শিল্পোদ্যোগ

Industries
Chapter 4 

১। চমু প্ৰশ্ন ুউত্তৰঃ
১। হস্তশিল্প বা কুটিৰ শিল্প বা ঘৰুৱা শিল্প কাক বোলে?
উত্তৰঃ নিজৰ প্ৰয়োজনীয় সা-সামগ্ৰীসমূহ নিজ হাতেৰে প্ৰস্তুত কৰা কৰ্মকে হস্তশিল্প বা কুটিৰ শিল্প বা ঘৰুৱা শিল্প বোলে।

২। বৰ্তমান বহুক্ষেত্ৰত কি শক্তিৰ ব্যৱহাৰ হ'বলৈ ধৰিছে?
উত্তৰঃ সৈৰশক্তি।

৩। শ্ৰমিক কি?
উত্তৰঃ শ্ৰমিক হ'ল শিল্পৰ এটা গতিশীল উপাদান।

৪। মূলধনৰ অবিহনে কি কৰা সম্ভপৰ নহয়?
উত্তৰঃ মূলধনৰ অবিহনে যিকোনো শিল্প অনুষ্ঠান স্থাপন কৰা সম্ভৱপৰ নহয়।

৫। ৱেবাৰৰ মতে শিল্পসমূহক কেইটা ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ দুটা আৰু সেইকেইটা হ'লঃ
১। সকলো ঠাইতে পাব পৰা কেচাঁ মালৰ ওপৰত নিৰ্ভৰশীল শিল্প। সকলো ঠাইতে পাব পৰা কেঁচামালবোৰ হ'ল পানী, বতাহ, সূৰ্যৰ তাপ, বালি আদি, আৰু 
২। শিল্প কেন্দ্ৰীকৰণৰ উপযোগী কেঁচামালৰ ওপৰত নিৰ্ভৰশীল শিল্প।
 
৬। কেঁচামালক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ দুটা ভাগত আৰু সেইকেইটা হ'লঃ 
১। অপৰিশুদ্ধ গহবা ওজন হ্ৰাস পোৱা কেঁচামাল আৰু
২। শুদ্ধ বা ওজন হ্ৰাস নোপোৱা কেঁচামাল।

৭। শিল্পউদ্যোগসমূহ কি কি?
উত্তৰঃ শিল্পউদ্যোগসমূহ হ'লঃ (১) লঘু উদ্যোগ বা ভোগ্যদ্ৰব্য শিল্প আৰু (২) গুৰু উদ্যোগ।

৮। আধুনিক শিল্প জগতৰ মেৰুদণ্ড কি?
উত্তৰঃ আধুনিক শিল্প জগতৰ মেৰুদণ্ড হ'ল লো আৰু তীখা।

৯। লো আৰু তীখা শিল্পৰ বাবে প্ৰচুৰ পৰিমাণৰ বাবে কিহৰ প্ৰয়োজন হ'য়?
উত্তৰঃ লো আৰু তীখা শিল্পৰ বাবে প্ৰচুৰ পৰিমাণৰ বাবে আকৰিক লো, কয়লা আৰু চূণশীলৰ প্ৰয়োজন।

১০। কোনখন ৰাজ্যই পৃথিৱীৰ ভিতৰত সৰ্বাধিক লো আৰু তীখা উৎপাদন কৰে?
উত্তৰঃ ছোভিয়েট ৰাছিয়া।

১১। কিমান চনত ছোভিয়েট ৰাছিয়া ১৫৬ নি. টন তীখা ৎপাদন কৰিছিল?
উত্তৰঃ ১৯৯১ চনত।

১২। মাৰ্কিন যুক্তৰাষ্টৰ বৃহৎ হ্ৰদ অঞ্চলৰ লো- তীখা উৎপাদনৰ কেন্দ্ৰবোৰৰ কি কি?
উত্তৰঃ  মাৰ্কিন যুক্তৰাষ্টৰ বৃহৎ হ্ৰদ অঞ্চলৰ লো- তীখা উৎপাদনৰ কেন্দ্ৰবোৰৰ হ'ল ১। ডুলুথ, ২। চিকাগো, ৩। ইয়ংছটাউন, ৪। ক্লিভলেণ্ড, ৫। পিটছবাৰ্গ, ৬। কল'ম্বাছ, ৭। ফিলাডেলফিয়া, ৯। চেন্টলুই, ১০। হুইলিং।

১৩। কোনখন দেশত লো তীখা উৎপাদন পৰিমান বৰ কম?
উত্তৰঃ ভাৰতত।
১৪। পৃথিৱীত লো তীখা উৎপাদনকাৰী অন্যান্য দেশসমূহ কি কি?
উত্তৰঃ পৃথিৱীত লো তীখা উৎপাদনকাৰী অন্যান্য দেশসমূহ হ'লঃ দক্ষিণ কোৰিয়া, জাৰ্মানী, বাজ্ৰি, টুৰ্কী, ইউক্ৰেইন, আৰ্জেন্টিনা, চিলি, উৰুগুৱে, ভেনিজুৱেলা, দক্ষিণ আফ্ৰিকা, অষ্টেলীয়া, ইংলেণ্ড, ইটালী, ফ্ৰান্স আদি।

১৫। কপাহী সূতা আৰু কাপোৰ উৎপাদনত বৰ্তমান কোনখন দেশৰ স্থান প্ৰথম?
উত্তৰঃ ভাৰতৰ স্থান প্ৰথম।

১৬। প্ৰথম কপাহী বস্ত্ৰ কল স্থাপন কিমান চনত কৰা হ'য়?
উত্তৰঃ ১৮৫৮ চনত।

১৭। আহমেদাবাদক প্ৰাচ্যৰ বোল্টন বুলি কিয় কোৱা হ'য়?
উত্তৰঃ যুক্তৰাজ্যৰ লাংকাছায়াৰ অঞ্চলৰ মানচেষ্টাৰৰ লগত মিল থকা বাবে আহমেদাবাদক প্ৰাচ্যৰ বোল্টন বোলে।

১৮। কপাহী বস্ত্ৰশিল্পত বৰ্তমানে কোনখন দেশ পঞ্চম স্থান?
উত্তৰঃ জাপান।

১৯। বৃটিছ যুক্তৰাজ্যৰ কপাহী বস্ত্ৰৰ প্ৰধান কেন্দ্ৰ কি?
উত্তৰঃ বৃটিছ যুক্তৰাজ্যৰ কপাহী বস্ত্ৰশিল্প প্ৰধান কেন্দ্ৰ হ'ল মানচেষ্টা।

২০। পৃথিৱীত মুঠতে কিমান নি.ব. মিটাৰ কাপোৰ ৰপ্তানি কৰা হৈছিল?
উত্তৰঃ ৫,৯০০ নি.ব. মিটাৰ।

Type- Ishan Dev Bora





Post ID :DABP005362