পাঠ্যক্ৰম (Curriculum ) | Chapter 3 | TDC 1st Semester Principles of Education Book Chapter 3 Question and Answer Assamese Medium | B.A 1st Sem Principles of Education Book Solution |


পাঠ্যক্ৰম 

Chapter 3



প্রশ্নাৱলী


(i) অতি চমু প্রশ্ন


১। 'Currer' শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে?

From which language did the word 'Currere' derive?

Ans: 'Currer' শব্দটো লেটিন ভাষাৰ পৰা লোৱা হৈছে।

২। 'Currere' শব্দটোৰ অৰ্থ লিখা।

Write the meaning of the word 'Currer'.

Ans: 'Currere' শব্দটোৰ অৰ্থ হ'ল- "Run whay" বা Race Couese' অৰ্থাৎ দৌৰা স্থান বা দৌৰা পথ।

৩। পাঠ্যক্ৰমৰ সংজ্ঞা দিয়া।

Define curriculuÏ.

Ans: (১) কানিংহামৰ মতে পাঠ্যক্ৰমৰ সংজ্ঞা হ'ল, "পাঠ্যক্ৰম শিল্পীৰ (শিক্ষক) হাতত মূল আহিলা, যাৰ সহায়ত শিল্পীয়ে নিজৰ ধাৰণাৰে নিজ শিল্পশালাও (স্কুল) এই উপাদান (শিক্ষাৰ্থী) সমূহক গঢ় দিব পাৰে। (According to cunnigham-"Curriculum is a tool in the bands of the artist (teacher) to maild his natural (student) in his studio (school).

(২) ফ্ৰবেলৰ মতে, "মানৱ জাতিৰ সমগ্ৰ জ্ঞান আৰু অভিজ্ঞতাৰ সংক্ষিপ্ত সাৰ হিচাপে বিবেচনা কৰা উচিত। " (According Froebel -"Curriculum should be conceived as an epiteme of the rounded whale the Knowledge and experience of human race.)  

(৩) মনৰোৰ মতে, "শিক্ষাৰ লক্ষ্যত উপনীত হ'বৰ বাবে স্কুলে ব্যৱহাৰ কৰা সকলো অভিজ্ঞতাক পাঠ্যক্ৰমে সামৰি লয়।" (Monroe - " Curruculum embodies all the experiences which are utilized by the school to attain the aims of education.") 

৪। মনৰোৰ পাঠ্যক্ৰমৰ সংজ্ঞাটো লিখা। 

Write the defination of curriculum according to Monero.

উত্তৰঃ মনৰোৰ মতে পাঠ্যক্ৰমৰ সংজ্ঞাটো হ'ল, "শিক্ষাৰ লক্ষ্যত উপনীত হ'বৰ বাবে স্কুলে ব্যৱহাৰ কৰা সকলো অভিজ্ঞতাক পাঠ্যক্ৰমে সামৰি লয়।" (Monroe-"Curruculum embodies all the experience which are utilized by the school to attain the aims of education.")

(ii) চমু প্রশ্ন


১। পাঠ্যক্ৰম বুলিলে কি বুজা?

What do you mean by curriculum? 

উত্তৰঃ আমাৰ শিক্ষা ব্যৱস্থাত শ্ৰেণী অনুসৰি কিছুমান নিৰ্ধাৰিত বিষয় থাকে, যিবোৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বৰ বাবে ছাত্ৰ-ছাত্ৰীক শিকোৱা হয়, তাকে পাঠ্যক্ৰম বুলি কোৱা।

২। পাঠ্যক্ৰমৰ প্ৰকাৰসমূহ উল্লেখ কৰা।

Mention the types of curriculum.

উত্তৰঃ পাঠ্যক্ৰমৰ প্ৰকাৰসমূহ হ'ল- 

(১) বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম ঃ অধ্যয়নৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি যি পাঠ্যক্ৰম প্ৰস্তুত কৰা হয়, তাকে আমি বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম স্বৰূপে অভিহিত কৰিব পাৰি। এই প্ৰকাৰৰ পাঠ্যক্ৰমত শিক্ষাৰ্থীৰ ৰুছি,অভিৰুচি, আগ্ৰহ, প্ৰয়োজন আদিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ পৰিবৰ্তে শিক্ষণীয় বিষয়য়মূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়।

(২) কৰ্মকেন্দ্ৰিক পাঠ্যক্ৰম ঃ শিক্ষাৰ্থীৰ আগ্ৰহ, অভিৰুচি আৰু বিভিন্ন কৰ্মৰ ওপৰত ভিত্তি কৰি যি পাঠ্যক্ৰম প্ৰস্তুত কৰা হয় তাকে কৰ্মকেন্দ্ৰিক পাঠ্যক্ৰম বোলে। মনোবিদসকলৰ মনে কৰ্মভিত্তিক শিক্ষা অধিক ফলপ্ৰসূ। শিক্ষাৰ নিম্ন স্তৰত এনে পাঠ্যক্ৰম অতি উপযোগী।

(৩)  অবিভাজ্য বা সংহত পাঠ্যক্রম (Undifferentiated or Integrated Curriculum)ঃ পাঠ্যক্ৰমৰ এই প্ৰকাৰটোত অধ্যয়ণৰ সহ-সম্বন্ধৰ ভিত্তিত প্রয়োজনীয় বিষয়সমূহৰ মূল অংশবোৰ সংহত ৰূপত উপস্থাপন কৰা হয়। ইয়াত তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটা দিশেই অন্তৰ্ভূক্ত কৰা হয়। শিক্ষাবিদ হার্বাটেও বিভিন্ন বিষয়ৰ মাজত সম্পৰ্ক স্থাপন কৰি শিক্ষাৰ্থীক শিক্ষা প্ৰদানৰ মতপোষণ কৰিছিল।


(৪) স্থিতিশীল পাঠ্যক্রম (Rigid Curriculum) : পাঠ্যক্ৰমৰ মূল উদ্দেশ্য, বিষয়বস্তু আদি দীর্ঘদিনলৈ অপৰিৱৰ্তনীয় ৰূপত ৰাখিলে তাক আমি স্থিতিশীল পাঠ্যক্রম স্বৰূপে অভিহিত কৰিব পাৰো। আদর্শবাদী দাৰ্শনিকসকলে এনে পাঠ্যক্ৰমৰ পোষকতা কৰে। মূল্যবোধ, চিৰন্তন সত্য আদি কিছুমান দিশ পৰিবৰ্তন নকৰাকৈ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি ৰাখিব পাৰি।


(৫) অভিজ্ঞতাভিত্তিক পাঠ্যক্রম (Experience-based Curriculum) : শিক্ষার্থীসকলৰ তাত্ত্বিক আৰু ব্যৱহাৰিক জ্ঞান বৃদ্ধি কৰি তুলিবলৈ যিবোৰ বিষয় অন্তভূর্ক্ত কৰি পাঠ্যক্ৰম প্ৰস্তুত কৰা হয় তাক অভিজ্ঞতাভিত্তিক পাঠ্যক্রম বোলে। এই পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষার্থীয়ে জ্ঞান অভিজ্ঞতা লাভ কৰি বাস্তৱ জীৱনৰ ব্যৱহাৰিক দিশৰ সৈতে খাপ খাই চলিব পাৰে। যাৰ ফলত শিক্ষাৰ্থীৰ কৰ্ম দক্ষতা বৃদ্ধি পায় আৰু তেওঁলোকৰ সৰ্বাংগীন দিশৰ বিকাশ সম্ভৱ হয়।


(৬) ব্যৱহাৰিক পাঠ্যক্ৰম (Practical Curriculum) : বর্তমান সময়ত শিক্ষা ব্যবস্থার ব্যৱহাৰিক জ্ঞান আয়ত্বকৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। সেইবাবে বিষয়সমূহৰ ব্যৱহাৰিক দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি যি পাঠ্যক্ৰম প্ৰস্তুত কৰা হয়, তাক ব্যৱহাৰিক পাঠ্যক্ৰম বোলে এনে পাঠ্যক্ৰমৰদ্বাৰা শিক্ষাৰ্থীসকলক বিভিন্ন বিষয়ৰ বাস্তৱসন্মত জ্ঞান প্ৰদান কৰা হয়।

৩। সহঃপাঠ্যক্রম কাৰ্য্যসূচী কাক বোলে?

What is co-curricular activities?

উত্তৰঃ 

৪। অধ্যয়ণৰ সহ-সম্বন্ধ বুলিলে কি বুজা?

What do you mean by correlation of students.

 ৫। অধ্যয়ণৰ সহ-সম্বন্ধৰ প্ৰকাৰবোৰ লিখা।

Write the types of co-relation of students.

উত্তৰঃ অধ্যয়ণৰ সহ-সম্বন্ধৰ প্ৰকাৰবোৰ হ'ল-

 (১) একেটা বিষয়ৰে এটা পাঠৰ লগত আন পাঠৰ সহসম্বন্ধ (Correlation between two chapters of a subjects) : শিক্ষাদানৰ সময়ত শিক্ষকে এটা বিষয়ৰ এটা পাঠৰ লগত আন এটা পাঠৰ সহসম্বন্ধ ঘটাব পাৰে। এটা পাঠৰ বিষয়বস্তুৰ লগত আন এটা পাঠৰ সমন্বয় ঘটাই শিক্ষাদান কৰিব পাৰে। এনে কাৰ্য্যৰ বাবে শিক্ষকক আগতীয়া প্ৰস্তুতিৰ প্ৰয়োজন। বিভিন্ন পাঠবোৰৰ মাজত মিল থকা উপাদানবোৰ চিনাক্ত কৰি লৈ সেইবোৰৰ মাজত সহসম্বন্ধ উলিয়াব পাৰে। ইয়াৰ ফলস্বৰূপে শিক্ষাৰ্থীৰ শিক্ষা গ্রহণ কাৰ্য্য সফল হয়। তাৰোপৰি শিক্ষকৰ পৰিশ্ৰমো লাঘৱ হয়। উদাহৰণ স্বৰূপে বুৰঞ্জীৰ অশোকৰ ৰাজত্ব কালৰ বিষয়ে পাঠদান কৰোঁতে ইয়াৰ আগৰ আৰু পিছৰ সময়ছোৱাৰ ঘটনাৰ সহসম্বন্ধ উলিয়াব পাৰে।


(২) এটা বিষয়ৰ আনটো বিষয়ৰ সৈতে সহসম্বন্ধ (Correlation between two subjects) : বর্তমান শিক্ষা ব্যৱস্থাত পাঠ্যক্ৰমত একাধিক বিষয় অন্তর্ভুক্ত কৰিবলগীয়া হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ ফলত শিক্ষার্থীয়ে বিভিন্ন বিষয়ৰ জ্ঞান অর্জন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে সময়ৰ সীমাৱদ্ধতাৰ বাবে সকলো বিষয় পুংখানুপুংখভাৱে পঢ়াটো শিক্ষাৰ্থীৰ বাবে সম্ভৱপৰ নহয়। যাৰ ফলত বিষয়বোৰৰ মাজত সহসম্বন্ধ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। ইয়াৰ বাবে শিক্ষকে দুটা বিষয়ৰ সাদৃশ্য থকা উপাদানসমূহ উলিয়াই শিক্ষার্থীৰ আগত উপস্থাপন কৰিলে শ্ৰেণীৰ বিষয়বস্তু যথেষ্ট অৰ্থপূৰ্ণ হয় আৰু শিক্ষাৰ্থীসকলৰ বাবে পাঠ আয়ত্বকৰণ সহজ হৈ পৰে। তাৰোপৰি গতানুগতিক পাঠদানৰ ক্ষেত্ৰত সৃষ্টি হোৱা মানসিক অৱসাদ নাইকিয়া হয়।


উদাহৰণস্বৰূপে বুৰঞ্জী আৰু ভূগোল বিষয়ৰ মাজত সহসম্বন্ধ স্থাপন কৰিব পাৰি। বুৰঞ্জীৰ ঘটনাৱলীৰ বিষয়ে পাঠদান কৰোঁতে সেই ঠাইবোৰৰ ভৌগোলিক অৱস্থান জলবায়ু আদিৰ বিষয়ে মেপৰ সহায়ত শিক্ষাৰ্থীৰ আগত উপস্থাপন কৰিব পাৰি। এই ঠাইৰ লোকসকলৰ সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিক জীৱনৰ বিষয়ে চমু আভাষ দিব পাৰি। ঠিক তেনেদৰে সমাজবিজ্ঞানৰ সৈতে অর্থবিজ্ঞান বা ৰাজনীতি বিজ্ঞানৰ সহসম্বন্ধ নির্ণয় কৰি শিক্ষাদান কৰিব পাৰি ।

(৩) পঠনীয় বিষয়ৰ লগত বহিঃ জগতৰ সহসম্বন্ধ (Correlation of subject with actual life situation) : শিক্ষাৰ এটা প্ৰধান উদ্দেশ্য হৈছে শিক্ষার্থীসকলক ভৱিষ্যতৰ বাবে উপযুক্ত স্বৰূপে গঢ়ি তোলা। সেইবাবে শ্রেণীকক্ষত শিক্ষাৰ্থীক বাস্তৱসন্মত জ্ঞান প্ৰদান কৰিব লাগে। বৰ্তমান আমাৰ পাঠত সন্নিৱিষ্ট হোৱা তাত্ত্বিক বিষয়বোৰে শিক্ষাৰ্থীক বাস্তৱ জীৱনৰ জ্ঞান প্রদান কৰিব নোৱাৰে। সেইবাবে জীৱন বিছিন্ন কিছুমান বিষয় পাঠ্যক্ৰমৰ পৰা বাদ দিব লাগে। শিক্ষণীয় বিষয়বোৰ আমাৰ জীৱনত কিদৰে প্ৰভাৱ পেলাই এই দিশবোৰ শিক্ষাৰ্থীৰ সন্মুখত দাঙি ধৰিব লাগিব। উদাহৰণস্বৰূপে, শিক্ষা বিষয়ৰ পাঠদান কৰোঁতে শিক্ষাৰ্থীসকলক দেশৰ শিক্ষিত লোকৰ হাৰ, পুৰুষ মহিলাৰ শিক্ষাৰ হাৰ, জীৱন ধাৰণৰ মানদণ্ডৰ ওপৰত শিক্ষাৰ প্ৰভাৱ, দেশৰ সাক্ষৰতাৰ হাৰ আৰু সমাজত তাৰ প্ৰভাৱ, শিক্ষা আৰু অন্ধ বিশ্বাস আদিবোৰ সম্পৰ্কে শিক্ষাৰ্থীক অৱগত কৰিব লাগে। তেতিয়া তেওঁলোকে সমাজত শিক্ষাৰ প্ৰভাৱ সম্পৰ্কে জ্ঞাত হ'ব আৰু বাস্তৱসন্মত জ্ঞান লাভ কৰিব।

(iii) দীঘল প্রশ্ন


১। পাঠ্যক্রম কাক বোলে? পাঠ্যক্ৰম প্ৰস্তুতিৰ সাধাৰণ নীতি সমূহ লিখা। 

What is curriculum? Write the general principles of curriculum construction.


২। পাঠ্যক্ৰমৰ সংজ্ঞা দিয়া। পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পর্কে লিখা। 

Define curriculum. Discuss the need and importance of curriculum. 


৩। মাধ্যমিক স্তৰৰ পাঠ্যক্ৰম প্ৰস্তুতিৰ নীতিবোৰ আলোচনা কৰা।

Discuss the principles of curriculum construction at secodary level.


৪। প্রচলিত পাঠ্যক্ৰমৰ দোষ-ত্রুটিসমূহ আলোচনা কৰা।

Discuss the defects of the existing curriculum.


৫। অধ্যয়ণৰ সহঃসম্বন্ধ কাক বোলে? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ আলোচনা কৰা।

 What is correlation of studies? Discuss the types of correlation of studies.


৬। অধ্যয়ন সহঃসম্বন্ধৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা।

 Discuss the need of correlation of studies.


৭। অধ্যয়ণৰ সহঃসম্বন্ধৰ সুবিধা আৰু অসুবিধাসমূহ ব্যাখ্যা কৰা

Explain the merits and demerits of correlation of studies. 


৮। সহঃপাঠ্যক্ৰম কাৰ্য্যসূচী কাক বোলে? শিক্ষণত সহঃপাঠ্যক্ৰম কাৰ্য্যসূচীৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা।

 What is Co-curricular activities? Explain the importance of co-curricular activities in Education.


৯। সহঃ পাঠ্যক্ৰম কাৰ্য্যসূচীৰ বিভিন্ন প্ৰকাৰসমূহ বৰ্ণনা কৰা।

Explain the various types of co-curricular activities.


১০। অধ্যয়ণৰ সহঃসম্বন্ধৰ সীমাৱদ্ধতাসমূহ লিখা।

 Write the limitation of correlations of studies.


১১। চমু টোকা লিখা :


Write short note :


(i) শিশুকেন্দ্রিক পাঠ্যক্রম


Child-centric curriculum.


(ii) কর্মকেন্দ্রিক পাঠ্যক্রম

 Activity centred curriculum


(iii) পাঠ্যক্ৰমৰ কাৰ্যাৱলী

Functions of curriculum 


(iv) অধ্যয়ণৰ সহঃসম্বন্ধ নীতিসমূহ

Principles of correlation of studies. 


(v) সহঃপাঠ্যক্রম কাৰ্য্যসূচীৰ গুৰুত্ব

 Importance of co-curricular activities.


Question And Answer Type : Himashree Bora.


 

Post Id: DABP003350