পাঠ - ৫ 

 ১৬ শতিকাৰ অৰ্থনৈতিক উন্নয়ন


MODEL QUESTION & ANSWER

অতি চমু প্ৰশ্ন:

১।  কোন শতিকাক ইউৰোপীয় পুঁজিবাদৰ আদি পৰ্য্যয় আখ্যা দিয়া হৈছে ?

উত্তৰঃ ১৬ শতিকাক ইউৰোপীয় পুঁজিবাদৰ আদি পৰ্যায় আখ্যা দিয়া হৈছে ।

২। কি কাৰণত ১৬ শতিকাৰ পূৰ্বে আটলান্টিক মহাসাগৰেদি বাণিজ্য সম্ভৱ হোৱা নাছিল ?

উত্তৰঃ পৃথিবীৰ দ্বিতীয় বৃহত্তম আটলান্টিক মহাসাগৰৰ পশ্চিমে উত্তৰ আৰু দক্ষিণ আমেৰিকা, পূবে ইউৰোপ আৰু আফ্ৰিকা মহাদেশলৈ বিস্তাৰিত হৈ আছে । আটলান্টিক মহাসাগৰৰ উত্তৰে আৰটিক মহাসাগৰ আৰু দক্ষিণে দক্ষিণে মহাসাগৰৰ লগত সংলগ্ন হৈ আছে । এই বিশাল আটলান্টিক মহাসাগৰখন এটি সৰু ঠেক জলপথ গিব্ৰাল্টাৰ প্ৰণালীৰেদি ভূ-মধ্য সাগৰৰ লগত সংযোজিত হৈ আছে ।  এই প্ৰণালীয়ে ইউৰোপ মহাদেশৰ স্পেইন আৰু আফ্ৰিকা মহাদেশৰ মৰক্কোক ভৌগোলিকভাৱে পৃথক কৰিছে । এইবোৰ কাৰণতে ১৬ শতিকাৰ পূৰ্বে আটলান্টিক  মহসাগৰেদি বাণিজ্য সম্ভৱ হোৱা নাছিল ।

৩। সামুদ্ৰিক দুৰত্ব জোখা  এককটোৰ নাম লিখা ।

উত্তৰঃ সামুদ্ৰিক দুৰত্ব জোখা এককটোৰ নাম হল ন'টিকেল ।

৪। ভাস্কো-ডা-গামা কিমান চনত  ভাৰতত উপস্থিত হৈছিল ?

উত্তৰঃ ১৪৯৮ চনৰ মে মাহত ভাস্কো-ডা গামা ভাৰতত উপস্থিত হৈছিল । 

৫। নিউ ফাউণ্ডলেণ্ডত উপস্থিত হোৱা প্ৰথম বৃটিছ অভিযানকাৰীজনৰ নাম লিখা ।

উত্তৰঃ নিউ ফাউণ্ডলেণ্ডত উপস্থিত হোৱা প্ৰথম বৃটিছ অভিযানকাৰীজনৰ নাম হল জন কেবট ।

৬। অনুসন্ধানৰ যুগ'ৰ কেতিয়া অন্ত পৰে ?

উত্তৰঃ ১৭ শতিকাৰ আগভাগত অনুসন্ধান যুগৰ অন্ত পৰে । 

৭। বৃটিছ কৃষি বিপ্লৱ বুলিলে কি বুজা ?

উত্তৰঃ কৃষি সঁজুলিৰ পৰা কৃষি পদ্ধতি সকলোতে এটা বিৰাট পৰিৱৰ্তন হোৱা দেখা গৈছিল । ১৭ শতিকাৰ মাজভাগৰ পৰা ইংলেণ্ডৰ কৃষিত হোৱা  এই বৈপ্লৱিক পৰিৱৰ্তনক বৃটিছ কৃষি বিপ্লৱ নামেৰে জনা যায় । 

৮। প্ৰথম কৃষি বিপ্লৱ  কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ  নৱপ্ৰস্তৰ যুগৰ সময়তে প্ৰথম কৃষি বিপ্লৱ সংঘটিত হৈছিল । 

৯। মধ্যযুগত ইউৰোপৰ প্ৰধান অৰ্থনীতি কি আছিল ?

উত্তৰঃ মধ্যযুগত ইউৰোপৰ প্ৰধান অৰ্থনীতি আছিল কৃষি ।

১০।  ১৬-১৭ শতিকাৰ স্পেইনৰ প্ৰধান মুদ্ৰাবিধৰ নাম কি আছিল ?

উত্তৰঃ  

চমু উত্তৰ দিয়াঃ

১। ১৬ শতিকাক কিয়  পাশ্চাত্য পুঁজিবাদৰ প্ৰাৰম্ভিক পৰ্যায় বুলি কিয় কোৱা হয় ?

উত্তৰঃ  ইউৰোপীয় দেশসমূহৰ মাজত বাণিজ্যিক সম্পৰ্ক গাঢ় হৈ উঠিছিল আৰু বাণিজ্য কেতিয়াও উপনীত নোহোৱা পৰ্যায়লৈ ঠন ধৰি গৈ আছে । এনে সময়তে হোৱা কেইবাটাও ভৌগলিক আৱিস্কাৰে বিশ্ব অৰ্থনীতিৰ লগত ইউৰোপীয় দেশসমূহৰ মাজত সমন্বয় ঘটাইছিল । অকল বাণিজ্যতে নহয়, খেতি-বাতিৰ ক্ষেত্ৰত নতুন কৌশল প্ৰয়োগৰ ফলত খাদ্য-সামগ্ৰীৰ দাম থথেষ্ট বৃদ্ধি পাইছিল । এইদৰে বণিক শ্ৰেণী, উদ্যোগী আৰু বেংকাৰসকলে একমাত্ৰ যে যথেষ্ট ধন আৰ্জিছিল এনে নহয়, এনে ধনৰ বিনিয়োগে তেওঁলোকৰ হাতত বহুতো ধন উভৈনদী কৰি দিছিল । সেইকাৰণে বহুতো ইতিহাসবিদৰ মতে ১৬ শতিকাটো আছিল পাশ্চাত্যৰ পুঁজিবাদৰ প্ৰাৰম্ভিক পৰ্যায় । 

২। ১৬ শতিকাৰ শেষভাগত পূৰ্বৰ আৰ্থিক স্বচ্ছলতা হ্ৰাস হোৱা দুখন নগৰৰ নাম উল্লেখ কৰা ।

উত্তৰঃ 

৩। ভূ-মধ্যসাগৰ কোন তিনিখন  মহাদেশৰ মাজত যোগাযোগৰ মুখ্য পথ আছিল ?

উত্তৰঃ  পশ্চিম এছিয়া, উত্তৰ আফ্ৰিকা আৰু দক্ষিণ ইউৰোপ এই তিনিখন মহাদেশ যোগাযোগৰ মুখ্য পথ আছিল । 

৪। ভূ-মধ্য সাগৰৰ পাৰৰ চাৰিখন ইউৰোপীয় দেশৰ নাম লিখা ।

উত্তৰঃ ভূ-মধ্য সাগৰৰ পাৰৰ চাৰিখন ইউৰোপীয় দেশৰ নাম হল 

ক) স্পেইন, খ) ফ্ৰান্স, গ) ইটালি, ঘ) আনবানিয়া ।

৫। মচলাত কেনেধৰণৰ সামগ্ৰী অন্তৰ্ভূক্ত আছিল ?

উত্তৰঃ

৬। ভূ-মধ্য সাগৰৰ যোগেদি বেহা-বেপাৰ হোৱা কেইবিধমান সামগ্ৰীৰ নাম লিখা ।

উত্তৰঃ ভূ-মধ্য সাগৰৰ যোগেদি বেহা-বেপাৰ হোৱা কেইবিধমান সামগ্ৰীৰ নাম হল 

সোণৰ মুদ্ৰা, আঙুৰৰ পৰা তৈয়াৰ কৰা সুৰা, সুগন্ধি দ্ৰব্য, উল, আৰু জলফাইৰ তেল আদি ।

৭। কি প্ৰণালীয়ে, কেনেকৈ ইউৰোপ আৰু আফ্ৰিকা মহাদেশক ভৌগলিকভাৱে পৃথক কৰিছে ।

উত্তৰঃ বিশাল আটলান্টিক মহাসাগৰখন এটি সৰু ঠেক জলপথ গিব্ৰাল্টাৰ প্ৰণালীৰেদি ভূ-মধ্য সাগৰৰ লগতো সংযোজিত হৈ আছে । এই প্ৰণালীয়ে িইউৰোপ আৰু আফ্ৰিকা মহাদেশক ভৌগলিকভাৱে পৃথক কৰিছে । 

৮। আন্তঃমহাসাগৰীয় বাণিজ্যত ব্যৱহাৰ হোৱা দুই শ্ৰেণীৰ জাহাজৰ  নাম লিখা ।

উত্তৰঃ আন্তঃমহাসাগৰীয় বাণিজ্যত ব্যৱহাৰ কৰা  দুই শ্ৰেণীৰ জাহাজৰ নাম হল 

ক) কাৰাক ।

খ) গলি'ওন ।

৯। লণ্ডনত প্ৰথম কফি ঘৰ কোনে, কেতিয়া স্থাপন কৰে ?

উত্তৰঃ  ১৬৫২ চনত তুৰ্কীৰ এজন লগুৱা পাছকুৱা ৰ'ছিয়ে লণ্ডনত প্ৰথম কফি ঘৰ স্থাপন কৰে । 

১০। আমেৰিকাত স্থাপন হোৱা দুখন স্পেনীয় ঔপনিৱেশৰ নাম লিখা ।

উত্তৰঃ আমেৰিকাত স্থাপন হোৱা দুখন স্পেনীয় ঔপনিৱেশৰ নাম হল 

ক) হিচপানীৱালা ।

খ) আৰ্মাদা । 


১১। নতুন পৃথিৱীত অৱস্থিত দুটা বিখ্যাত ৰূপৰ খনিৰ নাম উল্লেখ কৰা ।

উত্তৰঃ নতুন পৃথিৱীত অৱস্থিত দুটা বিখ্যাত ৰূপৰ খনিৰ নাম হল 

ক) জাকাটেকাছ ।

খঃ প'টছি ।

১২। স্পেনীয়সকলে ইয়াৰ ঔপনিৱেশসমূহৰ পৰা ৰূপ আৰু সোণৰ বাদে আন ধাতু আমদানি নকৰাৰ কাৰণ কি আছিল ?

উত্তৰঃ  খনিৰ লগত জড়িত হৈ থকা অভিযন্তাসকলে পাৰা ব্যৱহাৰ কৰি অতি কম খৰচতে পূৰ্বতকৈ অধিক ৰূপ সহজে আহৰণ কৰাৰ এক নতুন কৌশল বা পদ্ধিৰ উদ্ভাৱন কৰাত ৰূপ আহৰঁ পদ্ধতি বহু পৰিমাণে লহজ হৈ পৰিছিল । যদিও স্পেনীয়সকলে স্পেনীয় আমেৰিকাৰ উপনিৱেশসমূহৰ খনিত তাম আৰু লোহাৰ ভাণ্ডাৰৰ উপস্থিতি ধৰিব পাৰিছিল তথাপিও তেওঁৱোকে ইয়াৰ পৰা একমাত্ৰ সোণ আৰু ৰূপ আহৰণ কৰি নিজদেশ স্পেইনলৈ পঠাই দিয়াত উঠি-পৰি লাগিছিল । কিয়নো বাকী ধাতুসমূহ আমেৰিকাত উৎপাদন কৰাতকৈ ইউৰোপৰ আন দেশৰ পৰা আমদানি কৰাটো তেওঁলোকৰ বাবে কম খৰচী হৈ পৰিছিল । সেইকাৰণে স্পেনীয়সকলে ঐপনিৱেশসমূহৰ পৰা সোণ, ৰূপ আৰু সোণৰ বাবে ধাতু আমদানি কৰা নাছিল । 


চমু টোকা ঃ

১। কাৰাক আৰু গ'লিওন  শ্ৰেণীৰ জাহাজ ।

উত্তৰঃ  ১৪ শতিকাৰ ভিতৰত বিকাশ হোৱা তেনে এক জাহাজ আছিল কাৰাক শ্ৰেণীৰ জাহাজ । প্ৰথমে পৰ্টুগীজসকলে, পিছত আন ইউৰোপীয়সকলে এই শ্ৰেণীৰ জাহাজ নিৰ্মাণ কৰিছিল আৰু ইয়াক আধুনিক কৰি গৈ আছিল । প্ৰথমে ভূ-মধ্যসাগৰৰ পৰা বাল্টিকসাগৰলৈ চলা এই জাহাজসমূহ নতুন ধনৰ সন্ধানত ইউৰোপ আৰু আফ্ৰিকা, তাৰ পিছত আমেৰিকাৰ মাজত আন্টলান্টিক মহাসাগৰীয় বাণিজ্যত ব্যৱহাৰ কৰিবলৈ লয় । এখন অতি ুউন্নতমানৰ কাৰাক শ্ৰেণীৰ জাহাজ দুৰ সমুদ্ৰলৈ ক্ষিপ্ৰগতিত সহজে যাব পৰাৰ উপৰিও সাগৰীয় প্ৰচণ্ড ঢৌত স্থিৰ হৈ থকাৰ লগতে দীঘলীয়া সমুদ্ৰযাত্ৰাৰ প্ৰয়োজনীয় সকলো সামগ্ৰী লৈ যাবলৈ সক্ষম আছিল ১৪৯২ চনত খ্ৰীষ্টফাৰ কলম্বাছে ব্যৱহাৰ কৰা ছান্টা মাৰিয়া নামৰ জাহাজখন আৰু ১৪৯৭ চনত ভাৰতলৈ আহি ভাস্কো-ডা-গামাই এই কাৰাক শ্ৰেণীৰ জাহাজ ব্যৱহাৰ কৰিছিল । কাৰাকৰ দৰে আন এক শ্ৰেণীৰ জাহাজ আছিল গলিওন । ১৬-১৭ শতিকাত বিকাশ হোৱা এই শ্ৰেণীৰ বিশাল জাহাজত  কেবাটাও মহলা থকাৰ উপৰিও কেইবাখনো পাল তৰা হৈছিল । বহুতো যাত্ৰী যাব পৰা এই জাহাজ বাণিজ্যিক আৰু উভয় ক্ষেত্ৰতে ব্যৱহাৰ কৰা হৈছিল । এই জাহাজসমূহত যথেষ্টসংখ্যক কামান আৰু গোলা লৈ যাব পৰা গৈছিল বাবে পৰৱৰ্তী সময়ছোৱাৰ যুদ্ধসমূহত ইয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল । সাগৰীয় নিমখীয়া পানীত নষ্ট নোযোৱা, দ্ৰুত গতিত যাত্ৰা কৰা অথচ প্ৰচণ্ড ঢৌত বা সাগৰীয় ধুমুহাই ধ্বংস কৰিব নোৱাৰা মজবুত জাহাজসমূহ নিৰ্মাণত প্ৰচুৰ অৰ্থ ব্যয় হৈছিল । 

২। আটলান্টিক বাণিজ্য ।

উত্তৰঃ 

৩। কলম্বাচ বিনিময় ।

উত্তৰঃ ১৪৯২ চনত স্পেইনৰ অভিযাত্ৰী কলম্বাছে আটলান্টিক মহাসাগৰ অতিক্ৰম কৰি আমেৰিকা মহদেশতউপস্থিত হোৱা প্ৰথমজন ইউৰোপীয় নাগৰিক আছিল । ইউৰোপ তথা বিশ্ববাসীৰ নতুন অঞ্চলটোৰ বিষয়ে একোৱে নাজানিছিল । তাৰোপৰি এই নতুন অঞ্চলত হোৱা বহুতো খাদ্য-শস্য, পল-মূল, জীৱ-জন্তু আৰু বহুতো গছপুলি ইউৰোপবাসীয়ে কেতিয়াও দেখা নাছিল । ঠিক তেনেদৰে ইউৰোপত পোৱা বিভিন্ন খাদ্য-শস্য, জীৱ-জন্তুৰ বিষয়ে সাধাৰণ জনসাধাৰণে একোকে নাজানিছিল । সেইকাৰণে কলম্বাছ আৰু তেওঁৰ পিছৰ অভিযানকাৰী আৰু ঔপনিৱেশ স্থাপনকাৰীসকলে ১৫ আৰু ১৬ শতিকাত এই দুই ঠাইত নোপোৱা সামগ্ৰীসমূহ ইউৰোপৰ পৰা আমেৰিকালৈ আৰু আমেৰিকাৰ পৰা ইউৰোপলৈ অনা-নিয়া কৰিছিল । ইয়াকে কলম্বাচ বিনিময় নামেৰে জনা যায় । আমেৰিকাৰ পৰা ইউৰোপলৈ অনা কিছুমান প্ৰধান শস্য আছিল --- মাকৈ, আলু, শিমলুআলু, আৰু মিঠা আলুৰ লগত আন খাদ্য-শস্য যেনে- বিলাহী, চীনা বাদাম, ৰঙালাউ, স্কুৱাজ, আনাৰস আৰু জলকীয়া। ধঁপাত আছিল আমেৰিকাৰ পৰা মানুহক আৰোগ্য কৰিব অনা এক গুৰুত্বপূৰ্ণ ঔষধ । কিন্তু এই ধঁপাতক বৰ্তমান মানুহে ৰাগিয়াল দ্ৰব্য  হিচাপে ব্যৱহাৰ কৰিবলৈ লয় । তাৰ বিপৰীতে আমেৰিকাত ঘেঁহু, ধান, ৰাই আৰু যৱজাতীয় এক শস্যবিশেষ, বাৰ্লি আদি প্ৰধান শস্যৰ খেতি প্ৰৱৰ্তন কৰা হৈছিল ।

কলম্বিয়ান বিনিময়ত জন্তুৰ ক্ষেত্ৰত ইউৰোপ অধিক আগবঢ়া আছিল । ঘোঁৰা, গাহৰি, গৰু ছাগলী, ভেড়া আৰু বিভিন্ন প্ৰাণী আমেৰিকালৈ প্ৰেৰণ কৰা হৈছিল । - যাৰ অস্তিত্ব ইয়াৰ পূৰ্বে নাছিল । 

৪। টিউডৰ যুগৰ মানুহৰ খাদ্যাভ্যাস ।

উত্তৰঃ  টিউডৰ যুগৰ ইংলেণ্ডৰ সাধাৰণ মানুহে প্ৰধানকৈ ব্ৰেড, মাংস, মাছ, পটেজ সিদ্ধ কৰা তৰকাৰীৰ চুপ আৰু সুৰা প্ৰধান আহাৰ হিচাপে গ্ৰহণ কৰিছিল । সেই সময়ত মানুহে কেচা ফল-মূল আৰু শাক-পাচলি ৰোগ বা বেমাৰ হব বুলি নাখাইছিল । কিন্তু অভিজাত শ্ৰেণীয়ে বিভিন্ন ধৰণৰ খাদ্য খাইছিল । আমেৰিকাৰ পৰা অনা আলু, বিলাহী, বীন, মাকৈ, আনাৰস, ফ্ৰেন্সবীন, ৰঙা আৰু সেউজীয়া জলকীয়া, মুৰ্গী, দক্ষিণ ইউৰোপৰ পৰা অনা কমলা, নেমু, নাচপতি, এপ্ৰিকট নামৰ এূিধ ৰসাল ফল, তৰমুজ, আদিৰ খেতি ধনী ভূ-মালিকসকলে নিজৰ বাগিছাতে কৰিছিল আৰু বিভিন্ন সময়ত নিত্য-নতুন সামগ্ৰীৰে গ্ৰহণ কৰিছিল । 

৫। ইনক্লজাৰ বা বেষ্টনী আইন 

উত্তৰঃ ১৮ শতিকাৰ মাজভাগৰ পৰা সূচনা হোৱা কৃষি বিপ্লৱৰ লগত জড়িত এটা উল্লেখযোগ্য ঘটনা আছিল ইনক্লজাৰ বা বেষ্টনী আইন । কৃষি বিপ্লৱৰ লগত কৃষিপামৰ মালিকসকলক বহুতো পৰিমাণৰ কৃষিভূমিৰ প্ৰয়োজন হোৱাত ইংলেণ্ডৰ চৰকাৰে পূৰ্বৰে পৰা শতিকাজুৰি সৰ্বসাধাৰণে অবাদী ভূমিত পোহনীয়া জীৱ-জন্তু, গৰু-ভেড়া আদিৰ চৰণীয়া ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰা বা আন কোনো ধৰণৰ খেতি কৰা বন্ধ কৰি সেই ভূমিৰ চাৰিওফালে পকীদেৱাল বা জেওৰা দি সৰ্বসাধাৰণ লোকৰ ইয়াত প্ৰৱেশ বন্ধ কৰি দিছিল । ইয়াকে বেষ্টনী আইন বা ইনক্লজাৰ বোলা হয় । সৰ্বসাধাৰণৰ ভূমি বুলি জনাজাত এই ভূমি সামগ্ৰিকভাৱে কেবাজনো লোক বা এজন লোকৰ হলেও সেই অঞ্চলৰ জনসাধাৰণৰ সেই ভূমিত পোহনীয়া জীৱ-জন্তু চৰোৱা খৰি সংগ্ৰহ কৰা বা তাত থকা বনানীৰ পৰা গছ কাটি কাঠ সংগ্ৰহ কৰাৰ পৰম্পৰাগত অধিকাৰ আছিল । সেইকাৰণে তেওঁলোকক কমনাৰ বা সৰ্বসাধাৰণ আখ্যা দিয়া হৈছিল । মূলতঃ মধ্যযুগীয় মেনৰীয় কৃষি ব্যৱস্থাৰ এই সৰ্বসাধাৰণ এই অনিবাৰ্য অংগ আছিল আৰু ৰজাই বা উচ্চ সামন্তই তেওঁৰ অধীনস্থ বিষয়াসকলক এই নিৰ্দিষ্ট ভূ-সম্পত্তিৰ অনুদান দিছিল আৰু এই মেনৰীয় ব্যৱস্থাত থকা বিভিন্ন শ্ৰেণীয়ে সেই ভূমি ব্যৱহাৰ কৰা অধিকাৰ পুৰুষানুক্ৰমে লাভ কৰি আহিছিল ।

৬। ন'ৰফ্লৰ ফ'ৰ কৰচ্ছ চিষ্টেম ।

উত্তৰঃ ইংলেণ্ডৰ পূব এংলিআৰ নৰফ্লক প্ৰশাসনীয় অঞ্চলত বিভিন্ন শস্যৰ খেতি এটাৰ পিছত আনটো সলাই  কৰা এক নতুন পদ্ধতিক উদ্ভাৱন কৰে । ইয়াকে নৰফ্লক চাৰি বিষয় প্ৰণালী বা ন'ৰফ্লক ফ'ৰ কৰচ্ছ চিষ্টেম নামেৰে জনা যায় ।  এই ব্যৱস্থাত পূৰ্বৰ তিনি ক্ষেত্ৰ প্ৰণালী বাদ দি নৰফ্লক ব্যৱস্থা এবছৰ কৃষি মাটিডৰা বৰ্ধিত কিন্তু অনাবদী কৰাি ৰখা হৈছিল । ইয়াৰ বিপৰীতে চাৰি বছৰীয়া চক্ৰটোত বিভিন্ন খেতি যেনে ঘেঁহু, চালগম, বাৰ্লি আৰু চতুৰ্থ বছৰটো জন্তুৰ বাবে ঘাঁহ গজিবলৈ দিছিল । ১৬ শতিকাৰ আৰম্ভণিতে বেলজিয়াম ৰ বহু কৃষকে এই পদ্ধতিত কৃষি কৰিছিল যদিও বৃটিছ কৃষিবিদ চাৰ্লচ টাউনচেন্দে ১৮ শতিকাত এনেদৰে এই কৃষিব্যৱস্থা জনপ্ৰিয় কৰি তুলিছিল ।

এনেদৰে উন্নত প্ৰযুক্তিৰ কৃষি-কাৰ্য, যন্ত্ৰ, পৰিবহণ, আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি, ব্যাপক হাৰত কৰা জলসিঞ্চন ব্যৱস্থা আৰু মানুহে আহাৰ খোৱাৰ চৰিত্ৰ পৰিৱৰ্তনৰ ফলতে ইংলেণ্ডত প্ৰথমে কৃষি বিপ্লৱ সংঘটিত হৈছিল আৰু পৰৱৰ্তী সময়ত ই ইউৰোপৰ আন আন দেশলৈ সম্প্ৰসাৰণ ঘটিছিল ।কৃষি ক্ষেত্ৰৰ এনে বৈপ্লৱিক বিকাশৰ ফলত বজাৰ বিভিন্ন শস্য, খাদ্য দ্ৰব্য, ফল-মূলেৰে ভৰি পৰিছিল । উপযুক্ত দামত সৰহকৈ খাদ্য দ্ৰব্য কিনিব পৰা হোৱাত সকলো মানুহে সুষম আৰু সুস্বাদু আহাৰ গ্ৰহণ কৰিবলৈ লয় । তাৰ ফলত মানুহৰ জীৱনকাল বৃদ্ধি পাবলৈ ধৰিলে আৰু অভূতপূৰ্ব হাৰত জনসংখ্যা বৃদ্ধি পাব ধৰিলে । বৰ্ধিত বা বৃদ্ধি পাই অহা জনসংখ্যাই উদ্যোগত কাম কৰিবলৈ লয়। ইতিমধ্যে বেছিভাগ উদ্যোগ-কাৰখানা নগৰ অঞ্চলত গঢ়ি উঠিছিল । নগৰ অঞ্চললৈ গণ প্ৰব্ৰজন বামানুহৰ প্ৰব্ৰজন আৰম্ভ হৈছিল । ইয়াৰ কিছুবছৰৰ পাছত ইংলেণ্ডত প্ৰথম উদ্যোগ বিপ্লৱ সংঘটিত হৈছিল । 

৭। ইনক্লজাৰ আন্দোলনৰ ফলাফল 

উত্তৰঃ  ইনক্লজাৰ প্ৰক্ৰিয়াৰ দ্বাৰা ইংলেণ্ডৰ সৰ্বসাধাৰণ লোকৰ পৰম্পৰাগত অধিকাৰৰ অৱলুপ্তি ঘটোৱা  হৈছিল ।  এইখিনি কৰিবলৈ লওতে জনসাধাৰণৰ ওপৰত শক্তি প্ৰয়োগ কৰিব লগা হৈছিল । চৰকাৰে প্ৰতিৰোধৰ সন্মুখীন হৈছিল আৰু ব্যাপক হাৰত সংঘৰ্ষ আৰু ভালেমান লোকৰ মৃত্যু হৈছিল ।  মুঠতে বেষ্টনীগত আন্দোলনৰ ফলত বহুতো লাভ হৈছিল ।

ক) প্ৰথমতে, পুঁজিপতি কৃষিপামৰ মালিকসকল ডাঙৰ ডাঙৰ কৃষিপামৰ মালিক হৈ পৰিল । কৃষিভূমিৰ মূল্য বৃদ্ধি পালে আৰু বিশাল কৃষিভূমিত নতুন প্ৰযুক্তিৰে কৃষি কৰাৰ ফযলত ইংলেণ্ডত কৃষি বিপ্লৱৰ সূচনা হয় । এই বিশাল কৃষি মালিকৰ লগত ইংলেণ্ডৰ ক্ষুদ্ৰ-ক্ষুদ্ৰ কৃষি মালিকসকল প্ৰতিযোগিতাত তিষ্ঠিব নোৱাৰি বহুতে তেওঁলোকৰ ভূমি উচ্চ দামত পুজিপতি কৃষি মালিকৰ ওচৰত বিক্ৰী কৰিছিল । এই বেষ্টণীকৰণ প্ৰক্ৰিয়াই মূলতঃ ইংলেণ্ডত ক্ষুদ্ৰ কৃষি মালিকৰ সংখ্যা ব্যাপকভাৱে হ্ৰাস হোৱাৰ প্ৰধান কাৰণ আছিল ।

খ) দ্বিতীয়তে , বেষ্টনীকৰণ প্ৰক্ৰিয়াই সাধাৰণ লোকৰ ওপৰত বহুতো প্ৰভাৱ পেলাইছিল । তেওঁলোকে যে নিজৰ কৃষিভূমিয়ে হেৰুৱাইছিল এনে নহয়, পোহনীয়া জীৱ-জন্তু ৰাখিবলৈ ঘাহনি এডৰাও নোহোৱা নহয় । তাৰ ফলত গাঁৱৰ পৰা বহু লোক কামৰ সন্ধানত নগৰ অঞ্চললৈ প্ৰব্ৰজন কৰিবলৈ লয় । নগৰ আৰু চহৰ অঞ্চলত বহুতো ডাঙৰ বস্তি অঞ্চল গঢ়ি উঠিছিল । তেওঁলোকে কম মজুৰিত কাৰখানা-উদ্যোগত কাম কৰিবলৈ বাধ্য হৈছিল । আমহাতে এনেধৰণৰ সস্তীয়া মজদুৰৰ  যোগান ইংলেণ্ডত ১৬৮৮ চনত সূচনা হোৱা উদ্যোগ বিপ্লৱৰ এটা প্ৰধান কাৰণ । সেইকাৰণে বেষ্টনীৰ আন্দোলনক ইংলেণ্ডৰ কৃষি আৰু অৰ্থনৈতিক ইতিহাসৰ আটাইতকৈ বিতৰ্কিত বিষয় বুলি গণ্য কৰা হয় ।

৮। মাৰ্কেনটেলিজিম ।

উত্তৰঃ  ভূ-ৰাজনৈতিক ১৪৫৩ চনত অটমান তুৰ্কসকলে কনষ্টান্টিনোপল দখল কৰাৰ ফলত স্থলপথেৰে ইউৰোপ আৰু পূব এছিয়াৰ লগত বাণিজ্য বন্ধ হৈ পৰিছিল । তাৰ ফলত বিকল্প পথৰ সন্ধান আৰম্ভ হৈছিল । ইংলেণ্ডত ইয়াৰ নৌবাহিনীৰ সহায়ক হোৱাকৈ দেশৰ আইনসমূহৰ পৰিৱৰ্তন সধা হৈছিল । ই দেশখনৰ বাণিজ্যিক শ্ৰী বৃদ্ধিত সহায় হব বুলি আশা কৰিছিল । এই আইনসমূহে উত্তৰ ইউৰোপত ব্যৱসায় কৰা হানছিয়াটিক লীগৰ পতনত বহু পৰিমাণে সহায়ক হৈছিল । আনহাতে ইবেৰিয়ান ক্ৰছেদ বা ধৰ্মযুদ্ধ বা ৰিকনকুৱষ্ট বা পুনৰ জয়ৰ সামৰিক উন্মাদনাৰে স্পেইনে আটলান্টিক মহাসাগৰত নতুন সামুদ্ৰিক পথ আৱিস্কাৰেৰে তুৰ্কীয়ে বন্ধ কৰা বাণিজ্যিক পথৰ বিকল্পৰ সন্ধানত উঠি-পৰি লাগিছিল । ইউৰোপীয় দেশসমূহৰ মাজত থকা ব্যাপক অৰিয়া-অৰিৰ কাৰণে প্ৰতিখন দেশে নিজৰ হৈ প্ৰথম ঔপনিৱেশ স্থাপন কৰিব সাগৰৰ সিটো  পাৰলৈ যোৱাৰ প্ৰতিযোগিতাত নামি পৰিছিল । ১৬ শতিকাৰ পৰা ১৮ শতিকালৈ ইউৰোপত প্ৰচলিত মাৰ্কেনটেলিজিম অৰ্থনীতি ব্যৱস্থায়ো এনে পৰিৱেশ ৰচনা কৰাত সহায় কৰিছিল । মাৰ্কেনটেলিজিম নীতিৰ অনুসৰি পৃথিৱীৰ সম্পদ সীমিত আৰু সেয়েহে বেছিভাগ ইউৰোপীয় দেশে নিজৰ সামগ্ৰী অধিক পৰিমাণে ৰপ্তানি কৰিব বিচাৰিছিল । মাৰ্কেনটেলিজিম নীতিৰ মতে দেশখনৰ অৰ্থনীতি সমৃদ্ধিশালিতা মূল্যৱান ধাতু, যেনে সোণ বা ৰূপ আদি যথেষ্ট পৰিমাণে আহৰণ কৰিব পৰাৰ ওপৰত নিৰ্ভঙৰ কৰে । ইয়াৰ ফলত নতুন নতুন গৃহ নিৰ্মাণ বৃদ্ধি পাব । কৃষি-কাৰ্য আৰু এক শক্তিশালী বাণিজ্যিক জাহাজে বিভিন্ন দ্ৰব্য আৰু কেচা সামগ্ৰীৰে ভৰপুৰ অতিৰিক্ত বজাৰৰ যোগান ধৰিব । 

৯। বাণিজ্যিক বিপ্লৱৰ প্ৰভাৱ ।

উত্তৰঃ 

১০। স্পেইনলৈ আমেৰিকান ৰূপৰ আন্তঃপ্ৰৱাহ ।

উত্তৰঃ প্ৰাচীনকালৰে পৰা সোণ আৰু ৰূপ এই দুবিধ মূল্যৱান ধাতু বস্তু কিনা বেচাত এক মাপক হিচাপে ব্যৱহাৰ হৈ আছিল । সাধাৰণতে বিনিময় প্ৰথাৰ যোগেদি গ্ৰাহক আৰু বিক্ৰী কৰা বা বিক্ৰেতাই বস্তুৰ কিনা-বেচা কৰিছিল যদিও দূৰ-দূৰণিৰ পৰা অহা বণিকসকলে তেওঁলোকৰ লগত বিনিময় কৰা দ্ৰব্য লৈ উভতি যোৱাত ভালেখিনি অসুবিধা হৈছিল । সেইবাবে কিনা-বেচা সামগ্ৰীৰ বিনিময়ত তেওঁলোকে সোণ বা ৰূপ লবলৈ ধৰিলে । এই সোণ বা ৰূপৰ মূল্যবান ধাতুসমূহক এক নিৰ্দিষ্ট আকাৰ যেনে, চেপেটা ঘুৰণীয়া বা চাৰিকোণীয়া কৰি এক নিৰ্দিষ্ট মাপকৰ মুদ্ৰা তৈয়াৰ কৰিছিল । একেদৰে সোণ বা ৰূপেৰে তৈয়াৰী মুদ্ৰাৰ গ্ৰহণযোগ্যতা সকলোতে আছিল । সোণ এবিধ অতি মূল্যৱান ধাতু আছিল বাবে মানুহে সাধাৰণতে এনে মুদ্ৰাবোৰ কিনা-বেচাত সাধাৰণতে ব্যৱহাৰ কৰিব বিচৰা নাছিল । কিন্তু সোণতকৈ কম মূল্যৱান ধাতু ৰূপৰ সৰ্বজন গ্ৰহণযোগ্যতা থকাৰ উপৰিও ৰূপৰ মুদ্ৰাৰে বেচা-কিনা কৰিব সৰ্বসাধাৰণ প্ৰস্তুত থকা বাবে প্ৰাচীন কালৰে পৰা ই বিনিময়ৰ এটা অতি গ্ৰহণযোগ্য মাধ্যম হৈ পৰিছিল । সেইকাৰণে  ইউৰোপীয়সকলৰ কাৰণে ৰূপ এবিধ অতি গ্ৰহণযোগ্য মুদ্ৰা আছিল আৰু আন্তঃৰাষ্টীয় বজাৰৰ ক্ষেত্ৰত একমাত্ৰ সোণ বা ৰূপৰ মুদ্ৰাহে বৈধ মুদ্ৰা আছিল । 

ৰচনাধৰ্মী প্ৰশ্নঃ

১। ১৬ শতিকাত অৰ্থনৈতিক ভাৰসাম্যতা আটলান্টিক মহাসাগৰলৈ স্থানান্তৰিত হোৱা মুখ্য কাৰণসমূহ উল্লেখ কৰা ।

উত্তৰঃ  নৱজাগৰণৰ সময়ছোৱাত ভূমধ্য সাগৰ পশ্চিম এছিয়া, উত্তৰ আফ্ৰিকা, আৰু দক্ষিণ ইউৰোপ  এই তিনিখন মহাদেশৰ বিভিন্ন জনসাধাৰণৰ মাজত পৰিবহণ, বাণিজ্য আৰু সাংস্কৃতিক বিনিময়ৰ প্ৰধান বা মুখ্য পথ আছিল । বৰ্তমান ভূমধ্য সাগৰৰ চাৰিওফালে থকা দেশসমূহ ঘড়ীৰ কাটাৰ দৰে । যেনে, স্পেইন, ফ্ৰান্স,মনাকো, ইটালি, মন্টেনিগ্ৰো, আনবানিয়া, গ্ৰীচ, তুৰ্কী, চিৰিয়া, লেবানন, ইজৰাইল, ইজিপ্ত, লিবিয়া, টিউনিছিয়া, আলজেৰিয়া আৰু মৰক্কোৰ লগতে সাগৰীয় দ্বীপ ৰাষ্ট্ৰ মাল্টা আৰু চাইপ্ৰাছ । এই ৰাষ্ট্ৰসমূহৰ ইতিহাস জানিবলৈ হলে ভূমধ্য সাগৰৰ অৱবাহিকাৰ বিষয়ে জ্ঞান থকাটো যথেষ্ট প্ৰয়োজন । ১৫-১৬ শতিকাৰ ভূ-ৰাজনৈতিক পৰিস্থিতি বৰ্তমানৰ দৰে নাছিল । বৰ্তমান ইয়াৰ পাৰত গঢ় লৈ উঢা কিছুমান দেশৰ অস্তিত্ব সেইসময়ত নাছিল । 

সেই সময়ত বৰ্তমানৰ ইটালি কেবাখনো স্বাধীন নগৰ ৰাষ্ট্ৰত বিভক্ত হৈ আছিল । এই নগৰ ৰাষ্ট্ৰসমূহে ক্ৰছেদ বা ধৰ্মযুদ্ধৰ সময়লৈকৈ ছিল্ক ৰোড বা পথেৰে ভাৰত বা চীনদেশৰ পৰা বিভিন্ন বিলাসী সামগ্ৰী যেনে, ছিল্ক কাপোৰ, হাতীৰ দাত, বিভিন্ন সুগন্ধি দ্ৰব্য তথা বিভিন্ন মচলা যেনে, ডালচেনি, তেজপাত, ইলাচী, আদা, জালুক, আৰু হালধি আদি আৰৱ দেশৰ পৰা কিনি উত্তৰ ইউৰোপৰ দেশসমূহত উচ্চ হাৰত বিক্ৰী কৰি অতি লাভৱান হৈছিল । কাৰণ ভূমধ্য সাগৰৰ তিনিখন মহাদেশৰ কেন্দ্ৰস্থল আছিল, সেয়েহে এই সাগৰত লগ লগা বিভিন্ন নদীৰ মোহনাইদি অন্যান্য মূল্যবান সামগ্ৰী যেনে, সোণৰ মুদ্ৰা, আঙুৰৰ পৰা তৈয়াৰ কৰা সুৰা, বিভিন্ন গহনা,কলাকৃতি, সুগন্ধি দ্ৰব্য, উল আৰু জলফাইৰ তেল, আদিৰ পৰিবহণ আৰু ব্যৱসায় হৈছিল । কিন্তু ক্ৰছেদ বা ধৰ্মযুদ্ধৰ ফলত মুছলমান আৰু তুৰ্কীৰ লগত খ্ৰীষ্টান ইউৰোপীয়সকলৰ মাজত হোৱা হিংসা, হত্যা, ঘৃণা আৰু অবিশ্বাসৰ বাবে ব্যৱসায় বন্ধ হৈ পৰিছিল । ইউৰোপীয় দেশবোৰে প্ৰাচ্যৰ দেশবোৰৰ লগত সংযোগ থকা দীঘলীয়া স্থলপথেদি তুৰ্কী আৰৱ দেশৰ মাজেৰে ব্যৱসায়ৰ সলনি আন বিকল্প পথ বিচাৰিব ধৰিছিল । তেতিয়াও মছলা আৰু অন্যান্য বিলাসী সামগ্ৰীৰ চাহিদা ইউৰোপীয় বজাৰত যথেষ্ট আছিল । ক্ৰয় কৰালোকসকলে এই সামগ্ৰীসমূহৰ বাবে অতি উচ্চ মূল্য ভৰিবলৈ সাজু আছিল । সেইকাৰণে পূৰ্বৰ নিচিনাকৈ প্ৰাচ্যৰ দেশসমূহৰ পৰা ইউৰোপলৈ সামগ্ৰী বন্ধ হোৱা পিছতো চোৰাংকৈ কিছু পৰিমাণে অহা মছলা আৰু অন্যান্য বিলাসী সামগ্ৰী সম্ভ্ৰান্ত লোকসকলে তেতিয়াও ব্যৱহাৰ কৰি আহিছিল । 

১৬ শতিকাৰ ইউৰোপত সামন্তবাদৰ পতন ঘটি ৰাজতন্ত্ৰৰ সূচনা হৈছিল । ৰজাৰ উপৰিও ধনী ব্যৱসায়ী, উদ্যোগী আৰু বেংকাৰসকলে লাভ কৰা প্ৰচুৰ ধন বিভিন্ন বৈজ্ঞানিক যন্ত্ৰপাতি আৱিস্কাৰ কৰা গৱেষণা কৰা বা ইউৰোপৰ বিভিন্ন ডেকা সাহসী নাৱিক, অভিযানকাৰীয়ে আটলান্টিক মহাসাগৰত নতুন সাগৰীয় পথ আৱিস্কাৰ কৰি হেৰুৱা বাণিজ্য পুনৰ প্ৰতিষ্ঠা কৰাৰ চেষ্টাত ব্যয় কৰিছিল । ১৬ শতিকাৰ আগতে আটলান্টিক মহাসাগৰেদি উচ্চ হাৰত বাণিজ্য চলা নাছিল । তাৰ ফলত ইটো পাৰত থকা পুৰণি পৃথিৱীৰ আৱাসীসকলে আটলান্টিক মহাসাগৰৰ সিটো পাৰত থকা নতুন পৃথিৱীৰ বিষয়ে একোৱে জনা নাছিল । তেওঁলোকে এছিয়া, ইউৰোপ আৰু আফ্ৰিকাক লৈয়ে পৃথিৱীৰ মেপ বা ভূচিত্ৰাৱলী অংকন কৰিছিল । 

বন্দুক আৰু খাৰ-বাৰুদৰ ব্যৱহাৰে ইউৰোপীয় অনুসন্ধানকাৰীসকলক প্ৰতিপক্ষৰ সন্মুখীন হোৱাত সাহস যোগাইছিল । সেই সময়ত বিশেষ কৌশল তথা প্ৰযুক্তিৰ ব্যৱহাৰ কৰি নিৰ্মাণ কৰি উলিওৱা জাহাজসমূহ অনায়াসে গভীৰ সমুদ্ৰলৈ যাবৰ বাবে সক্ষম হৈ উঠে । ১৪-১৫ শতিকাৰ ভিতৰত বিকাশ হোৱা তেনে এখন জাহাজ আছিল কাৰাক শ্ৰেণীৰ জাহাজ । প্ৰথমতে, পৰ্টুগীজসকলে , পিছত আন ইউৰোপীয়সকলে এই শ্ৰেণীৰ জাহাজ নিৰ্মাণ কৰিছিল আৰু ইয়াক অধিক আধুনিক কৰি লৈ গৈছিল । প্ৰথমে ভূমধ্যসাগৰৰ পৰা বাল্টিকসাগৰলৈ চলা এই জাহাজসমূহ নতুন ধনৰ সন্ধানত ইউৰোপ আৰু আফ্ৰিকা, তাৰ পিছত আমেৰিকাৰ মাজত আন্তঃআটলান্টিক মহাসাগৰীয় বাণিজ্যত ব্যৱহাৰ কৰিবলৈ লয় ।  এখন উন্নতমানৰ কাৰাক শ্ৰেণীৰ জাহাজ দুৰ সমুদ্ৰলৈ দ্ৰুতগতিত সহজে যাব পৰাৰ উপৰিও সাগৰৰ প্ৰচণ্ড ঢৌত স্থিৰ হৈ থকাৰ লগতে দীঘলীয়া সমুদ্ৰযাত্ৰাৰ প্ৰয়োজনীয় সকলো সামগ্ৰী লৈ যাবলৈ সক্ষম আছিল । ১৪৯২ চনত খ্ৰীষ্টফাৰ কলম্বাছে ব্যৱহাৰ কৰা ছান্টামাৰিয়া নামৰ জাহাজখন আৰু ১৪৯৮ চনত ভাৰতবৰ্ষলৈ অহা ভাস্কো-ডা-গামাই এই কাৰাক শ্ৰেণীৰ জাহাজ ব্যৱহাৰ কৰিছিল । 

কাৰাকৰ দৰে আন এটা শ্ৰেণীৰ জাহাজ আছিল গলি'ওন  । ১৬ শতিকাত এই জাহাজখনৰ বিকাশ হৈছিল । এই বিশাল জাহাজখনত কেইবাখনো পালতৰা আছিল । বহুতো যাত্ৰী যাব পৰা এই বাণিজ্যিক আৰু সামৰিক উভয় ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল । এই জাহাজসমূহত যথেষ্টসংখ্যক কামান আৰু গোলা লৈ যাব পৰা গৈছিল কাৰণে পৰৱৰ্তী সময়ছোৱাৰ যুদ্ধসমূহত ইয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল । সাগৰীয় নিমখিত পানীত নষ্ট নোহোৱা, দ্ৰুত গতিত যাত্ৰা কৰা বা বা প্ৰচণ্ড ঢৌত বা সাগৰীয় ধুমুহাই ধ্বংস কৰিব নোৱাৰা এই মজবুত জাহাজসমূহ নিৰ্মাণ কৰোতে প্ৰচুৰ ধন খৰচ হৈছিল । ১৫০ বছৰীয়া অনুসন্ধানৰ যুগত ই এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছিল । 

২। ইউৰোপৰ কোন দেশত প্ৰথমে কৃষি বিপ্লৱ সংঘটিত হৈছিল । ইয়াৰ মুখ্য কাৰণসমূহ উল্লেখ কৰা ।

উত্তৰঃ ১৮ শতিকাৰ প্ৰথম ভাগত ইংলেণ্জ বা গ্ৰেট-বৃটেইনত প্ৰথম কৃষি বিপ্লৱৰ সূচনা হৈছিল বা কৃষি বিপ্লৱ সংঘটিত হৈছিল ।  ১৯ শতিকাত সমগ্ৰ ইউৰোপ মহাদেশ আৰু আমেৰিকা মহাদেশলৈ ই বিয়পি পৰিছিল । তিনিটা প্ৰধান কাৰণত ইংলেণ্ডত কৃষি বিপ্লৱ সংঘটিত হৈছিল । সেই কাৰণকেইটা হল নিৰ্বাচিত প্ৰজনন, ভূমিৰ অধিকাৰ , সাধাৰণ সম্পত্তিৰ অধিকাৰৰ পৰা প্ৰত্যাহাৰ আৰু শস্যৰোপণৰ নতুন ব্যৱস্থা ।

প্ৰথমতে, পশুপালন, কৃষি  আৰু উগ্যান পালনৰ ক্ষেত্ৰত বৈজ্ঞানিকভাৱে প্ৰজননৰ নীতি বা সিদ্ধান্তসমূহ প্ৰয়োগ কৰি অতি উন্নতমানৰ পশু পোৱালিৰ  জন্ম দিব পাৰি । ইয়াৰ উপৰিও পৰৱৰ্তী সময়ত গুণগত বীজ বা উদ্যান শস্য লাভ কৰিব পৰাৰ নতুন কৌশল উদ্ভৱ কৰিছিল । অতি উল্লেখযোগ্য যে ১৮ শতিকাৰ মাজভাগতে ইংলেণ্ডৰ ৰবাৰ্ট বেকৱেল আৰু টমাচ ক'ক নামৰ দুজন কৃষি বিজ্ঞানীয়ে এই নিৰ্বাচিত প্ৰজননৰ বৈজ্ঞানিক প্ৰয়োগৰ জৰিয়তে প্ৰথমে অতি উন্নতমানৰ জীৱ-জন্তুৰ জন্ম দিছিল ।

বেকৱেল উন্নত ভেড়াৰ জাক জন্ম দিয়াত এই প্ৰযুক্তি ব্যৱহাৰ কৰিছিল, পিছত উন্নতমানৰ ডাঙৰ আৰু শক্তিশালী ষাড়গৰু জন্ম দিয়াত ইয়াৰ প্ৰয়োগ কৰা হৈছিল । উল্লেখযোগ্য,হলেণ্ডৰ পৰা অনা উন্নতমানৰ বীজে ইংলেণ্ডৰ কৃষকক বিভিন্ন প্ৰকাৰৰ উন্নত ফল আৰু শাক-পাছলি কৰাৰ সুযোগ প্ৰদান কৰে । বিভিন্ন ৰোগৰ পৰা মুক্ত আৰু অধিক পশু আৰু বীজৰ উৎপাদনে ইংলেণ্ডৰ কৃষিৰ ক্ষেত্ৰতো ব্যাপক পৰিৱৰ্তন আনিছিল । তাৰোপৰি উন্নত পৰিবহণ ব্যৱস্থাৰ ফলত সাগৰৰ পৰা সতেজ মাছ ভিতৰুৱা অঞ্চললৈ লৈ যোৱাৰ সুবিধা হয় ।

দ্বিতীয়তে,  ইংলেণ্ডৰ কৃষিপামসমূহ লাহে-লাহে এটা ডাঙৰ আকাৰ লৈ গঢ় লৈ উঠিছিল । এই কৃষি পামসমূহত মালিক পক্ষই বৈজ্ঞানিক আৱিস্কাৰে আনি দিয়া নতুন কৃষি সঁজুলি আৰু পুৰণি সঁজুলিৰ উন্নত সংস্কৰণ যেনে ষ্টীলৰ নাঙল, শস্য ৰোপণ,  যন্ত্ৰ আৰু ১৭৩৩ চনত আৱিস্কাৰ কৰা জেথ্ৰো তুলক শস্য ৰোপণ কৰা যন্ত্ৰটোৱে একেবাৰতে তিনি শাৰীকৈ শস্য ৰোপণ কৰিব পাৰিছিল । শস্য কটা মেচিন আদিৰ প্ৰয়োগে এহাতে যেনেকৈ শ্ৰমৰ সংখ্যা হ্ৰাস কৰিছিল , আনহাতে, কমসংখ্যক লোকেৰে বিশাল ভূমিত অতি উন্নতমানৰ দক্ষতাৰে কৃষি কৰি পূৰ্বতকৈ বহু বেছি বস্তু উৎপাদন কৰিবলৈ সক্ষম হৈছিল । এই সময়ছোৱাত বৃটিছ চৰকাৰে ইনক্লজাৰ আইন বা বেষ্টনী বা সংলগ্ন আইন নামৰ এখন আইন ৰচনা কৰি কেইবা শতিকাজুৰি ইংলেম্ডবাসীয়ে পৰম্পৰাগতভাৱে ভৌগ কৰি অহা মুক্ত ভূমিৰ মালিকীস্বত্ত্বৰ অৱসান ঘটালে ।

তৃতীয়তে, ইংলেণ্ডৰ পূব এংলিআৰ  নৰফ্লক প্ৰশাসনীয় অঞ্চলত বিভিন্ন শস্যৰ খেতি এটাৰ পিছত আনটো সলাই কৰা এক নতুন পদ্ধতিক উদ্ভাৱন কৰে ।

ইয়াকে নৰফ্লক চাৰি বিষয় প্ৰণালী বা নৰফ্লক ফৰ কৰচ্ছ চিষ্টেম নামেৰে জনা যায় । এই ব্যৱস্থাত পূৰ্বৰ তিনি ক্ষেত্ৰ প্ৰণালী বাদ দি নৰফ্লক ব্যৱস্থা এবছৰ কৃষি মাটিডৰা অনাবাদী কৰি ৰখা হৈছিল । ইয়াৰ পৰিৱৰ্তে চাৰি বছৰীয়া চক্ৰটোত বিভিন্ন খেতি যেনে-- ঘেঁহু চালগম, বাৰ্লি আৰু চতুৰ্থ বছৰটো জন্তুৰ বাবে ঘাঁহ গজিবলৈ দিছিল । ১৬ শতিকাৰ আৰম্ভণিতে বেলজিয়াম ৰ একাংশ কৃষকে এই পদ্ধতিত কৃষি কৰিছিল যদিও বৃটিছ কৃষিবিদ চালৰ্চ টাউনচেন্দে ১৮ শতিকাত এনেদৰে কৃষিব্যৱস্থা জনপ্ৰিয় কৰি তোলে । এইদৰে  উন্নত প্ৰযুক্তিৰ কৃষি উৎপাদন যন্ত্ৰ, পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি , ব্যাপক হাৰত কৰা জলসিঞ্চন ব্যৱস্থা মানুহে আহাৰ খোৱাৰ চৰিত্ৰ পৰিৱৰ্তনৰ ফলতে ইংলেণ্ডত প্ৰথমে কৃষি বিপ্লৱ সংঘটিত হৈছিল । পৰৱৰ্তী সময়ত ই ইউৰোপৰ আন আন দেশলৈ সম্প্ৰসাৰিত হৈছিল । কৃষি ক্ষেত্ৰৰ এনে বৈপ্লৱিক বিকাশৰ ফলত বজাৰ বিভিন্ন শস্য, খাদ্য দ্ৰব্য, ফল-মূলেৰে ভৰি পৰিছিল । উপযুক্ত দামত সৰহকৈ খাদ্য দ্ৰব্য কিনিব পৰা হোৱাত সকলো মানুহে সুষম আৰু সুস্বাদু আহাৰ গ্ৰহণ কৰিবলৈ লয় । তাৰ ফলত মানুহৰ জীৱনকাল বৃদ্ধি পাবলৈ ধৰিলে । বাঢ়ি অহা জনসংখ্যাই উদ্যোগত কাম কৰিবলৈ লয় । যিহেতু বেছিভাগ কাৰখানা-উদ্যোগ নগৰ চহৰ অঞ্চলৱত গঢ়ি উঠিছিল । নগৰ অঞ্চললৈ জন প্ৰব্ৰজন আৰম্ভ হৈছিল । ইয়াৰ কিছুবছৰৰ পাছত ইংলেণ্ডত প্ৰথম উদ্যোগ বিপ্লৱ সংঘটিত হৈছিল । 

৩। ইনক্লজাৰ বা বেষ্টনী আন্দোলন কি ? ইয়াৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ১৮ শতিকাৰ মাজভাগৰ পৰা সূচনা হোৱা কৃষি বিপ্লৱৰ লগত জড়িত হোৱা এটা উল্লেখযোগ্য ঘটনাটো হল ইনক্লজাৰ বা বেষ্টনী আন্দোলন । কৃষি বিপ্লৱৰ ফলত কৃষিপামৰ মালিকসকলক বৃহৎ পৰিমাণৰ কৃষিভূমিৰ প্ৰয়োজন হোৱাত ইংলেণ্ডৰ চৰকাৰে পূৰ্বৰে পৰা সৰ্বসাধাৰণে অবাদী ভূমিত পোহনীয়া জূৱ-জন্তু, গৰু-ছাগলী ভেড়া আদিৰ চৰণীয়া ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰা বা আন কোনো ধৰণৰ খেতি কৰা বন্ধ কৰি সেই ভূমিৰ চাৰিওফালে পকী দেৱাল বা জেওৰা দি সৰ্বসাধাৰণ লোকক ইয়াৰ প্ৰৱেশ বন্ধ কৰি দিছিল । ইয়াকে আবেষ্টনী দিয়া বা সংলগ্ন কৰা বোলে । 

সৰ্বসাধাৰণৰ ভূমি বুলি জনাজাত এই ভূমি সামগ্ৰিকভাৱে কেবাজনো লোক বা এজন লোকৰ হলেও সেই অঞ্চলৰ জনসাধাৰণৰ ভূমিত পোহনীয়া জীৱ-জন্তু চৰোৱা  খৰি সংগ্ৰহ কৰা বা তাত থকা বনানীৰ পৰা গছ কাটি কাঠ সংগ্ৰহ কৰাৰ পৰম্পৰাগত অধিকাৰ আছিল , সেইবাবে তেওঁলোকক কমনাৰ বা সৰ্বসাধাৰণ আখ্যা দিয়া হৈছিল । মধ্যযুগৰ ইংলেণ্ডৰ সামন্তযুগীয়া মেনৰীয় কৃষি ব্যৱস্থাৰ এই সৰ্বসাধাৰণ অনিবাৰ্য অংগ আছিল আৰু ৰজাই বা উচ্চ সামন্তই তেওঁৰ অধীনস্থ বিষয়াসকলক এক নিৰ্দিষ্ট ভূ-সম্পত্তিৰ অনুদান দিছিল । এই মেনৰীয় ব্যৱস্থাত থকা বিভিন্ন শ্ৰেণীয়ে সেই ভূমি ব্যৱহাৰ কৰা অধিকাৰ পুৰুষানুক্ৰমে লাভ কৰি আহিছিল । 

ইফালে নৱজাগৰণৰ সময়ছোৱাত ইউৰোপত সামন্তবাদৰ পতন হয় আৰু ৰাজতন্ত্ৰ শক্তিশালী হৈ উঠে । ইউৰোপৰ বিভিন্ন অঞ্চলত, বিভিন্ন ক্ষেত্ৰত পুঁজিবাদে গা কৰি উঠে আৰু পুঁজিবাদী ক্ৰিয়াকলাপ বৃদ্ধি পাবলৈ ধৰে । তাৰ ফলত অৰ্থনৈতিক কৃষিৰ দৰে অপৰিৱৰ্তনশীল বিষয় এটাটো ১৬ শতিকাত পুঁজিবাদৰ প্ৰৱেশ ঘটে আৰু ইয়াৰ ফলত অনিচ্ছুকভাৱে হলেও মানুহে এই ক্ষেত্ৰত হোৱা পৰিৱৰ্তনসমূহ লাহে-লাহে মানিব লগা হয় । 

৪। বাণিজ্য বিপ্লৱ সংঘটিত হোৱা প্ৰধান কাৰণসমূহ  আলোচনা কৰা ।

উত্তৰঃ বাণিজ্য বিপ্লৱ সংঘটিত হোৱাৰ প্ৰধান কাৰণসমূহ হল

ক) প্ৰথমতে, যদিও মধ্যযুগৰ শেষলৈ ইউৰোপ এখন কৃষিপ্ৰধান দেশেই আছিল তথাপিও দ্ৰুত হাৰত ইউৰোপীয় অৰ্থনীতিৰ বিকাশ হোৱা দিশটো আছিল বাণিজ্য । ইয়াৰ মবলতে আছিল ১৬ শতিকাৰ আগে-পিছে হোৱা বিভিন্ন ভৌগোলিক অনুসন্ধান । এই অনুসন্ধানৰ ফলত আৱিস্কাৰ হোৱা বিভিন্ন সামুদ্ৰিক পথ আৰু আটলান্টিক মহাসাগৰৰ সিপাৰে আৱিস্কাৰ হোৱা নতুন পৃথিৱীয়ে ইউৰোপীয় অৰ্থনীতিৰ সমস্ত গতি-বিধি ইছলামিক  ভূমধ্যসাগৰৰ পৰা পশ্চিম ইউৰোপলৈ স্থানান্তৰিত হয় । ইতিমধ্যে পূৰ্বে বিভিন্ন প্ৰসংগত আলোচনা কৰা হৈছে কেনেদৰে সফলভাৱে সমুদ্ৰ পথেৰে আফ্ৰিকা মহাদেশক প্ৰদক্ষিণ কৰি ইউৰোপৰ লগত বাণিজ্যিক যোগাযোগ স্থাপন কৰা হৈছে, পৰ্টুগালৰ ভাস্কো-ডা-গামাই কেনেদৰে উত্তম আশাত উপস্থিত হৈ ১৪৯৮ চনত ভাৰতবৰ্ষৰ কালিকট বন্দৰত উপস্থিত হৈছিল । এছিয়া মহাদেশৰ পূবলৈ যোৱা এই নতুন সামুদ্ৰিক পথে ওটমান তুৰ্ক আৰু ইটালিৰ নগৰ-ৰাষ্ট্ৰসমূহৰ একচেতিয়া বাণিজ্যিক অধিকাৰৰ অন্ত পেলাইছিল । নতুন পৃথিৱীৰ সম্পদসমূহ ইউৰোপীয় অভিযানকাৰীসকলৰ বাবে মুকলি হৈ পৰিছিল । মছলাৰ ব্যৱসায় কৰি ধনী হৈ পৰা পৰ্তুগালে প্ৰাচ্য আৰু পাশ্চাত্যৰ মাজৰ বাণিজ্য নিয়ন্ত্ৰণ কৰিব লয় । ইয়াৰ পিছত আটলান্টিক মহাসাগৰৰ অন্তৰ্গত উত্তৰ সাগৰ হলেণ্ডৰ এন্টৱৰপ দ্বীপটোক কেন্দ্ৰ কৰি এই বাণিজ্য চলিব লয় । ১৫১০ চনত পৰ্টুগীজসকলে বৰ্তমান ভাৰতবৰ্ষৰ গোৱা আৰু ১৫৫৭ চনত দক্ষিণ চীনৰ মকাউত ঔপনিৱেশ প্ৰতিষ্ঠা কৰাৰে পৰা ইউৰোপ আৰু চীনৰ মাজত প্ৰত্যক্ষ সামুদ্ৰিক বাণিজ্যৰ আৰম্ভণি হৈছিল । যিহেতু ইংলেণ্ডে দেৰিকৈ আন্তঃআটলান্টিক বাণিজ্যত প্ৰৱেশ কৰিছিল, সেইকাৰণে ইংলেণ্ডত দেৰিকৈ বাণিজ্য বিপ্লৱ সংঘটিত হৈছিল ১৭ শতিকাৰ শেষ ভাগত ইংলেণ্ড উত্তৰ আমেৰিকা আৰু কেৰিবিয়ান দেশসমূহত কেইবাখনো ঔপনিৱেশ প্ৰতিষ্ঠা কৰিছিল । ওই ঔপনিৱেশসমূহৰ পৰা চেনি, ধঁপাত আৰু আম উৎপাদিত সা-সামগ্ৰীসমূহ ৰপ্তানি কৰা হৈছিল আৰু বিভিন্ন উলৰ কাপোৰ, ধাতুৰ সামগ্ৰী আৰু শেহতীয়া ইউৰোপৰ ফেশ্বনৰ লগতে বিভিন্ন সামগ্ৰী  এই ঔপনিবেশসমূহে আমদানি কৰিছিল । এনেদৰে অহা ধনে বৃটেইনৰ মানুহৰ জীৱনৰ মানদণ্ড উন্নত কৰিছিল । ইয়াৰ পৰা সকলো লোকে সমানে লাভান্গিত হোৱা নাছিল আৰু ধনী দুখীয়াৰ মাজত ব্যৱধান হ্ৰাস পোৱা নাছিল তথাপিও সামগ্ৰিকভাৱে মানুহৰ খাদ্যভ্যাস পৰিৱৰ্তন হৈছিল । পূৰ্বতে বিলাসী বুলি গণ্য কৰা চাহ, কফি আৰু চেনি জনসাধাৰণৰ মাজত সহজলভ্য হৈ পৰিছিল ।

খ) দ্বিতীয়তে, বাণিজ্য বিপ্লৱ সূচনা  হোৱাত প্ধান ভূমিকা লোৱা আন এটা প্ৰধান কাৰণ আছিল উদ্যোগ আৰু জনসংখ্যা বৃদ্ধি । আদি মধ্যযুগত ইউৰোপৰ জনসংখ্যা বহুত কম আছিল কিন্তু ১০০০ চনৰ পৰা ১৩০০ চনলৈ বহুখিনি জনসংখ্যা বৃদ্ধি হয় যদিও বহুতো ঘটনা প্ৰবাহ যেনে, শেষ মধ্যযুগত উদ্ভৱ হোৱা সংকটৰ ফলত সামগ্ৰিকভাৱে কেইবা নিযুত লোকক কৰা হত্যা, ১৩১৫ চনত সূচনা হোৱা কুখ্যাত দুৰ্ভিক্ষ, ১৩৪৮ চনৰ পৰা আৰম্ভ হোৱা কলামৃত্যুৰ ফলত িউৰোপত মৃত্যুৰ বিভীষিকাৰ পৰা ুদ্ধাৰ হৈ ইউৰোপত পুনৰ জনসংখ্যা বৃদ্ধি পাব ধৰে । বৰ্ধিত জনসংখ্যাই নৱজাগৰণে  আনি দিয়া পৰিৱৰ্তিত সামাজিক অৰ্থনৈতিক ব্যৱস্থাত নিজকে পৰিৱৰ্তন কৰি খাপ খুৱাই লবলৈ বাধ্য হৈছিল । বাণিজ্যিক বিপ্লৱৰ আগতে ইউৰোপীয় সমাজত বেছিভাগ উৎপাদন পৰিয়ালৰ অভাৱ পুৰণ কৰিবলৈহে কৰা হৈছিল । অতিৰিক্ত উৎপাদন হৈছিল সেইখিনি স্থানীয় নগৰ বা গাঁৱত বিক্ৰী কৰা হৈছিল । ইয়াৰ বাদে যিসকল বিভিন্ন অঞ্চললৈ গৈ কৰা ব্যৱসায়ী আছিল, তেওঁলোকৰ হাতত এই বৃহৎ জনসংখ্যাক খুৱাব পৰাকৈ খাদ্য নাছিল। কিন্তু যেতিয়া ইউৰোপীয় দেশসমূহ আৰু ইয়াৰ ঔপনিৱেশসমূহৰ মাজত থকা বাণিজ্য পথসমূহ সক্ৰিয় হৈ পৰিল । মানুহে যেতিয়া বুজিলে জীয়াই থাকিব লগা হলে ধন অৰ্জন কৰিবই লাগিব , তেতিয়া তেওঁলোকে নিজৰ পৰিয়ালৰ আৰু সম্প্ৰদায়ৰ বাহিৰেও আনৰ বাবে সামগ্ৰী উৎপাদন কৰি ধন ঘটা আৰম্ভ কৰিলে । জীয়াই থকাৰ বাবে উৎপাদন কৰাৰ সলনি ধন ঘটা আৰম্ভ কৰিলে । জীয়াই থকাৰ কাৰণে উৎপাদন কৰাৰ সলনি লাভৰ বাবে উৎপাদন কৰাৰ মানসিকতা গঢ় লৈ উঠিছিল । নতুন নতুন বজাৰ সমূহ আৰু ইয়াত ইউৰোপীয় সামগ্ৰীৰ প্ৰচণ্ড চাহিদাৰ বাবে সামগ্ৰীৰ ব্যক্তিগত উৎপাদনৰ ঠাইত ব্যৱসায়িকভাৱে বিশাল হাৰত উৎপাদন আৰম্ভ হল । ডাঙৰ-ডাঙৰ কাৰখানা আৰু কৃষিপাম স্থাপন হল । কম সময়ত অধিক উৎপাদন কৰিবৰ বাবে নিত্য নতুন বিভিন্ন বৈজ্ঞানিক প্ৰয়োগৰ সংযোজন ঘটোৱা হল ।

গ) তৃতীয়তে. ভূ-ৰাজনৈতিক কাৰণৰ ফলত বাণিজ্য বিপ্লৱ সংঘটিত হৈছিল । ১৪৫৩ চনত অটমান তুৰ্কসকলে কনষ্টান্টিনোপল দখল কৰাৰ ফলত স্থলপথেৰে ইউৰোপ আৰু পূব এছিয়াৰ লগত বাণিজ্য বন্ধ হৈ পৰিছিল । তাৰ ফলত বিকল্প পথৰ সন্ধান আৰম্ভ হৈছিল । ইংলেণ্ডত ইয়াৰ নৌ-বাহিনীৰ সহায়ক হোৱাকৈ দেশৰ আইনসমূহৰ পৰিৱৰ্তন সধা হৈছিল । ই দেশখনৰ বাণিজ্যিক শ্ৰীবৃদ্ধিত সহায়ক হব বুলি আশা কৰিছিল । এই আইনসমূহে উত্তৰ ইউৰোপত ব্যৱসায় কৰা হানছিয়াটিক লীগৰ পতনত বহু পৰিমাণে সহায়ক হৈছিল ।আনহাতে, ইবেৰিয়ান ক্ৰুছেদ বা ধৰ্মযুদ্ধ বা ৰিকুনকুৱষ্ট বা পুনৰ জয়ৰ সামৰিক উন্মাদনাৰে স্পেইনে আটলান্টিক মহাসাগৰত নতুন সামুদ্ৰিক পথ আৱিস্কাৰেৰে তুৰ্কীয়ে বন্ধ কৰা বাণিজ্যিক পথৰ বিকল্প সন্ধান কৰিবলৈ উঠি-পৰি লাগিছিল । ইউৰোপীয় দেশসমূহৰ মাজত থকা ব্যাপক অৰিয়া-অৰিৰ বাবে প্ৰতিখন দেশে নিজৰ হৈ প্ৰথমে ঔপনিৱেশ স্থাপন কৰিব সাগৰৰ সিটো পাৰলৈ যোৱাৰ প্ৰতিযোগিতাত নামি পৰিছিল । ১৬ শতিকাৰ পৰা ১৮ শতিকালৈ ইউৰোপত প্ৰচলিত হৈ থকা মাৰ্কেনটেলিজিম নীতি অনুসৰি পৃথিৱীৰ সম্পদ সীমিত আৰু সেইকাৰণেই বেছিভাগ ইউৰোপীয় দেশে নিজৰ সামগ্ৰী অধিক পৰিমাণে ৰপ্তানি কৰিব বিচাৰিছিল । মাৰ্কেনটেলিজিম নীতিৰ মতে দেশখনৰ অৰ্থনৈতিক সমৃদ্ধিশালিতা মূল্যৱান ধাতু যেনে, সোণ বা ৰূপ আদি যথেষ্ট পৰিমাণে আহৰণ কৰিব পৰাৰ ওপৰত নিৰ্ভৰ কৰে । ইয়াৰ ফলত নতুন গৃহ নিৰ্মাণ বৃদ্ধি পাব । কৃষি উৎপাদন বৃদ্ধি পাব আৰু এক শক্তিশালী বাণিজ্যিক জাহাজে বিভিন্ন দ্ৰব্য আৰু কেচা সামগ্ৰীৰে ভৰপুৰ অতিৰিক্ত বজাৰৰ যোগান ধৰিব ।

ঘ) চতুৰ্থতে, ১৬-১৭ শতিকাত ইউৰোপত সকলো সামগ্ৰীৰ অতি উচ্চ মূল্যবৃদ্ধি হৈছিল । ১৫ শতিকাৰ দ্বিতীয় ভাগৰ পৰা ১৭ শতিকাৰ প্ৰথমভাগলৈ সংঘটিত হোৱা ঘটনা প্ৰবাহৰ বাবে সমগ্ৰ পশ্চিম ইউৰোপত ব্যাপকভাৱে মূল্যবৃদ্ধি হয় । ১৫০ বছৰৰ ভিতৰত গড়ে মোটামোটি ছয়গুণকৈ বৃদ্ধি পাইছিল । ১৬ শতিকাৰ বিত্তীয় নীতিত এই হাৰ অতিকৈ উচ্চ আছিল । কষিজাত সামগ্ৰী বিষেষকৈ খাদ্য-শস্য যেনে, চাউল, ঘেঁহু, মেইজ আদিৰ মূল্য অতিকৈ আব্যশকীয় হৈ পৰিছিল । তা ফলত ইউৰোপৰ দেশসমূহত ভৌকাতুৰ লোকৰ সংখ্যা বৃদ্ধি পাইছিল । মূল্যবৃদ্ধিয়ে ভূ-মালিক, কৃষক-অভিজাত শ্ৰেণীকো বৰ বেয়াকৈ ক্ষতিগ্ৰস্থ কৰিছিল । কিয়নো তেোঁলোকৰ অধীনস্থ কৃষক শ্ৰমিকসকলে বেতন বৃদ্ধিৰ দাবী জনাইছিল । এই মূল্যবৃদ্ধিৰ বিষয়ে তলত  আন ঠাইত বহলাই আলোচনা কৰা হৈ আছে । এনে পৰিস্থিতিত বহুতো ভূমিৰ মালিকে তেওঁলোকৰ জীৱনৰ মানদণ্ড সঠিক কৰি ৰাখিবৰ বাবে আটলান্টিক বাণিজ্য কৰি অতি চহকী হোৱা ধনী বুৰ্জোৱা বা মধ্যবিত্ত লোকৰ ওচৰত তেওঁৰ একাংশ বা সমগ্ৰ ভূমি বুলি পৰিচিত হোৱা ভূমিবোৰ ইনক্লজাৰ আইনৰ সহায়ত কিনি লয় আৰু বিশাল ভূ-সম্পত্তিৰ মালিক হয় । বিশাল ভূমিত নতুন পদ্ধতিৰে নতুন প্ৰযুক্তি ব্যৱহাৰেৰে কৃষি কৰাত পৰ্যাপ্ত কৃষি উৎপাদন হৈছিল । এনেদৰে ইংলেণ্ডত সূচনা হোৱা কৃষি বিপ্লৱে সমগ্ৰ ইউৰোপৰ বৰ্ধিত জনসংখ্যাক বুজাবলৈ সক্ষম হৈছিল । তাৰ ফলত ইংলেণ্ডৰ অধিক বাণিজ্যিক শ্ৰীবৃদ্ধি হোৱাৰ লগতে দ্ৰব্যৰ মূল্যও স্থিৰ কৰা হয় । এইদৰে ১৬ শতিকাৰ পৰা বস্তুৰ ওপৰত ব্যক্তিগত মালিকনাৰ বিকাশ ঘটাৰ লগতে বিভিন্ন ক্ষেত্ৰত ধন বিনিয়োগে সুযোগ লাভৰ বাবে ব্যৱসায়ী শ্ৰেণীয়ে নিজৰ পচন্দ মতে কাম কৰাৰ সুযোগ লাভ কৰিছিল । ইয়ে ইউৰোপত পুজিবাদৰ শ্ৰীবৃদ্ধি ঘটাইছিল । ব্যৱসায়ীসকলে তেওঁলোক পুঁজি ব্যৱসায়ত বিনিয়োগ কৰি ক্ষতি হোৱাৰ বিপদ মূৰ পাতি লৈছিল । কিয়নো, এই আকাংশাৰ মাজতে লাভৰ সম্ভাৱনা থাকে । নতুন বাণিজ্যৰ বিকাশৰ বাবে ব্যৱসায়ীক প্ৰচুৰ ধনৰ আৱশ্যক হৈছিল । আটলান্টিক মহাসাগৰীয় বাণিজ্যৰ বাবে ব্যৱসায়ীসকলক বিশাল আকৃতিৰ মালবাহী জাহাজৰ প্ৰয়োজন হৈছিল । তাৰোপৰি বিভিন্ন সামগ্ৰী কিনাৰ পৰা সেইবোৰ গ্ৰাহকৰ হাতত পেলাবৰ বাবে বিভিন্ন স্তৰত বিভিন্ন ধৰণেৰে কাম কৰিব লাগিছিল আৰু বিভিন্ন আহিলা, আচবাবৰ দৰকাৰ বা প্ৰয়োজন হৈছিল । তদুপৰি সাগৰীয় যাত্ৰাত ধুমুহা আদিত জাহাজ ধ্বংস হোৱা, বয়-বস্তু নষ্ট হোৱা, বিভিন্ন লোকৰ মৃত্যু হোৱা আদি অনেক আশংকাৰ মাজেৰে ব্যৱসায়ীৰ মালিকসকলে কাম কৰিব লগা হৈছিল । 

৫। বাণিজ্য বিপ্লৱত সহায় কৰিব বাবে গঢ়ি উঠা বিত্তীয় অনুষ্ঠানসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ বাণিজ্য বিপ্লৱত সহায় কৰিব বাবে গঢ়ি উঠা বিত্তীয় অনুষ্ঠানসমূহ ভিতৰত এটা অনুষ্ঠান হল বেংক ।

১৬ শতিকাৰ ইউৰোপীয় অৰ্থনীতিৰ আটাইতকৈ চকুত লগা পৰিৱৰ্তনটো আছিল আন্তঃৰাষ্টীয় বেংক আৰু বিত্তীয় ক্ষেত্ৰ । বেংকে দিয়া ঋণৰ পৰিমাণৰ ওপৰত সুদ নিৰ্ধাৰণ কৰা হৈছিল আৰু এনে সুদৰ পৰা বেংকৰ লগত জড়িত পক্ষই অৰ্জন কৰিছিল । দেশখনৰ অৰ্থনৈতিক গতি-বিধিত বেংকৰ ক্ষূমিকা আছিল অপৰিসীম । গিৰ্জায়ো পৰিৱৰ্তিত আৰ্থ-সামাজিক গতিৰ প্ৰতি লক্ষ্য ৰাখি ঋণ দিয়া বা লোৱাটো কোনো অধাৰ্মিক কাৰ্য নহয় বুলি ঘোষণা কৰিছিল । 

১৪ শতিকাত ফ্ল'ৰেনটাইন বাৰ্ডি আৰু পেৰুজ্জি পৰিয়ালে ইংলেণ্ডত বেংক স্থাপন কৰিছিল । ১৬ শতিকাত মেডিচি পৰিয়াল ইটালিত বেংক স্থাপন কৰি পৰিচালিত কৰিছিল যদিও ১৬ শতিকাতহে বিভিন্ন অনুষ্ঠানক সমৰ্থন দিব পৰাকৈ আন্তঃৰাষ্টীয় বিত্তীয় বজাৰৰ বিকাশ ঘটিছিল । এনেধৰণৰ প্ৰথমটো বিত্তীয় প্ৰতিষ্ঠান আছিল আগচবাৰ্গ আৰু নুৰনবাৰ্গ পৰা পৰিচালিত দক্ষিণ জাৰ্মান বেংকিং হাউছ । এওঁলোকে আনকি বিভিন্ন সম্ৰাট আৰু ৰজাকো ঋণ দিছিল । আন এটা বিনিময় কেন্দ্ৰ আছিল আটলান্টিক মহাসসাগৰৰ উত্তৰ সাগৰত অৱস্থিত দ্বীপ এন্টৱৰণ । এই কেন্দ্ৰটোত ব্যৱসায়ীসকলে তেওঁলোকৰ মুদ্ৰাৰ সলনি কৰিব বিচাৰিছিল । এই  দ্বীপটোক অৱৰোধ কৰাত ইয়াৰ বেছিভাগ বাণিজ্যিক লেনদেন আমষ্টাৰডামলৈ স্থানান্তৰিত কৰা হৈছিল । ইয়াৰ ব্যক্তিগত ষ্টকহ'ম কপ্ৰৰেচন বা নিগমৰ আৰ্হিত আমষ্টাৰডাম বেংকে ধাতুৰ মুদ্ৰাৰ সলনি কাগজৰ ধন প্ৰচলন কৰিছিল । ১৬০৯ চনত প্ৰতিষ্ঠা হোৱা আমষ্টাৰডাম এক্সেন্স বেংক উদ্যোগ বিপ্লৱৰ সময়লৈকে গোটেই পৃথিৱীৰ বাবে প্ৰধান বিত্তীয় ককেন্দ্ৰ আছিল । ১৬৯৪ চনত স্থাপন হোৱা বেংক অৱ ইংলেণ্ড আছিল এক যৌথ অংশীদাৰিত্বৰ কোম্পানী । 

বেংকৰ বিষয়াসকলে বাণিজ্যিক  কেন্দ্ৰসমূহৰ  আশে-পাশে অৱস্থান কৰিছিল । ইয়াত বণিকসকলে ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় ধনৰ ঋণ লব পাৰিছিল আৰু ধনীলোকে বেংকত বিনিয়োগও কৰিব পাৰিছিল সেইকাৰণে ১৭ শতিকাৰ শেষভাগত আমষ্টাৰডাম, লণ্ডন,আৰু হামবাৰ্গ সকলো বাণিজ্যিৰ প্ৰধান কেন্দ্ৰ হৈ পৰিছিল ।

বাণিজ্য বিপ্লৱত সহায় কৰিবৰ বাবে গঢ়ি উঠা আন এটা বিত্তায় প্ৰতিষ্ঠান হল  শ্বেয়াৰ বজাৰ বা ষ্টক এক্সচেঞ্জ ।  আন্তঃৰাষ্টীয় বাণিজ্যৰ উত্থানৰ লগে-লগে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত ধনৰ বিনিয়োগৰ পৰিমাণ বাঢ়ি গৈ আছিল । যিহেতু এই সময়ছোৱাত সঘনাই  হৈ থকা যুদ্ধ, বতৰ আৰু আন আন অজ্ঞাত কাৰণত বণিকসকলে নিজৰ লাভক লৈ সদায় চিন্তিত হৈ আছিল বা চিন্তাত পৰিছিল । সেইকাৰণে এই দুঃচিন্তা নাইকিয়া কৰিবৰ কাৰণে ধনী ব্যৱসায়সকলে একগোট হৈ সমগ্ৰ বাণিজ্যৰ এটা অংশ কিনি লৈছিল । ইয়াৰ ফলত যদি কিবা লোকচান হৈ তেতিয়া ই সমগ্ৰ অংশীদাৰ মাজত হৈছিল । গতিকে কোনো এজনে সাংঘাতিক লোকচানৰ সন্মুখীন হব লগা নাছিল ।এইদৰে এইবজাৰত কোনে কিমান ধন বিনিয়োগ কৰিলে, বিনিয়োগ কৰা কোম্পানীটোৰ বাণিজ্যৰ কি লাভ -লোকচান হল তাৰ ওপৰত ভিত্তি কৰি ষ্টক বা শ্বেয়াৰৰ মূল্য নিৰ্ধাৰণ কৰা হয় । ১৫৬৫ চনত লণ্ডন ৰয়েল এক্সচেঞ্জ প্ৰতিষ্ঠা কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহৰ নিৰাপত্তা নিশ্চিত কৰিব বিচাৰিছিল । ই এঠআ ষ্টক এক্সচেঞ্জত পৰিণত হৈছিল । ১৭ শতিকাৰ প্ৰথমভাগত আমষ্টাৰডাম ষ্টক বা অংশ প্ৰদান কৰিছিল ।

ষ্টক একচেঞ্জৰ দৰে বাণিজ্যত অদৃশ্য দুৰ্ঘটনা  বা বিপদৰ পৰা উদ্ধাৰ কৰিব কিছুমান অনুষ্ঠানৰ জন্ম হৈছিল সেইটোক বীমা কোম্পানী নামেৰে জনা যায় । ১৬৮৮ চনত লণ্ডনত অৱস্থিত এডৱাৰ্ড লয়ড নামৰ এজন ব্যক্তিয়ে ইংলিচ কফি শ্বপৰ যোগেৰে বাণিজ্যৰ লগত জড়িত নাৱিক , বণিক আৰু আন আন ব্যক্তিসকলৰ বাবে বাতৰি কাকত প্ৰকাশ কৰি তেওঁলোকক বিশ্বৰ ঘটনাৰ সংবাদ দিছিল আৰু বাণিজ্যলৈ যাবলৈ ওলোৱা ব্যক্তিসকলক সন্মুখত কেনে প্ৰকাৰৰ বিপদ আহিব পাৰে তাৰে খবৰ দিছিল । বিপদৰ আশংকাৰ ওপৰত ভিত্তি কৰি সদস্যসকলক নিৰ্দিষ্ট ধনৰ বিনিময়ত তেওঁলোকৰ জীৱন বা সম্পত্তিৰ বীমা কৰিছিল । যদি যাতিৰাপথত বীমা কৰাৰ দৰে ক্ষতি হৈছিল তেওঁলোকে বীমাৰ ধন ঘুৰাই পোৱা নাছিল । বিভিন্ন বেংক এই বীমা আচনিৰ লগত জড়িত আছিল ।যদিও ই আধুনিক বীমা কোম্পানীৰ দৰে সম্পূৰ্ণ ৰূপত গঢ়ি উঠা নাছিল । ইয়াৰ অনুকৰণতে পৰৱৰ্তী পৰ্যায়ত আন আন বীমা কোম্পানী গঢ়ি উঠিছিল । 

দেশে দেশে গঢ়ি উঠা বাণিজ্যৰ লগত সংগতি ৰাখিবৰ বাবে আন্তজাৰ্তিক আৰু ৰাষ্ট্ৰীয় নতুন আইন প্ৰণয়ন কৰা হল  । প্ৰত্যেক দেশৰ চৰকাৰে নিজ নিজ দেশৰ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহক দেশীয় আৰু আন্তঃৰাষ্টীয় বাণিজ্য কৰিবলৈ অনুমতি প্ৰদান কৰি বাণিজ্য ব্যৱস্থাটোৰ লগত জড়িত হৈ পৰিল । ফ্ৰান্সৰ ৰজা চতুৰ্দশ লুই তেওঁৰ মন্ত্ৰী কলবাৰ্টৰ উদ্যোগত সাগৰীয় বাণিজ্য কৰাৰ বাবে অধিসূচনা জাৰি কৰিছিল । প্ৰথমবাৰৰ বাবে সাগৰীয় বাণিজ্য আৰু আন আন বাণিজ্যৰ সম্পূৰ্ণনিয়ম-নীতি প্ৰকাশ কৰি উলিযাইছিল । ঠিক সেইদৰে ১৬৫১ চনত ইংলেণ্ডে নেভিগেচন আইন প্ৰণয়ন কৰি ইংৰাজ জাহাজ, সাগৰীয় বাণিজ্য, বিভিন্ন দেশৰ লগত আৰু ইয়াৰ ইয়াৰ ঔপনিৱেশসমূহৰ লগত বাণিজ্যৰ উন্নয়ন, বিকাশ আৰু নিৰাপত্তা নিয়মীয়া কৰিব বিচাৰিছিল ।  এনেদৰে বাণিজ্যিক বিপ্লৱে আন আন প্ৰাৰম্ভিক আধুনিক যুগৰ পৰিৱৰ্তনসমূহৰ লগ-লাগি গোটেই বিশ্বতে নাটকীয় পৰিৱৰ্তনৰ সূচনা কৰিছিল । প্ৰথমতে, এই বিপ্লৱৰ ফলতে কলম্বাচ আৰু আন আন অভিযাত্ৰীসকলে পৰোক্ষভাৱে তেওঁলোকে লৈ যোৱা বিভিন্ন ৰোগৰ বাবে দক্ষিণম আমেৰিকাৰ হাজাৰ হাজাৰ মানুহ মৃত্যু হৈছিল । ইয়াত স্পেনীয় সাম্ৰাজ্য গঢ়ি তুলিবলৈ গৈ প্ৰত্যক্ষভাৱে ইনকা, আজটেক আৰু মায়া সক্ষ্যতা ধ্বংস কৰা হৈছিল । আন আন ইউৰোপীয়সকলে প্ৰত্যক্ষভাৱে উত্তৰ আমেৰিকাৰ স্থানীয় জনসাধাৰণৰ অনিষ্ট কৰিছিল । 

  

৬। মূল্য বিপ্লৱৰ কাৰণ আৰু ফলাফল চমুকৈ আলোচনা কৰা ।

উত্তৰঃ  মূল্য বিপ্লৱ সংঘটিত হৈছিল ইউৰোপ মহাদেশত । মূল্য বিপ্লৱক কেতিয়াবা স্পেনীয় মূল্য বিপ্লৱবুলি কোৱা হয় । আচলতে এই বিপ্লৱটো হল ১৫ শতিকাৰ দ্বিতীয় ভাগ আৰু ১৭ শতিকাৰ প্ৰথমভাগত পশ্চিম ইউৰোপত সংঘটিত হোৱা এটা অৰ্থনৈতিক ঘটনাপ্ৰবাহ । বিশেষভাৱে এই বিপ্লৱৰ লগত সেই সময়ছোৱাক উচ্চ হাৰত মূল্য বৃদ্ধি হোৱাৰ ঘটনা বিশেষভাৱে জড়িত হৈ আছে । এই সময়ছোৱাত বা ১৫০ বছৰত গড়ে ছয়গুণকৈ মূল্যবৃদ্ধি হৈছিল । এইদৰে ১৬ শতিকাৰ আৰ্থিক নীতিৰ ফলতে তীব্ৰ মূল্যবৃদ্ধি হোৱা বুলি কোৱা হয় ।  এই মূল্যবৃদ্ধিৰ কাৰণ  হিচাপে ওপৰত আলোচনা কৰাৰ দৰেই স্পেইনে ইয়াৰ নতুন পৃথিৱীত থকা পেৰু, মেক্সিকো, আৰু আন আন ঔপনিবেশৰ পৰা কেইবাহাজাৰ টন সোণ বা ৰূপৰ মুদ্ৰাৰ আকৃতিত গোটেই স্পেইন ভৰি পৰিছিল । পৰ্যাপ্ত সোণৰ উপস্থিতিয়ে স্পেইনত মানুহৰ ক্ৰয় ক্ষমতাৰ তুলনাত দ্ৰব্যৰ পৰিমাণ কম হোৱাত দ্ৰব্যৰ মূল্য বৃদ্ধি পাইছিল । লাহে-লাহে এই ধন গোটেই পশ্চিম ইউৰোপত বিয়পি পৰিছিল আৰু ইয়াতো  বহুতো মূল্য বৃদ্ধি হৈছিল । যিহেতু স্পেইন এখন আমদানিকাৰী দেশ আছিল, সেয়েহে স্পেইনে সেই দেশসমূহত মূল্যবৃদ্ধিৰ ফলত বহুত খৰচ কৰিবলগীয়া হোৱাত যথেষ্ট ধন দিবলৈ ঘাটি ৰৈছিল । ইয়ে বহুতো ইউৰোপীয় দেশত ধনৰ যোগান আৰু মূল্যৰ স্তৰ বৃদ্ধি কৰিছিল । ইয়াৰোপৰি জনসংখ্যা বৃদ্ধি আৰু নগৰীকৰণে মূল্যবৃদ্ধিত অৰিহণা যোগাইছিল । এই তত্ত্ব মতে মানুহৰ হাতত বস্তু কিনিবলৈ বহুত ধন আছিল, কিন্তু বজাৰত নাছিল । 

প্লেগ আৰু ক'লা মৃত্যুই ইউৰোপত যথেষ্ট সংহাৰ কৰিছিল । এই দুৰ্যোগ বা বিপদ শেষ হোৱাৰ পিছত ইউৰোপত পুনৰ জনসংখ্যা বৃদ্ধি পাবলৈ ধৰে । এই বাঢ়ি অহা জনসংখ্যাক খুৱাবৰ বাবে বহুতো পৰিমাণৰ কৃষিজাত সামগ্ৰীৰ প্ৰয়োজন হৈছিল । অৱশ্যে ইউৰোপৰ সকলো অঞ্চল একেসময়তে একেলগে মহামাৰীৰ পৰা উদ্ধাৰ হৈছিল আৰু জনসংখ্যা একেসময়তে ইমান বৃদ্ধি পাইছিল এনে নহয় । অঞ্চল অনুসৰি ইয়াৰ বিভিন্ন ভিন্নতা আছিল । সি, যি নহওকজনসংখ্যা বৃদ্ধিৰ ফলত অধিক খাদ্যৰ প্ৰয়োজন হোৱাত কৃষিজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হবলৈ ধৰিলে । সাধাৰণ ভূমি বেছি সাৰুৱা নাছিল । বজাৰৰ পৰা বহুত দূৰত অৱস্থিত এই ভূমিসমূহত কৃষিৰ মালিকসকলে অধিক ব্যয় কৰি আধুনিক প্ৰযুক্তিৰে খেতি কৰি লোকচান ভৰিব আশা কৰা নাছিল । সেইকাৰণে মূল্য বিপ্লৱৰ আৰম্ভণি সময়ছোৱাত বা ১৫২০ চনত ইংলেণ্ডৰ জনসংখ্যা কম আছিল যদিও কেই দশকমানৰ ভিতৰত ইয়াতো মূল্য বৃদ্ধি হব লৈছিল । এই সময়ছোৱাত কৃষিপামৰ কৃষিত অধিক ব্যয়হোৱাৰ বাবে অন্যান্য উদ্যোগজাত সামগ্ৰীতকৈ কৃষি সামগ্ৰীৰ মূল্য অধিক আছিল । 

আনহাতে নগৰীকৰণে মূল্য বৃদ্ধিত যথেষ্ট অৰিহণা যোগাইছিল । ১৬ শতিকাৰ পৰা ইউৰোপ মহাদেশত নগৰীকৰণৰ হাৰ বৃদ্ধি পাবলৈ ধৰিলে । আটলান্টিক মহাসাগৰীয় বাণিজ্যৰ ফলত ইউৰোপীয় দেশসমূহৰ মাজত আৰ্থিক স্বচ্ছলতা দেখা গৈছিল । ইউৰোপৰ দেশসমূহৰ মাজত বাণিজ্যিক ঘনিষ্ঠতা বৃদ্ধি পাবলৈ ধৰিলে । দুৰ-দুৰণিৰ  অঞ্চলৰ পৰা কৃষিজাত সামগ্ৰীকে ধৰি বিভিন্ন বস্তু অহা-যোৱা কৰিব ধৰে । ফলত এই সামগ্ৰীবোৰত বিভিন্ন ব্যয় সংযুক্ত হৈ বজাৰত মূল্য বৃদ্ধি কৰিছিল । বিভিন্ন কাৰণত সংস্থাপন হেৰুৱা লোকে কৃষি বাদ দি চহৰৰ উদ্যোগ কাৰখানা, ব্যৱসায়িক কেন্দ্ৰত কাম কৰিবলৈ আগবাঢ়ি গৈছিল । ইংলেণ্ডৰ বেষ্টনী আন্দোলনৰ ফলত ভূমি হেৰোৱা সকলো লোকে চহৰত নতুন কামৰ বাবে সংস্থাপন বিচাৰি আহিছিল । 

তাৰোপৰি পূৰ্বৰ বিনিময় প্ৰথাৰ প্ৰায় অৱসান হৈ ইউৰোপীয় দেশসমূহে মুদ্ৰাৰে লেনদেন আৰম্ভ কৰাৰ ফলতো কিছু পৰিমাণে মূল্যবৃদ্ধি হৈছিল । এই দ্ৰব্য মূল্য বিপ্লৱৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্থ হোৱা দেশখন আছিল স্পেইন । মূল্য বৃদ্ধিৰ ফলত স্পেইনে চলাই যোৱা যুদ্ধসমূহৰ পৰা ব্যয় বহু বাঢ়ি গৈছিল । স্পেইনৰ সম্ৰাটে পশ্চিম ইউৰোপৰ বিভিন্ন বেংকিং পৰিয়ালৰ পৰা লোৱা ঋণৰ সুতৰ লগত মূল যোগ হৈ বহু পৰিমাণে ঋণ বৃদ্ধি পাইছিল । খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী আমদানিতো স্পেইনৰ যথেষ্ট ব্যয় হৈছিল । এনে পৰিস্থিতিত বৈদেশিক ঋণ আদায় দিব নোৱাৰি স্পেইনে কেইবাবাৰো নিজকে দেউলীয়া বুলি ঘোষণা কৰিব লগা হৈছিল । 

Type: Apurba Kakati

Answer Type. Ali rani  Kakati ( Ba in History Major)