জনসংখ্য়াৰ বৃদ্ধি আৰু বিতৰণ

অধ্য়ায়-২

পাঠভিত্তিক প্ৰশ্ন উত্তৰ

1. ২০০১ চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্য়া কিমান আছিল ? .

উত্তৰঃ ২০০১ চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্য়া ২,৬৬,৩৮,৪০৭ জন আছিল।

 

2. ২০০৮ চনৰ হিচাপ মতে পৃথিৱীৰ মুঠ জনসংখ্য়া কিমান আছিল ?

উত্তৰঃ ২০০৮ চনৰ মতে পৃথিৱীৰ মুঠ জনসংখ্য়া ৬৬৮ কোটি আছিল। 


3. ১৬৫০ চনত পৃথিৱীৰ জনসংখ্য়া কিমান আছিল ?

উত্তৰঃ ১৬৫০ চনত পৃথিৱীৰ জনসংখ্য়া ৫০ কোটি আছিল। 


4. ২০০১ চনত পৃথিৱীৰ জনসংখ্য়া কিমান আছিল ?

উত্তৰঃ ২০০১ চনত পৃথিৱীৰ জনসংখ্য়া ৬১৩ কোটি আছিল।


5. পৃথিৱীৰ ভিতৰত জনবহুল দেশ কেইখন আৰু কি কি ?

উত্তৰঃ পৃথিৱীৰ ভিতৰত জনবহুল দেশ তিনিখন। সেই কেইখন হ'ল- চীন, ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। 


6. ২০২০ চনৰ মতে এছিয়াৰ মুঠ জনসংখ্য়া কিমান ?

উত্তৰঃ ২০২০ চনৰ মতে এছিয়াৰ মুঠ জনসংখ্য়া ৪,৬৪১ নিযুত। 


7. জনসংখ্য়াৰ কেন্দ্ৰীভৱনৰ ভিত্তিত পৃথিৱীত কেইটা বিশেষ অঞ্চলত চিনাক্ত কৰিব পাৰি আৰু কি কি ?

উত্তৰঃ জনসংখ্য়াৰ কেন্দ্ৰীভৱনৰ ভিত্তিত পৃথিৱীত ৪ টা বিশেষ অঞ্চলত চিনাক্ত কৰিব পাৰি। সেইকেইটা হ'ল - পূব এছিয়া, দক্ষিণ-পূব এছিয়া, মধ্য় ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উপকূলীয় অঞ্চল।


8. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্য়া কিমান ?

উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্য়া ৩,১১,৬৯,২৭২ জন।


9. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ মাটিকালি কিমান ?

উত্তৰঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ।


10. জন-প্ৰব্ৰজন কাক বোলে ?

উত্তৰঃ কিছুসংখ্য়াক লোকে কৰ্মসূত্ৰে বা আন কোনো কাৰণত অন্য় এখন ঠাইলৈ গৈ স্থায়ী বা সাময়িকভাৱে বসতি কৰা কাৰ্যক জন-প্ৰব্ৰজন বোলে। 


11. প্ৰব্ৰজনৰ উৎসস্থান কাক বোলে ?

উত্তৰঃ প্ৰব্ৰজনকাৰীসকলে যি স্থানৰপৰা যায় সেই ঠাইক প্ৰব্ৰজনৰ উৎসস্থান বোলে।


12. প্ৰব্ৰজনৰ লক্ষ্য়স্থান কাক বোলে ?

উত্তৰঃ প্ৰব্ৰজনকাৰীসকলে যিখন নতুন ঠাইত গৈ বসবাস কৰিবলৈ লয় তাক প্ৰব্ৰজনৰ লক্ষ্য়স্থান বোলে। 


13. জনসংখ্য়াৰ ফালৰ পৰা আমাৰ দেশ ভাৰত পৃথিৱীৰ ভিতৰত কিমান স্থানত আছে ?

উত্তৰঃ জনসংখ্য়াৰ ফালৰ পৰা আমাৰ দেশ ভাৰত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত আছে। 


14. ২০০৮ চনত ভাৰতৰ জনসংখ্য়া কিমান আছিল ?

উত্তৰঃ ২০০৮ চনত ভাৰতৰ জনসংখ্য়া ১১৪ কোটি আছিল।


15. ২০১১ চনত ভাৰতৰ জনসংখ্য়া কিমান আছিল ?

উত্তৰঃ ২০১১ চনত ভাৰতৰ জনসংখ্য়া ১২১.১ কোটি আছিল। 


16. ২০২০ চনত ভাৰতৰ জনসংখ্য়া কিমান আছিল ?

উত্তৰঃ ২০২০ চনত ভাৰতৰ জনসংখ্য়া ১৩৬ কোটি আছিল।


17. ১৯৫১ চনত ভাৰতৰ জনসংখ্য়া প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন আছিল ?

উত্তৰঃ ১৯৫১ চনত ভাৰতৰ জনসংখ্য়া প্ৰতি বৰ্গ কিলোমিটাৰত ১১৭ জন আছিল। 


18.  ২০০১ চনত ভাৰতৰ জনসংখ্য়া প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন আছিল ?

উত্তৰঃ ২০০১ চনত ভাৰতৰ জনসংখ্য়া প্ৰতি বৰ্গ কিলোমিটাৰত ৩১৩ জন আছিল।


19. ২০১১ চনত ভাৰতৰ জনসংখ্য়া প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন আছিল ?

উত্তৰঃ ২০১১ চনত ভাৰতৰ জনসংখ্য়া প্ৰতি বৰ্গ কিলোমিটাৰত ৩৮২ জন আছিল।


20.  ২০২০ চনত ভাৰতৰ জনসংখ্য়া প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন আছিল ?

উত্তৰঃ ২০২০ চনত ভাৰতৰ জনসংখ্য়া প্ৰতি বৰ্গ কিলোমিটাৰত ৪৬৪ জন আছিল।


21. ১৯০১ চনত অসমৰ জনসংখ্য়া কিমান আছিল ?

উত্তৰঃ ১৯০১ চনত অসমৰ জনসংখ্য়া ৩২ লাখ আছিল।


22. ১৯৬১ চনত অসমৰ জনসংখ্য়া কিমান আছিল ? 

উত্তৰঃ ১৯৬১ চনত অসমৰ জনসংখ্য়া ১.০৮ কোটি আছিল।


23. ২০১১ চনত অসমৰ জনসংখ্য়া কিমান আছিল ?

উত্তৰঃ  ২০১১ চনত অসমৰ জনসংখ্য়া ৩.১২ কোটি আছিল।


24.  ১৯০১ চনত অসমত জনসংখ্য়া ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন আছিল ?

উত্তৰঃ ১৯০১ চনত অসমত জনসংখ্য়া ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৪১ জন আছিল।


25. ২০১১ চনত অসমত জনসংখ্য়া ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন আছিল ?

উত্তৰঃ ২০১১ চনত অসমত জনসংখ্য়া ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩৮২ জন আছিল।



Type : Rajashri Bora 







Post ID: DABP005507