ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ 

১। কি কৰিবলৈ কম্পাছ ব্যৱহাৰ কৰা হয়? 
a) সাংকেতিক চিহ্ন দেখুৱাবলৈ 
b) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ 
c) দূৰত্ব জুখিবলৈ 

উত্তৰঃ b) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ 

২। তলৰ কোনটো দেখুৱাবলৈ মানচিত্ৰত নীলা ৰং ব্যৱহাৰ কৰা হয়? 
 a) পানী ভাগ 
 b) পৰ্বত 
 c) সমভূমি 

উত্তৰঃ a) পানী ভাগ 

৩। প্ৰধান দিশ কেইটা? 
a) পাঁচটা 
b) চাৰিটা 
c) তিনিটা 

উত্তৰঃ b) চাৰিটা 

৪। মাপনীৰ সহায় নোলোৱাকৈ অঁকা আনুমানিক চিত্ৰক কি বোলে? 
a) নক্সা 
b) মানচিত্ৰ 
c) আৰ্হি চিত্ৰ 

উত্তৰঃ c) আৰ্হি চিত্ৰ 

৫। মানচিত্ৰ এখনৰ বাবে প্ৰয়োজনীয় তৃতীয় বিধ উপাদান কি? 
a) সাধাৰণ মানচিত্ৰ 
b) ৰাজনৈতিক মানচিত্ৰ 
c) সাংকেতিক চিহ্ন 
উত্তৰঃ c) সাংকেতিক চিহ্ন 

৬। জনসংখ্যাৰ বিতৰণ দেখুওৱা মানচিত্ৰবিধৰ নাম কি? 
a) বতৰৰ মানচিত্ৰ 
b) বিষয় ভিত্তিক মানচিত্ৰ 
c) ৰাজনৈতিক মানচিত্ৰ 
উত্তৰঃ b) বিষয় ভিত্তিক মানচিত্ৰ 

৭। মানচিত্ৰত ব্যৱহাৰ হোৱা সাংকেতিক চিহ্নবোৰক কি বোলে? 
a) প্ৰচলিত চিহ্ন 
b) প্ৰাকৃতিক মানচিত্ৰ 
c) কৃষি মানচিত্ৰ উত্তৰঃ 
b) প্ৰচলিত চিহ্ন 

৮। প্ৰাকৃতিক আৰু ৰাজনৈতিক মানচিত্ৰবোৰক কি মানচিত্ৰ বোলে? 
a) সাধাৰণ মানচিত্ৰ 
b) জনসংখ্যা মানচিত্ৰ 
c) প্ৰাকৃতিক মানচিত্ৰ 
উত্তৰঃ a) সাধাৰণ মানচিত্ৰ 

৯। মানচিত্ৰৰ ১ চে.মি. দূৰত্বই ধৰাপৃষ্ঠৰ ১০০ কি.মি. বুজাব। এনেবোৰ মানচিত্ৰক কি মানচিত্ৰ বোলে? 
a) ডাঙৰ মাপনীৰ মানচিত্ৰ 
b) সৰু মাপনীৰ মানচিত্ৰ 
c) বিষয় ভিত্তিক মানচিত্ৰ 
উত্তৰঃ b) সৰু মাপনীৰ মানচিত্ৰ 

১০। ডাঙৰ মাপনীৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰক কি বোলে? 
a) নক্সা 
b) সৰু মাপনীৰ মানচিত্ৰ 
c) মানচিত্ৰ 
উত্তৰঃ a) নক্সা