দুৰ্যোগ ব্যৱস্থাপনা 

আৰ্হি প্ৰশ্নঃ

১) দুৰ্যোগ বুলিলে কি বুজা ? পাঠটিৰ লেখকে ইয়াক কেইটা ভাগ বা শ্ৰেণীত ভাগ কৰি দেখুৱাইছে ? প্ৰতিটো ভাগৰে দুটাকৈ উদাহৰণ দিয়া ।

উত্তৰঃ দূৰ্যোগ বুলিলে আচম্বিতে সংঘটিত হোৱা অতি বিপদজ্জনক পৰিঘটনা, যাৰ ফলস্বৰূপে জনজীৱন, আন্তঃগাঁথনি, অৰ্থনৈতিক পৰিস্থিতি আৰু পৰিৱেশৰ গুৰুতভাৱে ব্যাঘাত ঘটে । পাঠটিৰ লেখকে ইয়াক ৫ টা ভাগ বা শ্ৰেণীত ভাগ কৰি দেখুৱাইছে।

    (ক) জল আৰু জলবায়ুৰ সৈতে জড়িত , যেনে - বানপানী,ধুমুহা ।

 (খ) ভূতাত্ত্বিক গাঁথনিৰ সৈতে জড়িত, যেনে - ভূমিকম্প, আগ্নেয়গিৰি।

    (গ) ৰাসায়নিক,ঔদ্যোগিক, আণৱিক কাৰণে হোৱা দুৰ্যোগ।

   (ঘ) আকস্মিক ঘটনাৰ কাৰণে হোৱা দুৰ্যোগ, যেনে- বনজুই, নাওডুবা ।

    (ঙ) জৈৱিক কাৰণে ঘটা দুৰ্যোগ, যেনে - মহামাৰী, গৰু-মহৰ বেমাৰ ।

২) দুৰ্যোগ ব্যৱস্থাপনা বুলিলে কি বুজা ? ইয়াৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ দুৰ্যোগ ব্যৱস্থাপনা হল এলানি কাৰ্যকলাপৰ সমষ্টি -যাৰ দ্ধাৰা দুৰ্যোগ তথা জৰুৰীকালীন অৱস্থা নিয়ন্ত্ৰণ কৰি আৰু সাহায্য আগবঢ়াই বিপদগ্ৰস্থ লোকসকলক সুৰক্ষা প্ৰদান আৰু দুৰ্যোগৰ কবলৰ পৰা উদ্ধাৰ কৰিব পাৰি। 

    দুৰ্যোগ ব্যৱস্থাপনাৰ উদ্দেশ্য হল - 

         (১) ব্যক্তিবিশেষ, সমাজ আৰু সামগ্ৰিকভাৱে ৰাষ্ট্ৰই সন্মুখীন হব পৰা সম্ভাব্য ধন-জন, ভৌতিক ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস অথবা ইয়াৰ কবলৰ পৰা সম্পূৰ্ণ মুক্ত কৰা ।

    (২) ব্যক্তিগত দুখ-কষ্ট লাঘৱ কৰা।

    (৩) পুনৰ উদ্ধাৰ কাৰ্য ক্ষিপ্ৰতৰ কৰা ।

৩)দুৰ্যোগ ব্যৱস্থাপনাৰ মূল উপাদানসমূহ কি কি ?

উত্তৰঃ দুৰ্যোগ ব্যৱস্থাপনাৰ মূল উপাদানবোৰ হল -

    (১) সম্ভাব্য বিপদ-ব্যৱস্থাপনা।

    (২) ক্ষয়-ক্ষতি হ্ৰাস।

    (৩) দুৰ্যোগ নিয়ন্ত্ৰণ।

    (৪) সম-সাহায্য বিতৰণ।

    (৫) সম্পদ আহৰণ ব্যৱস্থা আৰু

    (৬) প্ৰভাৱ দূৰীকৰণ।

৪) দুৰ্যোগ ব্যৱস্থাপনাৰ স্তৰ তিনিটা কি কি ?

উত্তৰঃ (ক) দুৰ্যোগৰ আগত লোৱা ব্যৱস্থাসমূহ যেনে - সজাগতা বৃদ্ধি, প্ৰশিক্ষণ, পৰিকল্পনা আৰু প্ৰচাৰ অভিযান।

    (খ) দুৰ্যোগৰ সময়ত লোৱা ব্যৱস্থাসমূহ,যেনে- জৰুৰী উদ্ধাৰ, প্ৰাথমিক সাহায্য প্ৰদান, খাদ্য-সামগ্ৰী, ঔষধ-পাতি অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ যোগান।

       (গ) দুৰ্যোগৰ পিছত লোৱা ব্যৱস্থাসমূহ হল তাৎক্ষণিক আৰু স্থায়ী পুনৰ সংস্থাপন, পূৰ্বৰ স্পৰ্শকাতৰ পৰিস্থিতিৰ যাতে পুনৰাবৃদ্ধি নঘটে তাৰ কাৰণে কৰা প্ৰচেষ্টা ।

৫) ভূমিকম্প হৈ থকা সময়ত আমি কি কৰা উচিত ?

উত্তৰঃ ১)প্ৰথম উপদেশটো হৈছে ধৈৰ্য ধৰি স্থিৰেৰে থাকক, সাহস গোটাওক আৰু আনকো সাহস দিয়ক, আতংকিত নহব।

    ২)স্থিৰেৰে থাকি অৱস্থাৰ বুজ ললে সম্ভাব্য বিপদৰ পৰা ৰক্ষা পাব পাৰি।

    ৩)ভূমিকম্পৰ সময়ত ডাঙৰ শব্দ শুনা যায়। এনে শব্দৰ সৃষ্টি হয় ভূ-স্তৰৰ সঞ্চালন বা ভূমিস্খলনৰ সময়ত। এনেধৰণৰ শব্দ শুনিলেও ভয় খাব নালাগে ।

    ৪)ঘৰৰ ভিতৰত থাকিলে খহি পৰা বস্তু যেনে আইনা বা বেলেগ বস্তু ৰ পৰা আতৰত সাৱধানে থাকিব লাগিব ।

৬)চমু উত্তৰ দিয়া -

 (ক) বোমা বিস্ফোৰণ কোন শ্ৰেণীৰ দুৰ্যোগ ?

উত্তৰঃ কৃত্ৰিম দূৰ্যোগ ।

(খ)  IDNDR ৰ সম্পূৰ্ণ ৰূপটো লিখা ।

উত্তৰঃ  IDNDR ৰ সম্পূৰ্ণ ৰূপটো হল - International Decade for Natural Disaster Reduction .

(গ) প্ৰাকৃতিক দুৰ্যোগ আৰু ৰেল দুৰ্ঘটনা নিয়ন্ত্ৰণৰ কাৰণে ভাৰত চৰকাৰৰ কোনকেইটা মন্ত্ৰণালয়ে দায়িত্ব পালন কৰে ?

উত্তৰঃ

(ঘ) দুৰ্যোগ ব্যৱস্থাপনাৰ নিমিত্তে ভাৰত চৰকাৰে গ্ৰহণ কৰা বিধিখনৰ নাম কি ?

উত্তৰঃ

(ঙ) ভূমিকম্প হলে তৰা-নৰা ছিগি দৌৰা উচিতনে ?

উত্তৰঃ ভূমিকম্প হলে তৰা-নৰা ছিগি দৌৰা উচিত নহয় ।


Author- Leena Kakati