল নীতি। সকলো নাগৰিকক সম জ্ঞান কৰাটো গণতন্ত্ৰৰ এক বিশেষত্ব। সামাজিক, ৰাজনৈতিক, ন্যায়িক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰত জাতি, ধৰ্ম, বৰ্ণ, লিঙ্গ, গোষ্ঠী, ভাষা, সম্প্ৰদায়, ধনী-দুখীয়া নিৰ্বিশেষে সকলো নাগৰিককে সম জ্ঞান তথা সম মৰ্য্যদা প্ৰদানৰ সুবিধা দিয়াটো অপৰিহাৰ্য্য। বিভিন্ন সমালোচক সকলে সমতাৰ নীতিক গণতন্ত্ৰৰ মূল ভেঁটি হিচাপে দাবী কৰা দেখা যায়।

(৪) আইনৰ শাসনঃ গণতন্ত্ৰৰ এক মূল বৈশিষ্ট্য হৈছে আইনৰ অনুশাসন। আইনৰ দৃষ্টিত সকলো স্তৰৰ ব্যক্তিক সমজ্ঞান কৰাটো গণতন্ত্ৰৰ মূল ধৰ্ম। শাসক তথা শাসিত প্ৰত্যেক গৰাকী ব্যক্তি ৰাষ্ট্ৰৰ মৌলিক আইন অৰ্থাৎ সংবিধানৰ অন্তৰ্গত। গণতন্ত্ৰত কোনো ব্যক্তিয়েই আইনৰ উৰ্দ্ধত নহয়। সেয়েহে গণতন্ত্ৰত বসবাস কৰা নাগৰিকে আইনৰ প্ৰতি সন্মান জনোৱাটো আৰু আইনৰ দ্ধাৰা পৰিচালিত হোৱাটো অতি গুৰুত্বপূৰ্ণ।

(৫) জন সাৰ্বভৌমত্বঃ জনসাৰ্বভৌমত্ব গণতন্ত্ৰৰ এক মূল নীতি। কাৰণ গণতন্ত্ৰত জনসাধাৰণেই হৈছে সকলো ক্ষমতাৰ মূল উৎস। জনগণৰ ইচ্ছাৰ অবিহনে গণতান্ত্ৰিক শাসন সম্ভৱপৰ নহয়। ৰাষ্ট্ৰৰ পৰিচালকসকলে তেওঁলোকৰ শাসনকাৰ্য্য পৰিচালনা তেতিয়ালৈকে চলাই নিব পাৰে যেতিয়ালৈকে জনতাই তেওঁলোকক স্বীকাৰ কৰে। এই শাসন ব্যৱস্থাত জন সাৰ্বভৌমত্বক শাসকসকলে সন্মান প্ৰদৰ্শন কৰি এক সুস্থিৰ চৰকাৰ পৰিচালনা কৰিবলৈ দায়বদ্ধ থাকে।


৩৩. গণতন্ত্ৰৰ সংজ্ঞা দিয়া। ইয়াৰ মূল নীতিসমূহৰ পৰীক্ষামূলক আলোচনা কৰা।

Define Democracy. Examine its basic Principles.

উত্তৰঃ অধ্যাপক ডাইচীৰ মতে, গণতন্ত্ৰ হল এনে এক চৰকাৰ যত শাসক গোটে তুলনামূলক ভাৱে সমগ্ৰ জাতিটোৰ ডাঙৰ গোট হিচাপে প্ৰতিনিধিত্ব কৰে। চিলীৰ মতে, ''গণতন্ত্ৰ হল এক চৰকাৰ যত প্ৰত্যেক জনৰে অংশ থাকে। সাম্প্ৰতিক কালৰ মহান ৰাজনৈতিক বিজ্ঞানী লৰ্ড ব্ৰাইচে গণতন্ত্ৰৰ সংজ্ঞাৰ ক্ষেত্ৰত উল্লেখ কৰি কয়, ''গণতন্ত্ৰ শব্দটিয়ে এনে এক চৰকাৰ ব্যৱস্থাক বুজায় যত ৰাষ্ট্ৰখনৰ শাসন ক্ষমতা কোনো এক নিৰ্দ্দিষ্ট শ্ৰেণী বা শ্ৰেণী গোষ্ঠীৰ হাতত নাথাকি সামগ্ৰিক জাতিটোৰ প্ৰতিনিধিৰ হাততহে থাকে''।

    (১) সংখ্যাগৰিষ্ঠৰ শাসনঃ গণতন্ত্ৰ হৈছে সংখ্যাগৰিষ্ঠ জনগণৰ মতামতৰ ওপৰত প্ৰতিষ্ঠিত শাসন। এই শাসন ব্যৱস্থাত চৰকাৰৰ সকলোবোৰ সিদ্ধান্ত সংখ্যাগৰিষ্ঠ মতামতৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰা হয়। চৰকাৰৰ তিনিওটা অংগ ক্ৰমে- বিধানমণ্ডল, কাৰ্য্যপালিকা আৰু ন্যায়পালিকাই ইয়াৰ সিদ্ধান্ত সমূহ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত লোৱা দেখা যায়। অৱশ্যে ইয়াত সংখ্যালঘিষ্ঠ সকলৰো স্বাৰ্থ সুৰক্ষিত কৰাৰ সম্পূৰ্ণ ব্যৱস্থা থাকে।

    (২) ৰাজনীতিত অংশগ্ৰহণঃ গণতন্ত্ৰত প্ৰাপ্তবয়স্ক সকল জাতি, ধৰ্ম, বৰ্ণ, ভাষা, লিঙ্গ তথা ধনী-দুখীয়া নিৰ্বিশেষে সকলোকে ভোটদানৰ অধিকাৰ দিয়া হয়। ভোটদানৰ জৰিয়তে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নাগৰিকে সমভাৱে দেশৰ শাসন ব্যৱস্থাত অংশ গ্ৰহণৰ সুযোগ লাভ কৰে। গতিকে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ গণতন্ত্ৰৰ বাবে অপৰিহাৰ্য্য। ইয়াৰোপৰি প্ৰত্যেক গৰাকী নাগৰিকে নিৰ্বাচনত অংশ গ্ৰহণৰ সম অধিকাৰ লাভ কৰাৰ উপৰিও নিৰ্বাচিত হলে ৰাষ্ট্ৰৰ শাসন প্ৰক্ৰিয়াত নিজকে জড়িত কৰিবলৈ সুযোগ পায়। 

    (৩) সমতাৰ নীতিঃ সমতা হৈছে গণতন্ত্ৰৰ মূল নীতি। সকলো নাগৰিকক সম জ্ঞান কৰাটো গণতন্ত্ৰৰ এক বিশেষত্ব। সামাজিক, ৰাজনৈতিক, ন্যায়িক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰত জাতি, ধৰ্ম, বৰ্ণ, লিঙ্গ, গোষ্ঠী, ভাষা, সম্প্ৰদায়, ধনী-দুখীয়া নিৰ্বিশেষে সকলো নাগৰিককে সম জ্ঞান তথা সম মৰ্য্যদা প্ৰদানৰ সুবিধা দিয়াটো অপৰিহাৰ্য্য। বিভিন্ন সমালোচক সকলে সমতাৰ নীতিক গণতন্ত্ৰৰ  মূল ভেঁটি হিচাবে দাবী কৰা দেখা যায়।


৩৪. গণতন্ত্ৰ বুলিলে তুমি কি বুজা ? ইয়াৰ গুণ আৰু দোষসমূহ আলোচনা কৰা।

What do you mean by Democracy ? Discuss its merits and demerits.

উত্তৰঃ গণতন্ত্ৰ বুলিলে আমি জনগণৰ 'ক্ষমতা' বা জনগণৰ ক্ষমতাৰ ওপৰত প্ৰতিষ্ঠিত শাসন ব্যৱস্থাৰ কথা বুজো।

 গণতন্ত্ৰৰ গুণসমূহ হল- 

    ১) গণতন্ত্ৰ অতি জনপ্ৰিয় আৰু গ্ৰহণযোগ্য শাসন ব্যৱস্থা। ইয়াত জনসাধাৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে শাসন প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। গতিকে জনগণৰ ৰাজনৈতিক অধিকাৰ সাব্যস্তকৰণৰ উত্তম মঞ্চখনেই হৈছে গণতন্ত্ৰ। ইয়াত শাসক ষআৰু শাসিত উভয়ে নিজ-নিজ দায়িত্ব আৰু কৰ্তব্য়ৰ প্ৰতি সজাগ থাকে। জনগণৰ এনে ৰাজনৈতিক অধিকাৰৰ ফলস্বৰূপে চৰকাৰ নিজ কাম-কাজৰ বাবে ৰাইজৰ ওচৰত দায়বদ্ধ থাকে।

    ২) গণতন্ত্ৰত গণবিপ্লৱৰ আশংকা নিচেই কম। কিয়নো জনসাধাৰণ নিজেই শাসনৰ অংশীদাৰ হোৱা হেতুকে শান্তিপূৰ্ণ সাংবিধানিক প্ৰক্ৰিয়াৰে যিকোনো সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰা হয়। আলাপ-আলোচনা তথা যুক্তিযুক্ততাৰ ভিত্তিত সহমতত উপনীত হলেহে ৰাষ্ট্ৰ পৰিচালনাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ গ্ৰহণ কৰা হয়। সেয়েহে সম অধিকাৰ, সম সুযোগ, ব্যক্তি স্বাধীনতা, মতামত প্ৰকাশৰ স্বাধীনতা, মতামত প্ৰকাশৰ স্বাধীনতা আদিয়ে গণতন্ত্ৰত বিপ্লৱৰ পৰিৱৰ্ত্তে শান্তিপূৰ্ণ সহযোগিতামূলক বাতাবৰণহে সৃষ্টি কৰে।

    ৩) গণতন্ত্ৰ সমতা আৰু স্বধীনতাৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। এই ব্যৱস্থাত জাতি, ধৰ্ম, বৰ্ণ, লিঙ্গ, ভাষা, সম্প্ৰদায়, শ্ৰেণী নিৰ্বিশেষে সকলোৱে সম অধিকাৰ, সুযোগ আৰু স্বাধীনতা লাভ কৰে। ইয়াত আইনৰ শাসন প্ৰৱৰ্তন হোৱা বাবে আইনৰ দৃষ্টিত সকলো সমান আৰু সকলোকে সমভাৱে নিৰাপত্তা তথা ৰক্ষণাবেক্ষণ দিয়া হয়। চৰকাৰৰ যিকোনো কৰ্মসূচীত যোগ্যতাৰ ভিত্তিত সমান সুযোগ আৰু ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ বাবে পৰ্য্যাপ্ত সুবিধা প্ৰদান কৰা হয়। সাংবিধানিক ব্যৱস্থাৰ জৰিয়তে জনসাধাৰণৰ স্বাধীনতাক সুৰক্ষা প্ৰদান কৰাটো গণতন্ত্ৰৰ মূল নীতি।

    ৪) গণতন্ত্ৰই জনসাধাৰণৰ ৰাজনৈতিক জ্ঞান আৰু চেতনা বৃদ্ধি কৰে। জনগণে প্ৰত্যক্ষ বা পৰোক্ষ পদ্ধতিৰ জৰিয়তে শাসন প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰি ৰাজনৈতিক জ্ঞান লাভ কৰে আৰু গণতন্ত্ৰৰ অংগ ৰাজনৈতিক দল আৰু প্ৰচাৰ মাধ্যমৰ সহযোগত দেশ পৰিচালনাৰ নীতি তথা কাৰ্য্যসূচীৰ ওপৰত দৃষ্টি প্ৰদানৰ জৰিয়তে ৰাজনৈতিক চেতনা বৃদ্ধি কৰিবলৈ সক্ষম হয়। জনগণৰ এনে অভিজ্ঞতাৰ ফলস্বৰূপে চৰকাৰ পৰিচালনা কৰা শাসকসকল জনগণৰ প্ৰতি অধিক দায়বদ্ধ হৈ পৰে।

    ৫) গণতন্ত্ৰ হল জনগণৰ প্ৰতি দায়বদ্ধ চৰকাৰ ব্যৱস্থা যত স্বেচ্ছাচাৰী শাসনৰ সুযোগ নাথাকে। এই শাসন ব্যৱস্থাত জনসাধাৰণৰ ইচ্ছাক সন্মান দিয়া হয়। জনমতক উপেক্ষা কৰি শাসন পৰিচালিত কৰিব বিচৰা শাসক সকলক জনগণে সহজেই প্ৰত্যাখ্যান কৰিব পাৰে। সেয়ে শাসক সকলে জনসাধাৰণক সেৱক হিচাপে জনতাৰ স্বাৰ্থৰ হকে কাম কৰা দেখা যায়। ফলত জনমতে গণতন্ত্ৰত এক সবল ভূমিকা পালন কৰে।

 গণতন্ত্ৰৰ দোষসমূহ হৈছে-

    ১) গণতন্ত্ৰত গুণতকৈ সংখ্যাৰ ওপৰত ভিত্তি কৰি দেশ পৰিচালিত হয়। ইয়াত যোগ্য আৰু অভিজ্ঞসকলৰ স্থান সীমিত। সেয়ে বহুতে ইয়াক চহা মানুহৰ শাসন বুলি কব বিচাৰে। অজ্ঞ আৰু অনভিজ্ঞ সংখ্যাগৰিষ্ঠ লোকৰ সমৰ্থনত কাৰিকৰী ভাৱে উন্নত ব্যক্তি বঞ্চিত হোৱাটো স্বাভাৱিক হৈ পৰে। এখন সুস্থ-সবল চৰকাৰ গঠনৰ বাবে সংখ্যাতকৈ গুণগত মানহে বেছি গুৰুত্বপূৰ্ণ।

    ২) গণতান্ত্ৰিক ব্যৱস্থাত চৰকাৰৰ কাম-কাজ অতি মন্থৰ গতিত আগবাঢ়ে। ৰাষ্ট্ৰীয় সংকট বা যুদ্ধৰ সময়ত এই চৰকাৰে খৰকটীয়া সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ দীঘলীয়া ব্যৱস্থাৰ আলাপ-আলোচনাৰ বাবে লেহেমীয়া হয়। এনে প্ৰক্ৰিয়াই ৰাষ্ট্ৰৰ বিস্তৰ ক্ষতি সাধন কৰে।

    ৩) গণতান্ত্ৰিক ব্যৱস্থা অধিক ব্যয়বহুল। চৰকাৰৰ বিভিন্ন সিদ্ধান্তৰ বাবে বহুতৰপীয়া শাসন পদ্ধতিয়ে ইয়াক অধিক খৰচী কৰি তোলাৰ উপৰিও এই ব্যৱস্থাত জনতাৰ আস্থা লাভৰ বাবে সভা-সমিতি, প্ৰচাৰ আদি কাৰ্য্যটো বহু অৰ্থৰ অপচয় হয়। তদুপৰি নিৰ্বাচন পতা আৰু ইয়াৰ পৰিচালনাত ৰাজকোষৰ ধনৰ যথেষ্ট অপচয় ঘটে আৰু ইয়াৰ পৰিণতিত ৰাষ্ট্ৰীয় বিকাশ বাধাগ্ৰস্ত হয়।


৩৬. গণতন্ত্ৰৰ ইতিহাস সম্পৰ্কে এটি চমু টোকা প্ৰস্তুত কৰা।

"Write a brief note on the history of democracy .

উত্তৰঃ গণতন্ত্ৰৰ ধাৰণাটো অতি প্ৰাচীন আৰু ই বহুগুণবিশিষ্ট শাসন ব্যৱস্থা। গণতান্ত্ৰিক শাসন ব্যৱস্থাক ৰাজনৈতিক চিন্তাবিদ তথা দাৰ্শনিক আৰু জনসাধাৰণে আকোৱালি লোৱাৰ অন্তৰালত প্ৰায় ২৫০০ বছৰীয়া ৰাজনৈতিক ইতিহাস জড়িত। বিভিন্ন সময়ত বহুতো ৰাজনৈতিক চিন্তাবিদ তথা নৃতত্বদিদ তথা বুৰঞ্জীবিদসকলে গণতন্ত্ৰৰ উৎপত্তি, ক্ৰমবিকাশ তথা ধাৰণাৰ ক্ষেত্ৰত ভিন্ন মত পোষণ কৰি আহিছে। কিছুসংখ্যক নৃতত্ত্ববিদৰ মত অনুসৰি আদিম যুগত মানুহে চিকাৰ কৰি জীৱন-নিৰ্বাহ কৰোঁতেও গণতান্ত্ৰিক আৰ্হিৰে সামূহিকভাৱে গোট বান্ধি অঘৰীভাৱে ঘূৰি ফূৰিছিল। ইয়াৰ পৰৱৰ্ত্তী সময়ছোৱাতো বিশেষকৈ কৃষিবৃত্তি গ্ৰহণ কৰি স্থায়ীভাৱে সমাজ পাতি বাস কৰোতে মানুহে একেই গণতান্ত্ৰিক আৰ্হিৰ জীৱনধাৰা চলাই গৈছিল। এনে ধাৰণাৰ ক্ষেত্ৰত বৰ্তমানেও পৃথিৱীৰ কিছুমান আছুতীয়াকৈ থকা অঞ্চলত প্ৰাচীন জনগোষ্ঠীৰ সমাজত প্ৰায় ৫০ ৰ পৰা ১০০ জনীয়া সদস্যৰ গোটৰ মাজত থকা গণতান্ত্ৰিক আৰ্হিৰ জীৱনশৈলীৰ কথা উল্লেখ কৰিব পাৰি। এনে গোটসমূহে এতিয়াও পাৰিবাৰিক ক্ষেত্ৰত কঠোৰ সামাজিক বান্ধোনত থাকি তেওঁলোকৰ সিদ্ধান্তবোৰ সামূহিকভাৱে গ্ৰহণ কৰা দেখা যায়। এওঁলোকৰ প্ৰায়বোৰ সিদ্ধান্ত সংখ্যাগৰিষ্ঠ মতত গ্ৰহণ কৰি গোটৰ সকলো সদস্যৰ মাজত ইয়াক বাধ্যতামূলকভাৱে প্ৰয়োগ কৰা হয়। গতিকে বৰ্তমানেও বিশ্বৰ বিভিন্ন প্ৰান্তত থকা প্ৰাচীন জনগোষ্ঠীৰ এই ধৰণৰ জীৱনশৈলীৰ পৰা অনুমান কৰিব পাৰি যে গণতান্ত্ৰিক ধ্যান ধাৰণাৰ প্ৰাৰম্ভিক চিন্তা মানুহৰ যাযাবৰী জীৱনৰ সময়ছোৱাৰে পৰা ছেগা-চোৰোকা কৈ আৰম্ভ হৈছিল আৰু এনে ধৰণৰ গণতান্ত্ৰিক আৰ্হিসম্পন্ন ব্যৱস্থাক জনগোষ্ঠীয় বা আদিম গণতন্ত্ৰ বুলি জনা যায়।


৩৭. মধ্যযুগত গণতন্ত্ৰৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে লিখা।

Write about the growth and development of democracy during Medieval Era.

উত্তৰঃ এই সময়ছোৱাত ইউৰোপৰ বিভিন্ন ৰাষ্ট্ৰত যেনে- আইছলেণ্ড, চুইজাৰলেণ্ড, আয়াৰলেণ্ড, ওমান, ইটালী, পোলেণ্ড, বস্কো আদিৰ লগতে ভাৰততো বহু সৰু সৰু ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাৰ প্ৰকৃতি মনকৰিবলগীয়া। অৱশ্যে এই ৰাষ্ট্ৰবোৰত বহু এনেকুৱা অনুস্থান আছিল যিবোৰত জনসাধাৰণে প্ৰতিনিধি বা শাসকসকলৰ নিয়োগত অংশ গ্ৰহণ কৰিছিল। কিন্তু এনেবোৰ অনুষ্ঠান পূৰ্ণাঙ্গ অৰ্থত গণতান্ত্ৰিক নাছিল। কাৰণ এইবোৰৰ বেছি সংখ্যকেই আছিল ধনীকতন্ত্ৰ বা অভিজাতন্ত্ৰৰ আৰ্হিৰ আৰু সামন্তবাদী প্ৰকৃতিৰ। এই সময়ৰ উল্লেখনীয় ব্যৱস্থা আছিল চুইজাৰলেণ্ডত প্ৰৱৰ্ত্তিত Landgemeinde অৰ্থাৎ নগৰ সভা। এই সভা অতি পৌৰাণিক আৰু পৱিত্ৰ বুলিয়েই চুইজাৰলেণ্ডৰ প্ৰত্যক্ষ গণতান্ত্ৰিক ব্যৱস্থাত মানি অহা হৈছে। চুইজাৰলেণ্ডৰ কিছু সংখ্যক পাহাৰীয়া কেণ্টনত প্ৰাপ্তবয়স্ক নাগৰিকসকলে বছৰত এবাৰ বা দুবাৰ কোনো নিৰ্দিষ্ট ঠাইত সমবেত হৈ জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ উপৰিও দেশ প্ৰশাসনৰ লগত জড়িত বিত্তীয় তথা ৰাজহুৱা কামৰ ওপৰত সিদ্ধান্ত লয়।


৩৮. কুৰি শতিকা হৈছে গণতন্ত্ৰৰ সোণালী যুগ- আলোচনা কৰা।

The 20th century is regarded as the Golden Era of Democracy"- Discuss on it.

উত্তৰঃ কুৰি শতিকাত গণতন্ত্ৰই নতুনত্ব লাভ কৰি আমেৰিকা আৰু পশ্চিমীয়া জন সমাজত এক অদমনীয় আৱেগৰ সৃষ্টি কৰিছিল। এই শতিকাটোক গণতন্ত্ৰৰ বাবে সোণালী যুগ বুলি আখ্যা দিয়া হয়। ১৯০৬ চনত ফিলনেণ্ডত সাংবিধানিকভাৱে আধুনিক গণতান্ত্ৰিক অধিকাৰ, সাৰ্বজনীন ভোটাধিকাৰ, সমানুপাতিক প্ৰতিনিধিত্ব মূলক ভোট ব্যৱস্থা আদিৰ স্বীকৃতি দিয়া হয়। ১৯১৭ চনত ৰাছিয়াত কেইমাহ মানৰ বাবে উদাৰ গণতান্ত্ৰিক ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। এচিয়া, আমেৰিকা তথা লেটিন আমেৰিকাৰ বহুকেইখন ঔপনিবেশিক ৰাষ্ট্ৰ বা অঞ্চলত গণতান্ত্ৰিক আদৰ্শ যেনে- সমতা, স্বাধীনতা, ন্যায়, বৰ্ণ বৈষম্য বিৰোধ আদিৰ উন্মেষ ঘটি স্ব-নিয়ন্ত্ৰণৰ অধিকাৰৰ দাবীত গণ আন্দোলন গা কৰি উঠিছিল। এই সময়ছোৱাতে প্ৰায়বোৰ ঔপনিবেশিক শাসনৰ বিৰুদ্ধে জাতীয়বাদী আন্দোলনৰ নেতাসকল গণতান্ত্ৰিক ভাৱধাৰাৰে উদ্ধদ্ধ হৈ শক্তিশালী ৰূপত থিয় দিছিল। ১৯১৪ চনৰ পৰা ১৯১৯ চনলৈ চলা প্ৰথম মহাযুদ্ধৰ অন্তত নতুনকৈ গঢ়ি উঠা দেশসমূহত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰৱৰ্ত্তন কৰা হয় যদিও জাৰ্মানী আৰু ইটালীত ক্ৰমে হিটলাৰৰ দ্বাৰা নাজীবাদ আৰু মুছলিনীদ্বাৰা ফেচীবাদৰ পোষকতাই গণতন্ত্ৰৰ প্ৰতি প্ৰৱল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। এওঁলোকৰ একনায়কত্ববাদী তথা সাম্ৰাজ্যবাদী মনোভাৱৰ পৰিণতিত ১৯৩৯ চনত দ্বিতীয় মহাযুদ্ধৰ সূচনা হৈছিল। ইয়াৰোপৰি ১৯৩০ চনত সমগ্ৰ বিশ্ব জুৰি দেখা দিয়া অৰ্থনৈতিক সংকটে ইউৰোপৰ লগতে লেটিন আমেৰিকাৰ আৰু কিছু সংখ্যক ৰাষ্ট্ৰ যেনে- জাৰ্মানী, ইটালী, জাপান, কিউবা,পৰ্টুগাল, স্পেইন আদিত গণতন্ত্ৰৰ পৰিৱৰ্তে একনায়কত্ববাদী শাসন ব্যৱস্থাই গঢ় লৈ উঠে। কিন্তু দ্বিতীয় মহাযুদ্ধত মিত্ৰশক্তিৰ জয় লাভে গণতান্ত্ৰিক ভাৱধাৰাক পুনৰ উজ্জীৱিত কৰি তোলে। এই সময়ছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ইটালী, ফ্ৰান্স, অষ্ট্ৰিয়া আদি ৰাষ্ট্ৰত গণতন্ত্ৰৰ আধুনিক ধাৰা সন্নিৱিষ্ট হয়।

    ১৯৪৮ চনত ইজৰাইলে স্বাধীনতা লাভ কৰিয়েই মধ্য-প্ৰাচ্যৰ প্ৰথম পুৰ্ণাঙ্গ গণতান্ত্ৰিক ৰাষ্ট্ৰত পৰিণত হয়। ১৯৪৭ চনত স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষ ১৯৫০ চনত এখন প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰত ৰূপান্তৰিত হয় আৰু পৃথিৱীৰ এখন সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ১৯৬৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ৫ সংখ্যক সংবিধান সংশোধন অনুসৰি পৌৰ অধিকাৰ আইন আৰু ভোটদান অধিকাৰ আইন গৃহীত হয়। অৱশ্যে গণতন্ত্ৰৰ বিপৰীতে ৰাছিয়াত সাম্যবাদী শাসন ব্যৱস্থা প্ৰৱৰ্ত্তন হোৱা বাবে পূৱ ইউৰোপৰ ভালে সংখ্যক ৰাষ্ট্ৰক এই সাম্যবাদী ভাৱধাৰাই গ্ৰাস কৰিছিল। কিন্তু ১৯৮০ৰ দশকত মধ্য আৰু পূৱ ইউৰোপৰ ৰাষ্ট্ৰসমূহেও লাহে লাহে উদাৰ গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ পৰবৰ্ত্তিত হয়।


৩৯. পৌৰাণিক যুগত গণতান্ত্ৰিক পদ্ধতিৰ চৰকাৰ ব্যৱস্থাৰ উৎপত্তি আৰু বিকাশৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা।

Write a note on the growth and development of democratic system of government during ancient period.

উত্তৰঃ পৌৰাণিক যুগত গণতান্ত্ৰিক পদ্ধতিৰ চৰকাৰ ব্যৱস্থাৰ উৎপত্তি আৰু বিকাশৰ ওপৰত  এটি টোকা প্ৰস্তুত কৰা-


৪৩. গণতন্ত্ৰৰ বহুত্ববাদী তত্ত্বৰ বিষয়ে বিতংককৈ আলোচনা কৰা।

Discuss in detail about the pluralist Theory of Democracy.

উত্তৰঃ গণতন্ত্ৰৰ বহুত্ববাদী তত্ত্বটো আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় দ্বিতীয় মহাযুদ্ধৰ পাছৰে পৰা গা কৰি উঠে। এই তত্ত্বৰ লগত জড়িত কেইগৰাকীমান উল্লেখযোগ্য চিন্তাবিদ হৈছে- ৰবাৰ্ট ডাল, চাৰটৰী, বেৰেলচন, হাণ্টাৰ, এগাৰ, একষ্টেইন আদি। বিশেষকৈ গণতন্ত্ৰৰ এলিট তত্ত্বৰ বিপৰীতে এই বহুত্ববাদী ধাৰণা গঢ় লৈ উঠে। এই ধাৰণা অনুসৰি ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা সেই সমাজত থকা সকলো সৰু বৰ গোষ্ঠী বা অনুষ্ঠান প্ৰতিষ্ঠানৰ হাতত ভাগ হয়। ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতাৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ এই ধাৰণাৰ মূল বা প্ৰধান বিষয় । ডি.প্ৰেছথাছৰ মত অনুসৰি বহুত্ববাদী গণতন্ত্ৰ হল এনে এক ব্যৱস্থা যত ৰাষ্ট্ৰৰ সিদ্ধান্ত গ্ৰহণৰ ৰাজনৈতিক ক্ষমতাসমূহ ৰাষ্ট্ৰৰ বিভিন্ন বিভাগৰ মাজত বিভাজিত হোৱাৰ উপৰিও ৰাষ্ট্ৰৰ বিভিন্ন অনুষ্ঠান, গোষ্ঠী, ব্যক্তিও এই ক্ষমতাৰ অংশীদাৰ হয় ।

বহুত্ববাদী ধাৰণাৰ সমৰ্থকসকলৰ মতে ৰাষ্ট্ৰৰ ৰাজনৈতিক তথা সিদ্ধান্তকাৰী ক্ষমতা কেৱল কমসংখ্যক লোকৰ হাতত থাকিলে গণতন্ত্ৰৰ মূল নীতি স্বাধীনতা, সমতা ন্যায়, আদিৰ মূল্য নোহোৱা হৈ একনায়কত্ববাদী ব্যৱস্থা গঢ় লৈ উঠাৰ সম্ভাৱনা বৃদ্ধি পায় । গতিকে গণতন্ত্ৰৰ সুৰক্ষা আৰু একনায়কত্ববাদক বাধা দিয়াৰ উদ্দেশ্যেৰে বহুত্ববাদী গণতন্ত্ৰৰ অতি প্ৰয়োজন । এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বা বিশেষভাৱে প্ৰয়োজনীয় বিষয়সমূহত নিৰ্বাচনৰ জৰিয়তে জনমত গ্ৰহণ কৰাৰো বহুত্ববাদৰ সমৰ্থকসকলে বিচাৰে । চৰকাৰৰ ক্ষমতাসমূহ বিভিন্ন ভাগত বিভক্ত হোৱাৰ উপৰিও এই বিভাগসমূহৰ ক্ষমতা প্ৰয়োগৰ ক্ষেত্ৰত কোনেও কাকো বাধা দিয়া বা হস্তক্ষেপ কৰা অনুচিত বুলিও বহুত্ববাদীসকলে উল্লেখ কৰিছে । বহুত্ববাদীসকলে ক্ষমতাৰ বিভাজনকে ধৰি ৰাষ্ট্ৰৰ সামগ্ৰীক বিকাশৰ লক্ষ্যৰে সমাজত উপলব্ধ গোষ্ঠী, মালিক , শ্ৰমিক, গোচ সংগঠন তথা ব্যক্তিৰ মাজত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা-বিকাশ হোৱাটো বিচাৰে । ক্ষমতাৰ এনে বিতৰণ বা বিকেন্দ্ৰীকৰণৰ দ্বাৰা সমাজত বৈষম্য আতৰ কৰিব পাৰি আৰু চৰকাৰৰ সিদ্ধান্ত গ্ৰহণত সকলোৱে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে । এই ধাৰণাত সমাজৰ বিভিন্ন গোটৰ মাজত দায়বদ্ধতা আৰু প্ৰতিযোগিতা থাকে আৰু ইয়াৰ ফলত এই গণতন্ত্ৰ সামগ্ৰীক বা সমাজৰ গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে । এনে ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পায় আৰু জনতাই ৰাজনৈতিক অংশগ্ৰহণত সক্ৰিয় ভূমিকা পালন কৰে । ফলত ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ পূৰ্ণ সুযোগ বহুত্ববাদী গণতন্ত্ৰণত থাকে । 

গণতন্ত্ৰৰ বহুত্ববাদী তত্ত্বৰ বিপৰীতে কিছুমান চিন্তাবিদে সমালোচনা কৰা দেখা যায় । বিশেষকৈ গণতন্ত্ৰত থকা বিভিন্ন গোষ্ঠী বা গোট, দল-প্ৰতিষ্ঠান আদিৰ গুৰুত্ব এই ধাৰণাত দিয়া হৈছে যদিও প্ৰকৃত অৰ্থত এনে দল-সংগঠনসমূহেও জনসাধাৰণৰ পৰিৱৰ্তে নিজা স্বাৰ্থ পুৰণ কৰাতহে অধিক আগ্ৰহী আছিল । তাৰোপৰি এই গোট বা দলৰ নেতাসমূহ বেছি আত্মকেন্দ্ৰীক হৈ ব্যক্তিগত লাভালাভৰ কাৰণে কাম কৰে । এনে গোট বা সংগঠনৰ সক্ৰিয়তাই ব্যক্তিৰ ব্যক্তিগত যোগ্যতাক আওকাণ কৰি ব্যক্তি স্বাধীনতাৰ ধাৰণাকো অৱজ্ঞা কৰা দেখা যায় । গণতন্ত্ৰত দল, গোটৰ অত্যাধিক প্ৰভাৱে চৰকাৰী প্ৰশাসনত দুৰ্নীতি, শোষণ আদিৰ সম্প্ৰসাৰণ ঘটাৰ সম্ভাৱনা বৃদ্ধি কৰে । 

এই ধাৰণাক বিভিন্নজনে সমালোচনা কৰিলেও বহুত্ববাদী গণতন্ত্ৰৰ ধাৰণাটোৱে সংখ্যাগৰিষ্ঠৰ শাসন ব্যৱস্থাক দিয়া প্ৰাধান্যতা আধুনিক যুগত কোনেও নুই কৰিব নোৱাৰে । বৰ্তমান সময়ত যিকোনো গুৰুত্বপূৰ্ণ চৰকাৰী সিদ্ধান্তৰ ক্ষেত্ৰত জনমতক সকলো চৰকাৰী ব্যৱস্থাত গুৰুত্ব দিয়া হয় । 

৪৪. গণতন্ত্ৰ সম্পৰ্ক নাৰীবাদীসকলৰ মতামত ব্যাখ্যা কৰা ।

Explain the Feminist View on Democracy.

উত্তৰঃ প্ৰচলিত সমাজ ব্যৱস্থাত নাৰী আৰু পুৰুষৰ মাজত বিৰাজমান বিভেদসমূহ আতৰাই সমতা প্ৰতিষ্ঠা কৰিব বিচৰা দৃষ্টিভঙ্গীটোৱেহ হল নাৰীবাদী দৃষ্টিভঙ্গী । এক ৰাজনৈতিক মতবাদ হিচাপে জনাজাত  নাৰীবাদীৰ সমৰ্থকসকলে বিশ্বাস কৰে যে সমাজত নাৰীসকলে পুৰুষৰ সমান মৰ্যাদা আৰু সা-সুবিধা উপভোগৰ পৰা যুগ-যুগ ধৰি বঞ্চিত হৈ আহিছে । ইয়াৰ মূলতে হল সমাজত প্ৰচলিত হৈ থকা পিতৃতান্ত্ৰিক ব্যৱস্থা, যত পৰিয়াল আৰু সমাজৰ নেতৃত্ব বহন কৰাৰ উপৰিও সিদ্ধান্ত গ্ৰহণৰ সকলো ক্ষমতা পুৰুষৰ হাতত থাকে । 

তাৰোপৰি নাৰীবাদী চিন্তাবিদসকলে উদাৰনৈতিক গণতন্ত্ৰত থকা সামূহিক আৰু ব্যক্তিগত বিভাজন ব্যৱস্থাক সমৰ্থন নকৰে । তেওঁলোকে পৰিয়াল তথা ঘৰুৱা বিষয়ত পুৰুষ আৰু মহিলাসকলৰ মাজত থকা শ্ৰমৰ বিভাজনেই সামাজিক অসমতাৰ কাৰণ বুলি গণ্য কৰে । উদাৰ গণতান্ত্ৰিক ব্যৱস্থাত পৰিয়ালক এক ব্যক্তিগত বিষয় বুলি ধৰা হয় আৰু পৰিয়াল এক গণতান্ত্ৰিক অনুষ্ঠান হিচাপে স্বীকৃত নহয় । উগ্ৰ নাৰীবাদীসকলে ইয়াৰ বিৰোধিতা কৰি তেওঁলোকৰ মূল বাণী হিচাপে the personal is politicalক সংযোজন কৰে ।  আন এক দৃষ্টিকোণৰ পৰা নাৰীসকলে কব বিচাৰে যে ব্যক্তিগত ক্ষেত্ৰত থকা লিংগভিত্তিক শ্ৰম আৰু ক্ষমতাৰ বিভাজনৰ সৈতে সামূহিক ক্ষেত্ৰত থকা ৰাজনৈতিক আৰু ক্ষমতাৰ বৈষম্যমূলক বিভাজনৰ মাজত  এক সম্পৰ্ক আছে । কিয়নো পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ গণতান্ত্ৰিক পৰম্পৰাৰ এক দীঘলীয়া ইতিহাস থকা স্বত্বেও এনেবোৰ ৰাষ্ট্ৰত মহিলাসকলে সদৌ শেষতহে ভৌটদানৰ অধিকাৰ লাভ কৰে । প্ৰত্যক্ষ গণতন্ত্ৰৰ গৃহভূমি চুইজাৰলেণ্ডত মহিলাসকলে ৰাজনৈতিক ১৯৭১ চনতহে ভোটদানৰ অধিকাৰ লাভ কৰে । পৰৱৰ্তী সময়ত মহিলাসকলে ৰাজনৈতিক অধিকাৰ লাভ কৰিলেও আজি পৰ্যন্ত ৰাজনৈতিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত পুৰুষৰ তুলনাত তেওঁলোকৰ সংখ্যা অতি নগণ্য । উদাহৰণস্বৰূপে, ভাৰতৰ দৰে ৰাষ্ট্ৰত বিগত লোকসভাত ( ২০১৪ চন ) মহিলাৰ প্ৰতিনিধিত্বৰ হাৰ মাত্ৰ ১২ শতাংশ আৰু বৰ্তমানৰ লোকসভাত ইয়াৰ সংখ্যা হল ১৪ শতাংশ । সেয়েহে ব্যক্তিগত তথা ঘৰুৱা বিষয়ৰ অজুহাত স্বৰূপে মহিলাসকলক আজি পৰ্যন্ত আধুনিক গণতান্ত্ৰিক সমাজ ব্যৱস্থাটো অৱহেলা কৰা হৈছে বুলি নাৰীবাদী সকলে প্ৰতিবাদ কৰি আহিছে । তদুপৰি নাৰীসকলে সামাজিক বা ৰাজনৈতিক ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ হলে বহু কষ্টৰ উপৰিও সৱল আৰু শক্তিশালী বুলি প্ৰমাণ কৰিবলগীয়া হোৱা বিষয়টো নাৰীসকলৰ বাবে পৰিতাপৰ কথা । প্ৰকৃত গণতন্ত্ৰই জনগণৰ মাজত বৈষম্যহীন সমাজ ব্যৱস্থাৰ কথা সূচায় যদিও পিতৃতান্ত্ৰিক ব্যৱস্থাই পুৰুষ আৰু নাৰীৰ মাজত থকা লিংগভেদক প্ৰাকৃতিক বুলি গণ্য কৰি নাৰীক নিম্ন মৰ্যাদা প্ৰদান কৰাৰ লগতে পুৰুষ আৰু মহিলাৰ মাজত থকা অসমতা ন্যায়সংগত বুলি কব বিচাৰে । 

৪৫. গণতন্ত্ৰ আৰু ভিন্নতা সম্পৰ্কত এটি টোকা লিখা।

Write a note on Democracy and difference.

উত্তৰঃ ঐতিহাসিক দৃষ্টিকোণৰ পৰা গণতন্ত্ৰ হৈছে বৈষম্য তথা ভিন্নতা নিৰ্মূলৰ বাবে হোৱা এক আন্দোলন। গণতান্ত্ৰিক ধাৰণা অনুসৰি জাতি, ধৰ্ম, বৰ্ণ, ভাষা, গোষ্ঠী লিঙ্গ, শ্ৰেণী, আদি নিৰ্বিশেষে সকলোকে সম ৰাজনৈতিক অধিকাৰ আৰু নাগৰিকত্বৰ স্বীকৃতি দিব পাৰিলেহে এখন প্ৰকৃত বৈষম্যবিহীন সমাজ সম্ভৱপৰ হব। গতিকে মানুহৰ নৈতিক উৎকৰ্ষ সাধন আৰু সমতা প্ৰতিষ্ঠাৰ বাবে বৈষম্য পৰিহাৰ বা দূৰীকৰণ অতি জৰুৰী।

    ভিন্নতাৰ ধাৰণা অনুসৰি সাম্প্ৰতিক সময়ৰ প্ৰায়বোৰ গণতান্ত্ৰিক ৰাষ্ট্ৰই হল বহু সংস্কৃতিপূৰ্ণ আৰু বহু সম্প্ৰদায়ৰ দ্বাৰা গঠিত। এইক্ষেত্ৰত উদাহৰণ স্বৰূপে ভাৰতবৰ্ষৰ কথা উনুকিয়াব পাৰি, যত বিভিন্ন ধৰ্ম, ভাষা, সম্প্ৰদায়, সংস্কৃতিৰ উপৰিও আদিবাসী অল্পসংখ্যক লোকসকল বিৰাজমান। তদুপৰি প্ৰব্ৰজনকাৰী লোকৰ দ্বাৰা সৃষ্ট জনগাঠনিৰ বাবেও পৃথিৱীৰ প্ৰায়বোৰ ৰাষ্ট্ৰ বৰ্তমান সময়ত চিন্তিত। এখন গণতান্ত্ৰিক দেশত সাৰ্বজনীন নাগৰিকত্ব, সম উন্নয়ন বা সম অধিকাৰৰ কথা অৰ্ন্তনিহিত হলেও কেতবোৰ গোষ্ঠী, অল্প সম্প্ৰদায়ৰ লোক অধিকাৰ তথা সমতাৰ ক্ষেত্ৰত পিছপৰি ৰয়। আনহাতে, জাতি তথা শ্ৰেণীভিত্তিক সমাজ ব্যৱস্থাত গোষ্ঠীগত পাৰ্থক্যৰ উপৰিও ধৰ্মীয় ক্ষেত্ৰৰ লগতে ভাষিক সম্প্ৰদায় লোক সকলেও দেশৰ বহু সা-সুবিধা তথা অধিকাৰ লাভৰ ক্ষেত্ৰত বঞ্চিত হোৱা দেখা যায়।

    উদাৰনৈতিক গণতন্ত্ৰৰ ধাৰণা অনুসৰি মানুহে ভাল জীৱন নিৰ্বাহ কৰা বিষয়টো সম্পূৰ্ণৰূপে ব্যক্তিগত। কিন্তু এখন দেশৰ আইন আৰু ইয়াৰ প্ৰয়োগ সংখ্যাগৰিষ্ঠসকলৰ সংস্কৃতিৰ স্বাৰ্থৰ হকেহে পৰিচালিত হোৱা দেখা যায়। নাৰীবাদী আৰু বহু-সংস্কৃতিবাদৰ সমৰ্থক সকলে কব খোজে যে, উদাৰনৈতিক গণতন্ত্ৰই আত্মস্বাৰ্থকেন্দ্ৰীক ব্যক্তিক বেছি মূল্য দিয়ে। তদুপৰি ই ভিন্নতাকো মূল্য দিয়ে যদিও মতামতৰ ক্ষেত্ৰত ব্যক্তিগত পৰ্য্যায়তহে ভিন্নতাক স্বীকৃতি দিয়ে। কিন্তু এগৰাকী ব্যক্তিৰ পৰিচয় তেওঁৰ গোষ্ঠীগত সংস্কৃতিৰ ওপৰত নিৰ্ভৰশীল আৰু সাংস্কৃতিক দিশটোক অৱহেলা কৰাটো ব্যক্তিগত বা সামূহিক এই দুয়োটা ক্ষেত্ৰতেই বৈষম্যপূৰ্ণ হৈ পৰে। গতিকে সকলো ব্যক্তিৰ প্ৰতি কৰা কোনো প্ৰতিশ্ৰুতি মানেই হল সকলো সংস্কৃতি বা সমূহৰ প্ৰতি কৰা সন্মান প্ৰদৰ্শন। এনে এক কাৰ্য্যপন্থাৰ দ্বাৰাহে এখন ভিন্নতাপূৰ্ণ সমাজত বসবাস কৰা ব্যক্তি তথা সমূহৰ সৰ্ব্বতোপ্ৰকাৰৰ বিকাশ সম্ভৱপৰ।

৪৬. গণতন্ত্ৰ আৰু বিকাশৰ মাজত থকা সম্পৰ্কৰ এটি ব্যাখ্য দাঙি ধৰা।

Explain the relationship between Democracy and Development.

উত্তৰঃ গণতন্ত্ৰ আৰু বিকাশ তথা অৰ্থনৈতিক উন্নয়নৰ প্ৰসংগত বিতৰ্কই বৰ্তমান সময়ত বিভিন্ন জনৰ বাবে ৰাজনৈতিক আলোচনাত এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। বিশেষকৈ এচিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ অন্নুনত ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত এই বিষয়ত বিতৰ্ক সৰ্বাধিক চৰ্চিত। এই মহাদেশ কেইখনৰ বেছি সংখ্যক ৰাষ্ট্ৰই দ্বিতীয় মহাযুদ্ধৰ পিছত ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈ গণতান্ত্ৰিক ব্যৱস্থাৰে দেশ পৰিচালনাৰ গুৰুত্ব দিয়ে। কিন্তু স্বাধীনতা লাভৰ কিছু কিছু বছৰৰ পিছৰ পৰাই এনে কিছু সংখ্যক ৰাষ্ট্ৰৰ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি আস্থা কমি আহে আৰু গণতন্ত্ৰৰ পৰিৱৰ্ত্তে শাসক গোষ্ঠীৰ প্ৰভূত্ব স্বীকাৰ কেন্দ্ৰীক শাসন, মুক্ত একনায়কত্ববাদ বা সামৰিক শাসন তন্ত্ৰ প্ৰৱৰ্ত্তন হয়। নতুনকৈ স্বাধীনতা লাভ কৰা তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহে প্ৰথম অৱস্থাত গণতান্ত্ৰিক নীতি প্ৰয়োগৰ সংকল্প লয় যদিও ক্ৰমাগতভাৱে আৰ্থিক অৱনতি, দৰিদ্ৰতা, সন্ত্ৰাসবাদী কাৰ্য্যকলাপ আদিৰ ফলত গণতন্ত্ৰৰ প্ৰতি মোহভঙ্গ হৈ অৰ্থনৈতিক উন্নয়নৰ দিশত গুৰুত্ব প্ৰদানৰ প্ৰতিশ্ৰুতিৰে ৰাজনৈতিক সুস্থিৰতা বাহালৰ গইনা লৈ গণতন্ত্ৰৰ পৰিৱৰ্ত্তে অন্যান্য শাসন পদ্ধতি গ্ৰহণ কৰে।উদাহৰণস্বৰূপে- ইণ্ডোনেচীয়া, টাইৱান, পাকিস্তান, ম্যানমাৰ, নাইজেৰিয়া, কিউবা, চিঙ্গাপুৰ, চোমালিয়া, আদি ভালে সংখ্যক ৰাষ্ট্ৰ এই দিশত উল্লেখযোগ্য। এনেবোৰ ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নয়নৰ দুৰবস্থা তথা ভাৰসাম্যহীনতাই জনসাধাৰণৰ সকলো প্ৰকাৰ ৰাজনৈতিক বিৰোধ আৰু পৌৰ তথা ৰাজনৈতিক অধিকাৰ আদিক গুৰুত্বহীন কৰি তোলে।

    এনে এক গভীৰ সন্ধিক্ষণত অৱতাৰণা হোৱা মূল প্ৰশ্নটো হল, "What come first: democracy or development ?" অৰ্থাৎ গণতন্ত্ৰ আৰু বিকাশ, এই দুয়োটাৰ কোনটো প্ৰথম অপৰিহাৰ্য তথা কৰণীয়। এফালে দেশৰ দৰিদ্ৰতা, আকাল-অনাটন, নিৰক্ষৰতা, নিৱণুৱা সমস্যা, দুখ-দুৰ্গতি নিবাৰণৰ চিন্তা আৰু আনফালে ৰাজনৈতিক স্বাধীনতা, ব্যক্তিগত স্বাধীনতা আৰু অধিকাৰ, জনসাৰ্বভৌমত্বৰ ভিত্তিত প্ৰতিষ্ঠিত চৰকাৰ, আদি গণতান্ত্ৰিক নীতি-আদৰ্শ স্থাপনৰ লক্ষ্য। পূৰ্ব্বৰে পৰা সুপ্ৰতিষ্ঠিত উদাৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ যেনে- আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, চুইজাৰলেণ্ড, ফ্ৰান্স, জাপান আৰু পশ্চিমীয়া উন্নত পুঁজিপতি ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত গণতন্ত্ৰ আৰু বিকাশ এই দুয়োটা বিষয়েই প্ৰাসংগিক আৰু সমমৰ্য্যদাসম্পন্ন। অৰ্থাৎ উদাৰ গণতান্ত্ৰিক পুঁজিপতি ৰাষ্ট্ৰ সমূহত গণতান্ত্ৰিক মূল্যবোধ আৰু বিকাশ দুয়োটা ইটো সিটোৰ পৰিপূৰক। কিন্তু তৃতীয় বিশ্বৰ অনুন্নত ৰাষ্ট্ৰৰ ক্ষেত্ৰত ই সম্পূৰ্ণ বিপৰীত আৰু দুয়োটা বিষয়ৰ বিতৰ্কৰ ক্ষেত্ৰত চিন্তাবিদসকল দুটা শিবিৰত বিভক্ত হোৱা দেখা যায়। কোনো এটা শিবিৰে যদি গণতান্ত্ৰিক আদৰ্শসমূহ প্ৰয়োগত গুৰুত্ব দিয়ে তেন্তে আনটো শিবিৰে আকৌ শাসক গোষ্ঠীৰ প্ৰভূত্ব স্বীকাৰ হোৱাটো বিচাৰে।

৪৭. গণতন্ত্ৰই অৰ্থনৈতিক উন্নয়নৰ নেতৃত্ব দিব পাৰেনে ? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দাঙি ধৰা।

Does Democracy lead to Economic Growth? Give reasons to support yours answer.

উত্তৰঃ গণতন্ত্ৰই অৰ্থনৈতিক উন্নয়নৰ নেতৃত্ব দিব পাৰে। বিকাশৰ বাবে গণতান্ত্ৰিক মূল্যবোধ অতি প্ৰয়োজনীয়। ৰাজনৈতিক স্বাধীনতা আৰু পৌৰ অধিকাৰ সংস্কৃতিয়ে মানৱীয় প্ৰয়োজনীয়তাৰ যথোপযুক্ত চিনাক্তকৰণত সহায় কৰে বুলিও তেওঁ যুক্তি দাঙি ধৰিছে। তেওঁৰ মতে মানৱীয় অধিকাৰ উপলব্ধিয়েই হৈছে অৰ্থনৈতিক উন্নয়নৰ মূল উদ্দেশ্য। আৰ্থিক প্ৰয়োজনীয়তা আৰু ৰাজনৈতিক স্বাধীনতাৰ মাজত এটি গঠনাত্মক সম্পৰ্ক আছে আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে সৰ্বসাধাৰণৰ অৰ্থনৈতিক প্ৰয়োজনীয়তা পূৰণ সম্ভৱপৰ। তেওঁৰ মত অনুসৰি এখন সুস্থ সবল গুণগত গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰতহে সেই দেশৰ আৰ্থিক উন্নয়নৰ মান নিৰ্ভৰশীল আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰত আৰ্থিক উন্নয়ন তথা বিকাশৰ স্থল যথেষ্ট। অৰ্থনীতিবিদ Edwards Glaesar আৰু তেখেতৰ সঙ্গীবৃন্দৰ মতে অৰ্থনৈতিক উন্নয়নেহে গণতন্ত্ৰ বা আন শাসন প্ৰণালী সফল প্ৰয়োগত ইন্ধন যোগায়। তেওঁলোকৰ মতে ৰাজনৈতিক অনুষ্ঠানতকৈ মানৱ সম্পদৰ সফল সংৰক্ষণহে অৰ্থনৈতিক উন্নয়ণৰ মূল চালিকা শক্তি।

৪৮. গণতন্ত্ৰ আৰু বিকাশ সম্পৰ্কত থকা বিতৰ্কৰ বিষয়ে আলোচনা কৰা।

Describe about the debate on Democracy and Development.

উত্তৰঃ গণতন্ত্ৰ বিকাশ তথা আৰ্থিক উন্নয়নৰ বাব অনুকূল হয়নে নহয় এই গুৰুত্বপূৰ্ণ বিষয়ত বিতৰ্কৰ পূৰ্ব্বে আৰ্থিক আৰু আধুনিক গণতন্ত্ৰৰ ওপৰত চমু আলোচনা দাঙি ধৰাৰ প্ৰয়াস কৰা হল। অৰ্থনৈতিক উন্নয়ন হল কোনো এখন দেশৰ কৃষি, ঔদ্যোগিক আৰু অন্যান্য অৰ্থনীতিখণ্ডৰ ৰাষ্ট্ৰীয় উৎপাদিত সামগ্ৰীৰ বৃদ্ধিকৰণ আৰু এই সামগ্ৰী আৰু ইয়াৰ সেৱাৰ পৰ্যাপ্ত মূল্যায়ন।

    অৰ্থনৈতিক উন্নয়নে সাধাৰণতে এখন দেশে অৰ্থনৈতিক ক্ষেত্ৰখনত কিমান বৃদ্ধি সাধন কৰিব পাৰিছে তাৰ ওপৰতহে অধ্যয়ণ কৰে। এই ক্ষেত্ৰত ১৯৭১ চনত অৰ্থনীতি বিষয়ত নবেল বঁটা বিজয়ী অধ্যাপক Simon Kuznets নিজৰ চিন্তা ব্যক্ত কৰি কয় যে অৰ্থনৈতিক উন্নয়ন হল এখন দেশৰ জনসাধাৰণৰ বিভিন্ন অৰ্থনৈতিক সামগ্ৰীৰ চাহিদা অনুসৰি বৰ্দ্ধিত হাৰত যোগান ধৰিব পৰা সক্ষমতা আৰু এনে সক্ষমতা নিৰ্ভৰ কৰে ইয়াৰ বাবে ব্যৱহৃত কাৰিকৰী কৌশল আৰু দেশত প্ৰচলিত সংস্থা আৰু আদৰ্শৰ সমিল-মিলৰ ওপৰত।

    অন্যহাতে আধুনিক পৃথিৱীত গণতন্ত্ৰ মানেই 'গণতন্ত্ৰ'ক বুজা যায় যত কিছুমান সংস্থা আৰু এইবোৰৰ পদ্ধতিসমূহ অন্তনিৰ্হিত হৈ থাকে। জনসাধাৰণৰ ৰায়ৰ ওপৰত ভিত্তি কৰি এই গণতান্ত্ৰিক চৰকাৰ প্ৰচলিত হয় আৰু গণসাৰ্বভৌমত্বৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত হৈ সীমিত চৰকাৰ ব্যৱস্থাৰ নীতিৰ ভাৰসাম্যতা ৰক্ষা কৰে। জনসাধাৰণৰ স্বাধীনতা ৰক্ষাৰ নিশ্চয়তাৰ লগতে চৰকাৰ বা ৰাষ্ট্ৰৰ দ্বাৰা যাতে ব্যক্তিৰ ক্ষতিসাধন নহয় তাৰ বাবে আভ্যন্তৰীণ আৰু বাহ্যিক ব্যৱস্থাৰ জৰিয়তে চৰকাৰৰ ওপৰত নিয়ন্ত্ৰণ ৰক্ষা হয়। এনে গণতান্ত্ৰিক ব্যৱস্থাৰ নীতিসমূহ ৰাজনৈতিক সমতা আৰু সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত এক নিৰ্দিষ্ট সময়ৰ মূৰে-মূৰে প্ৰতিযোগিতা মূলক গোপন ভোটৰ নিৰ্বাচন ব্যৱস্থাৰ জৰিয়তে সংস্থাপিত কৰা হয়।


Question type- Leena Kakati

Answered by- Leena Kakati