ৰাৱণক বিভীষণৰ সজ উপদেশ

১) চমু উত্তৰ দিয়া ঃ

(ক) 'ৰাৱণক বিভীষণৰ সজ উপদেশ' কাব্যাংশৰ ৰছক কোন ?

উত্তৰ ঃ মাধৱ কন্দলি ।

(খ) মাধৱ কন্দলি কোন শতিকাৰ কবি ?

উত্তৰ ঃ চতুৰ্দশ শতিকাৰ ।

(গ) 'ৰাৱণক বিভীষণৰ সজ উপদেশ' নামৰ কবিতাটো ৰামায়ণৰ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে ?

উত্তৰ ঃ 'ৰাৱণক বিভীষণৰ সজ উপদেশ' নামৰ কবিতাটো ৰামায়ণৰ সুন্দৰা কাণ্ডৰ পৰা লোৱা হৈছে ।

(ঘ) বিভীষণ কোন ?

উত্তৰ ঃ বিভীষণ ৰাৱণৰ কনিষ্ঠ ভাতৃ ।

(ঙ) ৰাৱণৰ মাতৃৰ নাম কি ?

উত্তৰ ঃ ৰাৱণৰ মাতৃৰ নাম হল নৈকেষী 

(চ) ইন্দ্ৰজিৎ কোন আছিল ?

উত্তৰ ঃ ইন্দ্ৰজিৎ ৰাৱণৰ পুত্ৰ ।

২) বিভীষণে ৰাৱণক কি কি সজ উপদেশ দিছিল ?

উত্তৰ ঃ সীতাক ৰামৰ হাতত গতাই দি ৰাৱণক শুদ্ধ পথলৈ আনিবলৈ সজ উপদেশ দিছিল ।

৩)মন্ত্ৰীসকলে ৰাৱণক বিভীষণৰ হিত উপদেশৰ বিপৰীতে কেনে ধৰণৰ উপদেশ দিছিল ?

উত্তৰ ঃ মন্ত্ৰীসকলে ৰাৱণক বিভীষণৰ হিত উপদেশৰ বিপৰীতে উপদেশ দিছিল যে লংকাধিপতি ৰাৱণে সেই ৰামক ভয় নকৰি সীতাক ৰামৰ হাতত গতাই নিদিবলৈ।

৪) কবিতাটিৰ মাজেৰে বিভীষণৰ চৰিত্ৰটো কেনেভাৱে ফুটি উঠিছে বৰ্ণনা কৰা ।

উত্তৰ ঃ কবিতাটিৰ মাজেৰে বিভীষণৰ সত চৰিত্ৰটো  ফুটি উঠিছে । তেওঁ সৎ,ৰামভক্ত আৰু নিঃস্বাৰ্থ আছিল। তেওঁ সীতাক ৰামৰ হাতত গোটাই দিবলৈ সজ উপদেশ দিছিল । এনেদৰে তেওঁৰ সত চৰিত্ৰৰ গুণ প্ৰকাশ পাইছে ।

৫) উত্তম, মধ্যম আৰু অধম কোন মন্ত্ৰক কোৱা হয় ?

উত্তৰ ঃকোনো কথাত মন্ত্ৰীসকলে বিষ্ণুক বিশ্বাস ৰাখি নিশ্চত সিদ্ধান্তত উপনীত হলে তাক উত্তম মন্ত্ৰ বুলি কোৱা হয়। আকৌ যেতিয়া মন্ত্ৰীয়ে কোনো কথাত একতা হলে তাক মধ্যম আৰু যেতি মন্ত্ৰিয়ে পুৰোষৰ তেজ বা শক্তি অস্বীকাৰ কৰি দৈৱ বুলি ভাৱে তেতিয়া তাক অধম মন্ত্ৰ বুলি কোৱা হয় ।

৬) প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা কৰা ঃ

(ক) ৰাঘৱ মুনিষ যেন জগত বিদিত ।

        কহিলো কাহিনী যেন আমাৰ উচিত ।।

(খ) শুনি পাত্ৰ মেলে উঠি বোলে ৰাৱণত ।

    দুঃ স্বপ্নৰ কথা প্ৰভু গুচায়ো মনত ।।

(গ) ৰামৰ হাতত জানো মোৰ যাইব জীৱ ।

    তথাপি নিদিবোঁ সীতা জনকৰ জীৱ ।।

উত্তৰঃ 


Type- Leena Kakati

Author- Leena Kakati