চতুৰ্থ অধ্যায়ঃ হৰপ্পা সভ্যতা 

অধ্য়ায়-৪

চমু প্ৰশ্ন ঃ 

১। ভাৰতৰ প্ৰথম নগৰীয়া সভ্যতা কি আছিল ।

উত্তৰঃ ভাৰতৰ প্ৰথম নগৰীয়া সভ্যতা আছিল সিন্ধু উপত্যকা সভ্যতা । 

২। সিন্ধু উপত্যকা সভ্যতা কোন নদীৰ পাৰত গঢ় লৈ উঠিছিল ।

উত্তৰঃ সিন্ধু উপত্যকা সভ্যতা সিন্ধু নদীৰ পাৰত গঢ় লৈ উঠিছিল ।

৩। হৰপ্পা সভ্যতা বুলিলে কি বুজা ।

উত্তৰঃ হৰপ্পাত প্ৰথমে গৱেষণাৰ কাৰণে খননকাৰ্য চলিছিল সেইকাৰণে এই সভ্যতাক হৰপ্পা সভ্যতা বুলি কোৱা হয় ।

৪। প্ৰথম নগৰীয়া সভ্যতাটোৰ নাম কি আছিল ।

উত্তৰঃ প্ৰথম নগৰীয়া সভ্যতাটোৰ নাম হল সিন্ধু উপত্যকা সভ্যতা বা হৰপ্পা সভ্যতা ।

৫। হৰপ্পা কত অৱস্থিত ।

উত্তৰঃ হৰপ্পা বৰ্তমান পাকিস্থানৰ অন্তৰ্গত পঞ্জাৱৰ মন্টগোমাৰী জিলাত অৱস্থিত ।

৬। মহেঞ্জাদাৰো কত অৱস্থিত ।

উত্তৰঃ মহেঞ্জোদাৰো সিন্ধুপ্ৰদেশৰ লাৰাকান জিলাত অৱস্থিত ।

৭। মহেঞ্জোদাৰোৰ আক্ষৰিক অৰ্থ কি ।

উত্তৰঃ মহেঞ্জোদাৰোৰ আক্ষৰিক অৰ্থ হল মৃতকৰ সমাধি বা কবৰ ।

৮। কিমান চনত  হৰপ্পাত খননকাৰ্য চলিছিল ।

উত্তৰঃ ১৯২১ চনত হৰপ্পাত খননকাৰ্য চলিছিল ।

৯। কিমান চনত ফৰাচী আৰু লাহোৰৰ মাজত ৰেলপথ নিৰ্মাণৰ কাম চলিছিল ।

উত্তৰঃ ১৮৫৬ চনত ফৰাচী আৰু লাহোৰৰ মাজত ৰেলপথ নিৰ্মাণৰ কাম চলিছিল ।

১০। কিমান চনত হৰপ্পা সভ্যতাৰ আলোচনা সম্পৰ্কত বস্তুনিষ্ঠ গৱেষণা আৰম্ভ হৈছিল ।

উত্তৰঃ ১৯২০ চনত হৰপ্পা সভ্যতাৰ আলোচনা সম্পৰ্কে বস্তুনিষ্ঠ গৱেষণা আৰম্ভ হৈছিল ।

১১। হৰপ্পা সভ্যতাৰ এজন প্ৰত্নতাত্ত্বিকবিদৰ নাম লিখা ।

উত্তৰঃ হৰপ্পা সভ্যতাৰ এজন প্ৰত্নতাত্ত্বিকবিদৰ নাম হল ৰাখাল দা ।

১২। এজন ভাৰতীয় পুৰাতত্ত্ববিদৰ নাম লিখা ।

উত্তৰঃ এজন ভাৰতীয় পুৰাতত্ত্ববিদৰ নাম হল দয়াৰাম চাহানী ।

১৩। পৈনত হৰপ্পা সংস্কৃতি কোন যুগৰ ।

উত্তৰঃ পৈনত হৰপ্পা সংস্কৃতি তাম্ৰপ্ৰস্তৰ যুগৰ । 

১৪। ৰেডিঅ-কাৰ্বন পদ্ধতিৰ সভ্যতাৰ সময় কিমান খ্ৰীঃৰ পৰা কিমান খ্ৰীষ্ট্ৰাবলৈ ।

উত্তৰঃ ৰেডিঅ-কাৰ্বন পদ্ধতিৰ সভ্যতাৰ সময় ২৮০০ খ্ৰীষ্ট্ৰাব্দৰ পৰা ২০০০ খ্ৰীষ্ট্ৰাব্দলৈ ।

১৫। হৰপ্পা সভ্যতাৰ প্ৰতিষ্ঠাপক কোন ।

উত্তৰঃ হৰপ্পা সভ্যতাৰ প্ৰতিষ্ঠাপক আছিল দ্ৰাবিড়সকল ।

১৬। লোথাল কত অৱস্থিত ।

উত্তৰঃ লোথাল গুজৰাটৰ আহমেদাবাদ জিলাত অৱস্থিত ।

১৭। কালিবংগনা কত অৱস্থিত ।

উত্তৰঃ কালিবংগনা ৰাজস্থানৰ গংগানগৰ জিলাত অৱস্থিত ।

১৮। ৰংপুৰ খননস্থল কত অৱস্থিত ।

উত্তৰঃ লোথালৰ পৰা ৫০ কি.মি. দূৰত আহমেদাবাদৰ উত্তৰ-পূব দিশত ৰংপুৰ খননস্থল অৱস্থিত ।

১৯। হৰপ্পা সভ্যতাৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম কি ।

উত্তৰঃ হৰপ্পা সভ্যতাৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম হল ঢৌলাবিৰা ।

২০। হৰপ্পা সভ্যতাক নগৰীয়া সভ্যতা বুলি কিয় কোৱা হয় ।

উত্তৰঃ হৰপ্পা সভ্যতাক প্ৰথম নগৰীয়া সভ্যতা হিচাপে অভিহিত কৰা হয় যদিও ইয়াৰ আৰ্থ-সামাজিক দিশসমূহত গাৱৰ প্ৰভাৱ বহু বেছি আছিল সেইকাৰণে হৰপ্পা সভ্যতাক নগৰীয়া সভ্যতা বুলি কোৱা হয় ।

চমু প্ৰশ্নঃ

১।  তিনিজন প্ৰত্নতাত্ত্বিকবিদৰ নাম লিখা ।

উত্তৰঃ তিনিজন প্ৰত্নতাত্ত্বিকবিদৰ নাম হল 

ক) ৰাখাল দাস বেনাৰ্জী ।

খ) দয়াৰাম ছাহানী ।

গ) চাৰ জন মাৰ্চেল ।

২। হৰপ্পা সংস্কৃতিৰ পূৰ্বৰ ধ্বংসাৱশেষবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ।

উত্তৰঃ হৰপ্পা সংস্কৃতিৰ পূৰ্বৰ ধ্বংসাৱশেষবোৰক তিনিটা ভাগত ভাগ কৰিব পাৰি যেনে

ক) কটদিজি সংস্কৃতি ।

খ) চথি চিচৱাল সংস্কৃতি ।

গ) অম্ৰি সংস্কৃতি ।

৩। হৰপ্পা সংস্কৃতিৰ বাটকটীয়া কোন ।

উত্তৰঃ বেলুচিস্তানৰ অম্ৰি হল পৈণত আৰু অপৈণত হৰপ্পা সংস্কৃতিৰ বাটকটীয়া ।

৪। দুটা বহল সভ্যতাৰ নাম লিখা ।

উত্তৰঃ দুটা বহল সভ্যতাৰ নাম হল 

ক) চুমেৰ সভ্যতা ।

খ) মেছোপটেমীয়া সভ্যতা ।

৫। হৰপ্পা সভ্যতাৰ প্ৰধান ঠাইদুখনৰ নাম লিখা ।

উত্তৰঃ হৰপ্পা সভ্যতাৰ প্ৰধান ঠাইদুখনৰ নাম হল 

ক) মহেঞ্জোদাৰো 

খ) লোথাল 

৬।অধিবাসীসকলৰ এটা বৈশিষ্ট্যৰ বিষয়ে লিখা ।

উত্তৰঃ অধিবাসীসকলৰ এটা শাৰীৰিক বৈশিষ্ট্য হল 

ক) অধিবাসীসকলৰ নাক চেপেটা আছিল ।

৭। হৰপ্পা সভ্যতাত নলা-নৰ্দমা নিৰ্মাণ কৰোতে ব্যৱহাৰ হোৱা দুবিধ ধাতুৰ নাম লিখা ।

উত্তৰঃ হৰপ্পা সভ্যতাত নলা-নৰ্দমা নিৰ্মাণ কৰোতে ব্যৱহাৰ হোৱা দুবিধ ধাতুৰ নাম হল 

ক) জিপচাম 

খ) বিটুমিন ।

৮। ইটা ব্যৱহাৰ নকৰা দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ ইটা ব্যৱহাৰ নকৰা দুখন ঠাইৰ নাম হল 

ক) ৰংপুৰ 

খ) কালিবংগান 

৯। হৰপ্পা সভ্যতাত মাটি চহাবলৈ ব্যৱহাৰ কৰা দুবিধ সজুলিৰ নাম লিখা ।

উত্তৰঃ হৰপ্পা সভ্যতাত মাটি চহাবলৈ ব্যৱহাৰ কৰা দুবিধ সজুলিৰ নাম হল 

ক) নাঙল 

খ) কোদাল ।

১০। মানুহে ঘৰচীয়া কৰা দুবিধ জন্তুৰ নাম লিখা ।

উত্তৰঃ মানুহে ঘৰচীয়া কৰা দুবিধ জন্তুৰ নাম হল 

ক) ভেড়া ।

খ) ছাগলী ।

১১। বয়ন শিল্পৰ বিকাশ কেতিয়া হৈছিল ।

উত্তৰঃ স্থিৰ আৰু স্থায়ী জীৱনৰ আৰম্ভণিৰ ফলত বয়ন শিল্পৰ বিকাশ হৈছিল ।

১২। হৰপ্পা সভ্যতাৰ সমাজব্যৱস্থাক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ হৰপ্পা সভ্যতাৰ সমাজব্যৱস্থাক চাৰিটা ভাগত ভগাব পাৰি সেইভাগকেইটা হল 

ক) পণ্ডিত, খ) যোদ্ধা, গ) বণিক আৰু ঘ) শ্ৰমিক ।

১৩। হৰপ্পা সভ্যতা পতন হোৱা দুটা কাৰণৰ নাম লিখা ।

উত্তৰঃ হৰপ্পা সভ্যতা পতন হোৱা দুটা কাৰণৰ নাম হল

ক) প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ ।

খ) বিদেশীসকলৰ আক্ৰমণ ।

১৪। হৰপ্পা সভ্যতাৰ দুখন নদীৰ নাম লিখা ।

উত্তৰঃ হৰপ্পা সভ্যতাৰ দুখন নদীৰ নাম হল

ক) চুটলেজ নদী ।

খ) যমুনা নদী ।

১৫। India নামটো কোনখন নদীৰ পৰা সৃষ্টি হৈছিল ।

উত্তৰঃ India নামটো Indus নদীৰ নামৰ পৰা সৃষ্টি হৈছিল । 

১৬। ৰমিলা থাপাৰে লিখা গ্ৰন্থখনৰ নাম কি ।

 উত্তৰঃ ৰমিলা থাপাৰে লিখা গ্ৰন্থখনৰ নাম হল History of  Early  India .

১৭। সিন্ধু উপত্যকাৰ সংস্কৃতি কি আছিল ।

উত্তৰঃ সিন্ধু উপত্যকাৰ সংস্কৃতি এক উন্নত আৰু নগৰীয়া সংস্কৃতি ।

ৰচনাধৰ্মী প্ৰশ্নঃ

১। হৰপ্পা সভ্যতাৰ শিল্প উদ্যোগ আৰু বাণিজ্যৰ বিষয়ে লিখা ।

উত্তৰঃ হৰপ্পা সভ্যতাত পোৱা বিভিন্ন সমলবোৰে তদানীন্তন প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ কথাবোৰ  কৃষি আৰু শিল্প উদ্যোগৰ মাজত থকা সমন্বয়ক দৰ্শায় । ইয়াৰোপৰি এই সভ্যতাত প্ৰচুৰ মাত্ৰাত বিভিন্ন আকৃতিৰ বহুতো মাটিৰ পাত্ৰৰ ব্যৱহাৰ হৈছিল । এই পাত্ৰবোৰ মসৃণ, ৰং কৰা আছিল । পাত্ৰবোৰত ৰঙা পৰশ দিবলৈ আইৰণ অক্সাইড আৰু মেংগানিজ ব্যৱহাৰ কৰ হৈছিল । পাত্ৰবোৰত অংকন কৰা ছবিবোৰত হৰপ্পাৰ বাসিন্দাসকলৰ জ্যামিতিৰ দিশত থকা জ্ঞান ফুটি উঠিছে ।

হৰপ্পা সভ্যতাত পোৱা পাত্ৰসমূহ আকাৰ অনুসৰি ভিন ভিন কাৰ্যত ব্যৱহাৰ হৈছিল, যেনে বিভিন্ন আকৃতিৰ মাটিৰ পাত্ৰসমূহ শস্য আৰু পানী সংৰক্ষণত, সযতনে আলংকাৰিকভাৱে অংকিত পাত্ৰবোৰ ধনী লোকসকলৰ উৎসৱ-পাৰ্বণত আৰু সৰু-সৰু পাত্ৰবোৰ পানীয় গ্ৰহণৰ আহিলা আছিল । ইয়াৰোপৰি ৰন্ধন-প্ৰকৰণ আৰু বিবিধ খাদ্য পৰিৱেশনৰ বাবে পৃথক বাচন-বৰ্তনৰ উদাহৰণ পোৱা যায় । সাধাৰণতে বাচন, পাত্ৰসমূহ মাটিৰে সজা হৈছিল যদিও কোনো ক্ষেত্ৰত মাটিৰ লগত ধাতুৰ মিশ্ৰও মিলোৱা হৈছিল । হৰপ্পা উপত্যকাত হোৱা খননকাৰ্যত বিভিন্ন পোৰামাটিৰ মূৰ্তি আৰু অলংকাৰৰ অৱশিষ্ট উদ্ধাৰ হৈছে । অলংকাৰৰ ভিতৰত খাৰু, আঙঠি আৰু কুন্দন উল্লেখযোগ্য । খাৰুবোৰ অত্যন্ত মসৃণ আৰু ইয়াৰ মান্য গোলাই আছিল । ৫.৫- ৬ ছে.মি । কিছুমান খাৰুত সৰু সৰু লিপিও খোদিত আছিল । যমুনা গড়জিলাৰ নাগেশ্বৰ খাৰু নিৰ্মাণ কৰা কাৰিকৰৰ প্ৰধান বসতি আছিল । শিলৰ কলাকৃতি হৰপ্পা সভ্যতাৰ আন এক বিশেষত্ব । ঢৌলাভিৰাত পোৱা মসৃণ শিলাস্তম্ভ তথা একৰপৰা দুফুট দীঘল শিলৰ মিহি অংশবিশেষে শিলাকুটীসকলৰ নিপুণতাক সূচায় । টুকুৰা-টুকুৰ শিলাখণ্ডবোৰক হয়তো কটাৰীৰ দৰে ঘৰুৱা কাম-কাজত ব্যৱহাৰ কৰা হৈছিল । তাৰোপৰি ষাঠি, চিকাৰ কাৰ্যত ব্যৱহাৰ কৰা আনবোৰ উপকৰণ শিলৰ পৰা বনোৱা হৈছিল । লক্ষ্যণীয়ভাৱে সেই সময়ৰ লোকসকলে তামৰ সা-সৰঞ্জাম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে দক্ষতা লাভ কৰিছিল । তামৰ সৈতে টিন আৰু নিকেলৰ মিশ্ৰণ ঘটাই তেওঁলোকে ব্ৰঞ্জৰ বিভিন্ন অস্ত্ৰ-শস্ত্ৰ, নিত্য ব্যৱহাৰ্য বিভিন্ন সামগ্ৰী, যেনে-বেজী, দাপোণ, আৰু আঙঠি, খাৰুৰ দৰে অলংকাৰ গঢ়াৰ কৌশল আয়ত্ব কৰিছিল বা শিকিছিল । হৰপ্পাত উদ্ধাৰ হোৱা ১৬খন কমাৰশাল আৰু লোথালৰ তামৰ সঁজুলি নিৰ্মাণৰ শালসমূহৰ পৰা সমসাময়িক ধাতুৰ জনপ্ৰিয়তাৰ কথা বুজিব পাৰি । তামৰ পাত্ৰসমূহক সম্পদশালী লোকসকলেহে ব্যৱহাৰ কৰিছিল আৰু এই মূল্যৱান ধাতু পাত্ৰসমূহক তেওঁলোকে বহু সময়ত মাটিত পুতি লুকুৱাই থৈছিল । সোণ আৰু ৰূপৰ উদ্ধাৰ হোৱা প্ৰায়বোৰ আ-অলংকাৰে হৰপ্পা সভ্যতাৰ লোকসকলৰ ধাতুৰ ক্ষেত্ৰত থকা জ্ঞানক নতুন মাত্ৰা প্ৰদান কৰিছে । একেদৰে মণি-মুকুতা, খচিত অলংকাৰ, শংখৰ অলংকাৰবোৰেও সেই সময়ৰ লোকসকলৰ সৌন্দৰ্য বোধৰ কথা বাৰুকৈয়ে প্ৰতীত কৰে । 

 ২। হৰপ্পা সভ্যতাৰ ক্ৰমবিকাশত প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱৰ বিষয়ে লিখা ।

উত্তৰঃ India নামটো Indus নদীৰ নামৰ পৰা সৃষ্টি হোৱা । প্ৰাচীন সাহিত্যিক সমলসমূহৰ পৰা জনা যায় যে আৰ্যসকলে Indus শব্দটো Sindhu বুলি উচ্চাৰণ কৰিছিল । পৰৱৰ্তী কালত পাৰ্চীয়ান , গ্ৰীক আৰু পোমানসকলৰ মুখ বাগৰি Sindhu ৰ পৰা Hindu শব্দৰ সৃষ্টি হল । যি কি নহওক সম্ভৱতঃ ৮০০০ ৰ আশে-পাশে সিন্ধু নদীৰ জল প্লাৱনে ইয়াৰ উপত্যকা অঞ্চলত পলসুৱা কৃষি উপযোগী মাটিৰ সৃষ্টি কৰিছিল যাৰবাবে এই অঞ্চলতে প্ৰথমে মানুহে জীৱপালন আৰু বৃক্ষ ৰোপনেৰে স্থায়ী বসবাস কৰিবলৈ শিকিছিল । এনেদৰে অঘৰী-জীৱন এৰি স্থায়ীভাৱে গাওঁপাতি মানুহ বসবাস কৰিবলৈ লোৱাৰ প্ৰথম প্ৰমাণ মহেঞ্জোদাৰোৰ পৰা প্ৰায় ১৫০ মাইল উত্তৰ-পশ্চিমৰ বেলুচিস্তানৰ বলান গিৰিপথৰ নামনিৰ মেহৰগড়ত পোৱা যায় । এই অঞ্চলত উদ্ধাৰ হোৱা বিভিন্ন অৱশিষ্টসমূহে খ্ৰীষ্টপূৰ্ব ৬০০০-৩০০০ মানৰ ভিতৰত হোৱা সভ্যতাৰ বিকাশ আৰু প্ৰসাৰৰ কেবাটাও স্তৰ প্ৰতিপন্ন কৰিছে । খ্ৰীষ্ট্ৰপূৰ্ব ৫০০০ মানৰ পৰা বিকশিত হোৱা দ্বিতীয়টো স্তৰ প্ৰস্তৰ যুগৰ পৰা ব্ৰঞ্জ যুগৰ বাটকটীয়া । সেইদৰে খ্ৰীষ্টপূৰ্ব ৪০০০ মানত বিকশিত আম্ৰি সভ্যতাক পৈণত আৰু অপৈণত হৰপ্পা সংস্কৃতিৰ বাটকটীয়া আখ্যা দিয়া হয় । নদীকেন্দ্ৰিক হোৱাৰ বাবে যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ সুবিধা, বাসস্থান নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বোকা-মাটিৰ পৰ্যাপ্ততা, সাধাৰণভাৱে কৃষিকাৰ্য কৰিব পৰাকৈ পলসুৱা মাটি, পোহনীয়া জীৱ-জন্তুৰ বাবে পৰ্যাপ্ত খাদ্য আৰু ব্যৱসায়-বাণিজ্যৰ যোগেদি আন আন সভ্যতাৰ লগত হোৱা সাংস্কৃতিক আৰু প্ৰযুক্তিগত আদান-প্ৰদানে হৰপ্পা সভ্যতাৰ বিকাশত অৱদান আগবঢ়াইছিল । ওপৰৰ আলোচনাৰ পৰা দেখা পোৱা গল যে হৰপ্পাৰ সংস্কৃতি হল খ্ৰীষ্টপূৰ্ব ষষ্ঠ সহস্ৰাব্দৰ পৰা আৰম্ভ হোৱা মেহৰগড় সভ্যতাৰ বিকাশৰ পৰিণতি । 

৩। হৰপ্পা সভ্যতাৰ পতনৰ কাৰণসমূহ কি আছিল লিখা ।

উত্তৰঃ হৰপ্পা সভ্যতাৰ উত্থান-পতন বুৰঞ্জীৰ এক সত্য ঘটনা । সিন্ধু উপত্যকাৰ সভ্যতা বা হৰপ্পা সংস্কৃতিত ইয়াৰ ব্যতিক্ৰম নহয় । সময়ৰ গতিত অতি উচ্চ পৰ্যায়ৰ নগৰীয়া হৰপ্পা সংস্কৃতিৰ ধ্বংসমুখত পৰিছিল । কিন্তু এই সভ্যতাৰ পতনৰ কাৰণ কি আছিল তাক সঠিককৈ কব পৰা হোৱা নাই । খনন কাৰ্যৰ ফলত তৰপে-তৰপে উদ্ধাৰ হোৱা অৱশিষ্টসমূহৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে এই সভ্যতাৰ কেইবাবাৰো উত্থান-পতন ঘটিছিল । আনহাতে বিশৃংখলভাৱে পৰি থকা নৰকংকালসমীহে এটা কথা প্ৰতিপন্ন কৰে যে অকস্মাতে হোৱা কোনো দুৰ্যোগৰ বাবে এই সভ্যতাৰ পতন হৈছিল । গতিকে এই সভ্যতাৰ পতনৰ কাৰণবোৰক পণ্ডিতসকলে দুটা ভাগত ভাগ কৰিছে । 

ক) প্ৰাকৃতিক পৰিৱেশৰ প্ৰভাৱ ।

খ) বিদেশীৰ আক্ৰমণ ।

অনুমান কৰিব পাৰি যে হৰপ্পা সংস্কৃতিৰ পতনত প্ৰকৃতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । আগতে উল্লেখ কৰা হৈছে যে বহুদিনীয়া প্ৰাকৃতিক অনুগ্ৰহৰ অন্ততহে এই অঞ্চলত সভ্যতায়ে গঢ় লৈ উঠিছিল । চিল-মোহৰবোৰত দেখা পোৱা জীৱ-জন্তুবোৰ থাকিব পৰাকৈ এই অঞ্চলত প্ৰাকৃতিক পৰিৱেশ আছিল, পৰ্যাপ্তভাৱে গছ-গছনি আছিল আৰু বহুতো নদ-নদীয়ে েই অঞ্চল পলসুৱা কৰি তুলিছিল । কিন্তু সিন্ধু সভ্যতাৰ ক্ৰমবিকাশ আৰু নগৰীকৰণৰ প্ৰতিক্ৰিয়াত প্ৰাকৃতিক পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছিল । গতিকে প্ৰাকৃতিক দুৰ্যোগ আছিল এই সভ্যতা পতন হোৱাৰ প্ৰধান কাৰণ । 

হঠাতে হোৱা বানপানী, ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগক এই সভ্যতা পতনৰ কাৰণ হব পাৰে বুলি অনুমান কৰা হৈছে । কোনো কোনো ঐতিহাসিকৰ মতে কোনো বিদেশী শক্তিয়ে এই সভ্যতাৰ ওপৰত কেইবাবাৰো আক্ৰমণ কৰিছিল । আক্ৰমণকাৰীয়ে নদীৰ ভেটা ভাঙি প্লাৱনৰ সৃষ্টি কৰিছিল । তাৰ ফলত সৰু-সৰু নগৰৰ লোকসকলে ঘৰ-দুৱাৰ এৰি হৰপ্পা আৰু মহেঞ্জোদাৰো নিচিনা ডাঙৰ চহৰত আশ্ৰয় লবলগা হৈছিল । গতিকে এনেকুৱাও হব পাৰে যে সৰুসৰু চহৰবোৰৰ পৰা ডাঙৰ চহৰবোৰলৈ হোৱা প্ৰব্ৰজনৰ ফলতে ডাঙৰ চহৰবোৰত জনসংখ্যা বহুগুণে বৃদ্ধি পাইছিল । তাৰ ফলত দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল । আনহাতে নগৰৰ প্ৰতিৰক্ষা শক্তিশালী কৰিবৰ বাবে ইয়াৰ সীমাৰ বেৰবোৰ পোৰামাটিৰে অধিক শক্তিশালীকৈ নিৰ্মাণ কৰিবলগা হৈছিল । সেইবাবে মহেঞ্জোদাৰো আৰু হৰপ্পাৰ পশ্চিমৰ ইটাৰ বেৰবোৰ ক্ৰমে ডাঠ আৰু বহুত ওখকৈ সাজি উলিওৱা হৈছিল । প্ৰতিৰক্ষাৰ লগতে গৃহনিৰ্মাণৰ বাবে যথেষ্ট ইটাৰ প্ৰয়োজন হৈছিল । তদুপৰি কৃষিৰ সম্প্ৰসাৰণৰ বাবেও গছ-গছনি আৰু হাবি-বননি ধ্বংস কৰা হৈছিল । তাৰ ফলত প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হৈ কোনো কোনো অঞ্চলত খৰাং বতৰ আৰু কোনো কোনো অঞ্চলত প্ৰৱল বানপানীৰ সৃষ্টি হৈছিল । মহেঞ্জোদাৰো আৰু চানহুদাৰোত এনেদৰে কেইবাবাৰো প্লাৱন হোৱাৰ প্ৰত্নতাত্ত্বিক প্ৰমাণ পোৱা গৈছে । বানপানীৰ লগতে উপসৰ্গৰ দৰে অহা মহামাৰীয়েও সভ্যতাৰ ধ্বংসত ইন্ধন যোগাইছিল । ঐতিহাসিক ৰমিলা থাপাৰে তেওঁৰ হিষ্টৰী অৱ আৰ্লি ইণ্ডিয়া গ্ৰন্থত মহেঞ্জোদাৰোৰ নৰ-কংকালবোৰৰ ওপৰত হোৱা নৃতাত্ত্বিক পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি কৈছে যে , বেছিভাগ লোকে ৰক্তস্বল্পতাৰ দৰে ৰোগত মৃত্যু হৈছিল । তাৰোপৰি ইটা নিৰ্মাণ কৰা শ্ৰমিক বনুৱাসকলৰ চহৰৰ ভিতৰতে থাকিব পৰাকৈ সুবিধা কৰি দিব লগা হৈছিল । তাৰ ফলত চহৰবোৰত সৃষ্টি হোৱা বায়ু-প্ৰদুষণ আৰু জনবিস্ফোৰণে শ্বাসৰুদ্ধ অৱস্থাৰ সৃষ্টি কৰিছিল । এনে  সময়ত হোৱা যি কোনো প্ৰাকৃতিক দুৰ্যোগ বা বৈদেশীক আক্ৰমণে হৰপ্পা সংস্কৃতিক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল ।

প্ৰাকৃতিক ভাৰসাম্য নষ্ট হোৱাৰ ফলত কোনো কোনো অঞ্চলত বৰষুণৰ পৰিমাণ একেবাৰে কমি গৈছিল আৰু জলবায়ুৰ আদ্ৰতা বাঢ়ি গৈছিল । 

৪। হৰপ্পা সভ্যতাৰ ধৰ্মীয় বিশ্বাস আৰু আচৰণবিধিৰ বিষয়ে লিখা ।

উত্তৰঃ হৰপ্পা সভ্যতাৰ ধৰ্মীয় বিশ্বাস সন্দৰ্ভত খনন কাৰ্যত উদ্ধাৰ হোৱা বিভিন্ন মূৰ্তি আৰু চিল-মোহৰসমূহে ব্যাখ্যা আগবঢ়ায় । খনন কাৰ্যৰ দ্বাৰা উদ্ধাৰ হোৱা সৰহভাগ মূৰ্তিয়েই যিহেতু নাৰীমূৰ্তি, গতিকে মাতৃ উপাসনা যে এই সভ্যতাত বিস্তৰভাৱে হৈছিল সেই কথা বুজিব পাৰি । নাৰী শক্তিক পূজা-অৰ্চনাৰ যোগেৰে প্ৰতিপন্ন কৰিব বিচৰা হৈছিল । ইয়াৰ অন্তৰালত কেবাটাও দিশ জড়িত হৈ থকা দেখা যায় । ক) কৃষিভিত্তিক সমাজ ব্যৱস্থাত মাটিৰ উৰ্বৰতাৰ প্ৰয়োজনীয়তা, খ) সমকালীন সভ্যতাসমূহত প্ৰচলিত মাতৃপূজাৰ প্ৰতিফলন, গ) উদ্ধাৰ হোৱা প্ৰায়বোৰ মূৰ্তিয়েই হল দেৱীমূৰ্তি, ঘ) পৰৱৰ্তী সভ্যতাত মাতৃপূজাৰ বহুত প্ৰচলন । দেখা যায় যে খনন কাৰ্যত উদ্ধাৰ হোৱা নগ্ন নাৰী মূৰ্তিবোৰত নাৰীৰ জননাংগক প্ৰতীকাত্মকভাৱে প্ৰজনন, আদি বিষয়ত অৰ্থত ব্যৱহাৰ কৰিবলৈ প্ৰয়াস কৰা দেখা গৈছে । চিল-মোহৰক এটা নাৰীমূৰ্তি উত্তালপাদ ভূমিকা বা ভংগিমা মূৰ তললৈ কৰি ভৰি দুটা ওপৰলৈ থকা দেখা গৈছে আৰু মূৰ্তিৰ গৰ্ভৰ পৰা এটা গছ পুলি জন্ম হৈছে । ক্ষমতা বুজাবলৈ এই প্ৰতীকাত্মক চিত্ৰই যথেষ্ট ।

আনহাতে তিনিখন মূৰবিশিষ্ট পদ্মাসনত উপবিষ্ট যোগ সাধনা কৰি থকা দেৱতাৰ মূৰ্তি খনন কাৰ্যত পোৱা গৈছে । মূৰ্তিটোৰ শিৰত শিঙৰ আৱৰণ থকাৰ উপৰিও স্ফীত লিংগ স্পষ্টভাৱে ওলাই আছে । মূৰ্তিটোৰ চৌপাশে হাতী, গঁড়, মহ আৰু বাঘৰ অৱস্থিতি । একেবাৰে তলৰফালে এটা কৃষ্ণসাৰ মৃগ । ঐতিহাসিকসকলে এই যোগী মূৰ্তিটোক শিৱৰ প্ৰাচীনতম ৰূপ পশুপতি বুলি মন্তব্য কৰিছে । 

ইয়াৰোপৰি খনন ক্ষেত্ৰসমূহত লিংগ আৰু যোনী আকাৰৰ শিলাখণ্ড উদ্ধাৰ হৈছে । জননাংগ উপাসনাৰ অন্তৰালত শস্যৰ সমৃদ্ধি আৰু দিশটো নিহিত হৈ আছে । সমান্তৰালভাৱে এই সভ্যতাত পশু-পক্ষী, গছকো পূজা-অৰ্চনা কৰা হৈছিল । উদ্ধাৰ হোৱা সৰহসংখ্যক চিল-মোহৰতে বটবৃক্ষৰ চিত্ৰ আৰু ষাড় পোৱালৈ চাই এই কথা অনুমান কৰিব পাৰি । একেদৰে কিছুমান আদিভৌতিক জীৱকো সেই সময়ত উপাসনা কৰা হৈছিল । মুঠতে প্ৰকৃতি-পূজনৰ পৰা আৰম্ভ কৰি মূৰ্ত-অমূৰ্ত বহুতো সত্তাৰ পূজা-পাৰ্বন হৰপ্পা সভ্যতাত প্ৰচলিত আছিল । কিন্তু এনে পূজা-অৰ্চনা কৰিবলৈ উপাসনা স্থলসমূহৰ প্ৰৱন্ধ কেনে আছিল সেই সম্পৰ্কত ঐতিহাসিকসকল নিৰ্দিষ্ট মতত উপনীত হব পৰা নাই । উদ্ধাৰ হোৱা ডাঙৰ স্নানাগাৰটোৰ সম্পৰ্কে কব বিচাৰে যে ইয়াতে নগৰৰ অভিজাতসকলে ধৰ্মীয় আচৰণ -বিধিৰ আগতে ৰাজহুৱাভাৱে স্নান কৰিছিল । দেৱ-দেৱীৰ পূজা-অৰ্চনাৰ স্বাৰ্থত বলিবিধান ব্যৱস্থা আৰু যজ্ঞ কৰাৰ প্ৰসংগ কালিবংগানত উদ্ধাৰ হোৱা প্ৰায়বোৰ বিশাল আৰু অগ্নিকুণ্ডই সূচায় ।

ধৰ্মীয় বিধি-বিধানবোৰৰ উপৰিও হৰপ্পা সভ্যতাৰ অধিবাসীসকলে মৃতকৰ বাবে সংস্কাৰ আৰু সমাধি উভয় প্ৰক্ৰিয়াই ব্যৱহাৰ কৰিছিল । খনন কাৰ্যৰ জৰিয়তে কিছুমান পাত্ৰত ছাই আৰু অস্থি উদ্ধাৰ হোৱা প্ৰসংগই মৃতকৰ শৰীৰ দাহ কৰাৰ বাবে কথা দৰ্শায় । এনেদৰে বহুতো দৈনন্দিন সামগ্ৰীৰ সৈতে মানুহৰ জকা উদ্ধাৰ হোৱালৈ চাই  তেওঁলোকে যে শৱদেহ সমাধিস্থ কৰিছিল সেই কথা বুজিব পাৰি । মৃতকৰ লগতে প্ৰায়বোৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী কবৰ দিয়া ধাৰণাটোৱে এই কথা সূচায় যে হৰপ্পাবাসীয়ে মৃত্যুৰ পাছৰ অৱস্থাৰ কথা মানিছিল । 


Author_ Ali rani kakati ( Ba in History Major) 






Post ID: DABP005508