অধ্যায় ১০

মোমাই তামুলী বৰবৰুৱা


চমু প্ৰশ্নউওৰঃ

১)আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱাৰ নাম কি?

উওৰঃ মোমাই তামুলী।

২)মোমাই তামলী বৰবৰুৱাৰ পিতৃ নাম কি?

উওৰঃ মোমাই ন্যেচাংগ।

৩)বন্ধাৰ অৰ্থ কি?

উওৰঃ বাধ্যক্ৰমে থকা ভৃত্য।

৪) তাই ভাষাত মোমাই অৰ্থ কি?

উওৰঃ তামোল পৰিস্কাৰ কৰা।

৫)মোমাই ন্যেচাংগৰ কৰ্মদক্ষতা দেখি প্ৰতাপসিংহই তেওঁক কেইটা পদেৰে পুৰস্কৃত কৰিছিল?

উওৰঃ তিনিটা।

৬)কিমান খ্ৰিষ্টাব্দত মোমাই ন্যেচাংগ বৰবৰুৱা পদত অধিষ্ঠিত কৰালে?

উওৰঃ ১৫১৮ খ্ৰি.ত।

৭) কিমান খ্ৰিষ্টাব্দত মোগল সেনাপতি আহা্লায়াৰ খাঁৰ লগত এখন সন্ধি কৰিছিল?

উওৰঃ ১৬৩৯ খ্ৰি.ত।

৮)বৰ্তমান কোনটো পথ অসুৰৰ আলি নামেৰে জনাজাত আছিল?

উওৰঃ ৰাজগড়।

৯) আধুনিক গাওঁ নিৰ্মাণৰ বাটকটীয়া জনক কোন?

উওৰঃ মোমাই ন্যেচাংগ।

১০) যাত্ৰায়তৰ সুবিধাৰ বাবে মোমাই তামুলী বৰবৰুৱাই  কেইটা আলি সাজি উলিয়াইছিল?

উওৰঃ পাচঁটা।

১১) স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাক কি নামেৰে জনা গৈছিল?

উওৰঃ 'নামছলা ৰজা'।

১২) স্বৰ্গদেউ প্ৰতাপসিংহই 'বৰবৰুৱা' আৰু 'বৰফুকন' নামৰ কেইটা পদবীৰ সৃষ্টি কৰিছিল?

উওৰঃ দুটা।


Author- Pompi Hazarika