Chapter 2 

 আজি আকৌ মেজাকৰীৰ এঙাচোলা পিন্ধি

প্রশ্নাৱলী :  

চমু প্রশ্নঃ  

১। অজিৎ বৰুৱাৰ জন্ম স্থান কি?

উত্তৰ  অজিৎ বৰুৱাৰ জন্ম স্থান গুৱাহাটী।

২। অসমীয়া সাহিত্যত জেংৰাই কবি কোন? 

উত্তৰঃ অসমীয়া সাহিত্যত জেংৰাই কবি হল অজিৎ বৰুৱা।

৩। কোনখন কাব্যগ্রন্থৰ বাবে অজিৎ বৰুৱাই সাহিত্য অকাডেমী বঁটা পাইছিল ? 

উত্তৰঃ বহ্মপুত্ৰ ৰ বাবে অজিৎ বৰুৱাই সাহিত্য অকাডেমী বঁটা পাইছিল।

৪। অজিৎ বৰুৱাৰ আদৰ্শ পাশ্চাত্য কবিগৰাকী কোন?

উত্তৰঃ অজিৎ বৰুৱাৰ আদৰ্শ পাশ্চাত্য কবিগৰাকী হল - টী. এচ. ইলিয়ট।

৫। কবি অজিৎ বৰুৱা কি বিষয়ত স্নাতকোত্তৰ আছিল ? 

উত্তৰঃ কবি অজিৎ বৰুৱা ইংৰাজী বিষয়ত স্নাতকোত্তৰ আছিল।

ৰচনাধৰ্মী প্রশ্নঃ 

১। অসমীয়া কাব্যজগতলৈ অজিৎ বৰুৱাৰ অৱদান সম্পর্কে বিতংকৈ লিখা। 

উত্তৰঃ অসমীয়া কাব্যজগতলৈ অজিৎ বৰুৱাই বঢ়োৱা অৱদান অতুলনীয়। কবি, সমালোচক অজিত বৰুৱাদেৱে অসামান্য প্ৰতিভাৰে অসমীয়া সাহিত্যক চহকী কৰি থৈ গৈছে। তেওঁৰ উল্লেখযোগ্য সৃষ্টিসমূহ হল- 

কবিতাঃ 

    ১) কিছুমান পদ্য আৰু গান (১৯৮২)

    ২) ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য (১৯৮৯)

    (৩) গছ প্ৰেমৰ পদ্য (২০০০)

    (৪) আৰু কিছুমান পদ্য আৰু গান (২০০১)

অনুবাদঃ

    ১) প্লেগ (১৯৯২)

    ২) ছন মাটি (১৯৯৮)

    (৩) নিৰ্বাচিত ফৰাচী কবিতা (১৯৯৯)

    (৪) মপাছাৰ গল্প (১৯৯৯)

    (৫) নিৰ্বাচিত আধুনিকতাবাদী আমেৰিকান কবিতা (২০০৩)

সাহিত্য সমালোচনাঃ

    ১) সাহিত্যৰ বিষয়ে (১৯৯১)

    ২) বিভিন্ন প্ৰবন্ধ (১৯৯৯)

    ৩) পদ্যৰ পাছত কাব্য (১৯৯৪)    

জেংৰাই কবি ৰূপে খ্যাত অজিত বৰুৱা ইংৰাজী আৰু ফৰাচী সাহিত্যৰ পণ্ডিত আছিল। কবি বৰুৱাদেৱে ইলিয়টৰ দ্বাৰা ৰচিত প্ৰখ্যাত কাব্য ''The Waste Land'' খন 'ছনমাটি' নামেৰে অসমীয়ালৈ অনুবাদ কৰে। ১৯৮৮ চনত কিছুমান পদ্য আৰু গান শীৰ্ষক কবিতাপুথিৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ পুৰস্কাৰ লাভ কৰে। ১৯৯১ চনত ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্যৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে। ১৯৯৩ চনত সাহিত্যৰ বিষয়ে নামৰ প্ৰবন্ধ সংকলনৰ বাবে অসম সাহিত্য সভাৰ 'অম্বিকাগিৰী ৰায়চৌধৰী বঁটা' লাভ কৰে। ১৯৯৯ চনত জীৱনজোৰা সাহিত্যকৰ্মৰ বাবে অসম উপত্যাকা বঁটা লাভ কৰে।

২। আজি আকৌ মেজাংকৰী এঙাচোলা পিন্ধি কবিতাটোৰ মূল ভাব লিখা।

উত্তৰঃ কবিতাটিৰ শীৰ্ষক বৰ অৰ্থপূৰ্ণ আৰু সংকেতযুক্ত মেজাংকৰী হল মজলীয়া আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ। ইয়াক ভাৰত, ম্যানমাৰ, তিব্বত আদিত সহজতে পোৱা যায়। মেজাংকৰী মুগাৰ পলুৱে ভক্ষণ কৰে। সেই পলুৰ পৰাই আকৌ বস্ত্ৰ তৈয়াৰ কৰা হয়। আনহাতে এঙাচোলা হল আহোম স্বৰ্গদেউসকলে পৰিধান কৰা এবিধ চোলা। কবিয়ে মেজাংকৰীৰ এঙাচোলাৰ উল্লেখ কৰি প্ৰাচীন ইতিহাসক পুনৰ সজীৱ কৰি তোলাৰ প্ৰয়াস কৰিছে। আনহাতে আজি আকৌ শব্দ দুটিৰে সোণালী অতীতক স্মৰণ কৰা হৈছে। অৰ্থাৎ মেজাংকাৰীৰ এঙাচোলাৰ প্ৰচলত হৈ থকা নাই। সেয়া ইতিমধ্যো অতীত হৈছে। গতিকে আজি বা বৰ্তমান সময়ত তাক আকৌ পিন্ধিব খোজা হৈছে। এয়া কবিৰ অতীত আৰু বৰ্তমানৰ সংযোগ সাধনৰ চেষ্টা।

৩। প্রতীক আৰু চিত্ৰকল্পৰ দৃষ্টিৰে এই কবিতাটিৰ বিশ্লেষণ কৰা। 

উত্তৰঃ 

প্ৰসংগ পুথি :  

১। কুৰি শতিকাৰ অসমীয়া কবিতাঃ (সম্পা.) নীলমণি ফুকন, অসম প্রকাশন  পৰিষদ।

২। কথ্য বৰেণ্য ১০০ঃ (সম্পা.) শোনিত বিজয় দাস, মুনীন বায়ন : কথা  পাব্লিকেশ্যনচ ।

৩। এশ বছৰৰ অসমীয়া কবিতাঃ (সম্পা.) হোমেন বৰগোহাঞি, অসম প্রকাশন  পৰিষদ। 


Type : Krishna Bora  

Author : Leena Kakati 





Post ID : DABP005524