পাঠঃ ২০ 

অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা 


(১) বৰ্তমান অসমত মুঠ ৰাষ্ট্ৰীয় ঘাইপথ কেইটা ?

 উত্তৰঃ-- বৰ্তমান অসমত মুঠ ৰাষ্ট্ৰীয় ঘাইপথ ৩৮ টা । 


(২) এই ঘাইপথবোৰে ৰাজ্যখনৰ মুঠ কিমান কিঃ মিঃ দৈৰ্ঘ্যৰ পথ সামৰি লৈছে ? 

উত্তৰঃ-- এই ঘাইপথবোৰে ৰাজ্যখনৰ মুঠ ৩৭৮৭.২০৭ কিঃ মিঃ দৈৰ্ঘ্যৰ পথ সামৰি লৈছে । 


(৩) দেশ এখনৰ মুৰব্বী অনুষ্ঠান কোন ? 

উত্তৰঃ-- চৰকাৰ হ'ল দেশ এখনৰ মুৰব্বী অনুষ্ঠান । 


(৪) যোচেফ কি শ্ৰেণীৰ ছাত্ৰ ? 

উত্তৰঃ-- যোচেফ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ । 


(৫) যোচেফে কাৰ লগত পেহীয়েকৰ ঘৰলৈ গৈছিল ? 

উত্তৰঃ-- যোচেফে দেউতাকৰ লগত পেহীয়েকৰ ঘৰলৈ গৈছিল । 


(৬) আমাৰ দেশৰ প্ৰধান জীৱিকা কি ? 

উত্তৰঃ-- আমাৰ দেশৰ প্ৰধান জীৱিকা হ'ল- ধান । 


(৭) সমাজৰ বিকাশ আৰু উন্নতিৰ মূল আহিলা কি ? 

উত্তৰঃ-- সমাজৰ বিকাশ আৰু উন্নতিৰ মূল আহিলা হৈছে- শিক্ষা । 


(৮) চৰকাৰৰ মূল লক্ষ্য কি ? 

উত্তৰঃ-- দেশৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণ সাধন কৰাটোৱে হ'ল চৰকাৰ এখনৰ মূল লক্ষ্য । 


(৯) আমাৰ দেশৰ কিমান শতাংশ লোক কৃষি কৰ্মত নিয়োজিত ? 

উত্তৰঃ-- আমাৰ দেশৰ ৭০ শতাংশতকৈও অধিক লোক কৃষি কৰ্মত নিয়োজিত । 


(১০) আমাৰ দেশত কিমান বছৰৰ পৰা কিমান বছৰৰ শিশুক বিনামূলীয়া শিক্ষা প্ৰদান কৰিছে ? 

উত্তৰঃ-- আমাৰ দেশত ৬ বছৰৰ পৰা ১৪ বছৰৰ শিশুক বিনামূলীয়া শিক্ষা প্ৰদান কৰিছে । 


(১১) নমিতাই গৰমৰ বন্ধত কাৰ ঘৰলৈ গৈছিল ? 

উত্তৰঃ-- নমিতাই গৰমৰ বন্ধত আইতাকৰ ঘৰলৈ গৈছিল । 


(১২) ব্ৰহ্মপুত্ৰ নদৰ ওপৰত কেইখন দলং আছে ? 

উত্তৰঃ-- ব্ৰহ্মপুত্ৰ নদৰ ওপৰত তিনিখন দলং আছে । 


(১৩) সেই তিনিখন দলঙৰ নাম কি ? 

উত্তৰঃ-- সেই তিনিখন দলঙৰ নাম হ'ল- ধলা শদিয়াৰ ড॰ ভূপেন হাজৰিকা সেতু , শৰাইঘাটৰ কাষৰ দ্বিতীয় দলং আৰু আনহাতে বগীবিল দলং । 


(১৪) আন্তঃগাঁথনি মানে কি ?  

উত্তৰঃ-- আন্তঃগাঁথনি মানে হ'ল- কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় সা-সুবিধা, যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভব হ'ব নোৱাৰে । 


(১৫) ৰাষ্ট্ৰীয় আয় বৃদ্ধি হোৱা মানে দেশ এখন কি হোৱা বুজায় ? 

উত্তৰঃ-- ৰাষ্ট্ৰীয় আয় বৃদ্ধি হোৱা মানে দেশ এখন উন্নতিৰ পথত অগ্ৰসৰ হোৱা ।