অংকীয়া নাট-সাহিত্য়
প্ৰথম খণ্ড
১) 'ৰামবিজয়' নাটকৰ কাহিনী ক'ৰ পৰা লোৱা হৈছে?
উত্তৰঃ ৰামায়ণ আৰু অগ্নিপুৰাণৰপৰা।
২) অংকীয়া নাট তথা অসমীয়া নাট্য় সাহিত্য়ৰ জন্মদাতা কোন?
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।
৩) শংকৰদেৱৰ পিছৰজন নাট্য়কাৰ কোন?
উত্তৰঃ মাধৱদেৱ।
৪) মাধৱদেৱৰ পিছতেই অন্য় এজন উল্লেখযোগ্য় নাট্য়কাৰ কোন?
উত্তৰঃ মাধৱদেৱৰ প্ৰিয় শিষ্য ভৱানীপুৰীয়া গোপাল আতা বা গোপালদেৱ।
৫) ৰামচৰণ ঠাকুৰৰ পুত্ৰৰ নাম কি?
উত্তৰঃ দৈত্য়াৰি ঠাকুৰ।
৬) শংকৰদেৱে কিমান চনত ৰামবিজয় নাটক ৰচনা কৰে?
উত্তৰঃ ১৫৬৮ চনত।
৭) মাদৱদেৱৰ ভাগিনৰ নাম কি?
উত্তৰঃ ৰামচৰণ ঠাকুৰ।
৮) কোনে ভক্তি-ৰত্নাকৰ অসমীয়ালৈ অনুবাদ কৰিছিল?
উত্তৰঃ ৰামচৰণ ঠাকুৰে।
৯) ৰামচৰণ ঠাকুৰৰ সময়ৰ এজন নাট্য়কাৰৰ নাম লিখা ?
উত্তৰঃ ভূষণ দ্বিজ।
১০) 'নৃসিংহ-যাত্ৰা' আৰু 'স্য়মন্ত-হৰণ' এই দুয়োখন নাটৰ লিখক কোন?
উত্তৰঃ দৈত্য়াৰি ঠাকুৰ।
১১) শংকৰদেৱৰ কোনখন নাটক একে ৰাতিৰ ভিতৰতে ৰচিত বুলি কোৱা হয়?
উত্তৰঃ ৰামবিজয়।
১২) শংকৰদেৱৰ সমসাময়িক কবি দুজনৰ নাম লিখা।
উত্তৰঃ ঊৰিষ্যাৰ ৰামান্দ ৰায় আৰু যশোৰাজ খাঁয়।
১৩) নাটকীয় গুণৰ ফালৰপৰা শংকৰদেৱৰ কোনখন নাটক শ্ৰেষ্ঠ বুলিব পাৰি?
উত্তৰঃ 'পাৰিজাত-হৰণ'ক।
১৪) শংকৰ-চৰিত কোনে লিখিছিল?
উত্তৰঃ ভূষণ দ্বিজে।
১৫) 'উদ্ভৱযান' নাটৰ ৰচক কোন?
উত্তৰঃ ভৱানীপুৰীয়া গোপাল আতা বা গোপালদেৱ।
১৬) 'অৰ্জুন-ভঞ্জন' নাটৰ বিষয়বস্তু ক'ৰ পৰা লোৱা হৈছে?
উত্তৰঃ ভাগৱত পুৰাণৰপৰা।
১৭) কোনে 'কংসবধ' নামে অসমীয়া নাট এখন প্ৰণয়ন কৰে?
উত্তৰঃ ৰামচৰণ ঠাকুৰে।
১৮) কাৰ নাটত শংকৰদেৱৰ নাটৰ প্ৰায় সকলো লক্ষণ ৰক্ষিত হৈছে?
উত্তৰঃ ৰামচৰণ ঠাকুৰৰ নাটত।
১৯) ভৱানীপুৰীয়া গোপাল আতা বা গোপালদেৱে কেইখন নাট ৰচনা কৰিছিল?
উত্তৰঃ তিনিখন নাট ৰচনা কৰিছিল।
২০) পত্নীপ্ৰসাদ নাটত কি দেখুওৱা হৈছে?
উত্তৰঃ ব্ৰাহ্মণৰ দৰ্পচুৰ্ণ।
Author: Chinmay Kakati
Post Id: DABP003348