৯ কি, ক'ত, কেতিয়া আৰু কেনেকৈ

১। কিহৰ যোগেদি হেৰাই যোৱা কথাবোৰ পুনৰ আমি জানিব পাৰো?

ক) ইতিহাস অধ্যয়নৰ

খ) বুৰঞ্জী অধ্যয়নৰ

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃক) ইতিহাস অধ্যয়নৰ

২। মানুহে আৰম্ভনিতে কথাবোৰ ক'ত লিখিছিল?

ক) গছৰ পাতত

খ) গছৰ বাকলিত

গ) কাগজত

উত্তৰঃখ) গছৰ বাকলিত

৩। পুৰণি ভাৰতত বহু পুথি কি ভাষাত লিখা হৈছিল?

ক) অসমীয়া

খ) সংস্কৃত

গ) পালি

উত্তৰঃখ) সংস্কৃত

৪। কিহত ৰজা আৰু সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণ পোৱা যায়?

ক) বুৰঞ্জীত

খ) ইতিহাসত

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃক) বুৰঞ্জীত

৫। প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে পৃথিৱীৰ বিভিন্ন প্ৰান্ত ঘটি থকা ঘটনাৱলীক কি বোলে?

ক) ইতিহাসৰ বোলে

খ) বুৰঞ্জীৰ বোলে

গ) ঘটনাৱলী বোলে

উত্তৰঃক) ইতিহাসৰ বোলে

৬। আমিনা আৰু জুমনৰ ঘৰ ক'ত?

ক) তিনিচুকীয়াত

খ) শিৱসাগৰত

গ) শুৱালকুছিত

উত্তৰঃগ) শুৱালকুছিত

৭। কিহৰ লগত সাধুকথা একে নহয়?

ক) বুৰঞ্জীৰ লগত

খ) ইতিহাসৰ লগত

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃখ) ইতিহাসৰ লগত

৮। কি ভাষাত অধিক সংখ্যক মানুহে ক'ব পাৰিছিল আৰু বুজি পাইছিল?

ক) পালি ভাষাত

খ) প্ৰাকৃত ভাষাত

গ) সংস্কৃত ভাষাত

উত্তৰঃখ) প্ৰাকৃত ভাষাত

৯। অতীতত আমাৰ দেশত কিহৰ ফলিত ৰজা-মহাৰজাই কিছুমান কথা লিখোৱাইছিল?

ক) তামৰ ফলিত

খ) ৰূপৰ ফলিত

গ) সোণৰ ফলিত

উত্তৰঃক) তামৰ ফলিত

১০। কি অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণ?

ক) বুৰঞ্জী

খ) ইতিহাস

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃখ) ইতিহাস

১১। আমিনা আৰু জুমন কি শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আছিল?

ক) পঞ্চম

খ) ষষ্ঠ

গ) সপ্তম

উত্তৰঃখ) ষষ্ঠ

১২। পূৰ্বপুৰুষসকলৰ দিনৰ কথাবোৰ সংৰক্ষিত হৈ থাকেনে?

ক) থাকে

খ) নাথাকে

গ) ওপৰৰ দুয়োটা

উত্তৰঃখ) নাথাকে

১৩। বহু কথা কিহত চলি আহিছে?

ক) মোবাইলত

খ) কম্পিউটাৰত

গ) মুখে মুখে

উত্তৰঃগ) মুখে মুখে

১৪। কিহৰ যোগেদি হেৰাই যোৱা কথাবোৰ পুনৰ আমি জনাটো সম্ভৱ?

ক) সাধুকথাৰ যোগেদি

খ) বুৰঞ্জীৰ যোগেদি

গ) ইতিহাসৰ অধ্য়য়নৰ যোগেদি

উত্তৰঃগ) ইতিহাসৰ অধ্য়য়নৰ যোগেদি

১৫। অতীতকালৰ কথা গ্ৰহণযোগ্য়ভাৱে জানিবলৈ কি একমাত্ৰ মাধ্য়ম?

ক) আখ্য়ান

খ) ইতিহাস

গ) সাধুকথা

উত্তৰঃগ) সাধুকথা

১৬। বৰ্তমানৰ ঘটনাবোৰ অৰ্থপূৰ্ণভাৱে বিচাৰ কৰিবলৈ গ'লে আমি অতীজলৈ যাব লগা হয়নে?

ক) নহয়

খ) হয়

গ) ওপৰৰ দুয়োটা

উত্তৰঃখ) হয়

১৭। বুৰঞ্জী আৰু ইতিহাস একে হয়নে?

ক) নহয়

খ) হয়

গ) এটাও নহয়

উত্তৰঃক) নহয়

১৮। দেশ আৰু সমাজ ভেদে মানুহৰ ভাষা কি হয়?

ক) নিয়মীয়া

খ) মিল থকা

গ) সুকীয়া সুকীয়া

উত্তৰঃগ) সুকীয়া সুকীয়া

১৯। পুৰণি ভাৰতত বহু পুথি কি ভাষাত লিখা হৈছে?

ক) সংস্কৃত

খ) ব্ৰজাৱলী

গ) বাংলা

উত্তৰঃক) সংস্কৃত

২০। কি ভাষা অধিক সংখ্য়ক মানুহে ক'ব পাৰিছিল বা বুজি পাইছিল?

ক) ব্ৰজাৱলী

খ) প্ৰাকৃত

গ) সংস্কৃত

উত্তৰঃখ) প্ৰাকৃত