ধনবৰ আৰু ৰতনী  

আৰ্হি প্ৰশ্নঃ 

১) ' ধনবৰ আৰু ৰতনী ' কোন শ্ৰেণীৰ কবিটা ? কবিতাটোৰ মূল কথাখিনি লিখা ।

উত্তৰঃ ' ধনবৰ আৰু ৰতনী ' এটা আখ্যানমূলক গীত বা মালিতা। ৰতনী ১৬ বছৰীয়া এজনী গাভৰু। আনহাতে ধনবৰো ১৬ বছৰীয়া এজন ডেকা। তেওঁৰ ঘৰ দিখৌমুখত। মাক বাপেকৰ সৈতে ৰতনী কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল। সেই সময়তে ধনবৰ আৰু ৰতনীৰ মাজত প্ৰেমৰ উন্মেষ ঘটে। তাৰ পাছত ৰতনীয়ে ধনবৰৰ হৃদয়ৰ মাজত নিগাজিকৈ ঠাই পাতি ললে। এদিন মাক-বাপেকৰে সৈতে ৰতনী ঘৰলৈ উভতি ভটিয়াই গল। ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰক্ষ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে। ৰতনীৰ অবিহনে ধনবৰ জীয়াই থাকিবলৈ অপাৰগ। ৰতনী যেন ধনবৰৰ কালশত্ৰু হৈ পৰিল। ধনবৰৰ বাবে ৰতনীয়ে আছিল সৰ্বস্ব। সেয়ে ৰতনীক হেৰুৱাই ধনবৰে লুইতৰ বুকুত এফেৰি ঠাই বিচাৰি নৈত জাঁপ দিছিল। ধনবৰৰ আত্মজাহে পৃথিৱীত শোকৰ বিননি এৰি থৈ গল।

২) লক্ষ্মীনাথ বেজবৰুৱাৰ চমু পৰিচয় দিয়া ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল ১৮৬৪ চনত অবিভক্ত নগাঁও জিলাৰ আহঁতগুৰিত । বেজবৰুৱাৰ কবিটা পুথি দুখন হল- 'কদমকলি' আৰু 'পদুমকলি'। তেখেতে 'পদুমকুঁৱৰী' নামৰ উপন্যাস ৰচনা কৰাৰ লগতে 'সুৰভি','সাধুকথাৰ' 'কুকি','জোনবিৰি' নামৰ চুটিগল্পৰ পুথি ৰচনা কৰে। 'বুঢ়ী আইৰ সাধু','জুনুকা','ককাদেউতা আৰু নাতি লৰা' তেখেতৰ সাধুকথাৰ পুথি । তেখেতৰ হাস্যৰসাত্মক পুথিকেইখন হল- 'কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা', 'কৃপাবৰ বৰুৱাৰ ওভতনি', 'কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি', 'বৰবৰুৱাৰ বুলনি' । 'The Religion of Love and Devotion', 'শ্ৰীকৃষ্ণকথা', 'ভাগৱত কথা', তেখেতৰ আলোচনামূলক গ্ৰন্থ । অসম সাহিত্য সভাৰ ১৯২৪ চনৰ গুৱাহাটী অধিৱেশনৰ তেখেত সভাপতি আছিল। ১৯৩৮ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু হয় ।

৩) ধনবৰ আৰু ৰতনী কোন ? কবিতাটোত ধনবৰে এনেদৰে বিলাপ কৰাৰ কাৰণ কি ? বিলাপৰ কথাখিনি লিখা ।

উত্তৰঃ ধনবৰ আৰু ৰতনী এহাল প্ৰেমিক প্ৰেমিকা । মাক বাপেকৰ সৈতে ৰতনী কিছুদিন ধনবৰহঁতৰ ঘৰত আছিল। সেই সময়তে ধনবৰ আৰু ৰতনীৰ মাজত প্ৰেমৰ উন্মেষ ঘটে। তাৰ পাছত ৰতনীয়ে ধনবৰৰ হৃদয়ৰ মাজত নিগাজিকৈ ঠাই পাতি ললে। এদিন মাক-বাপেকৰে সৈতে ৰতনী ঘৰলৈ উভতি ভটিয়াই গল। ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰক্ষ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে। বিলাপত ধনবৰে ৰতনীক মাতিছিল কিন্তু ৰতনী নাহিছিল। তাৰ পিছত ধনবৰে অভিমানতে ৰতনীক কেতিয়াও ঘূৰি নাহিবলৈ কৈছিল।

৪) প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ঃ

    (ক) গঙাতে উৰিল ঐ গঙাৰে চিলনী,

                                বালিতে উৰিল ঐ ঘোঁৰা,

            সেন্দুৰী টিঙতে বহি উটি গলে

                                   ৰতনী ধনাইৰ পৰা ।

উত্তৰঃ উক্ত কবিতাফাকি 'সাহিত্য সৌৰভৰ' অন্তৰ্গত 'ধনবৰ ৰতনী' নামৰ গীতটিৰ পৰা তুলি লোৱা হৈছে।

    উক্ত কবিটাফাঁকিত ৰতনীয়ে ধনবৰক এৰি গুচি যোৱাত ধনবৰৰ মনৰ শোক প্ৰকাশ পাইছে। প্ৰেমত বলিয়া হৈ থকা ধনবৰে কৈছে আকাশৰ পাখি মেলি যোৱা গঙা চিলনীবোৰ কিছুসময়ৰ কাৰণে দেখা দি নাইকিয়া হৈ যায়। আকৌ বালিত থকা পোক-পতংগ বোৰো কিছু সময় দেখা দি নাইকিয়া হৈ যায়। তেনেদৰে নাওত উঠি অহা ৰতনীয়েও ধনবৰৰ ওচৰত আহি ধনবৰৰ মনত প্ৰেমৰ জোঁৱাৰ তুলি পুনৰ চিৰদিনৰ বাবে গুচি যায়। এনেদৰে কবিতাফাঁকিৰ জৰিয়তে প্ৰেম-বিৰহৰ বিলাপ প্ৰকাশ পাইছে ।


(খ) ফুটুকাৰ তলতে যখিনী ছোৱালী

                                টুকটুক্ চাপৰি বায়,

    ধনাইৰে ছাঁতে ৰতনী নাই ঐ,

                                কোনে তাৰ মুখলৈ চায় ।

উত্তৰঃ উক্ত কবিতাফাকি 'সাহিত্য সৌৰভৰ' অন্তৰ্গত 'ধনবৰ ৰতনী' নামৰ গীতটিৰ পৰা তুলি লোৱা হৈছে।

    কবিতাফাঁকিৰ মাজেদি ৰতনীয়ে ধনবৰক এৰি গুছি যোৱাত বিচ্ছেদ বেদনাত ভাঙি পৰা ধনবৰৰ  বিলাপ প্ৰকাশ পাইছে। ৰতনীয়ে কিছুদিন ধনবৰহতৰ ঘৰত থকাত সিহঁতৰ মাজত প্ৰেম হয়। কিন্তু কিছুদিনৰ পিছত ৰতনী গুচি যোৱাত ধনবৰ ভাগি পৰে। তেওঁ ব্ৰক্ষ্মপূত্ৰৰ পাৰত বহি শোক কৰি থাকে।



Type- Leena Kakati

Author- Leena Kakati