পোহৰ - প্ৰতিপলন আৰু প্ৰতিসৰণ

অধ্য়ায়- 10


A. অতি চমু প্রশ্নাৱলী ঃ মূল্যাংক : 1

1. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে, লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব ? [HSLC ' 19]
(i) লেন্‌ ছৰ মুখ্য ফ’কাছত (ii) ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত (iii) অসীমত

(iv) লেন্‌ছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত 2. এখন অৱতল দাপোনৰ ভাঁজকেন্দ্ৰত এটা লক্ষ্যবস্তু থোৱা হৈছে। ৰশ্মি চিত্ৰৰ সহায়ত প্ৰতিবিম্বৰ গঠন দেখুওৱা । [HSLC '15]
3. যদি মাধ্যম এটাত পোহৰৰ দ্ৰুতি 2 × 10 m হয়, মাধ্যমটোৰ প্ৰতিসৰণাংক কিমান ? [HSLC '17] 4. লেন্‌ছ এখন 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া। [HSLC ' 17]

5. খুউব সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্‌ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা ? [HSLC '20] (i) 50 cm ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ (ii) 5 cm ফকাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ (iii) 50 cm ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ

(iv) 5 cm ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ B. চমু প্রশ্নাৱলী মূল্যাংক : 2/3 1. উত্তল দাপোন এখনৰ সন্মুখত 10 ছে.মি. দূৰত্বত লক্ষ্য বস্তু এটা ৰখা হৈছে। দাপোনৰ পিছফালে 5. ছে.মি. দূৰত্বত প্রতিবিম্ব গঠন হৈছে। উত্তল দাপোনৰ ফ'কাছ দৈর্ঘ্য উলিওৱা । [HSLC '15] 2. 30. ছে.মি. ফ’কাছ দূৰত্বৰ এখন উত্তল লেনছে 3 গুণ পৰিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে। লক্ষ্য বস্তুৰ অৱস্থান নিৰ্ণয় কৰা। [HSLC ' 15] 3. 1 ছে.মি. আকাৰৰ লক্ষ্য বস্তু এটা, 10 ছে.মি. ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ এখনৰ সন্মুখত 15 ছে.মি. দূৰত্বত ৰখা হৈছে। প্রতিবিম্বৰ প্ৰকৃতি, আৰু অৱস্থান নিৰ্ণয় কৰা [HSLC '15] 4. প্ৰতিসৰণৰ সূত্ৰ দুটা লিখা ৷ [HSLC '16] 5. পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰাংকৰ কাঁচৰ মাধ্যমলৈ প্রবেশ কৰিছে। কাঁচত পোহৰৰ দ্ৰুতি কিমান হ'ব? (শূন্যত পোহৰৰ দ্রুতি 3 × 10 ms-1) [HSLC 17] 6. 15 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10 cm দূৰত্বত এটা বস্তু ৰখা হ'ল। প্ৰতিবিম্বটোৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা ৷ [HSLC '19] 7. 5 cm দৈৰ্ঘ্যৰ বস্তু এটা 10 cm ফ'কাছ দৈৰ্ঘ্যৰ অভিসাৰী লেন্‌ছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ'ল। ইয়াৰ ৰশ্মিচিত্ৰ আঁকা ৷ [HSLC '19]
8. উত্তল লেন্‌ছ এখনৰ দুগুণ ফ’কাছ দূৰত্বত এটা লক্ষ্যবস্তু ৰাখি ইয়াৰ ৰেখাচিত্র অংকন কৰা। [HSLC 20]

9.লেন্‌ছৰ ক্ষমতাৰ সংজ্ঞা লিখা। ইয়াৰ S.I. একক কি? [HSLC [20] C. ৰচনাধর্মী প্রশ্নাৱলী মূল্যাংক : 4/5 1. গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন কিয় ব্যৱহাৰ কৰা হয় ? বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন . এখনৰ ভাঁজ ব্যাসার্দ্ধ 4m । দাপোনখনৰ পৰা 5m দূৰত্বত এখন বাছ আছে। বাছখনৰ প্ৰতিবিম্বৰ স্থান নিৰ্ণয় কৰা। [HSLC'16] 2. এখন্তু সমতল দাপোনৰ পৰিবৰ্ধন +1. ইয়াৰ অৰ্থ কি? 30cm ভাঁজ ব্যাসার্দ্ধ উত্তল দাপোন এখনৰ পৰা 20cm দূৰত্বত 5cm উচ্চতাৰ এটা বস্তু ৰখা হৈছে । এতিয়া প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰ কৃতি নিৰ্ণয় কৰা ! [HSLC '16] 3. যদি মুখ্য অক্ষ OO - ৰ ওপৰত A, B, A, B, লক্ষ্য বস্তু আৰু প্ৰতিবম্বিৰ অৱস্থান আরু মুখ্য অক্ষত ফকাছ দুটাৰ অৱস্থান নিৰ্ণয় কৰা। লেন্‌হটোৰ প্ৰকাৰ কি? (−2.0)D ক্ষমতাযুক্ত লেন্‌ছৰ ফকাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা । [HSLC '17] 4. 15cm ফকাছদৈর্ঘ্য যুক্ত উত্তল দাপোন ব্যৱহাৰ কৰি অসৎ, থিয়, সংকুচিত (বিন্দু আকাৰৰ নহয়) প্রতিবিম্ব প্রত্যক্ষ কৰিবলৈ প্রয়োজনীয় ৰেখাচিত্ৰ অংকন কৰা। উত্তল দাপোণ এখনৰ বিবর্ধন 1/n যদি ফকাছদৈর্ঘ্য f হয়, বস্তুৰ স্থান, প্রতিবিম্বৰ স্থান ভাঁজব্যাসার্দ্ধ । ত প্ৰকাশ কৰা । [HSLC' 17] 5. উত্তল দাপোণে গঠন কৰা প্ৰতিবিম্বৰ ৰশ্মিচিত্র আঁকা যেতিয়া লক্ষ্যবস্তু দাপোণৰ ভাঁজকেন্দ্ৰত (C) ৰখা হয়। 30 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ সন্মুখত 20 cm দূৰত্বত 5 cm দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হৈছে। প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা । [HSLC 18] 6. “হীৰাৰ প্ৰতিসৰাংক 2.42.” এই উক্তিটোৰ অৰ্থ কি ? উত্তল লেনচ্ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্রতিবিম্ব তাৰ পৰা 50 cm দূৰত্বত গঠন কৰে। যদি প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তৰ লেনচ্‌ৰ সন্মুখত ক'ত ৰখা হৈছিল? তদুপৰি লেন্সখনৰ ক্ষমতা নিৰ্ণয় কৰা।2 m ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌চ এখনৰ ক্ষমতা নির্ণয় কৰা । [HSLC'18
7. 10 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ এখনৰ মুখ্য অক্ষত লম্বভাৱে 20 mm উচ্চতাৰ বস্তু এটা ৰখা হ'ল। যদি লেন্‌ছ আৰু লক্ষ্যবস্তুৰ মাজৰ দূৰত্ব 15 cm হয়, তেন্তে— [HSLC '19]
(a) প্রতিবিম্বৰ প্ৰকৃতি, অৱস্থান আৰু আকাৰ নিৰ্ণয় কৰা।

(b) প্রতিবিম্বৰ বিবৰ্ধন উলিওৱা । 8. 2 m ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ এখনৰ ক্ষমতা নির্ণয় কৰা। 15 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ এখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিলে তাৰ পৰা 10 cm দূৰত্বত লেন্‌ছে প্রতিবিম্ব এটা গঠন কৰিব ? তদুপৰি লেন্‌ছত হোৱা বিবর্ধন আৰু প্ৰতিবিম্বৰ প্ৰকৃতি নিৰ্ণয় কৰা । [HSLC 19] 9. 18 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 27 cm দূৰত্বত 70 mm আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোনখনৰ পৰা কিমান দূৰত্বত পর্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব ? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা । [HSLC '20] 10. অৱতল লেন্‌ছ এখনৰ ফ'কাছ দৈৰ্ঘ্য 15 cm। লেন্‌ছখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিব লাগিব যাতে তাৰ পৰা 10 cm দূৰত্বত লেন্‌ছখনে প্ৰতিবিম্ব এটা গঠন কৰিব পাৰে। তদুপৰি, লেন্‌ছত হোৱা বিবর্ধন নিৰ্ণয় কৰা। প্ৰতিবিম্বটোৰ প্ৰকৃতি কি ? [HSLC '20]


Type by- Bikul Mandal