মানসিক স্ৱাস্থ্য় আৰু স্ৱাস্থ্য়বিজ্ঞান

প্রশাৱলী

উত্তৰ দিয়া

১। মানসিক স্বাস্থ্য কি?

উত্তৰঃমানসিক স্বাস্থ্য হ’ল ব্যক্তিৰ সম্পূৰ্ণ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰাখি বিভিন্ন পৰিৱেশত খাপ খুৱাই ল’ব পৰা এক প্রক্রিয়া। মানসিক স্বাস্থ্যই ব্যক্তিক সম্পূৰ্ণৰূপে আৰু সুস্থভাৱে জটিল পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সক্ষম কৰি তোলে। মানসিক স্বাস্থ্যই ব্যক্তিক ভিন্ন ভিন্‌ সমস্যাৰ লগত সমাযোজন কৰি ব্যক্তিৰ স্বকীয় গুণ-শক্তিৰ বিকাশত সহায় কৰে

২। মানসিক স্বাস্থ্যৰ এটা সংজ্ঞা দিয়া।

উত্তৰঃমনোবিজ্ঞানী জে. এ. হেডফিল্ডৰ মতে, ‘মানসিক স্বাস্থ্য হৈছে সমগ্র ব্যক্তিত্বৰ পৰিপূৰ্ণ আৰু সুশ্ৰাৱ্য কাৰ্য্য। (Mental health is the full and harmonious functioning of the whole personality.

৩। মানসিক স্বাস্থ্যবিজ্ঞান কি?

উত্তৰঃসাধাৰণ অৰ্থত, মনৰ স্বাস্থ্য ৰক্ষাৰ নিয়ম-কানুনৰ শাস্ত্ৰকেই মানসিক বিজ্ঞান বোলে। মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ মনৰ স্বাস্থ্য আৰু ইয়াৰ লগত জড়িত থকা বিভিন্ন দিশ সম্পর্কে অধ্যয়ন কৰে। মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ ভাৰসাম্য ব্যক্তিত্ব বিকাশ সাধন কৰি সমাজত সুস্থভাৱে সমাযোজনত সহায় কৰা। অর্থাৎ মানসিক স্বাস্থ্যবিজ্ঞান হ’ল এনেকুৱা এটা বিষয় যাৰ দ্বাৰা ব্যক্তিয়ে কেতবোৰ নীতি-নিয়ম বা চৰ্তৰ কথা অনুকৰণ কৰি ব্যক্তিত্ব বিকাশ ঘটাই সমাজত সংগতিপূর্ণভাৱেসমাযোজন কৰিব পাৰে।

 ৪। মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা এটা লিখা।

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা -

১। জে. এ. হেড্‌ফিল্ডৰ (J. A. Hadfield) মতে, মানসিক স্বাস্থ্যবিজ্ঞান মানসিক স্বাস্থ্য বজাই ৰখা আৰু মানসিক অসুস্থতা প্ৰতিৰোধ কাৰ্য্যৰ লগত জড়িত। (Mental hygiene is concerned with the maintenance of the mental health and the prevention of mental disorder.)

২। মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা মতে, মানসিক স্বাস্থ্যবিজ্ঞানে মনৰ স্বাস্থ্য আৰু কাৰ্য্যক্ষমতা বুজা আৰু সুৰক্ষা কৰাত সহায় কৰে। (Mental hygiene is concerned with the realisation and maintenance of the mental health and efficiency.)

৩। ইংলিছ আৰু ইংলিছৰ (English and English) মতে মানসিক স্বাস্থ্যবিজ্ঞান হৈছে এক বিজ্ঞান আৰু কলাৰ মানসিক স্বাস্থ্যৰ সংৰক্ষণ কৰাৰ এক উচ্চতম কৌশল। (Mental hygiene as the science and arts of preserving and maximising mental health.)

৫। ক্লিফোর্ড বিয়াৰচে লিখা কিতাপখনৰ নাম কি আছিল।

উত্তৰঃ ক্লিফোর্ড বিয়াৰচে লিখা কিতাপখনৰ নাম কি আছিল - 'A mind that found itself '.

৬। প্রথম অৱস্থাত মানসিক স্বাস্থ্যবিজ্ঞানে কিহৰ ওপৰত অধ্যয়ন কৰিছিল?

উত্তৰঃপ্রথম অৱস্থাত মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক বিকাৰগ্ৰস্থ লোকসকলৰ সমস্য়াৰ বিষয়ে অধ্য়য়ন  কৰিছিল ।

৭। মানসিক স্বাস্থ্যবিজ্ঞানৰ দুটা উদ্দেশ্য লিখা। 

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ দুটা উদ্দেশ্য   -

১। মানসিক অসুস্থতাৰ প্ৰতিকাৰ কৰা ।

২। মানসিক স্বাস্থ্য ৰক্ষা কৰা ।

৩। মানসিক ৰোগ নিৰাময়ৰ ব্যৱস্থা কৰা।

৮। মানসিক স্বাস্থ্যবিজ্ঞানৰ অন্তৰ্গত দুটা পৰিধিৰ বিষয়ে লিখা।

উত্তৰঃমানুহৰ জীৱন-প্ৰণালী, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি মানসিক স্বাস্থ্যবিজ্ঞানক মানসিক অশান্তিসমূহৰ চিকিৎসাতেই আৱদ্ধ নাৰাখি ইয়াৰ পৰিসৰ বিভিন্ন দিশলৈ বিস্তাৰিত কৰা হৈছে। বিশেষকৈ মানুহৰ (১) মানসিক স্বাস্থ্য ৰক্ষাৰ নতুন নতুন কৌশল যুগত কৰা। (২) মানসিক ৰোগ প্ৰতিৰোধ কৰা (৩) মানসিক স্বাস্থ্যবিজ্ঞানৰ দৰকাৰী দিশসমূহত গৱেষণা কৰা আদি বিষয়ও মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰৰ অর্ন্তভুক্ত।

৯।  মানসিকভাৱে সুস্থ ব্যক্তিৰ চাৰিটা গুণ উল্লেখ কৰা

উত্তৰঃমানসিকভাৱে সুস্থ ব্যক্তিৰ চাৰিটা গুণ  তলত উল্লেখ কৰা হ'ল -

১। নতুন পৰিৱেশত কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ সুস্থভাৱে সমাযোজন স্থাপন কৰে। 

২। নিজক আত্ম-মূল্যায়ন কৰিব পাৰে।

৩৷ বৌদ্ধিক আৰু আবেগিকভাৱে পৰিপক্ক হয়।

৪। বাস্তৱ আৰু জটিল দৈনন্দিন জীৱনৰ লগত সহজ সম্বন্ধ ৰক্ষা কৰিব পাৰে৷ 

৫। পৰিৱৰ্তনশীল সমাজৰ লগত সুস্থভাৱে সম্পর্ক স্থাপন কৰে।

১০। খালী ঠাই পুৰ কৰাঃ

(ক) মানসিক স্বাস্থ্য হৈছে সম্পূৰ্ণ আৰু পৰিপূৰ্ণ______ বিকাশৰ কাৰ্য্য। 

উত্তৰঃ

(খ) সুস্থ সমাযোজনে সুস্থ _______আৰু স্বাস্থ্য বজাই ৰাখে।

উত্তৰঃ

(গ) আত্মজীৱনী 'A mind that found itself' নামৰ কিতাপখন________ লিখিছিল।

উত্তৰঃক্লিফোর্ড বিয়াৰচে ।

 (ঘ) মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য হ'ল _______ সংৰক্ষণ আৰু নিৰাময়।

উত্তৰঃ

ঙ)________ চুইট্‌জাৰ আছিল প্রথমগৰাকী ব্যক্তি যিয়ে স্পষ্টকৈ মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল।

উত্তৰঃ

 চ। মানসিক স্বাস্থ্যবিজ্ঞানৰ ৰাষ্ট্ৰীয় কমিটিখন গঠন কৰা হৈছিল _______ চনত।

উত্তৰঃ

১১। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰকৃতি সমূহ লিখা। 

উত্তৰঃমানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰকৃতি সমূহ -

। মানসিক স্বাস্থ্যবিজ্ঞান এক বিকাশশীল আৰু বিজ্ঞানসম্মত বিষয়।

২। শাৰীৰিক সুস্বাস্থ্য অবিহনে মানসিক স্বাস্থ্য থাকিব নোৱাৰে।

৩। মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য একে বিষয় নহয়।

৪। মানসিক স্বাস্থ্য মানে সম্পূৰ্ণৰূপে মানসিক ৰোগৰ পৰা মুক্ত হোৱাটো নুবুজায়।

৫। মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিধি অতি ব্যাপক। শিক্ষা-মনোবিজ্ঞান, চিকিৎসাশাস্ত্র, শিশু মনোবিজ্ঞান, সমাজ বিজ্ঞান ইয়াৰ অন্তৰ্ভুক্ত।

১২। মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ বর্ণনা কৰা।

উত্তৰঃমানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ তলত বর্ণনা কৰা হৈছে -

i) নিদানমূলক আৰু আৰোগ্যমূলক কার্য [Diagnostic and curative function] : মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ মানসিক ৰোগ, অপসমাযোজন, মানসিক অস্থিৰতা, মানসিক বিকাৰ, মানসিক সমস্যা, অস্বাভাৱিকতা আদিৰ ক্ষেত্ৰত জড়িত থকা বিভিন্ন নিদানমূলক (diagnostic) আৰু আৰোগ্যমূলক (curative) কার্যসমূহ সম্পাদন কৰে। মানসিক দিশৰ লগত জড়িত থকা এই সকলোবোৰ সমস্যা নিদানমূলক কাৰ্য্যেৰ দ্বাৰা বিশ্লেষণ কৰা হয় আৰু তাৰ চিকিৎসাৰ নিমিত্তে আৰোগ্যমূলক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হয়।

ii) প্ৰতিকাৰমূলক/নিবাৰণমূলক কার্যঃ মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক ৰোগ, অপসমাযোজনৰ সমস্যা, মানসিক বিশৃংখলতা, আদিৰ প্ৰতিকাৰমূলক কাৰ্য্য সম্পাদন কৰে। এনেবোৰ সমস্যা সমাধানৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি মানুহৰ দেহ-মন ৰোগমুক্ত কৰি সুখী আৰু সুন্দৰ জীৱন-যাপনত সহায় কৰে।

iii) সংৰক্ষণমূলক/নিৰাপদমূলক কাৰ্য্য [Preservative function]: মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কার্যই ব্যক্তি তথা সমাজ উভয়ৰে কল্যাণকামী বিকাশ হোৱাটো বিচাৰে। ব্যক্তিয়ে যাতে মনৰ ভাৰসাম্য ৰক্ষা কৰি সুস্থ, সুন্দৰ আৰু সুখী জীৱন যাপন কৰে আৰু সমাজৰ বিকাশত জানা অৰিহনা যোগাব পাৰে তাৰ পৰিৱেশ মানসিক স্বাস্থ্য বিজ্ঞানে প্রদান কৰিব পাৰে। ব্যক্তিৰ মানসিক সুস্থিৰতাই এখন উন্নত, সুসংগঠিত আৰু সুনিয়ন্ত্রিত সমাজ গঢ়াত বিশেষ সহায় কৰে। মানসিকস্বাস্থ্যবিজ্ঞানে ব্যক্তিক নিজৰ সুস্থ মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ পৰিপূৰ্ণ বিকাশৰ বাবে সংৰক্ষণমূলক ব্যৱস্থা, উপায়, কৌশল ভালদৰে আয়ত্ত কৰাত সহায় কৰে।

১৩। মানসিক স্বাস্থ্য বিজ্ঞানৰ নীতিসমূহ চমুকৈ লিখা।

উত্তৰঃমানসিক স্বাস্থ্য বিজ্ঞানৰ নীতিসমূহ -

i) নিজ সত্তা বা আত্মৰ লগত সমযোজন নীতি [Principle of seeking adjustment with oneself]: মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিৰ নিজ ‘সত্তা’ বা ‘আত্ম’-ৰ লগত ভালদৰে পৰিচিত হোৱাত সহায় কৰে। ব্যক্তিৰ ভাৰসাম্য বিকাশ, আত্ম-নিয়ন্ত্রণ, আত্ম-আকাংখা, আত্ম-বিকাশ আদিৰ বিষয়ে মানসিক স্বাস্থ্যবিজ্ঞানে প্রয়োজনীয় নীতি গঠনত বিশেষ ভূমিকা গ্ৰহণ কৰে।

ii) পৰিৱেশৰ লগত সমাযোজন নীতি [ Principle of seeking adjustment with environment]: মানসিক স্বাস্থ্যবিজ্ঞান ব্যক্তিৰ নিজস্ব প্রয়োজন পূৰণ, আবেগিক প্রশিক্ষণ, ভাল স্বাস্থ্য ৰক্ষাত আগ্রহী, কৰ্মৰ প্ৰতি স্পৃহা, সামাজীকৰণ কৰা, জীৱনৰ সংশয় আৰু বাধাৰ লগত সমাযোজন কৰা, আনক ভালদৰে বুজা অথবা গ্রহণ কৰা, জীৱনৰ প্ৰতি ধনাত্মক মনোভাব গঢ়ি তোলা, ভগবানৰ প্ৰতি বিশ্বাস ৰখা আদি বিভিন্ন নীতিৰ লগত ওতঃপ্রোতভাবে জড়িত যিটোৱে ব্যক্তি পৰিৱেশৰ লগত সুস্থ সমাযোজনত সহায় কৰে।

iii) মানসিক স্বাস্থ্যৰ আৰোগ্যমূলক নীতি [ Principle of cure of mental health] : এই নীতি অনুযায়ী মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক ৰোগ, মানসিক অশান্তি, অস্থিৰতা, অসুস্থ অৱস্থা আদি সম্পর্কে ব্যক্তিক বিহিত ব্যৱস্থা প্রদান কৰে আৰু পূৰ্বৱস্থালৈ ঘূৰাই আনি স্বাভাৱিক জীৱন যাপনৰ পথ দেখুৱাই দিয়ে।

iv) মানসিক বিকাৰৰ প্ৰতিকাৰমূলক নীতি [ Principle of prevention of mental disord: এই নীতিয়ে ব্যক্তিৰ অপসমাযোজনৰ বিভিন্ন সামাজিক আৰু ব্যক্তিগত কাৰক সমূহ, প্রয়োজন,আকাংখা, প্ৰেৰণা, সংশয়, অভিপ্রায়, ক্লান্তি, হতাশা আদি সম্পর্কে জ্ঞান প্ৰদান কৰে। ব্যক্তিৰ এই সমস্যা বিলাকৰ সমাধানৰ বেলিকা মানসিক স্বাস্থ্য বিজ্ঞানে নির্দিষ্ট পৰামৰ্শ প্ৰদান কৰি তেওঁলোকৰ আবেগিক আৰু সামাজিক সমাযোজনত সহায় কৰে। ব্যক্তিৰ আভ্যন্তৰীণ সংশয়, হতাশা, ব্যর্থতা, নীচাত্মিকা মনোভাৱ, ভয়, আবেগিক অস্থিৰতা আদি সম্পর্কে মানসিক বিজ্ঞানে এই নীতিৰ আধাৰত যাবতীয় ব্যৱস্থা প্ৰদান কৰে।

v) মানসিক জীৱন সংৰক্ষণ নীতি [ Principle of preservation of mental life]: এই নীতিৰ আধাৰত মানসিক বিজ্ঞান ব্যক্তিৰ পৰিপূর্ণ বিকাশ, আবেগিক পৰিপক্কতা, আবেগিক সুস্থিৰতা, সুস্থ দেহ-মন ৰক্ষা, ব্যক্তিগত আৰু সামাজিক নিৰাপত্তা আদি দিশৰ লগত জড়িত।


১৪। মানসিক স্বাস্থ্যৰক্ষাত স্কুলৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।

উত্তৰঃমানসিক স্বাস্থ্যৰক্ষাত স্কুলৰ ভূমিকা -

i) শিক্ষকৰ আবেগিক ভাৰসাম্য দৃঢ় হোৱা উচিত। ছাত্র-ছাত্রীৰ মন সুস্থিৰ কৰাৰ : [loo বাবে শিক্ষক সদায় মানসিকভাৱে সজাগ হ’ব লাগে।

ii) শিক্ষক সদায় গণতান্ত্রিক দৃষ্টিভংগীৰ ফিলিত হোৱা উচিত। তেওঁৰ ভূমিকা বন্ধু, দার্শনিক আৰু পৰামৰ্শদাতা হিচাপে আ পালন কৰা উচিত। ছাত্ৰ-ছাত্ৰীৰ মনত গণতান্ত্রিক ভাৱধাৰা, আদর্শ, মূল্যবোধ গড়া সৃষ্টিৰ চেষ্টা কৰিব লাগে।

iii) ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্বৰ প্ৰতি সন্মান জনাব লাগে। প্রত্যেক ছাত্র-ছাত্রীয়ে যাতে নিজৰ সুপ্ত প্রতিভাসমূহ বিকাশ কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত।

১৫। মানসিক স্বাস্থ্যৰক্ষাত স্কুলে গুৰুত্ব দিবলগীয়া দুটা বিষয়ৰ কথা উল্লেখ কৰা। 

উত্তৰঃi) অনুশাসনৰ নীতি ঃ স্কুলৰ অনুশাসন ব্যৱস্থাই ছাত্ৰৰ মানসিক স্বাস্থ্যৰক্ষাৰ দিশত বিশেষ ভূমিকা গ্ৰহণ কৰে। বিদ্যালয়সমূহত অনুশাসনৰ নামত অৱদমনৰ পৰিৱৰ্তে আত্মঅনুশাসন নীতি সমর্থন কৰিব লাগে। এই নীতিয়ে ছাত্ৰৰ মানসিক স্বাস্থ্য ৰক্ষাত সহায় কৰিব।

ii) শিক্ষক-অভিভাৱকৰ সন্মিলন ঃ শিছাত্ৰ-ছাত্ৰীৰ সুস্থ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে বিদ্যালয়সমূহত সময়ে সময়ে শিক্ষক আৰু অভিভাৱকসকলৰ মাজত সন্মিলনৰ আয়োজন কৰা উচিত। তেতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাসমূহ পোহৰলৈ আহিব আৰু ইয়াৰ সমাধানৰ ব্যৱস্থাও হ’ব। 


১৬. মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনৰ প্ৰভাৱৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনৰ প্ৰভাৱ বোৰ -

i) শিশুৰ সামগ্রিক বিকাশত চকু দিব লাগে।

ii) শিশুৰ বিভিন্ন প্রয়োজনবোৰ পূৰণৰ চেষ্টা কৰিব লাগে।

iii) মৰম ভালপোৱাৰে শিশুৰ সমস্যাবোৰৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগে।

iv) শিশুৰ কৌতূহলী মনৰ প্ৰয়োজনবোৰ পূৰণৰ চেষ্টা কৰিব লাগে। 

v) ঘৰখনত অনুশাসন আৰু নৈতিক পৰিৱেশৰ সৃষ্টি কৰিব লাগে।

vi) শিশুৰ ভয়, ক্রোধ, হিংসা আদি পৰিস্থিতিত যুক্তিসংগতভাৱে সমাধানৰ চেষ্টা কৰিব লাগে।

১৭। মানসিক স্বাস্থ্যৰক্ষাত পিতৃ-মাতৃৰ ভূমিকা সম্পর্কে চমুকৈ লিখা।

উত্তৰঃমানসিক স্বাস্থ্যৰক্ষাত পিতৃ-মাতৃৰ ভূমিকা -

i) শিশুৰ সামগ্রিক বিকাশত চকু দিব লাগে।

ii) শিশুৰ বিভিন্ন প্রয়োজনবোৰ পূৰণৰ চেষ্টা কৰিব লাগে।

iii) মৰম ভালপোৱাৰে শিশুৰ সমস্যাবোৰৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগে।

iv) শিশুৰ কৌতূহলী মনৰ প্ৰয়োজনবোৰ পূৰণৰ চেষ্টা কৰিব লাগে। 

v) ঘৰখনত অনুশাসন আৰু নৈতিক পৰিৱেশৰ সৃষ্টি কৰিব লাগে।

vi) শিশুৰ ভয়, ক্রোধ, হিংসা আদি পৰিস্থিতিত যুক্তিসংগতভাৱে সমাধানৰ চেষ্টা কৰিব লাগে।

১৮। মানসিক স্বাস্থ্যৰক্ষাত ঘৰখনে কেনেকুৱা দায়িত্ব পালন কৰিব লাগে সেই সম্পর্কে চমুকৈ লিখা।

উত্তৰঃমানসিক স্বাস্থ্যৰক্ষাত ঘৰখনে  পালন কৰিব লগিয়া দায়িত্ব সমূহ সম্পর্কে তলত চমুকৈ আলোচনা কৰা হ'ল -

i) শিশুৰ সামগ্রিক বিকাশত চকু দিব লাগে।

ii) শিশুৰ বিভিন্ন প্রয়োজনবোৰ পূৰণৰ চেষ্টা কৰিব লাগে।

iii) মৰম ভালপোৱাৰে শিশুৰ সমস্যাবোৰৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগে।

iv) শিশুৰ কৌতূহলী মনৰ প্ৰয়োজনবোৰ পূৰণৰ চেষ্টা কৰিব লাগে। 

v) ঘৰখনত অনুশাসন আৰু নৈতিক পৰিৱেশৰ সৃষ্টি কৰিব লাগে।

vi) শিশুৰ ভয়, ক্রোধ, হিংসা আদি পৰিস্থিতিত যুক্তিসংগতভাৱে সমাধানৰ চেষ্টা কৰিব লাগে।

১৯। মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ সম্পর্কে আলোচনা কৰা।

উত্তৰঃমানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ অতি বহল। মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক বিশৃংখলা অথবা মানসিক আলোড়নৰ কাৰণসমূহ জনাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ সহায়ত মানসিক ৰোগৰ কাৰণবোৰৰ কথা সুন্দৰভাৱে বুজিব পাৰি। মানসিক সমস্যাবোৰ আঁতৰ কৰাৰ বাবে সংৰক্ষণমূলক উপায়সমূহৰ বিষয়ে জনাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে। সকলো ধৰণৰ মানসিক বিশৃংখলাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ কাৰণে মানসিক স্বাস্থ্য বিজ্ঞানৰ'জ্ঞান বিশেষভাৱে গুৰুত্বপূৰ্ণ। ইয়ে সুন্দৰ মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধিৰ ক্ষেত্ৰতো সহায় আগবঢ়ায়।মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা ব্যক্তিত্ব বিকাশৰ প্ৰক্ৰিয়াৰ বিষয়েও সুন্দৰভাৱে উপলব্ধি কৰিব পাৰি। প্ৰণালীবদ্ধভাৱে ব্যক্তিত্ব বিকাশৰ উপায় আৰু প্ৰণালীসমূহৰ কথা উপলব্ধিতো মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে সহায় আগবঢ়ায়। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা সমাযোজন প্ৰক্ৰিয়াৰ কথাবোৰো ভালদৰে উপলব্ধি কৰিব পাৰি। মানসিক স্বাস্থ্য বিজ্ঞানে সমাযোজন প্ৰক্ৰিয়াৰ দ্বাৰা নানা ক্রিয়াবিধ অর্থাৎ মানসিক অথবা প্ৰতিৰক্ষা যন্ত্ৰৰচনা, যিবোৰ মানসিক উত্তেজনা বা দ্বন্দ্বৰ উপশম ঘটোৱা অথবা সুস্থিৰ মানসিক স্বাস্থ্যৰ বাবে গ্ৰহণ কৰা হয়, সেইবোৰৰ বিষয়ে অধ্যয়ন চলায়। এনে যন্ত্ৰ ৰচনাসমূহ হৈছে— অৱদমন, নিৰোধ, ৰোধন, অৱৰোহন, পৰিৱৰ্তন, উন্নীতকৰণ, যুক্তিযুক্তকৰণ ইত্যাদি। সুন্দৰ মানসিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ সকলোবোৰ সমাযোজন প্ৰক্ৰিয়াৰ লগত মানসিক স্বাস্থ্য বিজ্ঞানৰ সম্পৰ্ক আছে। সামগ্ৰিকভাৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ মূলতঃ প্ৰণালীবদ্ধভাৱে মানসিক জীৱনৰ বিকাশ আৰু ব্যক্তিত্ব বিকাশৰ প্ৰক্ৰিয়াৰ লগত গভীৰভাৱে সম্পর্কযুক্ত হৈ আছে।


২০। চমুটোকা লিখা।

ক। মানসিক স্বাস্থ্যৰ ধাৰণা।

উত্তৰঃ মানসিক স্বাস্থ্য বুলিলে ব্যক্তিৰ দেহ-মনৰ অৱস্থাকেই বুজা যায়। মানসিক স্বাস্থ্যই ব্যক্তিক পৰিবেশৰ সুস্থ সমাযোজনত বিশেষভাৱে সহায় কৰে, সেয়েহে মানসিক স্বাস্থ্যৰ ধাৰণাটো আমি এনেদৰে বুজাব পাৰোঁ যে যেতিয়া মানসিক অৱস্থা ৰোগ বা বেমাৰৰ পৰা মুক্ত থাকে তেতিয়া তাক মানসিক স্বাস্থ্য বুলি কোৱা হয়৷ আনহাতে, জীৱনত বিভিন্ন পৰিবেশ, কার্যকলাপৰ মুখামুখি হোৱাৰ সময়ত মানসিকভাৱে স্বাস্থ্যৱান লোক এজনে স্বাভাৱিক প্ৰদৰ্শন কৰিব পাৰে। তদুপৰি মানসিকভাৱে স্বাস্থ্যৱান লোক এজনে সহজে পৰিবেশৰ লগত সমাযোজন কৰিব পাৰে। 29. মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা দিয়া।

খ। মানসিক স্বাস্থ্য বিজ্ঞানৰ অৰ্থ।

উত্তৰঃসৰল অৰ্থত যি বিজ্ঞানে মানসিক স্বাস্থ্য ৰক্ষাৰ বিষয়ে আলোচনা বা অধ্যয়ন কৰে তাকেই মানসিক স্বাস্থ্যবিজ্ঞান বুলি কোৱা হয়। মানসিক স্বাস্থ্যবিজ্ঞানে ব্যক্তিক পৰিবেশৰ লগত সমাযোজন কৰাত সহায় কৰে। স্বাস্থ্যকৰ জীৱনৰ বাবে প্ৰয়োজনীয় কলা-কৌশল আদিৰ বিষয়েও স্বাস্থ্যবিজ্ঞানে অধ্যয়ন কৰে।মুঠতে মনৰ যিকোনো অসুস্থতা, অপসমাযোজন আদিৰ পৰা হাত সাৰিবলৈ মানসিক স্বাস্থ্যবিজ্ঞানে প্ৰদান কৰে। চমু ভাষাত এয়াই হৈছে মানসিক স্বাস্থ্যবিজ্ঞানৰ অর্থ ।


গ। মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশসমূহ।

উত্তৰঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ দুটা উদ্দেশ্য   -

i) মানসিক অসুস্থতাৰ প্ৰতিকাৰ কৰা ।

ii) মানসিক স্বাস্থ্য ৰক্ষা কৰা ।

iii) মানসিক ৰোগ নিৰাময়ৰ ব্যৱস্থা কৰা।


ঘ। মানসিক স্বাস্থ্যবান লোকৰ বৈশিষ্ট্য।

উত্তৰঃi) নতুন পৰিৱেশত কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ সুস্থভাৱে সমাযোজন স্থাপন কৰে।

ii) নিজক আত্ম-মূল্যায়ন কৰিব পাৰে।

iii) বৌদ্ধিক আৰু আবেগিকভাৱে পৰিপক্ক হয়।

iv) বাস্তৱ আৰু জটিল দৈনন্দিন জীৱনৰ লগত সহজ সম্বন্ধ ৰক্ষা কৰিব পাৰে।

v) পৰিৱৰ্তনশীল সমাজৰ লগত সুস্থভাৱে সম্পর্ক স্থাপন কৰে।

vi) নিজৰ জীৱিকা বা কাৰ্য্যৰ প্ৰতি স্পৃহা আৰু আনন্দ প্রকাশ কৰে।কোনো উদ্দেশ্য বা লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰে।

vii) ৰক্ষণশীল মনোভাৱ ত্যাগ কৰি উদাৰশীলতা, স্থিতিশীল দৃষ্টিভঙ্গী গ্ৰহণ কৰে।

viii) পৰিৱেশৰ সকলো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সক্ষম হয়।

ix) আত্ম-মূল্যায়ন, নিজৰ বিচাৰ-বিবেচনা, যুক্তি, ধৈর্য্য, আত্ম-মনোবল অটুট ৰখা।





Question Type by Bhaskar 
Answer by: Himashree Bora & Prabal Konwar (31/05/2022)



Post ID: DABP001739