পাঠঃ ১৩ 

প্ৰাক্ ঐতিহাসিক অসম 

(১) বৰ্তমান তেজপুৰক অতীতত কি বোলা হৈছিল ? 
উত্তৰঃ-- বৰ্তমান তেজপুৰক অতীতত শোণিতপুৰ বোলা হৈছিল । 


(২) বাণ ৰজাৰ জীয়েকৰ নাম কি আছিল ? 
উত্তৰঃ-- বাণ ৰজাৰ জীয়েকৰ নাম আছিল- ঊষা । 


(৩) বাণ ৰজা কি ভক্ত আছিল ? 
উত্তৰঃ-- বাণ ৰজা শিৱভক্ত আছিল । 


(৪) ঊষাক কোনে বিয়া কৰাইছিল ? 
উত্তৰঃ--  ঊষাক শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই বিয়া কৰাইছিল ।
 

(৫) অতীতৰ কুণ্ডিল নগৰক বৰ্তমান কি নামেৰে জনা যায় ? 
উত্তৰঃ-- অতীতৰ কুণ্ডিল নগৰক বৰ্তমান শদিয়া নগৰ বুলি জনা যায় । 


(৬) ভীষ্মক ৰজাৰ জীয়েকৰ নাম কি ? 
উত্তৰঃ-- ভীষ্মক ৰজাৰ জীয়েকৰ নাম হ'ল- ৰুক্মিণী । 


(৭) ৰুক্মিণীৰ পাণি কোনে গ্ৰহণ কৰিছিল ? 
উত্তৰঃ-- ৰুক্মিণীৰ পাণি শ্ৰীকৃষ্ণই গ্ৰহণ কৰিছিল । 


(৮) শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহৰ ঘটনাক লৈ কোনে 'ৰুক্মিণী হৰণ' নাটক ৰচনা কৰিছিল ? 
উত্তৰঃ-- শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহৰ ঘটনাক লৈ মহাপুৰুষ শংকৰদেৱে 'ৰুক্মিণী হৰণ' নাটক ৰচনা কৰিছিল । 


(৯) কামৰূপৰ প্ৰথম ঐতিহাসিক ৰজাজনৰ নাম কি ? 
উত্তৰঃ-- কামৰূপৰ প্ৰথম ঐতিহাসিক ৰজাজনৰ নাম হ'ল- নৰকাসুৰ ।
 

(১০) প্ৰাগজ্য়োতিষ ৰাজ্য়ৰ প্ৰথম ৰজা কোন আছিল ? 
উত্তৰঃ-- প্ৰাগজ্য়োতিষ ৰাজ্য়ৰ প্ৰথম ৰজা মহীৰঙ্গ দানৱ আছিল । 


(১১) বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন ? 
উত্তৰঃ-- বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা পুষ্য় বৰ্মণ । 


(১২) ভাস্কৰ বৰ্মণৰ সৈতে কাৰ সু-সম্পৰ্ক আছিল ? 
উত্তৰঃ-- ভাস্কৰ বৰ্মণৰ সৈতে উত্তৰ ভাৰতৰ সম্ৰাট হৰ্ষবৰ্ধনৰ সু-সম্পৰ্ক আছিল । 


(১৩) হিউৱেন চাঙে ক'ত বৌদ্ধ ধৰ্ম সম্পৰ্কে চৰ্চা কৰিছিল ? 
উত্তৰঃ-- হিউৱেন চাঙে নালন্দা বিশ্ববিদ্য়ালয়ত বৌদ্ধ ধৰ্ম সম্পৰ্কে চৰ্চা কৰিছিল ।  


(১৪) শালস্তম্ভসকলে কামৰূপত ৰাজত্ব কৰি থকাৰ সময়ত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম কি ? 
উত্তৰঃ-- শালস্তম্ভসকলে কামৰূপত ৰাজত্ব কৰি থকাৰ সময়ত ভাৰতলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম হ'ল- ইৎচিং । 


(১৫) যোগিনী তন্ত্ৰমতে কামৰূপ ৰাজ্য়খন কেইটা ভাগত বিভক্ত আছিল ? সেই ভাগকেইটাৰ নাম কি কি ? 
উত্তৰঃ-- যোগিনী তন্ত্ৰমতে কামৰূপ ৰাজ্য়খন চাৰিটা ভাগত বিভক্ত আছিল । আৰু সেইভাগকেইটাৰ নাম হ'ল-- (১) ৰত্নপীঠ, (২) কামপীঠ, (৩) স্বৰ্ণপীঠ আৰু (৪) সৌমাৰপীঠ ।