মন ভাই, তোমাৰ সঙ্গে...


ঘোষা : মন ভাই, তোমার সঙ্গে আমাৰ জীৱ হৈল বন্দী 

মায়াই মাধুৰী পাই আনন্দৰ সীমা নাই 

এৰাইতে নাপাৰি ঘোৰ সন্ধি।


পদ : কুগুলিকা বৃহুড়ালি

জলৰ মধ্যত থাকে

তথাপি তাহাৰ শুকান কায়া।

একান্ত ভকত সবে

সাধুব সঙ্গত থাকে

তথাপি নাছাৰে লোভ মায়া।।

বুন কদলি ফুল

পর্বত শিখৰে থাকে

বস ধৰি হোৱে ভৰপূৰ।

প্রিয়তম ভকতৰ

জানা সেহি পটন্তৰ

কালমায়া এৰি হইবে দূৰ।।

দ্বিতীয় বৈকুণ্ঠৰ মাজে

আত্মা ঈশ্বৰ বহি আছে

শুনি থাকা মন্দিৰৰ ধ্বনি।

কহয় মাধৰ দাসে

নিজ গুৰুৰ পাৱে ভজি

ভতৰে ধৰ্ম শিৰোমণি।।