ৰাষ্ট্ৰ আৰু ইয়াৰ বিকাশ

Chapter 5

অনুশীলনী

তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাঃ

১। (ক) বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰঃ বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিল পুষ্য়বৰ্মন।

(খ) বৰ্মন বংশীয় কোনজন ৰজাৰ হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা আছিল ?

উত্তৰঃ  বৰ্মন বংশৰ কুমাৰ ভাস্কৰ বৰ্মনৰ হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা আছিল। 

(গ) হিউৱেনচাং কাৰ দিনত কামৰূপলৈ আহিছিল ?

উত্তৰঃ হিউৱেনচাং ভাস্কৰ বৰ্মনৰ দিনতে কামৰূপলৈ আহিছিল।

(ঘ) কোনজন ৰজাই কামৰূপৰ ৰাজধানী কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল ?

উত্তৰঃ ৰজা সন্ধ্য়াই কামৰূপৰ ৰাজধানী কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল। 

(ঙ) অসমীয়া ভাষালৈ পোন প্ৰথমতে ৰামায়ণ কোনে অনুবাদ কৰিছিল ?

উত্তৰঃ অসমীয়া ভাষালৈ পোন প্ৰথমতে ৰামায়ণ মাধৱ কন্দলীয়ে অনুবাদ কৰিছিল। 

(চ) আহোমসকল কোন জাতিৰ অন্তৰ্গত ?

উত্তৰঃ আহোমসকল টাই জাতিৰ অন্তৰ্গত। 

২। প্ৰাচীন অসমৰ ভৌগোলিক পৰিসীমা সম্পৰ্কে এটা টোকা যুগুতোৱা।

উত্তৰঃ প্ৰাচীন অসমৰ ভৌগোলিক পৰিসীমা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য়ই আগুৰি থকা অঞ্চলটোৰ কেন্দ্ৰবিন্দুৰত থকা ৰাজ্য়খনেই হল অসম। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৃত ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা দুয়োপাৰৰ সমতল ভূমিতেই গঢ় লৈ উঠিছিল প্ৰাচীন সভ্য়তাই। এই সমতল ভূমিকে কেন্দ্ৰ কৰি গঢ়ি উঠিছিল কামৰূপ ৰাজ্য়। 'লৌহিত' শব্দৰে প্ৰাগজ্য়োতিষ ৰাজ্য়ৰ ভৌগোলিক অঞ্চলখিনিক বুজোৱা হৈছে। প্ৰাগজ্য়োতিষ নামৰ লগত 'কামৰূপ' নামটো ব্য়ৱহাৰ কৰি দুয়োটা নামকে একলগ কৰিছিল। 

    বৰ্তমান অসমখন প্ৰাচীন কামৰূপ বা প্ৰাগজ্য়োতিষ ৰাজ্য়ৰ প্ৰকৃত ভৌগোলিক প্ৰতিভূ নহয়। সেই কাৰণে অসমৰ ভৌগোলিক পৰিসীমাৰ মাধ্য়মেৰে কামৰূপৰ চাৰিসীমা অনুমান কৰিব নোৱাৰি। কামৰূপ ৰাজ্য়খনন উত্থানৰ শীৰ্ষতম পৰ্যায়ত ইয়াৰ উত্তৰে পাহাৰীয়া অঞ্চলৰ নামনিভাগ আৰু ভূটানৰ কিছু অংশৰ কামৰূপ ৰাজ্য়ৰ সীমাৰ ভিতৰত সোমাইছিল। দক্ষিণ-পশ্চিমফালে বৰ্তমান বাংলাদেশৰ কিছু অঞ্চল ইয়াৰ সম্প্ৰসাৰণ হৈছিল। ১ম- ২য় শতিকাৰ পৰা ৰাজ্য়খনৰ পশ্চিম সীমা কৰতোয়া নদীতেই অন্ত পৰিছিল। সেই সময়ত বিহাৰ, উত্তৰ বংগ আৰু পশ্চিমলৈ সমগ্ৰ ভাৰততে সৰু প্ৰান্তীয় ৰাষ্ট্ৰবোৰ গঢ়ি উঠিছিল। 

    উত্তৰ ভাৰতৰ গুপ্তৰজাসকলৰ সময়ত গঙ্গা-ব্ৰহ্মপুত্ৰৰ সংগমৰ পূব পাৰলৈকে কামৰূপ ৰাজ্য়ৰ পশ্চিম সীমা বিস্তৃত আছিল। পূৰ্বে উল্লেখ কৰা প্ৰাচীন কালৰ ফলিসমূহৰ ভিতৰত সম্ৰাট সমুদ্ৰগুপ্তৰ এলাহাবাদ শিলালিপিত কামৰূপ ৰাজ্য়ৰ নামটো প্ৰথমে ব্য়ৱহাৰ হৈছে। ইয়াক এখন সীমান্তৱৰ্তী ৰাজ্য় হিচাপে উল্লেখ কৰিছে। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে গঢ় লৈ উঠা শোণিতপুৰৰ বাণ অসুৰৰ ৰাজ্য়খন কামৰূপ ৰাজ্য়ৰ হেঁচাত ভাগি-ছিগি গৈ ইয়াৰ লগত মিলি গৈছিল। 

 ৩। প্ৰাচীন কামৰূপৰ ৰাজনৈতিক উত্থান-পতনত ৰাজবংশসমূহৰ কাৰ্যকাৰিতা বৰ্ণনা কৰা।

উত্তৰঃ প্ৰাচীন কামৰূপৰ ৰাজনৈতিক উত্থান-পতনৰ ৰাজবংশসমূহৰ কাৰ্যকৰিতা বিষয়ে তলত আলোচনা কৰা হ'ল

    চতুৰ্থ শতিকাৰ মাজভাগৰ পৰা ইয়াৰ ৰাজনৈতিক বুৰঞ্জীৰ ধাৰাবাহিক তথ্য় পোৱা যায়। চতুৰ্থ শতিকাৰ আগৰ কালছোৱাত প্ৰাচীন সংস্কৃত সাহিত্য়সমূহত প্ৰাগ্জ্য়োতিষ - কামৰূপকেন্দ্ৰিক কিছুমান উল্লেখ কৰা হৈছে। ৰামায়ণ-মহাভাৰতৰ পৰা আৰম্ভ কৰি পিছৰ যুগৰ পুৰাণ-উপপুৰাণলৈকে প্ৰায়বোৰ শাস্ত্ৰতে পোৱা যায়। নৰকাসুৰ নামৰ এজন ৰজাই প্ৰাগজ্য়োতিষপুৰ ৰাজ্য়ত এসময়ত ৰাজত্ব কৰাৰ কথা অনুমান কৰিব পাৰি। শাস্ত্ৰ আৰু প্ৰাচীন ৰজাসকলে লিখি থৈ যোৱা ভূমিদানৰ ফলিত তেওঁৰ প্ৰত্য়ক্ষ উত্তৰাধিকাৰী হিচাপে ভগদত্তৰ নাম উল্লেখ আছে। চতুৰ্থ শতিকাৰ আগৰ সময়ছোৱা প্ৰাচীন প্ৰাগ্জ্য়োতিষ-কামৰূপৰ বাবে একপ্ৰকাৰ প্ৰাগৈতিহাসিক যুগ বুলি জনা যায়।

    খ্ৰীঃ ৪ৰ্থ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা প্ৰাগজ্য়োতিষ-কামৰূপৰত ৰাজনৈতিক বুৰঞ্জী পোৱা যায়। বৰ্মন বংশৰ প্ৰতিষ্ঠাতা আছিল পুষ্য়বৰ্মন। তেওঁ বংশত মুঠ ১৩ জন ৰজাই ৰাজত্ব কৰিছিল। সপ্তম শতিকাৰ মাজভাগলৈ প্ৰায় তিনিশ বছৰৰ কাল বৰ্মন বংশীয় ৰজা সকলে ৰাজ্য় শাসন কৰিছিল। কুমাৰ ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শেষ ৰজা। তেওঁ উত্তৰ ভাৰতৰ বিখ্য়াত ৰজা হৰ্ষবৰ্ধনৰ সমসাময়িক আৰু ভাল বন্ধুৰ আছিল। ভাস্কৰ বৰ্মনে ৬৫০ খ্ৰীঃ লৈ ৰাজত্ব কৰিছিল। সেই সময়তে চীনা বৌদ্ধ ভিক্ষু হিউয়েনচাং কামৰূপলৈ আহিছিল আৰু সেই ঠাইতে তেওঁ দুমাহ কাল আছিল। 

    খ্ৰীঃ সপ্তম শতাব্দীৰ মাজভাগত বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল। বৰ্মন বংশৰ শেষ ৰজা কুমাৰ ভাস্কৰ বৰ্মন অতিবাহিত আছিল। তেওঁ মৃত্য়ুৰ পিছত আন কোনো উত্তৰাধিকাৰী নথকাত শালস্তম্ভ নামৰ এজন ক্ষমতাশালী শাসনকৰ্তাই ৰাজসিংহাসন হস্তগত কৰে। শালগছৰ দৰে মজবুত আৰু শক্তিশালী ব্য়ক্তিৰ অধিকাৰী হোৱা বাবে তেওঁক সেই নাম দিয়া হয়। শালস্তম্ভ আৰু তেওঁলোকৰ পূৰ্বসূৰী বৰ্মন বংশৰ ৰজা সকলে নানান দেৱ-দেৱীক পূজা কৰিছিল। সেইবোৰৰ ভিতৰতে শিৱ আছিল প্ৰধান। বনমালা বৰ্মন আৰু হৰ্জৰ বৰ্মনৰ ভূমিদানৰ ফলিসমূহত উল্লেখ আছে তেওঁলোকে বৰফৰ সমান শুভ্ৰ আৰু হিমালয়ৰ সমান উচ্চ এটা শিৱমন্দিৰ নিৰ্মাণ কৰিছিল। শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানী হাৰুপেশ্বৰ নগৰত ব্ৰহ্মপুত্ৰ পাৰত আছিল, আৰু সেই মন্দিৰটোও সেই ঠাইতে আছিল। 

৪। মধ্য়যুগীয় অসমৰ ৰাজনৈতিক পৰিস্থিতি কেনেধৰণৰ আছিল ? ব্ৰহ্মপুত্ৰ উপত্য়কাত আহোম ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠা সন্দৰ্ভত আলোচনা কৰা।

উত্তৰঃ মধ্য়যুগীয় অসমৰ ৰাজনৈতিক পৰিস্থিতি কামৰূপ ৰাজ্য়খনৰ পতনৰ সময়ত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্য়কা ৰাজনৈতিকভাৱে বিভাজিত হৈ পৰিছিল। প্ৰাচীন কামৰূপ ৰাজ্য়খনৰ পৰাই উপজীৱ সংগ্ৰহ কৰি জমিদাৰ শ্ৰেণীৰ ভূঞাসকলে বেলেগ বেলেগ ঠাইত সিঁচৰিত হৈ স্বাধীনভাৱে নিজৰ এলেকাবোৰত শাসন কৰিছিল। ব্ৰহ্মপুত্ৰ উপত্য়কাৰ একেবাৰে উত্তৰ-পূৱ আৰু পূৱ অংশত ৰাজ্য় পাতি লৈছিল চুতীয়াসকলে। সেই সময়তে এয়োদশ শতিকাৰ প্ৰথম ভাগত মৰাণ-বৰাহীসকলৰ দক্ষিণ-পূৱ অঞ্চলত আহোম ৰাজ্য়খনৰ ভেটি প্ৰতিষ্ঠা কৰিছিল। ১৭ শতিকাৰ ভিতৰত সৰ্বব্য়াপী সাৰ্বভৌম ৰাষ্ট্ৰখনেই অসম নামেৰে জনাজাত। 

    আহোমসকল টাই জাতিৰ অন্তৰ্গত শাসকসকলৰ বংশধৰ আছিল। ১২১৫ খ্ৰীঃত সিংহাসন লাভৰ পৰা বঞ্চিত হৈ চুকাফাই মাওলুং ৰাজ্য় এৰি পৰিয়াল আৰু কিছুমান অনুগামীক লৈ অসমলৈ আহিছিল আৰু অসম-ব্ৰহ্মৰ সীমাত থকা পাটকাই পাৰ হৈ ১২২৮ খ্ৰীঃত ব্ৰহ্মপুত্ৰ উপত্য়কাত ভৰি দিছিল। চুকাফাৰ লগত অসমলৈ অহা লোকৰ সংখ্য়া কম আছিল আৰু মহিলা প্ৰায় নাছিলে বুলি উল্লেখ কৰা হৈছে। চুকাফাৰ যাত্ৰা আছিল নিতান্তই বিপদসংকুল। তেওঁ পাৰ হৈ অহা সুদীৰ্ঘ পথবোৰ আছিল মৰাণ, নগা, বৰাহী । চুকাফাৰ মৰম আৰু ব্য়ৱহাৰ মাজেৰে মৰাণ-বৰাহী আদি লোকসকলক নিজৰ সমৰ্থক কৰি লবলৈ সক্ষম হৈছিল। চুকাফাই ১২৫৩ খ্ৰীঃত শিৱসাগৰ জিলাৰ দক্ষিণ-পূৱে চৰাইদেউ পাহাৰত ৰাজধানী পাতি আহোম ৰাজ্য় ভেটি প্ৰতিষ্ঠা কৰিছিল।  ৪০ জন ৰজাই ৰাজত্ব কৰিছিল আৰু তেওঁলোকৰ শাসন প্ৰায় ছয়শ বছৰলৈ চলি আছিল। 

    আহোমসকলক অসমীয়া ভাষাত অসম বুলি কোৱা হয়। সেই নামটো মহাপুৰুষ শংকদেৱে দশম স্কন্ধ ভাগৱতৰ অসমীয়া অনুবাদত আহোম সকলক উল্লেখ কৰি থৈ গৈছে। সেই সময়ৰ পৰা তেওঁলোকৰ ৰাজ্য়খনৰ নাম অসম হয়। ১৬ শতিকাৰ আৰম্ভণিৰে পৰা স্বৰ্গদেউ চুহুংমুং ওৰফে দিহিঙ্গীয়া ৰজাৰ ৰাজত্ব কালত ৰাজ্য়খনৰ পশ্চিমমুখী সম্প্ৰসাৰণ আৰম্ভ হৈছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে থকা ভূঞা সামন্তসকলক পৰাজিত কৰিছিল আৰু পশ্চিমে নাৰায়ণপুৰ পৰ্যন্ত স্বৰ্গদেউ চুহুংমুঙে সামৰি লৈছিল। বঙ্গৰ মুছলমান সেনাপতি তুৰ্বক খানে সেইজন ৰজাৰ সময়ত অসম আক্ৰমণ কৰিছিল। তেওঁ যুদ্ধত হাৰি উভতি যাবলৈ বাধ্য় হৈছিল। তুৰ্বকৰ লগত যুদ্ধ কৰি ফ্ৰাচেংমুং বৰগোহাঁইৰ লগতে তেওঁ পত্নী বীৰঙ্গনা মূলাগাভৰুৱেও মৃত্য়ু বৰণ কৰিছিল। 

    অসমীয়া সেনাই মোগলক খেদি নি মানাহৰ সিপাৰ কৰি দি দক্ষিণে গোৱালপাৰা আৰু উত্তৰে মানাহত ৰাজ্য়ৰ পশ্চিম সীমা নিৰ্ধাৰণ কৰিছিল। এই খন যুদ্ধৰে আছিল বিখ্য়াত শৰাইঘাটৰ যুদ্ধ। ১৬৭১ চনৰ ৫ এপ্ৰিল তাৰিখটো ব্ৰহ্মপুত্ৰ বুকুত হোৱা যুদ্ধখনৰ চূড়ান্ত দিন আছিল। শৰাইঘাটৰ যুদ্ধৰ পিছতে লাচিত বৰফুকনৰ মৃত্য়ু হয়। আতন বঢ়াগোহাঁয়েও গুৱাহাটী এৰি গড়গাঁৱলৈ উভতি যায়। 

    


Author By- Chayanika Das




Post ID: DABP001740