প্ৰাকৃতিক সম্পদ

    👉Free Online Exam Click Here
    👉Download Books PDF
    👉Click Here Youtube Video

অধ্য়ায়-১

পাঠভিত্তিক প্ৰশ্ন উত্তৰ

1. প্ৰাকৃতিক সম্পদ কাক বোলে ?  

উত্তৰঃ মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকেই প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়।

2. পৃথিৱীৰ উপৰিভাগত কিমান শতাংশ ভূমি আছে ?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত ২৯ শতাংশ ভূমি আছে। 

3. ভূমিৰ ওপৰত ভিত্তি কৰি আমাৰ কি কি গঢ় লৈ উঠিছে ?

উত্তৰঃ ভূমি ওপৰত ভিত্তি কৰি আমাৰ কৃষি, শিল্প, যাতায়াত যোগাযোগ আদি গঢ় লৈ উঠিছে।

4. কিমান চনত বিশ্ব-বেংকৰ এক তথ্য় অনুসৰি ভাৰতৰ ৬০.৪৩% ভূমি কৃষিকাৰ্যত ব্য়ৱহাৰ হয় ?

উত্তৰঃ ২০১৮ চনত বিশ্ব-বেংকৰ এক তথ্য় অনুসৰি ভাৰতৰ ৬০.৪৩% ভূমি কৃষিকাৰ্যত ব্য়ৱহাৰ হয় ।

5. ভূমিস্থলন কাক বোলে ?

উত্তৰঃ ভূমিস্থলন প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ। নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণিৰ আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰাকে ভূমিস্থলন বোলে ।

6. গৰাখহনীয়া বুলিলে কি বুজা ?

উত্তৰঃ নদীৰ গতিপথ কাষৰ মাটি খহাই নিয়াকে গৰাখহনীয়া বুলি কোৱা হয়। 

7. মৰুকৰণ বুলিলে কি বুজা ?

উত্তৰঃ প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিৰ প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰণ বুলি কোৱা হয়।

8.  ভূমি সংৰক্ষণৰ তিনিটা কাৰণ দেখুওৱা ।

উত্তৰঃ ভূমি সংৰক্ষণৰ তিনিটা কাৰণ হ'ল- 

    i) মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ-বন আৰু বৃক্ষৰোপণ কৰা।

    ii) পৰিৱেশ অনুকূল কৃষি পদ্ধতি প্ৰয়োগ কৰা।

    iii) উচ্চভূমি অঞ্চলত বেদিকা পদ্ধতিৰে খেতি কৰা। 

9. এবিধ নবীকৰণযোগ্য় অজৈৱিক সম্পদৰ নাম লিখা।

উত্তৰঃ এবিধ নবীকৰণযোগ্য় অজৈৱিক সম্পদৰ নাম হ'ল- পানী। 

10. পৃথিৱীৰ উপৰিভাগত কিমান শতাংশ পানীৰে আবৃত ।

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত দুই-তৃতীয়াংশ পানীৰে আবৃত। 

11. কাৱেৰী নদী কোন দুখন ৰাজ্য়ৰ মাজেৰে বৈ গৈছে ?

উত্তৰঃ কাৱেৰী নদী কৰ্ণাটক আৰু তামিলনাডু ৰাজ্য়ৰ মাজেৰে বৈ গৈছে। 

12. পানী কি প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰ উৎসসমূহত জমা হয়। 

উত্তৰঃ পানী বাষ্পীভৱন, অধোক্ষেপণ আৰু প্ৰবহন প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰ উৎসসমূহত জমা হয়। 

13. পৃথিৱীৰ কোন কেইখন দেশত বৰ্তমান পানীৰ ব্য়াপক সংকটে দেখা গৈছে। 

উত্তৰঃ পৃথিৱীৰ বিভিন্ন অঞ্চল-কাটাৰ, ইজৰাইল, লেবানন, ইৰান আদি দেশত বৰ্তমান পানীৰ ব্য়াপক সংকটে দেখা গৈছে। 

14. পানী সংৰক্ষণৰ দুটা ব্য়ৱস্থা লিখা। 

উত্তৰঃ পানী সংৰক্ষণৰ দুটা ব্য়ৱস্থা হ'ল -

    i) পানীৰ প্ৰদৃষণ ৰোধ কৰাৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰিব লাগিব।
    
    ii) বৰষুণৰ পানী সংগ্ৰহ কৰি সেই পানী নানা কামত ব্য়ৱহাৰ কৰিব পাৰি। 

15. বনজ সম্পদৰ ব্য়ৱহাৰ কেই প্ৰকাৰত ভাগ কৰা হৈছে আৰু কি কি  ?

উত্তৰঃ বনজ সম্পদৰ ব্য়ৱহাৰ দুই প্ৰকাৰত ভাগ কৰা হৈছে। সেইকেইটা হ'ল- বাণিজ্য়িক আৰু পাৰিস্থিতিক।

16. বৰ্ষাৰণ্য় বুলিলে কি বুজা ?

উত্তৰঃ চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্য়সমূহক বৰ্ষাৰণ্য় বোলে। 

17. শক্তি সম্পদক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ?

উত্তৰঃ শক্তি সম্পদক দুটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'ল- পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি সম্পদ। 

18. পৰম্পৰাগত শক্তি সম্পদৰ উৎস কি ?

উত্তৰঃ পৰম্পৰাগত শক্তি সম্পদৰ উৎস হ'ল- অতীজৰপৰা জুই জ্বলাবলৈ ব্য়ৱহাৰ কৰি অহা খৰি আৰু অন্য়ান্য় জীৱাষ্ম ইন্ধন। 

19. পৰম্পৰাগত শক্তি সম্পদৰ দুটা উদাহৰণ লিখা । 

উত্তৰঃ পৰম্পৰাগত শক্তি সম্পদৰ দুটা উদাহৰণ হ'ল- কয়লা, প্ৰাকৃতিক গেছ। 

20. কয়লা উৎপাদনকাৰী দুখন ঠাইৰ নাম লিখা। 

উত্তৰঃ কয়লা উৎপাদনকাৰী দুখন ঠাইৰ নাম হ'ল- ধানবাদ, বোকাৰো।

21. অসমৰ ক'ত ক'ত কয়লা পোৱা যায়। 

উত্তৰঃ অসমৰ লিডু, মাকুম, জয়পুৰ আদিত কয়লা পোৱা যায়। 

22. কোনবিধ জীৱাষ্ম ইন্ধনক "পনীয়া সোণ " বুলি কোৱা হয় ?

উত্তৰঃ পেট্ৰ'লিয়ামক "পনীয়া সোণ " বুলি কোৱা হয়। 

23.পৃথিৱীৰ মুখ্য় পেট্ৰ'লিয়াম উৎপাদনকাৰী তিনিখন দেশৰ নাম লিখা । 

উত্তৰঃ পৃথিৱীৰ মুখ্য় পেট্ৰ'লিয়াম উৎপাদনকাৰী দেশ তিনিখনৰ নাম হ'ল -ইৰাণ, ইৰাক, ৰাছিয়া।

24. অপৰম্পৰাগত শক্তি সম্পদৰ দুটা উদাহৰণ লিখা। 

উত্তৰঃ অপৰম্পৰাগত শক্তি সম্পদৰ দুটা উদাহৰণ হ'ল- সৌৰশক্তি, জলশক্তি। 

25. বতাহ শক্তি উৎপাদনকাৰী দেশ তিনিখনৰ নাম লিখা । 

উত্তৰঃ বতাহ শক্তি উৎপাদনকাৰী দেশ তিনিখনৰ নাম হ'ল- নেদাৰলেণ্ড, ডেনমাৰ্ক, জাৰ্মানী।

26. ভূতাপীয় শক্তি মানে কি ?

উত্তৰঃ ভূতাপীয় শক্তি মানে হ'ল- ভূগৰ্ভত থকা শিল আদিৰ লগত সংযুক্ত তেজষ্ক্ৰিয় পদাৰ্থৰপৰা নিৰ্গত হোৱা শক্তি। 

27. ভাৰতৰ উল্লেখযোগ্য় প্ৰকল্পস্থান দুখনৰ নাম লিখা ?

উত্তৰঃ ভাৰতৰ উল্লেখযোগ্য় প্ৰকল্পস্থান দুখনৰ নাম হ'ল- ভাক্ৰানাঙল, গান্ধীসাগৰ।




Check by - Mukesh Borah 









Post ID: DABP005506