2.3 কৃষি (Agriculture)ঃ

    প্ৰথম অধ্য়ায়ত পঢ়িছা যে ঔপনিৱেশিক শআসন কালত ভাৰতবৰ্ষৰ কৃষি খণ্ডত বৃদ্ধি আৰু সমতা নাছিল। স্বাধীন ভাৰতৰ নীতি নিৰ্ধাৰকসৰলে এই সমস্য়াসমূহ সমাধান কৰিবলগীয়া হৈছিল। ভূমি সংস্কাৰ আৰু 'বিস্ময়কৰ বীজ'ৰ জৰিয়তে তেওঁলোকে ইয়াৰ বাবে চেষ্টা চলাইছিল আৰু ই ভাৰতীয় কৃষিত এক বিপ্লৱৰ সূচনা কৰিছিল। স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ ভূমিস্বত্ব ব্য়ৱস্থাত মধ্য়স্বত্ব ভোগী (জমিদাৰ, জায়গীৰদাৰ আদি বিভিন্নভাৱে জনাজাত) ৰ প্ৰদাুৰ্ভাৱ আছিল। এওঁলোকে কৃষি পামসমূহৰ উন্নতিত কোনো অৰিহণা যোগোৱা নাছিল; কেৱল মাত্ৰ প্ৰকৃত কৃষসকলৰ পৰা খজনা আদায় কৰিছিল। কৃষিখণ্ডৰ নিম্ন উৎপাদনশীলতাই ভাৰতবৰ্ষক আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা খাদ্য় সামগ্ৰী আমদানি কৰিবলৈ বাধ্য় কৰাইছিল। কৃষিৰ সমতাৰ বাবে ভূমি সংস্কাৰৰ প্ৰয়োজন হৈছিল। ই মূলতঃ মাটিৰ মালিকীস্বত্বৰ পৰিৱৰ্তনক বুজায়। স্বাধীনতা লাভৰ মাত্ৰ এবছৰ পিছতে মধ্য়স্বত্বভোগীৰ বিলোপ ঘটাই প্ৰকৃত কৃষকসকলক ভূমিৰ মালিক কৰিবলৈ ব্য়ৱস্থা হাতত লোৱা হৈছিল। ধাৰণা কৰা হৈছিল। যে যদিহে কৃষকসকলে পৰ্যাপ্ত পৰিমাণৰ মূলধন পোৱাৰ সুবিধা থাকে, তেনেহলে মাটিৰ মালিকীস্বত্বই তেওঁলোকক উন্নতিৰ হকে বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিব। (কক্ষ 2.5 দ্ৰষ্টব্য়) কৃষিখণ্ডত সমতা বৃদ্ধিৰ বাবে এক নীতি আছিল ভূমিৰ উচ্চ সীমা নিৰ্ধাৰণ। এজন ব্য়ক্তিয়ে সৰ্বোচ্চ কিমান পৰিমাণ ভূমি নিজৰ অধীনত ৰাখিব পাৰিব ই তাকে বুজায়। এই ব্য়ৱস্থাৰ উদ্দেশ্য় আছিল ভূমিৰ মাকিলীস্বত্ব অলপ সংখ্য়ক ব্য়ক্তিৰ হাতত কন্দ্ৰীভূত হৈ থকা ব্য়ৱস্থাৰ অৱসান ঘটোৱা।

    মধ্য়স্বত্বভোগীৰ অৱসান ঘটোৱাৰ ফলস্বৰূপে প্ৰায় 200 লাখ কৃষক চৰকাৰৰ প্ৰত্য়ক্ষ সংস্পৰ্শলৈ আহিল আৰু তেনেদৰে তেওঁলোক জমিদাৰৰ শোষণৰ পৰা মুক্ত হল। ভূমিৰ মালিকীস্বত্বই কৃষকসকলক উৎপাদন বৃদ্ধিৰ বাবে উৎসাহিত কৰিলে আৰু ঈ কৃষি উৎপাদন বৃদ্ধিত অৰিহণা যোগাইছে। মধ্য়স্বত্বভোগীৰ বিলোপ সম-বিতৰণৰ লক্ষ্য়ত সম্পূৰ্ণৰূপে উপনীত কৰিব নোৱাৰিলে। কিছুমান অঞ্চলত জমিদাৰসকলে আইনৰ সুৰুঙাৰে বৃহৎ পৰিমাণৰ মাটি আধিকাৰ কৰি আছে। এনে বহুতো ঘটনা আছে যত ৰায়তসকলক উচ্ছেদ কৰি ভূস্বামীসকলে নিজকে প্ৰকৃত কৃষক বুলি প্ৰতিপন্ন কৰি মাটিৰ মালিকীস্বত্ব দাবী কৰিছিল। কৃষি বনুৱাসকলৰ একেবাৰে দুখীয়া অংশটো (উদাহৰণস্বৰূপে আধিয়াৰ তথা ভূমিহীন শ্ৰমিকসকল) ভূমি সংস্কাৰ ব্য়ৱস্থাৰ দ্ধাৰা লাভৱান হোৱা নাছইল।

    চিলিং আইনো সমস্য়াৰ সন্মুখীন হবলগীয়া হৈছিল। বৃহৎ ভূস্বামীসকলে আইনখনৰ বিৰুদ্ধে আদালতত প্ৰত্য়াহ্বান জনোৱাৰ ফলত ইয়াৰ ৰূপায়ণ পলম হয়। তেওঁলোকে আইনৰ হাত সাৰিবলৈ, তেওঁলোকৰ ভূমি নিকটাত্মীয়ৰ নামত পঞ্জীয়ন কৰিবলৈ এনে বিলম্বৰ সৃষ্টি কৰালে। আইনখনৰ নিজৰো বহুত সুৰুঙা আছিল। বৃহৎ ভূস্বমীসকলে নিজৰ মাটিৰ অধিকাৰ ৰক্ষাৰ্থে ইয়াক ব্য়ৱহাৰ কৰিছল। কৃষকৰ বাবে ভূমি নীতিৰ প্ৰতি দায়বদ্ধ চৰকাৰ থকা হেতুকে  কেৰালা আৰু পশ্চিমবংগত ভূমি সংস্কাৰ ব্য়ৱস্থা ফলনতী হৈছিল। দুৰ্ভাগ্য়জনকভাৱে অইন ৰাজ্য়ত একে পৰ্যায়ৰ দায়বদ্ধতা নোহোৱা হেতুকে ভূমিৰ মালিকানাৰ ক্ষেত্ৰত আজিকোপতি বৃহৎ মাত্ৰা অসমতা চলি আছে।

    সেউজ বিপ্লৱ (The Green Revolution)ঃ ,স্বাধীনতাৰ সময়ত দেশখনৰ মুঠ জনসংখ্য়াৰ প্ৰায় 75 শতাংশ লোকেই কৃষি নিৰ্ভৰশীল আছিল। দেশখনৰ এক বৃহৎ সংখ্য়ক কৃষকৰ ক্ষেত্ৰত প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ আৰু পুৰণি প্ৰযুক্তিৰ ব্য়ৱহাৰৰ ফলত কৃষিখণ্ডত উৎপাদনৰ পৰিমাণ বৰ নিম্ন আছিল। ভাৰতবৰ্ষৰ কৃষি মূলতঃ বৰষুণৰ ওপৰত নিৰ্ভৰশীল। বৰষুণৰ পৰিমাণ কম হলে জলসিঞ্চন ব্য়ৱস্থাৰ সুবিধা নথকা কৃষকসকলে অসুবিধাৰ সন্মুখীন হবলগীয়া হয়। আকৌ অতি গণ্য় সংখ্য়ক কৃষকৰ বাবেহে জলসিঞ্চনৰ সুবিধা আছে। সেউজ বিপ্লৱে ঔপনিৱেশিক শাসন কালৰ কৃষিৰ স্থবিৰতাৰ স্থায়ী অৱসান ঘটিাইছিল। সেউজ বিপ্লৱে, বিশেষকৈ ধান আৰু ঘেহুৰ উচ্চ উৎপাদনক্ষম বীজ ব্য়ৱহাৰৰ ফলত কৃষি উৎপাদনৰ যথেষ্ট বৃদ্ধি ঘটোৱাক বুজায়। এনে বীজ ব্য়ৱহাৰৰ বাবে সঠিক পৰিমাণৰ সাৰ আৰু কীটনাশক দ্ৰব্য়ৰ লগতে নিয়মিত পানী যোগানৰ প্ৰয়োজন। সঠিক অনুপাতত ইহঁতৰ ব্য়ৱহাৰ অতি আৱশ্য়কীয়। যিসকল কৃষকে এই উচ্চ উৎপাদনক্ষম বীজ (HYV) ৰ পৰা লাভ কৰিব পাৰিছিল তেওঁলোকৰ বাবে নিৰ্ভৰযোগ্য় জলসিঞ্চন ব্য়ৱহাৰ লগতে সাৰ, ঔষধ ক্ৰয়ৰ বাবে বিত্তীয় সমলৰ প্ৰয়োজন হৈছিল। ফলস্বৰূপে সেউজ বিপ্লৱৰ প্ৰথম পৰ্যায়ত (প্ৰায় 1960 দশকৰ মাজভাগৰ পৰা 1970 দশকৰ মাজভাগলৈ) অধইক চহকী ৰাজ্য়-- পঞ্জাৱ, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু আদিত এই উচ্চ উৎপাদনক্ষম বীজৰ প্ৰচলন সীমাবদ্ধ আছিল। উচ্চ উৎপাদনকাৰী বীজৰ ব্য়ৱহাৰে মূলতঃ ঘেহু উৎপাদনকাৰী ৰাজ্য়সমূহকহে লাভান্বিত কৰিছিল। সেউজ বিপ্লৱৰ দ্ধিতীয় পৰ্যায়ত (1970 দশকৰ মাজভাগৰ পৰা 1980 দশকৰ মাজভাগলৈ) উচ্চ উৎপাদনক্ষম বীজৰ ব্য়ৱহাৰ অধিক ৰাজ্য়লৈ বিস্তাৰিত হৈছিল আৰু ই অধিক বিধৰ শস্য় উৎপাদন লাভজনক কৰিছিল। সেউজ বিপ্লৱৰ প্ৰসাৰণে ভাৰতবৰ্ষক খাদ্য়-শস্য়ৰ ক্ষেত্ৰত আন্তনিৰ্ভৰশীল হবলৈ সক্ষম কৰি তুলিছিল। আমি আমাৰ দেশখনৰ খাদ্য়ৰ প্ৰয়োজন পূৰণ কৰিবলৈ এতিয়া আৰু আমেৰিকা নাইবা অন্য় ৰাষ্ট্ৰপ দয়াৰ বশৱৰ্তী হব নালাগে।

    কৃষি উৎপাদন বৃদ্ধি এক গুৰুত্বপূৰ্ণ বিষয়; কিন্তু এইটোৱে যথেষ্ট নহয়। যদি এই উৎপাদনৰ এটা বৃহৎ অংশ কৃষকসকলে বজাৰত বিক্ৰী কৰাৰ পৰিৱৰ্তে নিজৰ ভোগ কাৰ্যত ব্য়ৱহাৰ কৰে, তেনেহলে উচ্চ উৎপাদনে সামগ্ৰীকভাৱে অৰ্থব্য়ৱস্থাৰ কোনো পৰিৱৰ্তন সাধন নকৰে। আনহাতে যদি অধিক পৰিমামৰ কৃষিজাত সামগ্ৰী কৃষকসকলে বজাৰত বিক্ৰী কৰে, তেনেহলে অধিক উৎপাদনে অৰ্থনীতিলৈ পৰিৱৰ্তন আনিব পাৰে। কৃষি উৎপাদনৰ যিটো অংশ কৃষকসকলে বজাৰত বিক্ৰী কৰে সেই অংশটোক বজাৰ বিক্ৰীত উদ্ধৃত্ত (Marketed Surplus) বুলি কোৱা হয়। প্ৰখ্য়াত অৰ্থনীতিবিদ চি. এইচ হনুমন্ত ৰাওৱে দেখুৱাই দিয়াৰ দৰে সৌভাগ্য়ক্ৰমে সেউজ বিপ্লৱৰ সময়ত উৎপাদিত হোৱা ঘেহুঁ আৰু ধানৰ এটা ডাঙৰ অংশ (বিক্ৰীত উদ্ধৃত্ত হিচাপে ৰোৱা) কৃষকসকলে বজাৰত বিক্ৰী কৰিছিল। ফলস্বৰূপে, অন্য়ান্য় ভোগ্য় সামগ্ৰীৰ তুলনাত খাদ্য় সামগ্ৰীৰ দাম হ্ৰাস পাইছিল। আয়ৰ অধিক অংশ খাদ্য়ত খৰচ কৰা নিম্ন আয়ৰ লোকসকলে েনে আপেক্ষিক দাম হ্ৰাসৰ ফলত লাভান্বিত হৈছিল। সেউজ বিপ্লৱে চৰকাৰক খাদ্য় সামগ্ৰীৰ নাটনিৰ সময়ত ব্য়ৱহাৰ কৰিব পৰাকৈ যথেষ্ট পৰিমাণৰ খাদ্য়-শস্য় সংগ্ৰহ কৰি ইয়াক মজুত কৰাৰ সমৰ্থ কৰিছিল।

    যদিও দেশখনে সেুজ বিপ্লৱৰ পৰা যথেষ্ট পৰিমাণে লাভান্বিত হৈছিল তথাপি ইয়াত ব্য়ৱহৃত প্ৰযুক্তিবিদ্য়া  বিপদমুক্ত নাছিল। আন এক বিপদ হল ক্ষুদ্ৰ আৰু বৃহৎ কৃষকসকলৰহে প্ৰয়োজনীয় যন্ত্ৰপাতি ক্ৰয়ৰ বাবে সামৰ্থ্য় আছিল। সেয়েহে সেউজ বিপ্লৱৰ অধিকাংশ লাভ তেওঁলোকে হস্তগত কৰিছিল। তদুপৰি উচ্চ উৎপাদনক্ষম বীজসমূহ কীট-পতংগৰ দ্ধাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক বাবে যিসকল ক্ষুদ্ৰ কৃষকে এই প্ৰযুক্তিবিদ্য়া ব্য়ৱহাৰ কৰিছিল তেওঁলোকে কীট-পতংগৰ আক্ৰমণ সৰ্বস্ব হেৰুওৱাৰ ভয় কৰিছিল। সৌভাগ্য়ক্ৰমে চৰকাৰে গ্ৰহণ কৰা কিছুমান পদক্ষেপৰ বাবে এনে ভয় সত্য়ত পৰিণত নহল। চৰকাৰে ক্ষুদ্ৰ কৃষকসকলৰ বাবে নিম্ন সুদৰ হাৰত ঋণৰ ব্য়ৱস্থা কৰিছে আৰু ৰেহাই মূল্য়ত সাৰৰ যোগান ধৰেছে--যাতে প্ৰয়োজনীয় উপাদানসমূহ তেওঁলোকৰ বাবে সহজলভ্য় হয়। ক্ষুদ্ৰ কৃষকসকলে প্ৰয়োজনীয় উপাদনসমূহৰ লাব কৰিব পৰা হেতুকে ক্ষুদ্ৰ কৃষিপামৰ উৎপাদিত সামগ্ৰীৰ পৰিমাণে সময়ত বৃহৎ কৃষিপামৰ উৎপাদিত  সামগ্ৰীৰ লগত সামঞ্জস্য় বজাই ৰাখিব পাৰিছে। ফলস্বৰূপে, সেউজ বিপ্লৱে বৃহৎ কৃষকসকলৰ লগত ক্ষুদ্ৰ কৃষক সকলকো উপকৃত কৰিছে। চৰকাৰীভাৱে প্ৰতিষ্ঠিত গৱেষণা প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা সেৱাৰ ফলত ক্ষুদ্ৰ কৃষকসকলৰ বাবে কাট-পতংগৰ আক্ৰমণৰ সময়ত সৰ্বস্ব হেৰুওৱাৰ ক্ষতিশংকা ভালেখিনি হ্ৰাস পাইছে। এইটো লক্ষণীয় যে ক্ষুদ্ৰ কৃৃষকসকলেও এই  নতুন প্ৰযুক্তিবিদ্য়াৰ পৰা লাভৱান হোৱাটো নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰই এক ব্য়াপক ভূমিকৈ গ্ৰহণ নকৰিলে সেউজ বিপ্লৱৰ পৰা কেৱল মাত্ৰ ধনী কৃষকসকলেহে উপকৃত হলহেঁতেন।

ৰাজসাহায্য় সম্পৰ্কে বিতৰ্ক (The Debate Over Subsidies)ঃ কৃষিৰ ক্ষেত্ৰত ৰাজসাহায্য়ৰ অৰ্থনৈতিক যুক্তি সম্প্ৰতি এটা উষ্ণ বিতৰ্কমূলক বিষয়। সাধাৰণভাৱে সকলো কৃষক আৰু বিশেষতঃ ক্ষুদ্ৰ কৃষকসকলক অধিক উৎপাদনক্ষম বীজৰ নতুন প্ৰযুক্তিবিদ্য়া গ্ৰহণৰ বাবে প্ৰোৎসাহ যোগাবলৈ ৰাজসাহায্য়ৰ প্ৰয়োজনীয়তাৰ কথা সাৰ্বজনীনভাৱে গ্ৰহণীয়। যিকোনো নতুন প্ৰযুক্তিবিদ্য়াকে কৃষকসকলে শংকাবহুল বুলি ভাৱে। সেয়েহে নতুন প্ৰযুক্তিবিদ্য়াৰ গুণ নিৰীক্ষণ কৰাৰ বাবে কৃষকসকলক প্ৰোৎসাহিত কৰিবলৈ ৰাজসাহায্য়ৰ প্ৰয়োজন। কিছুমান অৰ্থনীতিবিদে বিশ্বাস কৰে যে, এবাৰ এটা প্ৰযুক্তিবিদ্য়া লাভজনক বুলি পৰিগণিত হৈ বিস্তৃতভাৱে ব্য়ৱহৃত হোৱাৰ পিছত ৰাজসাহায্য়ৰ উদ্দেশ্য় পূৰণ হয় বাবে পৰ্যায়ক্ৰমে ইয়াৰ অৱসান ঘটাব লাগে। আকৌ ৰাজসাহায্য় কৃষকৰ লাভৰ উদ্দেশ্য়ে চালিত যদিও সাৰৰ ক্ষেত্ৰত আগবঢ়োৱা বুজন পৰিমাণৰ ৰাজসাহায্য় সাৰ উদ্য়োগক লাভৱান কৰে। কৃষকসকলৰ ভিতৰত আকৌ অধিক উন্নত অঞ্চলসমূহৰ কৃষকক অধিক লাভৱান কৰে। সেয়েহে সাৰৰ ওপৰত ৰাজসাহায্য় দি থকাটো যুক্তিসংগত নহয়। যিকল লোকৰ উদ্দেশ্য় আগত ৰাখি এই ব্য়ৱস্থা লোৱা হয় তেওঁলোক ইয়াৰ পৰা লাভৱান নবয় আৰু ৰাজকোষৰ বাবে ই এক বৃহৎ বোজা। (কক্ষ 2.6 চোৱা) 

    আনহাতে কিছুমান বিশ্বাস কৰে যে চৰকাৰে কৃষিৰ ক্ষেত্ৰত +ৰাজসাহায্য় দি থকাটো উচিত। কাৰণ ভাৰতবৰ্ষত কৃষিকাৰ্য আজিও শংকাবহুল। ভাৰতবৰ্ষৰ প্ৰায় ভাগ কৃষক অতি দুখীয়া আৰু ৰাজসাহায্য় অবিহনে প্ৰয়োজনীয় উপাদানসমূহ ঢুকি পাবলৈ তেওঁলোক সক্ষম নহব। ৰাজসাহায্য়ৰ বিলোপ সাধনৰ ফলত ধনী আৰু দুখীয়াৰ মাজত প্ৰভেদ বৃদ্ধি পাব আৰু ই সমতাৰ লক্ষ্য়ৰ পৰিপন্থী হব। এই বিশেজ্ঞসকলে যুক্তি আগবঢ়াই যে, যদি ৰাজসাহায্য়ই সাৰ উদ্য়োগসমূহ আৰু বৃহৎ কৃষকসকলক অধিক লাভান্বিত কৰি আহিছে তেনেহলে তাৰ বাবে উপযুক্ত নীতি হব ৰাজসাহায্য় উঠাই দিয়াৰ পৰিৱৰ্তে ইয়াৰ জৰিয়তে কেৱল মাত্ৰ দুখীয়া কৃষকসকল লাভৱান হোৱাটো নিশ্চিতকৰণৰ পদক্ষেপ গ্ৰহণ কৰাটো।

    1960 ৰ দশকৰ শেষৰ পিনে ভাৰতবৰ্ষত কৃষিৰ উৎপাদনশীলতা যথেষ্টভাৱে বৃদ্ধি পাইছে---যাৰ বাবে দেশখন খাদ্য়-শস্য়ৰ ক্ষেত্ৰত আন্তনিৰ্ভৰশীল হবলৈ সক্ষম হৈছে। ই এটা গৌৰৱপূৰ্ণ সফলতা। আনহাতে 1990 চন পৰ্যন্ত দেশখনৰ মুঠ জনসংখ্য়াৰ প্ৰায় 65 শতাংশই কৃষিত নিয়োজিত হৈ আছে। এইটো নেতিবাচক দিশ।

    অৰ্থনীতিবিদসকলে লক্ষ্য় কৰিছে যে দেশ  এখনে যিমানেই উন্নতি লাভ কৰে সিমানেই মুঠ ঘৰুৱা উৎপাদনলৈ (GDP) কৃষিখণ্ডৰ বৰঙণিৰ হাৰ আৰু মুঠ জনসংখ্য়াৰ কৃষি নিয়োজিত অংশ হ্ৰাস পায়। ভাৰতবৰ্ষত 1950-1990 সময়ছোৱাত মুঠ ঘৰুৱা উৎপাদনলৈ কৃষিখণ্ডৰ বৰঙণিৰ হাৰ যথেষ্ট পৰিমাণে হ্ৰাস পায় যদিও কৃষি নিৰ্ভৰশীল লোকৰ অনুপাত সিমান হ্ৰাস পোৱা নাই। (1950 চনত 67.5 শতাংশৰ পৰা 1990 চনত 64.9 শতাংশলৈ)। কৃষিজাত দ্ৰব্য়ৰ যি উৎপাদন হৈছিল সেইটো বহু কম সংখ্য়ক  লোকৰ দ্ধাৰাই সম্ভৱপৰ যদিও কৃষিখণ্ডত মুঠ জনসংখ্য়াৰ ইমান বৃহৎ অংশ এটা কিয় নিয়োজিত হৈ আছিল ? ইয়াৰ উত্তৰত কব পাৰি যে ভাৰতবৰ্ষৰ কৃষিখণ্ডত কৰ্মৰত লোকসকলক ঔদ্য়োগিক আৰু সেৱাখণ্ডই নিয়োজিত কৰা নাছিল। বহুতো অৰ্থনীতিবিদে ইয়াক 1950 চনৰ পৰা 1990 চনলৈ অনুসৰণ কৰা আমাৰ নীতিসমূহ গুৰুত্বপূৰ্ণ বিফলতা বুলি বিবেচনা কৰে।


Type- Janmoni Hazarika

Morigaon Assam