লক্ষ্মীনাথৰ ফুকনৰ বিষয়ে চমু প্ৰশ্ন আৰু উত্তৰ


১। লক্ষ্মীনাথ ফুকনৰ জন্ম কেতিয়া হৈছিল?

উত্তৰঃ লক্ষ্মীনাথ ফুকনৰ জন্ম হৈছিল-১৮৯৭ চনৰ জানুৱাৰী মাহত। 

২। লক্ষ্মীনাথ ফুকনৰ পিতৃৰ নাম কি?

উত্তৰঃ লক্ষ্মীনাথ ফুকনৰ  পিতৃৰ নাম-কাৰ্তিকচন্দ্ৰ হাজৰিকা। 

৩। কোনখন হাইস্কুলৰ পৰা লক্ষ্মীনাথ ফুকনে প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰিছিল?

উত্তৰঃ 'বেজবৰুৱা ব্ৰাঞ্চ হাইস্কুলৰ' পৰা লক্ষ্মীনাথ ফুকনে প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰিছিল।

৪। কলিকতাৰ কোনখন কলেজত লক্ষ্মীনাথ ফুকনে ছয়মাহমান পঢ়ি আহিছিল?

উত্তৰঃ কলিকতাৰ ৰিপন কলেজত লক্ষ্মীনাথ ফুকনে ছয়মাহ মান পঢ়ি আহিছিল।

৫। ব্ৰাঞ্চ হাইস্কুলৰ পৰা শিক্ষকতা পদ ত্যাগ কৰাৰ পাছত লক্ষ্মীনাথ ফুকনৰ ডিব্ৰুগড় জিলাৰ কোনটো ইনষ্টিটিউট শিক্ষকতা কৰিছিল?

উত্তৰঃ  ব্ৰাঞ্চ হাইস্কুলৰ পৰা শিক্ষকতা পদ ত্যাগ কৰাৰ পাছত লক্ষ্মীনাথ ফুকনে ডিব্ৰুগড় জিলাৰ জৰ্জ ইনষ্টিটিউট শিক্ষকতা কৰিছিল।

৬। কলকাতালৈ গৈ লক্ষ্মীনাথ ফুকনে কোনটো কোম্পানীত যোগদান কৰে?

উত্তৰঃ কলকাতালৈ গৈ লক্ষ্মীনাথ ফুকনে বলমা কোম্পানীত যোগদান কৰে। 

৭। কোনটো কোম্পানীৰ পৰা লক্ষ্মীনাথ ফুকনে সাংবাদিকতা কামত ব্ৰতী হয়?

উত্তৰঃ বলমা কোম্পানীৰ পৰা লক্ষ্মীনাথ ফুকনে সাংবাদিকতাৰ কামত ব্ৰতী হয়।  

৮। সাংবাদিকতাৰ বাহিৰে লক্ষ্মীনাথ ফুকনে আৰু কি কাম কৰিছিল?

উত্তৰঃ সাংবাদিকতাৰ বাহিৰে লক্ষ্মীনাথ ফুকনে সাহিত্য চৰ্চাৰ কাম কৰিছিল।

৯। কিমান চনত লক্ষ্মীনাথ ফুকনে সাহিত্য় একাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ ১৯৭০ চনত লক্ষ্মীনাথ ফুকনে সাহিত্য় একাডেমী বঁটা লাভ কৰিছিল।

১০। দৈনিক প্ৰকাশিত আছাম ট্ৰিবিউনৰ সম্পাদক ৰূপে কিমান চনলৈ দায়িত্বভাৰ চম্ভালে?

উত্তৰঃ দৈনিক প্ৰকাশিত আছাম ট্ৰিবিউনৰ সম্পাদক ৰূপে ১৯৪৬ চনলৈ  দায়িত্বভাৰ চম্ভালে।

১১। ১৯১৯-২১ কালছোৱাত লক্ষ্মীনাথ ফুকনে কাৰ লগত  থাকে?

উত্তৰঃ ১৯১৯-২১ কালছোৱাত  লক্ষ্মীনাথ ফুকনে অমৃত বাজাৰ পত্ৰিকাৰ লগত থাকে। 

১২। কোনখন গ্ৰন্থৰ বাবে লক্ষ্মীনাথ ফুকনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ 'মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ' গ্ৰন্থৰ বাবে লক্ষ্মীনাথ ফুকনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 

১৩। লক্ষ্মীনাথ ফুকনে লিখা উপন্যাস খনৰ নাম কি?

উত্তৰঃ লক্ষ্মীনাথ ফুকনে লিখা উপন্যাস খনৰ নাম-জহৰা।

১৪। লক্ষ্মীনাথ ফুকনৰ সোণালী সপোন নামৰ কাব্য পুঠিখন কিমান চনত প্ৰকাশ পাইছিল?

উত্তৰঃ সোণালী সপোন নামৰ কাব্য পুঠিখন ১৯৬২ চনত প্ৰকাশ পাইছিল।

১৫। কিমান চনত লক্ষ্মীনাথ ফুকনৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৯৭৫ চনত লক্ষ্মীনাথ ফুকনৰ মৃত্যু হৈছিল।



Type-Bhabesh Bora  




Post ID :DABP005361