গৌৰৱ

অধ্যায় ৩

চমু প্ৰশ্ন উত্তৰঃ

১। কালিৰাম মেধিৰ কিমান চনত জন্ম হয়?

উত্তৰঃ কালিৰাম মেধিৰ ১৮৭৮ চনত জন্ম হয়।

২। 'মহাপুৰুষ শংকৰদেৱৰ বাণী' কাৰ ৰচনা?

উত্তৰঃ 'মহাপুৰুষ শংকৰদেৱৰ বাণী' কালিৰাম মেধিৰ ৰচনা৷

৩। কালিৰাম মেধিৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ কালিৰাম মেধিৰ মৃত্যু ১৯৫৪ চনত হৈছিল৷

৪। কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখনমান গ্ৰন্থৰ নাম লিখা৷

উত্তৰঃ কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখনমান গ্ৰন্থৰ নাম- 'অংকাৱলী’, 'প্ৰহ্লাদ চৰিত’, 'মহাপুৰুষ শংকৰদেৱৰ বাণী’ ৷

৫। কালিৰাম মেধি অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল আৰু এই অধিৱেশন কেতিয়া হৈছিল?

উত্তৰঃ কালিৰাম মেধি অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনৰ সভাপতি আছিল আৰু এই অধিৱেশন ১৯১৯ হৈছিল৷

৬। হোমাৰৰ মহাকাব্য দুখনৰ নাম লিখা।

উত্তৰঃ হোমাৰৰ মহাকাব্য দুখনৰ নাম- 'ইলিয়াড' আৰু 'ওডিছি'।

৭। লিয়েণ্ডাৰে কাক পাবলৈ সাগৰ সাঁতুৰি পাৰ হৈছিল?

উত্তৰঃ লিয়েণ্ডাৰে প্ৰেয়সী হিৰোক পাবলৈ হেলিম্পট সাগৰ সাঁতুৰি পাৰ হৈছিল।

৮। ভাৰ্জিলে ৰচনা কৰা মহাকাব্যখনৰ নাম কি?

উত্তৰঃ ভাৰ্জিলে ৰচনা কৰা মহাকাব্যখনৰ নাম- এনিড।

৯। কাক লৈ বঙালী আৰু অসমীয়াই টনাটনি কৰে?

উত্তৰঃ অনন্ত কন্দলি আৰু ডাকক লৈ বঙালী আৰু অসমীয়াই টনাটনি কৰে।

১০। গৌৰৱ নামৰ পাঠটিৰ লেখক কোন ?

উত্তৰঃ গৌৰৱ নামৰ পাঠটিৰ লেখক- কালিৰাম মেধি।

১১। কালিৰাম মেধিয়ে সম্পাদনা কৰা এখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ কালিৰাম মেধিয়ে সম্পাদনা কৰা এখন গ্ৰন্থৰ নাম - প্ৰাদ চৰিত্ৰ।

১২। গ্ৰীক ট্ৰজান যুদ্ধৰ কাৰণ কি ?

 উত্তৰঃ গ্ৰীক ট্ৰজান যুদ্ধৰ কাৰণ আছিল- সুন্দৰী হেলেন।

১৩।  সৌভাগ্য বা শৰীৰ গৌৰৱৰ প্ৰকৃত কাৰণ হ’ব পাৰেনে?

উত্তৰঃ সৌভাগ্য বা শৰীৰ গৌৰৱৰ প্ৰকৃত কাৰণ হ’ব নোৱাৰে।

 
১৪। 
শৰীৰৰ কি কি গুণ পৰা গৌৰব উপজিব পাৰে বুজাই লিখাঁ।

উত্তৰঃ শৰীৰৰ তিনিটা গুণৰ পৰা গৌৰৱ উপজিব পাৰে। এই তিনিটা গুণ হ’ল ৰূপ, স্বাস্থ্য আৰু বল। ৰূপে জ্ঞানীক অজ্ঞানী কৰে, যুদ্ধ-বিগ্রহ সৃষ্টি কৰে। জগতৰ বুৰঞ্জী পৰিৱৰ্তন কৰে আৰু নিৰ্বলক বলী কৰে। ৰাম ৰাৱণৰ যুদ্ধ আৰু গ্ৰীক-ট্ৰজান যুদ্ধৰ কাৰণ ৰূপ৷ স্বাস্থ্য ভালে থাকিলে আৰু তেজ পৰিষ্কাৰ থাকিলে মুখৰ গঢ় বেয়া হ’লেও মানুহ দেখিবলৈ কুশ্ৰী নহয় । কিন্তু ৰুগীয়া মানুহৰ মুখ কাৰ্তিক, নাৰ্চিছাছৰ নিচিনা সুন্দৰ হ’লেও দেখিবলৈ কুৎসিত আৰু ঘৃণ লগা হয়। স্বাস্থ্যই বহুত সুখৰ মূল। ধন-জন, মান-সম্ভ্রম আৰু বিষয় ঐশ্বর্য সকলো স্বাস্থ্যৰ তল । শৰীৰৰ আন এটি গৌৰৱৰ কাৰণ বল। বলে মানুহক সাহস, স্ফূৰ্তি আৰু আনন্দ দিয়ে। বল থাকিলে মানুহে আনৰ ওপৰত কেতিয়াবা প্রভুত্ব চলাব আৰু আনৰ পৰা ভয় আৰু ভক্তি আকৰ্ষণ কৰিব পাৰে। ছেণ্ডো আৰু প্ৰফেছাৰ ৰামমূৰ্তিৰ বল অনেকাংশ নিজ চেষ্টাৰ ফল।

১৫।  গৌৰৱ ক’ৰ পৰা উৎপন্ন হয়? স্থায়ী আৰু প্ৰকৃত গৌৰৱ কি ?

উত্তৰঃ সৌভাগ্য, শৰীৰ আৰু মন – ৰ পৰা গৌৰৱ মূলতে উৎপন্ন হয়। ৰূপ যৌৱনক লৈও মানুহে গৌৰৱ কৰে। মনৰ পৰা সৃষ্টি হোৱা গৌৰৱ হৈছে স্থায়ী আৰু প্ৰকৃত গৌৰৱ।

১৬। কালিৰাম মেধিৰ চমু পৰিচয় দিয়া।

উত্তৰঃ ১৮৭৮ চনত হাজোৰ ওচৰৰ ৰামদিয়া গাঁৱত কালিৰাম মেধিৰ জন্ম হয়। গুৱাহাটীত স্কুলীয়া শিক্ষা সমাপ্ত কৰি কলিকতাৰ চিটি কলেজ আৰু প্ৰেছিডেন্সী কলেজত পঢ়াৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ঘূৰি আহিয়েই  তেখেতে উপপ্রতি সমাহর্তা হিচাপে চাকৰিত যোগদান কৰে। মেধিৰ কৰ্মদক্ষতা আৰু নিষ্ঠাৰ বাবে শেষত ই এল.চি. পদলৈ উন্নীত হয়। চৰকাৰী চাকৰিৰ দায়িত্বত থাকিও তেখেতে আজৰি সময়ত সাহিত্য চৰ্চাত মনোনিবেশ কৰিছিল। ‘আসাম বান্ধব’ আলোচনী আৰু কামৰূপ অনুসন্ধান সমিতিৰ ইংৰাজী মুখপত্ৰত কেইবাটাও প্রবন্ধ লিখিছিল। পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ আছিল যদি ভাষাবিদ আৰু ব্যাকৰণ প্রণেতা হিচাপেহে তেখেতে খ্যাতি লাভ কৰিছিল। মেধিৰ সাহিত্যিক জীৱনৰ ডাঙৰ কীৰ্তি হৈছে তেখেতৰ দ্বাৰা প্ৰণীত বৃহৎ ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ তদুপৰি তেখেতৰ সম্পাদিত গ্রন্থসমূহ হৈছে ‘অংকাৱলী’, ‘প্ৰহ্লাদ চৰিত’, ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’৷ ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ গ্ৰন্থই মেধিদেৱক বৈষ্ণৱ সাহিত্যৰ এজন গৱেষক পণ্ডিতৰূপে পৰিচয় কৰালে। ইংৰাজীতো তেখেতে বহু প্ৰৱন্ধ লিখিছিল। ১৯১৯ চনৰ অসম সাহিত্য সভাৰ বৰপেটা অধিবেশনৰ তেওঁ সভাপতি আছিল। ১৯৫৪ চনত তেখেতৰ মৃত্যু হয়।

১৭।  নাম নোহোৱা অৱস্থা কেনেদৰে গৌৰৱৰ বিষয় হৈ পৰে লিখা।

উত্তৰঃ কেতিয়াবা নাম নোহোৱা অৱস্থাত গৌৰৱৰ বিষয় হৈ পৰে। হোমাৰৰ জন্মস্থান অনিশ্চিত। এই নিমিত্তে স্মাৰ্ণা, ৰোডছ ক’ল, ক’ন, ছেলমিছ, কাইয়’ছ আৰ্গছ আৰু এথেন্স দেশৰ মানুহে হোমাৰ তেওঁলোকৰ ঠাইত জন্মিছিল বুলি গৌৰৱ কৰে। এইদৰে অনন্ত কন্দলি আৰু ডাকক লৈ বঙালী অসমীয়াই আৰু বিদ্যাপতিক লৈ মৈথিলী বঙালীয়ে টনাটনি আৰু গৌৰৱ কৰে। এইদৰে অসমৰ ভিতৰতে ভিন্‌ ভিন্‌ জিলাৰ মানুহে মাধৱ কন্দলি, মাধৱদেৱ, অনন্ত কন্দলি আদি মহাত্মা সকলক ভিন্‌ ভিন্‌ ঠাইত পেলাইছে। আকৌ, সাধাৰণ মানুহবিলাকেও তেওঁলোকৰ নিজা জাতৰ বা একে ব্যৱসায়ৰ কোনো মানুহক বিখ্যাত হোৱা দেখিলে তেওঁৰ নাম কৈ সেই জাতৰ গৌৰৱ কৰে। তেওঁলোকৰ ভিতৰত এজন যদি ডাঙৰ হয়, তেওঁক লৈও গৌৰৱ কৰিব পাৰি। এনেদৰে, নাম নোহোৱা অৱস্থাও গৌৰৱৰ বিষয় হৈ পৰিব পাৰে।

১৮।  গৌৰৱ তিনি ঠাইৰ পৰা উৎপত্তি হয়। তোমাৰ পাঠ্যপুথিৰ সহায়ত কথাষাৰৰ যুক্তি যুক্ততা প্রমাণ কৰা।

উত্তৰঃ সৌভাগ্য, শৰীৰ আৰু মন—এই তিনি ঠাইৰ পৰাই গৌৰৱ ওপজে। সৌভাগ্যৰ বাবে উচ্চবংশ মর্যাদা, ধন সম্পত্তি আৰু মান মর্যাদা লাভ কৰে। এজন ধনী ব্যক্তি বা উচ্চবংশৰ লোকক বর্তমান সমাজত এক শ্ৰেণীৰ লোকে যথেষ্ট মান সন্মান কৰে, কিন্তু সকলোৰে বাবে তেওঁলোকে পূজনীয় নহবও পাৰে। ৰূপ, স্বাস্থ্য, আৰু বল —এই তিনিটা শাৰীৰিক গুণৰ লোকেও গৌৰৱ কৰিব পাৰে। কিন্তু ৰূপ, স্বাস্থ্য বা বলেৰে কঢ়িয়াই অনা গৌৰৱ চিৰস্থায়ী নহয়৷ কাৰণ শৰীৰৰ পতনৰ লগে লগে ৰূপ, স্বাস্থ্য আৰু বলৰো পতন ঘটে। মনহে প্ৰকৃততে গৌৰৱৰ বিষয়। মনৰ পৰা ওপজা গৌৰৱ অকৃত্রিম যাৰ বাবে ই স্থায়ী আৰু স্বৰ্গীয়।

১৯।  ‘গৌৰৱ তুলনাৰ পৰা ওপজে’ — এই উক্তি ৰাণীৰ অলংকাৰ আৰু বান্দীৰ বাঢ়নী দুয়োটা ক্ষেত্ৰত কিদৰে সত্য হ’ব পাৰে লিখা।

উত্তৰঃ গৌৰৱ তুলনাৰ পৰা ওপজে। কোনো মানুহৰ কোনো অংশ আন এজনতকৈ হীন হ’লে দ্বিতীয়জনে প্ৰথমজনক মনে মনে অলপ ঘৃণা কৰে। দ্বিতীয় জনৰ সেইটোৱেই আকৌ গৌৰৱৰ কাৰণ হ’ব পাৰে। ৰাণীৰ অলংকাৰ যেনে গৌৰৱৰ কাৰণ, বান্দীৰ বাঢ়নীটাৰো তেনে গৌৰৱৰ কাৰণ। ৰাণীয়ে নিজৰ ৰূপ সৌন্দৰ্য, প্ৰভাৱ প্রতিপত্তি ইত্যাদি অলংকাৰৰ মাজেৰে প্ৰকাশ কৰিব বিচাৰে। ৰাণীৰ অলংকাৰে ধন ঐশ্বৰ্যৰো বাৰ্তা প্ৰকাশ কৰে। এইবোৰ বান্দীৰ ঈর্ষৰ কাৰণ হ’ব পাৰে। বান্দীসকল সাধাৰণতে নীচ বংশৰ হয়। বান্দীৰ সামাজিক প্রতিপত্তি নাই। বান্দীৰ ধন ঐশ্বৰ্যক লৈ গৌৰৱ কৰাৰ কাৰণ নাই। কিন্তু বান্দীৰ বাঢ়নীডালেৰে জগতৰ মলি গুচোৱা হয় । ৰাজদৰবাৰ চাফ চিকুনকৈ ৰখা হয়। জগতক চাফ চিকুণকৈ ৰখা বান্দীৰ বাবে গৌৰৱৰ কাৰণ । অৰ্থাৎ সকলো মানুহে সকলে৷ অৱস্থাতে গৌৰৱ কৰিবৰ কাৰণ বিচাৰি পায়।

২০।  সৌভাগ্য প্রকৃত গৌৰৱৰ কাৰণ হয়নে? বুজাই লিখা।

উত্তৰঃ সৌভাগ্য প্রকৃত গৌৰৱৰ কাৰণ নহয়। সৌভাগ্যৰ পৰা জন্ম, ধন আৰু মান আহে। কোনো লোক যদি উচ্চ বংশত জন্মে তেতিয়া হ’ল তেওঁ সমাজত সন্মান লাভ কৰে। উদাহৰণস্বৰূপে নিধিৰাম বৰুৱাৰ পুতেক গৰু চোৰ হ’লেও তেওঁ ভূঞা পোৱালী, ক’লামণি দাস বিদ্যাভূষণ হ’লেও সামান্য মানুহ৷ তেনেদৰে মহাভাৰতৰ কৰ্ণৰ জন্ম বাকী পাণ্ডৱৰ দৰে আছিল যদিও ভাগ্যই তেওঁক সকলোৰে আগত ঠাট্টাৰ পাত্ৰ কৰিছিল। আকৌ এজন ধনী মানুহৰ ধন থাকিলেই হ’ল সেই ধন তেওঁ কাকো ধাৰে দিব নালাগে, সজ কামত খৰচ কৰিব নালাগে বা দানো কৰিব নালাগে, মাথো ধন থকাৰ বাবে তেওঁ সকলোৰে পৰা ভয়, ভক্তি আৰু সন্মান পায়। কেৱল ধনৰ বাবেই তেওঁৰ ওচৰত সকলোকে বিনীত, শিষ্টাচাৰী আৰু নম্ৰ কৰিব। টকা থকালৈকে মান সম্ভ্রম সকলোৱে আহি লগ ধৰে। আকৌ বিশ্বমিত্ৰ ঋষিৰ দুখৰ কাৰণ আছিল তেখেতৰ জন্ম। সৌভাগ্য নানা কাৰণৰ পৰা আহিলেও আমি সৌভাগ্যক লৈ কেতিয়াও গৌৰৱ কৰা উচিত নহয়। সৌভাগ্য যিহেতু আমি নিজে আর্জিত ফল নহয় গতিকে তাক লৈ গৌৰৱ কৰিবৰ অধিকাৰো আমাৰ নাই ।

২১। চমুটোকা লিখাঃ

(ক) আলাউদ্দিন

উত্তৰঃ আলাউদ্দিনঃ আৰব্য উপন্যাসৰ আলাউদ্দিন নামৰ এটি চৰিত্ৰ। তেওঁৰ এটি আচৰিত ধৰণৰ চাকি আছিল। সেই চাকিত যি বিচৰা যায় তাকেই পোৱা হৈছিল।

(খ) ৰামৰাৱণৰ যুদ্ধ

উত্তৰঃ ৰাম-ৰাৱণৰ যুদ্ধঃ ৰূপৱৰ্তী হোৱা কাৰণেই সীতাক ৰাৱণে হৰি নিছিল। তাৰ ফলতেই ৰাম-ৰাৱণৰ যুদ্ধ হৈছিল।

(গ) গ্রীক-ট্ৰজান যুদ্ধ

উত্তৰঃ গ্রীক-ট্ৰজান যুদ্ধঃ বিশ্বসুন্দৰী হেলেনৰ কাৰণেই গ্ৰীক আৰু ট্ৰজানসকলৰ যুদ্ধ হৈছিল। যাৰ ফলত ট্রয় নগৰ ধ্বংস হৈছিল।

(ঘ) ডান্টে

উত্তৰঃ ডান্টেঃ (১২৬৫-১৩১১) ইটালীৰ বিশ্ববিখ্যাত কবি। তেওঁ ৰূপহী প্রেমিকা বিয়েট্ৰিছক উপলক্ষ্য কৰি ‘ডিভাইন কমেডি’ নামৰ বিখ্যাত কাব্য গ্রন্থ লিখিছিল।

(ঙ) হিৰো

উত্তৰঃ  হিৰোঃ এগৰাকী অপূর্ব সুন্দৰী, যাক পাবলৈ লিয়েণ্ডাৰে সাঁতুৰি সাগৰ পাৰ হৈছিল।

(চ) তিলোত্তমা

উত্তৰঃ তিলোত্তমাঃ পুৰাণত বৰ্ণিত এজনী পৰম সুন্দৰী নাৰী। এওঁক লাভ কৰাৰ উদ্দেশ্যে সুন্দ আৰু উপসুন্দ নামে দুটা দৈত্যই (ভায়েক-ককায়েক) পৰস্পৰ যুদ্ধ কৰি মৃত্যুবৰণ কৰে।

(ছ) নেপোলিয়ন

উত্তৰঃ নেপোলিয়নঃ ফ্ৰান্সৰ এজন বীৰ। এওঁৰ ১৭৬৯ চনত কৰ্ছিকা দ্বীপত জন্ম । পৰাক্ৰমেৰে সমগ্ৰ ইউৰোপ কঁপাই তুলিছিল ১৮২১ চনত চেন্টহেলিনা দ্বীপত মৃত্যু হয়।

(জ) জয়মতী

উত্তৰঃ জয়মতীঃ আহোম ৰজা গদাধৰ সিংহৰ পত্নী। এওঁ স্বামীৰ জীৱন ৰক্ষাৰ্থে নিজৰ জীৱন আহুতি দিছিল।

(ঝ) হোমাৰ

উত্তৰঃ হোমাৰঃ গ্ৰীচ দেশৰ কবি। ইলিয়াড’ আৰু ‘ওডিছী’ নামৰ দুখন মহাকাব্যৰ ৰচক।

২২।  গৌৰৱ কেই ঠাইৰ পৰা উৎপন্ন হয়?
উত্তৰঃ গৌৰৱ তিনি ঠাইৰ পৰা উৎপন্ন হয়।

২৩। ডাণ্টে কোন দেশৰ কবি? তেওঁৰ বিখ্যাত কাব্য গ্ৰন্থখনৰ নাম লিখা।
উত্তৰঃ ডাণ্টে ইটালীৰ বিশ্ববিখ্যাত কবি। তেওঁৰ বিখ্যাত কাব্যগ্রন্থ ‘ডিভাইন কমেডি’।











Post ID: DABP005484