Chapter: 4

১৬ শতিকাৰ সংস্কাৰ: উৎস আৰু প্ৰভাৱ


MODEL QUESTION & ANSWER

অতি চমু প্ৰশ্ন

১। সংস্কাৰ আন্দোলন কাক কয় ?

উত্তৰঃ নৱজাগৰণ ইউৰোপীয় জনসাধাৰণৰ মাজত জন্ম দিয়া নতুন চেতনা আৰু দৃষ্টিভংগীৰে ৰাজনৈতিক আৰু অৰ্থনৈতিক জীৱনৰ ধৰ্মীয় দিশতো বহুতখিনি প্ৰভাৱ পেলাইছিল । ইয়াৰ ফলতে সমগ্ৰ ইউৰোপ মহাদেশত এটা ধৰ্মীয় বিপ্লৱ হৈছিল, আৰু ইয়াকে সংস্কাৰ আন্দোলন নামেৰে জনা যায় ।

২। ৰোমান কেথলিক গীৰ্জাৰ মূৰব্বীক কি কোৱা হয়?

উত্তৰঃ ৰোমান কেথলিক গীৰ্জাৰ মুৰব্বীক পোপ বুলি কোৱা হয় । 


৩। মাৰ্টিন লুথাৰে কিমান চনত জন্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৪৮৩ চনৰ ১০ নৱেম্বৰত মাৰ্টিন লুথাৰে জন্মগ্ৰহণ কৰিছিল

৪। কোন চনত প্ৰটেষ্টান্ট ধৰ্মসংস্কাৰ আন্দোলন আনুষ্ঠানিকভাৱে সূচনা হৈছিল?

উত্তৰঃ ১৫১৭ চনত প্ৰটেষ্টান্ট ধৰ্মসংস্কাৰ আন্দোলন আনুষ্ঠানিকভাৱে সূচনা হৈছিল। 


৫। ইণ্ডালজেন্স  কি?

উত্তৰঃ ইণ্ডালজেন্স হল পাপ মোচন কৰা এক প্ৰমাণ পত্ৰ ।


৬। ইণ্ডালজেন্সক কিয় বিক্ৰীৰ দিহা কৰা হৈছিল?

উত্তৰঃ নৱজাগৰণৰ সময়ছেৱাৰ কেইগৰাকীমান বিখ্যাত শিল্পীয়ে আৰ্হি প্ৰস্তুত কৰা বা পৃথিৱীৰ আটাইতকৈ ডাঙৰ গীৰ্জা ছেইন্ট পিটাৰ বলিছিকা নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ উঠি-পৰি লাগিছিল । খ্ৰীষ্টান ধৰ্মৰ পৰম্পৰা অনুসৰি বলিছিকাতে প্ৰভূ যীশু প্ৰধান শিষ্য তথা ৰোমৰ প্ৰথমগৰাকী পোপৰ কবৰস্থান আছে । গতিকে পোপ দশম লিওই এইবোৰ কাৰ্ষত ব্যাপকভাৱে ধন খৰচ কৰাত ৰাজভৰাল সম্পূৰ্মভাৱে ধ্বংস হৈ পৰে । তাৰোপৰি পোপৰ ধোৱাখুলীয়া স্বভাৱৰ বাবে আনকি নিজৰো ব্যক্তিগত বহুত খৰচ হৈছিল । গতিকে কোনো কাৰণতে যাতে ধনৰ অভাৱত গীৰ্জাৰ নিৰ্মাণকাৰ্য বন্ধ নহয় তাৰ কাৰণে পোপ দশম লিওই ইণ্ডালজেন্স নামৰ পোপ মোচনৰ প্ৰমাণ পত্ৰ বিক্ৰীৰ দিহা কৰা হৈছিল । 


৭। জাৰ্মানীৰ বাহিৰত প্ৰটেষ্টান্ট আন্দোলনক কি নামেৰে জানিছিল?

উত্তৰঃ জাৰ্মানীৰ বাহিৰত প্ৰটেষ্টান্ট আন্দোলনক এভানজেলিকেল বা খ্ৰীষ্টান ধৰ্মৰ গছপেল নামেৰে জানিছিল ।


৮। ৱৰমছৰ ডায়েট বা সভাত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ পৱিত্ৰ ৰোমান সাম্ৰাজ্যৰ সম্ৰাট পঞ্চম চাৰ্লছে ৱৰমছৰ ডায়েট বা সভাত সভাপতিত্ব কৰিছিল ।

৮। মাৰ্টিন লুথাৰৰ এজন প্ৰধান  সমৰ্থক  জাৰ্মান নগৰ ৰাষ্ট্ৰৰ মূৰব্বীৰ নাম কোৱা।

উত্তৰঃ


১০। প্ৰটেষ্টান্ট আন্দোলনৰ দ্বিতীয় প্ৰজন্মৰ প্ৰধান নেতাজনৰ নাম কি?

উত্তৰঃ প্ৰটেষ্টান্ট আন্দোলনৰ দ্বিতীয় প্ৰজন্মৰ প্ৰধান নেতাজনৰ নাম হল জন কেলভিন ।


১১। জন কেলভিন কোন দেশৰ নাগৰিক আছিল ?

উত্তৰঃ জন কেলভিন উত্তৰ ফ্ৰান্স দেশৰ নাগৰিক আছিল । 


১২। কেলভিনৰ  অনুগতসকলক কি নামেৰে জনা য়ায?

উত্তৰঃ  কেলভিনৰ অনুগতসকলক হুগেনট নামেৰে জনা যায় ।


১৩। কেলভিনৰ পত্নীৰ নাম কি ?

উত্তৰঃ কেলভিনৰ পত্নীৰ নাম আছিল আইডেলেট্ট দি বুৰে ।


১৪। উলৰিচ জুইংলি কোন?

উত্তৰঃ উলৰিচ জুইংলি আছিল এজন খ্ৰীষ্টান পুৰোহিত । 


১৫।  জুইংলিৰ আন্দোলনৰ মূল কেন্দ্ৰ চহৰখনৰ নাম লিখা।

উত্তৰঃ জুইংলি আন্দোলনৰ মূল কেন্দ্ৰ চহৰখনৰ নাম হল জুৰিক চহৰ ।


১৬। উগ্ৰ সংস্কাৰ আন্দোলনৰ জন্মৰ প্ৰধান কাৰণ কি আছিল?

উত্তৰঃ  উগ্ৰ সংস্কাৰ আন্দোলনৰ জন্মৰ প্ৰধান কাৰণ আছিল দেশত সংঘটিত হোৱা অনিয়ম আৰু দুৰ্নীতি ।


১৭। এনাবেপ্তিষ্ট  কি?

উত্তৰঃ এনাবেপ্তিষ্ট হল এটা খ্ৰীষ্টান ধৰ্ম আন্দোলন ।


১৮। নান্টছ ৰাজাজ্ঞা  কিমান চনত  ঘোষণা কৰা হৈছিল?

উত্তৰঃ  নান্টছ ৰাজাজ্ঞা ১৫৯৮ চনৰ ১৩ এপ্ৰিলত ঘোষণা কৰা হৈছিল । 


১৯। ফ্ৰান্সৰ  সৰ্বোচ্চ কেথলিক গিৰ্জাক কি নামেৰে  মতা হয়?

উত্তৰঃ  ফ্ৰান্সৰ সৰ্বোচ্চ কেথলিক গিৰ্জাক গলিকান নামেৰে জনা যায় ।


২০।  ইংলেণ্ডত কেলভিনপন্থীসকলক কি নামেৰে জনা যায়?

উত্তৰঃ  ইংলেণ্ডৰ কেলভিনপন্থীসকলক পিউৰিটান নামেৰে জনা যায় । 


২১। ইংলেণ্ডৰ  অন্তিম  কেথলিক আৰ্কবিছপগৰাকীৰ নাম কি?

উত্তৰঃ ইংলেণ্ডৰ অন্তিম কেথলিক আৰ্কবিছপগৰাকীৰ নাম হল ৰেগিনাল্ড প'ল ।


২২। ট্ৰেন্ট  পৰিষদৰ সভা  কোনে   আহ্বান  কৰিছিল?

উত্তৰঃ টেন্ট পৰিষদৰ সভা আহ্বান কৰিছিল পোপ প'লে ।


২৩। টেৰেছা অভিলা  কোন?

উত্তৰঃ  টেৰেছা অভিলা আছিল স্পেইনৰ এগৰাকী সন্ন্যাসিনী মহিলা ।

২৪। জেছুইট সমাজৰ প্ৰতিষ্ঠাতা  কোন?

উত্তৰঃ জেছুইট সমাজৰ প্ৰতিষ্ঠাতা আছিল ইগনেছাছ লয়লা ।


চমু উত্তৰ দিয়া ঃ

১। দুজন সংস্কাৰবাদী ধৰ্ম  প্ৰচাৰকৰ নাম লিখা।

উত্তৰঃ দুজন সংস্কাৰবাদী ধৰ্ম প্ৰচাৰকৰ নাম হল 

ক) মাৰ্টিন লুথাৰ 

খ) জন কেলভিন ।


২। মাৰ্টিন লুথাৰৰ  জীৱনত বিশেষ প্ৰভাৱ পেলোৱা তেওঁৰ শিক্ষাগুৰু দুগৰাকীৰ নাম  কি?

উত্তৰঃ মাৰ্টিন লুুথাৰৰ জীৱনত বিশেষ প্ৰভাৱ পেলোৱা তেওঁৰ শিক্ষাগুৰু দুগৰাকীৰ নাম হল 

ক) বাৰ্থ'ল'মাইউচ এৰন'লিদ ভ'ন উচিনজেন ।

খ) জড'কাছ ট্টটফেট্টাৰ ।

৩। মাৰ্টিন লুথাৰক কিয়,  কিমান চনত কেথলিক ধৰ্মৰ পৰা বহিস্কাৰ কৰা হৈছিল?


উত্তৰঃ  মেইনজ আৰু মাগদ্বাৰ্গৰ আৰ্কবিছপে লুথাৰৰ ৯৫ টা যুক্তিৰ কোনো উত্তৰ নিদি ১৫১৭ চনৰ ডিচেম্বৰ মাহত তেোঁৰ পত্ৰ আৰু যুক্তিখিনি ৰোমৰ পোপলৈ প্ৰেৰণ কৰে । পোপ লিওঁই খুৱ সাৱধানে আৰু লাহে-লাহে এই ঘটনাৰ ওপৰত কাৰ্যব্যৱস্থা লব আগবাঢ়ি আহিল । পৰৱৰ্তী তিনি বছৰ তেওঁ মাৰ্টিন লুথাৰৰ বিৰুদ্ধে ভালেমান কেথলিক ধৰ্মশাস্ত্ৰজ্ঞ আৰু দূত নিয়োগ কৰিছিল । কিন্তু পোপৰ এই কাৰ্যব্যৱস্থাৰ ফলত প্ৰটেষ্টান্টসকলক অধিক পোপবিৰোধী হৈ পৰিছিল ।

কিন্তু লুথাৰৰ লগত এক বুজা-বুজিত অহাৰ সকলো চেষ্টা বিফল হোৱাৰ পিছত ১৫২০ চনৰ ১৫ জুনত পোপ দশম লিওই এক অধ্যাদেশ মাৰ্টিন লুথাৰক জনাই দিলে তেওঁ লিখা পত্ৰখনত ৯৫ টা যুক্তিসহ ৪১ টা বাক্য ৬০ দিনৰ ভিতৰত যদি উঠাই নলয় তেতিয়াহলে তেওঁক খ্ৰীষ্টান ধৰ্মৰ পৰা বহিস্কাৰ কৰা হব । লুথাৰে ইতিমধ্যে জাৰ্মানীৰ বহু সংখ্যক প্ৰভাৱশালী ব্যক্তি আৰু জনসাধাৰণৰ প্ৰভূত সমৰ্থন লাভ কৰিছিল । সেইকাৰণে তেওঁ পোপৰ অধ্যাদেখন মানিব অস্বীকাৰ কৰি সেই বছৰেৰে অক্টোৱৰ মাহত পোপলৈ বুলি এজন খ্ৰীষ্টাানৰ স্বাধীনতা নামৰ আন এখন প্ৰতিলিপি প্ৰেৰণ কৰে । সেইকাৰণে ১০ ডিচেম্বৰতপোপৰ অধ্যাদেশ আৰু বিধানখন জাৰ্মানীৰ উইটেনবাৰ্গত ৰাজহুৱাভাৱে দাহ কৰে । ফলত ১৫২১ চনৰ ৩ জানুৱাৰীতৰোমৰ পোপ দশম লিওই মাৰ্টিন লুথাৰক খ্ৰীষ্টান ধৰ্মৰ পৰা বহিস্কাৰ কৰে ।

৪। বেপ্তিষ্টকৰণ  মানে কি?

উত্তৰঃ  বেপ্তিষ্টকৰণ মানে ৰোমান কেথলিক ধৰ্মৰ এটা প্ৰধান ৰীতি ।


৫। ফৰাচী যুদ্ধ কেতিয়াৰ পৰা কিমানলৈ হৈছিল?

উত্তৰঃ ১৫৬২চনৰ পৰা ১৫৯৮ চনলৈ প্ৰায় ৩৬ বছৰ হৈছিল ।


৬। ইংলেণ্ডৰ দুখন বিখ্যাত বিশ্ববিদ্যালয়ৰ নাম লিখা।

উত্তৰঃ  ইংলেণ্ডৰ দুখন বিখ্যাত বিশ্ববিদ্যালয়ৰ নাম হল

ক) কেমব্ৰীজ বিশ্ববিদ্যালয়  । 

খ) অক্সফোৰ্ড বিশ্ববিদ্যালয় ।


৭। কোনে কাক  ধৰ্ম ৰক্ষক ুউপাধি প্ৰদান কৰিছিল।

উত্তৰঃ ৰজা অষ্টম হেনৰীৰ কাৰ্যত পোপ দশম লিও অতিশয় সন্তুষ্ট হৈছিল সেইকাৰণেই অষ্টম হেনৰীক ধৰ্ম ৰক্ষক উপাধি প্ৰজান কৰিছিল ।


৮। ৰাণী প্ৰথম মেৰীক কিয় ৰক্তপিপাসু  মেৰী আখ্যা দিয়া হৈছিল?

উত্তৰঃ ৰাণী প্ৰথম মেৰীৰ অত্যাচাৰত ইংলেণ্ডৰ প্ৰটেষ্টান্টপন্থীসকলৰ জীৱনলৈ কাল ধুমুহা নামি আহিছিল । এনেদৰে ৰাণী প্ৰথম মেৰীয়ে প্ৰটেষ্টান্টপন্থীসকলক জীৱন্তে জ্বলাই মাৰিছিল কাৰণে তেওঁক ৰক্তপিপাসু মেৰী বুলি আখ্যা দিয়া হৈছিল ।

৯। পোপে ৰাণী এলিজাবেথক কিয় খ্ৰীষ্টান ধৰ্মৰ পৰা বহিস্কাৰ কৰিছিল?

উত্তৰঃ স্কটলেণ্ডৰ ৰাণী মেৰী এলিজাবেথৰ ভতিজা আছিল । তেওঁক মাত্ৰ জন্মৰ ছদিন পাছতে ১৫৪২ চনত স্কটলেণ্ডৰ ৰাণী বুলি ঘোষণা কৰা হৈছিল । তেওঁৰ দুগৰাকী স্বামীৰ মৃত্যু হৈছিল । দ্বিতীয়গৰাকী স্বামীৰ হত্যাত তেওঁ জড়িত হৈ পৰাত সিংহাসন ত্যাগ কৰিবলৈ ধাৰ্য হয় আৰু বন্দী হয় । বন্দী অৱস্থাৰ পৰা তেওঁ কেনেবাকৈ ইংলেণ্ডলৈ পলাল । কেথলিক মেৰীক লৈ এলিজাবেথ ডাঙৰ সমস্যাত পৰিল । প্ৰথমে মেৰীক  কঠোৰ নিৰাপত্তাৰ মাজত আবদ্ধ কৰি ৰাখিছিল যদিও দিনক-দিনে মেৰীক লৈ এলিজাবেথৰ সমস্যা বৃদ্ধি পালে । কিয়নো কেথলিক মেৰীক ইংলেণ্ডৰ ৰাণী পাতিবৰ বাবে ইংলেণ্ডৰ একাংশ কেথলিক বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হল । বিদেশৰ কেথলিক দেশসমূহেওঁ এই ষড়যন্ত্ৰত জড়িত হৈ পৰিল । তাৰ ফলত ৰোমৰ পোপ পঞ্চম পিয়াছে ১৫৭০ চনত ৰোমান কেথলিক গিৰ্জাবিৰোধী কাম কৰা আৰু ইংলেণ্ডৰ কেথলিকসকলক অত্যাচাৰ কৰা বুলি অভিযোগ আনি ৰাণী এলিজাবেথক খ্ৰীষ্টান ধৰ্মৰ পৰা বহিস্কাৰ কৰিছিল । 

১০। সংস্কাৰবিৰোধী আন্দোলন মানে কি বুজা?

উত্তৰঃ 

চমু টোকাঃ

১। কেথলিক ৰীতিমতে পালন কৰিবলগীয়া  সাতটা নিয়ম 

উত্তৰঃ কেথলিক ৰীতিমতে পালন কৰিবলগীয়া সাতটা নিয়ম হল 

ক) বেপ্তিজিম ঃ যিসকল লোকে সম্পূৰ্ণ জ্ঞাত অনুসৰি নিজৰ পাপ কৰ্মৰ বাবে অনুভৱ কৰে বা অনুতপ্ত হয় আৰু নিজৰ ভূলবোৰ সংশোধন কৰে আৰু তেওঁলোকৰ ভূলৰ কাৰণে যীশু মৃত্যুবৰণ কৰিবলগীয়া হৈছিল বুলি ধৰি লৈ প্ৰভূ যীশুখ্ৰীষ্টৱে তেওঁলোকক আদৰি লব অনুৰোধ জনাই, তেতিয়া তেওঁলোকক খ্ৰীষ্টান ধৰ্মত আদৰি লোৱা হব বা বেপ্তিষ্ট কৰা হব । কোনো শিশুকে বেপ্তিষ্ট কৰা নহব । 

খ) নিষিদ্ধকৰণ বা সম্প্ৰদায়ৰ পৰা বহিস্কাৰ কৰা ঃ  প্ৰতিজন বা প্ৰত্যেকগৰাকী খ্ৰীষ্টান সুপৰিকল্পিত আৰু শুদ্ধ পথেৰে জীৱন কটোৱা উচিত । যিসকল বিপথগামী হয় আৰু পাপ পথত ভৰি দিয়ে তেওঁলোকে দুবাৰ গোপনে কঠোৰভাৱে শুদ্ধ পথত আহিব সতৰ্ক কৰি দিব লাগে । কিন্তু তৃতীয়বাৰ তেওঁলোকৰ দোষ মুকলিকৈ আলোচনা কৰি শৃংখলাবদ্ধ কৰিব লাগিব আৰু শেষৰ প্ৰতিবিধান হিচাপে তেওঁক সম্প্ৰদায়ৰ পৰা বহিস্কাৰ কৰিব লাগিব ।

গ) ঐক্য বা আলাপন ঃ বেপ্তিষ্ট হোৱা লোকসকল একলগ হৈ আলোচনাত বহিব পাৰে । তেওঁলোকে এক আলাপনত লগ হৈ মৃত যীশুৰ শাৰীৰিক অৱয়ব আৰু তাৰ পৰা ওলোৱা তেজৰ বিষয়ে আলোচনা কৰিব পাৰে । কিন্তু এই স্বৰ্গীয় আশীবাৰ্দ দিয়া অনুষ্ঠানত যীশুখ্ৰীষ্টৰ প্ৰকৃত শৰীৰ আৰু তেজ উভয়তে উপস্থিত নাথাকিব ।

ঘ)  বেয়া আত্মাৰ পৃথকীকৰণ ঃ খ্ৰীষ্টান সম্প্ৰদায়ে অবাধ্য আৰু ভগৱানৰ প্ৰতি বিদ্ৰোহাত্মক মনোভাৱ পোষণ কৰা কোনো মানুহৰ লগত সম্পৰ্ক ৰক্ষা নকৰিব । কেথলিক প্ৰটেষ্টান্ট যিয়ে নহওক কিয়--- যিয়ে ভগৱানৰ নিৰ্দেশৰ বিৰুদ্ধাচৰণ কৰে । তেওঁলোকৰ লগত কোনো কামতে যেনে - গিৰ্জাৰ সেৱা কাৰ্য, সভা আৰু সাধাৰণ প্ৰশাসনৰ সকলো কাৰ্য আদিত খ্ৰীষ্টান সম্প্ৰদায়ে কোনো সম্পৰ্ক নাৰাখিব । অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰাকে ধৰি সকলো বেয়া কামৰ পৰা আঁতৰত ৰাখিব লাগে । 

ঙ) গিৰ্জাৰ পেষ্টোৰঃ গিৰ্জাৰ পেষ্টোৰসকল সুনাম থকা হব লাগে । শিক্ষা প্ৰদান, পৰিপাটিতা, নিষিদ্ধকৰণ, প্ৰাৰ্থনাত নেতৃত্ব প্ৰদান, বিভিন্ন ৰীতি-নীতি, আদি কিছুমান দায়িত্ব এই পেষ্টোৰসকলে দক্ষতাৰে পালন কৰিব লাগে । তেওঁলোকৰ কাৰ্যক গিৰ্জাই সমৰ্থন কৰিব লাগে , কিন্তু যদিহে তেওঁলোকে পাপ কৰ্মত লিপ্ত হয় তেনেহলে গিৰ্জাই ইয়াত হস্তক্ষেপ কৰিব লাগে । 

চ) তৰোৱাল ( খ্ৰীষ্টান শান্তিকামিতা) বাধা প্ৰদান নকৰা ঃ কোনো পৰিস্থিতিতে হিংসাৰ আশ্ৰয় লোৱা উচিত নহয় । ভগৱান যীশুখ্ৰীষ্টই নান অত্যাচাৰ-নিৰ্যাতনৰ বলিহব লগা হৈছিল যদিও কেতিয়াও হিংসাৰ আশ্ৰয় লোৱা নাছিল । সেইদৰে কোনো পাপ কৰ্মৰ বাবে যদি শাস্তি ভোগ কৰিব লাগে তেতিয়া কোনোৱে হিংস্ত্ৰ হব নালাগে । এজন খ্ৰীষ্টানে ন্যায়াধীশৰ দৰে আচৰণ কৰিব নালাগে, এজন ন্যায়াধীশেহে দেশত প্ৰচলন হৈ থকা আইন অনুসৰি দায়িত্ব পালন কৰে । সেয়েহে তেওঁলোকৰ শাস্তি দিয়া বিধান মৰ্ত্যৰ মতেহে হয়, কিন্তু খ্ৰীষ্টানসকলৰ শাস্তি দিয়া বিধান হল অপাৰ্থিৱ ।

ছ) শপত গ্ৰহণ ঃ কোনো ধৰণৰ শপত গ্ৰহণ কৰা উচিত নহয় । কাৰণ যীশুখ্ৰীষ্টই শপত গ্ৰহণ কৰা আৰু শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰাত বাধা প্ৰদান কৰিছে । শপত গ্ৰহণপূৰ্বক ঘোষণা কৰা আৰু শপত গ্ৰহণ কৰা একে কথা নহয় । যতিয়া এজন ব্যক্তিয়ে সাক্ষী প্ৰদান কৰে , তেওঁলোকে ভাল বা বেয়া যিয়ে নহওক কিয়- বৰ্তমানৰ সাক্ষী প্ৰদান কৰে । সেইদৰে অনাবেপ্তিষ্টসকলে নিজৰ আদৰ্শ আৰু কাৰ্যসূচী প্ৰদান কৰিছিল । ১৫৩৫ চনৰ পিছত এই আন্দোলনৰ প্ৰধান নেতা আছিল হলেণ্ডৰ মেন্নো চাইমন । তেওঁৰ নাম অনুসৰি তেওঁ প্ৰচাৰ কৰা অনাবেপ্তিষ্ট গোটটোৰ নাম হল মেন্নোনাইট । ইয়াৰ উপৰিও আন দুটা অমিচ আৰু হুত্তেৰাইটছ নামৰ দুটা ক্ষুদ্ৰ গোটে কিছু সময়লৈ উগ্ৰ অনাবেপ্তিষ্ট আন্দোলন চলাই নিছিল । লেটিন ভাষাত দিয়া এই যুক্তিসমূহ ১৫১৭ চনতে ছপা কৰি জাৰ্মানীৰ বিভিন্ন অঞ্চলত বিলাই দিয়া হৈছিল । ১৫১৮ চনত লুথাৰৰ বন্ধুবৰ্গই এই যুক্তিসমূহ জাৰ্মান ভাষালৈ অনুবাদিত কৰে । দুই সপ্তাহৰ ভিতৰতে ইয়াৰ ছপা কপিবোৰ গোটে জাৰ্মানীতে আৰু মাত্ৰ দুমাহৰ ভিতৰতে সমগ্ৰ ইউৰোপতে লুথাৰৰ যুক্তিসমূহ বিয়পি পৰিল । সেইদৰে ১৫১৭ চনৰ শেষ ভাগত মাৰ্টিন লুথাৰ আৰু তেওঁৰ অনুগামীসকলে প্ৰত্যক্ষভাৱে ৰোমৰ পোপৰ লগত সংগ্ৰামত লিপ্ত হৈ ৰোমান কেথলিক গিৰ্জাৰ পৰা আঁতৰি আহিল । নতুন খ্ৰীষ্টানসকলে নিজকে প্ৰটেষ্টান্ট বুলি কৈছিল । কিয়নো তেওঁলোকে ৰোমান কেথলিক গিৰ্জা, ইয়াৰ শিকনি আৰু প্ৰথাসমূহৰ বিৰুদ্ধে প্ৰটেষ্ট বা প্ৰতিবাদ কৰিছে । এই প্ৰটেষ্টান্ট শব্দটো দুটা লেটিন শব্দ লগ লাগি হৈছে । মেইনজ আৰু মাগদেবাৰ্গৰ আৰ্কবিছপে লুথাৰৰ ৯৫ টা যুক্তিৰ কোনো উত্তৰ নিদি ১৫১৭ চনৰ ডিচেম্বৰ মাহত তেওঁৰ পত্ৰ আৰু যুক্তিখিনি ৰোমৰ পোপলৈ প্ৰেৰণ কৰিছিল । পোপ দশম লিওই খুৱ সাবধানে আৰু ধীৰে-সুস্থিৰে এই ঘটনাৰ ওপৰত কাৰ্যব্যৱস্থা লব আগবাঢ়ি আহিল । পাছৰ তিনি বছৰ তেওঁ মাৰ্টিন লুথাৰৰ বিৰুদ্ধে ভালেমান কেথলিক ধৰ্মশাস্ত্ৰজ্ঞ আৰু দূত নিয়োগ কৰিছিল । কিন্তু পোপৰ এই কাৰ্যব্যৱস্থাৰ ফলত প্ৰটেষ্টান্টসকলক অধিক পোপ বিৰোধী হৈ পৰিছিল । 


২। পোপ দশম লিও

উত্তৰঃ মাৰ্টিন লুথাৰৰ সমসাময়িক  আছিল পোপ দশম লিও । ৰোমান কে্থলিক গিৰ্জাৰ মুৰব্বী আৰু পোপ শাসিত বা পোপে শাসন কৰা ৰাজ্যসমূহৰ মুৰব্বী পোপ দশম লিওই ১৫১৩ চনৰ ৯ মাৰ্চৰ পৰা মৃত্যু পৰ্যন্ত ১৫২১ চনৰ ১ ডিচেম্বৰলৈ ক্ষমতাত অধীনস্থ আছিল । পোপৰ প্ৰকৃত নাম আছিল জিওভানি দি লৰেঞ্জো দি মেদিচি । তেওঁৰ জন্ম হৈছিল ফ্ল'ৰেন্স গণৰাজ্যৰ বিখ্যাত ৰাজনৈতিক আৰু বেংকিং মেডিচি পৰিয়ালত । তেওঁ  ১৪৮৯ চনত কাৰ্দিনেল পদত অধিষ্ঠিত হৈছিল আৰু পোপ দ্বিতীয় জুলিয়াছৰ মৃত্যুৰ পিছত জিওভানি পোপ হিচাপে নিৰ্বাচিত হয় আৰু পোপ দশম লিও নাম লয় ।

নৱজাগৰণৰ সময়ছোৱাৰ পোপসকলৰ ভিতৰত পোপ দশম লিও এজন উল্লেখযোগ্য ব্যক্তিত্বৰ ব্যক্তি আছিল । তেওঁ প্ৰচেষ্টাৰ ফলতে ৰোম-সংস্কৃতি আৰু ৰাজনীতিৰ প্ৰাণকেন্দ্ৰ হৈ পৰিছিল । বিখ্যাত চিত্ৰকৰ ৰাফেল আৰু তেওঁৰ শিষ্যসকলে ভিটিকান সংগ্ৰাহলয়ৰ চাৰিটা কোঠা আটকধুনীয়া চিত্ৰৰে ভৰপুৰ কৰে, ৰোমান বিশ্ববিদ্যালয় পুনৰ গঠন কৰে । ইয়াত সাহিত্য, কবিতা আৰু পুৰতত্ত্ব অধ্যয়নৰ ব্যৱস্থা কৰিছিল ।                                                                                                                                                                          

৩।  ৯৫ টা যুক্তি 

উত্তৰঃ মাৰ্টিন লুথাৰৰ অনুগামীসকলক লুথাৰপন্থী নামেৰে জনা যীয় । লুথাৰ আৰু কেথলিক গিৰ্জাৰ মাজত বিৰোধ হোৱা মূল কাৰণসমূহ হল 

ক) ধৰ্মীয় সত্যৰ সম্বন্ধে দুয়োপক্ষৰ বিৰোধ আছিল । কেথলিকসকলৰ মতে বহু আগৰে পৰা ৰোমান গিৰ্জাৰ পোপ আৰু তেওঁৰ পৰিষদখন হল খ্ৰীষ্টান ধৰ্মৰ মূল তথ্য ।আনহাতে লুথাৰ আৰু আন আন ধৰ্ম সংস্কাৰকৰ একমাত্ৰ বাইবেল হল খ্ৰীষ্টান ধৰ্মৰ মূল তথ্য । যত ভগৱান যীশুৰ বাণীসমূহ লিপিবদ্ধ আছে ।

খ) কেথলিকসকলৰ মতে ভগৱান আৰু সাধাৰণ মানুহৰ মাজৰ অনিবাৰ্য মধ্যস্থতাকাৰী হল গিৰ্জা । বিশেষকৈ অবিবাহিত খ্ৰীষ্টান পুৰোহিতে ভগৱান আৰু সাধাৰণ মানুহৰ মাজত বিশেষ যোগাযোগকাৰীৰ ভূমিকা লব পাৰে । লুথাৰপন্ঢীসকলৰ মতে প্ৰত্যেক মানুহে নিজে আন কাৰো সহায় নোলোৱাকৈ ভগৱানক উপলব্ধি কৰিব পাৰে । যাজক  শ্ৰেণীয়ে ভক্তসকলক এটা ধৰ্মীয় জীৱন-যাপন কৰাত সহায় কৰিব পাৰে । কিন্তু তেওঁলোকে সাধাৰণ মানুহৰ দৰে জীৱন-যাপন কৰিব লাগে । লুথাৰপন্থীসকলে গিৰ্জাৰ সকলো যাজকক বিবাহ-বাৰু কৰাই গৃহস্থী জীৱন কটাবলৈ আশ্বাস দিছিল । 

গ) খ্ৰীষ্টান ধৰ্মমতে স্বৰ্গীয় আশীবাৰ্দ পাবলৈ হলে কিছুমান  ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা পালন কৰা উচিত । কেথলিক গিৰ্জাৰ মতে, বেপ্তিজিম, নিশ্চিতকৰণ বা অনুমোদন, স্বীকাৰোক্তি, ঐক্য, বিবাহ, পুৰোহিতালি, আৰু আধ্যাত্মিক একতা ।  এই সাত প্ৰকাৰৰ ৰীতি পৰম্পৰা পালন কৰিব লাগে । কিন্তু মাৰ্টিন লুথাৰে এই সাতবিধ কৰণীয় ৰীতি-পৰম্পৰা হ্ৰাস কৰি  বা আতৰাই দুবিধ কৰে -- বেপ্তিজিম আৰু ঐক্য । এইদৰে খ্ৰীষ্টানসকলে যীশুখ্ৰীষ্টক আহ্বান  কৰি সকলোৱে কেনেকৈ এক হব পাৰে তাকে লুথাৰে ব্যাখ্যা কৰিছিল । 

ঘ) মানুহৰ মৃত্যুৰ পাছত স্বৰ্গলৈ যাব নে নৰকলৈ যাব প্ৰাথমিক অৱস্থাত থকা আধুনিক ইউৰোপবাসীৰ বাবে ই এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিল । 

কেথলিক গিৰ্জাই শিকনি দিছিল যে শাস্তি আছিল প্ৰায়শ্চিত্তমূলক বা  যিসকলে এই জন্মত পাপবা আনক বেয়া ব্যৱহাৰ কৰিছে তেওঁৰ বাবে নৰকৰ শাস্তি সাজু হৈ আছে । কিন্তু মানুহে এই জন্মত ভাল কাম কৰি মৃত্যুৰ পাছত স্বৰ্গ যাব পাৰে আৰু তাৰবাবে জীৱিতকালত দহটা নিৰ্দেশ পালন কৰিব লাগে । কিন্তু মাৰ্টিন লুথাৰে কেথলিক গিৰ্জাৰ এই দাবী অগ্ৰাহ্য কৰি যুক্তি দিছিল , মানুহৰ স্বভাৱসিদ্ধভাৱে পাপ বা ভূল কাম কৰে । সেয়েহে একমাত্ৰ ভগৱানেহে মৃত্যুৰ পিছত মৃতকৰ আত্মাৰ কি কৰিব সেইটো স্থিৰ কৰে । লুথাৰৰ মতে যিসকলে যীশুখ্ৰীষ্টৰ একমাত্ৰ পৰম বিশ্বাসী মৃত্যুৰ পিছত তেওঁৰ পাপ মোচন হয় । 

এনেবোৰ বিষয়ক কেন্দ্ৰ কৰি গিৰ্জা  াৰপ লুথাৰপন্থীসকলৰ মাজত তীব্ৰ বাদানুবাদ হৈছিল আৰপ খ্ৰীষ্টান ধৰ্ম সংস্কাৰ আন্দোলনৰ জন্ম হৈছিল ।ইতিহাসবিদসকলৰ মতে মাৰ্টিন লুথাৰে ১৫১৭ চনত প্ৰকাশ কৰা ৯৫ টা যুক্তিৰ জৰিয়তে সংস্কাৰ আন্দোলন বা প্ৰটেষ্টান্ট সংস্কাৰৰ সূচনা কৰিছিল  । কেথলিক গিৰ্জাৰ প্ৰশ্নোত্তৰ  বিধান মতে, যেতিয়া এজন নিষ্ঠাবান ধাৰ্মিক ব্যক্তিয়ে তেওঁ কৰা পাপ বা ভূলৰ বাবে অনুতপ্ত হৈ তেওঁৰ দোষ মৰিষণ কৰিব বিচাৰে যেতিয়া তেওঁ গিৰ্জাত উপস্থিত হৈ প্ৰভূ যীশু আৰু সকলো খ্ৰীষ্টান ধৰ্মগুৰু নাম লৈ গিৰ্জাই বান্ধি দিয়া ভালেমান নিৰ্দিষ্ট দায়িত্ব নিঃচৰ্তত মানি কাৰ্যকৰী কৰিব প্ৰতিশ্ৰুতি হলে তেওঁ ভোগ কৰিব লগা পাপ কৰ্মৰ শাস্তি গিৰ্জাই যীশুখ্ৰীষ্টৰ প্ৰতিকৃতিৰ সন্মুখত সাময়িকভাৱে ৰেহাই দিয়া হৈছিল বুলি ঘোষণা কৰিছিল । এই পাপ মোচনৰ প্ৰমাণপত্ৰ পোৱা ব্যক্তিগৰাকীয়ে পত্ৰ পোৱাৰ পূৰ্বে তেওঁ নিৰ্দিষ্ট দায়িত্ববোৰ সম্পন্ন কৰিব লাগিছিল । তেওঁ সদায় এবাৰ বা কেবাবাৰো বিশেষ প্ৰাৰ্থনা কৰাৰ উপৰিও বিভিন্ন পৱিত্ৰ স্থান ভ্ৰমণ কৰিব লাগিছিল । মধ্যযুগৰ শেষৰফালে বিদ্যালয় স্থাপনকে ধৰি বিভিন্ন জনকল্যাণনূলক কামৰ কাৰণে ধন সংগ্ৰহ কৰিবৰ বীবে ইণ্ডালজেন্স প্ৰমাণ পত্ৰ বিক্ৰী কৰা হৈছিল । কিন্তু ইয়াৰ অপপ্ৰয়োগ গিৰ্জাই চেষ্টা কৰা স্বত্তেও বন্ধ কৰিব পৰা নাছিল । সেয়েহে সংস্কাৰ আন্দোলনৰ আৰম্ভণিৰে পৰা মাৰ্টিন লুথাৰ আৰু আন যুক্তিবাদীসকলে ইণ্ডালজেন্স ব্যৱস্থাক আক্ৰমণ কৰি আছিল । পোৰ দ্বিতীয় জুলিয়াছৰ শাসনকালত ছেন্ট পিটাৰ গিৰ্জাৰ নিৰ্মাণত বৰঙণি আগবঢ়োৱা বা দিয়াৰ বিনিময়ত ইণ্ডালজেন্স বিক্ৰী কৰিবৰ কাৰণে কতৃত্ব প্ৰদান কৰা হৈছিল ।

কিন্তু উত্তৰ ইউৰোপত অৰ্থনৈতিক কাৰণত ইণ্ডালজেন্স বিক্ৰীৰ বিৰোধিতা কৰাৰ কাৰণে ১৫১৭ চনলৈকে ইয়াত এক পত্ৰৰ বিক্ৰীৰ কোনো ব্যৱস্থা লোৱা নাছিল । কিন্তু ছেইন্ট পিটাৰ গিৰ্জাৰ নিৰ্মাণ কাৰ্য চলাই নিবলৈ দৃঢ় প্ৰতিজ্ঞা এথচ চৰম বৃত্তীয়   নাটনিৰ মাজত পৰি পোপ দশম  লিওই ইণ্ডালজেন্স প্ৰমাণ-পত্ৰ উত্তৰ ইউৰোপত বিক্ৰীৰ অনুমোদন দিয়ে । পোপৰ অনুমোদন লাভ কৰি জন টেটজন নামৰ এজন প্ৰচাৰকে ৰোমান কেথলিক গিৰ্জাৰ হৈ পোলেণ্ড , চেক্সনি, আৰু  শেষত জাৰ্মানীত ১৫১৭ চনত ধনৰ বিনিময়ত পোপ মোচনৰ প্ৰমাণ পত্ৰ ইণ্ডালজেন্স বিক্ৰী কৰিব লগা হয়। 

মাৰ্টিন লুথাৰে পোপৰ এই িণ্ডলজেন্স বিক্ৰীৰ ঘোৰ বিৰোধিতা কৰিছিল । তেওঁ বিশ্বাস কৰিছিল একমাত্ৰ ভগৱানৰ আশীৰ্বাদেহে মানুহক ৰক্ষা কৰিব । ১৫১৭ চনৰ ৩১ অক্টোবৰত লুথাৰে টেটজেল উপস্থিত হোৱা জাৰ্মানীৰ মেইনজৰ আৰ্কবিছপ এলবাৰ্ট ভল বাণ্ডেনবাৰ্গক এখন পত্ৰ লিখি ইণ্ডলজেন্স বিক্ৰীৰ ঘোৰ বিৰোধিতা কৰিছিল । এই পত্ৰৰ লগত তেওঁ ইণ্ডালজেন্সৰ শক্তি আৰু কাৰ্যক্ষমতাৰ ওপৰত মাৰ্টিন লুথাৰৰ বিতৰ্ক নামৰ এক যুক্তিপত্ৰও সংলগ্ন কৰি দিছিল, যাক ৯৫ টা যুক্তি নামেৰে জনা যায় । আন এটা বিৱৰণ মতেমাৰ্টিন লুথাৰে উইটেনবাৰ্গৰ অ'ল চেইন্টগিৰ্জাৰ দুৱাৰত ১৫১৭ ৰ ৩১ অক্টোৱৰত তেওঁৰ ৯৫টা৩ যুক্তি গজাল মাৰি আৰি দিছিল । 

৪। মাৰ্টিন লুথাৰৰ বৈবাহিক জীৱন 

উত্তৰঃ মাৰ্টিন লুথাৰ খ্ৰীষ্টান ধৰ্মৰ আগাষ্টিয়ান গোটৰ এজন সন্ন্যাসী আছিল । তেওঁ খ্ৰীষ্টান ধৰ্মৰ পৰম্পৰা ভংগ কৰি ১৫২৫ চনত কাথাৰিনা ভ'ন ব'ৰা নামৰ খ্ৰীষ্টান সন্ন্যাসিনী জীৱন পৰিত্যাগ কৰি উইটিনবাৰ্গত ভগনীয়া হিচাপে আশ্ৰয় লৈ থকা মহিলা এগৰাকীক বিবাহ কৰায় । এইদৰে ৰোমান কেথলিক ধৰ্মৰ নীতি নিয়ম ভংগ কৰি বিবাহপাশত আবদ্ধ হোৱা লুথাৰ আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ সুখী বৈবাহিক জীৱনত ছটা সন্তানৰ জন্ম দিছিল । 

১৫২৬ চনৰ পৰা মাৰ্টিন লুথাৰে তেওঁ প্ৰতিষ্ঠা কৰা নতুন গিৰ্জাৰ সাংগঠিনিক কামত নিজকে আত্মনিয়োগ কৰে । ১৫৩৩ চনৰ পৰা মৃত্যুৰ সময়লৈকে উইটিনবাৰ্গ হিশ্ববিদ্যালয়ত  ধৰ্ম বিষয়ৰ ডিন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । এই সময়ছোৱাত তেওঁক বহুতো ৰোগে আগুৰি ধৰে । 

১৫৪৬ চনৰ ১৮ ফেব্ৰুৱাৰীত গুৰুতৰভাৱে ৰোগাক্ৰান্ত হৈ ৬২ বছৰ বয়সত নিজা বাসগৃহ ইছলেবেনত মৃত্যু হয় । তেওঁৰ সকলো বিদ্যাতনিক কৰ্মৰ কেন্দ্ৰভূমি উইটিনবাৰ্গৰ চহৰৰ অ'ল চেইন্টছ গিৰ্জাত কবৰ দিয়া হৈছিল । 

৫।  লুথাৰপন্থী আৰু কেলভিনপন্থীৰ  মাজত প্ৰভেদ 

উত্তৰঃ

৬। জুইংলিৰ ৬৭ টা মতবাদ

উত্তৰঃ  ১৫২৩ চনত জুইংলিৰ ৬৭ টা মতবাদ বা অনুচ্ছেদ নামেৰে তেওঁৰ ৬৭ টা আদৰ্শ প্ৰকাশ কৰে । তেওঁৰ এই আদৰ্শলানিত বহুতো মধ্যযুগীয়া বিশ্বাস কৰে যেনে--- বাধ্যতামূলক উপবাস বা ব্ৰত, যাজক শ্ৰেণী,সংসাৰী জীৱনৰ পৰা আঁতৰত থকা, প্ৰায়শ্চিত্তমীৱক বা অভিযোগ মোচন কৰা, দল বা সমষ্টি, আৰু পুৰোহিত ধ্যানত বহা, আদি কৰ্ম-কাণ্ডৰ বিৰোধিতা কৰিছিল । প্ৰকৃততে জুইংলিয়ে ১৫২৩ চনৰ জানুৱাৰী মাহত জুৰিকৰ এক বিতৰ্কত অংশগ্ৰহণ কৰিবৰ বাবে এই যুক্তিসমূহ প্ৰকাশ কৰিছিল । তেওঁ আশা কৰিছিল  এনে ধৰণৰ বিতৰ্কই চহৰৰ মানুহৰ মানসিক বৌদ্ধিক একতা আনিব আৰু ভগৱানৰ প্ৰতি প্ৰেম ভাব জন্মাৰ । 

৭। টমাচ মুন্টজাৰ

উত্তৰঃ জাৰ্মানৰ এজন উগ্ৰ সংস্কাৰক আছিল টমাচ মুন্টজাৰ । মাৰ্টিন লুথাৰৰ সামাজিক আৰু ৰাজনৈতিক কৰ্তৃপক্ষৰ ওচৰত নিজকে সমৰ্পণ কৰা আৰু তেওঁলোকৰ লগত সহযোগেৰে চলা ধাৰণাটোৰ ঘোৰ বিৰোধিতা কৰিছিল । তেওঁ বিশ্বাস কৰিছিল লুথাৰে তেোঁৰ সংস্কাৰৰ আঁচনি আধাতে বন্ধ ৰাখিছে । তদুপৰি একমাত্ৰ গিৰ্জাৰ সংস্কাৰেৰে সমাজৰ পৰিৱৰ্তন সম্ভৱপৰ নহয় । মুন্টজাৰেৰ মতে সমাজখনো সংস্কাৰ কৰিব লাগিব আৰু অভিজাত ৰাজকীয় বিষয়াসকলে ভোগ কৰা বিশেষ সা-সুবিধাবোৰৰ অৱসান ঘটাই তেোঁলোকৰ অতিৰিক্ত সম্পদবোৰ সকলো জনসাধাৰণৰ মাজত বিলাই দিব লাগে । সেয়েহে মুন্টজাৰে গিৰ্জা আৰু শাসকগোষ্ঠীৰ বিৰুদ্ধে সঅস্ত্ৰ বিদ্ৰোহ কৰিছিল । জাৰ্মানীৰ কৃষক বিশেষকৈ দুখীয়া আৰু নিস্পেষিতসকলে মন্টুজাৰৰ আহ্বানত দেশৰ শাসকবৰ্গৰ বিৰুদ্ধে সংঘটিত ভীষণ কৃষক বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল । কিন্তু দেশৰ শাসকবৰ্গই অতি নিৰ্মমভাৱে এই কৃষক বিদ্ৰোহ দমন কৰে । তেওঁলোকে অতি উগ্ৰ সংস্কাৰবাদী নেতা মুন্টজাৰক ১৫২৫ চনত কাৰাৰুদ্ধ কৰি নিৰ্মম অত্যাচাৰ কৰি মৃত্যুদণ্ড দিয়ে । আনকি মাৰ্টিন লুথাৰেও ৰাজবিষয়াসকলক এই কৃষক বিদ্ৰোহ নিৰ্মমভাৱে দমন কৰিব আহ্বান জনাইছিল ।

৮।  অনাবেপ্তিষ্ট  আন্দোলনৰ মূল মতসমূহ 

উত্তৰঃ অনাবেপ্তিষ্ট হল এক খ্ৰীষ্টান আন্দোলন । অনাবেপ্তিষ্টৰ অৰ্থ হল পুনৰ বেপ্তিষ্ট কৰা । এই ধৰ্ম আন্দোলনৰ আৰম্ভণিতে আছিল ১৬ শতিকাত ৰোমান কেথলিক গিৰ্জা আৰু ধৰ্ম সংস্কাৰ আন্দোলনৰ কিছু বছৰৰ পাছত বহুলোকে খ্ৰীষ্টান ধৰ্মৰ ৰীতি-নাতি, পৰম্পৰাৰ ব্যাপক আৰু ক্ষিপ্ৰ সংস্কাৰৰ দাবীৰে আৰম্ভ কৰা উগ্ৰ সংস্কাৰ আন্দোলন । ৰোমান কেথলিক ধৰ্মৰ এটা প্ৰধান নীতি বা মূল মতসমূহ হল বেপ্তিষ্টকৰণ কৰা । এই ৰীতি মতে খ্ৰীষ্টান মাক-দেউতাকে তেওঁলোকৰ শিশু সন্তানক এদিন গিৰ্জালৈ পৱিত্ৰ পানী সানি দি, গাত ছটিয়াই দি আনুষ্ঠানিকভাৱে গিৰ্জা আৰু খ্ৰীষ্টান ধৰ্মত আদৰি লয় । ইয়াকে খ্ৰীষ্টান ৰীতি অনুসৰি বেপ্তিষ্ট উদযাপন কৰা বুলি কোৱা হয় । ইয়াৰ লগতে শিশুটিক নামকৰণো কৰা হয় । প্ৰটেষ্টান্ট আন্দোলনৰ জন্মদাতা মাৰ্টিন লুথাৰ আৰু সংস্কাৰ আন্দোলনৰ আগশাৰীৰ সংস্কাৰক আৰু তেওঁলোকৰ অনুগামীয়ে ৰোমান কেথলিক গিৰ্জাৰ বহু নীতি-নিয়ম খ্ৰীষ্টানসকলৰ পৱিত্ৰ গ্ৰন্থ বাইবেলৰ মতে নাই হোৱা বুলি অভিযোগ মানি চলিব লাগিব বুলি অস্বীকাৰ কৰিছিল । কিন্তু তেওঁলোকৰ গিৰ্জাই বেপ্তিষ্ট ৰীতি পালন কৰাত কোনো আপত্তি কৰা নাছিল । তেওঁলোকে এই ৰীতি -নীতি খ্ৰীষ্টান ধৰ্মৰ পৱিত্ৰ অংগ বুলি মানি লৈছিল । 

কিন্তু উগ্ৰ সংস্কাৰবাদীসকলে এই ৰীতিৰ ঘোৰ বিৰোধিতা কৰি যুক্তি দিছিল যে শিশুসকল যিহেতু নিৰ্বোধ, তেওঁলোকক নজনাকৈ খ্ৰীষ্টান ধৰ্মত অন্তভূৰ্ক্ত কৰাটো বাইবেলত প্ৰকাশ পোৱা চিন্তাধাৰাৰ বিপৰীত । সেইকাৰণে উপযুক্ত চিন্তা-চৰ্চা কৰিব পৰা প্ৰাপ্তবয়স্ক লোককহে বেপ্তিষ্ট কৰাটো বিধিসন্মত । গতিকে যিসকল লোকক শিশুকালত তেওঁলোকৰ অজ্ঞাতে বা নজনাকে বেপ্তিষ্ট কৰা হৈছিল বা খ্ৰীষ্টান কৰা হৈছিল । তেওঁলোকক পুনৰ অবেপ্তিষ্ট কৰিব লাগে । এইদৰে অনাবেপ্তিষ্ট হোৱাৰ পিছত ব্যক্তিজনে যদি নিজ চিন্তাধাৰাৰে খ্ৰীষ্টান ধৰ্মক বুজি  বেপ্তিষ্ট হব বিচাৰে তেওঁ পুনৰ বেপ্তিষ্ট হব পাৰে । ইয়াকে অনাবেপ্তিষ্ট বোলে যি পুনৰ বেপ্তিষ্ট হল ।

ক) বেপ্তিজিম ।

খ) নিষিদ্ধকৰণ বা সম্প্ৰদায়ৰ  পৰা বহিষ্কাৰ ।

গ) ঐক্য বা আলাপন ।

ঘ) গিৰ্জাৰ পেষ্টোৰ ।

ঙ) তৰোৱাল ।

চ) শপত গ্ৰহণ ।


৯। নান্টছ ৰাজাজ্ঞা, ১৫৯৮

উত্তৰঃ ১৮৯৮ চনৰ ১৩ এপ্ৰিলত ফ্ৰান্সৰ ৰজা চতুৰ্থ হেনৰীয় ে নান্টছ ৰৈজৈজ্ঞাৰ দ্বাৰা ৰোমান কেথলিক আৰু হিউগনটসকলৰ মাজত চলি থকা তীব্ৰ ধৰ্মযুদ্ধৰ সমসাময়িকভাৱে অন্ত পেলাইছিল বা শেষ কৰিছিল । উল্লেখযোগ্য যে ফ্ৰান্সত বুৰবন বংশৰ প্ৰথম শাসন প্ৰতিষ্ঠা কৰা ৰজা হেনৰী জীৱনৰ প্ৰথম সময়ছোৱাত এজন প্ৰটেষ্টান্ট ধৰ্মৰ লোক আছিল । পিছত তেওঁ কেথলিক ধৰ্মত দীক্ষিত হৈছিল । নান্টছ ৰাজাজ্ঞাৰ জৰিয়তে হিউগনটসকলক ফ্ৰান্সৰ সকলো ঠাইতে ব্যক্তিগতভাৱে আৰু ৰাজহুৱাভাৱে ২০০ খন নগৰ আৰু প্ৰটেষ্টান্ট ভূ-মালিকৰ প্ৰশাসনীয় এলেকাৰ উপাসনা কৰাৰ অনুমতি দিয়া হৈছিল । তেওঁলোকক আন আন জনসাধাৰণৰ দৰে উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি আহৰণ কৰা, বাণিজ্য কৰা. স্কুল-বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা হৈছিল । তাৰোপৰি যুদ্ধৰ সময়ত কৰা অপৰাধৰ বাবে উভয় পক্ষকে সম্পূৰ্ণ ক্ষমা কৰিছিল । তাৰোপৰি ১৫৯৮ চনৰ ২মেত স্বাক্ষৰিত এক গোপন অনুচ্ছেদ অনুসৰি ফৰাচী চৰকাৰে প্ৰটেষ্টান্ট পেষ্টোৰ আৰু পঞ্চাছটা হিউগনটসকলে সাজু কৰি ৰখা নগৰ মাজত অৱস্থিত ছাউনিক সাহাৰ্য্য দিব । 

নান্টছ ৰাজাজ্ঞাৰ পিছত ফ্ৰান্সত প্ৰায় দুই দগশককাল শান্তি পৰিবেশে বিৰাজ কৰিছিল । এই সময়ছোৱাৰ ভিতৰত হিউগনটসকলৰ প্ৰতি বিশেষ অনুকম্পা থকা ৰজা চতুৰ্থ হেনৰীৰ ১৫১০ চনত এজন কেথলিক ধৰ্মান্ধ ফ্ৰেঙ্কোইচ ৰভলাইচৰ হাতত তেওঁৰ মৃত্যু হয় ।  তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ ত্ৰয়োদশ লুই ফ্ৰান্সৰ ৰজা হয় । তেওঁৰ মাতৃ তথা উপদেষ্টা ৰাণী মেৰী দি মেদিচিৰ ইটালীৰ বিখ্যাত মেডিচি পৰিয়ালৰ সদস্য আছিল । 

১০। ৰজা চতুৰ্দশ লুইৰ হিউগনট অত্যাচাৰ

উত্তৰঃ 

১১। ট্ৰেন্ট পৰিষদ

উত্তৰঃ পোপ প'লে পৰিষদ আহ্বান কৰা প্ৰথমজন সংস্কাৰবিৰোধী  আন্দোলনৰ প্ৰথম পোপ হিচাপে খ্যাতি অৰ্জন কৰিছিল আৰু  এই পৰিষদখন ট্টেন্ট পৰিষদ নামেৰে জনাজাত হয় ।

ট্ৰেন্ট পৰিষদৰ সভা তিনিটা খণ্ডত অনুষ্ঠিত হৈছিল আৰু মুঠ ২৫ খন সভা অমুষ্ঠিত হৈছিল । প্ৰথম আঠখন সভা পোপ তৃতীয় প'ল , দাদ্বশৰ পৰা ষোড়ষতম সভা পোপ তৃতীয় জুলিয়াছ আৰু সোতৰৰ পৰা বাইছজম সভা পোপ পঞ্চম পয়াছৰ পৰিচালনাত অনুষ্ঠিত হৈছিল । এই সভাসমূহ যথেষ্ট মতানৈক্য আৰু বিতৰ্ক হৈছিল যদিও ট্ৰেন্ট  পৰিষদত কেথলিক ধৰ্মৰ আত্মসংশোধনৰ সুদুৰপ্ৰসাৰী আদেশনামা আৰু মতবাদ সংক্ৰান্ত সংজ্ঞাসমূহৰ স্পষ্ট ব্যাখ্যাই প্ৰটেষ্টান্টসকলে আগবঢ়োৱা বিভিন্ন যুক্তিৰ উপযুক্ত প্ৰত্যুত্তৰ দিছিল । তাৰ ফলত ট্ৰেন্ট পৰিষদে বহু দীঘলীয়া সময় লৈছিল যদিও ই সংস্কাৰবিৰোধী আন্দোলনক সবল কৰি তুলিছিল আৰু ইউৰোপৰ বিভিন্ন অংশত থকা ৰোমান কেথলিক গিৰ্জাসমূহক সঞ্জীৱনী দান কৰিছিল । ১৭ শতিকাৰ কেথলিক ফ্ৰান্সে যদিও ট্ৰেন্ট পৰিষদৰ সিদ্ধান্তসমূহ কোনো চৰকাৰী নিৰ্দেশ নাছিল, তথাপিও পৰিষদে নিৰ্ধাৰণ কৰা নিয়মৰ মতে ফ্ৰান্সৰ বিছপসকলক কেথলিক বিধিসমূহ সংস্কাৰ কৰাৰ ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে । সংস্কাৰবিৰোধী আদৰ্শৰে অনুপ্ৰাণিত হৈ গিৰ্জাসমূহে যাজক শ্ৰেণীৰ দুৰ্নীতিৰ ওপৰত কঠোৰ নজৰ দিবলৈ ধৰিলে আৰু অভিযুক্তসকলক দায়িত্বৰ পৰা অব্যাহত দিলে । গিৰ্জাৰ পুৰোহিতসকলৰ কাৰণে উপযুক্ত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হল । তদুপৰি কোনো যাজকে যাতে লাহ-বিলাসৰ জীৱন নকটায়, তাৰ ওপৰত সৃষ্টি ৰখা হল । তাৰোপৰি বিছপসকলে পূৰ্বতে এক নিৰ্দিষ্ট অঞ্চলৰ প্ৰশাসনিক মুৰব্বী হিচাপে কাৰ্য চলোৱা পদ্ধতিৰ অৱসান ঘটাই  তেওঁলোকক মাত্ৰ ধৰ্মীয় দায়িত্বতহে আবদ্ধ ৰখা হয় । কোনো আত্মীয়ক গিৰ্জা পৰিষদত নিযুক্তি দিয়া বন্ধ কৰা হব । গিৰ্জাৰ বিভিন্ন সেৱা-লোৱা ব্যক্তিসকলক গিৰ্জাৰ প্ৰাপ্তি পত্ৰ দিয়াৰ ব্যৱস্থা কৰা হল ।

সংস্কাৰবিৰোধী আন্দোলনৰ বহু নেতাই জনসাধাৰণক কেথলিক ধৰ্ম সম্পৰ্কে শিক্ষিত কৰাত অধিক গুৰুত্ব দিছিল । দক্ষ পুৰোহিতৰ দ্বাৰা জনসাধাৰণক ধৰ্মীয় শিক্ষা দিয়া হৈছিল আৰু বিভিন্ন স্থানত ধৰ্মসভা পাতি গিৰ্জা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক, দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত জ্ঞান দিয়া হৈছিল । 

১২। জেছাছৰ সমাজ

উত্তৰঃ কেথলিক গিৰ্জাৰ পুনৰ সংস্থাপনত আটাইতকৈ গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিছিল জেছাছৰ সমাজ বা জেছুইটসকলে । এই অনুষ্ঠান বা সমাজখনৰ প্ৰতিষ্ঠাতা আছিল ইগনেছাছ লয়লা নামৰ এজন স্পেইন দেশৰ সৈনিক । তেওঁ যুদ্ধত আহত হৈ বিছনা পাৰি থকা অৱস্থাত কেথলিক ধৰ্মৰ শিকনিসমূহে তেওঁৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল । 

তেওঁ আধ্যাত্মিক চৰ্চাৰ যোগেদি কেনেদৰে প্ৰভূ যীশুৰ ওচৰ চাপিব পাৰি সেই বিষয়ে মাৰ্গ দৰ্শন কৰিব এখন পুথি ৰচনা কৰিছিল । ১৫৩৯ চনত লয়লাই তেওঁৰ প্ৰস্তাৱিত সংগঠনটোৰ খচৰা প্ৰকাশ কৰে । পোপ তৃতীয় প'লে ১৫৪০ চনৰ ২৭ ছেপ্তেম্বৰত লয়লাৰ অনুষ্ঠানটোক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে ।  এই অনুষ্ঠানটোৱে কেথলিক ধৰ্মীয় জীৱনত বহুতো নতুনত্ব আনে ।বহুতো মধ্যযুগীয় বিধি বা নিয়ম হল যেনে- নিয়মীয়া প্ৰায়শ্চিত্ত বা বাধ্যতামূলক ব্ৰত, একেধৰণৰ  গণৱেশ, পৰিধান কৰা, আৰু ৰাজহুৱা প্ৰাৰ্থনা সভাগৃহত কোৰাল বা ডাঙৰ ডাঙৰকৈ পঢ়া আদি কেথলিক ধৰ্মক গতিশীল আৰু সৰ্বসাধাৰণৰ মাজত গ্ৰহণযোগ্য কৰি ৰাখিবৰ কাৰণে প্ৰত্যাহাৰ কৰে । তাৰোপৰি গিৰ্জাৰ মুৰব্বীক সমগ্ৰ জীৱনকালৰ নিৰ্বাচিত কৰি কঠোৰ কেন্দ্ৰীয় প্ৰশাসন , উচ্চতম পদ লাভৰ আগতে কেইবছৰমান শিক্ষণবা অপেক্ষাকালত প্ৰশিক্ষণ লাভ কৰা, সদস্যসকলক বিভিন্ন ভাগত বা গোটৰ বিভক্ত কৰা তথা কোনো ধৰণৰ মহিলাৰ শাখা নোখোলা আদি কিছুমান নতুন বিধি বিযৱস্থা ৰূপায়ণ কৰি কেথলিক ধৰ্মক আগ্ৰাসী ৰূপত  উপস্থাপন কৰাৰ ব্যৱস্থা লয় । তদুপৰি এই অনুষ্ঠানৰ সদস্যসকলে সকলো ক্ষেত্ৰত কেথলিক ধৰ্ম, বিশেষকৈ পোপৰ প্ৰতি আনুগত্য ৰখাত বিশেষ ভূমিকা বা গুৰুত্ব দিয়া হৈছিল । এনেদৰে ধৰ্মৰ নামত সম্পূৰ্ণভাৱে আত্মনিয়োগ কৰা জেছুইটসকল আছিল কেথলিক  গিৰ্জাৰ প্ৰকৃত সৈনিক । প্ৰকৃত সৈনিকৰ দৰে হাজাৰ বাধা -বিঘিনি নেওচি তেওঁলোক ধৰ্মপ্ৰচাৰৰ কাৰণে আগ্ৰহী হয় । তেওঁলোকৰ অক্লান্ত-পৰিশ্ৰমৰ ফলত সংস্কাৰবিৰোধী আন্দোলনে সংস্কাৰবাদী আন্দোলনৰ তীব্ৰতা ভালেখিনি ৰোধ কৰিবলৈ সক্ষম হৈছিল । কেথলিক ধৰ্ম ইউৰোপত পুনৰ ঠন ধৰি উঠায়ে নহয়, এই ধৰ্ম ইউৰোপৰ বাহিৰৰ আফ্ৰিকা, জাপান, আমেৰিকা আদি দেশতো বিয়পি পৰে ।

এইদৰে প্ৰায় দুই শতিকাজুৰি  সংস্কাৰ আন্দোলন আৰু তাৰ প্ৰত্যুত্তৰত জন্ম লোৱা সংস্কাৰবিৰোধী আন্দোলনে গেটেই  ইউৰোপক উতপ্ত কৰি ৰাখিছইল ।আনকিএটা পৰিয়ালতে এজন প্ৰটেষ্টান্ট, আনজন কেথলিক হৈ পৰিছিল । সমাজ ৰাষ্ট্ৰ দুটা গোটত বিভক্ত হৈ পৰিছিল । প্ৰটেষ্টান্ট আৰু কেথলিক উভয় গোটে প্ৰায় সম্পূৰ্ণ নিশ্চিত আছিল যে তেওঁলোক শুদ্ধ পথত আছে আৰু আনটো গোটে চয়তানৰ কামত  জড়িত হৈছে । তাৰ ফলত ধৰ্মৰক্ষাৰ নামত ভাই-ককাই, পৰিয়াল, অঞ্চলে-অঞ্চলে কাজিয়া, যুদ্ধ, মাৰপিট-লুটপাত, হিংসা-হত্যা আদি সংঘটিত হৈছিল । এই হিংসা-হ্যাত শিশুৰ পৰা আৰম্ভ কৰি পুৰুষ- মহিলাকে ধৰি, সাধাৰণ মানুহৰ পৰা বহুতো পণ্ডিত-বিখ্যাত লোকৰ মৃত্যু হৈছিল । 

ৰচনাধৰ্মী প্ৰশ্ন

১। মাৰ্টিন লুথাৰৰ জীৱন আৰু কাৰ্যাৱলীৰ ওপৰত চমুকৈ  লিখা ।

উত্তৰঃ  ১৪৯৩ চনৰ ১০ নৱেম্বৰত ৰোমান সাম্ৰাজ্যৰ অন্তৰ্গত ইছলেদেন নামৰ এখন সৰু চহৰত জন্ম হৈছিল । তেওঁৰ দেউতাকৰ নাম আছিল হানছ লুথাৰ আৰু মাকৰ নাম আছিল মাৰ্গাৰেথ লুথাৰ । মাৰ্টিন লুথাৰ আছিল মাক-বাপেকৰ জেষ্ঠ সন্তান । মাৰ্টিন লুথাৰৰ কেইবাজনো ভাই-ভনী আছিল । 

১৫০১ চনত ১৭ বছৰ বয়সত তেওঁ জাৰ্মানীৰ আফ্ৰট বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ গৈছিল আৰু ১৫০৫ চনত এই বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । ইয়াৰ পিছত দেউতাকৰ ইচ্ছা অনুসৰি আইন অধ্যয়ন কৰিবলৈ লৈছিল যদিও এইটো বিষয়ভাল নলগাত ধৰ্ম আৰু দৰ্শন অধ্যয়ন কৰিবলৈ লয় । এৰিষ্টটল, উইলিয়াম অৱ ওচখাম আৰু গব্ৰিয়েল বিইৰ ধৰ্ম আৰু দৰ্শনৰ লিখনিয়ে তেওঁক বিশেষভাৱে আকৰ্ষিত কৰি তুলিছিল ।  বাৰ্থলমাইউচ আৰু জডকাছ ট্ৰটফেণ্ডাৰ নামৰ দুজন শিক্ষাগুৰুৰ শিকনীয়ে তেওঁৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল । তেওঁলোকে সকলোৰে প্ৰতি আনকি বিখ্যাত চিন্তাবিদসকলৰ শিকনিসমূহ সন্দেহৰে চাবলৈ শিকাইছিল আৰু সকলো কথা নিজে প্ৰথমে পৰীক্ষা কৰি চাবলৈ শিকাইছিল । ১৫১২ চনৰ ২০ অক্টোৱৰত তেওঁক উইটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ ধৰ্মতত্ত্বৰ অধ্যাপক হিচাপে নিযুক্তি দিয়ে । 

লুথাৰে শিকাইছিল যে মৃত্যুৰ পিছত লাভ কৰা মোক্ষ জীৱনকালত কৰা কোনো কামৰ বাবে লাভ নকৰে, বৰং যীশুখ্ৰীষ্টক পাপ মোচকৰূপে বিশ্বাস কৰাৰ ফলত ইশ্বৰে উপহাৰ হিচাপে আত্মাৰ মুক্তি দিয়ে । তেওঁ খ্ৰীষ্টান পুৰোহিতসকলে ভগৱান যীশুখ্ৰীষ্ট আৰু সাধাৰণ মানুহৰ মাজৰ মধ্যস্থতাকাৰী বা যোগাযোগকাৰীৰ ভূমিকাক ঘোৰ বিৰোধিতা কৰিছিল । লেটিন ভাষাৰ পৰিৱৰ্তে স্থানীয় ভাষা জাৰ্মানীলৈ, হীব্ৰু আৰু প্ৰাচীন ভাষাত লিখিত মূল বাইবেল গ্ৰন্থখন অনুবাদ কৰিছিল । ইয়াৰ ফলত স্থানীয় জনসাধাৰণে নিজৰ ভাষাতে বাইবেলখন পঢ়িবলৈ সক্ষম হৈছিল । লুথাৰৰ এই বাইৱেল অনুবাদে গিৰ্জা আৰু জাৰ্মান সংস্কৃতিৰ ওপৰত প্ৰভূত বা বহুতো প্ৰভাৱ পেলাইছিল । মাৰ্টিন লুথাৰ আৰু তেওঁৰ কেইজনমান সহযোগীৰ সৈতে ১৬২২ চনত নিউ টেষ্টামেন্টখন প্ৰথম প্ৰকাশ কৰে আৰু ১৫৩৪ চনত গুপ্ত ৰখা অংশটিৰ সৈতে পুৰণি আৰু নতুন টেষ্টামেন্টখন সম্পূৰ্ণ জাৰ্মান ভাষাত প্ৰকাশ কৰে ।  তেওঁ এই অন্যতম অনুবাদে জাৰ্মান ভাষাৰ মৰ্যাদা বহু ওপৰলৈ তুলি নিছিল । ইয়াৰ ওপৰত ভিত্তি কৰি পিছলৈ আৰু বিভিন্ন গ্ৰন্থ অনুবাদ কৰা নতুন নতুন শৈলী উদ্ভাৱন কৰা হৈছিল । এই বাইবেলখনত উল্লেখ কৰা শ্লোক পৰৱৰ্তী সময়ৰ প্ৰটেষ্টান্ট গিৰ্জাত সংগীত পৰিৱেশনত ব্যৱহাৰ কৰা হৈছিল । মাৰ্টিন লুথাৰৰ এই অনুবাদৰ প্ৰেৰণা হিচাপে কিছু সময় পিছত বাইবেলখন ইংৰাজী ভাষালৈ অনুবাদ কৰিছিল । মাৰ্টিন লুথাৰৰ অনুগামীসকলক লুথাৰপন্থী নামেৰে জনা গৈছিল । মাৰ্টিন লুথাৰৰ সমসাময়িক আছিল পোপ দশম লিও । প্ৰথম অৱস্থাত মাৰ্টিন লুথাৰ আৰু পোপ দশম লিওৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল । পিছত ইণ্ডালজেন্স পত্ৰ বিক্ৰী কৰাৰ কথাটোক লৈ পোপ দশম লিও আৰু মাৰ্টিন লুথাৰৰ মাজত শত্ৰুতা আৰম্ভ হৈছিল । মাৰ্টিন লুথাৰে পোপৰ এই ইণ্ডালজেন্স বিক্ৰীৰ ঘোৰ বিৰোধিতা কৰিছিল । তেওঁ বিশ্বাস কৰিছিল একমাত্ৰ ভগৱানৰ আশীবাৰ্দেহে মানুহক ৰক্ষা কৰিব । ১৫১৭ চনৰ ৩১ অক্টোবৰত লুথাৰে টেচজেল উপস্থিত হোৱা জাৰ্মানীৰ মেইনজৰ আৰ্কবিছপ এলবাৰ্ট ভল বাণ্ডেনবাৰ্গক এখন পত্ৰ লিখি ইণ্ডালজেন্স বিক্ৰীৰ বিৰোধিতা কৰিছিল । এই পত্ৰৰ লগত তেওঁ ইণ্ডালজেন্সৰ শক্তি আৰু কাৰ্যদক্ষতাৰ ওপৰত মাৰ্টিন লুথাৰৰ বিতৰ্ক নামৰ এক যুক্তিপত্ৰও সংলগ্ন কৰি দিছিল, যাক ৯৫ টা যুক্তি নামেৰে জনা যায় । আন এটা বিৱৰণৰ মতে মাৰ্টিন লুথাৰে উইটেনবাৰ্গৰ অল চেইন্ট গিৰ্জাৰ দুৱাৰত ১৫১৭ৰ ৩১ অক্টোৱৰত তেওঁৰ ৯৫ টা যুক্তি গজাল মাৰি আৰি দিছিল  । কিন্তু বহুতো পণ্ডিতৰ মতে এই কাহিনী শুদ্ধ তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় ।

২। জন কেলভিনৰ জীৱন আৰু কাৰ্যৱলীৰ ওপৰত চমুকৈ লিখা ।

উত্তৰঃ মাৰ্টিন লুথাৰৰ সমসাময়িক বা উত্তৰাধিকাৰী আছিল জন কেলভিন । তেওঁৰ যিসমূহ শিকনি আছিল এই শিকনিয়ে প্ৰটেষ্টান্ট ধৰ্মৰ মৌলিক মতবাদৰ ওপৰত বহুতো প্ৰভাৱ পেলাইছিল । প্ৰটেষ্টান্ট ধৰ্মসংস্কাৰ আন্দোলনৰ দ্বিতীয় প্ৰজন্মৰ আটাইতকৈ অতি গুৰুত্বপূৰ্ণ নেতাজন আছিল জন কেলভিন । তেওঁ প্ৰটেষ্টান্ট ধৰ্মবিশ্বাসৰ কেলভিনপন্থী ধাকাই আধপনিক বিশ্বত এক গভীৰ প্ৰভাৱ পেলাইছিল ।

১৫০৯  চনৰ ১০ জুলাইত উত্তৰ ফ্ৰান্সৰ পিকাৰ্ডি অঞ্চলৰ ন'য়'ন চহৰৰ এটা মধ্যবিত্ত পৰিয়ালত জন কেলভিনৰ জন্ম হয় । তেওঁৰ দেউতাক স্থানীয় গিৰ্জাৰ এজন সাধাৰণ বিছপ আছিল । তেওঁ ১৫২৩ চনত ফ্ৰান্সৰ পেৰিচ বিশ্ববিদ্যালয়ত কেলভিনক পুৰোহিতালিৰ ওপৰত এক  শিক্ষা গ্ৰহণ কৰিবলৈ পঠাই দিছিল । কিন্তু কিছুদিনৰ পাছত কেলভিনে পুৰোহিতালিৰ সলনি আইন বিষয়ত অধ্যয়ন কৰিবলৈ মন কৰে । সেইকাৰণে তেওঁ ১৫২৮ চনৰ পৰা ১৫৩১ চনলৈকে মধ্য ফ্ৰান্সৰ বৰগেছ চহৰৰ ওৰলিআনছ আৰু বৰগেছ স্কুলত আইন অধ্যয়ন কৰিব লয় । ইয়াৰ পিছত তেওঁ পেৰিছ চহৰলৈ পুনৰ ঘুৰি আহে । এই সময়খিনিত তেওঁ নৱজাগৰণে সৃষ্টি কৰা মানৱতাবাদী শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ উপৰিও  সেই সময়ত ওলন্দাছ দাৰ্শনিক আৰ খ্ৰীষ্টান ধৰ্মৰ বিশেষজ্ঞ পণ্ডিত ডেছিডেৰিয়াছ ইৰাছমাছ আৰু ফৰাচী ধৰ্মশাস্ত্ৰজ্ঞ আধ্যাত্মিক পণ্ডিত আৰু মানৱতাবাদী জেকবাছ ফেবাৰ ষ্টাপু লেনচিছ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত উগ্ৰ ছাত্ৰ আন্দোলনে তেওঁক অতি আকৰ্ষিত কৰি তুলিছিল । সংস্কাৰ আন্দোলনৰ প্ৰথম ভাগতে সূচনা হোৱা এই ছাত্ৰ আন্দোলনে ধ্ৰুপদী আৰু খ্ৰীষ্টিয়ান প্ৰাচীনত্বৰ আধাৰত প্ৰতিষ্ঠিত গিৰ্জা আৰু সমাজখনৰ সংস্কাৰ বিচাৰিছিল আৰু মূল ভাষাত বাইবেল অধ্যয়ন কৰিছিল । সেইকাৰণে প্ৰাচীন ভাষা-সাহিত্যৰ অধ্যয়ন কৰাৰ উদ্দেশ্য তেওঁ গ্ৰীক আৰু হিব্ৰু লেটিন ভাষা অধ্যয়ন কৰিবলৈ লয় । তাৰ ফলত তেওঁ ধ্ৰুপদী সাহিত্যৰ ওপৰত যথেষ্ট চৰ্চা কৰিবলৈ লয় আৰু ১৫৩২ চনত প্ৰাচীন ৰোমৰ বিখ্যাত তাৰ্কিক চেনেচা নামৰ এজন দাৰ্শনিক । তেওঁৰ দেউতাক আছিল এগৰাকী বিখ্যাত দাৰ্শনিক, নাট্যকাৰ আৰু সম্ৰাট নিৰোৰ উপদেষ্টা আছিল । ১৫৩৬  চনত প্ৰটেষ্টান্ট ধৰ্মৰ তত্ত্বসমূহৰ মানদণ্ড উন্নত কৰা প্ৰাথমিক প্ৰচেষ্টা হিচাপে কেলভিনে লেটিন ভাষাত ইনষ্টিটিউটছ অৱ দা খ্ৰীষ্টান ৰিলিজিয়ন নামৰ এখন বিখ্যাত গ্ৰন্থ লিখিছিল । কেলভিনে তেওঁৰ ধৰ্মীয় শিকনিত শাস্ত্ৰসমূহৰ স্বৰীয়তা আৰু স্বকীয়অদৃষ্টতা মতবাদৰ ওপৰত আস্থা ৰাখি কৈছিল ভগৱানৰ সৰ্বশক্তিমত্তা আৰু আশীবাৰ্দৰ ওপৰত নিৰ্ভৰ কৰি কোনো স্বৰ্গলৈ যাব সেইটোস্বয়ং ভগৱানেহে সিদ্ধান্ত লব । এনেজৰে জন কেলভিনৰ অনুগামী ফৰাচী প্ৰটেষ্টান্টকাৰী কেলপন্থীসকলক হুগেনট নামেৰে জনা গৈছিল । ফৰাচী কেলভিনপন্থীসকলে ১৫৬০ চনত নিজকে হুগেনটছ বুলি পৰিচয় দিবলৈ লৈছিল যদিও ইয়াৰ পাচ বছৰৰ আগতে পেৰিচৰ এটা ব্যক্তিগত ঘৰত প্ৰথম হুগেনট গিৰ্জা প্ৰতিষ্ঠা কৰিছিল । ১৫৬২ চনত ইয়াৰ সংখ্যা ২০০০ বৃদ্ধি পাইছিল আৰু প্ৰায় ২ নিযুত হুগেনট ধৰ্মাৱলম্বী  হৈছিল ।   এই কেলভিনপন্থীসকলৰ মূল ধৰ্মমতক সংক্ষিপ্ত বা সৰু আকাৰত টুলিপ বুলি কোৱা হয় । T বা সম্পূৰ্ণ দুৰাচাৰ । ইয়াৰ অৰ্থ হল  সকলো মানুহ পাপী আৰু জন্মগতভাৱে প্ৰাকৃতিক পাপী মনলৈ আহে । জন্মৰ সময়ৰে পৰা সকলো মানুহ সম্পূৰ্ণভাৱে পাপী । U বা চৰ্তহীন নিৰ্বাচন । ইয়াৰ অৰ্থ হল প্ৰত্যেক মানুহৰে ব্যক্তিগত ভাগ্য সম্পূৰ্ণভাৱে ভগৱানে নিৰ্ধাৰণ কৰে । গতিকে কোনো মানুহে ভগৱানে তেওঁক পচন্দ কৰে নে নকৰে শেষ মূহুৰ্তলৈ জানিৱ নোৱাৰে । L বা সীমিত প্ৰায়শ্চিত্ত ইয়াৰ অৰ্থ হল ভগৱান যীশুখ্ৰীষ্টক তেওঁৰ পচন্দৰ সন্ন্যাসী বা ভক্তৰ পাপৰ বাবে মৃত্যবৰণ কৰিবলৈ পঠাই দিছিল । অধৰ্মীসকলৰ  পাপৰ বাবে তেওঁক পঠোৱা নাছিল । I বা বাধাহীন আশীৰ্বাদ বা ভগৱানে নিৰ্বাচিত কৰা কোনো ব্যক্তি ভগৱানৰ আশীৰ্বাদৰ পৰা আঁতৰত থাকিব নোৱাৰে । ইয়াৰ অৰ্থ হল যেতিয়া এজন সাধু ব্যক্তিক ৰক্ষা কৰা যায়, তেওঁ মহিলা বা পুৰুষ যিয়ে নহওক কিয়- তেওঁলোকে চিৰকাল ভগৱান যীশুৰ দ্বাৰা মুক্তি লাভ কৰাতো নিশ্চিত । 

১৫৩৩ চনৰ শেষভাগত কেলভিনে ফ্ৰান্সত থাকি তেওঁৰ কাৰ্যকলাপ চলাই নিয়া অসম্ভৱ হয় । কাৰণ ফ্ৰান্সৰ কেথলিক ধৰ্মৰ প্ৰধান পৃষ্ঠপোষক চৰকাৰে তেওঁক প্ৰটেষ্টান্ট ধৰ্মৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা কাৰ্য অতি কঠোৰভাৱে ৰোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সেইকাৰণে ফ্ৰান্সত সংঘটিত হোৱা ভয়ানক প্ৰটেষ্টান্টবিৰোধী হিংসাৰ পিছত যত বহুতো লোকৰ মৃত্যু হৈছিল । আৰু জন কেলভিনে ছুইজাৰলেণ্ডৰ ৰছেল চহৰলৈ পলাই যায় । ইয়াতে তেওঁ তেওঁৰ বিখ্যাত গ্ৰন্থ ইনষ্টিটিউটছ অৱ দা  খ্ৰীষ্টান ৰিলিজিয়নৰ প্ৰথম সংস্কৰণটো প্ৰকাশ কৰিছিল । সেইবছৰে ১৫৩৬ চনত ছুইজাৰলেণ্ডৰ আন এখন প্ৰখ্যাত চহৰ জেনেভালৈ যায় আৰু চহৰখনৰ আৱাসীসকলে তেওঁৰ পূৰ্বৰ সুনামৰ কাৰণে জেনেভাত প্ৰটেষ্টান্ট ধৰ্মক পুনৰ সু-সংগঠিত আৰু সংস্কাৰ কৰিবলৈ হেচা প্ৰয়োগ কৰিছিল । কেলভিনে জেনেভাত থকা আন এগৰাকী ফৰাচী সংস্কাৰক গুইল্লাউমে ফৰেলৰ লগ হৈ সংস্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল । কেলভিনে জেনেভাৰ নগৰ চৰকাৰৰ এই মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিল আৰু সকলোতে তেওঁৰ পাণ্ডিত্য-দক্ষতা ফুটি উঠিছিল । কিন্তু তাৰ পৰিষদে পালন কৰিব দিয়া কিছুমান ধৰ্মীয় ৰীতি মানিব অমান্তি হোৱাত কেলভিন আৰু ফৰেল উভয়কে ১৫৩৭ চনত জেনেভা ত্যাগ কৰিব নিৰ্দেশ দিয়ে । এইবাৰ কেলভিনে জেনেভাৰ পৰা জাৰ্মানীৰ প্ৰটেষ্টান্ট নগৰ ষ্ট্ৰাচবাৰ্গ লৈ আহে । ইয়াত ফ্ৰান্সৰ কেথলিকপন্থী চৰকাৰৰ অত্যাচাৰত পলাই অহা বহুতো ফৰাচী প্ৰটেষ্টান্ট ভগনীয়া আছিল । তাৰেই এটা গিৰ্জাৰ পাদুৰি হৈ তেওঁ বাইবেল ধৰ্মগ্ৰন্থৰ ব্যাখ্যা বিভিন্ন ঠাইত আগবঢ়াইছিল । সেই সময়ত তেওঁ বেলজিয়াৰ ডাটছ অধ্যুষিত অঢ্চলত জন্মগ্ৰহণ কৰা আইডেলেট্ৰ দি বুৰে নামৰ এগৰাকী বিধৱা মহিসাক বিয়া কৰায় । এই সময়ছোৱাত তেওঁ নগৰীয়া গিৰ্জা পৰিচালনাৰ ওপৰত বিশেষ জ্ঞান অৰ্জন কৰে । বিভিন্ন আন্তজাৰ্তিক ধৰ্মীয় মহাসভাত অংশগ্ৰহণ কৰি প্ৰটেষ্টান্ট ধৰ্ম আন্দোলনৰ আন আন নেতৃত্বসকলৰ দৃষ্টি আকৰ্ষিত হয় । তদুপৰি ৰোমান কেথলিক ধৰ্মশাস্ত্ৰৰ ওপৰত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি যথেষ্ট অভিজ্ঞতাপুষ্ট হৈ উঠে । ইয়াৰ পিছতে তেওঁ আন্তজাৰ্তিক প্ৰটেষ্টান্ট আন্দোলনৰ প্ৰধান ব্যক্তি হৈ পৰে । এনেদৰে  ১৫৩৮ চনৰ পৰা ১৫৪০ চনলৈকে ষ্টচাবাৰ্গত নিজৰ কাৰ্যসূচী চলাই গৈছিল । ১৫৪১ চনত জেনেভাবাসীয়ে সবল নেতৃত্বৰ অভাৱত চুইজাৰলেণ্ডত প্ৰটেষ্টান্ট আন্দোলন দুৰ্বল হৈ পৰা বাবে কেলভিনক পুনৰ নেতৃত্ব লবলৈ আহ্বান জনালে । কেলভিনৰ ভাৱমূৰ্তি আৰু প্ৰভাৱ এতিয়া পূৰ্বতকৈ বহুত বেছিহে বৃদ্ধি পাইছিল । সেইকাৰণে জেনেভাৰ নগৰ পৰিষদে ১৫৪১ চনৰ নৱেম্বৰ মাহত এখন প্ৰধান অধ্যাদেশৰ জৰিয়তে নগৰৰ সকলো ব্যক্তি বিশেষকৈ শিশুসকলক ধৰ্মীয় শিক্ষা প্ৰদানৰ লগতে কেলভিনৰ আদৰ্শ অনুসৰি ইয়াৰ গিৰ্জাসমূহ সু-সংগঠিত কৰে । এনেকুৱা আৰু কিছুমান ধৰ্মীয় পৰিৱৰ্তনে জেনেভাৰ প্ৰটেষ্টানবিৰোধী জনগণক বৰকৈ অসন্তুষ্ট কৰি তুলিছিল । এনে সময়তে ১৫৫৩ চনত কেলভিনৰ ঘোৰ বিৰোধী মাইকেল চাৰভেটুচ নামৰ এজন স্পেইন দেশীয় ধৰ্মান্ধ আৰু নৱজাগৰণৰ মানৱতাবাদী পণ্ডিত জেনেভাত অবাঞ্চিতভাৱে উপস্থিত হল আৰু তেওঁৰ কেলভিন বিৰোধী ষড়যন্ত্ৰৰ ফলত নগৰ ৰাষ্ট্ৰখন দুটা পৰস্পৰ বিৰোধ গোটত পৰিণত হৈ পৰিৱেশ যথেষ্ট স্পৰ্শকাতৰ হৈ পৰিছিল ।

৩। উলৰিচ জুইংলিৰ জীৱন আৰু কাৰ্যৱলীৰ ওপৰত চমুকৈ লিখা ।

উত্তৰঃ ১৪৮৪ চনৰ ১ জানুৱাৰীত ছুইজাৰলেণ্ডৰ উত্তৰ-পূবত অৱস্থিত উইলধাউচ নামৰ এখন গাঁৱত এটা কৃষকৰ পৰিয়ালত ইলৰিচ জুইংলিৰ জন্ম হৈছিল । তেওঁৰ পিতৃৰ নাম আছিল উলৰিচ জুইংলি আৰু মাতৃৰ নাম আছিল মাৰ্গাৰেথা জুইংলি । তেওঁ নৱজাগৰণৰ মানৱতাবাদী শিক্ষাৰ প্ৰধান কেন্দ্ৰ অষ্ট্ৰিয়াৰ ভিয়েনা বিশ্ববিদ্যালয় আৰু ছুইজাৰলেণ্ডৰ ৰাছেল বিশ্ববিদ্যালয়ৰ শিক্ষা লাভ কৰে । শিক্ষা সমাপ্ত কৰাৰ পিছত ৰোমান কেথলিক গিৰ্জাৰ পৰা পুৰোহিত বা গুৰু হোৱাৰ যোগ্যতা অৰ্জন কৰিছিল । তেওঁৰ শৈশৱকালৰ গ্লাৰুচদ গিৰ্জাত পেষ্টোৰ পদত নিযুক্ত হৈছিল । নিজকে এজন সফল পেষ্টোৰ বা ধৰ্মীয় মাৰ্গদৰ্শকৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ উপৰিও এই সময়ছোৱাত নিজৰ অধ্যয়ন অব্যাহত ৰাখি গ্ৰীক আৰু হীব্ৰু ভাষা শিকে আৰু পূৰ্বৰ গিৰ্জাৰ প্ৰভাৱশালী যাজকসকলৰ  জীৱনৰ বিষয়ে অধ্যয়ন কৰে । তেওঁৰ নৱজাগৰণ আন্দোলনৰ প্ৰতি সহানুভূতিশীল ডাটচ দাৰ্শনিক আৰু খ্ৰীষ্টান পণ্ডিত ইৰাচমাচৰ লগত যোগাযোগ ৰাখিছিল । তেওঁ ছুইজাৰলেণ্ডৰ ভিতৰুৱা অঞ্চলৰ পৰা হৈও সফল সহকাৰীৰ যাজকৰূপে নিজকে প্ৰতিষ্ঠা কৰিছিল আৰু ইটালিৰ লগত হোৱা যুদ্ধত তেওঁ ছুইজাৰলেণ্ডৰ সৈন্যবাহিনীৰ এজন পাদুৰি হিচাপে যুদ্ধলৈ গৈছিল । 

১৫১৯ চনৰ তেওঁ জুৰিক চহৰৰ এজন সহকাৰী যাজক হিচাপে নিযুক্তি লাভ কৰে আৰু চহৰখনত সূচনা কৰা সংস্কাৰসমূহত একাংশ বিছপৰ বিৰোধিতা থকা স্বত্ত্বেও জনসাধাৰণৰ সহায় আৰু সমৰ্থন লাভ কৰিছিল । জুইংলিয়ে বাইবেলৰ জৰিয়তে বৈপ্লৱিক পদ্ধতিৰে প্ৰভূ যীশুৰ বাণী শিকোৱাৰ এটা নতুন পদ্ধতি উদ্ভাৱন কৰিছিল । ১৫১৯ চনত বাইবেলৰ দ্বিতীয় খণ্ড নিউ টেষ্টামেন্টৰ বাণী মেথিউৰ সুবিচাৰ জৰিয়তে তেওঁ প্ৰচাৰ ব্যৱস্থা কৰে । 

১৫২৩ চনত জুইংলিয়ে ৬৭ টা অনুচ্ছেদ নামেৰে তেওঁৰ ৬৭ টা আদৰ্শ প্ৰকাশ কৰে । তেওঁৰ এই আদৰ্শলানিত বহুতো মধ্যযুগীয় বিশ্বাস যেনে- বাধ্যতামূলক উপবাস বা ব্ৰত , যাজক শ্ৰেণী সংসাৰী জীৱনৰ পৰা আঁতৰত থকা, প্ৰায়শ্চিওমূলক বা অভিযোগ মোচন কৰা , দল বা সমষ্টি আৰু পুৰোহিত ধ্যানত বহা আদি কৰ্ম-কাণ্ডৰ ঘোৰ বিৰোধিতা কৰিছিল । প্ৰকৃততে জুইংলিয়ে ১৫২৩ চনৰ জানুৱাৰী মাহত জুৰিকৰ এটা ৰাজহুৱা বিতৰ্কত অংশগ্ৰহণ কৰিবৰ বাবে এই যুক্তিসমূহ প্ৰকাশ কৰিছিল । তেওঁ আশা কৰিছিল যে এনেধৰণৰ বিতৰ্কই চহৰ মানুহৰ মানসিক বৌদ্ধিক উচৰ্গা আনিব আৰু ভগৱানৰ প্ৰতি প্ৰেম ভাব জন্মাৰ । সেই বছৰটোতে জুইংলি যদিও এজন খ্ৰীষ্টান পুৰোহিত আছিল আৰু প্ৰটেষ্টান্ট আন্দোলনৰ জন্মদাতা মাৰ্টিন লুথাৰতকৈ এবছৰৰ আগতে জন কেলভিনৰ দৰে আন্না ৰেইনহাৰ্দ নামৰ এগৰাকী বিধৱা মহিলাক বিবাহ কৰি উচ্চ আদৰ্শৰ নিদৰ্শন দাঙি ধৰিছিল । 

জনসাধাৰণৰ লগতকেনেকৈ সম্পৰ্ক ৰক্ষা কৰা হব সেই বিষয়টোক লৈ জুইংলিৰ লগত মাৰ্টিন লুথাৰৰো তীব্ৰ মতানৈক্য হয় । উল্লেখযোগ্য সংস্কাৰ আন্দোলনৰ আগশাৰীৰ নেতা দুগৰাকী প্ৰায় সমসাময়িক আছিল । দুইগৰাকী নেতাই যীশুৰ মৃত্যুৰ লগত জড়িত ব্ৰেড আৰু সুৰা পৱিত্ৰ কৰি আৰু পান কৰি প্ৰভূ যীশুৰ মৃত্যুদিন পালন কৰা প্ৰতিষ্ঠানটোৰ বিৰোধী আছিল । তদুপৰি উভয়ে আন আন বহুতো খ্ৰীষ্টান ৰীতি-নীতিৰ বিৰোধিতা কৰিছিল । তাৰ পিছতো তেওঁলোকৰ মাজত থকা বহুতো বিভিন্ন ক্ষেত্ৰত মতৰ ভিন্নতাৰ মীমাংসাৰ বাবে হেছেৰ প্ৰিন্স ফিলিপে ১৫২৯ চনত মাৰবাৰ্গত দুয়োৰে মাজত এক আলোচনা অনুষ্ঠিত কৰিছিল । মাৰ্টিন লুথাৰে ১৫ টা অনুচ্ছেদ বা বিষয় সম্বন্ধে এক লিখিত বুজা-বুজিত আহে । কিন্তু খ্ৰীষ্টধৰ্মৰ ব্ৰেড আৰু সুৰাৰ ৰীতি পৰম্পৰাত প্ৰভূ যীশুৰ বাস্তৱিক উপস্থিতি সম্পৰ্কে উভয়েৰে মাজত মতানৈক্য থাকি যায় । ঠিক সেইদৰে প্ৰটেষ্টান্ট ধৰ্মৰ আন এগৰাকী পণ্ডিত প্ৰখ্যাত সংস্কাৰবাদী জন কেলভিনে উলৰিচ জুইংলিক কেতিয়াও লগ পোৱা নাছিল । বা তেওঁৰ লিখনি পঢ়া নাছিল । তেওঁ জুইংলিৰ আদৰ্শৰ দ্বাৰাও অনুপ্ৰাণিত হোৱা নাছিল । তাৰ পিছতো জুইংলিৰ বহুতো যুক্তি বা চিন্তা কেলভিনৰ লিখনি আৰু দৰ্শনত দেখা পোৱা গৈছিল । জুৰিক চগৰখন প্ৰটেষ্টান্ট আন্দোলনৰ প্ৰধান ঘাটি আছিল, কিন্তু ইয়াৰ চাৰিওফালে থকা চহৰবোৰ কেথলিক গিৰ্জাৰ প্ৰভাৱাধীন আছিল । তেওঁলোকে জুৰিক চহৰখন ধৰ্মীয় আৰু ৰাজনৈতিকভাৱে শক্তিশালী হলে তেওঁলোকক হ্ৰাস কৰিব বুলি আশংকা কৰিছিল । সেইকাৰণে এই অঞ্চলসমূহে ১৫২৯ চনত জুৰিক চহৰৰ বিৰুদ্ধে এটা  খ্ৰীষ্টিয়ান সংঘ গঠন কৰে আৰু অষ্ট্ৰিয়ান কেথলিক ৰাজতন্ত্ৰৰ লগ হৈ ১৫২৯ আৰু ১৬৩১ চনত জুৰিক চহৰখন আক্ৰমণ কৰে । ১৫৩১ চনৰ কেপ্পেলৰ যুদ্ধত জুইংলিৰ মৃত্যু হয় । 

৪।  ইংলেণ্ডৰ ৰজা অষ্টম হেনৰীৰ  লগত  ৰোমান কেথলিক  গিৰ্জাৰ সম্পৰ্ক  বিশেষভাৱে  উল্লেখ কৰি   তেঁওৰ   ধৰ্মীয়  নীতি আলোচনা  কৰা  ।

উত্তৰঃ  টিউডৰ ৰাজবংশৰ প্ৰথমজন ৰজা আছিল সপ্তম হেনৰী । সেই সময়ত ইংলেণ্ড এখন ৰোমান কেথলিক  দেশ আছিল ঈৰু ইয়াৰ গিৰ্জাৰ মুৰব্বী আছিল ৰোমৰ পোপ দশম লিও । চাৰিওফালে সাগৰে আগুৰা ইংলেণ্ডৰ নগৰীকৰণ সমসাময়িক জাৰ্মানী বা হলেণ্ডতকৈ পিছপৰা আছিল যদিও ৰাজধানী লণ্ডন মহানগৰী আন্তজাৰ্তিক বাণিজ্যৰ প্ৰধান কেন্দ্ৰ হৈ পৰিছিল আৰু ইয়াত প্ৰতিষ্ঠা হোৱা অস্ৰফোৰ্ড আৰু কেমব্ৰীজ বিশ্ববিদ্যালয়ৰ সুনাম চাৰিওফালে প্ৰসাৰিত হৈছিল । চিউডৰ ৰজাৰ বিষয়ে হেনৰীৰ শাসনকালত ইংলেণ্ডৰ বহুখিনি শ্ৰী বৃদ্ধি হয় । ৰজা সপ্তম হেনৰীৰ দৰে তেওঁৰ পুত্ৰ ৰজা অষ্টম হেনৰী ৰাজত্বৰ আৰম্ভণীতে এজন নৈষ্ঠিক ৰোমান কেথলিক আছিল । তেওঁ মাৰ্টিন লুথাৰে ৰোমান গিৰ্জাৰ বিৰুদ্ধে অনা সকলো অভিযোগ খণ্ডন কৰি ইয়াৰ প্ৰত্যুত্তৰত  সুন্দৰ ব্যাখ্যা আগবঢ়াইছিল । ৰজা অষ্টম হেনৰীৰ এই কাৰ্যত পোপ দশম লিও অতি সন্তুষ্ট হৈ তেওঁক ধৰ্মৰক্ষক উপাধি প্ৰদান কৰিছিল । কিন্তু পোপৰ লগত অষ্টম হেনৰীৰ এই সম্পৰ্কটো বেছিদিন নাথাকিল । ইয়াৰ ফলতে ইংলেণ্ডত ধৰ্মসংস্কাৰ আন্দোলনৰ সূচনা হৈছিল ।

ৰজা অষ্টম হেনৰীয়ে স্পেইনৰ ৰজা দ্বিতীয় ফাৰ্ডিনাণ্ড আৰু ৰাণী ইছাবেলাৰ কন্যা কেথৰিনক বিয়া কৰাইছিল । কিন্তু ৰাণীয়ে ইংলেণ্ডৰ সিংহাসনৰ কাৰণে পুত্ৰ উত্তৰাধিকাৰীৰ জন্ম দিব পৰা নাছিল । সেইকাৰণে ৰজা অষ্টম হেনৰীয়ে ৰাণীক বিচ্ছেদ দি আন এগৰাকী বিবাহ কৰাব বিচাৰিছিল । কিন্তু হেনৰী সেই সময়ত এজন নিষ্ঠাবান কেথলিক আছিল, গতিকে প্ৰচলিত হৈ থকা ৰীতি-নীতিৰ মতে তেওঁলোকৰ বিবাহৰ পৰিসমাপ্তিৰ কাৰণে ৰোমৰ পোপ সপ্তম ক্লিমেন্টৰ অনুমোদন বিচাৰিছিল । কিন্তু এফালে কেথৰিনৰ মাতৃ ইছাবেলাই এই বিবাহত সন্মতি নিদিয়াৰ কাৰণে আৰু আনফালে তেওঁৰ পৱিত্ৰ ৰোমান সাম্ৰাজ্যৰ সম্ৰাট পঞ্চম হেনৰীীৰ খুৰীয়েক হোৱাৰ বাবে যাৰ ওচৰত পোপ সপ্তম ক্লিমেন্টৰ ভাগ্য বহু পৰিমাণে নিৰ্ভৰ কৰিছিল । পোপে বিচ্ছেদ সন্মতি দিয়াৰ পৰিৱৰ্তে দিন পিছুৱাবলৈ ধৰিছিল । ইয়াতে অতিষ্ঠ হৈ ৰজা অষ্টম হেনৰীয়ে কেথৰিনক তেওঁৰ পৰিষদৰ পৰা খেদি পঠায় । তেওঁ ১৫৩২ চনত এনি বলেন নামৰ এগৰাকী যুৱতীক গোপনে বিয়া কৰাইছিল । পিছৰ বছৰ তেওঁ আনুষ্ঠানিকভাৱে এনি বলেনক বিয়া কৰায় । ইংলেণ্ডৰ সংসদ আৰু যাজকৰ সমৰ্থত সম্ৰাট অষ্টম হেনৰীয়ে এইদৰে বিবাহ সম্পন্ন কৰি ১৫৩৪ চনত উত্তৰাধিকাৰী আইন আৰু শ্ৰেষ্ঠতৰ আইন নামৰ দুখন আইন প্ৰণয়ন কৰিছিল । প্ৰথম আইনখনে ৰজা অষ্টম হেনৰী আৰু এনি বলেনৰ সন্তানক ইংলেণ্ডৰ প্ৰকৃত উত্তৰাধিকাৰী বুলি ঘোষণা কৰে আৰু দ্বিতীয়খন আইনৰ যোগেদি ৰজা অষ্টম হেনৰীক ইংলেণ্ডৰ গিৰ্জাৰ মুৰব্বী বুলি মানি লোৱা হল । এইদৰে ইংলেণ্ডৰ গিৰ্জা বা এংলিকান গিৰ্জাত ৰাষ্ট্ৰ আৰু গিৰ্জাৰ স্বাৰ্থ সংলগ্ন কৰি দেশখনত এক ৰাষ্ট্ৰীয় গিৰ্জা প্ৰতিষ্ঠা কৰা হৈছিল । এই গিৰ্জাত ৰোমান কেথলিক গিৰ্জাৰ বহু নিয়ম মানি চলাৰ উপৰিও প্ৰটেষ্টান্ট ধৰ্ম সংস্কাৰ আন্দোলনৰ প্ৰধান আদৰ্শসমূহ ইয়াত সন্নিৱিষ্ট কৰা হৈছিল । ৰজা অষ্টম হেনৰী আৰু ৰোমান কেথলিক গিৰ্জাৰ মাজত হোৱা কাজিয়াৰ ফলত ৰজা ইমানে অসন্তুষ্ট হৈছিল যে তেওঁ ইংলেণ্ডত থকা সকলো ৰোমান কেথলিক গিৰ্জাৰ সা-সম্পত্তিসমবহ বাজেয়াপ্ত কৰে । তেওঁ প্ৰায় ৮০০ ৰোমান খ্ৰীষ্টান সন্ন্যাসীৰ মঠ-মন্দিৰ ধ্বংস কৰি তাৰ ঠাইত এংলিকান গিৰ্জা নিৰ্মাণ কৰিছিল । 

অষ্টম হেনৰীক ৰোমান কেথলিক ধৰ্ম আৰু গিৰ্জাৰ বিৰোধিতা কৰাৰ কাৰণে পোপ ক্লিমেন্টে ১৫৩৩ চনতে খ্ৰীষ্টান ধৰ্মৰ পৰা বহিস্কাৰ কৰিব বুলি ভাবুকি দিছিল বা ভয় দিছিল যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হোৱাত ১৫৩৮ চনৰ ১৭ ডিচেম্বৰত নতুন পোপ তৃতীয় পলে ৰজাক খ্ৰীষ্টান সম্প্ৰদায়ৰ পৰা বহিস্কাৰ কৰে । যিহেতু ৰজা আৰু ৰাণী এনি বলেনৰ বিবাহখন ধৰ্মৰ সন্মতি নাছিল, তেওঁলোকৰ সন্তান-সন্ততিয়ো ইংলেণ্ডৰ সিংহাসনৰ বাবে অবৈধ বুলি গণ্য কৰিছিল । ৰজা অষ্টম হেনৰীৰ মৃত্যু হোৱাত তেওঁৰ আন এগৰাকী পত্নী জানে চেমৌৰ সন্তান ষষ্ঠ এডৱাৰ্ড ইংলেণ্ডৰ ৰজা হয় । শিশু অৱস্থাৰ পৰাই এজন প্ৰটেষ্টান্ট হৈ ডাঙৰ হোৱা তেওঁ ইংলেণ্ডৰ প্ৰথমগৰাকী ৰজা । এডৱাৰ্ডৰ পৰম আস্থাভাজন  কেন্টবাৰীৰ আৰ্কবিছপ টমাচ ক্ৰেনমাৰ । টমাচ ক্ৰেনমাৰ সহযোগত তেওঁ ইংলেণ্ডৰ এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল । তেওঁ ছুইজাৰলেণ্ড আৰু জাৰ্মানীৰ সংশোধিত গিৰ্জাৰ আৰ্হিত ইংলেণ্ডত গিৰ্জাৰ  নীতি-নিয়মসমূহ নিৰ্ধাৰণ কৰিছিল । ঠিক সেইদৰে যদিও ইংলেণ্ডৰ গিৰ্জাই ৰোমৰ পোপৰ লগত সকলো সম্পৰ্ক ছেদ কৰিছিল , তথাপিও ৰোমান কেথলিক ধৰ্মৰ ভালেমান ৰীতি-নীতি মানি  লৈছিল । অবশ্যে যাজক অবিবাহিত হৈ থকা, মৃতকৰ জনসমাবেশ পতা,আদি নীতি-নিয়মৰ অৱসান ঘটোৱা হৈছিল । তাৰোপৰি পূজা-বিধি আৰু গিৰ্জাৰ সেৱা কাৰ্যত ইংৰাজী ভাষা বাধ্যতামূলক কৰা হৈছিল । ষষ্ঠ এডৱাৰ্ডৰ মাত্ৰ পাচ বছৰ শাসন কৰাৰ পিছত মৃত্যু হোৱাৰ ফলত তেওঁৰ সতীয়া ভনীয়েক তথা ৰজা অষ্টম হেনৰী আৰু তেওঁৰ প্ৰথম পত্নী কেথৰিনৰ কন্যা সন্তান পেৰথম মেৰীয়ে ১৫৫৩ চনৰ জুলাই মাহত ইংলেণ্ডৰ ৰাণী হিচাপে সিংহাসন আৰোহণ কৰে । জন্মকালৰে পৰা পিতৃ-মাতৃৰ বিচ্ছেদৰ ঘটনাই তেওঁৰ জীৱনত বিশেষভাৱে প্ৰভাৱ পেলাইছিল । জন্মৰ তিনিদিনৰ পাছতে তেওঁক কেথলিক ৰাতি-নীতি অনুসৰি বেপ্তিষ্টকৰণ কৰা হৈছিল । মেৰীয়ে সিংহাসনত উঠিয়ে ঘোষণা কৰিছিল যে তেওঁ কোনো প্ৰজাকে তেওঁৰ ধৰ্মবিশ্বাস বা কেথলিক ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য নকৰায় । কিন্তু ১৫৫৩ চনৰ ছেপ্তেম্বৰ মাহৰ শেষৰফালে ইংলেণ্ডৰ কেইবাজনো বিখ্যাত প্ৰটেষ্টান্ট গিৰ্জাৰ লগত জড়িত ব্যক্তি যেনেঃ জন ব্ৰেডফৰ্ড, জন ৰ'গৰছ, টমাচ ক্ৰেনমাৰ আদিক কাৰাৰুদ্ধ কৰে । সেই চনৰ অক্টোৱৰ মাহত অনুষ্ঠিত ইংলেণ্ডৰ সংসদৰ প্ৰথম অধিৱেশনত তেওঁ দেউতাক ৰজা অষ্টম হেনৰী আৰু মাতৃ কেথৰিন অৱ অৰাজনৰ বিবাহখন বৈধ বুলি ষো।ণা কৰে আৰু তেওঁৰ সতীয়া ভাতৃ ৰজা ষষ্ঠ এডৱাৰ্ড ে প্ৰণয়ন কৰা ধৰ্মীয় আইনসমূহ বাতিল কৰে । তেওঁ এংলিকান গিৰ্জাত প্ৰচলিত হৈ থকা বহু প্ৰটেষ্টান্ট নিয়ম বাতিল কৰি চিৰকুমাৰ যাজকৰ নীতি-নিয়মসমূহ পুনৰ প্ৰচলন কৰে । বহুতো প্ৰটেষ্টান্ট  পুৰোহিতক ভোগ কৰি অহা বহু সা-সুবিধাৰ পৰা বঞ্চিত কৰা হল । প্ৰথম মেৰীয়ে তেওঁৰ দেউতাক ৰজা অষ্টম হেনৰীয়ে ৰোমৰ গিৰ্জাৰ লগত সম্পৰ্ক ছেদ কৰা আৰু ইংলেণ্ডত প্ৰটেষ্টান্ট ধৰ্ম প্ৰৱৰ্তন কৰা কাৰ্য কেতিয়াও মানি লোৱা নাছিল । তদুপৰি ৰাণী প্ৰথম মেৰীৰ স্বামী স্পেইনৰ যুৱৰাদ ফিলিপে ইংলেণ্ডৰ সংসদক  সৈমান বা মান্তি কৰাব নোৱাৰি ৰজা অষ্টম হেনৰীৰ দিনত প্ৰচলন কৰা ধৰ্মীয় আইনসমূহ প্ৰত্যাহাৰ কৰে । তাৰ ফলত ইংলেণ্ড পুনৰ ৰোমান কেথলিক গিৰ্জাৰ অধীন হয় । ১৫৫৪ চনত নৱেম্বৰ মাহত তেওঁৰ পূৰ্বৰ শাসক দেউতাক আৰু সতীয়া ভায়েক দুজন ক্ৰমে অষ্টম হেনৰী আৰু ষষ্ঠ এডৱাৰ্ডে প্ৰত্যাহাৰ কৰা হেৰেছ আইনখন পুনৰ প্ৰচলন কৰিছিল । এই আইনখনৰ জৰিয়তে বা এই আইনখনৰ দ্বাৰা তেওঁ ইংলেণ্ডৰ প্ৰটেষ্টান্টসকলৰ ওপৰত বহুতো অত্যাচাৰ কৰিবলৈ লয় । তাৰ ফলত প্ৰায় ৮০০ ধনী প্ৰটেষ্টান্ট লোকে প্ৰাণৰ ভয়ত ইংলেণ্ডৰ পৰা পলায়ন কৰে । বহু লোকক প্ৰাণদণ্ড দিয়া হয় । ইয়াৰে কিছুমান লোকক জীয়াই জীয়াই জ্বলাই দিয়া হৈছিল । ১৫৫৪ চনৰ নৱেম্বৰ মাহত পোপৰ প্ৰতিনিধি হিচাপে ৰেগিনাল্ড পল নামৰ এজন ইংৰাজ কাৰ্ডিনেলক কেন্টেবাৰিৰ কেথলিক আৰ্কবিছপ হিচাপে নিযুক্তি দিয়ে । ইংলেণ্ডৰ শেষৰগৰাকী কেথলিক আৰ্কবিছপ হিচাপে তেওঁ ১৫৫৮ চনলৈ দায়িত্বত আছিল । ইয়াৰ পূৰ্বে ৰজা ষষ্ঠ এডৱাৰ্ডৰ পৰম আস্থাভাজন প্ৰটেষ্টান্ট কেন্টবাৰিৰ আৰ্কবিছপ ক্ৰেনমাৰক ৰাণীৰ নিৰ্দেশত ১৫৫৬ চনৰ মাৰ্চ মাহত মৃত্যুদণ্ড দিয়া হৈছিল । 

৫।  ৰাণী এলিজাবেথৰ  ধৰ্মীয় নীতি আলোচনা কৰা  ।  তেঁও এই নীতিত সফল হৈছিলনে  ?

উত্তৰঃ  ১৫৫৮ চনৰ ১৭ নৱেম্বৰত ৰজা অষ্টম হেনৰী আৰু তেওঁৰ দ্বিতীয় পত্নী এনি বলেনৰ জীয়ৰী প্ৰথম এলিজাবেথ ইংলেণ্ডৰ সিংহাসনত আৰোহন কৰিছিল বা ৰাজপাটত বহিছিল । যদিও প্ৰটেষ্টান্ট আৰু কেথলিক উভয় বিচাৰধাৰাৰ মতে সিংহাসনৰ দাবীদাৰ হব নোৱাৰে, তেওঁ সংসদৰ জৰিয়তে গিৰ্জাৰ লগত এটা বুজাবুজিত আহি  এই সমস্যাটো সমাধান কৰিছিল । সম্পূৰ্ণ প্ৰটেষ্টান্ট পৰিৱ্শৰ মাজেৰে ডাঙৰ-দীঘল হোৱা এলিজাবেথে ভালদৰে বুজি পাইছিল যে ধৰ্মক লৈ ইংলেণ্ডে বহুতো সমস্যা ভূগিব লগা হৈছে । সেইকাৰণে তেওঁ কেথলিক আৰু প্ৰটেষ্টান্ট উভয় মতেৰে এটা মধ্যম পন্থা লৈ আগুৱাই যাবলৈ সিদ্ধান্ত হৈছিল । যদিওঁ এলিজাবেথে শাসনভাৰ লোৱাৰে পৰা পূৰ্বৰ ৰাণী তথা তেওঁৰ সতীয়া ভনীয়েক প্ৰথম মেৰীয়ে লোৱা বিভিন্ন ধৰ্ম ব্যৱস্থাৰ উভতনি যাত্ৰা আৰম্ভ হৈছিল, তথাপিও এলিজাবেথ আৰু তেওঁৰ পৰিষদে বুজি পাইছিল যে দেশৰ প্ৰজাৰ বহু অংশই পুৰণি ৰীতি-নীতি আৰু নিয়মসমূহ মানি চলিছিল । সেইকাৰণে এলিজাবেথে এই অশান্ত ব্যৱস্থাৰ অন্ত পেলাই ইংলেণ্ডত ধৰ্ম আৰু ৰাজনৈতিক ব্যৱস্থাক লৈ এক ধৰ্মীয় মীমাংসাৰ চেষ্টা কৰিছিল । এই মীমাংসাটোৰ জৰিয়তে খ্ৰীষ্টিয়ানৰ ধৰ্মতত্ত্ব আৰু ইংলেণ্ডৰ গিৰ্জাৰ উপাসনাৰ এটা সুত্ৰ উলিওৱা হৈছিল আৰু এংলিকানজিম বা এংলিকানবাদ ইংলেণ্ডৰ খ্ৰীষ্টান পৰম্পৰাৰ স্পষ্ট ধাৰাৰূপে বিকাশ লাভ কৰিব ধৰে । ১৫৫৯ চনৰ বিপ্লৱ বুলি আখ্যা দিয়া এলিজাবেথৰ মীমাংসাৰে দেশত ধৰ্মীয় সহিষ্ণুতাৰ ভাৱ সৃষ্টি কৰিব বিচৰা হৈছিল । ইংলেণ্ডৰ সংসদে ১৫৫৮ চনত প্ৰণয়ন কৰা এক্ট অৱ চুপ্ৰিমেচি বা আধিপত্যৰ আইনে ইংলেণ্ডৰ গিৰ্জাক ৰোমৰ অধীনতাৰ পৰা ছিন্ন কৰি স্বাধীন বুলি ঘোষণা কৰে আৰু সংসদে ৰাণী এলিজাবেথক ইংলেণ্ড গিৰ্জাৰ সৰ্বোচ্চ শাসক বুলি ঘোষণা কৰে । কিন্তু ইংলেম্ডৰ কেথলিকসকলক সন্তুষ্ট কৰিববৰ বাবে ইচ্ছা কৰিয়ে ৰাণীক ইংলেণ্ডৰ গিৰ্জাৰ মুৰব্বী বুলি কোৱা নাছিল । ১৫৫৯ চনত প্ৰণয়ন কৰা আন এখন আইন এক্ট অৱ ইউনিফৰ্মিটি সমানতাৰ আইনে ৰজা এডৱাৰ্ডৰ দিনত প্ৰচলিত থকা উমৈহতীয়া প্ৰাৰ্থনা পুথিখন -- যত গিৰ্জাৰ প্ৰচলিত বিধিবদ্ধ উপাসনাসমূহ লিখিত আছিল সেইখনকে পুনৰ প্ৰচলন কৰে । কিন্তু একে সময়তে কেথলিকসকল অসন্তুষ্ট নহবৰ বাবে লেটিন ভাষাতো পুথিখন ছপাৰ ব্যৱস্থা কৰা হয় । নতুন পুথিখনত খ্ৰীষ্টান পাওৰুটি আৰু সুৰা পৰম্পৰা অনুসিথানত যীশু সোঁশৰীৰে উপস্থিত থকা বুলি মানি লোৱা হয় । তাৰোপৰি বিভিন্ন কেথলিক সেৱা যেনে-- বিছপ, বিশেষ কামৰ বাবে নিয়োগ কৰা পূজাৰী , গিৰ্জাক সুন্দৰকৈ সজাই-পৰাই তোলা, সংগীত, আৰু নানাৰঙৰ ফিতা লগোৱা আৰু কাৰ্যবিধিসমূহ মানি লোৱা হয় । ১৫৭১ চনত বুক অৱ কমন প্লেয়াৰ বা উমৈহতীয়া প্ৰাৰ্থনা পুথিখনত উনচল্লিশটা অনুচ্ছেদ নতুনকৈ সংযোজন কৰা হৈছিল । এইদৰে ৰাণী এলিজাবেথৰ শাসনকালত ৰোমান কেথলিক আৰু প্ৰটেষ্টান্ট ধৰ্মৰ মধ্যম পন্থা অৱলম্বন কৰা হৈছিল যদিও কেলভিনিছিম বা কেলভিনৰ আদৰ্শ ইংলেণ্ডৰ গিৰ্জাত বহুতো শক্তিশালী ধৰ্মতত্ত্ব হৈ পৰিছিল । সেইদৰে ১৫৭১ চনৰ উনচল্লিশটা অনুচ্ছেদৰ সংযোজনে কেথলিক আৰু প্ৰটেষ্টান্ট ৰজাৰ মাজত সংঘাত বন্ধ কৰা নাছিল যদিও এই কিতাপখনে ইংৰাজী ভাষাৰ মান যথেষ্ট উচ্চ কৰে আৰু ইংলেণ্ডৰ পৰৱৰ্তী ধৰ্মীয় জীৱনত বহুতো প্ৰভাৱ পেলাইছিল । ইয়াৰ পিছত যিকলে পিউৰিটান আৰু কেথলিক ইংলেণ্ডৰ গিৰ্জালৈ যাবলৈ মানা কৰিছিল । তেওঁলোকক জৰিমনা, সম্পত্তি বাজেয়াপ্ত কৰা, কাৰাৰুদ্ধ কৰা আদি শাস্তি প্ৰদান কৰা হয় । এই লোকসকলক ৰেকুছান্ট বোলা হৈছিল । 

আৰম্ভণিতে ইংলেণ্ডৰ খ্ৰীষ্টানসকলে ৰাণীৰ মধ্যপন্থা মানি লৈছিল ১৫৬০ চনৰ শেষৰফালে তেওঁলোক অশান্ত হৈ উঠে আৰু দেশৰ শান্তি আৰু সংহতিৰ প্ৰতি ভাবুকি হৈ পৰিছিল । এনেদৰে কিছুদিন অতিক্ৰম কৰাৰ পিছত এটা আকস্মিক ঘটনাই ৰাণী এলিজাবেথক সচাকৈ বিব্ৰত কৰি তুলিছিল । স্কটলেণ্ডৰ ৰাণী মেৰী এলিজাবেথৰ ভতিজা আছিল । তেোঁক জন্মৰ ছয়দিনৰ পাছতে ১৫৪২ চনত স্কটেণ্ডৰ ৰাণী বুলি ঘোষণা কৰা হৈছিল । তেওঁৰ দুগৰাকী স্বামীৰ মৃত্যু হৈছিল আৰু দ্বিতীয়গৰাকী স্বামীৰ হত্যাত তেওঁ জড়িত হৈ পৰাত নিজৰ সিংহাসন ত্যাগ কৰিব বাধ্য হয় আৰু তেওঁক বন্দী কৰি থয় । বন্দী অৱস্থাৰ পৰা তেওঁ কিবা কৰি ইংলেণ্ডলৈ পলাই গৈছিল । কেথলিক মেৰীক লৈ এলিজাবেথ ডাঙৰ সমস্যাত পৰিল । প্ৰথমে মেৰীক কঠোৰ নিৰাপত্তাৰ মাজত আৱদ্ধ কৰি ৰাখিছিল যদিও দিনক-দিনে মেৰীক লৈ এলিজাবেথৰ সমস্যা বৃদ্ধি পালে । কিয়নো কেথলিক মেৰীক ইংলেণ্ডৰ ৰাণী পাতিবৰ বাবে ইংলেণ্ডৰ একাংশ কেথলিক বিভিন্ন ষড়যন্ত্ৰত লিপ্ত হল ।  বিদেশৰ কেথলিক দেশসমূহেও এই ষড়যন্ত্ৰত জড়িত হৈ পৰিল । তাৰ ফলত ৰোমৰ পোপ পঞ্চম পিয়াছে ১৫৭০ চনত ৰোমান কেথলিক গিৰ্জাবিৰোধী কাম কৰা আৰু ইংলেণ্ডৰ কেথলিকসকলক অত্যাচাৰ কৰা বুলি অভিযোগ আনি ৰাণী এলিজাবেথক খ্ৰীষ্টান ধৰ্মৰ পৰা বহিস্কাৰ কৰে । তেতিয়া পোপৰ  এই নিৰ্দেশৰ বিৰুদ্ধে ১৫৭১ চনত আইন প্ৰণয়ন কৰি ৰাণীৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰক কঠোৰভাৱে দমন কৰাৰ সিদ্ধান্ত লোৱা হয় । ১৫৮০ চনৰ পিছত এই সংঘাত অধিক তীব্ৰতৰ হৈ উঠে । ১৫৯০ চনত বহুতো খ্ৰীষ্টান মিছনেৰী নেদাৰলেণ্ডৰ পৰা আহে আৰু স্থানীয় কেথলিকসকলৰ ৰাণীৰ বিৰুদ্ধে বিভিন্ন ষড়যন্ত্ৰ ৰচিবলৈ ধৰে । নেদাৰলেণ্ডৰ উপৰিও এই ষড়যন্ত্ৰকাৰীসকলে ফ্ৰান্স আৰু স্পেইনৰ লগতো যোগাযোগ ৰক্ষা কৰিছিল । সেইদৰে ভগনীয়া ৰাণী মেৰীক ইংলেণ্ডৰ ৰাণী বনাব ষড়যন্ত্ৰকাৰীসকলে বহুতো চেষ্টা কৰি আছিল । তেনেকুৱা এটা স্পেনীয় ষড়যন্ত্ৰত ইংলেণ্ডৰ ৰামী এলিজাবেথক হত্যাৰ ষড়যন্ত্ৰত ৰাণী মেৰী জড়িত থকা বুলি দোষী সাব্যস্ত হোৱাত ১৯ বছৰীয়া বন্দিত্বৰ অৱসান ঘটাই ৮ ফেব্ৰুৱাৰী ১৮৫৭ চনত ভগনীয়া ৰাণীক মৃত্যুদম্ড বিহা হয় । 


Type: Apurba Kakati

Answer Typeঃ Ali rani kakati( Ba in History Major)