ইংৰাজী নাম Black Lentil. অসমৰ মানুহৰ প্ৰিয় খাদ্য মাটি মাহ। মাটি মাহৰ গছ জোপোহা আৰু চাপৰ হয় । অসমৰ পথাৰত পানী শুকোৱাৰ পাছত এবিধ কৃষি কৰা দেখা যায়। বীজ বোৰ মেচিন ত ফালি লোৱা হয়। বছৰৰ সকলো সময়ত বজাৰত ঊপলব্ধ হয় যদিও শীতকালত হে এবিধ খেতি কৰে।
উখ ১ৰ পৰা ২ ফুট
বীজৰ পৰিমাণ ১ জোপা গছত ১০০ গ্ৰাম
খোৱা পদ্ধতি
মাটি মাহৰ আঞ্জা কৰি খায়, এই আঞ্জা দুটা পদ্ধতিত বনোৱা দেখা যায় খাৰ প্ৰয়োগ কৰি আৰু নকৰাকৈ অলপ বিলাহী টেঙা দি।
বেছিকৈ খোৱা দেহৰ কাৰণে অপকাৰী, সপ্তাহত এদিন বা দুদিন খাব লাগে।
কাঁহ আৰু গেছট্ৰিক আদিত খাব নালাগে।