ধাৰণক্ষম উন্নয়ন, অগ্ৰগতিৰ কাৰ্যপন্থাঃ

    ইন্দিৰা গান্ধী খাল প্ৰকল্পৰ পাৰিপাৰ্শ্বিক ধাৰণক্ষমতাক লৈ ভালেমান পণ্ডিতৰ মনত প্ৰশ্নৰ উদ্ৰেক হৈছে। যোৱা চাৰিটা দশকত অঞ্চলটোৰ বিকাশৰ স্তৰৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশ, অৱনমিত হোৱা বুলি থকা তেওঁলোকৰ ধ্যান - ধাৰণাক সংগত বুলি নিৰূপন কৰা হৈছে। নহৰ প্ৰকল্পই সামৰি লোৱা অঞ্চলটোৰ দীৰ্ঘস্থায়ী উন্নয়নৰ অৰ্থে প্ৰাকৃতিক ভাৰসাম্য অটুট ৰখাৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া এলানি কাৰ্যসূচী অতীব প্ৰয়োজনীয় হৈ পৰিচে। সেইবাবে পাৰিস্থিতিক ভাৰসাম্য ৰক্ষা কৰাৰ স্বাৰ্থত আধিপত্য অঞ্চলটোৰ ধাৰণক্ষম উন্নয়নৰ অৰ্থে আধিপত্য অঞ্চলটোৰ উন্নয়নৰ পৰিত্ৰুমা সুদুৰপ্ৰসাৰী আৰু দীৰ্ঘস্থায়ী কৰাৰ উদ্দেশ্য ভিন্নসুৰী ৭টা ব্যৱস্থা গ্ৰহণ কৰা জৰুৰী হৈ পৰিচে। খৰতকীয়াভাবে হাতত লবলগীয়া এই ৭টা কাৰ্যপন্থাৰ আকৌ ৫টা ব্যৱস্থাই হৈছে পৰিস্থিতিতন্ত্ৰৰ লগত পোনপটীয়াভাৱে জড়িত। উন্নয়ন প্ৰত্ৰুিয়াক ধাৰণক্ষম পৰিসৰলৈ উত্তীৰ্ণ কৰিব পৰা এই কাৰ্যব্যৱস্থাসমূহ হৈছে-

    ১/ প্ৰথম আৱশ্যকতাঃ জল ব্যৱস্থাপনা নীতি ৰূপায়ণ কৰাত গুৰুত্ব দিয়া। ১ম স্তৰত খাল, প্ৰকল্পই সুৰক্ষিত জলসিঞ্চন পদ্ধতি অৱলম্বন কৰে আৰু ২য় স্তৰৰ শস্য আৰু চৰণীয়া পথাৰ আদিক বিকশ কৰিবলৈ বিস্তৃতভাৱে জলসিঞ্চন প্ৰয়োগ।

    ২/ সাধাৰণতে শস্য পদ্ধতিৰ নিৰ্বাচন কৰোতে বেছি প্ৰাণীৰ প্ৰয়োজন থকা শস্যক সামৰি লোৱা উচিত নহয়। জনসাধাৰণক ইয়াৰ পৰিণতি বুজাই দিয়াৰ লগতে ৰোপণ শস্যযেনে টেঙা ফলৰ খেতি কৰাত উৎসাহ দিয়া প্ৰয়োজন।

    ৩/ পানী বৈ থাকি যাতে বাষ্পীভৱন আৰু নিসৰণ হৈ শেষ নহয় তাৰ বাবে ৰেখা নিৰূপণ কৰা, কৃষিভূমিক বিকাশ আৰু পৃষ্ঠভাস উপযুক্ত আৰ্হিত সংস্কাৰ কৰা আৰু ৱাৰাবন্দি পদ্ধতিক ফলপ্ৰসূতাৰে ৰূপায়ণ কৰা উচিত।

    ৪/ পানী আবদ্ধ হৈ থকা আৰু মাটিৰ লৱণতা আত্ৰুান্ত অঞ্চলবোৰ উপযুক্ত পুনৰুদ্ধাৰ প্ৰযুক্তিৰ উদ্ভাৱন তথা প্ৰয়োগত অগ্ৰাধিকাৰ দিয়া উচিত।

    ৫/ বনানিকৰণ, বতাহ প্ৰতিবোধী আলম্বক বনস্পতি অঞ্চলৰ উন্নতি সুনিশ্চিত নোহোৱাপৰ্য়ন্ত দ্বিতীয় পৰ্যায়ৰ পৰিসৰত জলসিঞ্চন সম্প্ৰসাৰণ ঘটা মৰুস্থলী এলেকাটোৰে পাৰিস্থিতিক সমস্যা কেৱল গহন জলসিঞ্চন কাৰ্যৰে দীৰ্ঘস্থায়ী সমাধান আনিব পৰা নাযায়।

    ৬/ অঞ্চলটো সামাজিক অৰ্থত ধাৰণক্ষম হব পাৰে যদিহে নিজা মাটি থকা অথচ অৰ্থনৈতিকভাৱে নিঃকিন দৰিদ্ৰ কৃষকসকলক খেতি - বাতি কৰিবলৈ প্ৰচুৰ বিত্ত আৰু আনুষ্ঠানিক সাহায্য প্ৰদান কৰিব পাৰে।

    ৭/ কেৱল কৃষিকাৰ্য আৰু পশুপালন খণ্ডৰ উন্নতিয়েই অঞ্চলটোক অৰ্থনৈতিকভাৱে ধাৰণক্ষম কৰি তুলিব নোৱাৰি। বৰঞ্চ, কেতবোৰ অৰ্থনৈতিক খণ্ডবুক্ত কাম - কাজৰ সৈতে কৃষি আৰু মিশ্ৰকাৰ্যবোৰ সাঙুৰি লৈ বিকশিত কৰাৰ প্ৰয়োজন থাকে।ইয়াৰ দ্বাৰা বহুমুখী অৰ্থনীতিৰ ভেটি সুদৃড় হৈ উঠাৰ লগতে মূল গাওঁ, কৃষি কেন্দ্ৰ আৰু বজাৰ কেন্দ্ৰবোৰৰ মাজত থকা কাৰ্যকৰী যোগাযোগ কৰা প্ৰতিষ্ঠানবোৰো গঢ়ি উঠিব।



Type - Boby Bora