অধ্যায় 2

ব্ৰঞ্জৰ যুগৰ সভ্যতা- অৰ্থনীতি, সামাজিক বিভাগ, ৰাষ্ট্ৰ গঠন, ধৰ্ম 


অতি চমু প্ৰশ্ন 

১। আদিম মানৱে প্ৰথমে ব্যৱহাৰ কৰা ধাতুবিধ কি ?

উত্তৰঃ আদিম মানৱে প্ৰথমে ব্যৱহাৰ কৰা ধাতুবিধ হ'ল- তাম।

২। নীল নদী ক'ত অৱস্থিত ?

উত্তৰঃ নীল নদী ইজিপ্তত অৱস্থিত।

৩। ইজিপ্তক 'নীল নদী অৱদান' বুলি কোনে কৈছিল ?

উত্তৰঃ ইজিপ্তক 'নীল নদী অৱদান' বুলি গ্ৰীচৰ ইতিহাসবিদ হিৰোডটাছে কৈছিল।

৪। ইজিপ্তৰ প্ৰাচীন লিপিৰ নাম কি ?

উত্তৰঃ ইজিপ্তৰ প্ৰাচীন লিপিৰ নাম হ'ল- হাইৰ'গ্লিফ।

৫। ফাৰাও মানে কি?

উত্তৰঃ ফাৰাও মানে হ'ল- ইজিপ্তৰ ৰজা।

৬। মেছোপটেমিয়া শব্দৰ অৰ্থ কি ?

উত্তৰঃ মেছোপটেমিয়া শব্দৰ অৰ্থ হ'ল- 'দুই নদীৰ মধ্যৱৰ্তী অংশ' ।

৭। চীনৰ প্ৰথমটো ৰাজবংশৰ নাম কি ?

উত্তৰঃ চীনৰ প্ৰথমটো ৰাজবংসৰ নাম হ'ল- হিচা বংস।

চমু প্ৰশ্ন

১। টাইগ্ৰীচ নদীৰ পাৰৰ দুখন উল্লেখযোগ্য নগৰ উল্লেখ কৰা।

উত্তৰঃ  টাইগ্ৰীচ নদীৰ পাৰৰ দুখন উল্লেখযোগ্য নগৰ হ'ল- অক্কাড আৰু আছুৰ।

২। ইউফেট্ৰিছ নদীৰ পাৰৰ দুখন উল্লেখযোগ্য নগৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ  ইউফেট্ৰিছ নদীৰ পাৰৰ দুখন উল্লেখযোগ্য নগৰৰ নাম হ'ল- লাগাছ আৰু এৰিডু।

৩। মেছোপটেমিয়াৰ দুজন নগৰ দেৱতাৰ নাম উল্লেখ কৰা।

উত্তৰঃ  মেছোপটেমিয়াৰ দুজন নগৰ দেৱতাৰ নাম হ'ল- নিন্গিৰছু আৰু নানগাৰ।

৪। চীনৰ দুটা ৰাজবংশৰ নাম লিখা।

উত্তৰঃ  চীনৰ দুটা ৰাজবংশৰ নাম হ'ল- হিচা বংশ আৰু চাং বংশ।

৫। দৈৱবাণীৰ হাড় মানে কি বুজা ?

উত্তৰঃ  কাছৰ খোলা বা গৰুৰ হাড়ৰ ওপৰত বিভিন্ন প্ৰশ্ন লিখা হৈছিল। সেই হাড়সমূহ দৈৱবাণীৰ হাড় হিচাপে জনা যায়।

চমু টোকা 

১। ইজিপ্তৰ সামাজিক বিভাগ ।

উত্তৰঃ সভ্যতাৰ আৰম্ভণিৰ পৰা বহু শতিকাজুৰি ইজিপ্তৰ সমাজখন দুটা ভাগত বিভক্ত আছিল- 

 ১। উচ্চ স্তৰ

২। নিম্ন স্তৰ

                উচ্চ স্তৰত দেশৰ অভিজাত লোকসকল আছিল। বাকী সকলো লোককে নিম্ন স্তৰত ধৰা হৈছিল। পাচলৈ বব্যৱসায়-বাণিজ প্ৰসাৰৰ লগে লগে বহুতো চহৰ-নগৰ গঢ়ি উঠিছিল। নগৰীয়া জীৱন আৰু বাণিজ্যক কেন্দ্ৰ কৰি সমাজত মধ্যভোগী শ্ৰেণীৰ এটাৰ সৃষ্টি হৈছিল। ফলত ইজিপ্তৰ সমাজখন তিনিটচা শ্ৰেণীত বিভক্ত হয়।

১। প্ৰথম শ্ৰেণী

২। দ্বিতীয় শ্ৰেণী

৩। নিম্ন স্তৰ বা দাসসকল।

                ইজিপ্তৰ ৰজা বা ফাৰাও, সম্ভ্ৰামন্ত বংশৰ লোকসকল আৰু পুৰোহিতসকল প্ৰথম শ্ৰেণীৰ অন্তৰ্গত আছিল। এওঁলোকৰ প্ৰচুৰ পৰিমানে মাটি-সম্পত্তি আছিল। এই উচ্চ স্তৰৰ লোকসকলে অত্যন্ত বিলাসী জীৱন যাপন কৰিছিল। তেওঁলেোকৰ ঘৰ-দুৱাৰসমূহ অতি আহল-বহল, ডাঙৰ হোৱাৰ লগতে বিভিন্ন ধৰণেৰে সৌন্দৰ্যবৰ্ধন কৰা হৈছিল। েই শ্ৰেণীৰ লোকসকলে লিনেন কাপোৰৰ বস্ত্ৰ পৰিধান কৰিছিল। ডিঙি, বাহু আৰু হাতত সোণ আৰু অন্যান্য বহুমূলীয়া মণি-মুকুতাৰ অলংকাৰ পৰিধান কৰিছিল। তেঁওলোকে শিক্ষা, খেলা-ধূলা চিকাৰ, সাঁতোৰা, নাও চলোৱা আদি সকলো কাৰ্য কৰিব পাৰিছিল।

            ইজিপ্তৰ সমাজৰ দ্বিতীয় শ্ৰেণীৰ লোক আছিল ৰাজ কৰ্মচাৰী, লেখক, চিকিৎসক, বণিক, শিল্পী আৰু অন্যান্য সম্পত্তিৱান খেতিয়কসকল।

                দাসসকল সমাজৰ একেবাৰে নিম্নস্তৰৰ লোক আছিল। তেঁওলোকৰ বেছিভাগেই যুদ্ধবন্দী আছিল। দাস ব্যৱসায় চলিছিল। দাসসকল প্ৰায়বোৰ সুহিধাৰ পৰা বঞ্চিত হোৱাৰ লগতে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা শোচনীয় আছিল।

            ইজিপ্তৰ সমাজত নাৰীৰ স্থান উচ্চ আছিল। ইজিপ্তত ৰাজ্যখন আছিল কন্যাৰ সম্পত্তি আৰু তেনে কন্যাক ব্য়া কৰোৱাজনেই ফাৰাও হ'ব পাৰিছিল। কিছুক্ষেত্ৰত পুত্ৰকো সম্পত্তিৰ মালিক কৰা হৈছিল। সমাজত বহুবিবাহ আছিল যদিও প্ৰথমা পত্নী মান-মৰ্যাদা  ওপৰত আছিল। সম্ভ্ৰান্ত ঘৰৰ নাৰীসকলে আড়ম্বৰপূৰ্ণ জীৱন যাপন কৰিছিল।

২। মেছোপটেমিয়া ধৰ্ম।

উত্তৰঃ মেছোপটেমিয়া সভ্যতাৰ  ধৰ্মৰো বিকাশ হোৱা দেখা গৈছিল। সেই সভ্যতাৰ মন্দিৰসমূহ আছিল ধৰ্মীয়, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক জীৱনৰ মূল কেন্দ্ৰবিন্দু। মন্দিৰসমূহ ওখ ঠাইত নিৰ্মাণ কৰা হৈছিল আৰু জিগগুৰাচ বা ঈশ্বৰৰ পাহাৰ হিচাপে সেই ঠাইক জনা গৈছিল। প্ৰাকৃতিক বিভিন্ন কাৰকৰ দেৱত্ব আৰোপ কৰি সেইসমূহক উপাসনা কৰা পদ্ধতি সমসাময়িক অন্যান্য সভ্যতাৰ দৰে মেছোপটেমিয়া সভ্য়তাতো আছিল। চুমেৰীয়াসকলৰ প্ৰধান দেৱতা বা স্বৰ্গৰ দেৱতা আছিল আনু। বৰুণ দেৱতা আছিল এনলিন আৰু পৃথিৱীৰ দেৱতা আছিল এন্কি। প্ৰতিখন নগৰৰ নগৰ দেৱতা বেলেগ বেলেগ আছিল। যেনে- লাগাছৰ নগৰ দেৱতা আছিল নিন্গিৰছু, আৰৰ নগৰ দেৱতা আছিল নানগাৰ ইত্যাদি। দেৱীসকলৰ ভিতৰত উল্লখযোগ্য আছিল ঈনানা। বেবিলনীয় সভ্যতা বা বেবিলনীয় যুগত মাৰ্ডুক মেছোপটেমিয়াৰ জাতীয় দেৱতা হিচাপে পৰিগণিত হয়। মন্দিৰৰ মূল পূজাৰিণী আছিল নাৰী। মন্দিৰ পূজাৰিণী পদটো বহু উচ্চ পৰ্যায়ৰ আছিল আৰু ৰাজকুমাৰীসকলকো মন্দিৰৰ পূজাৰিণী হোৱা দেখা গৈছিল। উদাহৰণস্বৰূপে ৰজা ছাৰগন আৰু ৰজা নবোনিডাছৰ কন্যা পূজাৰিণী আছিল। মন্দিৰক কেন্দ্ৰ কৰি মেছোপটেমিয়া সভ্যতাত দেৱদাসী প্ৰথাও গঢ়ি উঠিছিল।

৩। চাঙ যুগৰ অৰ্থনীতি।

উত্তৰঃ  ছাং যুগৰ সময়ছোৱা চীনৰ সভ্যতাৰ এক গৌৰৱোজ্জ্বল অধ্যায়। ছাংসকলৰ সময়ত চীনৰ অৰ্থনীতিৰ মূল ভেঁটি আছিল কৃষি। তেওঁলোকে কণীধান, গম আৰু যৱৰ খেতি কৰিছিল। কৃষিৰ ওপৰত নিয়ন্ত্ৰণ ৰজাৰ আছিল। কৃষকসকলে শস্য সিঁচা আৰু চপোৱাৰ ক্ষেত্ৰত ৰজাই তদাৰক কৰিছিল। চান্দ্ৰমাহৰ হিচাপত চীনৰ পঞ্জিকা তৈয়াৰ কৰা হৈছিল আৰু সেই পঞ্জিকাৰ ওপৰত নিৰ্ভৰ কৰিয়েই কৃষিকাৰ্যসমূহ কৰা হৈছিল। কৃষিৰ উপৰি পশু পালন কৰিছিল। তদুপৰি ঘোঁৰা আৰু হাতীৰো ঘৰচীয়াকৰণ কৰিছিল। চীনৰ লোকসকলে পাটপলু পুহিছিল আৰু তাৰ পৰা উৎপাদিত কাপোৰ বিশ্বৰ বিভন্ন দেশলৈ ৰপ্তানি কৰিছিল। কৃষি আৰু পশুপালনৰ উপৰি ছাং যুগৰ ছীনৰ লোকসকলে কাৰিকৰ আৰু শিল্পী হিচাপে জীৱন নিৰ্বাহ কৰিছিল। তেওঁলোকে শিল, পোৰামাটি (চীনা মাটি), ব্ৰঞ্জ আদিৰ বিভিন্ন নিত্য ব্যৱহাৰ্য বস্তু তৈয়াৰ কৰাৰ লগতে অস্ত্ৰ-শস্ত্ৰ, প্ৰসাধন সামগ্ৰী আদিও উৎপাদন কৰিছিল। বিশেষকৈ ছাং যুগত নিৰ্মাণ কৰা কাঁহী-বাটি, কাপ-প্লেট আৰু অন্যান্য আহিলাসমূহৰ মান যথেষ্ট উন্নত আছিল।

ৰচনাধৰ্মী প্ৰশ্ন

১। অৰ্থনীতি, সমাজ বিভাজন, ৰাষ্ট্ৰ গঠন আৰু ধৰ্মৰ ওপৰত ভিত্তি কৰি ইজিপ্তৰ সভ্যতাৰ বৰ্ণনা কৰা।

উত্তৰঃ  পৃথিৱীৰ প্ৰাচীনতম সভ্যতাসমূহৰ ভিতৰত এক উল্লেখযোগ্য সভ্যতা হ'ল ইজিপ্তৰ সভ্যতা। ইজিপ্তৰ নীল নদীৰ পাৰত এই সভ্যতাৰ বিকাশ হৈছিল। ইজিপ্ত দেশখন আফ্ৰিকা মহাদেশৰ উত্তৰ-পূব অংশত অৱস্থিত। 

অৰ্থনীতিঃ ইজিপ্তৰ সভ্যতাৰ সময়ত অৰ্থনীতিৰ মূল ভেঁটি আছিল কৃষি। নীল মদীৰ সাৰুৱা উপত্যকাত প্ৰচুৰ পৰিমানে কৃষি উৎপাদন হৈছিল। তেওঁলোকৰ প্ৰধান উৎপাদিত শস্য আছিল গম, বাৰ্লি, কণীধান ইত্যাদি। বিভিন্ন ফল-মূল আৰু শাক-পাচলি যেনে- নেমু, পিচফল, ডালিম, খেজুৰ আদিৰ খেতিও কৰা হৈছিল। খেতিৰ কাৰণে প্ৰথম অৱস্থাত তেওঁলোকে কাঠৰ নাঙল ব্যৱহাৰ কৰিছিল। পাচলৈ দুটা গৰুৱে টানিব পৰা নাঙলৰ ব্যৱহাৰ কৰে। কৃষিকাৰ্যত ব্যৱহৃত অন্যান্য সঁজুলিসমূহ আছিল চিপ্ৰাং, কাচি, নাঙলৰ ফাল ইত্যাদি। প্ৰথম অৱস্থাত ব্যৱহাৰ কৰা কাঠৰ নাঙলসমূহত পাচলৈ তাম আৰু ব্ৰঞ্জৰ ফাল ব্যৱহাৰ কৰিছিল। ইজিপ্তৰ কৃষিৰ লগত জলসিঞ্চন ব্যৱস্থাৰ প্ৰচলন দেখা যায়। দূৰৰ অঞ্চলবোৰলৈ তেওঁলোকে নলা খান্দি পানী বোৱাই নিছিল। তদুপৰি নদীৰ পৰা পানী সিঁচি নি সংৰক্ষণৰ ব্যৱস্থাও কৰিছিল।

            কৃষিৰ লগতে ইজিপ্তবাসীয়ে পশুপালনো কৰিছিল। তেওঁলোকৰ প্ৰধান ঘৰচীয়া জন্তুসমূহ আছিল ভেৰা, ছাগলী, গাহৰি, কুকুৰ, হাঁহ, কুকুৰা, ঘোঁৰা, উট ইত্যাদি।


সামাজিক বিভাগঃ  সভ্যতাৰ আৰম্ভণি পৰা বহু শতিকাজুৰি ইজিপ্তৰ সমাজখন দুটা ভাগত বিভক্ত আছিল-              

১। উচ্চ স্তৰ

২। নিম্ন স্তৰ

            উচ্চ স্তৰত দেশৰ অভিজাত লোকসকল আছিল। বাকী সকলো লোককে নিম্ন স্তৰত ধৰা হৈছিল।পাচলৈ ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰৰ লগে লগে বহুতো চহৰ-নগৰ গঢ়ি উঠিছিল। নগৰীয়া জীৱন আৰু বাণিজ্যক কেন্দ্ৰ কৰি সমাজত মধ্যভোগী শ্ৰেণীৰ এটাৰ সৃষ্টি হৈছিল। ফলত ইজিপ্তৰ সমাজখন তিনিটা শ্ৰেণীত বিভক্ত হয়।

১। প্ৰথম শ্ৰেণী

২। দ্বিতীয় শ্ৰেণী আৰু

৩। নিম্ন স্তৰ বা দাসসকল।

ইজিপ্তৰ ৰজা বা ফাৰাও, সম্ভ্ৰান্ত বংশৰ লোকসকল আৰু পুৰোহিতসকল প্ৰথম শ্ৰেণীৰ অন্তৰ্গত আছিল। এওঁলোকৰ প্ৰচুৰ পৰিমাণে মাটি-সম্পত্তি আছিল। এই উচ্চ স্তৰৰ লোকসকলে অত্যন্ত বিলাসী জীৱন যাপন কৰিছিল। তেওঁলোকৰ ঘৰ-দুৱাৰসমূহ অতি আহল-বহল, ডাঙৰ হোৱাৰ লগতে বিভিন্ন ধৰণেৰে সৌন্দৰ্যবৰ্ধন কৰা হৈছিল। এই শ্ৰেণীৰ লোকসকলে লিনেন কাপোৰৰ বস্ত্ৰ পৰিধান কৰিছিল। ডিঙি, বাহু আৰু হাতত সোণ আৰু অন্যান্য বহুমূলীয়া মণি-মুকুতাৰ অলংকাৰ পৰিধান কৰিছিল। তেওঁলোকে শিক্ষা, খেলা-ধূলা, চিকাৰ, সাঁতোৰা, নাও চলোৱা আদি সকলো কাৰ্য কৰিব পাৰিছিল।


ৰাষ্ট্ৰ গঠনঃ প্ৰথম অৱস্থাত নীল নদীৰ পাৰৰ জনবসতিপূৰ্ণ অঞ্চলসমূহক কেন্দ্ৰ কৰি একো একোখন সৰু ৰাজ্যৰ সৃষ্টি হৈছিল। এনেকুৱা প্ৰায় চল্লিছখনমান ৰাজ্য থকাৰ কথা জানিব পৰা গৈছে। এই সৰু সৰু ৰাজ্যসমূহৰ মাজত কোনোধৰণৰ একতা নাছিল। প্ৰতিখন ৰাজ্যৰ ইখনে সিখনৰ লগত সততে যুঁজ-বাগৰত লিপ্ত হৈছিল পাচলৈ নীল নদীৰ উত্তৰাঞ্চলত এখন শক্তিশালী ৰাজ্য আৰু দক্ষিণাঞ্চলত আন এখন শক্তিশালী ৰাজ্য প্ৰতিস্থা হয়। অৱশ্যে এই দুয়োখন ৰাজ্যৰ মাজত কোনোধৰণৰ সম্পৰ্ক নাছিল।

        আনু. খ্ৰীঃ পূঃ চতুৰ্থ সহস্ৰাব্দত ইজিপ্তৰ ঐক্য স্থাপন হয়। মিনিজ নামৰ লোকজনে পোন প্ৰথমবাৰৰ বাবে ইজিপ্তত ৰাজনৈতিক ঐক্য প্ৰতিষ্ঠা কৰি এক শক্তিশালী ৰাজ্য প্ৰতিষ্ঠা কৰে। এই মিনিজ হ'ল ইজিপ্তত ৰাজবংশৰ প্ৰতিষ্ঠাতা। ম্নিজে মেম্ফিছ নামৰ এখন নগৰ প্ৰতিষ্ঠা কৰি ইজিপ্তৰ ৰাজধানী পাতে। প্ৰায় পোন্ধৰশ বছৰজুৰি মেম্ফিচ ইজিপ্তৰ ৰাজধানী আছিল।

                ইজিপ্তৰ প্ৰাচীন ইতিহাসক তিনিটা ভাগত ভাগ কৰা হৈছে-

১। পুৰণি ৰাজ্য।

২। মধ্য ৰাজ্য।

৩। নতুন ৰাজ্য।

             পুৰণি ৰাজ্যৰ সময়খিনিক পিৰামিডৰ যুগ হিচাপেও জনা যায়। ইজিপ্তৰ ৰজাজনক 'ফাৰাও' নামেৰে জনা যায়। ফাৰাও শব্দটো হিব্ৰু ভাষাৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হ'ল ডাঙৰ ঘৰ বা অট্টালিকা। পুৰণি ৰাজ্যৰ কেইজনমান উল্লেখযোগ্য ফাৰাও হ'ল জোচাৰ, কুফু, খাফ্ৰাই ইত্যাদি।

            মধ্য ৰাজ্যৰ শেষজন পৰাক্ৰমী ৰজা আছিল অ'মনমহেটেত। তেওঁৰ পাচত প্ৰায় দুশ বছৰ ধৰি ইজিপ্তত শক্তিশালী শাসক নাছিল। তদুপৰি বিদেশীৰ আক্ৰমণত ইতিপ্ত  পৰাস্ত হোৱাত ইতিপ্তত বিদেশী শাসন প্ৰতিষ্ঠা হয়।

            খ্ৰীঃ পূঃ ষষ্ঠদশ শতিকাৰ মাজভাগত এম'জ নামৰ এজন ৰাজকুমাৰে ইজিপ্তত নতুন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰে। নতুন ৰাজ্যই কেইবাশ বছৰ ধৰি শাসন কৰাৰ পাছত খ্ৰীঃ পূঃ ৫২৫ত পাৰস্যই ইজিপ্ত জয় কৰাৰ পাচত খ্ৰীঃ পূঃ ৩৩৩ লা ইজিপ্ত পাৰস্যৰ অধীন হয়।

ধৰ্মঃ  প্ৰচীৰ বিশ্বৰ অন্যান্য লোকসকলৰ দৰেই ইজিপ্তৰ লোকসকলৰ ধৰ্মীয় বিশ্বাস আছিল। প্ৰথম অৱস্থাত তেওঁলোকে প্ৰকৃতিৰ উপাসক আছিল। প্ৰকৃতিৰ বিভিন্ন কাৰকক তেওঁলোকে দেৱ-দেৱী আখ্যা দি উপাসনা কৰিছিল। প্ৰথম অৱস্থাত তেওঁলোকৰ মূল দেৱতা আছিল সূৰ্য বা ৰা বা আমন-ৰা। আন দুজন উল্লেখযোগ্য দেৱ-দেৱী আছিল নীল নদীৰ দেৱতা অছিৰিছ আৰু পৃথিৱীৰ দেৱী ইছিছ। খ্ৰীঃ পূঃ চতুৰ্দশ শতিকাত ফাৰাও ইখনাচনৈ ধৰ্মৰ সংস্কাৰ কৰি একেশ্বৰবাদ সৃষ্টি কৰিছিল যদিও পাছলৈ বহু দেৱ-দেৱীৰ পূজাই চলে। ইজিপ্তৰ লোকসকলে মানুহৰ অমৰত্ব আৰু মৃত্যুৰ পাচত জীৱন থকা কথাটিত বিশ্বাস কৰি মৃতদেহসমূহ সংৰক্ষণ কৰি ৰাখিছিল। এই ব্যৱস্থাক মামি হিচাপে জনা যায়।

                এইদৰে আমি অৰ্থনীতি, সমাজ বিভাজন, ৰাষ্ট্ৰ গঠন আৰু ধৰ্মৰ ওপৰত ভিত্তি কৰি ইজিপ্তৰ সভ্যতাৰ  বিষয়ে বৰ্ণনা কৰিব পাৰো। 

Author By: Monikongkona Saikia