আমি আৰু আমাৰ পৰিৱেশ

আৰ্হি প্ৰশ্নঃ

১) পৰিৱেশ বুলিলে কি বুজা ? ই কেইপ্ৰকাৰৰ আৰু কি কি? প্ৰত্যেকৰে চমু পৰিচয় দিয়া ।

উত্তৰঃ এটা অঞ্চলৰ যিবোৰ উপাদানে সকলো জীৱক সমিলমিলেৰে জীয়াই থাকিবলৈ সুবিধা দিয়ে, সেই উপাদানবোৰেই হল পৰিৱেশ। ই ২ প্ৰকাৰৰ। জৈৱ পৰিৱেশ আৰু অজৈৱ পৰিৱেশ । উদ্ভিদৰ পৰা জীৱাণুলৈকে প্ৰাণযুক্ত পৰিৱেশৰ নামে জৈৱ পৰিৱেশ । বায়ু, সূৰ্যৰ পোহৰ, গেছ আদি প্ৰাণশূন্য উপাদানেৰে গঠিত পৰিৱেশক অজৈৱ পৰিৱেশ বোলা হয় ।

২) পৰিৱেশ কেইটা উপাদানৰ সমষ্টি ? এইবোৰ ব্যাখ্যা কৰা ।

উত্তৰঃ পৰিৱেশ ৪টা উপাদানৰ সমষ্টি । যেনে- (১)বায়ুমণ্ডল, (২) জলমণ্ডল, (৩) স্থলমণ্ডল, (৪) জীৱমণ্ডল ।

    বায়ুমণ্ডল - ভূপৃষ্ঠৰ পৰা ৫০ কিলোমিটাৰ ওপৰলৈকে বায়ু থকা অংশকে বায়ুমণ্ডল বোলে। বিভিন্ন ধৰণৰ গেছ আৰু জলীয় বাষ্প, ধূলিকণা, ধোঁৱা আদিৰ সংমিশ্ৰণত বায়ুমণ্ডল গঠিত হৈছে ।

    জলমণ্ডল - পৃথিৱীৰ পানী থকা অংশই জলমণ্ডল। ইয়াত ১৪,৬০,০০০ ঘনকিলোমিটাৰ পানী আছে। ৯৭.৩ শতাংশ আছে সাগৰ মহাসাগৰত আৰু ২.৭ শতাংশ হিমবাহ, নদী আৰু ভূগৰ্ভ পানীত। পৃথিৱীখনৰ ৭০.৮ শতাংশ মহাসাগৰেই অধিকাৰ কৰি আছে।

    স্থলমণ্ডল - পৃথিৱীৰ খোলাটোৱেই হল স্থলমণ্ডল। মহাদেশকেইখন ইয়াৰ অন্তৰ্ভূক্ত। ইয়াৰ সকলো ঠাইৰ গভীৰতা সমান নহয়। ইয়াত পৰ্বত-পাহাৰ, মালভূমি, উপত্যাকা আৰু সমতল আছে।

    জীৱমণ্ডল - জীৱমণ্ডল নানা প্ৰজাতিৰ অসংখ্য উদ্ভিদ আৰু প্ৰাণীৰ আশ্ৰয়স্থল। 

৩) জীৱ সৃষ্টিৰ বাবে কি কি বস্তুৰ প্ৰয়োজন ?  জীৱ বাছি থাকিবলৈ কি কি উপাদানৰ প্ৰয়োজন লিখা ।

উত্তৰঃ 

৪) জীৱমণ্ডলত থকা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা কিমান আলোচনা কৰা ।

উত্তৰঃ জীৱমণ্ডল নানা প্ৰজাতিৰ অসংখ্য উদ্ভিদ আৰু প্ৰাণীৰ আশ্ৰয়স্থল। মূলতঃ ৩,৫০,০০০ উদ্ভিদৰ প্ৰজাতি আৰু ১,১০,০০,০০০ প্ৰাণীৰ প্ৰজাতি থকা অংশই হল জীৱমণ্ডল ।

৫) প্ৰাকৃতিক সম্পদ বিলুপ্তিৰ কাৰণবোৰ দৰ্শাই এটা আলোচনা আগবঢ়োৱা ।

উত্তৰঃ অৰণ্য টুটি অহাৰ ফলত উদ্ভিদ আৰু জীৱ-জন্তুৰ বহু প্ৰজাতি বিলুপ্ত হৈছে। খেতি কৰিবৰ বাবে হাবি-বন চাফা কৰিবলগীয়া হোৱাৰ কাৰণে বিভিন্ন গছ-গছনি কাটিবলগীয়া হৈছে যাৰ ফলত প্ৰাকৃতিক সম্পদৰ বিলুপ্তি ঘটিছে ।

৬) প্ৰদূষণ কাক বোলে ? পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ বায়ু পানী আৰু মাটিৰ জৈৱিক বৈশিষ্টসমূহৰ অনাকাংক্ষিতভাৱে ঘটোৱা পৰিৱৰ্তনকে প্ৰদূষণ বোলে । পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ ওপায় হল- আমি যিকোনো প্ৰদূষিত দ্ৰব্য যতে ততে পেলাব নালাগিব । ৰাসায়নিক সাৰ ব্যৱহাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগিব। 

৭) পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰতবৰ্ষই লোৱা ব্যৱস্থাসমূহৰ এটি টোকা যুগুত কৰা ।

উত্তৰঃ ১৯৭৪ চনৰ পৰা দেশখন এই বিষয়ত সজাগ হৈছে। প্ৰতিখন ৰাজ্যত একোখনকৈ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ গঠিত হৈছে। পৰিষদৰ হাতত প্ৰচুৰ ক্ষমতা। যিবোৰ উদ্যোগ প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহ মানি নচলে, সেইবোৰক শাস্তি বিহাৰ আইনগত কৰ্তৃত্ব পৰিষদসমূহৰ আছে। প্ৰদূষণ ৰোধ কৰা বৈজ্ঞানিক ব্যৱস্থাসমূহ সদৰী কৰাও প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদসমূহৰ কৰ্তব্যৰ অন্তৰ্ভূক্ত। পৰিষদসমূহক ভালেমান আইন, অধিনিয়ম আদি কাৰ্যকৰী কৰাৰ ক্ষমতা দিয়া হৈছে। যান্ত্ৰিক শব্দ আৰু অন্যান্য কোলাহল নিয়ন্ত্ৰণ কৰিবৰ বাবেও শব্দ প্ৰদূষণ অধিনিয়ম, ২০০০ ৰ যোগেদি পৰিষদসমূহে শব্দ প্ৰদূষণ নিয়ন্ত্ৰিত কৰাৰো ক্ষমতা পাইছে ।


Author- Leena Kakati