আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

চতুৰ্থ অধ্য়ায়

১। কোনখন ৰাষ্ট্ৰ বিশ্বৰ উন্নত দেশসমূহৰ অন্য়তম?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট।


২। এই ৰাষ্ট্ৰখন কি কি ৰাজ্য় আৰু কি জিলাৰে গঠিত?

উত্তৰঃ এই ৰাষ্ট্ৰখন আলস্কা আৰু হাৱাই দ্বীপপুঞ্জকে ধৰি সৰ্বমুঠ ৫০ খন ৰাজ্য় আৰু কলোম্বিয়া জিলাৰে গঠিত।


৩। আমেৰিকা আৱিস্কাৰ হোৱাৰ পৰা ইয়াৰ পূব অংশ উপনিবেশ হিচাপে কাৰ অধীনত আছিল?

উত্তৰঃ বৃটিছৰ অধীনত আছিল।


৪। কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰ বৃটিছ অধীনৰ পৰা মুক্তি পাইছিল?

উত্তৰঃ ১৭৭৬ চনত।


৫। আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাজধানী কি?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাজধানী কলোম্বিয়া জিলাৰ ৱাশ্বিংটন ডি.চি.। 


৬। আমেৰিকা যুক্তৰাষ্ট্ৰ কেন মহাদেশত অৱস্থিত?

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত।


৭। আমেৰিকা যুক্তৰাষ্ট্ৰ  মূল ভূখণ্ড লিখা?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ  মূল ভূখণ্ড হ'ল ২৫° উত্তৰৰ পৰা ৪৩° উত্তৰ অক্ষাংশ আৰু ৬৬° পশ্চিমৰ পৰা ১২৫° পশ্চিম দ্রাঘিমাংশলৈকে বিস্তৃত । 


৮। আমেৰিকা যুক্তৰাষ্ট্ৰ কি জলবায়ু অন্তৰ্গত?

উত্তৰঃ নাতিশীতোষ্ণ জলবায়ুৰ অন্তৰ্গত।


৯। ইয়াৰ মাটিকালি কিমান কিলোমিটাৰ?

উত্তৰঃ ইয়াৰ মাটিকালি ৯৬ লাখ বৰ্গ কিলোমিটাৰ।


১০। ইয়াৰ মাটিকালি পৃথিবীৰ মাটিকালি কিমান শতাংশ?

উত্তৰঃ ৬.৩৭ শতাংশ।


১১। আমেৰিকা যুক্তৰাষ্ট্ৰ পৃথিৱীৰ কেইনম্বৰ বৃহ দেশ?

উত্তৰঃ চতুৰ্থ বৃহ দেশ।


১২। আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতবৰ্ষতকৈ কেই গুণ ডাঙৰ?

উত্তৰঃ তিনিগুিণ ডাঙৰ।


১৩। জনসংখ্য়া ক্ষেত্ৰত ইয়াৰ স্থান কিমান?

উত্তৰঃ তৃতীয়।


১৪। ২০০৭ বৰ্ষৰ আনুমানিক তথ্য় অনুসৰি ইয়াৰ মুঠ জনসংখ্য়া কিমান?

উত্তৰঃ ৩০২ নিযুত।


১৫। আমেৰিকা যুক্তৰাষ্ট্ৰক প্ৰধানকৈ কেইটা প্ৰাকৃতিক বিভাগত ভগাব পাৰি? আৰু কি কি?

উত্তৰঃ তিনিতা ভাগত ভগাব পাৰি। পূৱৰ পৰা পশ্চিমলৈ এই ভাগকেইটা হ'ল一 ১)  আপেলেছিয়ান উচ্চভূমি অঞ্চল  ২) মধ্য় সমভূমি অঞ্চল ৩) ৰকি পাৰ্বত্য় অঞ্চল বা কৰ্ডিলেৰা অঞ্চল।


১৬।আপেলেছিয়ান উচ্চভূমি বুলিলে কি বুজা?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূৱ অংশত আটলান্টিক উপকূলৰ প্ৰায় সমান্তৰালকৈ বিস্তৃত উচ্চভূমি খণ্ডকে আপেলেছিয়ান উচ্চভূমি বোলা হয়।


১৭। কোন অঞ্চলত দেশৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হয়?

উত্তৰঃ  আপেলেছিয়ান উচ্চভূমি অঞ্চলত।


১৮। পৃথিৱীৰ বিখ্য়াত নিয়াগাৰা জলপ্ৰপাত ক'ত অৱস্থিত?

উত্তৰঃ  আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ উত্তৰ সীমাত থকা ইৰি হ্ৰদৰ কাষতে এই জলপ্ৰপাত অৱস্থিত।


১৯। আপেলেছিয়ান অঞ্চল কি সম্পদত চহকী?

উত্তৰঃ খনিজ সম্পদত চহকী।


২০। মধ্য় সমভূমি অঞ্চল বুলিলে কি বুজা?

উত্তৰঃ আপেলেছিয়ান উচ্চভূমি আৰু ৰকি পৰ্বতশ্ৰেণীৰ মাজত উত্তৰা-দক্ষিণা আৰু পূবা-পশ্চিমাকৈ বিস্তৃত সমভূমি অঞ্চলটোক মধ্য় সমভূমি অঞ্চল বুলি জনা যায়।


২১। মধ্য় সমভূমি অঞ্চল কৰ পৰা কলৈ বিস্তৃত?

উত্তৰঃ উত্তৰে বৃহৎ সৰোবৰ অঞ্চলৰ পৰা দক্ষিণে মেক্সিকো উপকূললৈ বিস্তৃত।


২২। এই সমভূমি অঞ্চলটো কোন অৱবাহিকাৰ অন্তৰ্গত?

উত্তৰঃ মিছিছিপি-মিছৌৰি অৱবাহিকাৰ অন্তৰ্গত।


২৩। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনটো অঞ্চল কৃষি কাৰ্য বাবে উপযোগী?

উত্তৰঃ মধ্য় সমভূমি অঞ্চল।


২৪। মধ্য়সমভূমি অঞ্চলটোক কেই ভাগত ভগাব পাৰি?

উত্তৰঃ চাৰি ভাগত ভগাব পাৰি 一 উচ্চ সমভূমি, বৃহৎ সৰোবৰ সমভূমি, মিছিছিপি সমভূমি আৰু মেক্সিকো উপকূলীয় সমভূমি।


২৫। উচ্চ সমভূমি বুলিলে কি বুজা?

উত্তৰঃ ৰকি পৰ্বতৰ পূব ফালৰ পৰা নামনি অঞ্চলৰ ওখ খণ্ডটোক উচ্চ সমভূমি বোলা হয়।


২৬। ৰকি পৰ্বত বা কৰ্ডিলেৰা অঞ্চল মানে কি?

উত্তৰঃ পূবে উচ্চসমভূমি আৰু পশ্চিমে প্ৰশান্ত উপকূলৰ মাজেৰে পৰ্বত-পাহাৰ, মালভূমি উপত্য়কা, হ্ৰদ আদিৰে গঠিত ভূখণ্ডটোক কৰ্ডিলেৰা অঞ্চল বোলা হয়।


২৭। কৰ্ডিলেৰা অঞ্চলটো কেনেকৈ বিস্তৃত?

উত্তৰঃ উত্তৰা-দক্ষিণাকৈ বিস্তৃৃৃৃৃত।


২৮। কৰ্ডিলেৰা অঞ্চলৰ পশ্চিম অংশত থকা উল্লেখযোগ্য় পৰ্বতসমূহ কি কি?

উত্তৰঃ চিয়েৰা, নেভাডা, কাস্কেড, আৰু ক'ষ্টৰেঞ্জ বা উপকূলীয় পৰ্বতমালা।


২৯। এটা বিখ্য়াত লুনীয়া পানীৰ হ্ৰদৰ নাম লিখা?

উত্তৰঃ গ্ৰেট ছল্ট লেক ।


৩০। পৃথিৱীৰ বিখ্য়াত-কলৰাডো নদীৰ গ্ৰেণ্ড কেনিয়ন আৰু মৃত উপত্য়কা ক'ত অৱস্থিত?

উত্তৰঃ কৰ্ডিলেৰা অঞ্চলত অৱস্থিত।


৩১। কেলিফৰ্ণিয়া উপকূলটো কিহৰ বাবে উপযোগী?

উত্তৰঃ কৃষিকাৰ্ষ বাবে উপযোগী।


৩২। কৰ্ডিলেৰা অঞ্চলৰ কেইখনমান উল্লেখযোগ্য় মহানগৰীৰ নাম লিখা।

উত্তৰঃ ছিয়াটল, পোৰ্টলেণ্ড, ছানফ্ৰান্সিস্কো, লছ এঞ্জেল্ছ, লাছ ভেগাছ আদি।


৩৪। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৭৭৬ চনত জনসংখ্য়া কিমান নিযুত হৈছিল?

উত্তৰঃ ৩ নিযুত। 


৩৫। দেশৰ মুঠ জনসংখ্য়াৰ কিমান শতাংশ খ্ৰীষ্টান ধৰ্মালম্বী আৰু কি লোক?

উত্তৰঃ ৮৫ শতাংশই খ্ৰীষ্টান ধৰ্মালম্বী আৰু শ্বেতাংগ লোক।


৩৬। ১৫ শতাংশ লোক কোন ধৰ্মালম্বী আৰু কি গোষ্ঠীৰ লোক?

উত্তৰঃ ১৫ শতাংশ জিউ, মুছলমান, হিন্দু আৰু ধৰ্ম বিহীন কৃষ্ণাংগ গোষ্ঠীৰ লোক।


৩৭। মধ্য় সমভূমি আৰু কৰ্ডিলেৰা অঞ্চলত জনসংখ্য়া ঘনত্ব কিমান?

উত্তৰঃ ১৫ জন।


৩৮। বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বছৰি জনমূৰি ৰাষ্ট্ৰীয় আয় কিমান?

উত্তৰঃ ৩৮,০০০ ডলাৰ।


৩৯। আমেৰিকা যুক্তৰাষ্টই মাকৈ, ধপাত আৰু কপাহ উৎপাদনত কেই নম্বৰ স্থান অধিকাৰ কৰিছে?

উত্তৰঃ প্ৰথম স্থান অধিকাৰ কৰিছে।


৪০। ঘেঁহু আৰু বাৰ্লি উৎপাদনত কেই নম্বৰ স্থান অধিকাৰ কৰিছে? 

উত্তৰঃ দ্বিতীয় স্থান অধিকাৰ কৰিছে।


৪১। যুক্তৰাষ্ট্ৰৰ কৃষিৰ প্ৰধান বৈশিষ্ট্য় কি?

উত্তৰঃ কৃষিবলয়সমূহ।


৪২। সমগ্ৰ দেশখনক দক্ষিণৰ পৰা উত্তৰলৈ কেইটা কৃষি বলয়ত ভাগ কৰিব পাৰি?

উত্তৰঃ ৯ টা কৃষি বলয়ত ভাগ কৰিব পাৰি।


৪৩। কৃষি বলয় কেইটাৰ নাম লিখা?

উত্তৰঃ ১) উত্তৰ-পশ্চিম মিশ্ৰ কৃষি বলয়, ২) ভূমিধ্য় সাগৰীয় কৃষি বলয়, ৩) শুকান কৃষি আৰু পশুপালন বলয়, ৪) বসন্ত কালৰ গম কৃষি বলয়, ৫) মাকৈ বলয়, ৬) শীতকালৰ গম বলয়, ৭) কপাহ বলয়, ৮) ধান আৰু কুঁহিয়াৰ বলয়, ৯) উত্তৰ-পূৱ মিশ্ৰ কৃষি বলয়।


৪৪। ধান আৰু কুঁহিয়াৰ বলয় ক'ত অন্তৰ্গত?

উত্তৰঃ মেক্সিকো উপকূলীয় অঞ্চলত অৱস্থিত ফ্লোৰিডা আৰু জৰ্জিয়া, এলাবামা, মিছিছিপি আৰু লুছিয়ানা ৰাজ্য়ৰ দক্ষিণ অংশ এই কৃষি বলয় অন্তৰ্গত।


৪৫। ধান আৰু কুঁহিয়াৰ বলয় হিচাপে কিয় ইয়াক চিনাক্ত কৰা হয়?

উত্তৰঃ কাৰণ এই অঞ্চলৰ প্ৰধান শস্য় ধান আৰু কুঁহিয়া হোৱাৰ বাবে ইয়াক ধান-কুঁহিয়াৰ বলয় হিচাপে চিনাক্ত কৰা হয়।


৪৬। কোন কোন ৰাজ্য়ত দেশৰ মুঠ উপাদনৰ ৫০ শতংশতকৈ অধিক কপাহ উৎপাদন হয়?

উত্তৰঃ টেক্সাছ. মিছিছিপি আৰু আৰকান্ছাছ ৰাজ্য়ত।


৪৭। গম খেতি কৰা দুখন ৰাজ্য়ৰ নাম লিখা?

উত্তৰঃ ওকলাহামা আৰু টেক্সাছ ৰাজ্য়।


৪৮। বসন্তকালীন গম বলয় ক'ত অৱস্থিত?

উত্তৰঃ প্ৰেইৰী অঞ্চলৰ উত্তৰ অংশত এই গম বলয় অৱস্থিত।


৪৯। কোনটো বলয়ক দুগ্ধপাম বলয় বুলি জনা যায়?

উত্তৰঃ উত্তৰ-পূব প্ৰান্তীয় মিশ্ৰ কৃষি বলয়ক দুগ্ধপাম বলয় বুলি জনা যায়।


৫০। ভূমিধ্য় সাগৰীয় জলবায়ুত প্ৰচুৰ পৰিমাণে কি কি উৎপাদন হয়?

উত্তৰঃ এই  অঞ্চলত গম আৰু কপাহৰ উপৰি সুমথিৰা, আপেল, আঙুৰ আদি ফল-মূল প্ৰচুৰ পৰিমাণে উৎপাদন হয়।

 

৫১। পৃথিৱীৰ বৃহত্তম ৰবৰ উদ্য়োগ কেন্দ্ৰ কি?

উত্তৰঃ আৰকন।


৫২। কোনটো উদ্য়োগ যুক্তৰাষ্ট্ৰৰ বিখ্য়াত মটৰগাড়ী নিৰ্মাণ কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে?

উত্তৰঃ ডেট্ৰইট উদ্য়োগ কেন্দ্ৰ।


৫৩। কোনটো ঔদ্য়োগিক কেন্দ্ৰত উৰাজাহাজ নিৰ্মাণ শিল্প আছে?

উত্তৰঃ দক্ষিণ পশ্চিম ঔদ্য়োগিক কেন্দ্ৰত।


৫৪। দেশৰ কিমান শতাংশ বনুৱাই প্ৰশান্ত উপকূলীয় উদ্য়োগ অঞ্চলৰ উদ্য়োগসমূহত কাম কৰে?

উত্তৰঃ ১০ শতাংশ বনুৱাই।


৫৫। দেশৰ ভিতৰতে প্ৰধান দুটা উদ্য়োগৰ নাম লিখা।

উত্তৰঃ লছ এঞ্জেলেছ আৰু ছান ফ্ৰান্সিস্কো।


Type By- Jatin Nath