যুদ্ধোত্তৰ যুগত দক্ষিণ এছিয়া

পঞ্চম অধ্যায়

অতি চমু প্ৰশ্ন 

১. দক্ষিণ এছিয়া বুলিলে কোনকেইখন ৰাষ্ট্ৰক বুজোৱা হয় ।

উত্তৰঃ  দক্ষিণ এছিয়া বুলিলে বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান, আৰু শ্ৰী লংকা আদি সাতখন ৰাষ্ট্ৰক বুজোৱা হয় ।


২. কাৰ নেতৃত্বত আৰু কত গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল ।

উত্তৰঃ   বেনজিৰ ভূট্টো আৰু নৱাজ শ্বৰিফৰ নেতৃত্বত পাকিস্তানত  গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰৱৰ্তন হৈছিল।

৩. ২০০৮ চনত হোৱা পাকিস্তানৰ নতুন ৰাষ্ট্ৰপতিজনৰ নাম কি ।

উত্তৰঃ  ২০০৮ চনত হোৱা পাকিস্তানৰ নতুন ৰাষ্ট্ৰপতিজনৰ নাম হল আচিফ আলি জাৰ্ডাৰি ।


৪. নেপালত কিমান চনলৈ চৰম ৰাজতন্ত্ৰৰ প্ৰচলন আছিল ।

উত্তৰঃ  ১৯৯০ চনলৈ নেপালত চৰম ৰাজতন্ত্ৰৰ প্ৰচলন আছিল ।


৫. কিমান চনত যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়

উত্তৰঃ ২০০৮ চনৰ মে মাহত যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয় ।


৬. পাকিস্তানত সুস্থিৰ গণতন্ত্ৰৰ বিপৰ্যয়ৰ কাৰণকেইটা কি  কি ।

উত্তৰঃ  পাকিস্তানত সুস্থিৰ গণতন্ত্ৰৰ বিপৰ্যয়ৰ কাৰণকেইটা হল 

ক) পাকিস্তানত সামৰিক বাহিনী, ধৰ্মগুৰু, ভূমিপতি, অভিযাত শ্ৰেণীৰ, পাকিস্তান সমাজৰ ওপৰত থকা প্ৰতিপত্তিয়ে ঘনে প্ৰতি পাকিস্তানত সামৰিক অভ্যূত্থান ঘটাই গণতান্ত্ৰিক চৰকাৰক ওফৰাই সামৰিক শাসন প্ৰৱৰ্তন কৰাৰ মূল কাৰণ ।

খ) পাকিস্তানৰ ভাৰতৰ সৈতে চলি থকা সংঘৰ্ষই ইয়াৰ সামৰিক বাহিনীক যথেষ্ট শক্তিশালী কৰি তুলিছে । পাকিস্তানত সামৰিক অভ্যূত্থান ঘটোৱা নেতৃবৃন্দৰ মতে পাকিস্তানৰ ৰাজনৈতিক দল আৰু গণতন্ত্ৰত যথেষ্ট ক্ৰটি আছে আৰু ইয়ে পাকিস্তানৰ নিৰাপত্তা বিঘ্নিত কৰিব পাৰে । তেওঁলোকৰ মতে পাকিস্তানৰ ৰাজনৈতিক দলসমূহ হল স্বাৰ্থপৰ আৰু ইয়াৰ গণতান্ত্ৰিক ব্যৱস্থাটো হল বিশৃংখল তথা ক্ৰটিপূৰ্ণ ।  গতিকে এনে পৰিস্থিতিত পাকিস্তানৰ নিৰাপত্তাৰ বাবে সামৰিক বাহিনীয়ে পাকিস্তানৰ শাসন নিজৰ হাতত ৰখাত যথেষ্ট যুক্তিযুক্তা আছে । 

গ) পাকিস্তানত প্ৰকৃত গণতন্ত্ৰৰ বিপৰ্যয়ৰ আন এটা কাৰণ হল পাকিস্তানৰ গণতন্ত্ৰৰ প্ৰতি প্ৰকৃততে আনতৰ্জাতিক সমৰ্থন নাই, তাৰ ফলত ইয়াৰ শাসন ব্যৱস্থাক সামৰিক বাহিনীয়ে দমন কৰি ৰাখিবলৈ সুবিধা পাইছে । আমেৰিকা যুক্তৰাষ্ট্ৰকে আদি কৰি পশ্চিমীয়া ৰাষ্ট্ৰসমূহে পাকিস্তানত সামৰিক শাসকসকলক অনুপ্ৰাণিত কৰে । এই ৰাষ্ট্ৰসমূহৰ গোলকীয় ইছলামীয় সন্ত্ৰাসবাদৰ প্ৰতি থকা ভয় আৰু পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰাগাৰ সন্ত্ৰাসবাদীসকলৰ দখললৈ যোৱাৰ সম্ভাৱনাই গণতান্ত্ৰিক শাসকতকৈ সামৰিক শাসক পাকিস্তানত থকাটো পশ্চিমীয়া ৰাষ্ট্ৰসমূহে সমৰ্থন কৰে  । 


৭. নেপালত ঘটা ঐতিহাসিক ঘটনাটো কি  আছিল ।

উত্তৰঃ নেপালৰ এটাৈ ঐতিহাসিক ঘটনাটো হল যে নেপালৰ বাবে এখন সংবিধান যুগুত কৰাৰ কাৰণে এখন সংবিধান সভাৰ গঠন ।


৮.  শ্ৰী লংকাৰ আদি নাম কি আছিল ।

উত্তৰঃ  শ্ৰী লংকাৰ আদি নাম আছিল চিলন ।


৯. শ্ৰী লংকাত বাস কৰা ভাৰতীয় লোকসকলৰ জাতিগত সংঘৰ্ষ হোৱা মূল কাৰণটো কি আছিল ।

উত্তৰঃ   শ্ৰী লংকাত বাস কৰা ভাৰতীয় লোকসকলৰ জাতিগত সংঘৰ্ষ হোৱা মূল কাৰণটো হল শ্ৰী লংকাৰ চৰকাৰে তামিল লোকসকলৰ প্ৰতি কৰা বৈষম্যমূলক নীতি ।


১০. ভাৰতবৰ্ষৰ পৰা দ্বি-খণ্ডিত হোৱা দুখন স্বাধীন ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰঃ ভাৰতবৰ্ষৰ পৰা দ্বি-খণ্ডিত হোৱা দুখন স্বাধীন ৰাষ্ট্ৰৰ নাম হল 

ক) ভাৰত ।

খ) পাকিস্তান ।


১১. পাকিস্তানক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ।

উত্তৰঃ পাকিস্তানক দুটা ভাগত ভাগ কৰা হৈছে 

ক) পূৱ পাকিস্তান ।

খ) পশ্চিম পাকিস্তান ।


১২. পূৱ পাকিস্তানক বৰ্তমান কি নামেৰে জনা যায় ।

উত্তৰঃ পূৱ পাকিস্তানক বৰ্তমান বাংলাদেশ নামেৰে জনা যায় ।


১৩. ভাৰতআৰু পাকিস্তানৰ সীমাক কি ৰেখাৰ জৰিয়তে বিভক্ত কৰা হৈছিল ।

উত্তৰঃ ভাৰত আৰু পাকিস্তানৰ সীমাক নিয়ন্ত্ৰণ ৰেখাৰ জৰিয়তে বিভক্ত কৰা হৈছিল ।


১৪. ভাৰত-পাকিস্তানৰ সংঘাতৰ কাৰণ কি ।

উত্তৰঃ  ভাৰত-পাকিস্তানৰ সংঘাতৰ কাৰণ হল চিয়াচেন হিমবাহ উপত্যকাৰ ওপৰত আধিপত্য বিস্তাৰ আৰু অস্ত্ৰ-শস্ত্ৰ সংগহ ।


১৫. কোনে কিমান চনত পোখৰানত বিস্ফোৰণ ঘটাইছিল ।

উত্তৰঃ ১৯৯৮ চনত ভাৰতে পোখৰানত বিস্ফোৰণ ঘটাইছিল ।


১৬. ভাৰত আৰু পাকিস্তানৰ মাজত দেখা দিয়া আন এটা সমস্যাৰ বিষয়ে লিখা ।

উত্তৰঃ  ভাৰত আৰু পাকিস্তানৰ মাজত দেখা দিয়া আন এটা সমস্যা হল নদীৰ পানীৰ ভাগ-বাটোৱাৰা ।


১৭. আগ্ৰা-শীৰ্ষ সন্মিলন কাক বোলে

উত্তৰঃ  ২০০১ চনৰ ১৪-১৬ জুলাইত আগ্ৰাত দুয়োখন ৰাষ্ট্ৰৰ মাজত অনুষ্ঠিত হোৱা দুদিনীয়া সন্মিলনখনকো ঐতিহাসিক বুলি কোৱা হয় । ইয়াকে আগ্ৰা শীৰ্ষ সন্মিলন নামেৰে জনা যায় বা কোৱা হয় ।


১৮. আগ্ৰা শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ।

উত্তৰঃ  আগ্ৰা শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল অটল বিহাৰী বাজপেয়ী ।


১৯. আগ্ৰা-শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ সময়ত পাকিস্তানৰ ৰাষ্ট্ৰপতি কদোন আছিল ।

উত্তৰঃ আগ্ৰা-শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ সময়ত পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিল পাৰভেজ মুছাৰফ ।

  ২০. ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰসমূহ কি কি ।

উত্তৰঃ  ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰসমূহ হল পাকিস্তান, বাংলাদেশ, নেপাল, শ্ৰী লংকা, ভূটান, আৰু মালদ্বীপ ।


২১. ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সংঘাতৰ কাৰণসমূহ কি কি ।

উত্তৰঃ  ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সংঘাতৰ কাৰণসমূহ হল 

ক) গংগা আৰু ব্ৰহ্মপুত্ৰ জলৰাশিৰ ভাগ-বাটোৱাৰাৰ ক্ষেত্ৰত ।

খ) ভাৰতত থকা বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰীসকলক বাংলাদেশ চৰকাৰে ওভতাই লোৱাৰ ক্ষেত্ৰত কৰা অস্বীকাৰ ।

গ) বাংলাদেশে ভাৰত-বিৰোধী ইছলামীক মৌলবাদীসকলক দিয়া উচটনি । 

ঘ) ভাৰতীয় সৈন্যবাহিনীক বাংলাদেশৰ মাজেৰে ভাৰতৰ উত্তৰ-পূৱ অঞ্চললৈ প্ৰৱেশ কৰাত বাধা প্ৰদান ।

ঙ) বাংলাদেশে প্ৰাকৃতিক গেছ ভাৰতলৈ ৰপ্তানি নকৰাৰ বাবে লোৱা সিদ্ধান্ত । 

চ) ম্যানমাৰৰ পৰা বাংলাদেশৰ মাজেৰে প্ৰাকৃতিক গেছ ভাৰতলৈ সৰবৰাহ কৰাৰ ক্ষেত্ৰত বাংলাদেশ চৰকাৰে কৰা বাধা প্ৰদান ।


২২.  ২০১৬ চনত নেপালৰ প্ৰধানমন্ত্ৰী কোন আছিল ।

উত্তৰঃ ২০১৬ চনত নেপালৰ প্ৰধানমন্ত্ৰী আছিল খৰ্গ প্ৰসাদ শৰ্মা অলি । 


২৩. ভাৰত আৰু শ্ৰী লংকাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ১৯৮৭ চনত ভাৰত চৰকাৰে শ্ৰী লংকাৰ জাতিগত সমস্যাৰ দূৰ কৰাৰ বাবে যদিও সামৰিক বাহিনী শ্ৰী লংকালৈ প্ৰেৰণ কৰিছিল, কিন্তু শ্ৰী লংকাৰ জনসাধাৰণৰ বিৰোধৰ বাবে সৈন্যসকলক উভতাই আনিছিল আৰু শ্ৰী লংকাৰ আভ্যন্তৰীণ বিষয়ত জড়িত নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ভাৰত চৰকাৰে শ্ৰী লংকাৰ সৈতে মুক্ত বাণিজ্যিক চুক্তি এখন সম্পাদন কৰি উভয় চৰকাৰৰ মাজৰ সম্পৰ্ক অধিক কটকটীয়া কৰিছিল । তাৰোপৰি শ্ৰী লংকাত চুনামীৰ সময়ত হোৱা ক্ষয়-ক্ষতিৰ বাবে ভাৰত চৰকাৰে আগবঢ়োৱা সহায় দুয়োখন ৰাষ্ট্ৰক অধিক ওচৰ চপাই আনে ।  

          

২৪. ভাৰত আৰু ভূটানৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ ভাৰতে ভূটানৰ সৈতে  অতি সু-সম্পৰ্ক বজাই ৰাখিছে । ভাৰত আৰু ভূটান চৰকাৰৰ মাজত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ বিবাদ নাই । ভাৰতৰ উত্তৰ-পূৱ অঞ্চলৰ গেৰিলা আৰু সন্ত্ৰাসবাদীসকলক ভূটানৰ ৰজাই তেওঁলোকৰ ৰাষ্ট্ৰৰ পৰা উচ্ছেদ কৰাত ভাৰত চৰকাৰে সন্তষ্টি প্ৰকাশ কৰিছিল । 

ভাৰত চৰকাৰে ভূটানক বিভিন্ন ক্ষেত্ৰত সহায় কৰা দেখা গৈছে । ভাৰতৰ চৰকাৰে ভূটানৰ প্ৰকল্পবোৰত জড়িত হৈ আছে আৰু ভূটানৰ উন্নতিকল্পে বুজন পৰিমাণৰ আৰ্থিক সহায় আগবঢ়াই ৰাখিছে । 


২৫. ভাৰত আৰু মালদ্বীপৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ  ভাৰতে মালদ্বীপৰ সৈতে অতি আন্তৰিকতাৰে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছে । ১৯৮৮ চনত যেতিয়া কেতবোৰ শ্ৰী লংকাৰ ভেৰোণীয়া সৈন্যই মালদ্বীপ আক্ৰমণ কৰিছিল , তেতিয়া মালদ্বীপ চৰকাৰে ভাৰত চৰকাৰৰ পৰা ইয়াক প্ৰতিহত কৰাৰ বাবে সহায় বিচাৰিছিল । ইয়াৰ উপৰি ভাৰত চৰকাৰে মালদ্বীপৰ ৰাজনৈতিক, অৰ্থনৈতিক, পৰ্যটন, আৰু মীনপামৰ উন্নতিৰ বাবে বৰঙণি আগবঢ়াই আহিছে ।

ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰসমূহৰ সৈতে যদিও সু-সম্পৰ্ক আছে তথাপি এই ৰাষ্ট্ৰসমূহৰ সৈতে ভালেমান সমস্যা বা সংঘাতো আছে । এই প্ৰতিৱেশী ৰাষ্ট্ৰসমূহে ভাৰতক সদায় সন্দেহৰ দৃষ্টিৰে চায় যে ভৱিয্যতে ভাৰতে এই অঞ্চলত আধিপত্য বিস্তাৰ কৰিব পৰা শক্তিত পৰিণত হব । আনহাতে ভাৰতেও এই ৰাষ্ট্ৰসমূহে ভাৰতক শোষণ কৰিবলৈ চেষ্টা কৰা বুলি অনুভৱ কৰে । ভাৰত আৰু ইয়াৰ প্ৰতিৱেশী ৰাষ্টসমূহৰ মাজত দেখা দিয়া এই সন্দেহবোৰে বাহিৰা শক্তিক এই অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰাত সহায় কৰি আহিছে । 


২৬. কিমান চনত আৰু কত দক্ষিণ এছীয় সহযোগী সংস্থা গঠন কৰা হয় ।

উত্তৰঃ ১৯৮৫ চনৰ ডিচেম্বৰত বাংলাদ৮েশৰ ঢাকাত সাতখন দক্ষিণ এছীয় ৰাষ্ট্ৰক লৈ দক্ষিণ এছীয় সহযোগী সংস্থা গঠন কৰা হয় ।য


২৭. কিমান খ্ৰীঃত আফগানিস্তানে দক্ষিণ এছীয় সহযোগী সংস্থাত যোগদান দিছিল ।

উত্তৰঃ ২০০৭ খ্ৰীঃত আফগানিস্তানে দক্ষিণ-এছীয় সহযোগী সংস্থাত যোগদান কৰিছিল ।


২৮. চাৰ্কত সদস্যভূক্ত হোৱা আঠখন ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰঃ ছাৰ্কত সদস্যভূক্ত হোৱা আঠখন ৰাষ্ট্ৰৰ নাম হল বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল পাকিস্তান ,শ্ৰী লংকা আৰু বাংলাদেশ । 


২৯. ছাফটাৰ সম্পূৰ্ণ নাম কি

উত্তৰঃ  ছাফটাৰ সম্পূৰ্ণ নাম হল South Asian Free Trade Area . ।


৩০. ছাফটাৰ প্ৰধান লক্ষ্য কি ।

উত্তৰঃ  ছাফটাৰ প্ৰধান লক্ষ্য হল সমগ্ৰ দক্ষিণ এছিয়াক মুক্ত বাণিজ্য অঞ্চল হিচাপে গঢ় দিয়া । 


৩১. ছাৰ্কৰ চতুদৰ্শ সন্মিলনখন কত অনুষ্ঠিত হৈছিল ।

উত্তৰঃ  ছাৰ্কৰ চতুদৰ্শ সন্মিলনখন দিল্লীত অনুষ্ঠিত হৈছিল ।


৩২. কিমান চনত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিল ।

উত্তৰঃ ১৯৬৫ চনত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিল ।


৩৩. কিমান চনত আৰু কাৰ কাৰ মাজত চিমলা চুক্তি সম্পাদন কৰা হৈছিল ।

উত্তৰঃ  ১৯৭২ চনৰ জুলাই মাহত ভাৰত আৰু পাকিস্তানৰ মাজত চিমলা চুক্তি সম্পাদন কৰা হৈছিল ।


৩৪. ফাৰাক্কা চুক্তি কিমান চনত আৰু কোন দুখন দেশৰ মাজত হৈছিল

উত্তৰঃ ১৯৯৬ চনত ভাৰত আৰু বাংলাদেশৰ মাজত ফাৰাক্কা চুক্তি হৈছিল ।


৩৫. কিমান চনত পাকিস্তানে বৃটিছ ঔপনিৱেশৰ পৰা মুক্তি লাভ কৰিছিল ।

উত্তৰঃ  ১৯৪৭  চনৰ ১৪ আগষ্ট তাৰিখে পাকিস্তানে বৃটিছ ঔপনিৱেশৰ পৰা মুক্তি লাভ কৰিছিল ।


৩৬. পাকিস্তানৰ প্ৰথম গৱৰ্ণৰ জেনেৰেলজনৰ নাম কি ।

উত্তৰঃ পাকিস্তানৰ প্ৰথম গৱৰ্ণৰ জেনেৰেলজনৰ নাম হল মহম্মদ আলী জিন্না ।


৩৭. বাংলাদেশত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বিষয়ে লিখা ।

উত্তৰঃ  বৃটিছ ঔপনিৱেশিকতাবাদৰ পৰা মুক্তি লাভ কৰি ভাৰতবৰ্ষ দ্বি খণ্ডিত হৈ ভাৰত আৰু পাকিস্তান নামৰ দুখন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল পাকিস্তান খন আকৌ দুটা ভাগত বিভক্ত আছিল পূৱ পাকিস্তান আৰু পশ্চিম পাকিস্তান । আমি বৰ্তমান যাক বাংলাদেশ বুলি কওঁ । সেইখন পূৰ্বতে পূৱ পাকিস্তান আছিল । পূৱ পাকিস্তান পকিস্তানৰ অধীনত ১৯৪৭ চনৰ পৰা ১৯৭১ চনলৈকে আছিল । বৃটিছসকলে বংগ আৰু অসমৰ কিছু অংশক লৈ পূৱ পাকিস্তান গঠন কৰি পাকিস্তানক হস্তক্ষেপ কৰিছিল । পূৱ পাকিস্তান যদিও পাকিস্তানৰ এটা অবিচ্ছেদ্য অংগ আছিল কিন্তু পূৱ পাকিস্তানক সদায় পশ্চিম পাকিস্তানে দমন কৰি ৰাখিব বিচাৰিছিল । আনকি পূৱ পাকিস্তানত প্ৰচলিত বঙালী ভাষাৰ পৰিৱৰ্তে উৰ্দু ভাষা জাপি দিব বিচাৰিছিল আৰু বঙালী সংস্কৃতিৰ ওপৰতো আঘাত হানিব বিচাৰিছিল ।


৩৮. শ্ৰী লংকাৰ এটা উগ্ৰপন্থী সংগঠনৰ নাম লিখা ।

উত্তৰঃ  শ্ৰী লংকাৰ এটা উগ্ৰপন্থী সংগঠনৰ নাম হল লিবাৰেচন টাইগাৰচ অফ তামিল ঈলাম ।


৩৯. বাংলাদেশত ৰাষ্ট্ৰপতীয় চৰকাৰৰ কেতিয়া প্ৰৱৰ্তন কৰিছিল ।

উত্তৰঃ  ১৮৭৫ চনত বাংলাদেশত ৰাষ্ট্ৰপতীয় চৰকাৰৰ প্ৰৱৰ্তন কৰিছিল ।


৪০. ছাফটা গঠনৰ মূল উদ্দেশ্য কি ।

উত্তৰঃ  ছাফটা গঠনৰ মূল উদ্দেশ্য হল মুক্ত বাণিজ্যৰ জৰিয়তে ২০০৭ চনৰ ভিতৰত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ বাণিজ্যিক মূল্য ২০ শতাংশ হ্ৰাস কৰা । 


Type By- Ali Rani Kakati