বনকুঁৱৰী

আৰ্হি প্ৰশ্নঃ

১)  ' বনকুঁৱৰী ' কবিতাটোৰ মূলভাব লিখা ।

উত্তৰঃ 'বনকুঁৱৰী' কবিতাটোত এক গহীন নিজান দুপৰ বেলা কোনোবাই যেন সুহুৰি মাৰি কাৰোবাক আমন্ত্ৰণ জনাইছে। বতাহৰ বা লাগি গছৰ আগবোৰ হালি-জালি নাচিছে, পাতবোৰ থৰ্-থৰকৈ কঁপিছে আৰু শুকান পাতত মৰ্ মৰ্ ধ্বনি উঠিছে। লতাবোৰে মৰমতে যেন ইটোৱে-সিটোক সাবটি ধৰিছে আৰু পাতৰ আঁৰৰ কপৌটিয়ে জুমি জুমি তাক চাবলৈ ধৰিছে। কুলু-কুলুকৈ বৈ যোৱা নদীখনলৈ চাই বিৰিখে হালি-জালি হাঁহিছে। তাৰ মাজতে আকৌ বকুল এজোপা, তামোল, লেটেকুৰে ভেটি এটাই এৰাবাৰী এখনৰ চিন দাঙি ধৰিছে। তাত বাহঁৰ মাজে মাজে যেন কোনোবা ঘূৰি ফুৰিছে, পাতে পাতে ফূচ্ফূচাই কিবা কথা পাটিছে,গাতে গা লগাই কপৌ দুটিয়ে মনৰ মৰম যাচিছে। বতাহে মৰমৰ ভিখাৰী হৈ প্ৰাণৰ অমিয়া মাধুৰী বিচৰাত দুয়ো প্ৰকৃতি কুঁৱৰীয়ে বতাহক মিচিকি হাঁহিৰে আনন্দিত কৰিলে। আনন্দৰ ঢৌৱে সমগ্ৰ প্ৰাণীৰ প্ৰাণ শিহঁৰিত কৰি তুলিলে।

    কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ অনুভৱে কেনেকৈ প্ৰাণীজগতক অপাৰ্থিৱ, অনিৰ্বচনীয় আনন্দ দিব পাৰে কবিয়ে তাকেই প্ৰকাশ কৰিব বিছাৰিছে। চাক্ষুষ দৃষ্টিৰে প্ৰত্যক্ষ কৰা প্ৰকৃতি জগতখনৰ মাজত যে আন এক অপাৰ্থিৱ সত্তা লুকাই থাকে কবিয়ে যেন তাৰেই সদ্ধান দিব বিচাৰিছে।

২) ' বনকুঁৱৰী ' কবিতাত কবিয়ে প্ৰকৃতিৰ ৰৃপৰ বৰ্ণনা কিদৰে কৰিছে- নিজৰ ভাষাত লিখা ।

উত্তৰঃ  এক গহীন নিজান দুপৰ বেলা কোনোবাই যেন সুহুৰি মাৰি কাৰোবাক আমন্ত্ৰণ জনাইছে। বতাহৰ বা লাগি গছৰ আগবোৰ হালি-জালি নাচিছে, পাতবোৰ থৰ্-থৰকৈ কঁপিছে আৰু শুকান পাতত মৰ্ মৰ্ ধ্বনি উঠিছে। লতাবোৰে মৰমতে যেন ইটোৱে-সিটোক সাবটি ধৰিছে আৰু পাতৰ আঁৰৰ কপৌটিয়ে জুমি জুমি তাক চাবলৈ ধৰিছে। কুলু-কুলুকৈ বৈ যোৱা নদীখনলৈ চাই বিৰিখে হালি-জালি হাঁহিছে। তাৰ মাজতে আকৌ বকুল এজোপা, তামোল, লেটেকুৰে ভেটি এটাই এৰাবাৰী এখনৰ চিন দাঙি ধৰিছে। তাত বাহঁৰ মাজে মাজে যেন কোনোবা ঘূৰি ফুৰিছে, পাতে পাতে ফূচ্ফূচাই কিবা কথা পাটিছে,গাতে গা লগাই কপৌ দুটিয়ে মনৰ মৰম যাচিছে। বতাহে মৰমৰ ভিখাৰী হৈ প্ৰাণৰ অমিয়া মাধুৰী বিচৰাত দুয়ো প্ৰকৃতি কুঁৱৰীয়ে বতাহক মিচিকি হাঁহিৰে আনন্দিত কৰিলে। আনন্দৰ ঢৌৱে সমগ্ৰ প্ৰাণীৰ প্ৰাণ শিহঁৰিত কৰি তুলিলে।

    কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ অনুভৱে কেনেকৈ প্ৰাণীজগতক অপাৰ্থিৱ, অনিৰ্বচনীয় আনন্দ দিব পাৰে কবিয়ে তাকেই প্ৰকাশ কৰিব বিছাৰিছে। চাক্ষুষ দৃষ্টিৰে প্ৰত্যক্ষ কৰা প্ৰকৃতি জগতখনৰ মাজত যে আন এক অপাৰ্থিৱ সত্তা লুকাই থাকে কবিয়ে যেন তাৰেই সদ্ধান দিব বিচাৰিছে।

৩) প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটো কি ?

উত্তৰঃ প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটো হল - 'বনকুঁৱৰী' ।

৪) 'প্ৰতিমাৰ খনিকৰ' বুলি কাক কোৱা হয় ?

উত্তৰঃ 'প্ৰতিমাৰ খনিকৰ' বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয় ।

৫) বেজবৰুৱাই 'প্ৰতিমা'খন সম্পৰ্কে কি মন্তব্য় দিছিল ?

উত্তৰঃ বেজবৰুৱাই 'প্ৰতিমা'খন সম্পৰ্কে কৈছিল - ''প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।''

৬)'জোনাকী' আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ?

উত্তৰঃ 'জোনাকী' আলোচনীৰ প্ৰথম সম্পাদক আছিল - চন্দ্ৰকুমাৰ আগৰৱালা।

৭) চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাপুথি দুখনৰ নাম লিখা ।

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাপুথি দুখনৰ নাম হল - 'প্ৰতিমা'(১৯১৪) আৰু 'বীণবৰাগী'(১৯২৩) 

৮) জোনাকী যুগৰ ত্ৰিমৃৰ্তি বুলি কলে কাক কাক বুজোৱা হয় ।

উত্তৰঃ জোনাকী যুগৰ ত্ৰিমৃৰ্তি বুলি কলে - চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱাক বুজোৱা হয়।

৯) হাবিৰ মাজত মৰ্-মৰ্ ধ্বনি কোনে তুলিছিল ?

উত্তৰঃ হাবিৰ মাজত মৰ্-মৰ্ ধ্বনি শুকান পাতে তুলিছিল ।


১০) প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ঃ

    (ক) মৰম ভিখাৰী, বিচাৰিছোঁ দেৱী

          প্ৰাণৰ অমিয়া মাধুৰী

উত্তৰঃ উক্ত কবিতাফাঁকি 'সাহিত্য সৌৰভৰ' 'বনকুঁৱৰী' নামৰ কবিতা ফাকিৰ পৰা লোৱা হৈছে ।

    ইয়াৰ দ্ধাৰা কবিয়ে কিদৰে বতাহে মৰমৰ ভিক্ষাৰী হৈ প্ৰাণৰ অমিয়া মাধুৰী বিচৰাত দুয়ো প্ৰকৃতি কুঁৱৰীয়ে বতাহক মিচিকি হাহিৰে আনন্দিত কৰিলে।  কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ অনুভৱে কেনেকৈ প্ৰাণীজগতক অপাৰ্থিৱ, অনিৰ্বচনীয় আনন্দ দিব পাৰে কবিয়ে তাকেই প্ৰকাশ কৰিব বিছাৰিছে।


    (খ) অথিৰ বায়ুৰ শিয়ঁৰিল নোম

                            উছলাইছে গৈ জান

    কাৰণ-নেদেখা আনন্দৰ ঢৌৱে

                            বুৰালে প্ৰাণীৰ প্ৰাণ ।

 উত্তৰঃ উক্ত কবিতাফাঁকি 'সাহিত্য সৌৰভৰ' 'বনকুঁৱৰী' নামৰ কবিতা ফাকিৰ পৰা লোৱা হৈছে ।

    কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ অনুভৱে কেনেকৈ প্ৰাণীজগতক অপাৰ্থিৱ, অনিৰ্বচনীয় আনন্দ দিব পাৰে কবিয়ে তাকেই প্ৰকাশ কৰিব বিছাৰিছে। চাক্ষুষ দৃষ্টিৰে প্ৰত্যক্ষ কৰা প্ৰকৃতি জগতখনৰ মাজত যে আন এক অপাৰ্থিৱ সত্তা লুকাই থাকে কবিয়ে যেন তাৰেই সন্ধান দিব বিচাৰিছে।



Type- Leena Kakati

Author- Leena Kakati