পৌৰ অঞ্চলৰ আৱৰ্জনাঃ

    বৰ্তমান পৌৰ অঞ্চলৰ অৰ্থাৎ নগৰৰ বৈশিষ্ট্য এনেধৰণৰ - জনপূৰ্ণ এলেকা, ঠেকাঠেকি, দ্ৰুত ত্ৰুমবৰ্ধমান জনসংখ্যা বাবে থকা ন্যূনতম সা - সুবিধা আৰু দুখ লগাকৈ থকা স্বাস্থ্যবিধিসন্মত অৱস্থা আৰু দূষিত দুৰ্গন্ধময় বাতাৱৰণ। বিভিন্ন উৎসৰ পৰা ওলোৱা বৃহৎ পৰিমাণৰ আৱৰ্জনাৰ বাবে গোটা আৱৰ্জনাৰে পৰিৱএশৰ প্ৰদূষিত হবলৈ ধৰিছে। গোটা আৱৰ্জনাই, পুৰণি আৰু ব্যৱহাৰ্য বস্তক সূচায়। উদাহৰণস্বৰূপে, দাগ লগা ধাতুৰ সৰু সৰু টুকুৰা, ভঙা গ্লাছৰ বাচন - বৰ্তন, প্লাষ্টিক বাচন, পলিথিনৰ টোপোলা, ছাই, ফ্লপি,CDৰ ভঙা টুকুৰা ইত্যাদিবোৰ বিভিন্ন ঠাইত থূপ খাবলৈ ধৰিছে। এই পেলনীয়া সামগ্ৰীবোৰক অলাগতিয়াল এৰেহা বস্ত বুলিও আখ্যা দিয়া হৈছে। এইবোৰ বস্ত দুটা উ সৰ পৰা প্ৰধানকৈ বিচ্ছুৰিত হয়,

    ১/ ঘৰুৱা অথবা গৃহস্থালী প্ৰতিষ্ঠাপনাৰ পৰা আৰু

    ২/ উদ্যোগিক অথবা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা গৃহস্থালীৰ আৱৰ্জনাবোৰ ৰাজহুৱা ভূমিত অথবা ব্যক্তিগত ঠিকা স্থানসমূহত জমা হয় আৰু উদ্যোগিক গোটসমূহৰ গোটা আবৰ্জনাবোৰ সংগ্ৰহ কৰি আনি, ৰাজহুৱা সুবিধাৰ আলমত ৰাজহুৱা নিম্নভূমিবোৰত জমা হবলৈ দিয়ে। অধিক পৰিমাণৰ ছাই আৰু উদ্যোগিক আবৰ্জনা আৰু তাপশক্তি গৃহ আৰু গৃহ নিৰ্মাণ কাৰ্যৰ আৱৰ্জনা ইত্যাদিবোৰে ভয়ানক সমস্যাৱলীৰ সন্মুখীন কৰিছে। এইবোৰে কিছুমান বেমাৰ যেনে - টাইফয়ড, ডিপথেৰিয়া, ডায়েৰিয়া, মেলেৰীয়া আৰু কলেৰা আদি ৰোগৰ বাহক হৈ পৰিছে। এই আৱৰ্জনাবোৰে আনধৰণেও অতিষশ্ঠ কৰি থাকে। যেনে - যেতিয়া ভালদৰে এইবোৰ সামৰি থব নোৱাৰে, তেতিয়া বতাহৰ দ্বাৰা বিয়পিবলৈ ধৰে আৰু বৰষুণৰ পানীৰ দ্বাৰা চাৰিওফালে সিঁচৰিত হৈ পৰে।

    নগৰ চহৰবোৰৰ ভিতৰত আৰু আশে - পাশে ঔদ্য়োগিক গোটবোৰ ঘনীভূত হৈ থকা বাবে, ঔদ্যোগিক আৱৰ্জনা বেছিকৈ গোট খাবলৈ ধৰিছে। এই আৱৰ্জনাবোৰ আকৌ নদীৰ পানীত পেলাই দিয়াৰ ফলত পানীক প্ৰদূষিত কৰি আছে। মহানগৰ এলেকাত থকা উদ্যোগিকবোৰৰ পৰা নদীৰ পানী দুষিত হৈ থকাৰ লগতে চাফা নকৰা নৰ্দমাবোৰো লগ লাগি লৈ ভয়ানক স্বাস্থ্যজনিত সমস্যাৰ উদ্ভৱ কৰিছে।

    নগৰৰ আৱৰ্জনা পেলোৱা কতাটো, বৰ্তমান ভাৰতবৰ্ষৰ এটা সাংঘাতিক ডাঙৰ সমস্যাত পৰিণত হৈছে। মেট্ৰপলিটান মহানগৰীবোৰ যেনে মুম্বাই, কলকাতা, চেন্নাই, বাংগালোৰ ইত্যাদিৰ ৯০ শতাংশই গোটা আৱৰ্জনা সংগ্ৰহ কৰি চিজিল কৰা হয়। কিন্ত দেশৰ আন মহানগৰী আৰু চহৰবোৰৰ প্ৰায় ৩০ ৰ পৰা ৫০ শতাংশ আৱৰ্জনা সংগ্ৰহ নোহোৱাকৈ থাকি বাট পথৰ দাঁতিত গৃহবোৰৰ মাজৰ খালী হৈ থকা ঠাইবোৰত নাইবা এৰেহা মাটিবোৰত জমা হবলৈ ধৰে আৰু ভয়ানহ স্বাস্থ্যজনিত সমস্যাৱলীৰ সৃষ্টি কৰিবলৈ ধৰিছে। এি আৱৰ্জনাৰবোৰক সম্পদস্বৰূপ ব্যৱহাৰ কৰি শক্তিৰ উৎপাদন আৰু সাৰ প্ৰস্তত কৰাৰ কেঁচামাল হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। অপব্যৱহাৰত বৈ থকা আৱৰ্জনাবোৰ লাহে লাহে ভেঁকুৰিবলৈ ধৰে আৰু টক্সিৰ বায়োগছ আৰু লগতে মিথেল নিৰ্গত কৰি বায়ুমণ্ডলত বিয়পি পৰে।



Type - Boby Bora