জনসংখ্যাৰ বিতৰণ

    ভাৰতবৰ্ষৰ জনসংখ্যাৰ বিতৰণৰ ধৰণ বৰ্ণনা কৰিবলৈ চেষ্ঠা কৰা। মানচিত্ৰখনৰ পৰা এইটো স্পষ্ট যে বাৰতবৰ্ষৰ সকলো ঠাইতেই জনসংখ্যাৰ বিতৰণ সমান নহয়। ভাৰতৰ বিভিন্ন প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনসংখ্যা ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা আৰু মাটিকালিৰ পৰিপ্ৰেক্ষিত দেখুওৱা হৈছে.। উত্তৰ প্ৰদেশত জনসংখ্যাৰ সৰ্বাধিক আৰু ইয়াৰ পিছতেই স্থান লাভ কৰিছে ত্ৰুমে মহাৰাষ্ট্ৰ, বিহাৰ, পশ্চিমবংগ আৰু অন্ধ্ৰপ্ৰদেশ।

        উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান, কৰ্ণাটক আৰু গুজৰাট এইকেইখন ৰাষ্ট্ৰৰ সন্মিলিত জনসংক্যা ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৬ শতাংশ। আনহাতে আকাৰত ডাঙৰ ৰাজ্য জন্মু আৰু কাশ্মীৰ, অৰুণাচল প্ৰদেশ আৰু উত্তৰাঞ্চলৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ শতকৰা হিচাবত যথাত্ৰুমে .৯৮, .১১ আৰু .৮৩ মাথোন। 

        জনসংখ্যাৰ এই অসমান বিতৰণে জনসংখ্যা আৰু ভূপ্ৰাকৃতিক, আৰ্থ - সামাজিক আৰু ঐতিহাসিক কাৰকৰ নিবিড় সম্বন্ধৰ বিষয়ে সূচায়। বিশেষকৈ জলবায়ু ভূ - প্ৰকৃতি আৰু পানীৰ প্ৰাচুৰ্যতাই কোনো এখন ঠাইৰ জনসংখ্যাৰ বিতৰণ প্ৰভাৱান্বিত কৰে। সেয়েহে উত্তৰ ভাৰতৰ নদী গঠিত পলসুৱা সাৰুৱা সমভুমি, ব - দ্বীপ, অঞ্চল আৰু উপকূলীয় সমভুমি অঞ্চলত জনবসতিৰ ঘনত্ব অধিক। আনহাতে মধ্য ভাৰতৰ ভিতৰুৱা অঞ্চলবোৰ, হিমালয় পাৰ্বত্য অঞ্চল, উত্তৰ - পূব ভাৰতৰ পাহাৰীয়া প্ৰদেষকেইখন আৰু উত্তৰ - পশ্চিম ভাৰতৰ ৰাজস্থান আদি দেশত জনসংখ্যা তাকৰ। কিন্ত জলসিঞ্চনৰ উন্নয়ন ( ৰাজস্থান) খনিজ আৰু শক্তি সম্পদৰ প্ৰাচুৰ্য ( ঝাৰখণ্ড), পৰিবহণৰ উন্নয়ন ( দাক্ষিণাত্য মালভূমি) আদিয়ে পূৰ্বৰ পাতলীয়া বসতিৰ অঞ্চলবোৰ মধ্যমীয়া আৰু ঘনবসতিৰ অঞ্চললৈ পৰ্যবসতি কৰিছে 

    আৰ্থ - সামাজিক আৰু ঐতিহাসিক কাৰকৰ ভিতৰত নতুন কৃষিভূমিৰ আবাদ, স্থায়ী কৃষি উন্নয়ন, জনবসতিৰ আৰ্হি, পৰিবহণৰ উন্নয়ন, ঔদ্যোগিকৰণ আৰু নগৰীকৰণ আদি বিশেষভাৱে উল্লেখযোগ্য। এই খিনিতে উল্লেখ কৰিব পাৰি যে নদী গঠিত সমভুমি আৰু উপকূলীয় সমভূমি অঞ্চলবোৰত জনবসতিৰ ঘনত্ব অধিক দেখা যায়। এই অঞ্চলবোৰত ভূমি আৰু অন্যান্য ত্ৰুমশ অৱক্ষয় হবলৈ ধৰিছে যদিও জনসংখ্যাৰ ঘনীভূততা সদায় অধিক হৈয়েই আছে। কিয়নো অঞ্চলত জনবসতিৰ প্ৰাচীন ইতিহাস সমৃদ্ধ আৰু পৰিবহণ ব্যৱস্থাও সূচল। আনহাতে দিল্লী, মুম্বাই, কলকাতা, বাংগালোৰ, পুনে, আহমদাবাদ, চেন্নাই, জয়পুৰ আদি ঠাইত ঔদ্যোগীকৰণ আৰু নগৰীকৰণৰ বাবে বিভিন্ন গ্ৰামাঞ্চলৰ পৰা জনপ্ৰব্ৰজন ঘটি জনসংখ্যা ঘনীভূত হৈছে।


Type - Boby Bora



Post ID : DABP004075