গদ্য সাহিত্য়ৰ পথ-প্ৰদৰ্শকঃ ভট্টদেৱ

প্ৰথম খণ্ড

১) ভট্টদেৱৰ সাহিত্য়িক জীৱনৰ কীৰ্তিস্তম্ভ কি?

উত্তৰঃ গদ্য়ত ৰচিত পুথি 'কথা ভাগৱত', 'কথা-গীতা' আৰু 'কথা-ভক্তি-ৰত্নাৱলী'।

২) ভট্টদেৱৰ ৰচনাৰ এটি বৈশিষ্ট্য় লিখা।

উত্তৰঃ একেখিনি কথাৰ মাজত বিভিন্ন কালৰ ক্ৰিয়াৰ ব্যৱহাৰ।

৩) ভট্টদেৱে 'কথাবন্ধে' ভাগৱত ৰচনা কৰাৰ মূলত কি?

উত্তৰঃ দামোদৰদেৱ।

৪) ভট্টদেৱৰ অগাধ পাণ্ডিত্য় আৰু ৰচনাশক্তিৰ পৰিচয় ক'ত পোৱা যায়?

উত্তৰঃ ভট্টদেৱৰ সন্দেহবিহীন গ্ৰন্থকেইখনৰ পৰাই।

৫) অংকীয়া নাটৰ গদ্য় তথা অংকীয়া নাটৰ ভাষাত কি শব্দৰ প্ৰাচূৰ্য আছে?

উত্তৰঃ ব্ৰজবুলি।

৬) ভট্টদেৱে তেওঁৰ ৰচনাত কি কি শব্দ ব্যৱহাৰ কৰিছে?

উত্তৰঃ সংস্কৃত আৰু কথিত অসমীয়া শব্দ।

৭) দামোৰদৱেৰে ভট্টদেৱক কি আদেশ দিছিল?

উত্তৰঃ ভাগৱতখন সহজকৈ ভাঙিবলৈ।

৮) অসমীয়া গদ্য় সাহিত্য়ৰ জনক কোন?
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।

৯) ভট্টদেৱৰ ৰচনাত কিহৰ ব্যৱহাৰ নাই বুলিয়েই ক'ব পাৰি?
উত্তৰঃ জতুৱা ঠাঁচৰ।

১০) শৰণসংগ্ৰহ গ্ৰন্থখন কাৰ নামত পোৱা গৈছে?
উত্তৰঃ ভট্টদেৱৰ নামত।

১১) দামোৰদেৱে অন্তিম কালত কি গ্ৰহণ কৰিলে?
উত্তৰঃ ভৱৰোগৰ মহৌষধ বুলি ভাগৱতখন।

১২) দামোদৰদেৱৰ প্ৰিয় শিষ্য় কোন আছিল?
উত্তৰঃ ভট্টদেৱ।

১৩) কিছু সংখ্য়ক সমালোচকৰ মতে ভট্টদেৱৰ পিতৃৰ নাম কি?
উত্তৰঃ চন্দ্ৰ ভাৰতী।

১৪) দামোদৰদেৱে পাটবাউসী সত্ৰৰ অধিকাৰী কাক পাতে?
উত্তৰঃ ভট্টদেৱক।

১৫) ব্য়াসকুচি সত্ৰৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰঃ ভট্টদেৱ।

১৬) ভট্টদেৱৰ সাহিত্য়িক জীৱনৰ কীৰ্তিস্তম্ভৰ পুথিকেইখন কিমান শতিকাত ৰচিত?
উত্তৰঃ ষোড়শ শতিকাৰ শেষ দশকত।

১৭) ভট্টদেৱে কথা-ভাগৱত ৰচনা কৰাৰ কিমান বছৰ পিছত কথা-গীতা ৰচনা কৰে?
উত্তৰঃ চাৰি বছৰ পিছত।

১৮) ভট্টদেৱক কি বুলি কোৱা হয়?
উত্তৰঃ অসমীয়া গদ্য় সাহিত্য়ৰ পথ প্ৰদৰ্শক বুলি।

১৯) 'কথা-গীতাটৰ ভাষা 'কথা-ভাগৱত'ৰ ভাষাতকৈ কেনেকুৱা?
উত্তৰঃ অধিক নিমজ আৰু ওজস্বী।

২০) কবিৰত্ন বুলি কাক কোৱা হয়?
উত্তৰঃ ভট্টদেৱক।

Author: Chinmay Kakati


Post Id: DABP003349